22.05.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – নিজৰ ঘৰৰ পৰাই সেৱা আৰম্ভ কৰিব লাগে অৰ্থাৎ যিসকল দেৱী-দেৱতা ধৰ্মৰ, শিৱ বা দেৱতাসকলৰ পূজাৰী, তেওঁলোকক পোন প্ৰথমে জ্ঞান দিয়া”

প্ৰশ্ন:
পিতাৰ কোনটো কৰ্তব্য কোনো মনুষ্যই কৰিব নোৱাৰে আৰু কিয়?

উত্তৰ:
গোটেই বিশ্বত শান্তি স্থাপন কৰাৰ কৰ্তব্য এজন পিতাৰহে। মনুষ্যই বিশ্বত শান্তি স্থাপন কৰিব নোৱাৰে কিয়নো সকলো বিকাৰী। শান্তিৰ স্থাপনা তেতিয়াহে হ’ব যেতিয়া পিতাক জানিব আৰু পৱিত্ৰ হ’ব। পিতাক নজনাৰ কাৰণে অনাথ হৈ গৈছে।

গীত:
মৰনা তেৰী গলী মে….. (তোমাৰ গলিতে যেন মৰোঁ…..)

ওঁম্শান্তি।
‘ওঁম্ শান্তি’ৰ অৰ্থও বাৰে বাৰে ক'বলগীয়া হয় কিয়নো ‘ওঁম্ শান্তি’ৰ অৰ্থ কোনেও নাজানে। যেনেকৈ বাৰে বাৰে ক’বলগীয়া হয় – মনমনাভৱ অৰ্থাৎ বেহদৰ পিতাক স্মৰণ কৰা। ‘ওঁম্’ৰ অৰ্থ এনেকৈ কৰে যে ‘ওঁম্’ মানে ভগৱান। পিতাই কয় – ওঁম্ অৰ্থাৎ মই আত্মা, এয়া মোৰ শৰীৰ। পৰমপিতা পৰমাত্মায়ো কয় ওঁম্। ময়ো আত্মা, পৰমধাম নিবাসী। তোমালোক আত্মাসকল জন্ম-মৃত্যুৰ চক্ৰত আহা, মই নাহোঁ। অৱশ্যে হয়, মই সাকাৰত নিশ্চয় আহোঁ, তোমালোক সন্তানসকলক সৃষ্টিৰ-আদি-মধ্য-অন্তৰ সাৰ বুজাবলৈ। অন্য কোনেও এয়া বুজাব নোৱাৰে। যদি নিশ্চয়তা নাই তেন্তে গোটেই জগত ঘূৰিব লাগে, বিচাৰিব লাগে আন কোনোবা আছেনে যিয়ে নিজৰ আৰু সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান দিয়ে। পৰমপিতা পৰমাত্মাৰ বাহিৰে সৃষ্টি চক্ৰৰ আদি-মধ্য-অন্তৰ ৰহস্য কোনেও ক’ব নোৱাৰে, কোনেও ৰাজযোগ শিকাব নোৱাৰে। পতিতক পাৱন কৰি তুলিব নোৱাৰে। পোন প্ৰথমে যিসকল দেৱী-দেৱতাৰ পূজাৰী তেওঁলোকক বুজোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। আদি সনাতন দেৱী দেৱতা ধৰ্মাৱলম্বীয়ে পূৰা 84 জন্ম লয়, তেওঁলোকেহে ভালদৰে বুজিব পাৰিব। পাছত অহাসকলে 84 জন্ম ল’ব নোৱাৰে। এয়া শুনিবও সেইসকলে যিসকল দেৱতাসকলৰ পূজাৰী হ’ব আৰু যিসকল গীতা পঢ়োঁতা হ’ব। গীতাত মাথো এইটো ভুল কৰিলে যে ভগৱানৰ সলনি শ্ৰীকৃষ্ণৰ নাম ৰাখি দিলে। গতিকে গীতা পঢ়োঁতাসকলক বুজোৱা উচিত। সুধিব লাগে – পৰমপিতা পৰমাত্মা শিৱৰ সৈতে আপোনাৰ সম্বন্ধ কি? তেওঁক ভগৱান বুলি ক’বনে। শ্ৰীকৃষ্ণতো হৈছে দৈৱীগুণধাৰী, তেওঁৰ দৈৱী ৰাজধানী আছিল তাত সকলো দৈৱীগুণধাৰী আছিল। এতিয়া সেইসকলেই পূজ্যৰ পৰা পূজাৰী হৈ গৈছে। গতিকে যত্ন কৰি পোন প্ৰথমে আদি সনাতন দেৱী-দেৱতা ধৰ্মাৱলম্বীসকলক বুজাব লাগে। সেৱা ঘৰৰ পৰাই আৰম্ভ হয়। যিসকল শিৱৰ পূজাৰী তেওঁলোককো বুজাব লাগে। শিৱ নিশ্চয় আহে সেইবাবেতো তেওঁৰ জয়ন্তী পালন কৰে, তেওঁ হৈছে পৰমপিতা পৰমাত্মা। নিশ্চয় আহি ৰাজযোগ শিকায় অন্য কোনো মনুষ্য মাত্ৰেই শিকাব নোৱাৰে। শ্ৰীকৃষ্ণ বা ব্ৰহ্মাক ভগৱান বুলি ক’ব নোৱাৰি। যিহেতু সকলোৰে সৎগতি দাতা পিতা এজনেই, তেওঁ জ্ঞানৰ সাগৰ হোৱাৰ কাৰণে সকলোৰে শিক্ষকো হয়। সৃষ্টিৰ আদি-মধ্য-অন্তৰ ইতিহাস-ভূগোল অন্য কোনেও নাজানে। পিতাই কয় - মোক জ্ঞানৰ সাগৰ, চৈতন্য বীজৰূপ বুলিও কয়। এয়া যি ওলোটা বৃক্ষ আছে, তাৰ আদি-মধ্য-অন্তৰ জ্ঞান সেই বীজতেই থাকিব সেয়েহে মোক জ্ঞানৰ সাগৰ, সৰ্বশক্তিমান কৰ্তৃত্ব বুলি কয়। কৰ্তৃত্ব কি? সকলো বেদ, শাস্ত্ৰ, গ্ৰন্থ আদি সকলো জানে। তোমালোক সন্তানসকলক বুজাই আছে। সেই শাস্ত্ৰ শুনাওঁতাসকলে কয় যে কল্পৰ আয়ুস লাখ লাখ বছৰ। কিন্তু সেয়াতো হ’ব নোৱাৰে। এয়া হৈছে বিভিন্ন ধৰ্মৰ মনুষ্য সৃষ্টি ৰূপী বৃক্ষ, তাৰ আয়ুস ভাগৱতত দীঘলীয়া কৰি লিখি দিছে। এতিয়া ভাগৱত কোনো ধৰ্মৰ শাস্ত্ৰতো নহয়। গীতা ধৰ্ম শাস্ত্ৰ হয়, তাৰ দ্বাৰাই দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা হ’ল। বাকী ভাগৱত, মহাভাৰত আদিৰ দ্বাৰা কোনো ধৰ্ম প্ৰতিষ্ঠা নহয়। সেয়াতো শ্ৰীকৃষ্ণৰ ইতিহাস লিখিছে। পিতাই বুজায় – সন্তানসকল, তোমালোকে দেৱী-দেৱতা ধৰ্মাৱলম্বীসকলক বুজোৱা যে আপোনালোকে 84 জন্ম লৈছে। সত্যযুগত কেৱল ভাৰতেই আছিল অন্য কোনো ধৰ্ম নাছিল। ভাৰতেই স্বৰ্গ আছিল। ভাৰতকে উচ্চতকৈও উচ্চ বুলি গায়ন কৰা হয় আকৌ পৰমপিতা পৰমাত্মা শিৱৰ জন্ম স্থান যিয়ে আহি পতিতসকলক পাৱন কৰি তোলে। শিৱৰ পূজাও ইয়াতেই হয়, শিৱ জয়ন্তীও ইয়াতেই পালন কৰা হয়। নিশ্চয় পতিত সৃষ্টিতেই আহিছিল। সকলোৱে আহ্বানো জনায় – পতিত-পাৱন আহক। ভাৰত পাৱন আছিল আকৌ 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগালে। যিসকল পাৱন স্বৰ্গবাসী আছিল, এতিয়া সেইসকল নৰকবাসী পতিত হৈ গৈছে। শিৱবাবাই পাৱন কৰিলে, পতিত কৰিলে ৰাৱণে। এই সময়ত হয়েই ৰাৱণৰ ৰাজ্য। প্ৰত্যেক নৰ-নাৰীৰ 5 বিকাৰ আছে। সত্যযুগত বিকাৰ নাছিলেই। নিৰ্বিকাৰী আছিল। এতিয়া পতিত সেয়েহে আহ্বান জনায় – আহক আহি আমাক পুনৰ পাৱন কৰি তোলক। সত্যযুগত আমিয়েই পাৱন আছিলোঁ, 21 জন্ম ৰামৰাজ্যত আছিলোঁ। এতিয়াতো হৈছে ৰাৱণৰাজ্য, সকলো বিকাৰী। পিতাই কয় – কাম মহাশত্ৰু। ই আদি-মধ্য-অন্ত দুখ দিয়ে। এতিয়া ইয়াৰ ওপৰত জয়ী হৈ পাৱন হোৱা। তোমালোকে জন্ম-জন্মান্তৰ পাপ কৰিছা। সকলোতকৈ তমোপ্ৰধান হৈ গৈছা, আত্মাত খাদ (বিকাৰৰ লেপ) পৰি গ’ল। প্ৰথমেতো স্বৰ্ণীম যুগৰ আছিলা তাৰপাছত ৰূপালী যুগৰ তাৰপাছত তাম্ৰ যুগৰ... খাদ পৰোঁতে পৰোঁতে ছিৰি নামি (অৱনমিত হৈ) আহিলা। ভাৰতৰেই কথা। সত্যযুগত 8 (আঠ) জন্ম, আকৌ ত্ৰেতাত 12 জন্ম পুনৰ সেই ভাৰতবাসীয়েই চন্দ্ৰবংশী, বৈশ্যবংশী... হয়গৈ। আত্মা অপৱিত্ৰ হয়। পিতাই কয় - মই আহি কল্পই কল্পই ভাৰতক স্বৰ্গ কৰি তোলোঁ, পুনৰ ৰাৱণে নৰক কৰি তোলে, এই ড্ৰামা নিৰ্ধাৰিত হৈ আছে। এতিয়া পিতাই বুজায় - জ্ঞান সাগৰতো শিৱবাবা হয় নহয়। উচ্চতকৈও উচ্চ শিৱ হৈছে সকলোৰে পূজ্য। পোন প্ৰথমে তেওঁৰ পূজা হয়। তেওঁ হৈছে বেহদৰ পিতা। নিশ্চয় তেওঁৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায়। ভাৰতবাসীয়ে পাহৰি গৈছে, ভগৱান এক নিৰাকাৰকে কোৱা হয়। তেওঁক মনুষ্যই স্মৰণো কৰে। এনেকুৱা নহয় যে সকলো ভগৱানেই ভগৱান। এফালে ভগৱানক স্মৰণো কৰে, আকৌ গ্লানিও কৰে। এফালে কয়, সৰ্বব্যাপি আৰু আকৌ কয় পতিত-পাৱন আহক। পিতা আহি ব্ৰহ্মা তনৰ দ্বাৰা ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণকসকলকহে বুজায়। এতিয়া তোমালোক ব্ৰাহ্মণসকল হৈছা আটাইতকৈ উচ্চ। ব্ৰাহ্মণসকলৰ ওপৰত হ’ল শিৱ। বিৰাট ৰূপত দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ দেখুৱায়। ব্ৰাহ্মণৰ নামেই নাই কিয়নো দেখিবলৈ পায় যে ব্ৰাহ্মণতো বিকাৰী হয়। তেন্তে দেৱতাসকলতকৈ উত্তম বুলি কেনেকৈ কোৱা হ’ব। পিতাই বুজায় - তেওঁলোকেও গায়ন কৰে ব্ৰাহ্মণ দেৱী-দেৱতায়ে নমঃ। সঠিককৈ কোনেও নাজানেই যে এওঁলোকৰ ৰাজ্য কেতিয়া আছিল? স্বৰ্গ ক’ৰ পৰা আহিল? এতিয়া তোমালোকে বুজি পোৱা যে বাবা আহি ব্ৰহ্মাৰ দ্বাৰা স্বৰ্গ স্থাপন কৰে, শংকৰৰ দ্বাৰা নৰকৰ বিনাশ কৰায়। মহাভাৰতৰ যুদ্ধও লাগিছিল নহয়, যাৰ দ্বাৰা স্বৰ্গৰ দ্বাৰ মুকলি হৈছিল। গায়ন কৰে কিন্তু একোৱেই বুজি নাপায়। এয়াও দেখুৱায় যে এই ৰুদ্ৰ জ্ঞান যজ্ঞৰ দ্বাৰা বিনাশ জ্বালা প্ৰজ্বলিত হ’ল। যথাযথ এতিয়া সেয়াই ভূমিকা চলি আছে। 5 হাজাৰ বছৰ পূৰ্বেও যুদ্ধ লাগিছিল তেতিয়া পতিত সৃষ্টিৰ বিনাশ হৈছিল। গীতাৰ জ্ঞান যেতিয়া শুনায় তেতিয়া কয় – 3 প্ৰকাৰৰ সেনা আছিল – ইউৰোপবাসী যাদৱ সেনা যিসকলে বিজ্ঞানৰ দ্বাৰা ক্ষেপণাস্ত্ৰ উদ্ভাৱন কৰিলে। গীতাৰ পূৰা 5 হাজাৰ বছৰ হ’ল। পিতাই বুজায় - এই 3 প্ৰকাৰৰ সেনা এতিয়াও আছে। গায়ন আছে – বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি অৰ্থাৎ পৰমপিতা পৰমাত্মাৰ প্ৰতি অপ্ৰীতিকৰ বুদ্ধি। নাজানে, তোমালোকৰ বাহিৰে কাৰো প্ৰীতি বুদ্ধি নাই। সকলোৰে বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি। বাকী তোমালোক পাণ্ডৱসকলৰ হৈছে প্ৰীতি বুদ্ধি। তোমালোকে শিৱবাবাকহে স্মৰণ কৰা। জানা যে শিৱবাবাই আমাক 21 জন্মৰ উত্তৰাধিকাৰ দিবলৈ আহিছে। তোমালোকৰ শিৱবাবাৰ প্ৰতি প্ৰীতি বুদ্ধি আছে। বাকীতো কোনেও পিতাক নাজানেই গতিকে 3 প্ৰকাৰৰ সেনা হ’ল নহয়। তোমালোক হৈছা পাণ্ডৱ সেনা। বিনাশ কালতো হয়েই। তোমালোকে জানা মৃত্যু সমাগত। শিৱবাবাই কয় -তোমালোক পৱিত্ৰ হ’লে নতুন সৃষ্টিৰ মালিক হ’বা। সত্যযুগত এটাই দেৱী দেৱতা ধৰ্ম আছিল অন্য কোনো ধৰ্ম নাছিল। এতিয়া অন্য সকলো ধৰ্ম আছে বাকী আদি সনাতন দেৱী দেৱতা ধৰ্ম নাই। নিজক দেৱী-দেৱতা বুলি নুবুজেই। এনেকৈ কয় - আমি পতিত। দেৱতাসকলৰ আগত মহিমা গায় - আপোনালোক সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ। নিজক কয় - আমি বিকাৰী। মোৰ নিৰ্গুণীৰ কোনো গুণ নাই। পিতাক স্মৰণ কৰে। তোমালোকেও এজন পিতাক স্মৰণ কৰিব লাগে। পিতাক স্মৰণ নকৰিলে পাৱন নহ’বা গতিকে উচ্চ পদ নাপাবা। অপৱিত্ৰ সৃষ্টিৰ যেতিয়া বিনাশ হ’ব তেতিয়াহে সৃষ্টিত শান্তি হ’ব। মনুষ্যই যত্ন কৰে, ভাৰতত আৰু জগতত শান্তি হওঁক। কিন্তু সেইটোতো একমাত্ৰ পিতাৰহে কাম। মনুষ্যতো হয়েই বিকাৰী। তেওঁলোকে শান্তি কেনেকৈ স্থাপন কৰিব পাৰে। ঘৰে ঘৰে কাজিয়া। পিতাক নজনাৰ কাৰণে একেবাৰে অনাথ হৈ গ’ল। সত্যযুগত একেবাৰেই পৱিত্ৰতা, সুখ, শান্তি আছিল। এতিয়া পুনৰ পিতাই সেই পৱিত্ৰতা, সুখ-শান্তি স্থাপন কৰি আছে অন্য কোনেও কৰিব নোৱাৰে। ভাৰতবাসী এতিয়া নৰকবাসী। যেতিয়া স্বৰ্গত আছিল তেতিয়া পুনৰ্জন্মও স্বৰ্গতেই লৈছিল। এতিয়া পতিত, সেই কাৰণে পতিত-পাৱন পিতাক স্মৰণ কৰে। এতিয়াতো সন্তানসকলে জানে – পাৰলৌকিক পিতাক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হ’ব। লৌকিক পিতাৰ পৰাতো হদৰ (সীমিত) উত্তৰাধিকাৰ পোৱা যায়। পাৰলৌকিক বেহদৰ (অসীমৰ) পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লৈ আছা। এয়া বুজিবলগীয়া কথা। এয়া কোনো সৎসংগ নহয়। সেয়া হৈছে ভক্তি মাৰ্গ, এয়া হৈছে জ্ঞান মাৰ্গ।

তোমালোক আনন্দিত হোৱা যে বাবাই আমাক স্বৰ্গবাসী কৰি তোলে। যিসকল কল্প পূৰ্বে স্বৰ্গবাসী হৈছিল, তেওঁলোকেই এতিয়া হ’ব। ব্ৰাহ্মণ নোহোৱাকৈ দেৱতা কেতিয়াও হ’ব নোৱাৰে। এয়া বুজিবলগীয়া কথা নহয় জানো। এতিয়াতো ভাৰতত কোনো কলা নাই। কোনেও গম নাপায়। কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে, তোমালোকক পিতাই এতিয়া জগাইছে। তোমালোক ইয়ালৈ স্বৰ্গবাসী হ’বলৈ আহিছা। পিতাৰ বাহিৰে অন্য কোনেও স্বৰ্গবাসী কৰি তুলিব নোৱাৰে। স্বৰ্গ বুলি কোৱা হয় সত্যযুগক। নৰক বুলি কোৱা হয় কলিযুগক। যথা ৰজা-ৰাণী তথা প্ৰজা। এতিয়া সকলো বিকাৰৰ দ্বাৰা জন্ম হয়, দেৱতাসকলে কেতিয়াও বিকাৰৰ দ্বাৰা পুনৰ্জন্ম নলয়। সন্তানসকলে এতিয়া পিতাৰ সৈতে পৱিত্ৰ হৈ থকাৰ প্ৰতিজ্ঞা কৰে কিন্তু আগবাঢ়ি গৈ থাকোঁতে পৰাজিত হৈ যায় তেতিয়া যি উপাৰ্জন কৰিলে সকলো শেষ হৈ যায়। বৰ জোৰকৈ আঘাত লাগে।

আশ্চৰ্যজনভাৱে শুনে, বৰ্ণনা কৰে আকৌ আঁতৰি গুচি যায়। যদিও সাক্ষাৎকাৰো কৰে কিন্তু সাক্ষাৎকাৰত মায়াৰ বহুত প্ৰৱেশ হয়। যেনেকৈ ৰেডিঅ’ত এজনে আনজনৰ কথা শুনিব নোৱাৰে তাৰ বাবে মাজতে খেলিমেলি কৰি দিয়ে। এয়াও এনেকুৱা। যোগত মায়াই বিঘিনি আনে। সকলো পৰিশ্ৰম যোগতেই। ভাৰতৰ প্ৰাচীন যোগৰ গায়ন কৰা হৈছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এজন পিতাৰ সৈতে সঁচা প্ৰীতি ৰাখি সঁচা পাণ্ডৱ হ’ব লাগে। মৃত্যু সমাগত সেইকাৰণে পৱিত্ৰ হৈ পৱিত্ৰ সৃষ্টিৰ মালিক হ’ব লাগে।

(2) কাম মহাশত্ৰু যিয়ে আদি-মধ্য-অন্ত দুখ দিয়ে, তাৰ ওপৰত বিজয় প্ৰাপ্ত কৰি পাৱন হ’ব লাগে, স্মৃতিৰে বিকাৰৰ খাদ আঁতৰাই আত্মাক স্বৰ্ণীমযুগী কৰি তুলিব লাগে।

বৰদান:
জীৱন্তে মৃত জন্মৰ স্মৃতিৰ দ্বাৰা কৰ্মবন্ধনক সম্বন্ধলৈ পৰিৱৰ্তন কৰোঁতা পৰোপকাৰী হোৱা

লৌকিক কৰ্মবন্ধনৰ সম্বন্ধ হৈছে এতিয়া জীৱন্তে মৃত জন্মৰ কাৰণে শ্ৰীমতৰ আধাৰত সেৱাৰ সম্বন্ধৰ আধাৰ। কৰ্মবন্ধন নহয় সেৱাৰ সম্বন্ধ। সেৱাৰ সম্বন্ধত বিভিন্ন প্ৰকাৰৰ আত্মাৰ জ্ঞান ধাৰণ কৰি চলিলে তেতিয়া বন্ধনত বিৰক্ত নোহোৱা। কিন্তু অতি পাপ আত্মা, অপকাৰী আত্মাৰ প্ৰতিও ঘৃণাৰ সলনি, দয়াশীল হৈ দয়াৰ ভাৱনা ৰাখি, সেৱাৰ সম্বন্ধ বুলি বুজি সেৱা কৰিলে তেতিয়া প্ৰসিদ্ধ বিশ্ব কল্যাণী বা পৰোপকাৰী বুলি গায়ন হ’ব।

স্লোগান:
সময় বা পৰিস্থিতি অনুসৰি বৈৰাগ্য জন্মিলে তেন্তে এয়াও অল্পকালৰ বৈৰাগ্য, সদাকালৰ বৈৰাগী হোৱা।


অব্যক্ত ইংগিত: সদায় অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা

যিকোনো ধৰণৰ বিঘিনি, সমস্যা অথবা মায়াৰ প্ৰহাৰ, সেয়া প্ৰহাৰ নহয়, খেলৰ অনুভৱ হওক, তেতিয়া খেল বুলি বুজিলে সেয়া আনন্দেৰে অতিক্ৰম কৰি ল’বা আৰু অৱস্থা একৰস হৈ থাকিব। কিন্তু যদি ইয়াক প্ৰহাৰ বুলি ভাবা তেন্তে ভয়-ভীত হ’বা আৰু অস্থিৰতাত আহি যাবা। মায়াৰ কাম হ’ল অহা আৰু তোমালোকৰ কাম হ’ল সদায় বিজয়ী হোৱা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]