21.08.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক আসুৰি মতত চলাৰ কাৰণে ঠিকনাবিহীন হৈ গ'লা, এতিয়া ঈশ্বৰীয় মতত চলা তেতিয়া
সুখধামলৈ গুচি যাবা”
প্ৰশ্ন:
সন্তানসকলে
পিতাৰ পৰা কোনটো আশা ৰাখিব লাগে, কোনটো নালাগে?
উত্তৰ:
পিতাৰ পৰা এইটোৱে আশা ৰাখিব লাগে যে আমি পিতাৰ দ্বাৰা পৱিত্র হৈ নিজৰ ঘৰ আৰু
ৰাজধানীলৈ যাম। বাবাই কয় - সন্তানসকল, মোৰ পৰা এইটো আশা নাৰাখিবা যে অমুক ৰোগগ্ৰস্ত,
আশীৰ্বাদ কৰক। ইয়াত কৃপা বা আশীৰ্বাদৰ কথাই নাই। মইতো তোমালোক সন্তানসকলক পতিতৰ পৰা
পাৱন কৰি তুলিবলৈ আহিছোঁ। এতিয়া মই তোমালোকক এনেকুৱা কৰ্ম শিকাওঁ যাতে বিকৰ্ম নহয়।
গীত:
আজ নহী তো কল
বিখৰেঙ্গে য়হ বাদল....... (আজি নহ’লে কালিলৈ এই ডাৱৰ আঁতৰিব....)
ওঁম্শান্তি।
আত্মিক
সন্তানসকলে গীতটি শুনিলে। সন্তানসকলে জানে যে এতিয়া ঘৰলৈ যাব লাগে। পিতা আহিছে লৈ
যাবৰ কাৰণে। এইটো স্মৃতিও তেতিয়া থাকিব যেতিয়া আত্ম-অভিমানী হৈ থাকিবা। দেহ-অভিমানত
থাকিলে স্মৃতিও নাথাকিব। সন্তানসকলে জানে বাবা পথিক হৈ আহিছে। তোমালোকো পথিক হৈ
আহিছিলা। এতিয়া নিজৰ ঘৰক পাহৰি গ'লা। পুনৰ পিতাই ঘৰৰ স্মৃতি সোঁৱৰাই দিছে আৰু নিতৌ
বুজায়। যেতিয়ালৈকে সতোপ্ৰধান নোহোৱা তেতিয়ালৈকে যাব নোৱাৰা। সন্তানসকলে বুজি পায়
বাবাইতো ঠিকেই কয়। পিতায়ো সন্তানসকলক যি শ্ৰীমত দিয়ে সু-সন্তানসকল সেইমতে আগবাঢ়ি গৈ
থাকে। এই সময়ত অন্য কোনোতো এনেকুৱা পিতা নাই যিয়ে ভাল মত দিব সেইবাবে ঠিকনাবিহীন হৈ
গৈছে। শ্ৰীমত দিওঁতা এজনেই পিতা। সেই মততো কোনো কোনো সন্তান নচলে। আচৰিত কথা। লৌকিক
পিতাৰ মতত চলিবলৈ ধৰে। সেয়া হৈছে আসুৰি মত। এয়াওতো হৈছে ড্ৰামা। কিন্তু সন্তানসকলক
বুজায় তোমালোক আসুৰি মতত চলি এই গতি পালা। এতিয়া ঈশ্বৰীয় মতত চলিলে তোমালোক সুখধামলৈ
গুচি যাবা। সেয়া হৈছে বেহদৰ উত্তৰাধিকাৰ। নিতৌ বুজায়। গতিকে সন্তানসকল কিমান হৰ্ষিত
হৈ থাকিব লাগে। সকলোকে ইয়াততো বহুৱাব নোৱাৰি। ঘৰত থাকিও স্মৰণ কৰিব লাগে। এতিয়া
ভূমিকা পূৰা হ'বৰ হ'ল, এতিয়া ঘৰলৈ উভতি যাব লাগে। মনুষ্যই কিমান পাহৰি গৈছে। কোৱা
হয় নহয় - এওঁতো নিজৰ ঘৰ দেশকে পাহৰি গৈছে। এতিয়া পিতাই কয় - ঘৰকো স্মৰণ কৰা। নিজৰ
ৰাজধানীকো স্মৰণ কৰা। এতিয়া ভূমিকা পূৰা হ'বৰ হ'ল, এতিয়া ঘৰলৈ উভতি যাব লাগে।
তোমালোকে পাহৰি গ'লা নেকি?
তোমালোক সন্তানসকলে
ক'ব পাৰা - বাবা ড্ৰামা অনুসৰি আমাৰ ভূমিকাই এনেকুৱা যে আমি ঘৰ-সংসাৰ পাহৰি একেবাৰে
দিগভ্ৰান্ত হৈ ঘূৰি আছোঁ। ভাৰতবাসীয়েহে নিজৰ শ্ৰেষ্ঠ ধৰ্ম, কৰ্মক পাহৰি দৈৱী ধৰ্ম
ভ্ৰষ্ট, দৈৱী কৰ্ম ভ্ৰষ্ট হৈ গ’ল। এতিয়া পিতাই সাৱধান কৰি দিছে, তোমালোকৰ ধৰ্ম
কৰ্মতো এয়া আছিল। তাত তোমালোকে যি কৰ্ম কৰিছিলা সেয়া অকৰ্ম হৈছিল। কৰ্ম, অকৰ্ম,
বিকৰ্মৰ গতি পিতাইহে তোমালোকক বুজাইছে। সত্যযুগত কৰ্ম অকৰ্ম হৈ যায়। ৰাৱণৰাজ্যত
কৰ্ম বিকৰ্ম হয়। এতিয়া পিতাৰ আগমন হৈছে, ধৰ্ম শ্ৰেষ্ঠ কৰ্ম শ্ৰেষ্ঠ কৰি তুলিবলৈ।
গতিকে এতিয়া শ্ৰীমত অনুসৰি শ্ৰেষ্ঠ কৰ্ম কৰিব লাগে। কোনো ভ্ৰষ্ট কৰ্ম কৰি কাকো দুখ
দিব নালাগে। ঈশ্বৰীয় সন্তানসকলৰ এইটো কাম নহয়। যি নিৰ্দেশনা পোৱা যায় সেই মতে চলিব
লাগে, দৈৱীগুণ ধাৰণ কৰিব লাগে। ভোজনো শুদ্ধ গ্ৰহণ কৰিব লাগে, যদি অৱস্থা শোচনীয় হয়
ভোজন নোপোৱা তেন্তে ৰায় লোৱা। বাবাই বুজি পায় চাকৰি আদিত ক'ৰবাত অলপ খাবলগীয়াও হয়।
যিহেতু যোগবলেৰে তোমালোকে ৰাজ্য স্থাপনা কৰা, পতিত সৃষ্টিক পাৱন কৰি তোলা তেন্তে
ভোজন শুদ্ধ কৰি লোৱাতো কি ডাঙৰ কথা। চাকৰিতো কৰিবই লাগিব। এনেকুৱাতো নহয় যে পিতাৰ
হৈ গ’লা গতিকে সকলোবোৰ এৰি ইয়াত আহি বহি যাব লাগে। কিমান অনেক সন্তান আছে,
ইমানবিলাকতো থাকিব নোৱাৰে। সকলো গৃহস্থালিতে থাকিব লাগে। এইটো বুজিব লাগে - মই আত্মা,
বাবাৰ আগমন হৈছে, আমাক পৱিত্র কৰি নিজৰ ঘৰলৈ লৈ যায় পুনৰ ৰাজধানীত আহি যাম। এয়াতো
পৰৰ অৰ্থাৎ ৰাৱণৰ ছিঃ ছিঃ স্থান। ড্ৰামাৰ পৰিকল্পনা অনুসৰি তোমালোক একেবাৰে পতিত হৈ
গ’লা। পিতাই কয় – এতিয়া মই তোমালোকক জগাবলৈ আহিছোঁ গতিকে শ্ৰীমতত চলা। যিমানে চলিবা
সিমানে শ্ৰেষ্ঠ হ'বা।
এতিয়া তোমালোকে বুজি
পোৱা যে আমি পিতাক যিজন পিতাই স্বৰ্গৰ মালিক কৰি তোলে, তেওঁক পাহৰি গ’লোঁ। এতিয়া
বাবা শুধৰাবলৈ আহিছে গতিকে ভালদৰে শুধৰণি হ’ব লাগে নহয়। আনন্দিত হৈ যাব লাগে। বেহদৰ
পিতাক পালা, সন্তানসকলৰ সৈতে এনেকৈ বাৰ্তালাপ কৰে যেনেকৈ তোমালোক আত্মাসকলে নিজৰ
মাজত কৰা। তেৱোঁতো আত্মাই হয়। পৰম আত্মা, তেওঁৰো ভূমিকা আছে। তোমালোক আত্মাসকল
ভূমিকা পালন কৰোঁতা হোৱা। উচ্চতকৈও উচ্চৰ পৰা নীচতকৈও নীচৰ ভূমিকা আছে। ভক্তিমাৰ্গত
মনুষ্যই গায় - ঈশ্বৰেই সকলোবোৰ কৰে। পিতাই কয় - মোৰ এনেকুৱা ভূমিকা আছে জানো যে
বেমাৰ ভাল কৰি দিম। মোৰ ভূমিকা হৈছে ৰাস্তা দেখুওৱা যে তোমালোক পৱিত্র কেনেকৈ হ'বা?
পৱিত্র হ'লেহে তোমালোক ঘৰলৈও যাব পাৰিবা। ৰাজধানীলৈও যাব পাৰিবা। আৰু কোনো আশা
নাৰাখিবা। অমুক ৰোগগ্ৰস্ত আশীৰ্বাদ কৰক। নহয়, আশীৰ্বাদ, কৃপা আদিৰ কথা মোৰ ওচৰত
একোৱেই নাই। তাৰ বাবে সাধু-সন্ত আদিৰ ওচৰলৈ যোৱা। তোমালোকে মোক আহ্বানেই জনোৱা যে
হে পতিত-পাৱন আহক, আহি আমাক পাৱন কৰি তোলক। পাৱন সৃষ্টিলৈ লৈ যাওঁক। গতিকে পিতাই
সোধে মই তোমালোকক বিষয় সাগৰৰ পৰা উলিয়াই পাৰলৈ লৈ যাওঁ, আকৌ তোমালোক বিষয় সাগৰত কিয়
আৱদ্ধ হৈ যোৱা? ভক্তিমাৰ্গত তোমালোকৰ এইটো অৱস্থা হৈছে। জ্ঞান, ভক্তি তোমালোকৰ কাৰণে।
সন্ন্যাসীসকলেও কয় জ্ঞান, ভক্তি আৰু বৈৰাগ্য। কিন্তু তাৰ অৰ্থ তেওঁলোকে বুজি নাপায়।
এতিয়া তোমালোকৰ বুদ্ধিত আছে জ্ঞান, ভক্তি পাছত বৈৰাগ্য। গতিকে বেহদৰ বৈৰাগ্য
শিকাওঁতা লাগে। পিতাই বুজাইছিল এইখন কবৰস্থান, ইয়াৰ পাছত পৰিস্থান হ'ব। তাত প্ৰতিটো
কৰ্ম অকৰ্ম হয়। এতিয়া বাবাই তোমালোকক এনেকুৱা কৰ্ম শিকায় যাতে কোনো বিকৰ্ম নহয়। কাকো
দুখ নিদিবা। পতিতৰ অন্ন নাখাবা। বিকাৰগ্ৰস্ত নহ’বা। অবলাসকলৰ ওপৰত অত্যাচাৰ ইয়াৰ
কাৰণেই হয়। দেখিবলৈ পাই থাকা - মায়াৰ বিঘিনি কেনেকৈ আহে। এয়া হৈছে সকলোবোৰ গুপ্ত।
এনেকৈ কয় যে দেৱতা আৰু অসুৰৰ মাজত যুদ্ধ লাগিল। আকৌ কয় - পাণ্ডৱ আৰু কৌৰৱৰ যুদ্ধ
লাগিল। এতিয়া যুদ্ধতো এখনেই। পিতাই বুজায় - মই তোমালোকক ৰাজযোগ শিকাই আছোঁ ভৱিষ্যত
21 জন্মৰ কাৰণে। এইখন মৃত্যুলোক। মনুষ্যই সত্য-নাৰায়ণৰ কথা শুনি আহিছে, লাভ একো নাই।
এতিয়া তোমালোকে সত্য গীতা শুনোৱা। ৰামায়ণো তোমালোকে সত্য শুনোৱা। এজন ৰাম-সীতাৰ কথা
নাছিল। এই সময়ততো গোটেই জগতখনেই লংকা। চাৰিওফালে পানী আছে নহয়। এয়া হৈছে বেহদৰ লংকা,
য'ত ৰাৱণৰ ৰাজ্য আছে। এজন পিতা হৈছে দৰা। বাকী সকলো হৈছে কইনা। তোমালোকক এতিয়া
ৰাৱণৰাজ্যৰ পৰা পিতাই মুক্ত কৰে। এয়া হৈছে শোক উদ্যান। সত্যযুগক কোৱা হয় অশোক
উদ্যান। তাত কোনো শোক (দুখ) নাথাকে। এই সময়ততো শোকেই শোক। অশোক এজনো নাই। নামতো ৰাখি
দিয়ে ‘অশোকা হোটেল’। পিতাই কয় - গোটেই সৃষ্টিখনক এই সময়ত বেহদৰ হোটেল বুলিয়ে বুজি
লোৱা। শোকৰ হোটেল। মনুষ্যৰ খোৱা-বোৱা জন্তুৰ দৰে। তোমালোকক চোৱা পিতাই ক'লৈ লৈ যায়।
সঁচা অশোক উদ্যান আছে সত্যযুগত। হদ আৰু বেহদৰ পাৰ্থক্য পিতাইহে শুনায়। তোমালোক
সন্তানসকল বহুত আনন্দিত হৈ থকা উচিত। এইটো জানা যে বাবাই আমাক পঢ়ায়। আমাৰো সেইটোৱেই
বেপাৰ - সকলোকে ৰাস্তা দেখুওৱা, অন্ধৰ লাখুটি হ’ব লাগে। চিত্ৰও তোমালোকৰ ওচৰত আছে।
যেনেকৈ স্কুলত চিত্ৰৰ ওপৰত বুজায়, এইখন অমুক দেশ। তোমালোকেতো আকৌ বুজোৱা যে আপুনি
আত্মা, শৰীৰ নহয়। আত্মাসকল ভাই ভাই হয়। কিমান সহজ কথা শুনোৱা। এনেকৈ কয়ো যে আমি সকলো
ভাই ভাই। পিতাই কয় - তোমালোক সকলো আত্মা ভাই ভাই হোৱা নহয়। ঈশ্বৰ পিতা বুলি কোৱা
নহয়। গতিকে কেতিয়াও পৰস্পৰ হাই-কাজিয়া কৰিব নালাগে। শৰীৰধাৰী হোৱাৰ বাবে আকৌ ভাই-ভনী
হৈ যোৱা। আমি শিৱবাবাৰ সন্তান সকলো ভাই ভাই। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ভাই-ভনী, আমি
উত্তৰাধিকাৰ ককাৰ (শিৱবাবাৰ) পৰা ল'ব লাগে সেইবাবে ককাকহে স্মৰণ কৰোঁ। এই সন্তানটিকো
(ব্ৰহ্মাকো) মই নিজৰ কৰি লৈছোঁ অথবা এওঁৰ শৰীৰত প্ৰৱেশ কৰিছোঁ। এই সকলোবোৰ কথা
তোমালোকে এতিয়া বুজি পোৱা। পিতাই কয় - সন্তানসকল, এতিয়া নতুন দৈৱী প্ৰবৃত্তি মাৰ্গ
স্থাপনা হৈ আছে। তোমালোক সকলো বি.কে. শিৱবাবাৰ মতত চলা। ব্ৰহ্মাও তেওঁৰ মতত চলে।
পিতাই কয় - নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা আৰু সকলো সম্বন্ধ ঢিলাই গৈ থাকা।
8 (আঠ) ঘণ্টা স্মৃতিত থাকিব লাগে বাকী 16 ঘণ্টাত আৰাম বা পেছাগত কাম-কাজ আদি যি
কৰিব লাগে কৰা। মই পিতাৰ সন্তান, এইটো নাপাহৰিবা। এনেকুৱাও নহয় ইয়াত আহি হোষ্টেলত
থাকিব লাগে। নহয়, গৃহস্থালিত সতি-সন্তানৰ লগত থাকিব লাগে। বাবাৰ ওচৰলৈ সজীৱ হ'বৰ
কাৰণেই আহে। মথুৰা, বৃন্দাবনলৈ যায় মধুবন দৰ্শন কৰিবলৈ। সৰু আৰ্হি ৰূপত সাজি ৰাখিছে।
এতিয়া এয়াতো হৈছে বেহদৰ বুজিবলগীয়া কথা। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা নতুন সৃষ্টি ৰচনা
কৰি আছে। আমি প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান বি.কে. হওঁ। বিকাৰৰ কথা থাকিব নোৱাৰে।
সন্ন্যাসীসকলৰ শিষ্য হয়, যদি তেওঁ সন্ন্যাসীৰ কাপোৰ পিন্ধি লয় তেন্তে নাম সলনি হৈ
যায়। ইয়াতো তোমালোক বাবাৰ হৈ গ'লা গতিকে বাবাই নাম ৰাখিলে নহয়। কিমান ভাতীত আছিল।
এই ভাতীৰ বিষয়ে কোনেও গম নাপায়। শাস্ত্ৰততো কি কি কথাবোৰ লিখি দিছে, পুনৰ এনেকুৱাই
হ'ব। এতিয়া তোমালোকৰ বুদ্ধিত সৃষ্টিৰ চক্ৰ ঘূৰি থাকে। পিতাও স্বদৰ্শন চক্ৰধাৰী হয়
নহয়। সৃষ্টিৰ আদি-মধ্য-অন্তক জানে। বাবাৰতো শৰীৰো নাই। তোমালোকৰতো স্থূল শৰীৰ আছে।
তেওঁ হৈছেই পৰম আত্মা। আত্মাহে স্বদৰ্শন চক্ৰধাৰী হয় নহয়। এতিয়া আত্মাক অলংকাৰ
কেনেকৈ দিয়া হ’ব? বুজিবলগীয়া কথা নহয় জানো। এইবোৰ কিমান সূক্ষ্ম কথা। পিতাই কয় -
বাস্তৱত মই হওঁ স্বদৰ্শন চক্ৰধাৰী। তোমালোকে জানা - আত্মাত গোটেই চক্ৰৰ জ্ঞান আহি
যায়। বাবাও পৰমধাম নিবাসী, আমিও তাৰ নিবাসী। পিতা আহি নিজৰ পৰিচয় দিয়ে - সন্তানসকল
ময়ো স্বদৰ্শন চক্ৰধাৰী হওঁ। মই পতিত-পাৱন আহিছোঁ তোমালোকৰ ওচৰলৈ। মোক আহ্বানেই
জনাইছে যে আহি পতিতৰ পৰা পাৱন কৰি তোলক, মুক্ত কৰক। তেওঁৰ শৰীৰতো নাই। তেওঁ অজন্মা।
যদিও জন্ম লয়ো কিন্তু দিৱ্য। শিৱজয়ন্তী অথবা শিৱৰাত্ৰি পালন কৰে। পিতাই কয় - মই
আহোঁৱেই তেতিয়া যেতিয়া ৰাতি পূৰা হয়, তেতিয়া দিন কৰি তুলিবলৈ আহোঁ। দিনত 21 জন্ম আকৌ
ৰাতিত 63 জন্ম, আত্মাইহে ভিন্ন ভিন্ন জন্ম লয়। এতিয়া দিনৰ পৰা ৰাতিলৈ আহিছা পুনৰ
দিনত যাব লাগে। স্বদৰ্শন চক্ৰধাৰীও তোমালোককে কৰি তুলিছোঁ। এই সময়ত মোৰ ভূমিকা আছে।
তোমালোককো স্বদৰ্শন চক্ৰধাৰী কৰি তোলোঁ। তোমালোকে আকৌ অন্যকো কৰি তোলা। 84 জন্ম
কেনেকৈ ল’লা, সেই 84 জন্মৰ চক্ৰতো বুজি ল’লা। আগতে তোমালোকৰ এই জ্ঞান আছিল জানো?
একেবাৰে নাছিল। অজ্ঞানী আছিলা। বাবাই মূল কথা বুজায় যে বাবা হৈছে স্বদৰ্শন চক্ৰধাৰী,
তেওঁক জ্ঞানৰ সাগৰ বুলি কোৱা হয়। তেওঁ সত্য, চৈতন্য। তোমালোক সন্তানসকলক
উত্তৰাধিকাৰ দি আছে। বাবাই সন্তানসকলক বুজায়, পৰস্পৰ হাই-কাজিয়া নকৰিবা। অপ্ৰীতিকৰ
নহ’বা। সদায় হৰ্ষিত হৈ থাকিব লাগে আৰু সকলোকে পিতাৰ পৰিচয় দিব লাগে। পিতাকেই সকলোৱে
পাহৰি গৈছে। এতিয়া পিতাই কয় – মামেকম্ স্মৰণ কৰা। নিৰাকাৰ ভগৱানুবাচ (ভগৱানে কয়) -
নিৰাকাৰ আত্মাসকলৰ প্ৰতি। আচলতে তোমালোক নিৰাকাৰ হোৱা আকৌ সাকাৰী (শৰীৰধাৰী) হোৱা।
সাকাৰ নোহোৱাকৈতো আত্মাই একো কৰিব নোৱাৰে। আত্মা শৰীৰৰ পৰা ওলাই গ’লে তেতিয়া অলপো
লৰচৰ কৰিব নোৱাৰে। আত্মাই তৎক্ষণাৎ গৈ অন্য শৰীৰত নিজৰ ভূমিকা পালন কৰে। এই কথাবোৰ
ভালকৈ বুজা, ভিতৰি মন্থন কৰি থাকা। মই আত্মাই পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ।
উত্তৰাধিকাৰ পোৱা যায় সত্যযুগৰ। নিশ্চয় পিতাইহে ভাৰতক উত্তৰাধিকাৰ দিছিল। কেতিয়া
উত্তৰাধিকাৰ দিছিল আকৌ তাৰপাছত কি হ’ল? এই বিষয়ে মনুষ্যই একোৱেই গম নাপায়। এতিয়া
পিতাই সকলো শুনায়। তোমালোক সন্তানসকলকেই স্বদৰ্শন চক্ৰধাৰী কৰি তুলিছে, আকৌ তোমালোকে
84 জন্ম ভোগ কৰিলা। এতিয়া পুনৰ মই আহিছোঁ, কিমান সহজকৈ বুজাই থাকে। পিতাক স্মৰণ কৰা
আৰু অমায়িক হোৱা। লক্ষ্য-উদ্দেশ্য সন্মুখত আছে। পিতা উকিলসকলৰো উকিল, সকলো
হাই-কাজিয়াৰ পৰা মুক্ত কৰি দিয়ে। তোমালোক সন্তানসকলৰ বহুত আন্তৰিক আনন্দ থকা উচিত।
আমি বাবাৰ সন্তান হ’লোঁ। পিতাই আমাক উত্তৰাধিকাৰ দিবলৈ তুলি লৈছে। ইয়ালৈ তোমালোক
আহাই উত্তৰাধিকাৰ ল’বলৈ। পিতাই কয় – সতি-সন্তান আদি সকলোৰে তত্ত্বাৱধান লৈ বুদ্ধি
পিতা আৰু ৰাজধানীৰ ফালে যুক্ত কৰি থাকিব লাগে। পঢ়া কিমান সহজ। পিতা যিয়ে তোমালোকক
বিশ্বৰ মালিক কৰি তোলে, তেওঁক তোমালোকে পাহৰি যোৱা। প্ৰথমে নিজক আত্মা বুলি নিশ্চয়
বুজা। এই জ্ঞান পিতাই সংগমতহে দিয়ে কিয়নো সংগমতহে তোমালোক পতিতৰ পৰা পাৱন হ’ব লাগে।
ভাল বাৰু!
বাৰু, অতি মৰমৰ
আত্মিক ব্ৰহ্মা মুখবংশাৱলী ব্ৰাহ্মণ কুল ভূষণ, এয়া দেৱতাসকলতকৈও উচ্চ কুল। তোমালোকে
ভাৰতৰ অতি উচ্চ সেৱা কৰা। এতিয়া পুনৰ তোমালোক পূজ্য হৈ যাবা। এতিয়া পূজাৰীক পূজ্য,
কড়িতুল্যৰ পৰা হীৰাতুল্য কৰি আছোঁ। এনেহেন আত্মিক সন্তানসকলৰ প্ৰতি মাতা-পিতা
বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শ্ৰীমতত
এতিয়া প্ৰতিটো কৰ্ম শ্ৰেষ্ঠ কৰিব লাগে, কাকো দুখ দিব নালাগে, দৈৱীগুণ ধাৰণ কৰিব লাগে।
পিতাৰ নিৰ্দেশনা মতেহে চলিব লাগে।
(2) সদায় হৰ্ষিত হৈ
থাকিবৰ বাবে স্বদৰ্শন চক্ৰধাৰী হ’ব লাগে, কেতিয়াও লুণীয়া পানী হ’ব নালাগে। সকলোকে
পিতাৰ পৰিচয় দিব লাগে। বহুত অমায়িক হ’ব লাগে।
বৰদান:
সন্মান বিচৰাৰ
পৰিৱৰ্তে সকলোকে সন্মান দিওঁতা, সদায় নিষ্কাম যোগী হোৱা
তোমালোকক কোনোবাই মান
দিয়ক, মানি লওঁক বা মানি নলওঁক কিন্তু তোমালোকে তেওঁক মৰমৰ ভাই, মৰমৰ ভগ্নী বুলি
মানি লৈ সদায় স্বমানত থাকি, স্নেহৰ দৃষ্টিৰে, স্নেহৰ বৃত্তিৰে আত্মিক মান দি গৈ থাকা।
এওঁ মান দিলেহে মই মান দিম - এয়াও হৈছে মাৰ্জিত মগনীয়াবোধ, এই ক্ষেত্ৰত নিষ্কাম যোগী
হোৱা। আত্মিক স্নেহৰ বৰ্ষাৰে শত্ৰুকো মিত্ৰ কৰি দিয়া। তোমালোকৰ সন্মুখত কোনোবাই
পাথৰো যদি দলিয়ায় তেতিয়াও তোমালোকে তেওঁক ৰত্ন দিয়া কিয়নো তোমালোক ৰত্নাকৰ পিতাৰ
সন্তান।
স্লোগান:
বিশ্বৰ নৱ-নিৰ্মাণ কৰিবলৈ দুটা শব্দ স্মৃতিত ৰাখা – ‘নিমিত্ত’ আৰু ‘নম্ৰ’।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
সেৱাত সফলতাৰ মুখ্য
সাধন হৈছে - ত্যাগ আৰু তপস্যা। এনেকুৱা ত্যাগী আৰু তপস্বী অৰ্থাৎ সদায় পিতাৰ স্নেহত
লীন হৈ থাকি, প্ৰেমৰ সাগৰত সমাহিত হৈ, জ্ঞান, আনন্দ, সুখ, শান্তিৰ সাগৰত সমাহিত হৈ
থকাজনকে তপস্বী বুলি কোৱা হ’ব। এনেকুৱা ত্যাগ তপস্যা কৰাসকলেই হৈছে সঁচা সেৱাধাৰী।