22.03.26    Avyakt Bapdada     Assame Murli     07.04.2009     Om Shanti     Madhuban


“*“কাৰণ শব্দৰ পৰা মুক্ত হৈ থাকি চাল-চলন আৰু চেহেৰাৰে মুক্তি প্ৰদান কৰোঁতা মুক্তিদাতা হোৱা, সেৱাৰ উৎসাহ-উদ্দীপনাৰ লগতে সদায় বেহদৰ বৈৰাগ্য বৃত্তিত থাকা”*”


আজি বাপদাদাই চাৰিওফালৰ সন্তানসকলক যিসকল ডবল মালিক, সেই প্ৰতিগৰাকী সন্তানক চাই আছেহঁক। এটাতো পিতাৰ সকলো সম্পদৰ মালিক আৰু দ্বিতীয়তে স্ব-ৰাজ্যৰ মালিক। দুয়োটা মালিকবোধ প্ৰতিগৰাকী সন্তানে পিতাৰ দ্বাৰা প্ৰাপ্ত কৰিছে। সন্তানো আৰু মালিকো। "মোৰ বাবা" বুলি ক’লা আৰু পিতায়ো "মোৰ সন্তান" বুলি ক’লে, গতিকে সন্তান আৰু মালিক দুয়োটাৰে অনুভৱ আছে।

আজি বহুত সন্তান আহিছে, এইটো বছৰৰ এইটো অন্তিম পাল। গতিকে আজি বাপদাদাই প্ৰত্যেকৰে পুৰুষাৰ্থ পৰীক্ষা কৰিলে। তেন্তে কোৱা কি দেখিলোঁ? প্ৰত্যেকে নিজক সোধা যে মোৰ পুৰুষাৰ্থ কি? বাপদাদাই সকলো সন্তানক দেখি আনন্দিত হৈছে কিন্তু পিতাৰ এটা আশা আছে, কওঁনে সেইটো কি! পিতাৰ আশা পূৰণ কৰিবা নহয়! এটাই আশা আছে, কওঁনে! যিসকলে আশা পূৰণ কৰিবা তেওঁলোকে হাত দাঙা! বহুত ভাল। সৰু আশা এটা আছে, সেইটো হ’ল আজিৰ পৰা এটা শব্দ সলনি কৰা, কোনটো শব্দ? যিয়ে বাৰে বাৰে তললৈ লৈ আহে, সেই শব্দটি হ’ল - ‘কাৰণ’। এই ‘কাৰণ’ শব্দটি পৰিৱৰ্তন কৰি সদায় ‘নিবাৰণ’ ‘শব্দ’ ধাৰণ কৰা কিয়নো এতিয়া তোমালোকৰ সেৱাও কোনটো? বিশ্বৰ আত্মাসকলৰ, সকলোৰে সমস্যাৰ কাৰণ নিবাৰণ কৰি, নিবাৰণ কৰাৰ লগে লগে নিৰ্বাণধামলৈ লৈ যাব লাগে কাৰণ তোমালোক সকলো হৈছা মুক্তিদাতা। তেন্তে যিহেতু আনকো মুক্তি দিওঁতা হোৱা, গতিকে যেতিয়া নিজেও কাৰণ নিবাৰণ কৰিবা তেতিয়াহে আনকো মুক্তি প্ৰাপ্ত কৰাব পাৰিবা, নিৰ্বাণত পঠিয়াব পাৰিবা। তেন্তে এই এটা শব্দৰ সলনি কৰাটো কঠিন নে সহজ? ভাবা।

আজি যিসকল আহিছে বা নিজ নিজ স্থানত চাই আছে, শুনি আছে, সেই সকলোৰে পৰা বাপদাদাই এটা শব্দৰ পৰিৱৰ্তন বিচাৰে কিয়নো ‘কাৰণ’ শব্দটিয়েই তললৈ লৈ আহে। কাৰণতে আধাকল্প থাকিলা, এতিয়া নিবাৰণ কৰাৰ সময়। নিবাৰণ আৰু নিৰ্বাণ, মুক্তি। তেন্তে আজি পিতাক এইটো দিয়াৰ সাহস আছেনে? অন্তিম পাল হয় নহয়, সকলো উৎসাহ-উদ্দীপনাৰে আহিছে আৰু বাপদাদাই প্ৰত্যেককে অভিনন্দন জনাই আছে। শোৱাৰ, খোৱা-বোৱাৰ অসুবিধা হৈছে যদিও সকলোৱে স্নেহেৰে, স্নেহৰ বিমানেৰে তোমালোক সকলোকে মধুবনত উপস্থিত কৰাই দিছে। বাপদাদাই প্ৰত্যেকৰে স্নেহ দেখি, প্ৰত্যেককে পদমগুণ অন্তৰৰ স্নেহ দি আছে। কিন্তু স্নেহত তোমালোকে কি কৰা? যাৰ প্ৰতি স্নেহ থাকে তেওঁক স্নেহত উপহাৰো দিয়া হয়। গতিকে আজি বাপদাদাই উপহাৰত এই ‘কাৰণ’ শব্দটি ল’ব বিচাৰে। বাপদাদাৰ এইটো আশা পূৰণ কৰিব লাগে নহয়! তেন্তে হাত দাঙা, ইয়াতেই এৰি যাব লাগিব। ইয়াৰ দুৱাৰ ডলি পাৰ হ’লেই ‘কাৰণ’ শব্দ সমাপ্ত হৈ যাওক। ভুলতে আহি গ’লেও পিতাক দিয়া বস্তু আনৰ সম্পদ। গতিকে আনক দিয়া সম্পদ কি কৰা হয়? ঘূৰাই লোৱা হয় জানো? তেন্তে সকলোৱে দৃঢ় সংকল্প কৰিলানে? কৰিলানে? আকৌ এবাৰ হাত দাঙা। পিছফালে থকাসকলে হাত লৰোৱা। (আজি শান্তিবনত প্ৰায় 28-29 হাজাৰ ভাই-ভনীয়ে ভিতৰে-বাহিৰে বহি মুৰুলী শুনি আছে, সকলোৱে হাত লৰাই আছে) ভাল, বহুত ভাল, কিয়নো এতিয়া সময় অনুসৰি তোমালোকৰ ওচৰত শাৰী লাগিব। কিহৰ বাবে শাৰী লাগিব? হে মুক্তিদাতা মুক্তি দিয়া। তেন্তে প্ৰথমে মুক্তি প্ৰদান কৰোঁতা তোমালোক এই এটা শব্দৰ পৰা মুক্ত হ’লে তেতিয়াহে মুক্তি দিব পাৰিবা।

বাপদাদাই এইটোৱে বিচাৰে যে এতিয়া এইটো বছৰৰ ঘৰত কৰিবলৈ দিয়া কাম এইটোৱে হওক যে মই মুক্ত হৈ মুক্তি দিব লাগে কিয়নো সমস্যাবোৰ দিনে-প্ৰতিদিনে বহুত বাঢ়িব। গতিকে সমস্যা সমাধানৰ ৰূপত পৰিৱৰ্তন হৈ যাওক। পৰিশ্ৰম আৰু সময় যাতে সমস্যা দূৰ কৰাত খৰচ নহয়। তোমালোকে জানো তোমালোকৰ ভক্তসকলৰ আৰু সময়ৰ আহ্বান শুনিবলৈ নোপোৱা! তেন্তে এতিয়া সময় অনুসৰি কি পৰিৱৰ্তন কৰাৰ আৱশ্যক? কিয়নো এতিয়া প্ৰত্যেকে অনুভৱী মূৰ্ত হৈ কিবা নহয় কিবা অনুভৱ কৰোৱাৰ আৱশ্যকতা আছে। গতিকে বাবাই এতিয়া বিচাৰে যে তোমালোক সকলোৰে চেহেৰা, চাল-চলন এনেকুৱা স্পষ্টকৈ দৃষ্টিগোচৰ হওক যে এয়া মুক্তিদাতাৰ সন্তান মুক্তি দিওঁতা। তোমালোকৰ মস্তকৰ দ্বাৰা জিলিকি থকা তৰাৰ অনুভৱ হওক। কেৱল শুনোৱাৰ দ্বাৰা নহয় চেহেৰাৰ দ্বাৰা অনুভৱ হওক কিয়নো অনুভৱে সমীপত লৈ আহে। গতিকে এই অনুভৱ চেহেৰা আৰু চাল-চলনৰ দ্বাৰা দেখুওৱা। যেনেকৈ চোৱা বিজ্ঞানৰ সাধনবোৰে অনুভৱ কৰায় নহয়, এতিয়া গ্ৰীষ্ম ঋতু গতিকে গৰমৰ আৰু ঠাণ্ডাৰ অনুভৱ কৰাই আছে নহয়। যিহেতু বিজ্ঞানৰ সাধনে অনুভৱী কৰি তোলে তেন্তে শান্তিৰ শক্তিয়ে শান্তিৰ অনুভৱ কৰাব নোৱাৰে জানো! গতিকে বাপদাদাই এতিয়া সন্তানসকলৰ পৰা এইটোৱে বিচাৰে যে অনুভৱৰ স্থিতিত স্থিৰ হৈ নয়নেৰে, মস্তকেৰে কিবা নহয় কিবা শক্তিৰ অনুভৱ কৰোৱা। শুনা কথা, শুনোৱাৰ সময়ত ভাল লাগে কিন্তু আকৌ কিবা সমস্যা আহিলে পাহৰিও যায়। কিন্তু অনুভৱ গোটেই জীৱন নাপাহৰে।

বাপদাদাই এটা কাৰণ দেখিলে। ফলাফলো চালে, এটা ফলাফল দেখি বহুত অভিনন্দন জনালে। কোনটো ফলাফল? আজি পৰ্যন্ত সেৱাৰ উৎসাহ-উদ্দীপনা ভাল। গতিকে বাপদাদাই অভিনন্দনো জনায়, সেৱা বৃদ্ধিও কৰে আৰু পৰিকল্পনাও ভালকৈ কৰে, ফলাফলো যথাশক্তি পোৱা যায় কিন্তু এটা কথা অনুভৱ কৰাবৰ বাবে নিজৰ ওপৰত মনোযোগ দিব লাগিব। যেনেকৈ তোমালোকৰ সেৱা এতিয়া প্ৰসিদ্ধ হৈ গৈছে। আনন্দিতও হৈ থাকা আৰু আজিকালি আগ্ৰহো বাঢ়ি গৈছে। এতিয়া বাকী অনুভৱ কৰোৱাৰ বিধি কি? সেইটো হ’ল উৎসাহ-উদ্দীপনাৰে, যিমান উৎসাহ সিমানেই সময় অনুসৰি এতিয়া বেহদৰ বৈৰাগ্য বৃত্তিও লাগে। পুৰুষাৰ্থত কোনোবা সমস্যা ৰূপ হ’লে তাৰ কাৰণ হ’ল বেহদৰ বৈৰাগ্য বৃত্তিৰ অভাৱ। এতিয়া বেহদৰ বৈৰাগ্য লাগে। বেহদৰ বৈৰাগ্য সদাকাল থাকেনে। যদি সময়ত বৈৰাগ্য বৃত্তি থাকে তেন্তে সময় এক নম্বৰ হৈ যায় আৰু তোমালোক দুই নম্বৰ হৈ যোৱা। সময়ে তোমালোকৰ বৈৰাগ্য আনিলে। বেহদৰ বৈৰাগ্য সদাকালৰ বাবে হয়। এফালে উৎসাহ-উদ্দীপনা, আনন্দ আৰু আনফালে বেহদৰ বৈৰাগ্য। বেহদৰ বৈৰাগ্য সদায় নথকাৰ কাৰণ কি? বাপদাদাই দেখিলে যে কাৰণ হৈছে দেহ-অভিমান। দেহ শব্দটি সকলো কথাতে আহে - যেনে দেহৰ সম্পৰ্ক, দেহৰ পদাৰ্থ, দেহৰ সংস্কাৰ, দেহ শব্দটি সকলোতে আহে আৰু বিশেষকৈ দেহ-অভিমান কোনটো কথাতে আহে, যিয়ে দেহী-অভিমানীৰ পৰা দেহ-অভিমানত লৈ আহে, সেইটো এতিয়ালৈকে বাপদাদাই পৰীক্ষা কৰিলে যে মূল কাৰণ পুৰণি সংস্কাৰে তললৈ লৈ আহে। সংস্কাৰ নোহোৱা কৰিছে কিন্তু কোনোবাটো সংস্কাৰে স্বভাৱৰ ৰূপত এতিয়াও কাম কৰি থাকে। যেনেকৈ দেহ-অভিমানৰ স্বভাৱ স্বাভাৱিক হৈ গৈছে, তেনেকৈ দেহী-অভিমানীৰ স্বভাৱ স্বাভাৱিক হোৱা নাই। এনেকৈ কয় যে মই শেষ কৰিলোঁ কিন্তু বীজ একেবাৰে ভস্ম কৰা নাই। সেইবাবে সময় আহিলে আকৌ সেই দেহবোধৰ সংস্কাৰ জাগ্ৰত হৈ যায়। গতিকে এতিয়া এই দেহবোধৰ স্বভাৱ শক্তিশালী দেহী-অভিমানী শক্তিৰে বংশ সহিত নাশ কৰাৰ আৱশ্যকতা আছে, কিয়নো সন্তানসকলে কয় যে নিবিচাৰোঁ কিন্তু কেতিয়াবা কেতিয়াবা ওলাই আহে। কিয় ওলায়? অংশ থাকিলে বংশ হৈ ওলাই যায়। গতিকে এতিয়া শক্তি স্বৰূপ হোৱাৰ আৱশ্যকতা আছে, আধাৰ হ’ল নিজে নিজক পৰীক্ষা কৰা যে কোনোবা স্বৰূপত অংশ মাত্ৰও পুৰণি দেহবোধৰ সংস্কাৰ থাকিতো যোৱা নাই? আৰু সেয়া শেষ হ’ব বেহদৰ বৈৰাগ্য বৃত্তিৰ দ্বাৰা। সেৱা দেখি শুনি বাপদাদা আনন্দিত হৈছে কিন্তু এতিয়া পিতাৰ এইটোৱেই ইচ্ছা যে যেনেকৈ সেৱাৰ মাদকতা, ৰেঙনি এতিয়া জগতৰ লোকে দেখিবলৈ পায়, সেৱাৰ অনুভৱ হয়, তেনেকৈ বেহদৰ বৈৰাগ্য বৃত্তিৰ প্ৰভাৱ পৰক কিয়নো আজিকালি সেৱাৰ দ্বাৰা তোমালোকৰ প্ৰশংসা বাঢ়িব, প্ৰকৃতি তোমালোকৰ দাসী হ’ব। অনুভৱ কৰিব সাধন বাঢ়িব কিন্তু বেহদৰ বৈৰাগ্য বৃত্তিৰে সাধন আৰু সাধনাৰ সন্তুলন থাকিব। যেনেকৈ তোমালোকে প্ৰবৃত্তিত থকাসকলক দৃষ্টান্ত দিয়া যে সকলো কৰিও কৰ্মযোগী পদুম ফুলৰ দৰে থাকক। তেনেকৈ তোমালোকৰো সেৱা কৰি, সাধন লাভ কৰিও সাধনা আৰু সাধনৰ সন্তুলন থাকিব। সেয়েহে আজিকালি অতিৰিক্ত সেৱাৰ লগতে বেহদৰ বৈৰাগ্য বৃত্তিৰো আৱশ্যক। চলা-ফুৰা কৰিও যাতে অনুভৱ কৰে যে এইসকল বিশেষ আত্মা। কেৱল যোগত বহাৰ সময়ত নহয়, ভাষণ দিয়াৰ সময়ত নহয় কিন্তু চলা-ফুৰা কৰোঁতেও তোমালোকৰ মস্তকৰ পৰা শান্তি, শক্তি, আনন্দৰ অনুভূতি হওক কিয়নো ক্ৰমান্বয়ে এতিয়া সময় সলনি হৈ যাব।

গতিকে বাপদাদাই সময়ে সময়ে ইংগিততো দি দিছে কিন্তু আজি বিশেষকৈ বাপদাদাই এফালে বেহদৰ বৈৰাগ্যৰ ফালে ইংগিত দি আছে, ইয়াৰ বাবে এতিয়া নিজক পৰীক্ষা কৰি দেহী-অভিমানী হোৱাত যি দেহ-অভিমানৰ বাধা আছে, অনেক প্ৰকাৰৰ দেহ-অভিমানৰ অনুভৱ আছে, ইয়াৰ পৰিৱৰ্তন কৰা। আৰু দ্বিতীয় কথা নিজৰ বহু সময়ৰ কথাও ভাবা। বহু সময়ৰ অভ্যাস লাগে। বহু সময়ৰ পুৰুষাৰ্থ, বহু সময়ৰ প্ৰালব্ধ। যদি এতিয়া বহুকালৰ প্ৰতি মনোযোগ কমকৈ দিয়া তেন্তে অন্তিম কালত বহুকাল জমা কৰিব নোৱাৰিবা। ‘অতি পলম’ৰ ফলক লাগি যাব সেইবাবে বাপদাদাই আজি পৰৱৰ্তী বছৰৰ বাবে ঘৰৰ কাম দিছে। এই দেহ-অভিমান সকলো সমস্যাৰ কাৰণ হয় আকৌ সন্তানসকল ৰমণীয় হয় নহয়, সেয়েহে পিতাকো আশ্বাস দিয়ে যে সময়ত আমি ঠিক হৈ যাম। বাপদাদাই কয় যে সময় জানো তোমালোকৰ শিক্ষক? যদি সময়ত ঠিক হৈ যোৱা তেন্তে তোমালোকৰ শিক্ষক কোন হ’ল? তোমালোকৰ ৰচনা সময় তোমালোকৰ শিক্ষক হ’ব, এইটো ভাল লাগিবনে? সেইবাবে সময়ক তোমালোকে সমীপত আনিব লাগে। তোমালোক হৈছা সময়ক সমীপত আনোঁতা। সময়লৈ ৰৈ থাকোঁতা নহয়। সময়ক শিক্ষক কৰি নল’বা। গতিকে বাপদাদাই আজি এইটোৱে বাৰে বাৰে ইংগিত দি আছে যে নিজকে পৰীক্ষা কৰা, বাৰে বাৰে পৰীক্ষা কৰা আৰু পৰিৱৰ্তন কৰা। বহুকালৰ পৰিৱৰ্তনে বহুকালৰ প্ৰালব্ধৰ অধিকাৰী কৰে। কোনোবা সন্তান এতিয়াও ঢিলা পুৰুষাৰ্থী হ’লেও অন্তিম নম্বৰৰ সন্তানটিৰ প্ৰতিও পিতাৰ স্নেহ আছে। স্নেহ আছে সেইবাবেইতো পিতাৰ হৈছে, পিতাক চিনি পাইছে, মোৰ বাবা বুলিতো কয় সেইবাবে সময়ৰ ওপৰত এৰি নিদিবা। সময় নাহিব, আমি সম্পূৰ্ণতাৰ সময় সমীপত আনিব লাগে। বাপদাদাৰ বিশ্ব পৰিৱৰ্তনৰ কাৰ্যত তোমালোক সকলো হৈছা সংগী। অকলে পিতাই কাৰ্য কৰিব নোৱাৰে, সন্তানৰ সংগ আছে। পিতাইতো কয় প্ৰথমে সন্তান, আগত সন্তান। গতিকে এতিয়া যদি পৰৱৰ্তী বছৰত আহিবই লাগে তেন্তে এই ঘৰত কৰিবলৈ দিয়া কাম কৰি ৰাখিবা! কৰিবানে? কৰিবা, হাত দাঙা। বাৰু। পিছত থকাসকলেও হাত দাঙি আছে।

চোৱা, আজি সংখ্যা বাঢ়ি গৈছে সেয়েহে বাপদাদাই কন্যাটিক ইংগিত দিছে যে পৰিক্ৰমা লগাই চাই আহা, ক’ত ক’ত শোৱে, কেনেকৈ শাৰী পাতি খায়। দীঘল শাৰী। কিন্তু সকলোৰে মুখমণ্ডলত আনন্দ আছে – মধুবনততো আছোঁ। কিন্তু এই আনন্দ মধুবনতে এৰি থৈ নাযাবা, লগত লৈ যাবা। বাপদাদাই সূক্ষ্মধামত বহি তোমালোক সকলোৰে শোৱাৰ, খোৱাৰ শাৰীৰ দৃশ্য চালে। বাপদাদাৰ এনেকুৱা সংকল্প উদয় হয় যে এতিয়াই লেপ-তুলিৰ বৰষুণ হৈ যাওক। কিন্তু এয়াও আনন্দৰ মেলা আৰু ভালদৰে বাপদাদাই দেখিলে, য’তেই পালে, যেনেকৈ পালে, বেছিভাগেই ভালদৰে উত্তীৰ্ণ হৈছে। হাত চাপৰি বজাওৱা। কিন্তু এই ঘৰত কৰিবলৈ দিয়া কামটো নাপাহৰিবা, এই ক্ষেত্ৰত হাত চাপৰি নাই বজোৱা। বাপদাদা আৰু বিশেষকৈ পিতা ব্ৰহ্মা সদায় সন্তানসকলক মধুবনৰ শোভা বুলি কয়। তেন্তে তোমালোক সকলো মধুবনলৈ আহিলা, বাপদাদাও সাকাৰ ৰূপত ইমান পৰিয়াল দেখি আনন্দিত হৈছে। সহ্য কৰিবলগীয়া হয়, কিন্তু এই সহ্যই সদাকালৰ বাবে সহনশক্তি বঢ়াব। সকলো আনন্দিত হোৱা নহয়! অসুবিধাতো হোৱা নাই। আৰু চোৱা ইমান পৰিয়ালৰ মাজতো পানী তথাপিও উপলব্ধ হৈ আছে। সকলোৱে পানী ব্যৱহাৰ কৰিলা নহয়! অলপ কম আছে সেয়েহে ধ্যান দিব লাগে কিন্তু আজিকালি গাঁৱত খাবলৈও পানী পোৱা নাযায়, ইয়াত তোমালোকে কাপোৰ ধুবলৈও পানী পালা। আৰু ইমান পৰিয়াল দেখি আনন্দও লাগে। গোটেই কল্পত বাপদাদাই এইটো গৌৰৱ কৰে যে ইমান ডাঙৰ পৰিয়াল কাৰো নাই। বাৰু।

আজি বাপদাদাই শিক্ষকসকলক এটা বিশেষ সেৱা সোঁৱৰাই দিছে, যিটো ঘৰৰ কাম হিচাপে কৰিব লাগে। শিক্ষকৰ বাবে ঘৰৰ কাম হৈছে যে সদায় শিক্ষকে নিজক বাপদাদাৰ সঁচা সঙ্গী, নিকট সঙ্গী, নিজৰ দ্বাৰা পিতাক প্ৰত্যক্ষ কৰাওঁতা, কোনোবাই তোমালোকক দেখিলে কওক যে এওঁলোকক গঢ়ি তোলোঁতাজন কোন! এওঁলোকৰো পিতা, শিক্ষক সৎগুৰু কোন! তোমালোকক যাতে দেখা নাপায়, পিতাকহে দেখা পায়। এই স্বমানত এই 6-7 মাহ যি সময় আছে, এইটো ঘৰৰ কাম কৰিবা তাৰ পিছত বাপদাদাই সুধিব যে প্ৰত্যেকে কিমান শতাংশ কৰিলা? বেছি বাতৰি নুসুধিব, কিমান শতাংশ এই ঘৰৰ কাম কৰিলা? তোমালোকক যাতে দেখা নাপায়, পিতা দৃষ্টিগোচৰ হওক। ইয়াত সকলো ধাৰণা আহি যায়। মধুবন নিবাসীকো বাপদাদাই স্নেহসহিত স্মৰণতো কৰি আছে। কিন্তু চাৰিওফালৰ মধুবন নিবাসীসকলেও বুজিবা যে মধুবনৰ এটি এটি ৰত্ন বিশেষকৈ পিতাক প্ৰত্যক্ষ কৰাৰ নিমিত্ত। গতিকে সকলো সময়ত মধুবন নিবাসীসকলে এনেকৈ মনৰ সেৱা, কৰ্মৰ সেৱা আৰু সকলোকে পিতাৰ সমান কৰি তোলাৰ উদাহৰণ হৈ দেখুৱাব লাগে। গতিকে মধুবন নিবাসীয়ে এইটো ফলাফল দিব লাগে যে পিতাৰ সমান হোৱাৰ ছবি নিজৰ মাজত দেখুৱাইছোঁনে? প্ৰত্যেকৰে মুখৰ পৰা উচ্চাৰিত হওক বাঃ! বাবাৰ সন্তান বাঃ! আৰু তোমালোক সকলোৱে কি কৰিবা? তোমালোক সকলোৱে নিজক ক্ৰমানুসৰি নহয় কিন্তু এক নম্বৰ হোৱাৰ উদাহৰণ হৈ দেখুৱাবা। ক্ৰমানুসৰি হোৱাত আনন্দ নাই, যদি হ’বই লাগে তেন্তে এক নম্বৰ। ক্ৰমানুসৰি হোৱাটো কি ডাঙৰ কথা! গতিকে সকলোৱে বিজয়ী আৰু এক নম্বৰ – এইটো ফলাফল শুনাবা। বাৰু।

চাৰিওফালৰ বাপদাদাৰ অন্তৰ আসনধাৰী আৰু ভ্ৰূকুটিৰ আসনধাৰী আৰু ভৱিষ্যতৰো ৰাজ্য সিংহাসনধাৰী এনেকুৱা বাপদাদাৰ অতিকৈ মৰমৰ, পদমগুণ ভাগ্যশালী সন্তানসকলক, সদায় নিজৰ নয়নেৰে আত্মিকতাৰ অনুভৱ কৰাওতা আৰু চেহেৰাৰ দ্বাৰা সদায় সৌভাগ্যশালী, মন যাতে সদায় আনন্দত নাচি থাকে, যিয়েই সন্মুখলৈ নাহক কিয় তেওঁ যেন অনুভৱ কৰে যে এনেকুৱা আনন্দ ক’তো নাই আৰু ইয়াৰ পৰা শিক্ষা লৈ যায়। এনেকুৱা পিতাৰ প্ৰতিগৰাকী সন্তানে নিজৰ দ্বাৰা পিতাৰ, মুখমণ্ডলৰ দ্বাৰা পিতাৰ পৰিচয় দিয়া কিন্তু নয়ন আৰু চেহেৰাৰ দ্বাৰা পিতাৰ সাক্ষাৎকাৰ কৰোৱা, চাৰিওফালৰ এনেকুৱা সন্তানসকলক, যিসকলে পত্ৰ পঠিয়াইছে, ই-মেইল কৰিছে, সকলো বাপদাদাৰ ওচৰত আহি গৈছে। যি সময়ত তোমালোকে সংকল্প কৰিলা, সেই সময়তে পিতাৰ ওচৰ পাই গ’ল সেয়েহে বহুত বহুত অভিনন্দন। দেশ-বিদেশৰ সকলো সন্তানক পিতা অন্তৰৰ স্নেহৰ সঁহাৰি জনাই আছে। চাৰিওফালৰ সন্তানসকলক বাপদাদাই পদমগুণ অন্তৰৰ স্নেহ, মৰম যাচি আছে আৰু সকলোকে নমস্কাৰ জনাই আছে।

বৰদান:
কৰ্ম কৰি কৰ্ম বন্ধনৰ পৰা মুক্ত হৈ থাকোঁতা সহজযোগী আৰু স্বতঃ যোগী হোৱা যিসকল মহাবীৰ সন্তান তেওঁলোকক সাকাৰী জগতৰ কোনো আকৰ্ষণে নিজৰ ফালে আকৰ্ষিত কৰিব নোৱাৰে। তেওঁলোকে নিজক এক ছেকেণ্ডত অনাসক্ত আৰু পিতাৰ মৰমৰ কৰি তুলিব পাৰে। নিৰ্দেশনা পোৱাৰ লগে লগে শৰীৰৰ পৰা উৰ্দ্ধত অশৰীৰী, আত্ম-অভিমানী, বন্ধন-মুক্ত, যোগযুক্ত স্থিতিৰ অনুভৱ কৰোঁতা সকলেই সহজযোগী, স্বতঃ যোগী, সদা যোগী, কৰ্মযোগী আৰু শ্ৰেষ্ঠ যোগী। তেওঁলোকে যেতিয়াই বিচাৰে, যিমান সময় বিচাৰে নিজৰ সংকল্প আৰু শ্বাস এক প্ৰাণেশ্বৰ পিতাৰ স্মৃতিত স্থিৰ কৰিব পাৰে।

স্লোগান:
একৰস স্থিতিৰ শ্ৰেষ্ঠ আসনত বিৰাজমান হৈ থকা - এয়াই তপস্বী আত্মাৰ চিন।

অব্যক্ত ইংগিত: নিশ্চয়ৰ আধাৰ মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা

এইটো নিশ্চয়তা তথা স্মৃতি আৰু সামৰ্থ্য ৰাখা যে অনেকবাৰ পিতাৰ হৈছোঁ আৰু মায়াজিৎ হৈছোঁ, তেন্তে এতিয়া হোৱাটো কিনো কঠিন! এইটো স্মৃতি জানো স্পষ্ট নহয় যে মই শ্ৰেষ্ঠ আত্মাই বিজয়ী হোৱাৰ ভূমিকা অনেকবাৰ পালন কৰিছোঁ? যদি স্মৃতি স্পষ্ট নহয় তেন্তে ইয়াৰ পৰা সিদ্ধ হয় যে পিতাৰ আগত নিজক স্পষ্ট কৰা নাই।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]