22.07.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এতিয়া তোমালোক নতুন জগতলৈ যাব লাগে, এই দুখৰ দিন পূৰা হৈ আছে, সেয়েহে পুৰণা হৈ যোৱা
কথাবোৰ পাহৰি যোৱা”
প্ৰশ্ন:
তোমালোক
কৰ্মযোগী সন্তানসকলে কোনটো অভ্যাস নিৰন্তৰ কৰা উচিত?
উত্তৰ:
এতিয়াই শৰীৰ নিৰ্বাহৰ অৰ্থে দেহত আহিলা আৰু এতিয়াই দেহী-অভিমানী। দেহৰ স্মৃতি অবিহনে
কৰ্মতো হ’ব নোৱাৰে সেয়েহে অভ্যাস কৰিব লাগে যে কৰ্ম কৰিলা, দেহ-অভিমানী হ’লা পুনৰ
দেহী-অভিমানী হৈ যোৱা, এনেকুৱা অভ্যাস তোমালোক সন্তানসকলৰ বাহিৰে জগতত আন কোনেও
কৰিব নোৱাৰে।
গীত:
জাগ সজনিয়া
জাগ........ (জাগা প্ৰিয়তমাসকল জাগা…….)
ওঁম্শান্তি।
আত্মিক পিতাই
কয় - মৰমৰ আত্মাসকলে অথবা সন্তানসকলে এই গীতটি শুনিলে। ইয়াক কোৱা হয় জ্ঞানৰ গীত। এই
গীতটিতো বহুত ভাল। তোমালোক আত্মাসকল এতিয়া জাগ্ৰত হৈ গ'লা। নাটকৰ ৰহস্যকো এতিয়া
তোমালোকে জানি গ'লা। ভক্তি মাৰ্গৰতো কৌতুকবোৰ দেখিলা নহয় - যি কিছু হৈ গ'ল সেয়া
তোমালোকৰ বুদ্ধিত আছে। তোমালোকে নিজৰ হৈ যোৱা 84 জন্মৰ ইতিহাসক জানা। পিতাই 84
জন্মৰ কাহিনী শুনাইছে। এয়া হৈছে নতুন সৃষ্টিৰ কাৰণে নতুন কথা। পিতাৰ দ্বাৰা তোমালোকে
নতুন কথা শুনা। পিতাই সন্তানসকলক ধৈৰ্য ধৰিবলৈ কয়। সন্তানসকল এতিয়া নতুন সৃষ্টিলৈ
যাব লাগে গতিকে পুৰণি কথাবোৰ পাহৰি যোৱা। এই বেদ শাস্ত্ৰ যিবোৰ ভক্তি মাৰ্গৰ সামগ্ৰী
আছে, এই সকলোবোৰ এতিয়া নাশ হৈ যাব। তাত ভক্তি মাৰ্গৰ চিহ্নও নাথাকিব। তাততো ভক্তিৰ
ফল প্ৰাপ্ত হৈ যায়। ভক্তসকলক পিতাই আহি ফল দিয়ে। সন্তানসকলে জানিলে যে পিতাই কেনেকৈ
আহি ভক্তিৰ ফল দিয়ে, যিসকলে সকলোতকৈ বেছি ভক্তি কৰিছে, তেওঁলোকে নিশ্চয় বেছি ফল পাব।
জ্ঞানৰ পুৰুষাৰ্থও তেওঁলোকে বেছিকৈ কৰিব। তোমালোকে জানা যে আমি আত্মাসকলে বেছি ভক্তি
কৰিছোঁ। নিশ্চয় জ্ঞানতো তেওঁলোক তীব্ৰতাৰে আগবাঢ়িব তেতিয়াহে এই লক্ষ্মী-নাৰায়ণৰ
নিচিনা উচ্চ পদ পাব। এতিয়া জ্ঞান আৰু যোগৰ কাৰণে তোমালোকৰ পুৰুষাৰ্থ। দেহী-অভিমানী
হৈ থাকিব লাগে পুনৰ দেহধাৰীও হ’ব লাগে। কৰ্ম কৰিও পিতাক স্মৰণ কৰিব লাগে। দেহ
অবিহনেতো আমি কৰ্ম কৰিব নোৱাৰোঁ। এইটোতো ঠিক - বাবাক স্মৰণ কৰিব লাগে, কিন্তু নিজক
আত্মা বুলি বুজি, দেহক পাহৰি গ’লে কাম নহ’ব, কৰ্মতো কৰিবই লাগে। পিতাৰ স্মৃতিত বহুত
আনন্দ পোৱা যায়। উঠোঁতে-বহোঁতে, চলোঁতে-ফুৰোঁতে পিতাক স্মৰণ কৰা কিন্তু তথাপিও পেটক
ভোজনতো লাগে। দেহী-অভিমানী হৈ থাকিব লাগে। দেহী-অভিমানী এই সময়ত তোমালোক সন্তানসকলৰ
বাহিৰে কোনো নহয়। যদিওবা নিজক আত্মা বুলিও বুজে কিন্তু পৰমাত্মাৰ পৰিচয় নাই। যদিওবা
বুজি পায় আমি আত্মা অবিনাশী, এই শৰীৰ বিনাশী কিন্তু এইটো বুজিলে বিকৰ্ম বিনাশ নহ’ব।
এনেকৈ কয়ো যে পুণ্য আত্মা, পতিত আত্মা। মই আত্মা, মোৰ এইটো শৰীৰ। এইটোতো সাধাৰণ কথা।
মূল কথাটি পিতাই বুজায় যে মোক স্মৰণ কৰা। শৰীৰ নিৰ্বাহৰ অৰ্থে দেহ-অভিমানতো আহিব
লাগে। দেহক খুৱাবও লাগে, দেহ অবিহনেতো একো কৰিব নোৱাৰি। প্ৰত্যেক জন্মতেই নিজৰ শৰীৰ
নিৰ্বাহ কৰি আহিছা, কৰ্ম কৰিও নিজৰ প্ৰেমিকক স্মৃতিত ৰাখিব লাগে। সেই প্ৰেমিকৰ বিষয়ে
কোনেও সম্পূৰ্ণ ৰূপে গম নাপায়। সেই প্ৰেমিক অথবা পিতাৰ পৰা আমি উত্তৰাধিকাৰ পাওঁ আৰু
তেওঁৰ স্মৃতিৰ দ্বাৰা বিকৰ্ম বিনাশ হ’ব, এইটো কোনেও নুবুজায়। তোমালোক সন্তানসকলে
নতুন কথা শুনা। তোমালোকে জানা যে ঘৰলৈ যোৱাৰ ৰাস্তা আমি পাইছোঁ। নিজৰ ঘৰলৈ গৈ পুনৰ
ৰাজধানীলৈ আহিম। বাবাই নতুন ঘৰ নিৰ্মাণ কৰিলে তেতিয়া নিশ্চয় অন্তৰে বিচাৰিব নহয় যে
তাত গৈ বহোঁ। এতিয়া তোমালোকে ৰাস্তা পাইছা, যাক আন কোনেও নাজানে। যিমানেই যজ্ঞ তপ
আদি নকৰক, মূৰ ফটাই নাথাকক, সৎগতি পাব নোৱাৰে। এইখন সৃষ্টিৰ পৰা সেইখন সৃষ্টিলৈ যাব
নোৱাৰে। এইটোও বুজিব লাগে। শাস্ত্ৰত লাখ লাখ বছৰ বুলি লিখি দিলে সেয়েহে মনুষ্যৰ
বুদ্ধিয়ে কাম নকৰে। তোমালোকে ভালদৰে বুজিব পাৰা - কালিৰ কথা। ভাৰততো স্বৰ্গ আছিল,
আমি আদি সনাতন দেৱী-দেৱতা ধৰ্মাৱলম্বী আছিলোঁ। দেৱী-দেৱতা ধৰ্ম বহুত সুখ দিওঁতা হয়।
ভাৰতৰ নিচিনা সুখ কোনেও পাব নোৱাৰে। স্বৰ্গততো আন ধৰ্মাৱলম্বী কোনো যাব নোৱাৰে।
তোমালোকৰ নিচিনা সুখ আন কাৰোৰে হ’ব নোৱাৰে। যিমানে প্ৰয়াস নকৰক! ধন খৰচ নকৰক তথাপিও
স্বৰ্গত যি সুখ আছে সেয়া পাব নোৱাৰে। কাৰোবাৰ সু-স্বাস্থ্য থাকিলে সম্পত্তি নাথাকিব।
কাৰোবাৰ সম্পত্তি থাকিব সু-স্বাস্থ্য নাথাকিব। এইখন হয়েই দুখৰ সৃষ্টি, সেয়েহে এতিয়া
পিতাই কয় - হে আত্মাসকল জাগ্ৰত হোৱা.... তোমালোকে এতিয়া জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা।
কিমান জাগৃতি আহিছে। তোমালোকে গোটেই সৃষ্টিৰ ইতিহাস-ভূগোল জানা। পিতা সৰ্বজ্ঞ হয়
নহয়। ইয়াৰ অৰ্থ এইটো নহয় যে সকলোৰে অন্তৰৰ কথা জানে। এওঁ কোন হয়, কিমান বুজায়। এওঁ
কিমানলৈকে পৱিত্ৰ হৈ থাকে, কিমানলৈকে পিতাক স্মৰণ কৰে। মই বহি প্ৰত্যেকৰে এইবোৰ
চিন্তা কিয় কৰিম... মইতো ৰাস্তা দেখুৱাও যে তোমালোক আত্মাসকলে নিজৰ পৰমপিতা
পৰমাত্মাক স্মৰণ কৰিব লাগে। এই সৃষ্টি চক্ৰকো বুদ্ধিত ৰাখিব লাগে। দেহী অভিমানীতো
নিশ্চয় হ’ব লাগে। দেহ-অভিমানী হোৱাৰ কাৰণে তোমালোকৰ এই দুৰ্গতি হৈছে। এতিয়া তোমালোকে
পিতাক স্মৰণ কৰিব লাগে। গৃহস্থ ব্যৱহাৰত থাকি পদুম ফুলৰ সমান হ’ব লাগে। স্বদৰ্শন
চক্ৰধাৰীও তোমালোক হোৱা, দেৱতাসকলৰতো শংখ আদি নাই। এয়া জ্ঞান শংখ আদি তোমালোক
ব্ৰহ্মাণসকলৰ। শিখসকলে শংখ বজায়, বহুত ডাঙৰ আৱাজ কৰে। তোমালোকেও বহি এই জ্ঞান দিয়া
গতিকে বিশাল সভাত ‘লাউড-স্পীকাৰ’ (স্বৰ-বিবৰ্ধক যন্ত্ৰ) লগোৱা। তোমালোকে ইয়াত
‘লাউড-স্পীকাৰ’ লগোৱাৰ দৰকাৰ নাই। শিক্ষকে পঢ়ালে ‘লাউড-স্পীকাৰ’ লগাব জানো? ইয়াততো
কেৱল শিৱবাবাক স্মৰণ কৰিব লাগে তেতিয়া বিকৰ্ম বিনাশ হ’ব। মই সৰ্বশক্তিমান হওঁ নহয়।
তোমালোকে ‘লাউড-স্পীকাৰ’ লগোৱা যাতে আৱাজ দূৰ-দূৰণিলৈকে শুনিবলৈ পোৱা যায়। সেয়াও
আগলৈ গৈ কামত আহিব। তোমালোকে শুনাব লাগে যে মৃত্যু সমাগত। এতিয়া সকলো উভতি যাব লাগে।
মহাভাৰতৰ যুদ্ধও সন্মুখত থিয় হৈ আছে। গীতাতো লিখা আছে যে মহাভাৰতৰ যুদ্ধ লাগিল,
বিনাশ হ’ল। বাৰু তাৰপাছত কি হ’ল। পাণ্ডৱো গলি মৰি গ’ল। পিতাই বুজায় – প্ৰথমে যদি
বিনাশ হৈ যায় তেতিয়াতো ভাৰত খণ্ডও খালী হৈ যাব। ভাৰততো অবিনাশী খণ্ড, খালীতো নহয়।
তোমালোকে জানা প্ৰলয়তো নহয়। বাবা অবিনাশী গতিকে তেওঁৰ জন্ম স্থানো অবিনাশী।
সন্তানসকল আনন্দিত হোৱা উচিত – বাবা সকলোৰে সৎগতি দাতা, সুখ-শান্তি কৰ্তা হয়। যিয়েই
আহে, কয় শান্তি লাগে। আত্মাৰ ইমান শান্তি কিয় স্মৃতিলৈ আহে! শান্তিধাম আত্মাসকলৰ ঘৰ
হয় নহয়। ঘৰ কাৰ স্মৃতিত নাথাকিব বাৰু? বিদেশত কাৰোবাৰ মৃত্যু হ’লে তেতিয়া বিচাৰে যে
এওঁক নিজৰ জন্মভূমিলৈ লৈ যাওঁ। যদি সকলোৱে গম পায় যে ভাৰত সকলোৰে সৎগতি দাতা, দুখৰ
পৰা মুক্তি দিওঁতা শিৱবাবাৰ জন্ম স্থান তেন্তে ভাৰতৰ বহুত মান থাকিলহেতেঁন। এজন
শিৱকেই আহি ফুল অৰ্পণ কৰিলেহেঁতেন। এতিয়াতো কিমানক ফুল অৰ্পণ কৰি থাকে। যিজন সকলোকে
সুখ-শান্তি দিওঁতা হয়, তেওঁৰ নাম-চিহ্নই নাইকিয়া কৰি দিছে। যিয়ে পিতাক ভালদৰে জানে
তেৱেঁই উত্তৰাধিকাৰ ল’বলৈ পুৰুষাৰ্থ কৰে। মোৰ নামেই হৈছে দুখ হৰ্তা, সুখ কৰ্তা।
দুখৰ পৰা মুক্ত কৰি কি কৰিব! তোমালোকে জানা শান্তিধামত শান্ত হৈ থাকে, সুখধামত সুখ
আছে। শান্তিধামৰ স্থান বেলেগ, সুখধামৰ স্থান বেলেগ, এয়াতো হয়েই দুখধাম। সকলোৰে এই
সময়ত দুখেই দুখ। এতিয়া তোমালোকে জানা যে আমি এনেকুৱা সুখলৈ যাওঁ, য’ত 21 জন্ম কোনো
প্ৰকাৰৰ দুখ নাথাকিব। নামেই হৈছে - সুখধাম। কিমান মিঠা নাম। পিতাই কয় - তোমালোকক
কোনো কষ্ট নিদিওঁ। কেৱল পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। নিজক আত্মা বুলি
বুজিব লাগে। এই জ্ঞান তোমালোকক বাবাই শিকাই আছে। সত্যযুগত আত্মাৰ জ্ঞান থাকে, মই
আত্মাই এই শৰীৰ ত্যাগ কৰি পৰৱৰ্তী জন্ম ল’মগৈ, ইয়াকে আত্মা-অভিমানী বুলি কোৱা হয়।
এয়া হৈছে আত্মিক জ্ঞান, যিটো অন্য কোনেও দিব নোৱাৰে। আত্মাক আত্মিক পিতা আহি জ্ঞান
দিয়ে। প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত দিয়ে। মনুষ্যতো একেবাৰে অন্ধকাৰত আছে। এতিয়া
তোমালোকে ৰশ্মি পাইছা, তোমালোক অজ্ঞান নিদ্ৰাৰ পৰা জাগৃত হৈছা। সকলো প্ৰেমিকাৰ
প্ৰেমিক হৈছে - এজন পিতা। পিতাই কয় – মই তোমালোকৰ পিতাও হওঁ, প্ৰিয়তমো হওঁ, গুৰুও
হওঁ। পৰম শিক্ষকো হওঁ। সকলো গুৰুৰ সৎগতি দাতা হৈছে এজনেই সৎগুৰু। তেওঁ কয় –
সন্তানসকল, মই সকলোৰে সৎগতি কৰোঁ। গতিৰ পাছত সৎগতি হয়।
পিতাই বুজাইছে -
প্ৰত্যেক আত্মাই উভতি যাব লাগে। আত্মাহে সতোপ্ৰধান, সতো-ৰজো-তমো হয়। কোনো কোনোৰ
বহুত কম ভূমিকা আছে। আহিল আৰু গ’ল। যেনেকৈ মহৰ দৰে জন্ম হয় আৰু মৃত্যু হয়। এনেকুৱা
সকলেতো পিতাৰ পৰা উত্তৰাধিকাৰ নলয়। পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা হয় পৱিত্ৰতা,
সুখ-শান্তিৰ। পিতাই তোমালোক আত্মাসকলক বুজায়, পিতাতো হৈছে নিৰাকাৰ। তেৱোঁ আহি এই
মুখেৰে বুজায়। শিৱবাবাৰ মন্দিৰো বহুত উচ্চ-উচ্চ স্থানত নিৰ্মাণ কৰে। কিমান
দূৰ-দূৰণিলৈকে যায়, তীৰ্থত, মেলাত। ওপৰত পান কৰিবলৈ কিবা জ্ঞান অমৃত ৰখা হৈছে জানো!
কিমান খৰচ কৰে। চৰকাৰেও তেওঁলোকৰ বাবে কিমান ব্যৱস্থা আদি কৰিবলগীয়া হয়। কষ্ট হয়।
ইয়াত তীৰ্থত সৰু ল’ৰা-ছোৱালীক কেনেকৈ লৈ যাব। সৰু ল’ৰা-ছোৱালীক কাৰোবাক নহয় কাৰোবাক
চম্ভালিবৰ বাবে দিয়া হয়। লগত লৈ নাযায়। দুই তিনি মাহ যাত্ৰা কৰে। ইয়াত তোমালোক আহা,
তোমালোকে বহি শুনিব লাগে, পঢ়িব লাগে। সৰু সৰু ল’ৰা-ছোৱালীয়েতো নুশুনিব। ইয়ালৈ
তোমালোক আহিছাই – যোগ আৰু জ্ঞান শিকিবলৈ। পিতাই বহি জ্ঞান শুনায় গতিকে কোনো আৱাজ আদি
হ’ব নালাগে। নহ’লেতো (সেইফালে) মনোযোগ গুচি যায়। শান্তিৰে বহি মনোযোগেৰে শুনিব লাগে।
যোগতো অতি সহজ। যিকোনো কৰ্ম কৰি থাকা, বুদ্ধিৰ সংযোগ যাতে তাত যুক্ত হৈ থাকে। বাবাৰ
স্মৃতি থাকিলে উপাৰ্জন বহুত জবৰদস্ত হয়। তোমালোকে জানা যে আমি সৰ্বদা স্বাস্থ্যৱান
হ’ম। নিজৰ সৈতে কথা পাতিব লাগে। বাবাৰ স্মৃতিত থাকি ভোজনো নিজৰ হাতেৰে ৰান্ধিব লাগে।
হাতেৰে কামো কৰা, বাকী নিজৰ পিতাক স্মৰণ কৰা। তোমাৰো কল্যাণ হ’ব আৰু স্মৃতিত থাকিলে
ৰন্ধা খাদ্যও উত্তম হ’ব। তোমালোকে বিশ্বৰ বাদশ্বাহী পোৱা। তোমালোক ইয়ালৈ আহাই -
লক্ষ্মী-নাৰায়ণ হ’বলৈ। সকলোৱে কয় আমি সূৰ্যবংশী হ’ম।
তোমালোকে জানা আমাৰ
মম্মা-বাবা এই সময়ত হৈছে ব্ৰহ্মা-সৰস্বতী। পৰৱৰ্তী জন্মত লক্ষ্মী-নাৰায়ণ হ’বগৈ।
ভৱিষ্যতলৈ কোন কি হ’বগৈ, এনেদৰে কাৰো জন্মৰ কথা জনা নাযায়। নেহৰু গৈ কি হ’লগৈ, জনা
নাযায়। যদি কিবা ভাল দান কৰিছে তেন্তে ইয়াত ভাল কুলত জন্ম ল'ব। এতিয়া তোমালোকে
সম্পূৰ্ণকৈ গম পোৱা। এতিয়া তেওঁলোকৰ নাম হৈছে - আদি দেৱ ব্ৰহ্মা, আদি দেৱী সৰস্বতী।
তেওঁলোকেই আকৌ স্বৰ্গৰ মালিক হ’বগৈ। তেওঁলোকৰ সন্তানো লগত আছে। তেওঁলোকেও ক'ব আমি
স্বৰ্গৰ মালিক হ’মগৈ। এইটোতো নিশ্চিত। সূক্ষ্মলোকতো তোমালোকে প্ৰত্যক্ষ কৰা -
দেৱীসকলৰ মন্দিৰতো বহুত মেলা অনুষ্ঠিত হয়। এতিয়া জগদম্বাতো এগৰাকীয়েই। তেওঁৰ
চাৰিত্ৰিক বৈশিষ্ট্যও, একেই হোৱা উচিত। মম্মাকো তোমালোকে দেখিছা। তোমালোক
সন্তানসকলৰ চাৰিত্ৰিক বৈশিষ্ট্য আছে আকৌ নাম ৰাখি দিছে, কন্যা-কুমাৰী, অৰ্ধ-কুমাৰী।
তোমালোকে জানা এয়া আমিয়েই হওঁ। আমি সকলো হৈছোঁ ব্ৰহ্মাকুমাৰ-কুমাৰী। যুগলেও কয় -
আমি ব্ৰহ্মাকুমাৰ-কুমাৰী, এজন পিতাৰ সন্তান। তোমালোকৰেই স্মাৰক আছে। যথাযথ তোমালোকে
বহি এই জ্ঞান দিয়া, অৰ্থসহিত এই দেলবাড়া মন্দিৰ আছে। কিন্তু এয়া তোমালোকেহে বুজাব
পাৰা। তোমালোকে জানা আমি স্থাপন কৰি আছোঁ, ৰাজযোগেৰে শ্ৰীমতত ভাৰতক স্বৰ্গ কৰি গঢ়ি
আছোঁ। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞান আৰু
যোগৰ প্ৰতি পূৰা মনোযোগ দিব লাগে। শুনাৰ সময়ত বহুত শান্ত, একাগ্ৰচিত্ত হৈ বহিব লাগে।
কৰ্মযোগীও হ’ব লাগে।
(2) পিতাই যি ঘৰলৈ
যোৱাৰ মাৰ্গ দেখুৱাইছে, সেয়া সকলোকে জনাব লাগে। স্বদৰ্শন চক্ৰধাৰী হোৱাৰ লগতে জ্ঞান
শংখও বজাব লাগে।
বৰদান:
মহান আৰু
মেহমান — এই দুটা স্মৃতিৰ দ্বাৰা সকলো আকৰ্ষণৰ পৰা মুক্ত হওঁতা আনাসক্ত আৰু সাক্ষী
হোৱা
অনাসক্ত বা
সাক্ষীবোধৰ অৱস্থা গঢ়ি তুলিবলৈ দুটা কথাৰ প্ৰতি ধ্যান দিব লাগে— এটা হ’ল মই আত্মা
‘মহান আত্মা’, দ্বিতীয়টো হ’ল মই আত্মা এতিয়া এই পুৰণি সৃষ্টিত বা এই পুৰণা শৰীৰত
‘মেহমান’ (অতিথি)। এইটো স্মৃতিত থাকিলে স্বতঃ আৰু সহজতে সকলো দুৰ্বলতা বা আসক্তিৰ
আকৰ্ষণ সমাপ্ত হৈ যাব। নিজক মহান বুলি বুজিলে, যিবোৰ সাধাৰণ কৰ্ম বা সংকল্প
সংস্কাৰৰ বশৱৰ্তী হৈ চলা, সেয়া পৰিৱৰ্তন হৈ যাব। নিজক মহান আৰু মেহমান বুলি বুজি
চলিলে মহিমা যোগ্যও হৈ যাবা।
স্লোগান:
সকলোৰে শুভ ভাৱনা আৰু সহযোগৰ টোপালেৰে ডাঙৰ কাৰ্যও সহজ হৈ যায়।
অব্যক্ত ইংগিত:
জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা
শক্তিশালী মনৰ চিন
হ’ল— ছেকেণ্ডত য’লৈকে বিচাৰে ত’লৈকে যাব পাৰে। মনে যিহেতু উৰিবলৈ জানি গ’ল, অভ্যাস
হৈ গ’ল, সেয়েহে ছেকেণ্ডত য’লৈকে বিচাৰে ত’লৈকে যাব পাৰে। এতিয়াই সাকাৰ লোকত, এতিয়াই
পৰমধামত, ছেকেণ্ডৰ তীব্ৰ গতি - এতিয়া এইটো অভ্যাস বঢ়োৱা, তেতিয়া স্মৃতি শক্তিশালী
হৈ যাব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]