21.12.25    Avyakt Bapdada     Assame Murli     05.03.2008     Om Shanti     Madhuban


“*“সংগমৰ বেংকত শান্তিৰ শক্তি আৰু শ্ৰেষ্ঠ কৰ্ম জমা কৰা, শিৱমন্ত্ৰৰে ‘মোৰ’ বোধ পৰিৱৰ্তন কৰা”*”


আজি বাপদাদাই চাৰিওফালৰ সন্তানসকলৰ স্নেহ চাই আছেহঁক। তোমালোক সকলো স্নেহৰ বিমানত ইয়াত আহি উপস্থিত হৈছাহি। এই স্নেহৰ বিমানে অতি সহজে স্নেহীৰ ওচৰলৈ লৈ আহে। বাপদাদাই চাই আছে যে আজি বিশেষভাৱে সকলো প্ৰেমত লীন আত্মা পৰমাত্ম স্নেহৰ দোলনাত দুলি আছে। বাপদাদাও চাৰিওফালৰ সন্তানসকলৰ স্নেহত সমাহিত হৈ আছে। এই পৰমাত্ম স্নেহে পিতাৰ সমান অশৰীৰী সহজে কৰি দিয়ে। ব্যক্ত ভাৱৰ পৰা উৰ্দ্ধত অব্যক্ত স্বৰূপত স্থিত কৰি দিয়ে। বাপদাদাও প্ৰত্যেক সন্তানক সমান স্থিতিত দেখি হৰ্ষিত হৈ আছে।

আজি দিনটোত সকলো সন্তানে শিৱৰাত্ৰি, শিৱজয়ন্তী পিতা আৰু নিজৰ জন্মদিন উদ্‌যাপন কৰিবলৈ আহিছে। পিতা আৰু দাদা দুয়ো নিজৰ নিজৰ ধামৰ পৰা তোমালোক সকলো সন্তানৰ জন্মদিন উদ্‌যাপন কৰিবলৈ উপস্থিত হৈ গৈছেহি। গোটেই কল্পত পিতাৰ আৰু তোমালোকৰ এই জন্ম দিন অনন্য আৰু অতি প্ৰিয়। ভক্ত লোকসকলেও এই উৎসৱটি বৰ ভাৱনা আৰু স্নেহেৰে উদ্‌যাপন কৰে। তোমালোকে এই দিব্য জন্মত যি শ্ৰেষ্ঠ অলৌকিক কৰ্ম কৰিছা, এতিয়াও কৰি আছা, সেয়া স্মাৰক ৰূপত যদিও অল্পকালৰ বাবে অলপ সময়ৰ বাবে উদ্‌যাপন কৰে কিন্তু ভক্তসকলৰো চমৎকাৰ। স্মাৰক উদ্‌যাপন কৰাসকল, স্মাৰক নিৰ্মাণ কৰাসকলকো চোৱা কিমান চমৎকাৰী। নকল কৰাত বুদ্ধিমানতো হৈছে কিয়নো তোমালোকৰে ভক্ত নহয় জানো। তোমালোকৰ শ্ৰেষ্ঠতাৰ ফল সেই স্মাৰক নিৰ্মাণ কৰাসকলে বৰদানৰ ৰূপত প্ৰাপ্ত কৰিছে। তোমালোকে এটা জন্মৰ বাবে এবাৰ সম্পূৰ্ণ পৱিত্ৰতাৰ ব্ৰত লোৱা। নকলতো কৰিছে এদিনৰ বাবে পৱিত্ৰতাৰ ব্ৰতো ৰাখে। তোমালোকে পূৰা জন্ম পৱিত্ৰ অন্নৰ ব্ৰত লোৱা আৰু তেওঁলোকে এদিন লয়। আজি বাপদাদাই অমৃতবেলা চাই আছিল যে তোমালোকৰ ভক্তসকলো কম নহয়। তেওঁলোকেও ভাল বিশেষত্ব দেখুৱাইছে। তেন্তে তোমালোক সকলোৱে পূৰা জন্মৰ বাবে দৃঢ় ব্ৰত খোৱা-বোৱাৰ, মনৰ সংকল্পৰ পৱিত্ৰতাৰ, বাণীৰ, কৰ্মৰ, সমন্ধ-সম্পৰ্কত আহোতে কৰ্মৰ পূৰা জন্মৰ দৃঢ় ব্ৰত লৈছানে? লৈছানে নে অলপ-অচৰপ লৈছা? পৱিত্ৰতা হৈছে ব্ৰাহ্মণ জীৱনৰ আধাৰ। পূজ্য হোৱাৰ আধাৰ। শ্ৰেষ্ঠ প্ৰাপ্তিৰ আধাৰ। গতিকে যিসকল ভাগ্যৱান আত্মা ইয়াত আহি উপস্থিত হৈছা তেওঁলোকে পৰীক্ষা কৰা যে পৱিত্ৰ হোৱাৰ এইটো জন্মৰ উৎসৱ চাৰিওপ্ৰকাৰেৰে, কেৱল ব্ৰহ্মচৰ্য্যৰ পৱিত্ৰতা নহয়, কিন্তু মন-বাণী-কৰ্ম, সমন্ধ-সম্পৰ্কতো পৱিত্ৰতা। এইটো দৃঢ় ব্ৰত লৈছানে? লৈছানে? যিসকলে দৃঢ়তাৰে লৈছা, অলপ অলপ কেঁচা নহয়, তেওঁলোকে হাত দাঙা। দৃঢ়, দৃঢ়নে? দৃঢ়নে? কিমান দৃঢ়? কোনোবাই বিচলিত কৰিলে, বিচলিত হ’বানে? বিচলিত হ’বানে? বিচলিত নোহোৱা? কেতিয়াবা কেতিয়াবাতো মায়া আহি যায় নহয়, নে নাহে, মায়াক বিদায় দিলানে? নে কেতিয়াবা কেতিয়াবা অনুমতি দি দিয়া, আহি যায়! পৰীক্ষা কৰা - দৃঢ় ব্ৰত লৈছানে? সদাকালৰ ব্ৰত লৈছানে? নে কেতিয়াবা কেতিয়াবাৰ? কেতিয়াবা অলপ, কেতিয়াবা বহুত, কেতিয়াবা দৃঢ়, কেতিয়াবা ৰ্কেঁচা- এনেকুৱাতো নহয়? কিয়নো বাপদাদাৰ প্ৰতি স্নেহৰ ক্ষেত্ৰত সকলোৱে 100 শতাংশতকৈ বেছি মানে। যদি বাপদাদাই সোধে যে পিতাৰ প্ৰতি মৰম কিমান আছে? তেতিয়া সকলোৱে বৰ উৎসাহ-উদ্দীপনাৰে হাত দাঙে। প্ৰেমত শতাংশ বহুত কম সংখ্যকৰ হয়, গৰিষ্ঠসংখ্যকৰ স্নেহ আছে। গতিকে স্নেহত যেনেকৈ উত্তীৰ্ণ হৈছা বাপদাদায়ো মানি লয় যে স্নেহত গৰিষ্ঠসংখ্যক উত্তীৰ্ণ হৈছে, কিন্তু পৱিত্ৰতাৰ ব্ৰত চাৰিওটা ৰূপত মন-বচন-কৰ্ম, সম্বন্ধ-সম্পৰ্ক চাৰিওটা ৰূপত সম্পূৰ্ণ পৱিত্ৰতাৰ ব্ৰত পালন কৰাত শতাংশ আহি যায়। এতিয়া বাপদাদাই কি বিচাৰে? বাপদাদাই এয়াই বিচাৰে যে সমান হোৱাৰ যি প্ৰতিজ্ঞা কৰিছা, সেয়েহে প্ৰত্যেক সন্তানৰ চেহেৰাত পিতাৰ মূৰ্ত দৃষ্টিগোচৰ হওক। প্ৰতিষাৰ বাণী পিতাৰ সমান হওক, বাপদাদাৰ বাণী বৰদানৰ ৰূপ হৈ যায়। গতিকে তোমালোক সকলোৱে এটা পৰীক্ষা কৰা, আমাৰ চেহেৰাত পিতাৰ মূৰ্ত দৃষ্টিগোচৰ হয়নে? পিতাৰ মূৰ্ত কি? সম্পন্ন, সকলো কথাতে সম্পন্ন। এনেকৈ প্ৰত্যেক সন্তানৰ নয়ন, প্ৰত্যেক সন্তানৰ চেহেৰা পিতাৰ সমান হয়নে? সদায় মিচিকিয়াই থকা চেহেৰা হয়নে? নে কেতিয়াবা চিন্তিত, কেতিয়াবা ব্যৰ্থ সংকল্পৰ ছাঁ-থকা, কেতিয়াবা উদাস, কেতিয়াবা বহুত পৰশ্ৰমী, এনেকুৱা চেহেৰাতো নহয়? সদায় গোলাপ, কেতিয়াবা গোলাপৰ দৰে প্রস্ফুটিত চেহেৰা, কেতিয়াবা যাতে অন্য কিবা হৈ নাযায় কিয়নো বাপাদাদাই এইটোও জন্মতেই কৈ দিছে যে মায়াই তোমালোকৰ এই শ্ৰেষ্ঠ জীৱনক প্ৰত্যাহ্বান জনাব। কিন্তু মায়াৰ কাম হ’ল অহা, তোমালোক সদায় পৱিত্ৰতাৰ ব্ৰত ধাৰণ কৰোঁতা আত্মাসকলৰ কাম হ’ল দূৰৰ পৰাই মায়াক খেদি পঠিওৱা।

বাপদাদাই দেখিছে বহুত সন্তানে মায়াক দূৰৰ পৰা খেদি নপঠিয়ায়, মায়া আহি যায়, আহিবলৈ দিয়ে অৰ্থাৎ মায়াৰ প্ৰভাৱত আহি যায়। যদি দূৰৰ পৰাই খেদি নপঠিয়ায় তেন্তে মায়াৰো অভ্যাস হৈ যায় কিয়নো মায়াই গম পাই যায় যে ইয়াত মোক বহিবলৈ দিব, বহিবলৈ দিয়াৰ চিন হ’ল মায়া আহে, ভাবে যে মায়া, কিন্তু তথাপিও কি ভাবে? এতিয়া সম্পূৰ্ণ হৈছোঁ জানো, কোনো সম্পূৰ্ণ হোৱা নাই। এতিয়াতো হৈ আছোঁ, হৈ যাম। ‘ম’ ‘ম’ কৰিবলৈ ধৰে তেতিয়া মায়াৰ বহাৰ অভ্যাস হৈ যায়। তেন্তে আজি জন্মদিনতো উদ্‌যাপন কৰি আছা, পিতায়ো আশীৰ্বাদ, অভিনন্দনতো জনাই আছে কিন্তু পিতাই প্ৰতিগৰাকী সন্তানক, শেষৰ নম্বৰৰ সন্তানটিকো কি ৰূপত চাব খোজে? শেষৰ নম্বৰৰ জনো পিতাৰ প্ৰিয়তো হয় নহয়! সেয়েহে পিতাই শেষৰ নম্বৰৰ সন্তানটিকো সদায় প্রস্ফুটিত গোলাপৰ ৰূপত চাব খোজে। মৰহি যোৱা নহয়। মৰহি যোৱাৰ কাৰণ হ’ল অলপ অমনোযোগিতা। হৈ যাব, চাই ল’ম, কৰিয়েই ল’ম, গৈয়েই পাম... এই ‘ম’ ‘ম’ৰ ভাষাই অৱনমিত কৰি দিয়ে। গতিকে পৰীক্ষা কৰা – কিমান সময় অতিবাহিত হ’ল, এতিয়াও সময়ৰ সমীপতা আৰু আকস্মাতে হোৱাৰ ইংগিততো বাপদাদাই দিয়েই দিছে, দি আছে নহয়, দিয়েই দিছে। এনেকুৱা সময়ৰ বাবে সদাপ্ৰস্তুত, সতৰ্ক হৈ থকা আৱশ্যক। সতৰ্ক হৈ থাকিবলৈ পৰীক্ষা কৰা - আমাৰ মন আৰু বুদ্ধি সদায় স্বচ্ছ আৰু নিকা হয়নে? স্বচ্ছও হ’ব লাগে, নিকাও হ’ব লাগে। ইয়াৰ বাবে সময়ত বিজয় প্ৰাপ্ত কৰিবৰ বাবে মনত, বুদ্ধিত ‘কেচিং পাৱাৰ’ আৰু ‘টাচিং পাৱাৰ’ দুয়োটাৰে বহুত আৱশ্যক। এনেকুৱা পৰিস্থিতি আহিব যে ক’ৰবাত দূৰৈত বহি থাকিলেও কিন্তু মন আৰু বুদ্ধি স্বচ্ছ আৰু নিকা হ’লে পিতাৰ যি ইংগিত, নিৰ্দেশনা, শ্ৰীমত পাবলগীয়া থাকে, সেয়া ধাৰণ কৰিব পাৰিবা। উপলব্ধি হ’ব যে এইটো কৰিব লাগে, এইটো কৰিব নালাগে সেয়েহে বাপদাদাই আগতেও শুনাইছে যে বৰ্তমান সময়ত শান্তিৰ শক্তি নিজৰ লগত যিমান পাৰা জমা কৰা। যেতিয়াই বিচৰা, যেনেকৈ বিচৰা তেনেকৈ যাতে মন আৰু বুদ্ধিক নিয়ন্ত্ৰণ কৰিব পাৰা। ব্যৰ্থ সংকল্পই সপোনতো যাতে স্পৰ্শ নকৰে, এনেকুৱা মনৰ নিয়ন্ত্ৰণ লাগে সেইবাবে প্ৰবাদ আছে – মনক জয় কৰিলেই জগতজিৎ। যেনেকৈ হাত স্থূল কৰ্মেন্দ্ৰিয়, য’ত বিচৰা, যেতিয়ালৈকে বিচৰা তেতিয়ালৈকে আদেশ অনুসৰি চলাব পাৰা তেনেকৈ মন আৰু বুদ্ধিৰ নিয়ন্ত্ৰণ শক্তি আত্মাত যাতে সকলো সময়ত জাগ্ৰত হৈ থাকে। এনেকুৱা নহয় যে যোগৰ সময়ত অনভৱ হয় কিন্তু কৰ্মৰ সময়ত, ব্যৱহাৰৰ সময়ত, সম্বন্ধত অহাৰ সময়ত অনুভৱ কম হ’ব। অকস্মাৎ কাকত আহিব কিয়নো চুড়ান্ত ফলাফলৰ আগতেও মাজে মাজে পৰীক্ষা লোৱা হয়।

গতিকে এই জন্মদিনত বিশেষত্বপূৰ্ণ কি কৰিবা? শান্তিৰ শক্তি যিমান জমা কৰিব পাৰা, এক চেকেণ্ডত মধুৰ শান্তিৰ অনুভৱত লীন হৈ যোৱা কিয়নো বিজ্ঞান আৰু শান্তি, বিজ্ঞানো অতিলৈ গৈ আছে। গতিকে বিজ্ঞানৰ ওপৰতো শান্তিৰ শক্তিৰ বিজয়ে পৰিৱৰ্তন কৰিব। শান্তিৰ শক্তিৰে দূৰৈত বহি যিকোনো আত্মাক সহযোগো দিব পাৰা, শক্তিৰ কিৰণো দিব পাৰা। দিগভ্ৰান্ত মন শান্ত কৰিব পাৰা। পিতা ব্ৰহ্মাক দেখিলা যেতিয়াই কোনোবা অনন্য সন্তান অলপ অস্থিৰ হৈছিল বা শাৰীৰিক হিচাপ-নিকাচ আছিল, তেতিয়া ৰাতিপুৱাই উঠি তেনে সন্তানক শান্তিৰ শক্তিৰ কিৰণ দিলে আৰু তেওঁলোকে অনুভৱ কৰিছিল। গতিকে অন্তত এই শান্তিৰ সেৱাৰ সহযোগ দিব লাগে। পৰিস্থিতি অনুসৰি এইটো বহুত ধ্যানত ৰাখা, শান্তিৰ শক্তি বা নিজৰ শ্ৰেষ্ঠ কৰ্মৰ শক্তি জমা কৰাৰ বেংক কেৱল এতিয়া খোলে আন কোনো জন্মত জমা কৰাৰ বেংক নাই। এতিয়া যদি জমা নকৰা পাছলৈ বেংকেই নাথাকিব তেতিয়া ক’ত জমা কৰিবা! সেয়েহে জমা শক্তি যিমান একত্ৰিত কৰিব খোজা সিমানে কৰিব পাৰা। এনেয়ে জগতৰ লোকেও কয় যি কৰিব লাগে এতিয়াই কৰি লোৱা। যি ভাবিবলগীয়া আছে, এতিয়াই ভাবি লোৱা। এতিয়া যিয়েই চিন্তন কৰিবা সেই চিন্তন, চিন্তনৰ ৰূপত থাকিব আৰু অলপ সময়ৰ পাছত যেতিয়া সময় সীমা সমীপত আহিব তেতিয়া চিন্তন পশ্চাতাপলৈ সলনি হৈ যাব। এইটো কৰিলোঁহেঁতেন, এইটো কৰিব লাগিছিল... চিন্তন নাথাকিব, পশ্চাতাপলৈ পৰিৱৰ্তন হ’ব সেয়েহে বাপদাদাই আগৰ পৰাই ইংগিত দি আছে। শান্তিৰ শক্তি এক চেকেণ্ডত যিয়েই নহওক, শান্তিত লীন হৈ যোৱা। এনেকুৱা নহয় যে পুৰুষাৰ্থ কৰি আছোঁ! জমাৰ পুৰুষাৰ্থ এতিয়া কৰিব পাৰা।

বাপদাদাৰ সন্তানসকলৰ প্ৰতি স্নেহ আছে, বাপদাদাই এটি এটি সন্তানক লগত লৈ যাব খোজে। যি প্ৰতিশ্ৰুতি দিছা যে লগত থাকিম, লগত যাম… এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ বাবে সমান হোৱাসকল লগত যাব। শুনাইছিলোঁ নহয় - ডবল বিদেশীসকলে হাতে হাত ধৰি আগবাঢ়ি যাবলৈ ভাল পায় গতিকে শ্ৰীমতৰ হাতে হাত ধৰা, পিতাৰ যি শ্ৰীমত সেয়া তোমালোকৰ মত ইয়াকে হাতে হাত ধৰা বুলি কোৱা হয়। তেন্তে ঠিক আছে - আজি জন্মদিনৰ উৎসৱ উদ্‌যাপন কৰিবলৈ আহিছা নহয়! বাপদাদাও আনন্দিত হৈছে যে মোৰ সন্তানসকল, পিতাই গৌৰৱ কৰে যে মোৰ সন্তানসকল সদায় উৎসাহত থাকি উৎসৱ উদ্‌যাপন কৰে। প্ৰতিদিনে উৎসৱ পালন কৰা নে বিশেষ দিনত? সংগমযুগেই উৎসৱ। যুগেই হৈছে উৎসৱৰ। অন্য কোনো যুগ সংগমযুগৰ নিচিনা নহয়। তেন্তে সকলোৰে উৎসাহ-উদ্দীপনা আছে নহয় যে মই সমান হ’বই লাগিব। আছেনে? হ’বই লাগিব, নে চাম, হ’ম, কৰিম, ‘ম’ ‘ম’তো নকৰা নহয়? যিসকলে ভাবা যে হ’বই লাগিব, তেওঁলোকে হাত দাঙা। হ’বই লাগিব, ত্যাগ কৰিব লাগিব, তপস্যা কৰিব লাগিব। যিকোনো ত্যাগ কৰিবলৈ সাজু আছানে। সকলোতকৈ ডাঙৰ ত্যাগ কি? ত্যাগ কৰাত সকলোতকৈ ডাঙৰ এটা শব্দই বিঘিনি আনে। ত্যাগ, তপস্যা, বৈৰাগ্য, বেহদৰ বৈৰাগ্য, ইয়াত এটা শব্দয়েই বিঘিনি আনে, জানাতো নিশ্চয়। কোনটো সেই এটা শব্দ? ‘মই’, দেহবোধৰ মই। সেয়েহে বাপদাদাই ক’লে যেনেকৈ এতিয়া যেতিয়াই ‘মোৰ’ বুলি কোৱা তেতিয়া প্ৰথমে স্মৃতিলৈ কি আহে? “মোৰ বাবা”। “মোৰ বাবা” আহে নহয়! মোৰ বুলি আৰু যিয়েই নোকোৱা কিন্তু মোৰ বুলি কওঁতে অভ্যাস হৈ গ’ল প্ৰথমে বাবা আহে। তেনেকৈ যেতিয়া মই বুলি কোৱা, যেনেকৈ “মোৰ বাবা” পাহৰি নোযোৱা, কেতিয়াবা কাৰোবাক ‘মোৰ’ বুলি কোৱা তেতিয়া ‘বাবা’ শব্দ আহেই, তেনেকৈয়ে যেতিয়া ‘মই’ বুলি কোৱা তেতিয়া যাতে প্ৰথমে আত্মা স্মৃতিলৈ আহে। মই কোন? আত্মা। মই আত্মাই এয়া কৰি আছোঁ। ‘মই’ আৰু ‘মোৰ’, হদৰ পৰিৱৰ্তন হৈ বেহদৰ হৈ যাওক। হ’ব পাৰেনে? হ’ব পাৰেনে? কান্ধ লৰোৱা। অভ্যাস কৰা, ‘মই’ বুলি ক’লে ততালিকে আত্মা স্মৃতিলৈ আহক, আৰু যেতিয়া ‘মই’ বোধ আহে তেতিয়া যাতে এটা শব্দ স্মৃতিলৈ আহে - কৰাৱনহাৰ কোন? পিতা কৰাবনহাৰে কৰাই আছে। ‘কৰাৱনহাৰ’ শব্দটি যাতে কৰাৰ সময়ত সদায় স্মৃতিত থাকে। ‘মই’ বোধ নাহিব। মোৰ বিচাৰধাৰা, মোৰ কৰ্তব্য, কৰ্তব্যৰো বহুত নিচা থাকে। মোৰ কৰ্তব্য... কিন্তু দিওঁতা দাতা কোন! এই কৰ্তব্য প্ৰভুৰ দান। প্ৰভুত দানক ‘মই’ বুলি ভবা, ভাবা ভাল হয়নে?

বাপদাদাই প্ৰত্যেক স্থানৰ পৰা এতিয়া ফলাফল বিচাৰে। এই এমাহ এনেকুৱা স্বভাৱসিদ্ধ স্বভাৱ গঢ়ি তোলা কিয়নো স্বভাৱসিদ্ধ স্বভাৱ সোনকালে সলনি নহয়। সেয়েহে স্বভাৱসিদ্ধ স্বভাৱ গঢ়া, কৈছিলো নহয় - সদায় তোমালোকৰ চেহেৰাত পিতাৰ গুণ দেখা দিয়ক, চলনত পিতাৰ শ্ৰীমত দেখা দিয়ক। সদায় মিচিকিয়াই থকা চেহেৰা হওক। সদায় সন্তুষ্ট হৈ থকা আৰু সন্তুষ্ট কৰাৰ চলন হওক। প্ৰতিটো কৰ্মত, কৰ্ম আৰু যোগৰ সন্তুলন থাকক। বহুত সন্তানে বাপদাদাক বৰ ভাল ভাল কথা শুনায়, কওঁনে কি কয়? কয় বাবা আপুনি বুজকচোন মোৰ এইটো স্বভাৱ আছে আৰু একো নাই, মোৰ স্বভাৱেই এয়া। এতিয়া বাপদাদাই কি ক’ব। মোৰ স্বভাৱ হয়নে? মোৰ বচন এনেকুৱা, বহুতে এনেকৈ কয় যে ক্ৰোধ কৰিলো জানো, মোৰ মাতটো অলপ ডাঙৰ, অলপ টানকৈ ক’লোঁ, ক্ৰোধ কৰিলোঁ জানো, কেৱল উচ্চ স্বৰত ক’লোঁ। চোৱা, কিমান মিঠা মিঠা কথা। বাপদাদাই কয় - যাক তোমালোকে মোৰ স্বভাৱ বুলি কোৱা, এয়া মোৰ বুলি কোৱাটোৱেই ভুল। মোৰ স্বভাৱ, এয়া ৰাৱণৰ স্বভাৱ নে তোমালোকৰ স্বভাৱ? তোমালোকৰ স্ৱভাৱ অনাদিকাল, আদিকাল, পূজ্যকাল এয়া প্ৰকৃত স্বভাৱ। ৰাৱণৰ বস্তুক মোৰ মোৰ বুলি কোৱা সেয়েহে আঁতৰি নাযায়। আনৰ বস্তুক নিজৰ কৰি ৰাখিছা নহয়, কোনোবাই যদি আনৰ বস্তু নিজৰ ওচৰত যতনে ৰাখে, লুকুৱাই ৰাখে, সেয়া ভাল বুলি মান্যতা দিয়া হয়নে? তেন্তে ৰাৱণৰ স্বভাৱ, আনৰ স্বভাৱ সেয়া কিয় মোৰ বুলি কোৱা? বৰ নিচাৰে কোৱা মোৰ দোষ নাই, মোৰ স্বভাৱ। বাপদাদাকো সৈমান কৰাবলৈ চেষ্টা কৰে। এতিয়া এই সমাপ্তি সমাৰোহ কৰিবা! কৰিবানে? কৰিবানে? চোৱা, অন্তৰেৰে কোৱা, মনেৰে কোৱা য’ত মন থাকিব ত’ত সকলো হৈ যাব। মনেৰে মানি লোৱা যে এয়া মোৰ স্বভাৱ নহয়। এয়া আনৰ বস্তু। সেয়া ৰাখিব নালাগে। তোমালোকতো জীৱন্তে মৰি গ’লা নহয়। তোমালোকৰ স্বভাৱ ব্ৰাহ্মণ স্বভাৱ নে পুৰণি স্বভাৱ? তেন্তে বুজিলানে বাপদাদাই কি বিচাৰে? লাগিলে মনোৰঞ্জন কৰা, নৃত্য কৰা, খেল খেলা কিন্তু... কিন্তু আছে। সকলো কৰিও সমান হ’বই লাগিব। সমান নহ’লে লগত কেনেকৈ যাবা! দস্তুৰমত, ধৰ্ম ৰজাৰ পুৰীত ৰ’বলগীয়া হ’ব, লগত যাব নোৱাৰা। তেন্তে দাদীসকল কোৱা, এক মাহৰ ফলাফল চাওঁনে! চাওঁনে? কোৱা, চাওঁনে? এমাহ মনোযোগ দিবানে? এমাহ যদি মনোযোগ দিয়া তেন্তে স্বাভাৱিক হৈ যাব। মাহৰ এদিনো এৰি নিদিবা। বাৰু দাদীসকলে দায়িত্ব লৈছে। সকলো একত্ৰিত হৈ ইজনে সিজনৰ প্ৰতি শুভ-ভাৱনা, শুভ-কামনাৰ হাত আগবঢ়োৱা। যেনেকৈ কোনোবা বাগৰি পৰিলে তেতিয়া তেওঁক হাতেৰে মৰমেৰে উঠায় তেন্তে শুভ-ভাৱনা আৰু শুভ-কামনাৰ হাত, ইজনে সিজনক সহযোগ দি আগবঢ়াই লৈ গৈ থাকা। ঠিক আছেনে? কেৱল তোমালোকে পৰীক্ষা কমকৈ কৰা, কৰাৰ পাছত পৰীক্ষা কৰা, হৈ গ’ল নহয়! প্ৰথমে ভাবা তাৰপাছত কৰা। প্ৰথমে কৰা পাছত ভাবা, এনেকুৱা নহয়। কৰিবই লাগিব।

বাৰু। এতিয়া বাপদাদাই কোনটো ড্ৰিল কৰাব বিচাৰে? এক চেকেণ্ডত শান্তিৰ শক্তি স্বৰূপ হৈ যোৱা। একাগ্ৰ বুদ্ধি, একাগ্ৰ মন। গোটেই দিনটোত এক চেকেণ্ড মাজে মাজে উলিয়াই অভ্যাস কৰা। শান্তিৰ সংকল্প কৰিলা আৰু স্বৰূপ হ’লা। ইয়াৰ বাবে সময়ৰ আৱশ্যকতা নাই। এক চেকণ্ডৰ অভ্যাস কৰা, শান্তি। বাৰু।

চাৰিওফালৰ জন্মোৎসৱ উদ্‌যাপন কৰোঁতা ভাগ্যৱান আত্মাসকলক, সদায় উৎসাহত থাকোঁতা সংগমযুগৰ উৎসৱ উদ্‌যাপন কৰোঁতা, এনেকুৱা সকলো উৎসাহ-উদ্দীপনাৰ ডেউকাৰে উৰি থকা সন্তানসকলক, সদায় মন আৰু বুদ্ধিক একাগ্ৰতাৰ অনুভৱী কৰি তোলোঁতা মহাবীৰ সন্তানসকলক, সদায় সমান হোৱাৰ উৎসাহক সাকাৰ ৰূপত আনোঁতা পিতাক অনুসৰণ কৰোঁতা সন্তানসকলক, সদায় ইজন-সিজনৰ স্নেহী সহযোগী সাহস যুগাওঁতা, পিতাৰ পৰা সহায়ৰ বৰদান প্ৰাপ্ত কৰাওঁতা বৰদানী সন্তানসকলক, মহাদানী সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু পদম পদম পদম পদমগুণ অভিনন্দন, অভিনন্দন, অভিনন্দন।

বৰদান:
সদায় একান্ত আৰু স্মৰণত ব্যস্ত হৈ থাকোঁতা বেহদৰ বানপ্ৰস্থী হোৱা

বৰ্তমান সময় অনুসৰি তোমালোক সকলো বানপ্ৰস্থ অৱস্থাৰ সমীপত আছা। বানপ্ৰস্থীয়ে কেতিয়াও পুতলাৰ খেল নেখেলে। তেওঁলোক সদায় একান্ত আৰু স্মৃতিত থাকে। তোমালোক সকলো বেহদৰ বানপ্ৰস্থী সদায় এজনৰ অন্তত অৰ্থাৎ নিৰন্তৰ একান্তত থাকা লগতে এজনক স্মৰণ কৰি স্মৃতি স্বৰূপ হোৱা। সকলো সন্তানৰ প্ৰতি বাপদাদাৰ এইটোৱে শুভ আশা আছে যে এতিয়া পিতা আৰু সন্তানসকল সমান হৈ যাওক। সদায় স্মৃতিত সমাহিত হৈ থাকক। সমান হোৱা মানেই সমাহিত হোৱা - এয়াই বানপ্ৰস্থ স্থিতিৰ চিন।

স্লোগান:
তোমালোকে সাহসৰ এখোজ আগবঢ়োৱা তেতিয়া পিতাই সহায়ৰ হাজাৰ খোজ আগবঢ়াই দিব।

অব্যক্ত সংকেত: অশৰীৰী তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা

যেনেকৈ পিতাৰ বাবে সকলোৰে মুখৰ পৰা এটাই আৱাজ ওলায় - “মোৰ বাবা”। তেনেকৈ তোমালোকৰ প্ৰত্যেক শ্ৰেষ্ঠ আত্মাৰ প্ৰতি এইটো ভাৱনা হওক, উপলব্ধি হওক। প্ৰত্যেকৰে “মোৰ বোধ”ৰ অনুভূতি জাগক। প্ৰত্যেকে ভাৱক যে এওঁ মোৰ শুভ চিন্তক সহযোগী সেৱাৰ সংগী, ইয়াকে পিতাৰ সমান, কৰ্মাতীত স্থিতিৰ আসনধাৰী বুলি কোৱা হয়।

সুচনা:- আজি মাহৰ তৃতীয় ৰবিবাৰ, সকলো ৰাজযোগী তপস্বী ভাতৃ-ভগ্নীয়ে সন্ধ্যা 6.30 বজাৰ পৰা 7.30 বজালৈ, বিশেষ যোগ অভ্যাসৰ সময়ত নিজৰ “লাইট-মাইট” স্বৰূপত স্থিত হৈ, ভ্ৰূকুটিৰ মধ্যত বাপদাদাক আহ্বান জনাই, সংযুক্ত স্বৰূপৰ অনুভৱ কৰক আৰু চাৰিওফালে “লাইট-মাইট”ৰ কিৰণ বিয়পোৱাৰ সেৱা কৰক।