23.03.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – মৌন হৈ থকাটোও বহুত ডাঙৰ গুণ, তোমালোকে মৌন হৈ থাকি পিতাক স্মৰণ কৰি থাকা তেতিয়া বহুত উপাৰ্জন জমা কৰি ল'বা”

প্ৰশ্ন:
কোনটো কথাই কৰ্ম সন্ন্যাসক সিদ্ধ কৰে, সেইটো কথা তোমালোকে ক'ব নোৱাৰা?

উত্তৰ:
ড্ৰামাত আছে যদি কৰি ল'ম, বাবাই কয় - এয়াতো কৰ্ম সন্ন্যাস হৈ গ'ল। তোমালোকে কৰ্মতো নিশ্চয় কৰিব লাগে। পুৰুষাৰ্থ অবিহনেতো পানীও পাব নোৱাৰি, সেয়েহে ড্ৰামা বুলি কৈ এৰি দিব নালাগে। নতুন ৰাজধানীত উচ্চ পদ পাবলৈ হ’লে বহুত পুৰুষাৰ্থ কৰা।

ওঁম্শান্তি।
পোন-প্ৰথমে সন্তানসকলক সাৱধান কৰি দিয়া হয় - পিতাক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। ‘মনমনাভৱ’। এই শব্দটিও ব্যাসদেৱে লিখিছে। সংস্কৃতততো পিতাই বুজোৱা নাই। পিতাইতো হিন্দীতেই বুজায়। সন্তানসকলক কয় যে পিতাক আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। এইষাৰ সহজ কথা যে হে সন্তানসকল মোক পিতাক স্মৰণ কৰা। লৌকিক পিতাই এনেকৈ নক’ব যে সন্তানসকল মোক নিজৰ পিতাক স্মৰণ কৰা। এয়া হৈছে নতুন কথা। পিতাই কয় - হে সন্তানসকল মোক নিজৰ নিৰাকাৰ পিতাক স্মৰণ কৰা। এইটোও সন্তানসকলে বুজি পায় যে আত্মিক পিতাই আমাৰ অৰ্থাৎ আত্মাসকলৰ লগত কথা পাতে। বাৰে বাৰে সন্তানসকলক পিতাক স্মৰণ কৰিবলৈ কোৱাটো শোভা নাপায়। যিহেতু সন্তানসকলে জানে আমাৰ দায়িত্ব হৈছে আত্মিক পিতাক স্মৰণ কৰা, তেতিয়াহে বিকৰ্ম বিনাশ হ'ব। সন্তানসকলে নিৰন্তৰ স্মৰণ কৰাৰ চেষ্টা কৰিবলগীয়া হয়। এই সময়ত কোনেও নিৰন্তৰ স্মৰণ কৰিব নোৱাৰে, সময় লাগে। এই পিতাই (ব্ৰহ্মাই) কয় ময়ো নিৰন্তৰ স্মৰণ কৰিব নোৱাৰোঁ। এইটো অৱস্থা পাছলৈ স্থায়ী হ'ব। তোমালোক সন্তানসকলে প্ৰথম পুৰুষাৰ্থ পিতাক স্মৰণ কৰাটোৱেই কৰিব লাগে। শিৱবাবাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত হয়। ভাৰতবাসীৰে কথা। এয়া দৈৱী ৰাজধানীৰ স্থাপনা হয়, অন্য যি ধৰ্ম প্ৰতিষ্ঠা কৰে সেই ক্ষেত্ৰত কোনোধৰণৰ কঠিনতা নাথাকে, প্ৰতিষ্ঠাপকৰ পিছে পিছে আহিয়েই থাকে। ইয়াত দেৱী-দেৱতা ধৰ্মৰ যিসকল আছে তেওঁলোকক জ্ঞানেৰে আৰোহণ কৰাবলগীয়া হয়। পৰিশ্ৰম হয়। গীতা, ভাগৱত শাস্ত্ৰসমূহত এইটো নাই যে পিতাই সংগমত ৰাজধানী স্থাপন কৰে। গীতাত লিখা আছে যে পাণ্ডৱসকল পাহাৰলৈ গুচি গ'ল, প্ৰলয় হ'ল আদি আদি......। বাস্তৱত এনেকুৱা কথাতো নহয়। তোমালোকে এতিয়া পঢ়ি আছা ভৱিষ্যত 21 জন্মৰ কাৰণে। অন্য স্কুলসমূহত ইয়াৰ কাৰণেই পঢ়ায়। সাধু-সন্ত আদি যিসকল আছে তেওঁলোকে ভৱিষ্যতৰ কাৰণেই পঢ়ায় কিয়নো তেওঁলোকে ভাবে আমি শৰীৰ ত্যাগ কৰি মুক্তিধামলৈ গুচি যাম, ব্ৰহ্মত লীন হৈ যাম। আত্মা পৰমাত্মাত মিলি যাব। তেন্তে সেয়াও হ'ল ভৱিষ্যতৰ কাৰণে। কিন্তু ভৱিষ্যতৰ কাৰণে পঢ়াওঁতা এজনেই আত্মিক পিতা। দ্বিতীয় কোনো নাই। গায়ন কৰাও হৈছে সকলোৰে সৎগতি দাতা এজনেই। সেয়াতো সকলো অযথাৰ্থ হৈ যায়। এয়া পিতাহে আহি বুজায়। তেওঁলোকেও সাধনা কৰি থাকে। ব্ৰহ্মত লীন হোৱাৰ সাধনা হৈছে অযথাৰ্থ। লীনতো কোনো হ'ব নালাগে। ব্ৰহ্ম মহাতত্ত্ব কোনো ভগৱান নহয়। এই সকলোবোৰ ভুল। মিছাখণ্ডত হৈছে সকলোবোৰ মিছা কওঁতা। সত্যখণ্ডত হৈছে সকলো সত্য কওঁতা। তোমালোকে জানা সত্যখণ্ড ভাৰতত আছিল, এতিয়া মিছাখণ্ড। পিতাও ভাৰতলৈকে আহে। শিৱ জয়ন্তী পালন কৰে কিন্তু এইটো জানো জানে যে শিৱই আহি ভাৰতক সত্যখণ্ড কৰি তুলিছে। তেওঁলোকে ভাবে নাহেই। তেওঁ নাম-ৰূপৰ পৰা উৰ্দ্ধত। কেৱল মহিমা যি গায় পতিত-পাৱন, জ্ঞানৰ সাগৰ সেয়াও এনেয়ে ভাটৌৰ সদৃশ কৈ দিয়ে। পিতাহে আহি বুজায়। শ্ৰীকৃষ্ণ জয়ন্তী পালন কৰে, গীতা জয়ন্তীও আছে। কয় - শ্ৰীকৃষ্ণ আহি গীতা শুনালে। শিৱ জয়ন্তীৰ ক্ষেত্ৰত কোনেও গম নাপায় যে শিৱই আহি কি কৰে। আহিবনো কেনেকৈ? যিহেতু নাম-ৰূপৰ পৰা উৰ্দ্ধত বুলি কয়। পিতাই কয় - মইহে বহি সন্তানসকলক বুজাওঁ আকৌ এই জ্ঞান প্ৰায় লোপ হৈ যায়। পিতাই নিজেই কয় যে মই আহি ভাৰতক পুনৰাই স্বৰ্গ কৰি তোলোঁ। কোনোবাতো পতিত-পাৱন থাকিব নহয়। মুখ্য ভাৰতৰে কথা। ভাৰতেই পতিত। পতিত-পাৱনকো ভাৰততেই আহ্বান জনায়। নিজেই কয় - বিশ্বত চয়তানৰ ৰাজত্ব চলি আছে। বোমা আদি তৈয়াৰ কৰি থাকে। তাৰ দ্বাৰা বিনাশ হ'ব। প্ৰস্তুতি চলাই আছে। যেন তেওঁলোক ৰাৱণৰ দ্বাৰা প্ৰেৰিত হৈ আছে। ৰাৱণৰ ৰাজ্য কেতিয়া শেষ হ'ব? ভাৰতবাসীয়ে ক'ব যেতিয়া শ্ৰীকৃষ্ণ আহিব। তোমালোকে বুজোৱা শিৱবাবাৰ আগমন হৈছে। তেৱেঁই সকলোৰে সৎগতি দাতা। পিতাই কয় - মোক স্মৰণ কৰা। এইষাৰ কথা অন্য কোনেও ক'ব নোৱাৰে। পিতাইহে কয় - মোক স্মৰণ কৰা তেতিয়া খাদ আঁতৰি যাব। তোমালোক সতোপ্ৰধান আছিলা, এতিয়া তোমালোক আত্মাত খাদ পৰিছে। সেয়া স্মৃতিৰ দ্বাৰাহে আঁতৰিব, ইয়াক স্মৃতিৰ যাত্ৰা বুলি কোৱা হয়। মইহে পতিত-পাৱন হওঁ। মোক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব, ইয়াক যোগ অগ্নি বুলি কোৱা হয়। সোণ জুইত পুৰি তাৰপৰা অশুদ্ধি আঁতৰায়। পুনৰ সোণত খাদ (অন্য ধাতু) মিহলাবৰ কাৰণেও জুইত পোৰে। পিতাই কয় সেয়া হৈছে কাম চিতা। এয়া হৈছে জ্ঞান চিতা। এই যোগ অগ্নিৰ দ্বাৰা খাদ আঁতৰিব আৰু তোমালোক শ্ৰীকৃষ্ণ পুৰীলৈ যোৱাৰ যোগ্য হৈ যাবা। শ্ৰীকৃষ্ণ জয়ন্তীত শ্ৰীকৃষ্ণক আহ্বান জনায়। তোমালোকে জানা শ্ৰীকৃষ্ণয়ো পিতাৰ পৰা উত্তৰাধিকাৰ পায়। শ্ৰীকৃষ্ণ স্বৰ্গৰ মালিক আছিল। পিতাই শ্ৰীকৃষ্ণক এই পদ দিলে। ৰাধা-কৃষ্ণই পুনৰ লক্ষ্মী-নাৰায়ণ হয়। ৰাধা-কৃষ্ণৰ জন্ম দিন পালন কৰে। লক্ষ্মী-নাৰায়ণৰ বিষয়ে কোনেও নাজানে। মনুষ্য একেবাৰে বিবুদ্ধিত পৰি আছে। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা সেয়েহে অন্যকো বুজাব লাগে। পোন-প্ৰথমে সুধিব লাগে গীতাত যি কোৱা হৈছে – “মামেকম্ স্মৰণ কৰা”, এয়া কোনে কৈছে? তেওঁলোকে ভাবে শ্ৰীকৃষ্ণই কৈছে। তোমালোকে বুজি পোৱা ভগৱান নিৰাকাৰ। তেওঁৰ পৰাই উচ্চ অৰ্থাৎ শ্ৰেষ্ঠ মত পোৱা যায়। উচ্চতকৈও উচ্চ পৰমপিতা পৰমাত্মাই হয়। তেওঁৰেই নিশ্চয় শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ মত। সেই এজনৰ শ্ৰীমতেৰেহে সকলোৰে সৎগতি হয়। গীতাৰ ভগৱান বুলি ব্ৰহ্মা, বিষ্ণু, শংকৰকো ক'ব নোৱাৰি। তেওঁলোকে আকৌ শৰীৰধাৰী শ্ৰীকৃষ্ণক গীতাৰ ভগৱান বুলি কৈ দিয়ে। গতিকে ইয়াৰ দ্বাৰা সিদ্ধ হয় ক’ৰবাত নিশ্চয় ভুল হৈছে। তোমালোকে বুজি পোৱা মনুষ্যৰ ডাঙৰ ভুল হৈছে। ৰাজযোগতো পিতাই শিকাইছে, তেৱেঁই পতিত-পাৱন। যিবোৰ ভীষণ ভুল হৈছে তাৰ ওপৰত জোৰ দিব লাগে। এটাতো ঈশ্বৰক সৰ্বব্যাপী বুলি কোৱাটো, দ্বিতীয়তে আকৌ শ্ৰীকৃষ্ণক গীতাৰ ভগৱান বুলি কোৱাটো, কল্প লাখ লাখ বছৰ বুলি কোৱাটো – এইকেইটা হৈছে ভীষণ ভূল। কল্প লাখ লাখ বছৰৰ হ'ব নোৱাৰে। পৰমাত্মা সৰ্বব্যাপী হ'ব নোৱাৰে। এনেকৈ কয় যে তেওঁ প্ৰেৰণাৰে সকলোবোৰ কৰে, কিন্তু নহয়। প্ৰেৰণাৰে জানো পাৱন কৰি তুলিব। এয়াতো পিতাই বহি সন্মুখত বুজায় মামেকম্ স্মৰণ কৰা। প্ৰেৰণা শব্দটি ভুল। যদিওবা কোৱা হয় শংকৰৰ প্ৰেৰণাৰে বোমা আদি তৈয়াৰ কৰে, কিন্তু এয়া ড্ৰামাত সকলোবোৰ নিৰ্ধাৰিত হৈ আছে। এই যজ্ঞৰ পৰাই এই বিনাশৰ জুই প্ৰজ্বলিত হৈছে। প্ৰেৰণা নিদিয়ে। এয়াতো বিনাশৰ অৰ্থে নিমিত্ত হৈছে। ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। শিৱবাবাৰেই সকলো ভূমিকা। তেওঁৰ পাছত আকৌ ভূমিকা হৈছে ব্ৰহ্মা, বিষ্ণু, শংকৰৰ। ব্ৰহ্মাই ব্ৰাহ্মণ ৰচনা কৰে। তেৱেঁই আকৌ বিষ্ণুপুৰীৰ মালিক হয়। পুনৰ 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগাই তোমালোক আহি ব্ৰহ্মা বংশী হৈছা। লক্ষ্মী-নাৰায়ণেই আহি আকৌ ব্ৰহ্মা-সৰস্বতী হয়। এইটোও বুজোৱা হৈছে যে এওঁৰ দ্বাৰা তুলি লয় সেয়েহে এওঁক জ্যেষ্ঠ ‘মা’ বুলি কয়। তেওঁ আকৌ নিমিত্ত হৈছে। কলহ মাতাসকলক দিয়া হয়। সকলোতকৈ ডাঙৰ বীণা সৰস্বতীক দিছে। সকলোতকৈ তীক্ষ্ণ। বাকী বীণা বা বাদ্যযন্ত্ৰ আদি একো নাই। সৰস্বতীৰ জ্ঞান মুৰুলী ভাল আছিল। তেওঁৰ ভাল মহিমা আছিল। নামতো বহুত দি দিছে। দেৱীসকলৰ পূজা হয়। তোমালোকে এতিয়া জানা আমিহে ইয়াত পূজ্য হওঁ পুনৰ পূজাৰী হৈ নিজৰেই পূজা কৰিম। এতিয়া আমি ব্ৰাহ্মণ পুনৰ আমিয়েই পূজ্য দেৱী-দেৱতা হ'মগৈ, যথা ৰজা ৰাণী তথা প্ৰজা। দেৱীসকলৰ ভিতৰত যিসকলে উচ্চ পদ প্ৰাপ্ত কৰে, তেওঁলোকৰ মন্দিৰো বহুত নিৰ্মাণ কৰা হয়। নাম প্ৰসিদ্ধও তেওঁলোকৰ হয় যিসকলে ভালদৰে পঢ়ে আৰু পঢ়ায়। গতিকে তোমালোকে এতিয়া জানা পূজ্য পূজাৰী আমিয়েই হওঁ। শিৱবাবাতো সৰ্বদা পূজ্য। সূৰ্যবংশী দেৱী-দেৱতা যিসকল আছিল তেওঁলোকেই পূজাৰী আকৌ ভক্ত হয়। নিজেই পূজ্য নিজেই পূজাৰীৰ ছিৰি বহুত ভালদৰে বুজায়। চিত্ৰ অবিহনেও তোমালোকে যিকোনো লোককে বুজাব পাৰা। যিসকলে শিকি যায় তেওঁলোকৰ বুদ্ধিত গোটেই জ্ঞান আছে। 84 জন্মৰ ছিৰি ভাৰতবাসীয়ে আৰোহণ আৰু অৱৰোহণ কৰে। তেওঁলোকৰ 84 জন্ম হয়। পূজ্য আছিলোঁ আকৌ আমি পূজাৰী হ'লোঁ। “আমিয়ে আছিলোঁ, আমিয়ে হ’মগৈ”ৰ অৰ্থও তোমালোকে বহুত ভালদৰে বুজিছা। আত্মাই পৰমাত্মা হ’ব নোৱাৰে। পিতাই “আমিয়ে আছিলোঁ, আমিয়ে হ’মগৈ”ৰ অৰ্থ বুজাইছে। আমিয়েই দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হ'লোঁ। “আমিয়ে আছিলোঁ”ৰ দ্বিতীয় কোনো অৰ্থ নাই। পূজ্য, পূজাৰীও ভাৰতবাসীয়ে হয় অন্য ধৰ্মত কোনো পূজ্য পূজাৰী নহয়। তোমালোকহে সূৰ্যবংশী, চন্দ্ৰবংশী হোৱা। কিমান ভাল বুজনি পাইছা। আমিয়ে দেৱী-দেৱতা আছিলোঁ। আমি আত্মাসকল নিৰ্বাণধামৰ নিবাসী। এই চক্ৰ ঘূৰিয়েই থাকে। যেতিয়া দুখ সন্মুখত আহে তেতিয়া পিতাক স্মৰণ কৰে। পিতাই কয় - মই দুখৰ সময়তহে আহি সৃষ্টিৰ পৰিৱৰ্তন কৰোঁ। এনেকুৱা নহয় যে নতুন সৃষ্টি ৰচনা কৰোঁ। নহয়, পুৰণিক নতুন কৰি তুলিবলৈ মই আহোঁ। পিতা আহেই সংগমত। এতিয়া নতুন সৃষ্টি ৰচনা হৈ আছে। পুৰণি নাশ হ'ব। এয়া হৈছে বেহদৰ কথা।

তোমালোক তৈয়াৰ হৈ গ’লে তেতিয়া গোটেই ৰাজধানী তৈয়াৰ হৈ যাব। কল্পই কল্পই যিসকলে যি পদ পাইছিল সেই অনুসৰি পুৰুষাৰ্থ চলি থাকে। এনেকুৱা নহয় যে ড্ৰামাত যি পুৰুষাৰ্থ কৰিছিলোঁ সেয়াই হ'ব। পুৰুষাৰ্থ কৰিব লাগে তেতিয়া কোৱা হয় কল্প পূৰ্বেও এনেকৈয়ে পুৰুষাৰ্থ কৰিছিলা। সদায় পুৰুষাৰ্থক উচ্চত ৰখা হয়। প্ৰালব্ধৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে। পুৰুষাৰ্থ অবিহনে প্ৰালব্ধ পাব নোৱাৰে। পুৰুষাৰ্থ অবিহনে পানীও খাব নোৱাৰে। ‘কৰ্ম সন্ন্যাস’ শব্দটি ভুল। পিতাই কয় - গৃহস্থালিতো থাকা। বাবাই সকলোকে ইয়াততো বহুৱাই নিদিয়ে। ‘শৰণাগতি’ বুলি গায়ন কৰা হৈছে। ভাতী তৈয়াৰ হ'বলগীয়া আছিল কিয়নো তেওঁলোকক অশান্ত কৰি তুলিলে। সেয়েহে আহি পিতাৰ ওচৰত শৰণ ল'লে। শৰণতো দিবলগীয়া হয় নহয়। শৰণ একমাত্ৰ পৰমপিতা পৰমাত্মাৰহে লোৱা হয়। গুৰু আদিৰ শৰণ লোৱা নহয়। যেতিয়া বহুত দুখ হয় তেতিয়া অশান্ত হৈ আহি শৰণ লয়। গুৰুসকলৰ ওচৰত কোনো অশান্ত হৈ নাযায়। তালৈতো এনেয়ে যায়। তোমালোক ৰাৱণৰ দ্বাৰা বহুত অশান্ত হৈছা। এতিয়া ৰাম আহিছে ৰাৱণৰ পৰা মুক্ত কৰিবলৈ। তেওঁ তোমালোকক শৰণ দিয়ে। তোমালোকে কোৱা বাবা আমি আপোনাৰ। গৃহস্থালিত থাকিও শৰণ শিৱবাবাৰ লৈছা। বাবা আমি আপোনাৰ মততে চলিম।

পিতাই শ্ৰীমত দিয়ে - গৃহস্থালিত থাকি মোক স্মৰণ কৰা আৰু সকলোৰে স্মৃতি ত্যাগ কৰা। মোৰ স্মৃতিৰেহে বিকৰ্ম বিনাশ হ'ব। কেৱল শৰণ লোৱাৰ কথা নহয়। সকলো স্মৃতিত থকাৰ ওপৰতে নিৰ্ভৰ কৰে। পিতাৰ বাহিৰে এনেকৈ কোনেও বুজাব নোৱাৰে। সন্তানসকলে বুজি পায় পিতাৰ ওচৰত ইমান লাখ লাখ আহি ক’ত থাকিব। প্ৰজাসকলো নিজৰ নিজৰ ঘৰত থাকে, ৰজাৰ ওচৰত জানো থাকে। গতিকে তোমালোকক কেৱল কোৱা হয় - এজনক স্মৰণ কৰা। বাবা আমি আপোনাৰ। আপুনিয়েই চেকেণ্ডত সৎগতিৰ উত্তৰাধিকাৰ দিওঁতা। ৰাজযোগ শিকাই ৰজাৰো ৰজা কৰি তোলে। পিতাই কয় - যিসকলে কল্প পূৰ্বে পিতাৰ পৰা উত্তৰাধিকাৰ লৈছিল তেওঁলোকেই আহি ল'ব। অন্তিমলৈকে সকলোৱে আহি পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগিব। এতিয়া তোমালোক পতিত হোৱাৰ কাৰণে নিজক দেৱতা বুলি ক'ব নোৱাৰা। পিতাই সকলোবোৰ কথা বুজায়। কয় - মোৰ নয়নৰ মণি, যেতিয়া তোমালোক সত্যযুগত আহা তেতিয়া তোমালোকে 01-01ৰ পৰা ৰাজত্ব কৰা। অন্য ধৰ্মৰ ক্ষেত্ৰত যেতিয়া বৃদ্ধি হ’ব, লাখৰ হিচাপত হ’ব তেতিয়াহে ৰাজত্ব চলে। তোমালোকে যুজঁ-বাগৰ কৰাৰ দৰকাৰ নাই। তোমালোকে যোগবলেৰে পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা। মৌন হৈ থাকি কেৱল পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। অন্তিমত তোমালোক মৌন হৈ থাকিবা তেতিয়া এই চিত্ৰ আদি কামত নাহিব। তোমালোক বুদ্ধিমান হৈ যাবা। পিতাই কয় - কেৱল মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। এতিয়া কৰা, নকৰা তোমালোকৰ ইচ্ছা। কোনো দেহধাৰীৰ নাম-ৰূপত আৱদ্ধ হ'ব নালাগে। পিতাক স্মৰণ কৰা তেতিয়া অন্তিমৰ স্থিতি অনুসৰি গতি হৈ যাব। তোমালোক মোৰ ওচৰলৈ আহি যাবা। সম্পূৰ্ণ উত্তীৰ্ণ হওঁতাসকলে ৰজাৰ পদ প্ৰাপ্ত কৰিব। সকলো স্মৃতিৰ যাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে। আগলৈ গৈ নতুনসকলো বহুত আগবাঢ়ি যাব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো দেহধাৰীৰ নাম-ৰূপত আৱদ্ধ হ'ব নালাগে। এজন পিতাৰ শ্ৰীমতত চলি সৎগতি পাব লাগে। মৌন হৈ থাকিব লাগে।

(2) ভৱিষ্যত 21 জন্মৰ কাৰণে ভালদৰে পঢ়িব আৰু অন্যকো পঢ়াব লাগে। পঢ়িলে আৰু পঢ়ালেহে নাম প্ৰসিদ্ধ হ'ব।

বৰদান:
নিজৰ মত আৰু পৰৰ মত ত্যাগ কৰি শ্ৰীমতত পদমৰ উপাৰ্জন জমা কৰোঁতা পদ্মাপদম ভাগ্যশালী হোৱা

শ্ৰীমতত চলাসকলে এটা সংকল্পও নিজৰ মত বা পৰৰ মতত কৰিব নোৱাৰে। স্থিতিৰ গতি যদি দ্ৰুত নহয়, তেন্তে নিশ্চয় শ্ৰীমতত কিবা নহয় কিবা নিজৰ মত বা পৰৰ মত মিহলি হৈ আছে। নিজৰ মত অৰ্থাৎ অল্পজ্ঞ আত্মাৰ সংস্কাৰ অনুসৰি যি সংকল্প উৎপন্ন হয়, সেই সংকল্পই স্থিতি অস্থিৰ কৰি দিয়ে। গতিকে পৰীক্ষা কৰা আৰু কৰোৱা, এটা খোজো যাতে শ্ৰীমত অবিহনে নিদিয়া, তেতিয়া পদমৰ উপাৰ্জন জমা কৰি পদ্মাপদম ভাগ্যশালী হ'ব পাৰিবা।

স্লোগান:
মনত যাতে সকলোৰে প্ৰতি কল্যাণৰ ভাৱনা সদায় থাকে - এয়াই বিশ্ব কল্যাণকাৰী আত্মাৰ কৰ্তব্য।


অব্যক্ত ইংগিত: নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা

পৰিস্থিতি লাগিলে যিয়েই নহওক, নিশ্চয়বুদ্ধিৰ সন্তানসকলে সেই পৰিস্থিতিত নিজৰ স্ব-স্থিতিৰ শক্তিৰে সদায় বিজয়ী অনুভৱ কৰিব। যদিও জগতৰ লোকে বা ব্ৰাহ্মণ পৰিয়ালৰ সৈতে সম্বন্ধ-সম্পৰ্কত থকা লোকসকলে ভাবিব বা ক'ব যে এওঁ পৰাজিত হৈ গ’ল - কিন্তু সেয়া পৰাজয় নহয়, বৰং জয়হে। যিকোনো সেৱাৰ, সংগঠনৰ, প্ৰকৃতিৰ পৰিস্থিতিয়ে স্বস্থিতি বা শ্ৰেষ্ঠ স্থিতি যদি অস্থিৰ কৰে তেন্তে এয়াও বন্ধনমুক্ত স্থিতি নহয়। এই বন্ধনৰ পৰাও মুক্ত হোৱা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]