22.09.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক বিচাৰ বুদ্ধি সম্পন্ন হৈছা গতিকে উপাৰ্জনৰ বহুত চখ থাকিব লাগে। পেছাগত কাম-কাজ আদিৰ পৰাও সময় উলিয়াই পিতাক স্মৰণ কৰা তেতিয়া উপাৰ্জন হৈ থাকিব”

প্ৰশ্ন:
তোমালোক সন্তানসকলে এতিয়া এনেকুৱা কোনটো শ্ৰীমত পাইছা, যিটো কেতিয়াও পোৱা নাই?

উত্তৰ:
(1) তোমালোকক এই সময়ত পিতাই শ্ৰীমত দিয়ে - মৰমৰ সন্তানসকল, ৰাতিপুৱা উঠি পিতাৰ স্মৃতিত বহা তেতিয়া সম্পূৰ্ণ উত্তৰাধিকাৰ প্ৰাপ্ত কৰিবা। (2) গৃহস্থালিত থাকি পদুম ফুলৰ সমান হৈ থাকা, এনেকুৱা শ্ৰীমত অন্য সৎসংগবোৰত কেতিয়াও পাব নোৱাৰে। সেই সৎসংগবোৰত পিতা আৰু উত্তৰাধিকাৰৰ কথা নাথাকে।

গীত:
তুম্‌হী হো মাতা পিতা… (তুমিয়েই মাতা-পিতা…)

ওঁম্শান্তি।
বিশেষকৈ এই ভাৰতত আৰু সাধাৰণভাৱে গোটেই বিশ্বত অনেক প্ৰকাৰৰ সৎসঙ্গ থাকে। এনেকুৱা কোনো সৎসঙ্গ অথবা গীৰ্জা অথবা মন্দিৰ নাথাকিব য’ত মনুষ্যৰ বুদ্ধিত থাকে যে আমি এয়া উত্তৰাধিকাৰ পাই আছোঁ। ইয়াত তোমালোক সন্তানসকল বহি আছা, সকলো সেৱাকেন্দ্ৰত নিজৰ বেহদৰ পিতাৰ স্মৃতিত বহি আছে - এইটো বিচাৰেৰে (চিন্তনেৰে) যে আমি নিজৰ পিতাৰ পৰা সুখধামৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰি আছোঁ। কোনো সৎসঙ্গ অথবা গীৰ্জা আদিত এনেকৈ নুবুজিব। তোমালোক সন্তানসকলৰ বুদ্ধিতহে আছে। তোমালোক সন্তানসকলে জানা যে আমি বেহদৰ পিতাৰ স্মৃতিত বহি আছোঁ। নতুন সৃষ্টি স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছোঁ। সকলো সন্তানে এজন পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছে। ইমানবোৰ সন্তান বৃদ্ধি হৈ গৈ থাকে। সকলোৱে শ্ৰীমত পায়, ৰাতিপুৱা উঠি পিতাক স্মৰণ কৰা। আমি বাবাৰ পৰা এই উত্তৰাধিকাৰ লওঁতা হওঁ। আমি সেইজন পিতাৰ হৈছোঁ। আত্মাই এতিয়া পিতাৰ পৰা পৰিচয় পাইছে। পিতাই নিৰ্দেশনা দিয়ে - মোক স্মৰণ কৰা আৰু গৃহস্থ ব্যৱহাৰত থাকি পদুম ফুলৰ সমান পৱিত্ৰ হৈ থাকা। সকলোৱে ইয়াত আহি বহিবতো নালাগে। স্কুলত পঢ়ি আকৌ নিজৰ নিজৰ ঘৰলৈ গুচি যায়। প্ৰত্যেক বালক-বালিকাই নিজৰ শিক্ষকৰ পৰা আশীৰ্বাদ পাব পাৰে। এয়াও এনেকুৱাই। নিতৌ পঢ়ি পুনৰ ঘৰলৈ গৈ লাগিলে পেছাগত কাম-কাজ আদি কৰা। তোমালোক গৃহস্থ ব্যৱহাৰতো আছা আৰু বিদ্যাৰ্থীও হোৱা। গৃহস্থ ব্যৱহাৰত থাকি পদুম ফুলৰ সমান হৈ থাকিব লাগে। এনেকৈ কোনো সন্ন্যাসী আদিয়ে নকয়। ইয়াত তোমালোক বাস্তৱত বহি আছা। গৃহস্থ ব্যৱহাৰত থাকি পৱিত্ৰ হোৱা। পৱিত্ৰ হৈ পৰমপিতা পৰমাত্মাক অন্য কোনেও স্মৰণ নকৰে। যদিওবা গীতা শুনে, পঢ়ে কিন্তু স্মৰণতো নকৰে নহয় জানো। কথন আৰু কৰণৰ মাজত পাৰ্থক্য আছে। তোমালোকে জানা যে আমাৰ পিতা জ্ঞানপূৰ্ণ হয়, তেওঁৰ গোটেই ড্ৰামাৰ চক্ৰৰ জ্ঞান আছে। এতিয়া আমিও জ্ঞান পাই আছোঁ। এই চক্ৰটি অতি উত্তম। এইটো পুৰুষোত্তম যুগ হোৱাৰ বাবে তোমালোকৰ এইটো জন্মও হৈছে পুৰুষোত্তম। অতিৰিক্ত মাহ থাকে নহয় জানো।

তোমালোক সন্তানসকলে জানা যে আমি যথাযথ পিতাৰ দ্বাৰা পুৰুষোত্তম হৈ আছোঁ। মৰ্যাদা পুৰুষোত্তম, আমি পুনৰ হৈ আছোঁ। 84ৰ চক্ৰ পৰিক্ৰমা লগালোঁ, বুদ্ধিত এইটো জ্ঞান আছে। অন্য কোনো সংসঙ্গত এইটো নুবুজায়। তোমালোকে বুজি পোৱা আমি এয়া (লক্ষ্মী-নাৰায়ণ) হ’ব লাগে। গঢ়ি তোলোঁতা এজনেই পিতা। এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰৰ ওপৰত তোমালোকে ভালদৰে বুজাব পাৰা। যথাযথ ব্ৰহ্মাৰ দ্বাৰা যোগবলেৰে এওঁলোকে এই পদ পাইছে। এনেকৈ বুদ্ধিত উদয় কৰিব লাগে। ব্ৰহ্মা-সৰস্বতী, লক্ষ্মী-নাৰায়ণৰ দুটি ৰূপো দেখুৱাইছে। ব্ৰহ্মা-সৰস্বতী আকৌ প্ৰজাও দেখুৱাবলগীয়া হয়। প্ৰতিটো কথাতে ভালদৰে বিচাৰ কৰিব লাগে। পিতাই কয় - মোক স্মৰণ কৰা। ব্ৰহ্মাকো কয় মোক স্মৰণ কৰা তেতিয়া এয়া হ’বাগৈ। তাৰমানে ব্ৰহ্মা মুখ বংশাৱলী সকলোকে ক’লে যে মোক স্মৰণ কৰা। কেনেকৈ স্মৰণ কৰিব লাগে এইটোও বুদ্ধিত আছে। চিত্ৰও সন্মুখত ৰখা হৈছে। ইয়াৰ ওপৰত বুজোৱা অতি সহজ। পিতাৰ পৰিচয় দিব লাগে। প্ৰদৰ্শনীতো ইয়াৰ ওপৰত বুজোৱা। এইটো নিশ্চয় হয় যে যথাযথ এওঁ সকলোৰে বেহদৰ পিতা। এই হিচাপত আমি বেহদৰ উত্তৰাধিকাৰ লাভ কৰিব লাগে। আমি নিৰকাৰী আত্মাসকলতো ভাই ভাই হওঁ। যেতিয়া সাকাৰত আহে তেতিয়া ভাই-ভনী হয়, তেতিয়া পঢ়িব পাৰে। ভাই-ভনী হ’বও ব্ৰহ্মাৰ সন্তানসকলেই। উত্তৰাধিকাৰ পিতাৰ পৰা পোৱা যায়। এইটো বুদ্ধিত ধাৰণ কৰিব লাগে। যাকেই নুবুজোৱা প্ৰথমে পিতাৰ পৰিচয় দিয়া। আমি ভ্ৰাতৃসংঘ (সকলো ভাই ভাই), সৰ্বব্যাপী বুলি কলে পিতৃসংঘ হৈ যায়। পিতৃসংঘ হ’লে উত্তৰাধিকাৰ ক’ৰ পৰা পাব। পিতা পিতা বুলি কৈ অৱনমিত হৈ আহিছে। উত্তৰাধিকাৰ একোৱেই নাই। এতিয়া ভ্ৰাতৃসংঘ বুলি বুজিলেহে উত্তৰাধিকাৰ পাবা। গতিকে তাৰ ওপৰত ভালদৰে বুজালে বুদ্ধিত যি ইষ্ট দেৱতা আদি বহি আছে, সেই সকলোবোৰ আঁতৰি যাব। তেওঁলোকক কোৱা দুগৰাকী পিতা আছে। আত্মিক পিতা যাৰ দ্বাৰা সকলোৰে সৎগতি হয়, তেৱেঁই সুখ-শান্তিৰ উত্তৰাধিকাৰ দিয়ে। সকলো সুখী হৈ যায়। তেওঁক কোৱা হয় স্বৰ্গীয় ঈশ্বৰ পিতা। স্বৰ্গ ৰচনা কৰোঁতা। প্ৰথমে পিতাৰ প্ৰভাৱ বুদ্ধিত ধাৰণ কৰিব লাগে। এয়া হৈছে আত্মসকলৰ বেহদৰ পিতা। তেওঁকেই পতিত-পাৱন বুলি কয়। তোমালোক আত্মাসকল পৰমপিতা পৰমাত্মাৰ সন্তান। এইটো নিশ্চয় দৃঢ় কৰা। এইটো মূল কথা প্ৰথমে বুদ্ধিত ধাৰণ কৰিব লাগে। এইটো বুজিলে তেতিয়াহে আনন্দৰ পাৰা উৰ্দ্ধগামী হ’ব আৰু ক’ব যে আমি পিতাক নিশ্চয় স্মৰণ কৰিম। আমাৰ নিশ্চয় হৈছে, আমি পিতাক স্মৰণ কৰি বিশ্বৰ মালিক হ’মগৈ। এইটো আনন্দ বহুত থাকিব। বুদ্ধিমান হ’লে আৰু বুদ্ধিত পূৰা নিশ্চয় হ’লে তেতিয়া ক’ব এনেকুৱা বেহদৰ পিতা যিজন দাদাৰ শৰীৰত প্ৰৱেশ কৰে, প্ৰথমেতো তেওঁক সাক্ষাৎ কৰোঁ। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰাহে আমাৰ লগত বাৰ্তালাপ কৰিব পাৰিব। তোমালোক আত্মাসকলেতো তেওঁক সাক্ষাৎ কৰা নাই তেন্তে স্মৰণ কেনেকৈ কৰিবা। সন্তান তোলনীয়া হ’লে তেতিয়া স্মৃতিত আহিব। তোলনীয়া যদি নোহোৱা তেন্তে স্মৃতিত কেনেকৈ আহিব। প্ৰথমে তেওঁৰ হোৱা। এনেকুৱা পিতাকতো তৎক্ষণাৎ সাক্ষাৎ কৰিব লাগে। পিতায়ো এইটোৱে সুধিব - তোমালোকে নিজক আত্মা বুলি ভাবানে? মই তোমালোক আত্মাসকলৰ পিতা হওঁ। শিৱবাবাই তোমালোকৰ সৈতে বাৰ্তালাপ কৰি আছে। মোৰ আত্মাৰ পিতা গতিকে তোমালোকৰো পিতা। তেওঁ সোধে - তোমালোকৰ নিশ্চয় আছে যে সকলো আত্মাৰ পিতা যথাযথ এজনেই। তেৱেঁই উত্তৰাধিকাৰ দিব। পৱিত্ৰও হ’ব লাগে। তেওঁৰ বাহিৰে অন্য সকলো পাহৰি যাব লাগে। তোমালোক আত্মাসকল ঘৰৰ পৰা নাঙঠ (অশৰীৰী) হৈ আহিছিলা নহয় জানো। কোনো দেহ, সম্বন্ধ নাছিল। আত্মাই যেতিয়া শৰীৰত প্ৰৱেশ কৰে, ডাঙৰ হয় তেতিয়া তেওঁক বুজোৱা হয় যে এয়া তোমাৰ বাবা, এয়া অমুক। আত্মাতো সকলো সম্বন্ধৰ পৰা উপৰাম। আত্মা গুচি গ’লে তেতিয়া কোৱা হয় - তুমি মৰিলা মানে তোমাৰ কাৰণে জগতখন মৰি গ’ল। বন্ধন ৰহিত হৈ যায়। যেতিয়ালৈকে অন্য শৰীৰ নাপায়। মাতৃ গৰ্ভত গৈ বাহিৰলৈ ওলায় (জন্ম হয়), যেতিয়া বুজিব পৰা হয় তেতিয়া আহে সম্বন্ধৰ কথা। গতিকে ইয়াতো তোমালোক সন্তানসকলে বুজাব লাগে। জীৱন্তে সকলো পাহৰি যাব লাগে। এজন পিতাক স্মৰণ কৰা - এয়া হৈছে অব্যভিচাৰী স্মৃতি। ইয়াকেই যোগ বুলি কোৱা হয়। ইয়াততো মনুষ্যৰ অনেকৰ স্মৃতি থাকে। তোমালোকৰ হৈছে অব্যভিচাৰী স্মৃতি। আত্মাই জানে যে এই সকলো শৰীৰৰ সম্বন্ধ নাশ হৈ যাব। আমাৰ সম্বন্ধ এজন পিতাৰ লগত, পিতাক যিমান স্মৰণ কৰিবা, বিকৰ্ম বিনাশ হ’ব। এনেকুৱাও নহয় যে মিত্ৰ-সমন্ধীয়ক স্মৰণ কৰিলে কিবা বিকৰ্ম হ’ব। নহয়, বিকৰ্ম তেতিয়া হ’ব যেতিয়া এনেকুৱা কোনো ভুল কৰ্ম কৰিব। বাকী অন্য কাৰোবাক স্মৰণ কৰিলে বিকৰ্ম নহ’ব, অৱশ্যে হয়, সময় নষ্ট নিশ্চয় হ’ব। এজন পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হয়। এইটো হৈছে পাপ খণ্ডন কৰাৰ যুক্তি। বাকী সম্বন্ধ আদিতো স্মৃতিত থাকে। শৰীৰ নিৰ্বাহৰ অৰ্থে পেছাগত কাম-কাজ আদি সকলো কৰা কিন্তু যিমান সময় পোৱা পিতাক স্মৰণ কৰি থাকা, তেতিয়া খাদ (বিকাৰৰ লেপ) আঁতৰি যাব। মূল কথা হৈছে এইটো। ভিতৰত বিচাৰ কৰা যে পতিতৰ পৰা পাৱন কেনেকৈ হ’ম। পিতাক স্মৰণ কৰিব লাগে। গৃহস্থ ব্যৱহাৰত থাকিব লাগে। সন্ন্যাসী লোকসকলেও শৰীৰ ত্যাগ কৰি পুনৰ গৃহস্থীসকলৰ ওচৰতে গৈ জন্ম লয়। এনেকুৱাতো নহয় জন্ম-জন্মান্তৰৰ বাবে পাৱন হৈ যায়। নিৰ্বিকাৰী সৃষ্টিতো এতিয়া নাই। এয়া হৈছে বিকাৰী সৃষ্টি। ইয়াৰ পৰা কোনেও ওলাই যাব নোৱাৰে। বিকাৰী সৃষ্টিত থকাৰ বাবে কিবা নহয় কিবা ত্ৰুটি নিশ্চয় আছে। বাকী সৃষ্টিতো হয়েই দুখন - বিকাৰী সৃষ্টি আৰু নিৰ্বিকাৰী সৃষ্টি, পাৱন সৃষ্টিত দেৱতাসকল আছিল গতিকে বুজোৱাত বহুত সহজ হ'ব। এই পতিত সৃষ্টিৰ এতিয়া বিনাশ হ'ব। বিনাশ হোৱাৰ আগতে বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। বাবাই কয় - দেহৰ সম্বন্ধ ত্যাগ কৰি নিজক আত্মা বুলি নিশ্চয় কৰা আৰু পিতাক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ যাবা। পিতাই কয় - তোমালোকে মোক পতিত-পাৱন বুলি কোৱা নহয় জানো। গংগাত ডুব মাৰোঁতাতো বহুত আছে। এনেকুৱা হয় জানো যে পাৱন হৈ যাব! প্ৰদৰ্শনীত বহুত ভালদৰে বুজাবলগীয়া হয়। প্ৰজাপিতাতো ইয়াতহে লাগে। তলত এয়া ব্ৰহ্মা আৰু ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে তপস্যা কৰি আছে। গতিকে এইটো কথা ভালদৰে বুজাব লাগে। যিকোনো লোককে অন্তৰেৰে বুজাব লাগে। ওপৰে ওপৰে বুজালে বদনাম কৰি দিব। যদি দেখিবলৈ পোৱা যে মই ক’ৰবাত বিবুদ্ধিত পৰোঁ তেতিয়া কোৱা - বাৰু অলপ অপেক্ষা কৰক মই আন এগৰাকী ভগ্নীক পঠিয়াইছোঁ। এজন আনজনতকৈ পাকৈত হয় নহয় জানো। প্ৰদৰ্শনী, মেলাত বিচাৰ কৰিব লাগে যে সঠিককৈ বুজাইছেনে। কোনোবাই তৰ্কতো নকৰে। প্ৰৱেশ দ্বাৰতো পৰিচিতজনক ৰাখিব লাগে। অনেক প্ৰকাৰৰ আহে নহয় জানো। জ্যেষ্ঠ ব্যক্তিক নিশ্চয় সন্মান দিব। পাৰ্থক্যতো নিশ্চয় থাকিব। এই ক্ষেত্ৰত এইটো উদয় হ'ব নালাগে যে এওঁৰ প্ৰতি স্নেহ আছে, এওঁৰ প্ৰতি নাই। দ্বৈত দৃষ্টি আছে, এনেকুৱা নহয়। ইয়াক দ্বৈত বুলি কোৱা নহয়। তেওঁলোকে ভাবে ইয়াত ডাঙৰ ব্যক্তিৰ আদৰ-সৎকাৰ কৰা হয়। সেৱাধাৰীসকলৰ আদৰ-সৎকাৰ কৰিব নহয় জানো। কোনোবাই ঘৰ নিমাৰ্ণ কৰি দিলে তেন্তে আদৰ-সৎকাৰতো নিশ্চয় কৰিব নহয় জানো। তোমালোকৰ বাবেইতো ঘৰ নিমাৰ্ণ কৰা হৈছে নহয় জানো। যিসকলে পৰিশ্ৰম কৰি ৰজা হয় তেতিয়া প্ৰজাই স্বাভাৱিকতে আদৰ-সৎকাৰ কৰিব নহয় জানো। কম পদধাৰীসকলতকৈ উচ্চ পদধাৰীসকলৰ আদৰ-সৎকাৰতো হ’বই নহয় জানো। গোটেই সৃষ্টিৰ আত্মাসকল হৈছে বেহদৰ পিতাৰ সন্তান। কিন্তু জন্ম লৈছে ভাৰতত। ভাৰতবাসী যিসকল প্ৰথমে উচ্চ আছিল, এতিয়া নীচ হৈ গ'ল। গতিকে পিতাই কয় - মই পঢ়াবলৈ আহিছোঁ। মই ভাৰতত আহোঁ তেতিয়া সকলোৰে কল্যাণ হৈ যায়। বিশেষ আৰু সাধাৰণ থাকেই নহয় জানো। এতিয়া ভাৰতহে নৰক পুনৰ স্বৰ্গ হ'ব লাগে। গতিকে ভাৰতলৈকৈ যাব নহয় জানো, অন্য স্থানত গৈ কি কৰিম। ভাৰততহে ভক্তি মাৰ্গত পোন প্ৰথমে সোমনাথৰ বৰ সুন্দৰ মন্দিৰ নিৰ্মাণ কৰিছিল। যেনেকৈ অতিকৈ ডাঙৰ গীৰ্জা বিলাততহে নিৰ্মাণ কৰিব কিয়নো পোপে হস্তগত কৰা ৰাজ্য আছে। সকলো গীৰ্জা একেধৰণৰ নহয়। ক্ৰমানুসৰিতো হ’ব নহয় জানো। সোমনাথৰ মন্দিৰ কিমান হীৰা-মুকুতাৰে ভৰপূৰ আছিল, মুছলমান আদিয়ে লুটি লৈ গ'ল। বহুত ধনৱান আছিল। গীৰ্জাৰ পৰা কি লুটিব। মনুষ্য ধনৰ পিছত পৰে নহয় জানো। মহম্মদ গজনৱীয়ে কিমান লৈ গ'ল। আকৌ ইংৰাজ আহিল, তেওঁলোকেও ইয়াৰ পৰা ধন পঠিয়াই আছিল। বহুত ধন লৈ গ'ল। এতিয়া সেইবোৰ তোমালোকে উভটাই পাই আছা, কোটি কোটি টকা দিয়ে। এয়া সকলোবোৰ প্ৰয়োজনৰ সময়ত পাই থকা হৈছে। ধন নাপালে তেন্তে সংকটৰ সময়ত কেনেকৈ চলিব। পিতাই বুজায় - এইখন নাটক কেনেকৈ ৰচনা কৰি থোৱা আছে। এয়া লেন-দেনৰ হিচাপ কেনেকুৱা। তথাপিও তোমালোক সন্তানসকল এতিয়া স্বৰ্গৰ মালিক হ'ব লাগে। এই বিশ্বৰ ইতিহাস-ভূগোল কেনেকৈ ঘূৰে, সেয়াও সন্তানসকলক বুজোৱা হৈছে। তথাপিও কয় - সন্তানসকল মনমনাভাৱ (নিজক আত্মা বুলি বুজি মোক পৰমাত্মাক স্মৰণ কৰা)। এই সকলোবোৰ আকৌ পুনৰাবৃত্তি হ'ব। প্ৰতিটো বস্তু সতোৰ পৰা তমোপ্ৰধান হৈ যায়। দিনত পেছাগত কাম-কাজ আদি কৰি থাকা সেইখিনি সময় বাদ দিয়া। বাকী যিমান সময় পোৱা মোক স্মৰণ কৰা। পেছাগত কাম-কাজ আদিতো কেতিয়াবা কেতিয়াবা সময় পোৱা যায়। কিছুমানৰ এনেকুৱা চাকৰি যে কেৱল চহী কৰে, শেষ। এনেকৈও বহুত আজৰি হৈ থাকে। তথাপিও ৰাতিৰ সময়খিনিতো নিজৰ। দিনত শৰীৰ নিৰ্বাহৰ অৰ্থে উপাৰ্জন কৰা, ৰাতি আকৌ এয়া উপাৰ্জন কৰা। এয়া হৈছে ভৱিষ্যত 21 জন্মৰ বাবে। কোৱা হয় এক ঘণ্টা, আধা ঘন্টা - যিমান সম্ভৱ পিতাৰ স্মৃতিত থাকা তেতিয়া তোমালোকৰ বহুত উপাৰ্জন হব। যিসকল বিচাৰ বুদ্ধি সম্পন্ন হ’ব তেওঁলোকে বুজিব যে যথাযথ বহুত উপাৰ্জন কৰিব পাৰি। কোনো-কোনোৱে খতিয়ানো লিখে - মই ইমান সময় স্মৰণ কৰিলোঁ। অজ্ঞান কালতো কোনোবাই নিজৰ দিনচৰ্যা লিখে। তোমালোকেও খতিয়ান লিখিলে তেতিয়া মনোযোগ থাকিব। কোনো সময় নষ্টতো নহয়! কোনো বিকৰ্মতো নকৰিলোঁ! ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো দেহধাৰীক স্মৰণ কৰি সময় নষ্ট নকৰিবা। এনেকুৱা কোনো ভুল কৰ্ম যাতে নহয় যিটো বিকৰ্ম হৈ যায়।

(2) জীৱন্তে সকলো পাহৰি এজন পিতাক স্মৰণ কৰিব লাগে। জীৱন নিৰ্বাহৰ অৰ্থে কৰ্মও কৰিব লাগে। তাৰ লগে লগে বিচাৰ বুদ্ধি সম্পন্ন হৈ ৰাতি জাগিও এই অবিনাশী উপাৰ্জন কৰিব লাগে। স্মৃতিৰ খতিয়ান ৰাখিব লাগে।

বৰদান:
সম্পূৰ্ণ অৱস্থা আৰু পদ মৰ্যাদাৰ স্মৃতিৰে সদায় উচ্চ কৰ্তব্য কৰোঁতা পিতাৰ সমান হোৱা

সদায় যাতে এইটো স্মৃতিত থাকে যে মই সকলো সময়ত, প্ৰতিটো ছেকেণ্ডত প্ৰতিটো কৰ্ম কৰি মঞ্চত আছোঁ তেতিয়া কৰ্মৰ প্ৰতি মনযোগ থকা বাবে সম্পূৰ্ণ অৱস্থাৰ সমীপত আহি যাবা। লগতে বৰ্তমান আৰু ভৱিষ্যত পদ মৰ্যাদাৰ স্মৃতি থাকিলে প্ৰতিটো কৰ্মই শ্ৰেষ্ঠ হ’ব। এই দুটা স্মৃতিয়েই পিতাৰ সমান কৰি তুলিব। সমানতাত আহিলে ইজনে সিজনৰ মনৰ সংকল্প অতি সহজতে ধৰি ল’বা। ইয়াৰ বাবে কেৱল সংকল্পৰ ওপৰত নিয়ন্ত্ৰণ শক্তি লাগে। নিজৰ সংকল্পত যাতে মিশ্ৰণ নাথাকে।

স্লোগান:
ঈৰ্ষা আৰু অপ্ৰাপ্তিৰ কাৰণ হৈছে ইচ্ছা, য’ত সৰ্ব প্ৰাপ্তি আছে ত’ত প্ৰসন্নতা আছে।


অব্যক্ত ইংগিত: এতিয়া নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা

প্ৰতিটো ছেকেণ্ড আৰু প্ৰতিটো সংকল্প পৰীক্ষা কৰা—কিবা দিলানে? লোৱাটো নাই? দি যোৱা। পিতাৰ পৰা ল'ব লাগে, সেয়াতো লৈয়ে ল’লা; এতিয়া দিব লাগে। যিমানে দিয়াত ব্যস্ত থাকিবা, সিমানেই কোনো সমস্যা বা কথা অতিক্ৰম কৰা টান যেন নালাগিব। সকলো কথা অতি সহজ হৈ যাব, কিয়নো মহাদানী হ'লে মহান শক্তিৰ প্ৰাপ্তি স্বতঃ হয়।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]