22.12.25 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“পিতা যি হয়, যেনেকুৱা হয়, তেওঁক যথাৰ্থ ৰূপত চিনি স্মৰণ কৰা, ইয়াৰ কাৰণে নিজৰ
বুদ্ধি বিশাল কৰি তোলা ”
প্ৰশ্ন:
পিতাক গৰিবৰ
ত্ৰাণকৰ্তা বুলি কিয় কোৱা হৈছে?
উত্তৰ:
কিয়নো এই সময়ত যেতিয়া গোটেই সৃষ্টি গৰিব অৰ্থাৎ দুখী হৈ গৈছে তেতিয়া পিতা আহিছে
সকলোকে দুখৰ পৰা মুক্ত কৰিবলৈ। বাকী কাৰোবাক পুতৌ কৰি কাপোৰ দিয়া, পইচা দিয়া সেয়া
কোনো ডাঙৰ কথা নহয়। ইয়াৰ দ্বাৰা তেওঁলোক কোনো চহকী হৈ নাযায়। এনেকুৱা নহয় যে মই
এনেকুৱা নীচসকলক পইচা দি গৰিবৰ ত্ৰাণকৰ্তা বুলি ক’ম। মইতো গৰিব অৰ্থাৎ পতিতসকলক,
যাৰ জ্ঞান নাই তেওঁলোকক জ্ঞান দি পৱিত্ৰ কৰি তোলোঁ।
গীত:
য়হী বাহাৰ হে
দুনিয়া কো ভুল জানে কী……… (জগতক পাহৰি যোৱাৰ এয়াই সময়…....)
ওঁম্শান্তি।
অতি মৰমৰ
সন্তানসকলে গীতটি শুনিলাহঁক। সন্তানসকলে জানে গীতটিতো জগতৰ মনুষ্যই গাইছে। শব্দবোৰ
বহুত ভাল, এই পুৰণি সৃষ্টিক পাহৰিব লাগে। আগতে এনেকৈ বুজা নাছিল। কলিযুগী মনুষ্যৰো
বোধগম্য নহয় যে নতুন সৃষ্টিলৈ যাবলৈ হ’লে নিশ্চয় পুৰণি সৃষ্টিখনক পাহৰিব লাগিব।
যদিও ইমানখিনি বুজি পায় যে পুৰণি সৃষ্টি এৰিব লাগিব কিন্তু তেওঁলোকে ভাবে যে এতিয়াও
বহুত সময় বাকী আছে। নতুনৰ পৰা পুৰণি হ’ব, এইটোতো বুজি পায় কিন্তু সময় দীঘলীয়া কৰি
দিয়াৰ কাৰণে পাহৰি গৈছে। তোমালোকক এতিয়া সোঁৱৰাই দিয়া হয়, এতিয়া নতুন সৃষ্টি স্থাপনা
হয় সেয়েহে পুৰণি সৃষ্টিক পাহৰিব লাগে। পাহৰি গ’লে কি হ’ব? আমি এই শৰীৰ এৰি নতুন
সৃষ্টিলৈ যাম। কিন্তু অজ্ঞানকালত এনেকুৱা এনেকুৱা কথাবিলাকৰ অৰ্থৰ প্ৰতি কাৰো ধ্যান
নাযায়। যেনেকৈ পিতাই বুজায়, তেনেকৈ বুজাওঁতা অন্য কোনো নাই। তোমালোকে ইয়াৰ অৰ্থ
বুজিব পাৰা। সন্তানসকলে এইটোও জানে যে পিতা বহুত সাধাৰণ। অনন্য, ভাল ভাল
সন্তানসকলেও সম্পূৰ্ণকৈ নুবুজে। পাহৰি যায় যে এওঁৰ শৰীৰত শিৱবাবা আহে। কোনো
নিৰ্দেশনা দিলে তেতিয়া বুজি নাপায় যে এয়া শিৱবাবাৰ নিৰ্দেশনা। শিৱবাবাক গোটেই দিন
যেন পাহৰি গ’ল। সম্পূৰ্ণকৈ নুবুজাৰ কাৰণে তেওঁলোকে কামটো (পিতাৰ নিৰ্দেশনা কাৰ্যত
ৰূপায়িত) নকৰে। মায়াই স্মৰণ কৰিবলৈ নিদিয়ে। স্মৃতি স্থায়ী হৈ নাথাকে। যত্ন কৰোঁতে
কৰোঁতে অন্তিমত সেইটো অৱস্থা নিশ্চয় হ’ব। এনেকুৱা কোনো নাই যিয়ে এই সময়ত কৰ্মাতীত
অৱস্থা প্ৰাপ্ত কৰিছে। পিতা যি হয়, যেনেকুৱা হয় তেওঁক জানিবলৈ বিশাল বুদ্ধি লাগে।
কোনোবাই তোমালোকক
সুধিব বাপদাদাই গৰম কাপোৰ পিন্ধেনে? তেতিয়া ক’বা দুয়োজনে পিন্ধিয়েই আছে। শিৱবাবাই
ক’ব মই জানো গৰম কাপোৰ পিন্ধিম। মোৰ ঠাণ্ডা নালাগে। অৱশ্যে হয়, যাৰ শৰীৰত প্ৰৱেশ
কৰিছোঁ তেওঁৰ ঠাণ্ডা লাগিব। মোৰতো ভোক বা পিয়াহ একোৱে নালাগে। মইতো নিৰ্লেপ। সেৱা
কৰিও এই সকলোবোৰ কথাৰ পৰা উৰ্দ্ধত। মই খোৱা-বোৱা নকৰোঁ। এজন সাধুৱেও কৈছিল নহয় - মই
খোৱা-বোৱা নকৰোঁ…… তেওঁলোকে আকৌ কৃত্ৰিম বেশ ধাৰণ কৰি ল’লে। দেৱতাসকলৰ নামো বহুতে
ৰাখিছে। অন্য কোনো ধৰ্মত দেৱী-দেৱতা নহয়। ইয়াত কিমান মন্দিৰ আছে। বাহিৰততো একমাত্ৰ
শিৱবাবাকহে মানে। বুদ্ধিয়েও কয় পিতাতো এজনেই। পিতাৰ পৰাহে উত্তৰাধিকাৰ প্ৰাপ্ত হয়।
তোমালোক সন্তানসকলৰ বুদ্ধিত আছে - কল্পৰ এই পুৰুষোত্তম সংগমযুগতহে বাবাৰ পৰা
উত্তৰাধিকাৰ প্ৰাপ্ত হয়। যেতিয়া আমি সুখধামলৈ যাওঁ তেতিয়া বাকী সকলো শান্তিধামত থাকে।
তোমালোকৰ ভিতৰতো এইটো বোধ ক্ৰমানুসৰি আছে। যদি জ্ঞানৰ চিন্তনত থাকে তেন্তে তেওঁলোকৰ
বচনেই তেনেকুৱা উচ্চাৰিত হ’ব। তোমালোক বাবাৰ দ্বাৰা জ্ঞানী-যোগী হৈ আছা। তোমালোক
জ্ঞানীও হোৱা আৰু যোগীও হোৱা। জগতত আন কোনেও ক’ব নোৱাৰে যে আমি জ্ঞানী-যোগী।
তোমালোকে এতিয়া পঢ়ি আছা, অন্তিমলৈকে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি পঢ়ি থাকিবা। শিৱবাবা
আমাৰ আত্মাসকলৰ পিতা হয় নহয়। এইটোও অন্তৰেৰে অনুভৱ কৰা নহয়। ভক্তিমাৰ্গত জানো
অন্তৰেৰে অনুভৱ কৰে। ইয়াত তোমালোক সন্মুখত বহি আছা। বুজি পোৱা যে পিতা পুনৰ এই
সময়তহে আহিব অন্য কোনো সময়ত পিতা অহাৰ দৰকাৰেই নাই। সত্যযুগৰ পৰা ত্ৰেতালৈ আহিব
নালাগে। দ্বাপৰৰ পৰা কলিযুগলৈও আহিব নালাগে। তেওঁ আহেই কল্পৰ সংগমযুগত। পিতা হয়ো
গৰিবৰ ত্ৰাণকৰ্তা অৰ্থাৎ গোটেই সৃষ্টি যি দুখী গৰিব হৈ যায় তেওঁলোকৰ পিতা। এওঁৰ
অন্তৰত কি থাকিব? মই গৰিবৰ ত্ৰাণকৰ্তা। সকলোৰে দুখ অথবা দৰিদ্ৰতা দূৰ হৈ যাওঁক।
সেয়াতো জ্ঞান অবিহনে কম হ’ব নোৱাৰে। বাকী কাপোৰ আদি দিলে কোনো চহকী হৈ নাযায় নহয়।
গৰিবক দেখিলে মন যাব এওঁলোকক কাপোৰ দি দিওঁ, কিয়নো স্মৃতিলৈ আহে নহয় – মই গৰিবৰ
ত্ৰাণকৰ্তা। লগতে এইটোও বুজি পাওঁ - মই গৰিবৰ ত্ৰাণকৰ্তা কেৱল এই নীচসকলৰ বাবেই নহয়।
মই গৰিবৰ ত্ৰাণকৰ্তা হওঁ যিসকল একেবাৰে পতিত তেওঁলোকক পাৱন কৰি তোলোঁ। মই হওঁৱেই
পতিত-পাৱন। তেন্তে চিন্তন চলে, মই গৰিবৰ ত্ৰাণকৰ্তা কিন্তু পইচা আদি কেনেকৈ দিওঁ।
পইচা আদি দিওঁতাতো জগতত বহুত আছে। বহুত পুঁজি একত্ৰিত কৰে, যিবোৰ আকৌ অনাথ আশ্ৰমলৈ
পঠিয়াই দিয়ে। জানে যে অনাথ হৈ আছে অৰ্থাৎ যাৰ কোনো নাথ (গৰাকী) নাই। অনাথ মানে গৰিব।
তোমালোকৰো নাথ নাছিল অৰ্থাৎ পিতা নাছিল। তোমালোক গৰিব আছিলা, জ্ঞান নাছিল। যিসকল
জ্ঞানী-যোগী নহয়, তেওঁলোক গৰিব অনাথ। যিসকল জ্ঞানী-যোগী তেওঁলোকক সনাথ বুলি কোৱা হয়।
সনাথ চহকীক, অনাথ গৰিবক কোৱা হয়। তোমালোকৰ বুদ্ধিত আছে যে সকলো গৰিব, তেওঁলোকক কিবা
দি দিওঁ। পিতা গৰিবৰ ত্ৰাণকৰ্তা গতিকে ক’ব এনেকুৱা বস্তু দিওঁ যাৰ দ্বাৰা সদাকালৰ
কাৰণে চহকী হৈ যায়। বাকী এই কাপোৰ আদি দিয়াতোতো সাধাৰণ কথা। তাত আমি কিয় পৰো। আমিতো
তেওঁলোকক অনাথৰ পৰা সনাথ কৰি তোলোঁ। লাগিলে কোনোবা যিমানেই পদমপতি নহওঁক, কিন্তু
সেয়াও সকলো অল্পকালৰ বাবে। এয়া হৈছেই অনাথৰ সৃষ্টি। যদিও চহকী লোক আছে, সেয়াও
অল্পকালৰ বাবে। তাত সদায় সনাথ। তাত এনেকৈ কৰ্মৰ বাবে অনুতাপ কৰিবলগীয়া নহয়। ইয়াত
কিমান গৰিব। যাৰ ধন আছে, তেওঁলোকৰতো নিজৰ নিচা বাঢ়ি থাকে – আমি স্বৰ্গত আছোঁ। কিন্তু
নহয়, এয়া তোমালোকে জানা। এই সময়ত কোনো মনুষ্যই সনাথ নহয়, সকলো অনাথ। এই ধন আদিতো
সকলো মাটিত মিলি যাব। মনুষ্যই ভাবে মোৰ ইমান ধন আছে যে পুত্ৰ-নাতিয়ে ভোগ কৰি থাকিব।
পৰম্পৰা চলি থাকিব। কিন্তু এনেকৈ নচলিব। এয়াতো সকলো বিনাশ হৈ যাব সেইকাৰণে তোমালোকৰ
এই গোটেই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মিছে।
তোমালোকে জানা নতুন
সৃষ্টিক স্বৰ্গ, পুৰণি সৃষ্টিক নৰক বুলি কোৱা হয়। আমাক বাবাই নতুন সৃষ্টিৰ কাৰণে
চহকী কৰি আছে। এই পুৰণি সৃষ্টিতো নাশ হৈ যাব। পিতাই কিমান চহকী কৰি তোলে। এই
লক্ষ্মী-নাৰায়ণ চহকী কেনেকৈ হ’ল? কোনোবা চহকীৰ পৰা উত্তৰাধিকাৰ পালে নে যুদ্ধ কৰিলে?
যেনেকৈ আনে ৰাজ সিংহাসন প্ৰাপ্ত কৰে, তেনেকৈ ৰাজ সিংহাসন প্ৰাপ্ত কৰিলে নেকি? নে
কৰ্ম অনুসৰি এই ধন প্ৰাপ্ত কৰিলে? পিতাৰ কৰ্ম শিকোৱাটোতো একেবাৰে অনন্য।
কৰ্ম-অকৰ্ম-বিকৰ্ম শব্দকেইটিও স্পষ্ট হয় নহয়। শাস্ত্ৰত কিছুমান শব্দ আছে, আটাত
নিখমৰ পৰিমাণৰ নিচিনা। ক’ত ইমান কোটি মনুষ্য, বাকী 9 লাখ থাকেগৈ। এক চতুৰ্থাংশও
নহ’ল। গতিকে ইয়াক কোৱা হয় আটাত নিমখ। গোটেই সৃষ্টি বিনাশ হৈ যায়। বহুত কমসংখ্যক
সংগমযুগত থাকে। কোনোবাই আগতেই শৰীৰ এৰি গুচি যায়। তেওঁলোকে আকৌ অভ্যৰ্থনা জনাব।
যেনেকৈ ‘মুগলী’ কন্যাটি আছিল, ভাল আছিল গতিকে জন্ম একেবাৰে ভাল ঘৰত লৈছে নিশ্চয়।
ক্ৰমানুসৰি সুখতেই জন্ম লয়। সুখতো তেওঁ দেখিব, অলপ দুখো দেখিব। কৰ্মাতীত অৱস্থাতো
কাৰো হোৱা নাই। বহুত সুখী ঘৰত গৈ জন্ম ল’ব। এনেকৈ নুবুজিবা যে ইয়াত কোনো সুখী ঘৰ
নাই। বহুত পৰিয়াল ইমান ভালো আছে, কথাই নুসুধিবা। বাবাই (ব্ৰহ্মা বাবাই) দেখিছে।
বোৱাৰীসকলে এখন ঘৰতেই ইমান শান্তিত মিলা-প্ৰীতিৰে থাকে যে বচ্, সকলোৱে একেলগে ভক্তি
কৰে, গীতা পঢ়ে……। বাবাই সুধিলে - ইমানবোৰ একেলগে থাকে, কাজিয়া আদি নহয়! তেতিয়া ক’লে
আমাৰ ওচৰতো স্বৰ্গ আছে, আমি সকলো একেলগে থাকোঁ। কেতিয়াও কাজিয়া-পেচাল নকৰোঁ,
শান্তিত থাকোঁ। এনেকৈ কয় যে ইয়াততো যেন স্বৰ্গ তেন্তে নিশ্চয় স্বৰ্গ অতীত হৈ গৈছে
সেইবাবে কয় নহয় যে ইয়াত যেন স্বৰ্গ বিৰাজমান। কিন্তু ইয়াততো বহুতৰে স্বৰ্গবাসী
হোৱাৰ স্বভাৱ দেখা পোৱা নাযায়। দাস-দাসীওতো হ’ব নহয়। এয়া ৰাজধানী স্থাপনা হয়। বাকী
যিসকল ব্ৰাহ্মণ হয় তেওঁলোক দৈৱী কুলত আহিবলগীয়া হয়। কিন্তু ক্ৰমানুসৰি। কোনোবাতো
বহুত অমায়িক হয়, সকলোকে মৰম কৰি থাকিব। কেতিয়াও কাৰো প্ৰতি ক্ৰোধ নকৰিব। ক্ৰোধ কৰিলে
দুখ হয়। যিয়ে মন-বাণী-কৰ্মৰে কাৰোবাক দুখেই দি থাকে – তেওঁলোকক কোৱা হয় দুখী আত্মা।
যেনেকৈ পুণ্য আত্মা, পাপ আত্মা বুলি কয় নহয়। শৰীৰৰ নাম লয় জানো? বাস্তৱত আত্মাহে হয়,
সকলো পাপ আত্মাও একে ধৰণৰ নহয়। পুণ্য আত্মাও সকলো একে ধৰণৰ নহয়। পুৰুষাৰ্থৰ ক্ৰম
অনুসৰি হয়। বিদ্যাৰ্থীয়ে নিজেই বুজি পায় নহয় যে মোৰ চৰিত্ৰ কেনেকুৱা, অৱস্থা
কেনেকুৱা? মই কেনেকৈ চলোঁ? সকলোকে মধুৰতাৰে কওঁনে? কোনোবাই কিবা ক’লে মই ওলট-পালট
উত্তৰতো নিদিওঁ? বাবাক বহুত সন্তানে কয় - সন্তানৰ প্ৰতি ক্ৰোধ আহি যায়। বাবাই কয় –
যিমান সম্ভৱ মৰমেৰে কাম আদায় কৰা। নিৰ্মোহীও হ’ব লাগে।
এইটোতো তোমালোক
সন্তানসকলে বুজি পোৱা - আমি এই লক্ষ্মী-নাৰায়ণ হ’ব লাগে। লক্ষ্য-উদ্দেশ্য সন্মুখত
আছে। কিমান উচ্চ লক্ষ্য-উদ্দেশ্য। পঢ়াওঁতাজনো আটাইতকৈ উচ্চ নহয় জানো। শ্ৰীকৃষ্ণৰ
মহিমা কিমান গায় – সৰ্বগুণ সম্পন্ন, 16 কলা সম্পন্ন…… এতিয়া তোমালোক সন্তানসকলে জানা
আমি সেয়া হৈ আছোঁ। তোমালোক ইয়ালৈ আহিছাই এয়া হ’বলৈ। তোমালোকৰ এয়া সঁচা সত্য-নাৰায়ণৰ
কথা হয়েই নৰৰ পৰা নাৰায়ণ হোৱাৰ। অমৰপুৰীলৈ যোৱাৰ অমৰ কথা (কাহিনী)। কোনো সন্ন্যাসী
আদিয়ে এই কথাবিলাক নাজানে। কোনো মনুষ্য মাত্ৰক জ্ঞানৰ সাগৰ বা পতিত-পাৱন বুলি কোৱা
নহ’ব। যিহেতু গোটেই সৃষ্টিখনেই পতিত গতিকে আমি পতিত-পাৱন বুলি কাক ক’ম? ইয়াত কোনো
পুণ্য আত্মা থাকিব নোৱাৰে। পিতাই বুজায় - এইখন সৃষ্টি হৈছে পতিত। শ্ৰীকৃষ্ণ হৈছে এক
নম্বৰ। তেওঁকো ভগৱান বুলি ক’ব নোৱাৰি। জন্ম-মৃত্যু ৰহিত এজনেই নিৰাকাৰ পিতা। গোৱা
হয় শিৱ পৰমাত্মায়ে নমঃ, ব্ৰহ্মা-বিষ্ণু-শংকৰক দেৱতা বুলি কৈ শিৱক পৰমাত্মা বুলি কয়।
গতিকে শিৱ আটাইতকৈ উচ্চ নহ’ল জানো। তেওঁ হৈছে সকলোৰে পিতা। উত্তৰাধিকাৰো পিতাৰ পৰাই
পোৱা যাব, সৰ্বব্যাপি বুলি ক’লে উত্তৰাধিকাৰ পোৱা নাযায়। পিতা হৈছে স্বৰ্গ স্থাপনা
কৰোঁতা গতিকে নিশ্চয় স্বৰ্গৰেই উত্তৰাধিকাৰ দিব। এই লক্ষ্মী-নাৰায়ণ হৈছে এক নম্বৰ।
পঢ়াৰ দ্বাৰা এই পদ পালে। ভাৰতৰ প্ৰাচীন যোগ কিয় প্ৰসিদ্ধ নহ’ব। যাৰ দ্বাৰা মনুষ্য
বিশ্বৰ মালিক হয় তাক কোৱা হয় সহজ যোগ, সহজ জ্ঞান। হয়ো বহুত সহজ, এটা জন্মৰ
পুৰুষাৰ্থৰ দ্বাৰাই কিমান প্ৰাপ্তি হৈ যায়। ভক্তিমাৰ্গততো জন্মৰ পাছত জন্ম উজুটি
খাই আহিলোঁ, একোৱেইতো নাপালোঁ। এয়াতো এটা জন্মতেই পোৱা যায় সেইবাবে সহজ বুলি কোৱা
হয়। ছেকেণ্ডত জীৱন মুক্তি বুলি কোৱা হয়। আজিকালিতো চোৱা কেনেকুৱা কেনেকুৱা উদ্ভাৱন
কৰি থাকে। বিজ্ঞানৰো চমৎকাৰ আছে। শান্তিৰো চমৎকাৰ চোৱা কেনেকুৱা? সেই সকলোবোৰ কিমান
দেখিবলৈ পোৱা যায়। ইয়াত একোৱেই নাই। তোমালোকে শান্তিত বহি আছা, চাকৰি আদিও কৰা,
হাতেৰে কৰ্ম কৰি থাকা অন্তৰ পিতাৰ সৈতে…… অন্য আত্মাৰ অন্তৰ প্ৰেমাস্পদৰ সৈতে,
প্ৰেমিক-প্ৰেমিকাৰো গায়ন কৰা হৈছে নহয়। তেওঁলোক ইজন সিজনৰ চেহেৰাৰ প্ৰতি আকৰ্ষিত হয়,
বিকাৰৰ কথা নাথাকে। য’তেই বহে স্মৃতি আহি যাব। ৰুটি খাই থাকিব বচ্ সন্মুখত তেওঁক
চাই থাকিব। অন্তত তোমালোকৰ এইটো অৱস্থা হৈ যাব। বচ্ পিতাকেই স্মৰণ কৰি থাকিবা। ভাল
বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1)
জ্ঞানী-যোগী হৈ মুখেৰে সদায় সুখদায়ী বচন উচ্চাৰিত কৰিব লাগে, দুখদায়ী হ’ব নালাগে।
জ্ঞানৰ চিন্তনত থাকিব লাগে, মুখেৰে জ্ঞান ৰত্নহে উচ্চাৰিত কৰিব লাগে।
(2) নিৰ্মোহী হ’ব লাগে,
প্ৰত্যেকৰে পৰা মৰমেৰে কাম আদায় কৰিব লাগে, ক্ৰোধ কৰিব নালাগে। অনাথক সনাথ কৰি
তোলাৰ সেৱা কৰিব লাগে।
বৰদান:
নিজৰ ফৰিস্তা
ৰূপৰ দ্বাৰা গতি-সৎগতিৰ প্ৰসাদ বিলাওঁতা মাষ্টৰ গতি-সৎগতি দাতা হোৱা
বৰ্তমান সময়ত বিশ্বৰ
অনেক আত্মাই পৰিস্থিতিৰ বশীভূত হৈ চিয়ঁৰি আছে, কোনোবা মূল্যবৃদ্ধিৰ বাবে, কোনোবা
ভোকত, কোনোবা শাৰীৰিক ব্যাধিৰ বাবে, কোনোবা মনৰ অশান্তিত… সকলোৰে দৃষ্টি শান্তি
শিখৰৰ ফালে গৈ আছে। সকলোৱে চাই আছে হাহাকাৰৰ পাছত জয়জয়কাৰ কেতিয়া হ’ব। সেয়েহে এতিয়া
নিজৰ সাকাৰী ফৰিস্তা ৰূপৰ দ্বাৰা বিশ্বৰ দুখ দূৰ কৰা, মাষ্টৰ গতি সৎগতি দাতা হৈ
ভক্তসকলক গতি আৰু সৎগতিৰ প্ৰসাদ বিলোৱা।
স্লোগান:
মন ইমান শক্তিশালী কৰি তোলা যাতে কোনো পৰিস্থিতিয়ে মন বিচলিত কৰিব নোৱাৰে।
অব্যক্ত সংকেত: এতিয়া
সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা
এতিয়া সেৱাৰ কৰ্মৰ
বন্ধনতো নাহিবা। মোৰ স্থান, মোৰ সেৱা, মোৰ বিদ্যাৰ্থী, মোৰ সহযোগী আত্মা, এয়াও
সেৱাৰ কৰ্মৰ বন্ধন, এই কৰ্ম বন্ধনৰ পৰা কৰ্মাতীত। গতিকে কৰ্মাতীত হ’ব লাগে আৰু
“এইজন তেৱেঁই, এইজনেই সকলো” এইটো উপলব্ধি কৰাই আত্মাসকলক সমীপৰ ঠিকনাত আনিব লাগে।