22.08.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকক কোনে পঢ়ুৱাবলৈ আহিছে, বিচাৰ কৰা তেতিয়া আনন্দত পুলকিত হৈ যাবা, উচ্চতকৈও
উচ্চ পিতাই পঢ়ায়, এনেকুৱা পঢ়া কেতিয়াও এৰিব নালাগে”
প্ৰশ্ন:
এতিয়া তোমালোক
সন্তানসকলৰ কোনটো নিশ্চয়তা জন্মিছে? নিশ্চয় বুদ্ধিৰ লক্ষণ কি হ'ব?
উত্তৰ:
তোমালোকৰ নিশ্চয়তা জন্মিছে যে আমি এতিয়া এনেকুৱা পঢ়া পঢ়ি আছোঁ, যাৰ দ্বাৰা দ্বৈত
মুকুটধাৰী ৰজাসকলৰো ৰজা হ’মগৈ। স্বয়ং ভগৱানে পঢ়ুৱাই আমাক বিশ্বৰ মালিক কৰি আছে।
এতিয়া আমি তেওঁৰ সন্তান হৈছোঁ সেয়েহে এই পঢ়াত লাগি যাব লাগে। যেনেকৈ সৰু
ল’ৰা-ছোৱালীয়ে নিজৰ মাক-দেউতাকৰ বাহিৰে কাৰো ওচৰলৈও নাযায়। এনেকুৱা বেহদৰ পিতাক
পাইছা গতিকে অন্য কোনো পচন্দ হ’ব নালাগে। এজনৰে যাতে স্মৃতি থাকে।
গীত:
কৌন আয়া আজ
সবেৰে সবেৰে……. (কোন আহিল আজি প্রভাতে প্রভাতে……)
ওঁম্শান্তি।
মৰমৰ
সন্তানসকলে গীতটি শুনিলা - কোন আহিছে আৰু কোনে পঢ়ুৱায়? এইটো বোধশক্তিৰ কথা। কোনোবা
বহুত বুদ্ধিমান, কোনোবা কম বুদ্ধিমান। যিসকলে বহুত লিখা-পঢ়া কৰিছে, তেওঁলোকক বহুত
বুদ্ধিমান বুলি ক'ব। শাস্ত্র আদি যিয়ে লিখা-পঢ়া কৰে, তেওঁলোকৰ মান হয়। কম পঢ়াসকলে
কম মান পায়। এতিয়া গীতৰ শব্দকেইটি শুনিলা - কোন পঢ়ুৱাবলৈ আহিল! শিক্ষক আহে নহয়।
স্কুলত পঢ়াসকলে জানে যে শিক্ষক আহিল। ইয়ালৈ কোন আহিছে? একেবাৰে পুলকিত হৈ যাব লাগে।
উচ্চতকৈও উচ্চ পিতা পুনৰাই পঢ়ুৱাবলৈ আহিছে। বুজিবলগীয়া কথা নহয় জানো! ভাগ্যৰো কথা
আছে। পঢ়াওঁতাজন কোন? ভগৱান। তেওঁ আহি পঢ়ায়। বিবেকে কয়- কোনোবাই লাগিলে যিমানেই
উচ্চতকৈও উচ্চ পঢ়া নপঢ়ক, তৎক্ষণাৎ সেই পঢ়া এৰি আহি ভগৱানৰ ওচৰত পঢ়ক। এক চেকেণ্ডত
সকলো এৰি পিতাৰ ওচৰত পঢ়িবলৈ আহক।
পিতাই বুজাইছে - এতিয়া
তোমালোক পুৰুষোত্তম সংগমযুগী হৈছা। উত্তমতকৈও উত্তম পুৰুষ হৈছে এই লক্ষ্মী-নাৰায়ণ।
জগতত কোনেও নাজানে যে কি শিক্ষাৰ দ্বাৰা এওঁলোকে এই পদ প্রাপ্ত কৰিছে। তোমালোকে পঢ়া
- এই পদ প্রাপ্ত কৰিবলৈ। কোনে পঢ়ায়? ভগৱানে। সেয়েহে আন সকলো পঢ়া এৰি এই পঢ়াত লাগি
যাব লাগে কিয়নো পিতা আহেই কল্পৰ পাছত। পিতাই কয় - মই প্রত্যেক 5 হাজাৰ বছৰৰ পাছত
সন্মুখত পঢ়ুৱাবলৈ আহোঁ। আচৰিত কথা নহয় জানো। এনেকৈ কয়ো যে স্বয়ং ভগৱানে আমাক
পঢ়ুৱায়, এই পদ প্রাপ্তি কৰাবলৈ। তথাপিও নপঢ়ে। সেয়েহে পিতাই ক’ব যে এওঁ বুদ্ধিমান
নহয়। পিতাৰ পঢ়াৰ ওপৰত সম্পূৰ্ণ ধ্যান নিদিয়ে। পিতাক পাহৰি যায়। তোমালোকে কোৱা যে
বাবা আমি পাহৰি যাওঁ। শিক্ষককো পাহৰি যায়। এয়া হৈছে মায়াৰ ধুমুহা। কিন্তু পঢ়াতো
পঢ়িব লাগে নহয়। বিবেকে কয় ভগৱানে পঢ়ুৱায় সেয়েহে এই পঢ়াত একেবাৰে লাগি যোৱা উচিত।
সৰু সন্তানসকলেই পঢ়িব লাগে। আত্মাতো সকলোৰে আছে। বাকী শৰীৰ সৰু-ডাঙৰ হয়। আত্মাই কয়
- মই আপোনাৰ সৰু সন্তান হৈছোঁ। ঠিক আছে মোৰ হ'লা যেতিয়া এতিয়া পঢ়া। গাখীৰ খোৱা
সন্তানতো নোহোৱা। প্রথমে পঢ়া। পঢ়াত বহুত মনোযোগ দিব লাগে। বিদ্যাৰ্থীসকল আকৌ ইয়াত
পৰম শিক্ষকৰ ওচৰলৈ আহে। সেই পঢ়াওঁতা শিক্ষকো নিৰ্ধাৰিত হৈ আছে। তথাপিও পৰম শিক্ষকতো
আছে নহয়। 7 দিনৰ ভাতীৰো গায়ন আছে। পিতাই কয় - পৱিত্র হৈ থাকা আৰু মোক স্মৰণ কৰা।
দৈৱীগুণ ধাৰণ কৰিলে তোমালোক এনেকুৱা হৈ যাবা। বেহদৰ পিতাক স্মৰণ কৰিব লাগে। সৰু
ল’ৰা-ছোৱালীক মাক-দেউতাকৰ বাহিৰে কোনোবাই ল'ব খুজিলে তেওঁৰ ওচৰলৈ নাযায়। তোমালোকো
বেহদৰ পিতাৰ হৈছা গতিকে আন কাকো চাবলৈ পচন্দও নহ’ব, লাগিলে যিয়েই নহওঁক। তোমালোকে
জানা যে আমি উচ্চতকৈও উচ্চ পিতাৰ হওঁ। তেওঁ আমাক দ্বৈত-মুকুটধাৰী ৰজাৰো ৰজা কৰি কৰি
তোলে। লাইটৰ (পৱিত্ৰতাৰ) মুকুট ‘মনমনাভৱ’ আৰু ৰত্ন জড়িত মুকুট হৈছে ‘মধ্যাজীভৱ’।
নিশ্চয়তা জন্মি যায় আমি এই পঢ়াৰ দ্বাৰা বিশ্বৰ মালিক হওঁ, 5 হাজাৰ বছৰৰ পাছত
ইতিহাস পুনৰাবৃত্তি হয় নহয়। তোমালোকে ৰাজ্য প্রাপ্ত কৰা। বাকী সকলো আত্মা শান্তিধাম
নিজৰ ঘৰলৈ গুচি যাব। এতিয়া তোমালোক সন্তানসকলে গম পাইছা - প্রকৃততে আমি আত্মাসকল
পিতাৰ সৈতে নিজৰ ঘৰত থাকোঁ। পিতাৰ হোৱাৰ বাবে এতিয়া তোমালোক স্বৰ্গৰ মালিক হোৱাগৈ
পুনৰ পিতাক পাহৰি মাউৰা হৈ যোৱা। ভাৰত এতিয়া মাউৰা। মাউৰা বুলি তেওঁক কোৱা হয় যাৰ
মাক-দেউতাক নাথাকে। হাবাথুৰি খাই ফুৰে। তোমালোকেতো এতিয়া পিতাক পাইছা, তোমালোকে
গোটেই সৃষ্টিচক্রক জানা সেয়েহে আনন্দত গদগদ হ'ব লাগে। আমি বেহদৰ পিতাৰ সন্তান হওঁ।
পৰমপিতা পৰমাত্মাই প্রজাপিতা ব্রহ্মাৰ দ্বাৰা ব্রাহ্মণসকলৰ নতুন সৃষ্টি ৰচনা কৰে।
এয়াতো বহুত সহজে বুজিবলগীয়া কথা। তোমালোকৰ চিত্রও আছে, বিৰাট ৰূপৰ চিত্রও তৈয়াৰ
কৰিছে। 84 জন্মৰ কাহিনী দেখুৱাইছে। আমিয়ে দেৱতা আকৌ ক্ষত্রিয়, বৈশ্য, শূদ্র হওঁ।
এইটো কোনো মনুষ্যই নাজানে কাৰণ ব্রাহ্মণ আৰু ব্রাহ্মণসকলক পঢ়াওঁতা পিতা, দুয়োৰে
নাম-চিহ্ন নাইকিয়া কৰি দিলে। ইংৰাজীতো তোমালোকে ভালদৰে বুজাব পাৰা। যিসকলে ইংৰাজী
জানে অনুবাদ কৰি পুনৰ বুজাব লাগে। পিতা জ্ঞানৱান, তেওঁৰেই এই জ্ঞান আছে যে সৃষ্টি
চক্ৰ কেনেকৈ ঘূৰে। এয়া হৈছে পঢ়া। যোগকো পিতাৰ স্মৃতি বুলি কোৱা হয়, যাক ইংৰাজীত
‘কম্যুনিয়ন’ (মিলন) বুলি কোৱা হয়। পিতাৰ সৈতে মিলন, শিক্ষকৰ সৈতে মিলন, গুৰুৰ সৈতে
মিলন এয়া হৈছে ঈশ্বৰ পিতাৰ সৈতে মিলন। পিতাই নিজেই কয় - মোক স্মৰণ কৰা আৰু কোনো
দেহধাৰীক স্মৰণ নকৰিবা, মনুষ্যই গুৰু আদিৰ শৰণ লয়, শাস্ত্ৰ পঢ়ে। লক্ষ্য-উদ্দেশ্য
একোৱেই নাই। সৎগতিতো নহয়। পিতাইতো কয় - মই সকলোকে উভতাই লৈ যাবলৈ আহিছোঁ। এতিয়া
তোমালোকে পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়িব লাগে, তেতিয়া তোমালোক তাত গৈ উপস্থিত
হ’বাগৈ। ভালদৰে স্মৰণ কৰিলে বিশ্বৰ মালিক হ’বাগৈ। এই লক্ষ্মী-নাৰায়ণ স্বৰ্গৰ মালিক
আছিল নহয়। এয়া বুজাওঁতাজন কোন। পিতাক জ্ঞানৱান বুলি কোৱা হয়। মনুষ্যই আকৌ অন্তৰ্যামী
বুলি কৈ দিয়ে। বাস্তৱত অন্তৰ্যামী শব্দ নাই। ভিতৰত থাকোঁতা, নিবাস কৰোঁতাতো হৈছে
আত্মা। আত্মাই যি কাম কৰে, সেয়াতো সকলোৱে জানে। সকলো মনুষ্য অন্তৰ্যামী। আত্মাইহে
শিকে। পিতাই তোমালোক সন্তানসকলক আত্ম-অভিমানী কৰি তোলে। তোমালোক আত্মাসকল হৈছা
মূললোকৰ নিবাসী। তোমালোক আত্মা কিমান সূক্ষ্ম। অনেকবাৰ তোমালোক ভূমিকা পালন কৰিবলৈ
আহিছা। পিতাই কয় - মই বিন্দু। মোৰ পূজাতো কৰিব নোৱাৰে। কিয় কৰিব, দৰকাৰেই নাই। মই
তোমালোক আত্মাসকলক পঢ়ুৱাবলৈ আহোঁ। তোমালোককেই ৰাজ্য-ভাগ্য দিওঁ আকৌ ৰাৱণৰাজ্যত গুচি
গ’লে তেতিয়া মোকেই পাহৰি যোৱা। প্ৰথমতে আত্মা ভূমিকা পালন কৰিবলৈ আহে। মনুষ্যই কয়
84 লাখ জন্ম লয়। কিন্তু পিতাই কয় সৰ্বাধিক হয়েই 84 জন্ম। বিদেশত গৈ এই কথাবোৰ শুনালে
তেতিয়া ক’ব এই জ্ঞানতো আমাক ইয়াত বহি পঢ়াওঁক। আপোনালোকে ইয়াত 1000 টকা পায়, আমি
আপোনালোকক 10-20 হাজাৰ টকা দিম। আমাকো জ্ঞান শুনাওঁক। ঈশ্বৰ পিতাই আমাক আত্মাসকলক
পঢ়ায়। আত্মাই বিচাৰক আদি হয়। বাকী সকলো মনুষ্যতো দেহ-অভিমানী। কাৰো জ্ঞান নাই। যদিও
মহান মহান দাৰ্শনিক আদি বহুত আছে, কিন্তু এই জ্ঞান কাৰো নাই। ঈশ্বৰ পিতা নিৰাকাৰ
পঢ়ুৱাবলৈ আহে। আমি তেওঁৰ পৰা পঢ়োঁ, এই কথাবোৰ শুনি আচম্বিত হৈ যাব। এই কথাবোৰতো
কেতিয়াও পঢ়া বা শুনা নাছিলোঁ। এজন পিতাকেই মুক্তিদাতা, মাৰ্গ-দৰ্শক বুলি কোৱা,
যিহেতু তেৱেঁই মুক্তিদাতা তেন্তে আকৌ যীশুখ্ৰীষ্টক কিয় স্মৰণ কৰা? এই কথাবোৰ ভালদৰে
বুজোৱা তেতিয়া তেওঁলোক আচম্বিত হৈ যাব। ক’ব এয়া আমি শুনোচোন। স্বৰ্গ স্থাপনা হৈ আছে,
তাৰ বাবে এই মহাভাৰতৰ যুদ্ধও আছে। পিতাই কয় - মই তোমালোকক ৰজাৰো ৰজা দ্বৈত-মুকুটধাৰী
কৰি তোলোঁ। পৱিত্ৰতা, শান্তি, সমৃদ্ধি সকলো আছিল। বিচাৰ কৰা, কিমান বছৰ হ’ল?
যীশুখ্ৰীষ্টৰ 3 হাজাৰ বছৰ পূৰ্বে এওঁলোকৰ ৰাজ্য আছিল নহয়। ক’ব এয়াতো আধ্যাত্মিক
জ্ঞান। এওঁলোকতো সেই পৰম পিতাৰ পোনপটীয়া সন্তান, তেওঁৰ পৰা ৰাজযোগ শিকি আছে। বিশ্বৰ
ইতিহাস-ভূগোল কেনেকৈ পুনৰাবৃত্তি হয়, এই গোটেই জ্ঞান আছে। আমাৰ আত্মাত 84 জন্মৰ
ভূমিকা ভৰপূৰ হৈ আছে। এই যোগৰ শক্তিৰে আত্মা সতোপ্ৰধান হৈ স্বৰ্ণীম যুগত গুচি যাব,
আকৌ তেওঁলোকৰ বাবে ৰাজ্য লাগে। পুৰণি সৃষ্টিৰ বিনাশো হ’ব লাগে। সেয়া সন্মুখত থিয় হৈ
আছে আকৌ এক ধৰ্মৰ ৰাজ্য হ’ব। এইখন পাপ আত্মাসকলৰ সৃষ্টি নহয় জানো। এতিয়া তোমালোক
পাৱন হৈ আছা, কোৱা এই স্মৃতিৰ বলেৰে আমি পৱিত্ৰ হওঁ আৰু সকলোৰে বিনাশ হৈ যাব।
প্ৰাকৃতিক দুৰ্যোগো হ’বলগীয়া আছে। আমি উপলব্ধি কৰিছোঁ আৰু দিব্য দৃষ্টিৰে দেখিছোঁ।
এই সকলোবোৰ নাশ হৈ যাব। পিতা আহিছে দৈৱী সৃষ্টি স্থাপনা কৰিবলৈ। এয়া শুনি ক’ব - অহো!
এওঁলোকতো ঈশ্বৰ পিতাৰ সন্তান। তোমালোক সন্তানসকলে জানা এই যুদ্ধ লাগিব, প্ৰাকৃতিক
দুৰ্যোগ হ’ব। কি অৱস্থা হ’ব? এই বৃহৎ বৃহৎ ঘৰ আদি সকলো খহিবলৈ ধৰিব। তোমালোকে জানা
যে এই বোমা আদি 5 হাজাৰ বছৰ পূৰ্বেও তৈয়াৰ কৰিছিল নিজৰেই বিনাশৰ কাৰণে। এতিয়াও বোমা
তৈয়াৰ হৈ আছে। যোগবল কি বস্তু, যাৰ দ্বাৰা তোমালোকে বিশ্বত বিজয় প্ৰাপ্ত কৰা সেয়া
অন্য কোনোবাই জানে জানো। কোৱা, বিজ্ঞানে আপোনালোকৰে বিনাশ কৰায়। আমাৰ পিতাৰ সৈতে
যোগসূত্ৰ আছে সেয়েহে শান্তিৰ বলেৰে আমি বিশ্বত বিজয়ী হৈ সতোপ্ৰধান হৈ যাওঁ। পিতা
পতিত-পাৱন হয়। পাৱন সৃষ্টি নিশ্চয় স্থাপনা কৰিহে এৰিব। ড্ৰামা অনুসৰি নিৰ্ধাৰিত হৈ
আছে। বোমা আদি যি তৈয়াৰ কৰে সেয়া জানো ৰাখি থ’ব! এনেকৈ বুজালে বুজিব যে এওঁলোকতো
কোনো কৰ্তৃত্ব থকা লোক, এওঁলোকৰ মাজত ঈশ্বৰ আহি প্ৰৱেশ কৰিছে। এয়াও ড্ৰামাত
নিৰ্ধাৰিত হৈ আছে। এনেকুৱা কথাবোৰ কৈ থাকিলে তেতিয়া তেওঁলোক আনন্দিত হ’ব। আত্মাত
কেনেকৈ ভূমিকা নিহিত হৈ আছে, এয়াও অনাদি পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। আকৌ নিজৰ সময়ত
যীশুখ্ৰীষ্ট আহি আপোনালোকৰ ধৰ্ম প্ৰতিষ্ঠা কৰিব। এনেকৈ কৰ্তৃত্বৰে ক’লে তেতিয়া
তেওঁলোকে বুজিব যে পিতাই সকলো সন্তানকে বহি বুজায়। সেয়েহে এই পঢ়াত সন্তানসকল লাগি
যাব লাগে। পিতা, শিক্ষক, গুৰু তিনিওগৰাকী এজনেই। তেওঁ কেনেকৈ জ্ঞান দিয়ে, এইটোও
তোমালোকে বুজি পোৱা। সকলোকে পৱিত্ৰ কৰি লৈ যায়। দৈৱী ৰাজবংশ আছিল তেতিয়া পৱিত্ৰ
আছিল। ভগৱান-ভগৱতী আছিল। কথা কোৱাত বহুত বুদ্ধিমান হ’ব লাগে, ভাল সলসলীয়া হ’ব লাগে।
কোৱা যে বাকী সকলো আত্মা মৰমৰ ঘৰত (পৰমধামত) থাকে। পিতাইহে লৈ যায়, সকলোৰে সৎগতি
দাতা হৈছে সেইজন পিতা। তেওঁৰ জন্মস্থান হৈছে ভাৰত। এয়া কিমান ডাঙৰ তীৰ্থ হৈ গ'ল।
তোমালোকে জানা সকলোৱে
তমোপ্ৰধান হ'বই লাগে। পুনৰ্জন্ম সকলোৱে ল'ব লাগে, কোনেও উভতি যাব নোৱাৰে। এনেকুৱা
কথাবোৰ বুজালে বহুত আচম্বিত হ'ব। বাবাইতো কয় - যুগল হ'লে বহুত ভালকৈ বুজাব পাৰা।
ভাৰতত প্ৰথমতে পৱিত্ৰতা আছিল। আকৌ অপৱিত্ৰ কেনেকৈ হয়। এয়াও শুনাব পাৰা। পূজ্যসকলেই
পূজাৰী হৈ যায়। অপৱিত্ৰ হৈ গ’লে তেতিয়া আকৌ নিজৰেই পূজা কৰিবলৈ লাগি যায়। ৰজাসকলৰ
ঘৰতো এই দেৱতাসকলৰ চিত্ৰ থাকে, যিসকল পৱিত্ৰ দ্বৈত-মুকুটধাৰী আছিল তেওঁলোকক অপৱিত্ৰ
মুকুটবিহীনসকলে পূজা কৰে। তেওঁলোক হৈ গ’ল পূজাৰী ৰজা। তেওঁলোককতো ভগৱান-ভগৱতী বুলি
কোৱা নহয় কিয়নো এই দেৱতাসকলৰ পূজা কৰে। নিজেই পূজ্য, নিজেই পূজাৰী, পতিত হৈ যায়
গতিকে ৰাৱণৰাজ্য আৰম্ভ হৈ যায়। এই সময়ত হৈছে ৰাৱণৰাজ্য। এনেকৈ বহি বুজালে তেওঁলোক
কিমান আনন্দিত হৈ যাব। গাড়ীৰ দুটা চকাস্বৰূপ যুগল হ’লেতো বহুত চমৎকাৰ কৰি দেখুৱাব।
আমি যুগলেই আকৌ পূজ্য হ'মগৈ। আমি পৱিত্ৰতা, শান্তি আৰু সমৃদ্ধিৰ উত্তৰাধিকাৰ লৈ আছোঁ।
তোমালোকৰ চিত্ৰও প্ৰকাশিত হৈ থাকে। এয়া হৈছে ঈশ্বৰীয় পৰিয়াল। পিতাৰ সন্তান, নাতি আৰু
নাতিনী, বচ্ আন কোনো সম্বন্ধ নাই। নতুন সৃষ্টি ইয়াকে কোৱা হয় পাছত দেৱী-দেৱতাতো
কিছুসংখ্যক হ'বগৈ। আকৌ লাহে লাহে বৃদ্ধি হয়। এই জ্ঞান কিমান বুজিবলগীয়া। এই বাবাও (ব্ৰহ্মাবাবাও)
বেপাৰত নবাবৰ দৰে আছিল। কোনো কথালৈ ভ্ৰূক্ষেপ নকৰিছিল। যেতিয়া দেখিলে যে এয়াতো
পিতাই পঢ়ায়, বিনাশ সন্মুখত ঠিয় হৈ আছে তেতিয়া তৎক্ষণাৎ এৰি দিলে। এইটো নিশ্চয় বুজিলে
যে মই বাদশ্বাহী পাওঁ তেন্তে গাদী কি কৰিম। গতিকে তোমালোকেও বুজি পোৱা ভগৱানে পঢ়ায়,
এয়াতো সম্পূৰ্ণ ৰীতিৰে পঢ়িব লাগে নহয়। তেওঁৰ মতত চলিব লাগে। পিতাই কয় - নিজক আত্মা
বুলি বুজি পিতাক স্মৰণ কৰা। পিতাক তোমালোকে পাহৰি যোৱা, লাজ নালাগেনে, সেই নিচা
নাবাঢ়ে। ইয়াৰ পৰা বহুত ভালকৈ সজীৱ হৈ যায় আকৌ তাত চ’ডা পানী হৈ যোৱা। এতিয়া তোমালোক
সন্তানসকলে গাঁৱে গাঁৱে সেৱা কৰাৰ পুৰুষাৰ্থ কৰা। বাবাই কয় - পোন প্ৰথমে এইটো কোৱা
যে আত্মাসকলৰ পিতা কোন। ভগৱানতো নিৰাকাৰেই হয়। তেৱেঁই এই পতিত সৃষ্টিক পাৱন কৰি
তুলিব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) স্বয়ং
ভগৱান পৰম শিক্ষক হৈ পঢ়াই আছে, সেইবাবে ভালকৈ পঢ়িব লাগে, তেওঁৰ মতত চলিব লাগে।
(2) পিতাৰ সৈতে
এনেকুৱা যোগযুক্ত হৈ থাকিব লাগে যাতে শান্তিৰ বল জমা হয়। শান্তিৰ বলেৰে বিশ্বত বিজয়ী
হ’ব লাগে, পতিতৰ পৰা পাৱন হ'ব লাগে।
বৰদান:
সময় আৰু
সংকল্প সেৱাত অৰ্পণ কৰোঁতা বিধাতা, বৰদাতা হোৱা
এতিয়া নিজৰ সৰু সৰু
কথাৰ পিছত, দেহৰ পিছত, মনৰ পিছত, সাধনসমূহৰ পিছত, সম্বন্ধ ৰক্ষা কৰাৰ পিছত সময় আৰু
সংকল্প খৰচ কৰাৰ সলনি এয়া সেৱাত অৰ্পণ কৰা, এই সমৰ্পণ সমাৰোহ উদ্যাপন কৰা। প্ৰতিটো
শ্বাসত সেৱাৰ নিচা থাকক, সেৱাত মগন হৈ থাকা। তেতিয়া সেৱাত ব্যৱহাৰ হ’লে স্ব-উন্নতিৰ
উপহাৰ স্বতঃ প্ৰাপ্ত হৈ যাব। বিশ্ব কল্যাণত স্ব-কল্যাণ সমাহিত হৈ আছে সেই কাৰণে
নিৰন্তৰ মহাদানী, বিধাতা আৰু বৰদাতা হোৱা।
স্লোগান:
নিজৰ ইচ্ছাসমূহক কম কৰি দিয়া তেতিয়া সমস্যা কম হৈ যাব।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
যেনেকৈ লৌকিক ৰীতিৰে
কোনোবা কাৰোবাৰ স্নেহত লীন হৈ গ’লে তেতিয়া চেহেৰা, নয়ন, বাণীৰ দ্বাৰা অনুভৱ হয় যে
এওঁ স্নেহত লীন হৈ আছে, প্ৰেমিক হয়, তেনেকৈ যি সময়ত মঞ্চলৈ আহা তেতিয়া যিমানে নিজৰ
অন্তৰত পিতাৰ স্নেহ জাগ্ৰত হ’ব সিমানে স্নেহৰ বাণে আনকো স্নেহত আঘাত কৰি দিব।