21.09.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
নিজতকৈ জ্যেষ্ঠসকলক সন্মান দিয়া এইটোও দৈৱীগুণ, যিসকল বিচাৰ বুদ্ধি সম্পন্ন ভালকৈ
বুজাওঁতা হয় তেওঁলোকক অনুসৰণ কৰিব লাগে”
প্ৰশ্ন:
সত্যযুগত কোনো
ধৰণৰ ভক্তিৰ ৰীতি-প্ৰথা নাথাকে - কিয়?
উত্তৰ:
কিয়নো জ্ঞানৰ সাগৰ পিতাই জ্ঞান দি সৎগতিত পঠিয়াই দিয়ে। ভক্তিৰ ফল পোৱা যায়। জ্ঞান
পালে ভক্তিৰ লগত যেন সম্পৰ্ক ছেদ হৈ যায়। যেতিয়া হয়েই জ্ঞানৰ প্ৰালব্ধৰ সময় তেন্তে
ভক্তি, তপ, দান পুণ্য কৰাৰ প্ৰয়োজনেই বা কি! তাত এনেকুৱা কোনো ৰীতি-প্ৰথা থাকিব
নোৱাৰে।
ওঁম্শান্তি।
পতিত-পাৱন শিৱ
ভগবানুবাচ। এতিয়া পিতাই বহি সন্তানসকলক জ্ঞান শুনায়। সন্তানসকলক বুজোৱা হৈছে যেতিয়া
মই ইয়ালৈ আহোঁ তেতিয়া পতিতসকলক পাৱন কৰি তোলাৰ বাবে জ্ঞান শুনাওঁ আন কোনেও এই জ্ঞান
শিকাব নোৱাৰে। তেওঁলোকেও ভক্তিহে শিকায়। জ্ঞান কেৱল তোমালোক সন্তানসকলেহে শিকা
যিসকলে নিজক ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি ভাবা। দেলৱাড়া মন্দিৰ তোমালোকৰ সন্মুখত ঠিয়
হৈ আছে। তাতো ৰাজযোগৰ তপস্যাত বহি আছে। জগত অম্বাও আছে, প্ৰজাপিতাও আছে। কুমাৰী
কন্যা, অৰ্ধ কুমাৰীও আছে। পিতাই ৰাজযোগ শিকাই আছে। ওপৰত বাদশ্বাহীৰ চিত্ৰও আছে।
পিতাই কোনো ভক্তি নিশিকায়। ভক্তি তেওঁৰেই কৰে যিয়ে শিকাই গৈছে। কিন্তু তেওঁলোকে
নাজানে যে কোনে ৰাজযোগ শিকাই ৰাজ্য স্থাপন কৰি গৈছে। তোমালোক সন্তানসকলে এতিয়া জানা
যে ভক্তি বেলেগ বস্তু, জ্ঞান বেলেগ বস্তু। জ্ঞান শুনাওঁতা হয়েই এজন আন কোনেও শুনাব
নোৱাৰে। জ্ঞানৰ সাগৰ এজনেই। তেৱেঁই আহি জ্ঞানৰ দ্বাৰা পতিতসকলক পাৱন কৰি তোলে। বাকী
যি সৎসংগ আছে তাত কোনেও জ্ঞান শিকাব নোৱাৰে। যদিও নিজক শ্ৰী শ্ৰী 108 জগতগুৰু,
ভগৱান বুলিও কয় কিন্তু এনেকৈ কোনেও নকয় যে মই সকলোৰে পৰমপিতা জ্ঞানৰ সাগৰ হওঁ,
তেওঁলোকক কোনেও পৰমপিতা বুলিতো নকয়। এয়াতো জানেই যে পৰমপিতা পতিত-পাৱন হয়। এইষাৰ
সাৰ কথা বুদ্ধিত ভালদৰে ৰাখিব লাগে। মনুষ্যই কয় – এই ব্ৰহ্মাকুমাৰীসকলেতো ভক্তিৰ
লগত সম্পৰ্ক ছেদ কৰি দিয়ে। কিন্তু যেতিয়া জ্ঞান প্ৰাপ্ত হয় তেতিয়া ভক্তি এৰিবই লাগে।
এনেকুৱা নহয় যে যেতিয়া ভক্তিত যায় তেতিয়া সেই সময়ত এইটো গম পোৱা যায় যে আমি জ্ঞান
এৰি দিওঁ। নহয়, সেয়াতো আপোনাআপুনি ৰাৱণ ৰাজ্যত আহি যায়। এতিয়া তোমালোকে বোধশক্তি
পাইছা যে বাবাই আমাক ৰাজযোগ শিকাই আছে। ৰাজযোগৰ জ্ঞান আছে, ইয়াক ভক্তি বুলি কোৱা
নহ’ব। ভগৱান জ্ঞানৰ সাগৰ হয়, তেওঁ কেতিয়াও ভক্তি নিশিকায়। ভক্তিৰ ফল হয়েই জ্ঞান।
জ্ঞানেৰে সৎগতি হয়। কলিযুগৰ অন্তত সকলো দুখী সেয়েহে এই পুৰণি জগতখনক দুখধাম বুলি
কোৱা হয়। এই কথাবোৰ এতিয়া তোমালোকে বুজি পোৱা। পিতাৰ আগমন হৈছে ভক্তিৰ ফল অৰ্থাৎ
সৎগতি দিবলৈ। ৰাজযোগ শিকাই আছে। এইখন হৈছে পুৰণি সৃষ্টি, যাৰ বিনাশ হ’ব। আমাক
বাদশ্বাহী লাগে নতুন সৃষ্টিত। এয়া হৈছে ৰাজযোগৰ জ্ঞান। জ্ঞান শিকাওঁতা এজনেই পৰমপিতা
পৰমাত্মা শিৱ। তেওঁকেই জ্ঞানৰ সাগৰ বুলি কোৱা হয়, কৃষ্ণক নহয়। কৃষ্ণৰ মহিমাই বেলেগ।
নিশ্চয় পূৰ্বৰ জন্মত এনেকুৱা কৰ্তব্য কৰিছে যাৰবাবে ৰাজকুমাৰ হৈছে।
এতিয়া তোমালোকে জানা
আমি ৰাজযোগৰ জ্ঞান লৈ নতুন সৃষ্টিত ৰাজকুমাৰ-ৰাজকুমাৰী হ’মগৈ। স্বৰ্গক সৎগতি, নৰকক
দুৰ্গতি বুলি কোৱা হয়। আমি নিজৰ বাবে ৰাজ্য স্থাপনা কৰি আছোঁ। বাকী যিসকলে এই জ্ঞান
নল’ব, পাৱন নহ’ব তেওঁলোক ৰাজধানীত আহিব নোৱাৰিব কিয়নো সত্যযুগত বহুত কম সংখ্যক
থাকিব। কলিযুগৰ অন্তত যি ইমান অনেক মনুষ্য আছে, তেওঁলোক নিশ্চয় মুক্তিধামত থাকিব।
হেৰাই নাযায়, সকলো ঘৰলৈ গুচি যায়। এতিয়াতো সন্তানসকলৰ ঘৰ স্মৃতিত থাকে যে এতিয়া 84
জন্মৰ চক্ৰ পূৰা হয়। নাটক পূৰা হয়। অনেকবাৰ পৰিক্ৰমা লগাইছা। এয়া তোমালোক ব্ৰাহ্মণ
সন্তানসকলেহে জানা। ব্ৰাহ্মণতো হৈ গৈ থাকে। 16108ৰ মালা আছে। সত্যযুগততো বহুত
নাথাকিব। সত্যযুগৰ আৰ্হি (মডেল) ৰূপো দেখুৱায়। ডাঙৰ বস্তুৰ আৰ্হি সৰু হয়। যিদৰে
সোণৰ দ্বাৰকা দেখুৱায়। কোৱা হয় - দ্বাৰকাত কৃষ্ণৰ ৰাজ্য আছিল। এতিয়া দ্বাৰকাত বুলি
ক’ব নে দিল্লীত বুলি ক’ব? যমুনাৰ দাঁতিতো দিল্লীত আছে। তাততো সাগৰ আছে। এইটোতো
সন্তানসকলে বুজি পায় যে যমুনাৰ দাঁতি আছিল ৰাজধানী। দ্বাৰকা ৰাজধানী নহয়। দিল্লী
প্ৰসিদ্ধ হয়। যমুনা নদীও লাগে। যমুনাৰ মহিমা আছে। পৰিস্তান বুলি দিল্লীকে কোৱা হয়।
ডাঙৰ গাদী দিল্লীয়েই হ’ব। এতিয়াতো সন্তানসকলে বুজি পায় যে ভক্তি মাৰ্গ শেষ হৈ জ্ঞান
মাৰ্গ হয়। এয়া দৈৱী ৰাজধানী স্থাপন হৈ আছে। পিতাই কয় – আগলৈ গৈ তোমালোকে সকলো গম
পাই যাবা। কোন কোন কিমান কৃতকাৰ্য হয়। বিদ্যালয়তো গম পোৱা যায় অমুক অমুক ইমান
নম্বৰেৰে কৃতকাৰ্য হৈছে। এতিয়া অন্য শ্ৰেণীত যায়। অন্তিম সময়ত বেছি ভালকৈ গম পোৱা
যাব। কোন কোন কৃতকাৰ্য হয় যিসকল আকৌ বদলি হ’ব। শ্ৰেণীতো ডাঙৰ হয় নহয় জানো। বেহদৰ (অসীমিত)
শ্ৰেণী হয়। সেৱাকেন্দ্ৰ দিনে-প্ৰতিদিনে বাঢ়ি গৈ থাকিব। কোনোবাই আহি 7 দিনৰ
পাঠ্যক্ৰম ভালদৰে কৰিব। এদিন দুদিনৰ পাঠ্যক্ৰমো কম নহয়। দেখিবলৈ পায় যে কলিযুগৰ
বিনাশ সমাগত, এতিয়া সতোপ্ৰধান হ’ব লাগে। পিতাই কৈছে – বুদ্ধিৰ যোগসূত্ৰ মোৰ সৈতে গঢ়া,
তেতিয়া সতোপ্ৰধান হৈ যাবা। পৱিত্ৰ সৃষ্টিলৈ আহিবা, ভূমিকাতো নিশ্চয় পালন কৰিবই লাগে।
যিদৰে কল্প পূৰ্বে নাটকত ভূমিকা পালন কৰা হৈছে। ভাৰতবাসীয়েহে ৰাজত্ব কৰিছিল, পাছত
বৃদ্ধি হৈ গৈছে। বৃক্ষৰ (কল্পবৃক্ষৰ) বৃদ্ধি হৈ গৈ থাকে। ভাৰতবাসী দেৱী-দেৱতা ধৰ্মৰ
হয়। কিন্তু পাৱন নোহোৱাৰ বাবে, সেই পাৱন দেৱতাসকলৰ পূজা কৰে। যিদৰে খ্ৰীষ্টানসকলে
যীশুখ্ৰীষ্টক পূজা কৰে। আদি সনাতন দেৱী-দেৱতা ধৰ্ম সত্যযুগত থাকে। সত্যযুগ স্থাপনা
কৰোঁতাজন হ’ল পিতা। যথাযথ সত্যযুগত এই দেৱতাসকলৰ ৰাজত্ব আছিল। গতিকে নিশ্চয় এটা
জন্মৰ পূৰ্বে এওঁলোকে পুৰুষাৰ্থ কৰিছিল। সেয়া নিশ্চয় সংগমেই হ’ব। যেতিয়া পুৰণি
সৃষ্টিৰ পৰিৱৰ্তন হৈ নতুন সৃষ্টি হয়। কলিযুগ পৰিৱৰ্তন হৈ সত্যযুগ আহিব লাগে তেন্তে
কলিযুগত পতিতই থাকিব। পিতাই বুজাইছে – যেতিয়া এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ তৈয়াৰ কৰা
বা সাহিত্য ছপোৱা তেতিয়া তাত লিখি দিব লাগে যে এওঁলোকে সহজ-ৰাজযোগৰ জ্ঞানেৰে পূৰ্বৰ
জন্মত এই পুৰুষাৰ্থ কৰিছিল। মাথো ৰজা-ৰাণীয়েতো নহ’ব। প্ৰজাওতো নিশ্চয় হয়। অজ্ঞান
কালততো মনুষ্যই একোৱেই নাজনে কেৱল পূজা কৰি থাকে। এতিয়া তোমালোকে বুজি পোৱা তেওঁলোকে
পূজা কৰিলে মাথো লক্ষ্মী-নৰায়ণকে চাই থাকে। জ্ঞান অলপো নাই। জগতৰ লোকে ভাবে ভক্তি
অবিহনে ভগৱানক পোৱা নাযাব। তোমালোকে যদি কাৰোবাক কোৱা ভগৱান আহিছে তেন্তে তোমালোকৰ
কথা শুনি হাঁহিব। ভগৱানতো কলিযুগৰ শেষত আহিব, এতিয়া ক’ৰ পৰা আহিল! কলিযুগৰ অন্তত
বুলিও কিয় কয়, সেয়াও বুজি নাপায়। তেওঁলোকেতো কৃষ্ণক দ্বাপৰত লৈ গৈছে। মনুষ্যই যি
মনলৈ আহে নুবুজাকৈয়ে তাকে কৈ দিয়ে, সেইবাবে পিতাই কয় - তোমালোক একেবাৰে অবুজ হৈ গৈছা।
পিতাক সৰ্বব্যাপী বুলি কৈ দিয়ে। ভক্তিক বাহিৰৰ পৰাতো বহুত সুন্দৰ দেখি। ভক্তিৰ
জাকজমকতা কিমান! তোমালোকৰ ওচৰততো একোৱেই নাই। অন্য ক’ৰবাত সৎসংগ আদিত গ’লেতো আৱাজ (শব্দ)
নিশ্চয় হ’ব। গীত গাব। ইয়াততো বাবাই বাণীবদ্ধ গীতো (ৰেকৰ্ডো) পচন্দ নকৰে। আগলৈ হয়তো
এয়াও বন্ধ হৈ যাব।
পিতাই কয় - এই গীত
আদিৰ সকলো সাৰ তোমালোকক বুজাওঁ। তোমালোকে অৰ্থ জানা। এয়া হৈছে পঢ়া। সন্তানসকলে জানে
আমি ৰাজযোগ শিকি আছোঁ। যদি কমকৈ পঢ়া তেন্তে প্ৰজাৰ শ্ৰেণীত গুচি যাবা সেইবাবে যিসকল
বহুত বুদ্ধিমান তেওঁলোকক অনুসৰণ কৰিব লাগে কিয়নো তেওঁলোকৰ পঢ়াৰ প্ৰতি মনোযোগ বেছি
গতিকে তাৰ পৰা লাভ হ’ব। যিসকল ভালকৈ বুজাওঁতা আছে তেওঁলোকৰ পৰা শিকিব লাগে। যিসকলে
ভালকৈ বুজায় তেওঁলোকক সেৱাকেন্দ্ৰত মনত পেলায় নহয় জানো। ব্ৰহ্মাকুমাৰীতো বহি আছে
তথাপি কয় অমুক আহক। বুজি পায় এওঁ বৰ বুদ্ধিমান হয়। যদি এনেকুৱা হয় তেন্তে তেওঁক আদৰো
কৰিবলগীয়া হয়। জ্যেষ্ঠজনক আকৌ সন্মানো এনেকৈয়ে কৰিব লাগে। এওঁ জ্ঞানত মোতকৈ তীক্ষ্ণ,
নিশ্চয় তেওঁ উচ্চ পদ পাব, এই ক্ষেত্ৰত অহংকাৰ আহিব নালাগে। জ্যেষ্ঠসকলৰ বহুত সন্মান
থাকে। ৰাষ্ট্ৰপতিৰ (প্ৰেচিডেন্টৰ) নিশ্চয় বেছি সন্মান থাকিব। প্ৰত্যেকৰে ক্ৰমানুসৰি
সন্মান থাকে। এজনে আনজনক সন্মানতো দিব নহয় জানো। অধিবক্তাসকলৰ (বেৰিষ্টাৰসকলৰ) মাজতো
ক্ৰমানুসৰি হয়। ডাঙৰ মোকৰ্দমাত বহুত বুদ্ধিমান উকীল লয়। কোনো কোনোৱেতো লাখ টকাৰো
মোকৰ্দমা লয়। ক্ৰমানুসৰি নিশ্চয় হয়। নিজতকৈ যদি বুদ্ধিমান হয় তেন্তে সন্মান দিব লাগে।
সেৱাকেন্দ্ৰ চম্ভালিব লাগে। কামো কৰিব লাগে। বাবাৰো গোটেই দিন খেয়াল চলি নাথাকে জানো।
প্ৰদৰ্শনী কেনেকৈ আয়োজন কৰা হ’ব, পূৰা মনযোগ দিব লাগে। আমি তমোপ্ৰধানৰ পৰা
সতোপ্ৰধান কেনেকৈ হ’ম। পিতা আহিছেই সতোপ্ৰধান কৰি তুলিবলৈ। পতিত-পাৱন পিতাহে হয়।
ইয়াত আকৌ কয় - পতিত-পাৱনী গংগা, তাত জন্ম-জন্মান্তৰ স্নান কৰি আহিছে। পাৱনতো কোনো
হোৱা নাই। এই সকলোবোৰ হৈছে ভক্তি। যিহেতু কয় হে পতিত-পাৱন আহক। তেওঁ আহিবতো নিশ্চয়
সংগমত, আৰু এবাৰহে আহে। প্ৰত্যেকৰে নিজৰ নিজৰ ৰীতি-প্ৰথা আছে। যিদৰে নেপালত অষ্টমীত
বলি আগবঢ়ায়। সৰু ল’ৰা-ছোৱালীৰ হাতত বন্দুক দি চলায়। সিহঁতেও বলি আগবঢ়াওক। ডাঙৰ
হ’লেতো একে ঘাপতে গৰু-পোৱালী (দামুৰী) কাটি দিব। কোনোবাই যদি জোৰ কমকৈ দিয়ে,
একেঘাপত নমৰে তেন্তে সেয়া বলি নহ’ল, সেয়া দেৱীৰ প্ৰতি আগনবঢ়াব। এই সকলোবোৰ হৈছে
ভক্তিমাৰ্গ। প্ৰত্যেকৰে নিজৰ নিজৰ কল্পনা আছে। কল্পনাৰ ওপৰত অনুগামী হৈ যায়। ইয়াত
আকৌ এয়া হৈছে নতুন কথা। ইয়াকতো সন্তানসকলেহে জানিব পাৰে। এজন পিতায়ে বহি সৃষ্টিৰ
আদি-মধ্য-অন্তৰ জ্ঞান শুনায়। তোমালোকৰ আনন্দ থাকে যে আমি স্বদৰ্শন-চক্ৰধাৰী হওঁ, আন
কোনেও বুজিব নোৱাৰে। তোমালোকক সভাত মই ক’ম - সৰ্বোত্তম ব্ৰাহ্মণ কুল ভূষণ, স্বদৰ্শন
চক্ৰধাৰী তেন্তে ইয়াৰ অৰ্থ তোমালোকে বুজিবা। নতুন কোনোবা হ’লে বিবুদ্ধিত পৰিব এয়া
কি ক’লে? স্বদৰ্শন চক্ৰধাৰীতো বিষ্ণু হয়। এয়া নতুন কথা নহয় জানো সেইকাৰণে তোমালোকৰ
বাবে কয় বাহিৰত কৰ্মক্ষেত্ৰত যোৱা তেতিয়াহে গম পাবা।
তোমালোকৰ হৈছে
জ্ঞানমাৰ্গ। তোমালোকে পাঁচ বিকাৰক জয় কৰা। এই অসুৰবোৰৰ (5 বিকাৰৰ) সৈতে তোমালোকৰ
যুদ্ধ। পাছত যেতিয়া তোমালোক দেৱতা হোৱা তেতিয়া কোনো যুদ্ধৰ কথা নাথাকে। য’ত অসুৰ
থাকে ত’ত দেৱতাসকল নাথাকে। তোমালোক হৈছা ব্ৰাহ্মণ, দেৱতা হওঁতা। যিসকলে পুৰুষাৰ্থ
কৰি আছে। ৰুদ্ৰ জ্ঞান যজ্ঞত ব্ৰাহ্মণ নিশ্চয় লাগে। ব্ৰাহ্মণ অবিহনে যজ্ঞ নহয়। ৰুদ্ৰ
হৈছে শিৱ, আকৌ কৃষ্ণৰ নাম ক’ৰ পৰা আহিল। তোমালোক জগতৰ পৰা একেবাৰে উপৰাম। আৰু
তোমালোক হৈছা কিমান কমসংখ্যক। চৰাইবোৰে সাগৰক গিলি পেলালে। শাস্ত্ৰত মুখৰোচক কথা
কিমান আছে। পিতাই কয় - এতিয়া সেই সকলোবোৰ পাহৰি মামেকম্ (কেৱল মোক; পৰমপিতাক)
স্মৰণ কৰা। আত্মাইহে পিতাক স্মৰণ কৰে। পিতাতো এজনেই নহয় জানো। হে পৰমপিতা বা প্ৰভূ
বুলি কোৱাৰ সময়ত লিঙ্গও স্মৃতিলৈ নাহে। মাথো ঈশ্বৰ বা প্ৰভূ বুলি কৈ দিয়ে। আত্মাৰ
পিতাৰ পৰা আধাকল্পৰ সুখ প্ৰাপ্ত হৈছে, সেইবাবে আকৌ ভক্তি মাৰ্গত স্মৰণ কৰে। এতিয়া
তোমালোকে জ্ঞান পাইছা - আত্মা কি, পৰমাত্মা কি। আমি সকলো আত্মা মূলবতনৰ নিবাসী,
তাৰপৰা ক্ৰমানুসৰি ভূমিকা পালন কৰিবলৈ আহোঁ। প্ৰথমে দেৱী-দেৱতাসকল আহে। এনেকৈ কয় যে
যীশুখ্ৰীষ্টৰ আগতে দেৱী-দেৱতা ধৰ্ম আছিল। 5 হাজাৰ বছৰৰ কথা। তেওঁলোকে কৈ দিয়ে যে এয়া
50 হাজাৰ বছৰৰ পুৰণি বস্তু। কিন্তু 50 হাজাৰ বছৰৰ পুৰণি একো বস্তু থাকিব নোৱাৰে।
নাটকখনেই হ’ল 5 হাজাৰ বছৰৰ। মুখ্য ধৰ্ম হয়েই এইটো। এই ধৰ্মাৱলম্বীৰে ঘৰ আদি থকিব।
প্ৰথমতেতো ৰজোগুণী বুদ্ধি আছিল। এতিয়াতো আৰুহে তমোগুণী বুদ্ধিৰসকল আছে। প্ৰদৰ্শনীত
কিমান বুজোৱা হয়। কোনোবাই বুজি পায় জানো। ব্ৰাহ্মণৰহে পুলি ৰোপণ হ’ব। গতিকে
সন্তানসকলক বুজোৱা হৈছে - জ্ঞান বেলেগ বস্তু, ভক্তি বেলেগ বস্তু। জ্ঞানৰ দ্বাৰা
সৎগতি হয়। সেইবাবে এনেকৈ কয়ো যে পতিত-পাৱন আহক, দুখৰ পৰা মুক্ত কৰক। আকৌ
মাৰ্গ-দৰ্শক হৈ লগত লৈ যাব। পিতা আহি আত্মাসকলক লৈ যায়। শৰীৰতো সকলো নাশ হৈ যাব।
বিনাশ হ’ব নহয় জানো। শাস্ত্ৰবোৰত এখনেই মহাভাৰতৰ যুদ্ধৰ কথা কোৱা হৈছে। এনেকৈ কয়ো
যে এয়া সেয়াই মহাভাৰতৰ যুদ্ধ। সেয়াতো লাগিবই। সকলোকে পিতাৰ পৰিচয় দি থাকা।
তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱাৰ উপায়তো এটাই। পিতাই কয় – মামেকম্ স্মৰণ কৰা তেতিয়া
বিকৰ্ম বিনাশ হৈ যাব আৰু আত্মা মোৰ লগত গুচি যাব। সকলোকে বাৰ্তা দি থাকা, তেতিয়া
বহুতৰে কল্যাণ হ’ব। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যিসকল
পঢ়াত বুদ্ধিমান, ভালদৰে বুজায় - তেওঁলোকৰ সংগ ল’ব লাগে, তেওঁলোকৰ প্ৰতি সন্মান
প্ৰদৰ্শন কৰিব লাগে। কেতিয়াও অহংকাৰত আহিব নালাগে।
(2) জ্ঞানৰ নতুন নতুন
কথাবোৰ ভালদৰে বুজিব আৰু বুজাব লাগে। এইটো আনন্দত থাকিব লাগে যে আমি স্বদৰ্শন
চক্ৰধাৰী।
বৰদান:
অনাসক্ত আৰু
স্নেহীবোধৰ যোগ্যতাৰ দ্বাৰা আসক্তিমুক্ত হওতা সহজযোগী হোৱা
সহজযোগী জীৱনৰ অনুভৱ
কৰিবলৈ জ্ঞান সহিত অনাসক্ত হোৱা, কেৱল বাহ্যিকভাৱে অনাসক্ত নহয়, মনৰ পৰাও কোনো
আসক্তি থাকিব নালাগে। যিয়ে যিমান অনাসক্ত হয়, সিমানেই তেওঁ স্নেহী অৱশ্যে হৈ যায়।
অনাসক্ত অৱস্থা সকলোৰে প্রিয়। যি বাহ্যিক আসক্তিৰ পৰা অনাসক্ত নহয় তেওঁ স্নেহী
হোৱাৰ পৰিৱৰ্তে অশান্ত হৈ যায়। সেয়েহে, সহজযোগী অৰ্থাৎ অনাসক্ত আৰু স্নেহীবোধৰ
যোগ্যতাসম্পন্ন, সকলো আসক্তিৰ পৰা মুক্ত।
স্লোগান:
স্ব-পুৰুষাৰ্থ আৰু সেৱাৰ সন্তুলনৰ দ্বাৰা সকলো বন্ধন সম্বন্ধলৈ পৰিৱৰ্তন হৈ যাব।
অব্যক্ত ইংগিত: এতিয়া
নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা
দাতাৰ সন্তানসকলে
প্ৰতিটো ছেকেণ্ড আৰু প্ৰতিটো সংকল্পত দিব লাগে। দাতাৰ মুখ্য গুণ হ'ল উদাৰ অন্তৰ।
তেওঁ আনৰ উদ্ধাৰৰ নিমিত্ত হ'ব। সেয়েহে সদায় বুজিবা যে আমি দাতাৰ সন্তান, এটা
ছেকেণ্ডো নিদিয়াকৈ নাথাকোঁ—তাকে মহাদানী বুলি কোৱা হয়। দিয়া দ্বাৰ সদায় খোলা
থাকিব লাগে, যেনেকৈ মন্দিৰৰ দুৱাৰ সদায় খোলা থাকে, ঠিক তেনেকৈয়ে দাতাৰ সন্তানসকলৰো
দিয়াৰ দ্বাৰ যাতে কেতিয়াও বন্ধ নাথাকে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]