22.06.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতা তোমালোক সন্তানসকলৰ সেৱা কৰিবলৈ আহিছে, তোমালোকো পিতাৰ সমান হৈ সকলোৰে সেৱা কৰা”
প্ৰশ্ন:
পিতা
উত্তৰ:
বাবাৰ বিচাৰ চলে, সময় বৰ স্পৰ্শকাতৰ হৈ আহিছে, সন্তানসকল অবিনাশী জ্ঞান ৰত্ন ল’বলৈ
পিতাৰ ওচৰলৈ আহিবই লাগিব, ইমান অনেক সন্তান আহি ক’ত থাকিবহি। কিমান ঘৰ সাজিব লাগিব।
শিৱবাবাই কয় - অপেক্ষা কৰা আৰু চোৱা। কল্প পূৰ্বে যেনেকৈ আহি আছিল তেনেকৈয়ে থাকিব।
তোমালোকে চিন্তা নকৰিবা, তোমালোকে কেৱল পঢ়ি থাকা, ‘মনমনাভৱ’ (নিজক আত্মা বুলি বুজি
পৰমপিতা শিৱক স্মৰণ কৰা)। তোমালোকে কৰ্মাতীত হ’বলৈ পুৰুষাৰ্থ কৰিব লাগে।
গীত:
তুম্হে পাকে
হমনে…… (তোমাক পাই আমি…..)
ওঁম্শান্তি।
পিতায়ো কয়
সন্তানসকল ওঁম্ শান্তি। আৰু কি ক’ব! সন্তানসকলক কয় - সন্তানসকল ওঁম্ শান্তি,
তোমালোকো তেনেকুৱাই। হে সন্তানসকল তোমালোকো শান্ত স্বৰূপ হোৱা। তোমালোকো মাষ্টৰ
পতিত-পাৱন হোৱা। এনেকৈ আন কোনেও ক’ব নোৱাৰিব। কোৱা হয় – যেনেকুৱা কাউৰী পোৱালীও
তেনেকুৱাই। তোমালোক সন্তানসকলেও জানা যেনেকুৱা পিতা তেনেকুৱাই আমি। পিতাই কয় - মই
জ্ঞানৰ সাগৰ হওঁ। তোমালোক সন্তানসকলেও বুজিবা আমি মাষ্টৰ জ্ঞান সাগৰ, অৰ্থাৎ (জ্ঞান)
নদী হ’লা। সাগৰৰ সতি-সন্তানো থাকিব নহয়। ডাঙৰ ডাঙৰ নদীবোৰো আছে। ডাঙৰ ডাঙৰ পুখুৰী,
ডাঙৰ ডাঙৰ সৰোবৰো আছে। সেইবিলাক হৈছে জড়, তোমালোক হৈছা চৈতন্য। সাগৰৰ পৰাই উৎপত্তি
হৈছে। বহুত সন্তানেও এই কথাবোৰ বুজি নাপায় কিয়নো কন্যাসকলেতো পঢ়া-শুনা কৰা নাই।
পিতাই এবাৰ সুধিছিল - চেনী কিহৰ পৰা তৈয়াৰ কৰা হয়? গুৰ কিহৰ পৰা তৈয়াৰ কৰা হয়?
তেতিয়া কৈছিল - ৰঙা কুঁহিয়াৰৰ পৰা গুৰ হয়, বগা কুঁহিয়াৰৰ পৰা চেনী হয়।
বেচেৰীহঁতে পঢ়া-শুনা কৰাতো নাছিল। এতিয়া তোমালোকক কিমান ডাঙৰ কথা বুজায়। পানীৰ
সাগৰৰ পৰা পানীৰ নদীহে ওলায়। মনুষ্য বহুত বৃদ্ধি হৈ গ’লে পানীৰো বহুত আৱশ্যক হয় নহয়।
কিমান খাল আদি খান্দি থাকে। গতিকে তোমালোক সন্তানসকলে উঠোঁতে-বহোঁতে, চলোঁতে-ফুৰোঁতে
এইটোৱে খেয়াল ৰাখিব লাগে যে আমি এই পতিত সৃষ্টিক পাৱন কৰি তোলোঁ। গীতটিতো কৈছে -
বাবা আমি আপোনাৰ পৰা বিশ্বৰ বাদশ্বাহীৰ উত্তৰাধিকাৰ লওঁ। এয়া আমাৰ পৰা কোনেও কাঢ়ি
নিব নোৱাৰিব। 21 জন্ম এই বাদশ্বাহী অব্যাহত থাকিব। বেহদৰ পিতা আহি বেহদৰ
ৰাজ্য-ভাগ্য দিয়ে। ৰাজ্য-ভাগ্য পৰিচালনা কৰাৰ যোগ্য কৰি তোলে, পৱিত্ৰ কৰি তোলে।
আহ্বানো জনায়, হে পতিত-পাৱন আহা। এয়া কোনো শ্ৰীকৃষ্ণক আহ্বান নজনায়। নিৰাকাৰ ভগৱানক
আহ্বান জনায়। যেতিয়া কয়, হে পতিত-পাৱন, তেতিয়া বুদ্ধিত শ্ৰীকৃষ্ণৰ স্মৃতি নাহে,
পৰমাত্মাৰ স্মৃতি আহে। পিতা আহি প্ৰতিটো কথা বুজায়। এতিয়া তোমালোক সন্তানসকল
সন্মুখত বহি আছা। এওঁ কোনো সাধু-সন্ত নহয়। তোমালোকে জানা যে নিৰাকাৰ শিৱবাবাই এই
ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰি আমাক পঢ়ায়। গায়নো আছে - পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ
শৰীৰৰ দ্বাৰা আদি সনাতন দেৱী- দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে। বিনাশ স্থাপনাৰ পাছতহে হৈছে।
ইয়াৰ পৰা সিদ্ধ হয় যে পৰমপিতা পৰমাত্মা পুৰণি সৃষ্টিত আহে। ব্ৰহ্মাৰ দ্বাৰা নতুন
সৃষ্টিৰ স্থাপনা, শংকৰৰ দ্বাৰা অনেক ধৰ্মৰ বিনাশ কৰায়। সত্যযুগত এটা ধৰ্ম আছিল,
এতিয়াতো অনেক ধৰ্ম আছে। এক ধৰ্মৰ দেৱী-দেৱতাসকলৰ চিহ্ন চক্ৰ আদি আছে। এই
লক্ষ্মী-নাৰায়ণক কোৱা হয় বিশ্বৰ মালিক। স্বৰ্গৰ মালিকেই বিশ্বৰ মালিক হৈ গ’ল।
এতিয়া এই কথাবোৰ তোমালোক সন্তানসকলৰ বুদ্ধিত ধাৰণ হৈছে। পিতাই কয় - সন্তানসকল,
‘মনমনাভৱ’। সন্তানসকলক বাৰে বাৰে এনেকৈ সাৱধান কৰি দিয়া হয়। পিতা আৰু উত্তৰাধিকাৰক
স্মৰণ কৰা। এইটো নাপাহৰিবা অন্য সাৰ কথাবিলাক পাহৰি যায়, এইটোতো মুখ্য কথা হয় নহয়।
পিতাহে পতিত-পাৱন। এওঁ পাৱন হোৱাৰ যুক্তি শুনায়। পিতাই কয় - তোমালোক সতোপ্ৰধান
আছিলা। এতিয়া তমোপ্ৰধান পতিত হৈ গ’লা। পূৰা 84 জন্ম লৈছা। এতিয়া তোমালোক পুনৰ
সতোপ্ৰধান হ’ব লাগে। সতোপ্ৰধান হোৱা তেতিয়াহে তোমালোক পৱিত্ৰ সৃষ্টিলৈ যাব পাৰিবা।
নিৰাকাৰী সৃষ্টিও পৱিত্ৰ, সাকাৰী সৃষ্টিও পৱিত্ৰ। এইখন অপৱিত্ৰ পতিত সৃষ্টি। আত্মাও
তমোপ্ৰধান সেয়েহে শৰীৰো তমোপ্রধান হয়। এয়াতো সৃষ্টিৰ নাটক, ইয়াত ব্ৰহ্মাণ্ড আৰু
সূক্ষ্মলোকো আহি যায়। সৃষ্টিৰ চক্ৰ ইয়াত পুনৰাবৃত্তি হয়। সত্যযুগ, ত্ৰেতা ইয়াত
হয়। এয়া কোনো সূক্ষ্মলোক বা মূললোকত নহয়। এয়া ইয়াতেই হয়। ইয়াক মনুষ্য সৃষ্টি
বুলি কোৱা হয়। সেইখন (মূললোক) হৈছে আত্মাসকলৰ নিৰাকাৰী সৃষ্টি। সেইখন (সূক্ষ্মলোক)
হৈছে ব্ৰহ্মা, বিষ্ণু, শংকৰৰ আকাৰী সৃষ্টি। এই সাকাৰী সৃষ্টি কিমান বিশাল। সত্যযুগত
সৃষ্টি কিমান সৰু হয়। তাত থাকেই এটা ধৰ্ম। বাকী মনুষ্যই যি কয় যে তাতো দৈত্য আদি
আছিল, সেয়া সকলো মিছা।
তোমালোকে বুজি পোৱা
যে নতুন সৃষ্টিৰ স্থাপনা, পুৰণি সৃষ্টিৰ বিনাশ এনেকৈ গায়ন কৰা হৈছে। সকলো বিনাশ হ’ব
আৰু সত্যযুগ স্বৰ্গৰ স্থাপনা হ’ব। তোমালোকেও পিতাৰ লগত সেৱা কৰি আছা। পিতাও আহেই
সন্তানসকলৰ সেৱা কৰিবলৈ। এওঁ হৈছে বেহদৰ পিতা। দেখিবলৈ পায় যে মোৰ সন্তানসকল বহুত
দুখী হৈ আছে তেন্তে দয়া উপজিব নহয়। তেওঁ হয়েই দয়ালু অন্তৰৰ পিতা। এতিয়াতো গোটেই
জগততে অশান্তি। এজন পিতাৰ বাহিৰে আন কোনেও শান্তি দিব নোৱাৰে। হঠযোগীও অনেক আছে।
আত্মাৰ ক্ষেত্ৰত কৈ দিয়ে যে আত্মা নিৰ্লেপ। মনুষ্যক ওলোটা কথা শুনাই দিয়ে। বাস্তৱত
আত্মাক শুদ্ধ কৰিব লাগে। আত্মাতহে খাদ (বিকাৰৰ লেপ) পৰে আৰু কোনেও এইটো গম নাপায়।
কয়ো যে এওঁ পাপ আত্মা। বহুত পাপ কৰে। এইগৰাকী মহাত্মা, পুণ্য আত্মা। এনেকৈ নকয় যে
মহান পৰমাত্মা। সন্ন্যাসীসকলৰ ক্ষেত্ৰত ক’ব - পৱিত্ৰ আত্মা কিয়নো সন্ন্যাস লৈছে।
এতিয়া পিতাই বুজায় – আত্মাক পৱিত্ৰ কৰি তোলোঁতা একমাত্ৰ পৰমাত্মা পিতাৰ বাহিৰে আন
কোনো হ’ব নোৱাৰে। পতিত সৃষ্টিত পাৱন আত্মা কোনো থাকিব নোৱাৰে। এতিয়া পুলি ৰোপণ কৰা
হয়। লাহে লাহে বৃদ্ধি হৈ গৈ থাকিব। এইবিলাকতো সৰু সৰু মঠ, পন্থ আদি ঠাল ঠেঙুলি।
সেইবোৰত জানো পৰিশ্ৰম হয়। অনেক প্ৰকাৰৰ মন্ত্ৰ দিয়ে। বিভিন্ন ধৰণৰ মন্ত্ৰ দিয়ে।
এয়াও বশীকৰণ মন্ত্ৰ, যাৰ দ্বাৰা তোমালোকে 5 বিকাৰক জয় কৰা। ‘ৰাম ৰাম’ৰ মন্ত্ৰ জপে,
ইয়াৰ পৰা একোৱেতো লাভ নহয়। ইয়াততো পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ
পাপ নাশ হৈ যাব। তোমালোক পৱিত্ৰ আত্মা হৈ যাবা। স্মৃতিত থকাকে যোগ বুলি কয়। ভাৰতৰ
প্ৰাচীন যোগ বহুত প্ৰসিদ্ধ। এই যোগৰ দ্বাৰাই তোমালোকে বিশ্বত জয় লাভ কৰা। ভাৰতৰ
যোগ বহুত নামজ্বলা। এয়া পিতাৰ বাহিৰে আন কোনেও শিকাব নোৱাৰে। তোমালোক হৈছা
ব্ৰহ্মাকুমাৰ, ব্ৰহ্মাকুমাৰী। ব্ৰহ্মাকুমাৰ-কুমাৰীতো ইয়াতেই থাকিব নহয়। প্ৰজাপিতা
ব্ৰহ্মাৰ সন্তানসকলতো নিশ্চয় ব্ৰহ্মাৰ লগতেই থাকিব। ব্ৰাহ্মণ কুলৰো নিশ্চয় আৱশ্যক।
ইয়াক কোৱা হয় - সৰ্বোত্তম উচ্চতকৈও উচ্চ ব্ৰাহ্মণ কুল। এতিয়া তোমালোক ব্ৰাহ্মণ
হৈছা আকৌ পৰিৱৰ্তন হৈ যাবাগৈ। বাজোলী (লুটি বাগৰ মৰা খেল) খেলে নহয়। শূদ্ৰৰ পৰা
ব্ৰাহ্মণ হৈছা আকৌ দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, গতিকে এতিয়া পিতাই বুজায় -
মৰমৰ সন্তানসকল, একেবাৰে সৰু কথা, পিতাৰ স্মৃতিত থাকা। এইটোওতো বুদ্ধিত আছে – বাবাই
আমাক 84 জন্মৰ ৰহস্য শুনাই আছে। 84 লাখ বা 84 জন্মৰ হিচাপতো লাগে নহয়। কোনেও গম
নাপায়। 84 লাখৰ হিচাপতো কোনেও দিব নোৱাৰে। মনুষ্যই 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগায়।
আত্মাসকল ওপৰৰ পৰা আহে ভূমিকা পালন কৰিবলৈ। সত্যযুগৰ পৰা কলিযুগৰ অন্তলৈকে আহিয়েই
থাকে। প্ৰত্যেকে নিজৰ নিজৰ ভূমিকা পালন কৰি থাকে। এই কথাবোৰ মনুষ্য মাত্ৰেই নাজানে।
একমাত্ৰ পিতাইহে জানিব পাৰে। মনুষ্যক কেতিয়াও পৰমপিতা, ঈশ্বৰ পিতা বুলি কোৱা নহয়।
ঈশ্বৰ পিতা বুলি ক’লে আকৌ নিৰাকাৰ শিৱৰ ফালে বুদ্ধি যায়। জীৱ আত্মাৰ পিতাতো থাকিব
নহয়। আত্মাই এটা শৰীৰ এৰি আন এটা লয়। নিৰাকাৰ পিতাৰ নাম হৈছে শিৱ। তোমালোকৰো এটাই
নাম, আত্মা। আকৌ শৰীৰ অনুসৰি ভিন্ন ভিন্ন নাম হয়। পৰমপিতা পৰমাত্মাও শৰীৰত আহি
জ্ঞান শুনায়। শৰীৰ অবিহনে জানো শুনাব। গতিকে পিতাই বুজায় যে এওঁৰতো (ব্ৰহ্মা বাবাৰ)
নিজৰ নাম আছে, মোৰ শৰীৰৰ কোনো নাম নাই, মই পুনৰ্জন্মতো নাহোঁ। মই এওঁৰ শৰীৰত প্ৰৱেশ
কৰোঁ, এৱোঁ গম নাপায়। কোনো তিথি তাৰিখ নাই। অৱশ্যে হয় মই কল্পৰ অন্তত অৰ্থাৎ ৰাতি
আহোঁ। এতিয়া ৰাতি নহয় জানো। এইখন হয়েই পতিতসকলৰ সৃষ্টি। মই পাৱন সৃষ্টি অৰ্থাৎ
দিন কৰি তুলিবলৈ আহোঁ। এইটোও নাজানে যে বাবাই কেতিয়া প্ৰৱেশ কৰিলে। অৱশ্যে হয়
বিনাশৰ সাক্ষাৎকাৰ কৰিলে। বহুত ধ্যানত গৈছিল। তেওঁলোকে কোনো তিথি তাৰিখ সময় উলিয়াব
নোৱাৰে। শ্ৰীকৃষ্ণকো পূজা কৰে, তেওঁৰ জন্ম ৰাতি হোৱা দেখুৱায়। কোন সময়ত, কিমান
মিনিটত সেই সকলোবোৰ উলিয়ায়। পিতাই কয় - মইতো হওঁৱেই নিৰাকাৰ। যেনেদৰে অন্য
মনুষ্যই জন্ম লয় তেনেদৰে জানো মোৰ জন্ম হয়। মোৰতো দিব্য অলৌকিক জন্ম। মই এওঁৰ
শৰীৰত প্ৰৱেশ কৰোঁ পুনৰ গুচি যাওঁ। বলধত জানো গোটেই দিনটো আৰোহন কৰে। মোক যি সময়ত
সন্তানসকলে স্মৰণ কৰে, মই হাজিৰ আছোঁ। পিতা আহি সন্তানসকলক সাক্ষাৎ কৰে, সুপ্ৰভাত
জনায়। যেনেকৈ মনুষ্যই ইজনে সিজনক লগ পালে, ‘ৰাম ৰাম’ বা ‘নমস্কাৰ’ বুলি কয়। এয়াতো
বেহদৰ আত্মিক পিতাই বুজায়। মই তোমালোক সকলো সন্তানৰ পিতা হওঁ। গতিকে শিৱবাবাৰ
সন্তান তোমালোক সকলো আত্মা ভাই ভাই হোৱা। এইটো আনন্দৰ পাৰা উৰ্দ্ধগামী হ’ব লাগে।
বেহদৰ পিতাৰ আগমন হৈছে, আমাক বেহদৰ উত্তৰাধিকাৰ দি আছে। সন্তানসকলক দেখি পিতাও
আনন্দিত হয়, অনেক সন্তান আছে। সন্তানসকলে জানে যে বাবাই আমাক স্বৰ্গৰ মালিক কৰি গঢ়ি
আছে, ৰাজ্য-ভাগ্য দিয়ে। প্ৰজাসকলেওতো ক’ব - আমাৰ ৰাজ্য। যেনেকৈ ভাৰতবাসীয়ে কয়
এইখন আমাৰ ভাৰত দেশ। ৰজা প্ৰজা দুয়োৱে কয় - আমাৰ দেশ। তোমালোক সন্তানসকল এতিয়া
নৰকবাসী আকৌ স্বৰ্গবাসী হ’বাগৈ। পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে আৰু কোনো
কষ্ট বাবাই নিদিয়ে। থাকিবও লাগে গৃহস্থ ব্যৱহাৰত। ইয়াত আহি জানো থাকিব লাগে। সকলোৱে
যদি ইয়ালৈ দৌৰি গুচি আহে তেন্তে ইমান অনেকসংখ্যকক বাবাই ক’ত ৰাখিব। ইমান
অনেকসংখ্যক সন্তান এবাৰতে কেনেকৈ একত্ৰিত হ’ব পাৰে। সকলো সেৱাকেন্দ্ৰৰ সন্তানে
এবাৰতে কেনেকৈ একলগে মিলিত হ’ব পাৰে। ক’ত থাকিব। কঠিনতা আছে নহয়। দিনে-প্ৰতিদিনে
সন্তান বৃদ্ধি হৈ গৈ থাকে, ইয়াৰো কিবা এটা উপায় উলিয়াবলগীয়া হয়। ইয়াৰ ওচৰে পাজৰে
থকা আৱাসগৃহসমূহ ল’ব লাগিব। ঘৰৰ মালিকসকলক সুধিম কিমান (মূল্য) বিচাৰে। সময়ততো ল’ব
লাগে নহয়। টকা পইচাৰতো কোনো কথা নাই। সময় বৰ স্পৰ্শকাতৰ হৈ গৈ থাকে। পিতা আৰু
সন্তান দুয়ো অবিনাশী। অবিনাশী সম্পদ সন্তানসকলক দিয়ে। বহুতসংখ্যক সন্তান আহিবলগীয়া
আছে। বাবাই বিচাৰ কৰে - ইমান অনেকসংখ্যক আহি ক’ত থাকিবহি। বাবাই (শিৱবাবাই) কয় -
তুমি চিন্তা কিয় কৰা - “অপেক্ষা কৰা আৰু চোৱা”। তোমালোকে পঢ়ি থাকা, ‘মনমনাভৱ’।
তোমালোক সন্তানসকলে
এইটো খেয়ালত ৰাখিব লাগে যে এতিয়া আমি কৰ্মাতীত অৱস্থাত যাব লাগে, সতোপ্ৰধান হ’ব
লাগে। স্মৃতিৰেহে পাৱন হ’বাগৈ। বাবাই কথাবোৰতো বহুত সহজকৈ বুজায়। অতি সহজ কেৱল
বাবাক স্মৰণ কৰিব লাগে। চোৱা গৰুৰ পোৱালীৰ যেতিয়া মাকলৈ মনত পৰে তেতিয়া কিমান
হেম্বেলিয়ায়। সেয়াতো হৈছে জন্তু। তোমালোক সন্তানসকলেও চিয়ঁৰিলা (কাতৰে আহ্বান জনালা)
নহয়। আগলৈ বহুত চিয়ঁৰিবা, বহুত স্মৰণ কৰিবা। তোমালোক সন্তানসকলেতো এতিয়া জানা যে
বাবাৰ আগমন হৈছে, বিনাশতো অনিবাৰ্য। প্ৰাকৃতিক দুৰ্যোগ হ’ব। সকলোৱে পৰস্পৰ
যুঁজ-বাগৰ কৰি থাকে। কিমান খৰচ কৰি বোমা তৈয়াৰ কৰে, বহুত টকা পইচা খৰচ হয়। খৰচতো
হ’বই নহয়। ইমান খৰচ ক’ৰ পৰা উলিয়াব। মৃত্যুলৈ ভয়ো কৰে। তথাপিও বোমা তৈয়াৰ কৰাতো
বন্ধ নকৰে। বোমাৰে যুদ্ধ লাগিব। এতিয়া এনেকুৱা বোমা তৈয়াৰ কৰে যে বোমা পৰিব আৰু
মনুষ্য মৰি যাব। বস্তু তৈয়াৰ কৰোঁতে প্ৰথমে সময় লাগে তাৰপাছততো আকৌ মিনিটতে মটৰ
তৈয়াৰ হৈ যায়। শীঘ্ৰতাৰে তৈয়াৰ কৰি গৈ থাকে। বোমাও জানো কিবা কমকৈ তৈয়াৰ কৰিব?
তোমালোক সন্তানসকলে জানা যে এই পুৰণি সৃষ্টিৰ বিনাশ হ’ব। এতিয়া বেহদৰ পিতাৰ পৰা
উত্তৰাধিকাৰ ল’ব লাগে।
‘গীতা’ হৈছে তোমালোক
ভাৰতবাসীৰ, দেৱী-দেৱতা ধৰ্মৰ শাস্ত্ৰ। বাকীতো যিবিলাক সৰু সৰু শাস্ত্ৰ আছে, সেইবোৰৰ
কোনো গায়ন নাই। ব্ৰাহ্মণ ধৰ্ম হৈছে সকলোতকৈ উচ্চ। ব্ৰাহ্মণৰ কাম হৈছে কথা (কাহিনী)
শুনোৱা। তোমালোকে ক’ব পাৰা যে আমি ব্ৰহ্মাকুমাৰ-কুমাৰীসকল হৈছোঁ ব্ৰহ্মাৰ সন্তান,
আমি ককাৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰি আছোঁ। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ড্ৰামাৰ
প্ৰতিটো ৰহস্য জানি কোনো কথাৰ চিন্তা কৰিব নালাগে। পাঠ পঢ়ি থাকিব লাগে। ‘মনমনাভৱ’
হৈ কৰ্মাতীত হোৱাৰ খেয়াল ৰাখিব লাগে। নিজক সতোপ্ৰধান কৰি তুলিব লাগে।
(2) আমি আত্মাসকল
শিৱবাবাৰ সন্তান পৰস্পৰ ভাই ভাই। শিৱবাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। এইটো আনন্দত
থাকিব লাগে।
বৰদান:
অন্তৰ স্বৰূপ
স্থিতিত থাকি নিজৰ আৰু পিতাৰ গুপ্ত ৰূপ প্ৰত্যক্ষ কৰোঁতা প্ৰকৃত স্নেহী হোৱা
যিসকল সন্তান সদায়
অন্তৰৰ স্থিতি অথবা অন্তৰ স্বৰূপত স্থিৰ হৈ অন্তৰ্মুখী হৈ থাকে, তেওঁলোক কেতিয়াও
কোনো কথাত লিপ্ত হ'ব নোৱাৰে। পুৰণি জগত, সম্বন্ধ, সম্পত্তি, আৰু পদাৰ্থ যিবোৰ
ক্ষণস্থায়ী আৰু কেৱল বাহ্যিক আড়ম্বৰ মাথোন, সেইবোৰৰ দ্বাৰা তেওঁলোক প্ৰতাৰিত হ'ব
নোৱাৰে। অন্তৰ স্বৰূপৰ স্থিতিত থাকিলে নিজৰ শক্তি স্বৰূপ যি গুপ্ত হৈ আছে সেয়া
প্ৰত্যক্ষ হৈ যায় আৰু এই স্বৰূপৰ দ্বাৰা পিতাৰ প্ৰত্যক্ষতা হয়। সেয়েহে এনেকুৱা
শ্ৰেষ্ঠ কৰ্তব্য কৰোঁতাসকলেই হ'ল প্ৰকৃত স্নেহী।
স্লোগান:
নিশ্চয় আৰু জন্মসিদ্ধ অধিকাৰৰ সম্ভ্ৰমত থাকিলে কেতিয়াও শান্ত নোহোৱা।
অব্যক্ত ইংগিত: সদায়
হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা
স্বচ্ছতাও সৰলতাৰেই
চিন। যিমানে সৰলতা থাকিব সিমানে স্বচ্ছতা থাকিব, সেয়েহে সকলোকে নিজৰ ফালে আকৰ্ষিত
কৰিব। সত্যতা আৰু স্বচ্ছতা তেতিয়া আহিব যেতিয়া নিজৰ স্বভাৱ সৰল কৰি তুলিব। সৰল
স্বভাৱৰ ব্যক্তি বহুৰূপী (পৰিস্থিতি অনুযায়ী খাপ খাব পৰা) হ'ব পাৰে। এনেকুৱা সৰল
স্বভাৱৰ ব্যক্তি সদায় আনন্দিত হৈ থাকে আৰু সকলোকে আকৰ্ষিত কৰে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]