22.01.26 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“পঢ়া আৰু দৈৱী চৰিত্ৰৰ খতিয়ান ৰাখা, নিতৌ পৰীক্ষা কৰা যে মোৰ দ্বাৰা কোনো ভুলতো
নহ’ল”
প্ৰশ্ন:
তোমালোক
সন্তানসকলে কোনটো পুৰুষাৰ্থৰ দ্বাৰা বাদশ্বাহীৰ তিলক প্ৰাপ্ত কৰিব পাৰা?
উত্তৰ:
1) সদায় আজ্ঞাকাৰী হৈ থকাৰ পুৰুষাৰ্থ কৰা। সংগমত আজ্ঞাকাৰীৰ তিলক লগোৱা তেতিয়া
বাদশ্বাহীৰ তিলক পাই যাবা। অৱজ্ঞাকাৰী অৰ্থাৎ আজ্ঞা পালন নকৰাসকলে বাদশ্বাহীৰ তিলক
প্ৰাপ্ত কৰিব নোৱাৰে। 2) কোনো বেমাৰ ছাৰ্জনৰ পৰা লুকুৱাই নাৰাখিবা। লুকুৱাই ৰাখিলে
পদ কম হৈ যাব। পিতাৰ নিচিনা প্ৰেমৰ সাগৰ হোৱা তেতিয়া বাদশ্বাহীৰ তিলক পাই যাবা।
ওঁম্শান্তি।
আত্মিক পিতাই
আত্মিক সন্তানসকলক বুজাই আছে, পঢ়া মানে বোধ। তোমালোক সন্তানসকলে বুজি পোৱা যে এই পঢ়া
বহুত সহজ আৰু বহুত উচ্চ আৰু বহুত উচ্চ পদ দিওঁতা হয়। এয়া কেৱল তোমালোক সন্তানসকলেহে
জানা যে এই পঢ়া আমি বিশ্বৰ মালিক হ’বৰ কাৰণে পঢ়ি আছোঁ। গতিকে পঢ়োঁতাসকল বহুত
আনন্দিত হ'ব লাগে। কিমান উচ্চ পঢ়া! এয়া সেয়াই গীতা আখ্যানো হয়। সংগমযুগো হয়।
তোমালোক সন্তানসকল এতিয়া জাগি উঠিছা, বাকী সকলো শুই আছে। গায়নো আছে মায়াৰ নিদ্ৰাত
শুই আছে। তোমালোকক পিতা আহি জগাইছে। কেৱল এটা কথাৰ ওপৰত বুজায় - মৰমৰ সন্তানসকল,
স্মৃতিৰ যাত্ৰাৰ বলেৰে তোমালোকে গোটেই বিশ্বত ৰাজত্ব কৰা। যেনেকৈ কল্প পূৰ্বে
কৰিছিলা। এইটো পিতাই সোঁৱৰাই দিয়ে। সন্তানসকলেও বুজি পায় আমাৰ স্মৃতি উদয় হৈছে –
কল্পই কল্পই আমি এই যোগবলৰ দ্বাৰা বিশ্বৰ মালিক হওঁ, আকৌ দৈৱীগুণো ধাৰণ কৰিছোঁ।
যোগৰ ওপৰতে পূৰা ধ্যান দিব লাগে। এই যোগবলৰ দ্বাৰা তোমালোক সন্তানসকলৰ আপোনাআপুনি
দৈৱীগুণ আহি যায়। যথাযথ এইটো পৰীক্ষা হৈছেই মনুষ্যৰ পৰা দেৱতা হোৱাৰ। তোমালোক ইয়ালৈ
আহিছা যোগবলৰ দ্বাৰা মনুষ্যৰ পৰা দেৱতা হ'বৰ কাৰণে। আৰু এইটোও জানা যে আমাৰ যোগবলৰ
দ্বাৰা গোটেই বিশ্ব পৱিত্ৰ হ'ব। পৱিত্ৰ আছিল, এতিয়া অপৱিত্ৰ হৈ গ’ল। গোটেই চক্ৰৰ
ৰহস্য তোমালোক সন্তানসকলে বুজি পাইছা আৰু অন্তৰতো আছে। লাগিলে কোনোবা নতুন হওক
তথাপিও এই কথাবোৰ বুজিবলৈ বহুত সহজ। তোমালোক দেৱতাসকল পূজ্য আছিলা, পুনৰ পূজাৰী
তমোপ্ৰধান হ'লা আন কোনেও এনেকৈ ক'বও নোৱাৰে। পিতাই স্পষ্টকৈ বুজায় সেয়া হৈছে
ভক্তিমাৰ্গ, এয়া হৈছে জ্ঞানমাৰ্গ। ভক্তি অতীত হৈ গ'ল। অতীতৰ কথা চিন্তা নকৰিবা।
সেয়াতো অৱনমিত হোৱাৰ কথা। পিতাই এতিয়া আৰোহণ কৰাৰ কথা শুনাই আছে। সন্তানসকলেও জানে
- আমি নিশ্চয় দৈৱীগুণ ধাৰণ কৰিব লাগে। সদায় খতিয়ান ৰাখিব লাগে - মই কিমান সময়
স্মৃতিত থাকোঁ? মোৰ দ্বাৰা কি কি ভুল হ'ল? ভুলৰ গভীৰ আঘাতো লাগে, সেই পঢ়াতো চৰিত্ৰৰ
ফালে লক্ষ্য কৰা হয়। ইয়াতো চৰিত্ৰৰ ফালে লক্ষ্য কৰা হয়। পিতাইতো তোমালোকৰ কল্যাণৰ
কাৰণেহে কয়। তাতো খতিয়ান ৰাখে - পঢ়াৰ আৰু চৰিত্ৰৰ। ইয়াতো সন্তানসকলে দৈৱী চৰিত্ৰ
গঠন কৰিব লাগে। ভুল যাতে নহয়, ইয়াৰ প্ৰতি সাৱধান হ’ব লাগে। মোৰ দ্বাৰা কোনো ভুলতো
নহ’ল? সেইবাবে আদালতো বহুৱায়। অন্য কোনো স্কুল আদিত আদালত বহুওৱা নহয়। নিজৰ অন্তৰক
সুধিব লাগে। পিতাই বুজাইছে - মায়াৰ কাৰণে কিবা নহয় কিবা অৱজ্ঞা হৈ থাকে। আৰম্ভণিতো
আদালত বহুওৱা হৈছিল। সন্তানসকলে সঁচা কথা কৈছিল। পিতাই বুজাই থাকে - যদি সঁচা কথা
নোকোৱা তেন্তে সেই ভুল বৃদ্ধি হৈ গৈ থাকিব। ওলোটা আৰু ভুলৰ দণ্ড পোৱা যায়। ভুলৰ
বিষয়ে নোকোৱাৰ কাৰণে আকৌ অৱজ্ঞাকাৰীৰ তিলক লাগি যায়। তেতিয়া ৰজাৰ তিলক পাব নোৱাৰে।
যদি আজ্ঞা পালন নকৰে, অবিশ্বাসী হয় তেন্তে বাদশ্বাহী পাব নোৱাৰে। ছাৰ্জনে ভিন্ন
ভিন্ন প্ৰকাৰে বুজাই থাকে। ছাৰ্জনৰ পৰা যদি বেমাৰ লুকুৱাই ৰাখা তেন্তে পদো কম হৈ
যাব। চিকিৎসকক কৈ দিলে কোনো মাৰতো খাব নালাগে নহয়। পিতাই কেৱল ক'ব - সাৱধান। পুনৰ
যদি এনেকুৱা ভুল কৰা তেন্তে লোকচান হৈ যাব। পদ বহুত কম হৈ যাব। তাততো স্বাভাৱিক দৈৱী
চলন হ'ব। ইয়াত পুৰুষাৰ্থ কৰিব লাগে। বাৰে বাৰে অনুত্তীৰ্ণ হ'ব নালাগে। পিতাই কয় -
সন্তানসকল, বেছিকৈ ভুল নকৰিবা। পিতা বিশাল প্ৰেমৰ সাগৰ হয়। সন্তানসকলো হ'ব লাগে।
যেনেকুৱা পিতা তেনেকুৱা সন্তান। যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা। বাবাতো ৰজা নহয়।
তোমালোকে জানা বাবাই আমাক নিজৰ সমান কৰি তোলে। পিতাৰ যি মহিমা গায়, সেয়া তোমালোকৰো
হ'ব লাগে। বাবাৰ সমান হ'ব লাগে। মায়া বহুত শক্তিশালী, তোমালোকক খতিয়ান ৰাখিব নিদিয়ে।
মায়াৰ জালততো সম্পূৰ্ণ ৰূপে বন্দী হৈ আছা। মায়াৰ কাৰাগাৰৰ পৰা তোমালোক ওলাব নোৱাৰা।
সঁচা কথা নোকোৱা। সেয়েহে পিতাই কয় – স্মৃতিত থকাৰ সঠিক খতিয়ান ৰাখা। পুৱা উঠি পিতাক
স্মৰণ কৰা। পিতাৰহে মহিমা কৰা। বাবা, আপুনি আমাক বিশ্বৰ মালিক কৰি তোলে গতিকে আমি
আপোনাৰ মহিমা গাম। ভক্তিমাৰ্গত কিমান মহিমা গায়, তেওঁলোকেতো একোৱেই গম নাপায়।
দেৱতাসকলৰ মহিমা নাই। মহিমা হৈছে তোমালোক ব্ৰাহ্মণসকলৰ। সকলোকে সৎগতি দিওঁতাজনো হৈছে
এজন পিতা। তেওঁ ৰচয়িতাও হয়, নিৰ্দেশকো হয়। সেৱাও কৰে আৰু সন্তানসকলক বুজায়ো।
বাস্তৱত কয়। তেওঁলোকেতো শাস্ত্ৰবোৰৰ পৰা ভগৱানুবাচ শুনি থাকে। গীতা পঢ়ি আহি থাকে আকৌ
তাৰ পৰা কি পোৱা যায়? কিমান প্ৰেমেৰে বহি পঢ়ে, ভক্তি কৰে, গম নাপায় যে ইয়াৰ পৰা কি
হ'ব! এইটো নাজানে যে আমি ছিৰি তললৈহে নামি আছোঁ। দিনে-প্ৰতিদিনে তমোপ্ৰধান হ'বই লাগে।
ড্ৰামাত এনেকৈয়ে নিৰ্ধাৰিত হৈ আছে। এই ছিৰিৰ ৰহস্য পিতাৰ বাহিৰে কোনেও বুজাব নোৱাৰে।
শিৱবাবাইহে ব্ৰহ্মাৰ দ্বাৰা বুজায়। এৱোঁ শিৱবাবাৰ পৰা বুজি পুনৰ তোমালোকক বুজায়।
মুখ্য জ্যেষ্ঠ শিক্ষক, জ্যেষ্ঠ ছাৰ্জনতো পিতাই হয়। তেওঁকে স্মৰণ কৰিব লাগে। এনেকৈ
নকয় যে ব্ৰাহ্মণীক স্মৰণ কৰা। স্মৃতিতো এজনৰে ৰাখিব লাগে। কেতিয়াও কাৰো প্ৰতি মোহ
ৰাখিব নালাগে। এজন পিতাৰ পৰাই শিক্ষা ল'ব লাগে। নিৰ্মোহীও হ'ব লাগে। এই ক্ষেত্ৰত
বহুত পৰিশ্ৰম কৰিব লাগে। গোটেই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য। এইখনতো ইতিমধ্যেই নাশ
হৈ গৈছে। ইয়াৰ প্ৰতি প্ৰেম আৰু আসক্তি একোৱেই নাই। কিমান ডাঙৰ ডাঙৰ অট্টালিকা আদি
নিৰ্মাণ কৰি থাকে। তেওঁলোকে এইটোও গম নাপায় যে এই পুৰণি সৃষ্টিখনৰ বাকী কিমান সময়
আছে। তোমালোক সন্তানসকল এতিয়া জাগি উঠিছা অন্যকো জগোৱা। পিতাই আত্মাসকলকহে জগায়,
বাৰে বাৰে কয় - নিজক আত্মা বুলি বুজা। যদি শৰীৰ বুলি বুজা তেন্তে যেন শুই আছা। নিজক
আত্মা বুলি বুজা আৰু পিতাকো স্মৰণ কৰা। আত্মা পতিত হ’লে শৰীৰো পতিত পায়। আত্মা পাৱন
হ’লে শৰীৰো পাৱন পায়।
পিতাই বুজায় -
তোমালোকহে এই দেৱী-দেৱতা বংশৰ আছিলা। পুনৰ তোমালোকেই হৈ যাবা। কিমান সহজ। এনেকুৱা
বেহদৰ পিতাক আমি কিয় স্মৰণ নকৰিম। পুৱা উঠিও পিতাক স্মৰণ কৰা। বাবা আপুনিতো চমৎকাৰ
কৰে, আপুনি আমাক কিমান উচ্চ দেৱী-দেৱতা কৰি গঢ়ি পুনৰ নিৰ্বাণধামত গৈ বহি যায়। ইমান
উচ্চ কৰিতো কোনেও গঢ়িব নোৱাৰে। আপুনি কিমান সহজকৈ শুনায়। পিতাই কয় - যিমান সময় পোৱা,
কাম-কাজ কৰিও পিতাক স্মৰণ কৰিব পাৰা। স্মৃতিহে তোমালোকৰ নাও (বৈতৰণী) পাৰ কৰোঁতা
অৰ্থাৎ কলিযুগৰ পৰা সিপাৰে শিৱালয়লৈ লৈ যাওঁতা। শিৱালয়কো স্মৰণ কৰিব লাগে, শিৱবাবাই
স্থাপন কৰা স্বৰ্গ - গতিকে দুয়োটাই স্মৃতিলৈ আহে। শিৱবাবাক স্মৰণ কৰিলে আমি স্বৰ্গৰ
মালিক হ’মগৈ। এই পঢ়া হৈছেই নতুন সৃষ্টিৰ কাৰণে। পিতাও নতুন সৃষ্টি স্থাপন কৰিবলৈ আহে।
নিশ্চয় পিতা আহি কিবাতো কৰ্তব্য পালন কৰিব নহয়। তোমালোকে দেখিবলৈও পোৱা মই ড্ৰামাৰ
পৰিকল্পনা অনুসৰি ভূমিকা পালন কৰি আছোঁ। তোমালোক সন্তানসকলক 5 হাজাৰ বছৰ পূৰ্বৰ
স্মৃতিৰ যাত্ৰা আৰু আদি-মধ্য-অন্তৰ ৰহস্য শুনাওঁ। তোমালোকে জানা প্ৰত্যেক 5 হাজাৰ
বছৰৰ পাছত বাবা আমাৰ সন্মুখত আহে। আত্মাইহে কয়, শৰীৰে নকয়। পিতাই সন্তানসকলক শিক্ষা
দিয়ে - আত্মাকহে পৱিত্ৰ কৰিব লাগে। আত্মা এবাৰহে পৱিত্ৰ হ'বলগীয়া হয়। বাবাই কয় মই
অনেক বাৰ তোমালোকক পঢ়ালোঁ পুনৰ পঢ়াম। এনেকৈ কোনো সন্ন্যাসীয়ে ক'ব নোৱাৰে। পিতাইহে
কয় - সন্তানসকল, মই ড্ৰামাৰ পৰিকল্পনা অনুসৰি পঢ়াবলৈ আহিছোঁ। পুনৰ 5 হাজাৰ বছৰ পাছত
এনেকৈয়ে আহি পঢ়াম, যেনেকৈ কল্প পূৰ্বে তোমালোকক পঢ়াই ৰাজধানী স্থাপন কৰিছিলোঁ,
অনেকবাৰ তোমালোকক পঢ়াই ৰাজ্য স্থাপন কৰিছোঁ। এয়া কিমান বিস্ময়কৰ কথা পিতাই বুজায়।
শ্ৰীমত কিমান শ্ৰেষ্ঠ। শ্ৰীমতৰ দ্বাৰাহে আমি বিশ্বৰ মালিক হওঁ। বহুত শ্ৰেষ্ঠ
পদমৰ্যাদা! কোনোবাই ডাঙৰ লটাৰি পালে তেতিয়া মগজ বেয়া হৈ যায়। কোনোবা আগবাঢ়ি গৈ গৈ
নিৰাশ হৈ যায়। মই পঢ়িব নোৱাৰোঁ। মই বিশ্বৰ বাদশ্বাহী কেনেকৈ ল'ম! তোমালোক সন্তানসকল
বহুত আনন্দিত হ'ব লাগে। বাবাই কয় - অতিন্দ্ৰীয় সুখ আৰু আনন্দৰ কথা মোৰ সন্তানসকলক
সোধা। তোমালোকে সকলোকে আনন্দৰ কথা শুনাবলৈ যোৱা। তোমালোকেই বিশ্বৰ মালিক আছিলা পুনৰ
84 জন্ম ভোগ কৰি গোলাম হৈ গৈছা। গায়নো কৰে মই গোলাম, মই গোলাম তোমাৰ। এনেকৈ ভাবে যে
নিজক নীচ বুলি কোৱা, সৰু হৈ চলাতো ভাল। চোৱা, পিতা কোন হয়! তেওঁক কোনেও নাজানে।
তেওঁকো কেৱল তোমালোকে জানিছা। বাবা কেনেকৈ আহি সকলোকে ‘সন্তান সন্তান’ বুলি কৈ
বুজায়। এয়া আত্মা আৰু পৰমাত্মাৰ মেলা। তেওঁৰ পৰা আমি স্বৰ্গৰ বাদশ্বাহী পাওঁ। বাকী
গংগা স্নান আদি কৰিলে কোনো স্বৰ্গৰ বাদশ্বাহী পোৱা নাযায়। গংগা স্নানতো বহুবাৰ কৰিলা।
এনেয়েতো পানী সাগৰৰ পৰা আহে কিন্তু এই বৰষুণ কেনেকৈ হয়, ইয়াকো প্ৰকৃতি বুলি কোৱা
হ’ব। এই সময়ত পিতাই তোমালোকক সকলোবোৰ বুজায়। ধাৰণাও আত্মাইহে কৰে, শৰীৰে নকৰে।
তোমালোকে অনুভৱ কৰা যথাযথ বাবাই আমাক কিহৰ পৰা কি কৰি তুলিলে! এতিয়া পিতাই কয় -
সন্তানসকল, নিজৰ ওপৰত দয়া কৰা। কোনো অৱজ্ঞা নকৰিবা। দেহ-অভিমানী নহ'বা। অবাবতে নিজৰ
পদ কম হৈ যাব। শিক্ষকেতো বুজাব নহয়। তোমালোকে জানা পিতা বেহদৰ শিক্ষক। জগতত কিমান
অনেক ভাষা আছে। কিবা বস্তু ছপালে তেন্তে সকলো ভাষাতে ছপাব লাগে। কিবা সাহিত্য ছপালে
তেতিয়া সকলোলৈকে এটা এটা কপি পঠিয়াই দিয়া। এটা এটা কপি পুথিভঁৰাললৈ পঠিয়াই দিব লাগে।
খৰচৰ কথা নাই। বাবাৰ ভঁৰাল বহুত ভৰপূৰ হৈ যাব। পইচা নিজৰ লগত ৰাখি কি কৰিবা। ঘৰলৈতো
লৈ নোযোৱা। যদি কিবা ঘৰলৈ লৈ যোৱা তেন্তে পৰমাত্মাৰ যজ্ঞৰ চুৰি হৈ যাব। তৌবা তৌবা,
এনেকুৱা নিকৃষ্ট বুদ্ধি কাৰোৰে নহওঁক। পৰমাত্মাৰ যজ্ঞৰ পৰা চুৰি! তেওঁৰ নিচিনা মহান
পাপ আত্মা কোনো হ'ব নোৱাৰে। কিমান অধমগতি হৈ যায়। পিতাই কয় - এই সকলোবোৰ ড্ৰামাত
ভূমিকা আছে। তোমালোকে ৰাজত্ব কৰিবা তেওঁলোক তোমালোকৰ সেৱক হ'ব। সেৱক অবিহনে ৰাজ্য
কেনেকৈ চলিব! কল্প পূৰ্বেও এনেকৈয়ে স্থাপনা হৈছিল।
এতিয়া পিতাই কয় -
নিজৰ কল্যাণ কৰিবলৈ হ’লে শ্ৰীমতত চলা। দৈৱীগুণ ধাৰণ কৰা। ক্ৰোধ কৰাতো দৈৱীগুণ নহয়।
সেইটো আসুৰিক গুণ হৈ যায়। কোনোবাই ক্ৰোধ কৰিলে তেতিয়া চুপ কৰি দিব লাগে। সঁহাৰি
জনাব নালাগে। প্ৰত্যেকৰে চলনৰ পৰা বুজিব পাৰে, অৱগুণতো সকলোৰে আছে। যেতিয়া কোনোবাই
ক্ৰোধ কৰে তেতিয়া তেওঁৰ চেহেৰা তাম বৰণীয়া হৈ যায়। মুখৰে উচ্চস্বৰত কথা কয়। নিজৰেই
লোকচান কৰি দিয়ে। পদ ভ্ৰষ্ট হৈ যাব। বোধশক্তি থাকিব লাগে। পিতাই কয় - যি পাপ কৰ্ম
কৰা, সেয়া লিখি দিয়া। বাবাক কৈ দিলে দোষ মৰিষণ হৈ যাব। বোজা পাতল হৈ যাব।
জন্ম-জন্মান্তৰৰ পৰা তোমালোক বিকাৰগ্ৰস্ত হ’বলৈ ধৰিলা। এই সময়ত যদি তোমালোকে কোনো
পাপ কৰ্ম কৰা তেন্তে সেয়া এশগুণ হৈ যাব। পিতাৰ আগত যদি ভুল কৰা তেন্তে এশগুণ দণ্ড
হৈ যাব। কৰিলা আৰু যদি নোকোৱা তেন্তে আৰুহে বৃদ্ধি হৈ যাব। পিতাইতো বুজাব যে নিজৰ
লোকচান নকৰিবা। পিতাই সন্তানসকলৰ বুদ্ধি ভাল কৰিবলৈ আহিছে। জানে যে এওঁ কেনেকুৱা পদ
পাব। সেয়াও 21 জন্মৰ কথা। যিসকল সেৱাধাৰী সন্তান আছে তেওঁলোকৰ স্বভাৱ বৰ অমায়িক হ'ব
লাগে। কোনোবাই ততালিকে পিতাক কয় - বাবা এইটো ভুল হ'ল। বাবা আনন্দিত হয়। ভগৱান
আনন্দিত হ’ল তেন্তে আৰু কি লাগে। এওঁতো পিতা শিক্ষক গুৰু তিনিওজনেই হয়। নহ'লে
তিনিওজনেই ক্ষুণ্ণ হৈ যাব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শ্ৰীমতত
চলি নিজৰ বুদ্ধি ভাল কৰি ৰাখিব লাগে। কোনোধৰণৰ অৱজ্ঞা কৰিব নালাগে। ক্ৰোধৰ বশৱৰ্তী
হৈ মুখেৰে উচ্চস্বৰত কথা ক’ব নালাগে, চুপ হৈ থাকিব লাগে।
(2) অন্তৰেৰে এজন
পিতাৰ মহিমা কৰিব লাগে। এই পুৰণি সৃষ্টিৰ প্ৰতি আসক্তি বা মৰম ৰাখিব নালাগে। বেহদৰ
বৈৰাগী আৰু নিৰ্মোহী হ'ব লাগে।
বৰদান:
স্মৃতিৰ আধাৰত
মায়া ৰূপী আৱৰ্জনাৰ পৰা উৰ্দ্ধত থাকোঁতা সদায় প্ৰফুল্লিত হোৱা
যেনেকুৱাই পৰিস্থিতি
সন্মুখত নাহক কেৱল পিতাৰ ওপৰত এৰি দিয়া। অন্তৰেৰে কোৱা – ‘বাবা’। তেতিয়া পৰিস্থিতি
সমাপ্ত হৈ যাব। এই অন্তৰেৰে ‘বাবা’ বুলি কোৱাটোৱেই যাদু। মায়াই প্ৰথমে পিতাকেই
পাহৰাই দিয়ে সেই কাৰণে কেৱল এইটো কথাৰ প্ৰতি মনোযোগ দিয়া তেতিয়া নিজকে পদুম ফুলৰ
সমান অনুভৱ কৰিবা। স্মৃতিৰ আধাৰত মায়াৰ সমস্যাসমূহৰ আৱৰ্জনাৰ পৰা সদায় উৰ্দ্ধত
থাকিবা। কেতিয়াও কোনো কথাত অস্থিৰতাত নাহা, সদায় একেই মনোস্থিতি হ’ব - প্ৰফুল্লিত।
স্লোগান:
পৱিত্ৰতাৰ ধাৰণা বা ধৰ্মক জীৱনত ধাৰণ কৰোঁতাজনেই মহান আত্মা।
অব্যক্ত ইংগিত: এই
অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা
নিজক বন্ধনৰ পৰা
মুক্ত কৰিবলৈ নিজৰ চলন আৰু যি কঠোৰ সংস্কাৰ আছে সেয়া পৰিৱৰ্তন কৰা। বন্ধনত
বান্ধোতাই নিজৰ কাম কৰক, তোমালোকে নিজৰ কাম কৰা। তেওঁলোকৰ কাম দেখি ভয় নকৰিবা।
যিমানে তেওঁলোকে নিজৰ কাম তীব্ৰতাৰে কৰি আছে, তোমালোকে নিজৰ কাম তীব্ৰতাৰে কৰা।
তেওঁলোকৰ গুণ ধাৰণ কৰা যে কেনেকৈ নিজৰ কৰ্তব্য কৰি আছে, তোমালোকেও কৰা। নিজক বন্ধনৰ
পৰা মুক্ত কৰাৰ যুক্তি ৰচা।