23.07.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
যেতিয়া সময় পোৱা তেতিয়া একান্তত বহি বিচাৰ সাগৰ মন্থন কৰা, যিবোৰ সাৰ কথা শুনা সেয়া
পুনৰ অধ্যয়ন কৰা”
প্ৰশ্ন:
তোমালোকৰ
স্মৃতিৰ যাত্ৰা কেতিয়া পূৰা হ’ব?
উত্তৰ:
যেতিয়া তোমালোকৰ কোনো এটি কৰ্মেন্দ্ৰিয়ো প্ৰবঞ্চনা নকৰিব, কৰ্মাতীত অৱস্থা হৈ যাব
তেতিয়া স্মৃতিৰ যাত্ৰা পূৰা হ’ব। এতিয়া তোমালোকে পূৰা পুৰুষাৰ্থ কৰিব লাগে, নিৰাশ
হ’ব নালাগে। সেৱাত তৎপৰ হৈ থাকিব লাগে।
ওঁম্শান্তি।
মৰমৰ
সন্তানসকল আত্ম–অভিমানী হৈ বহি আছানে? সন্তানসকলে বুজি পায় যে আধাকল্প আমি
দেহ-অভিমানী হৈ আছোঁ। এতিয়া দেহী-অভিমানী হৈ থাকিবৰ বাবে পৰিশ্ৰম কৰিবলগীয়া হয়।
পিতাই আহি বুজায় - নিজক আত্মা বুলি বুজি বহা তেতিয়া পিতাৰ স্মৃতি আহিব। নহ’লে পাহৰি
যাবা। স্মৰণ নকৰিলে তেন্তে যাত্ৰা কেনেকৈ কৰিব পাৰিবা! পাপ কেনেকৈ খণ্ডন হ’ব!
লোকচান হৈ যাব। এয়াতো বাৰে বাৰে স্মৰণ কৰা। এইটো হৈছে মুখ্য কথা। বাকীতো পিতাই অনেক
প্ৰকাৰৰ যুক্তি শুনায়। অশুদ্ধ কি, শুদ্ধ কি - সেয়াও বুজাইছে। পিতাতো জ্ঞানৰ সাগৰ হয়।
ভক্তিকো জানে। সন্তানসকলে ভক্তিত কি কি কৰিবলগীয়া হয়। পিতাই বুজায় - এই যজ্ঞ তপ আদি
কৰা, এই সকলোবোৰ হৈছে ভক্তিমাৰ্গ। যদিও পিতাৰ মহিমা কৰে, কিন্তু ওলোটা। বাস্তৱত
শ্ৰীকৃষ্ণৰ মহিমাও পূৰা ৰীতি নাজানে। প্ৰতিটো কথা বুজিব লাগে নহয়। যেনেকৈ
শ্ৰীকৃষ্ণক বৈকুণ্ঠ নাথ বুলি কোৱা হয়। বাৰু, বাবাই সুধিছে, শ্ৰীকৃষ্ণক ত্ৰিলোকীনাথ
বুলি ক’ব পাৰিনে? ত্ৰিলোকীনাথ বুলি গায়ন কৰা হয় নহয়। এতিয়া ত্ৰিলোকৰ নাথ অৰ্থাৎ
তিনিও লোক মূললোক, সূক্ষ্মলোক, স্থূললোক। তোমালোক সন্তানসকলক বুজোৱা হয় যে তোমালোক
ব্ৰহ্মাণ্ডৰো মালিক হোৱা। শ্ৰীকৃষ্ণই এনেকৈ বুজে জানো যে মই ব্ৰহ্মাণ্ডৰ মালিক হওঁ?
নহয়। তেওঁতো বৈকুণ্ঠত আছিল। বৈকুণ্ঠ বুলি কোৱা হয় স্বৰ্গক; নতুন সৃষ্টিক। গতিকে
বাস্তৱত ত্ৰিলোকীনাথ কোনোৱেই নহয়। পিতাই সঠিক কথা বুজায়। তিনি লোকতো আছে।
ব্ৰহ্মাণ্ডৰ মালিক শিৱবাবাও হয়, তোমালোকো হোৱা। সূক্ষ্মলোকৰতো কথাই নাই। স্থূললোকতো
তেওঁ মালিক নহয়, স্বৰ্গৰো নহয়, নৰকৰো নহয়। শ্ৰীকৃষ্ণ হৈছে স্বৰ্গৰ মালিক। নৰকৰ
মালিক হৈছে ৰাৱণ। এইখনক ৰাৱণৰাজ্য, আসুৰি ৰাজ্য বুলি কোৱা হয়। মনুষ্যই কয়ো কিন্তু
বুজি নাপায়। তোমালোক সন্তানসকলক পিতাই বহি বুজায়। ৰাৱণৰ 10টা মূৰ দেখুৱাই দিয়ে। 5
বিকাৰ স্ত্ৰীৰ, 5 বিকাৰ পুৰুষৰ। এতিয়া 5 বিকাৰতো সকলোৰে ক্ষেত্ৰত আছে। সকলো আছেই
ৰাৱণৰাজ্যত। এতিয়া তোমালোক শ্ৰেষ্ঠাচাৰী হৈ আছা। পিতা আহি শ্ৰেষ্ঠাচাৰী সৃষ্টি ৰচনা
কৰে। একান্তত বহিলে এনেকুৱা এনেকুৱা বিচাৰ সাগৰ মন্থন চলিব। সেই পঢ়াৰ কাৰণেও
বিদ্যাৰ্থীয়ে একান্তত কিতাপ লৈ গৈ পঢ়ে। তোমালোকৰতো কিতাপ আদি পঢ়াৰ দৰকাৰ নাই। অৱশ্যে
হয়, তোমালোকে সাৰ কথাবোৰ টুকি ৰাখা। এয়া আকৌ আওৰাই থাকিব লাগে। এইবোৰ বুজিবলগীয়া অতি
গূঢ় কথা। পিতাই কয় নহয় যে আজি তোমালোকক গূঢ়তকৈও গূঢ় নতুন নতুন কথা বুজাই আছোঁ।
পাৰসপুৰীৰ মালিকতো লক্ষ্মী–নাৰায়ণ হয়। এনেকৈও কোৱা নহ’ব যে বিষ্ণু হয়। বিষ্ণুকো বুজি
নাপায় যে এয়াই লক্ষ্মী-নাৰায়ণ। এতিয়া তোমালোকে সংক্ষেপে লক্ষ্য-উদ্দেশ্যৰ বিষয়ে
বুজোৱা। ব্ৰহ্মা-সৰস্বতী পৰস্পৰ কোনো পুৰুষ-মহিলা নহয়। এওঁতো প্ৰজাপিতা ব্ৰহ্মা হয়
নহয়। প্ৰজাপিতা ব্ৰহ্মাক “গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ” বুলি ক’ব পাৰি, শিৱবাবাক কেৱল
পিতা বুলিয়ে ক’ব। বাকী সকলো হৈছে ভাই। ব্ৰহ্মাৰ ইমান অনেক সন্তান আছে। সকলোৱে গম
পায় - আমি ভগৱানৰ সন্তান ভাই হৈ গ’লোঁ। কিন্তু সেয়া হয় নিৰাকাৰী সৃষ্টিত। এতিয়া
তোমালোক ব্ৰাহ্মণ হৈছা। নতুন সৃষ্টি সত্যযুগক কোৱা হয়। ইয়াৰ নাম আকৌ পুৰুষোত্তম
সংগমযুগ ৰখা হৈছে। সত্যযুগত হয়েই পুৰুষোত্তম। এইবোৰ অতি বিস্ময়কৰ কথা। তোমালোক নতুন
সৃষ্টিৰ বাবে তৈয়াৰ হৈ আছা। এই সংগমযুগতে তোমালোক পুৰুষোত্তম হোৱা। এনেকৈ কয়ো যে আমি
লক্ষ্মী-নাৰায়ণ হ’ম। এওঁলোক হৈছে সকলোতকৈ উত্তম পুৰুষ। তেওঁলোকক আকৌ দেৱতা বুলি কোৱা
হয়। উত্তমতকৈও উত্তম এক নম্বৰ হৈছে লক্ষ্মী-নাৰায়ণ তাৰ পাছত ক্ৰমানুসৰি তোমালোক
সন্তানসকল হ’বাগৈ। সূৰ্যবংশী ৰাজবংশক উত্তম বুলি কোৱা হ’ব। প্ৰথম নম্বৰতো হয় নহয়।
লাহে লাহে কলা কম হয়।
এতিয়াতো তোমালোক
সন্তানসকলে নতুন সৃষ্টি উদ্ঘাটন কৰা। যেনেকৈ নতুন ঘৰ তৈয়াৰ হ’লে তেতিয়া সন্তানসকল
আনন্দিত হয়। উদ্ঘাটন কৰে। তোমালোক সন্তানসকলেও নতুন সৃষ্টিক দেখি আনন্দিত হোৱা। উদ্ঘাটন
কৰা। লিখাও আছে যে সোণৰ ফুলৰ বৰ্ষা হয়। তোমালোক সন্তানসকলৰ কিমান আনন্দৰ সীমা বাঢ়ি
যোৱা উচিত। তোমালোকে সুখ আৰু শান্তি দুয়োটাই পোৱা। অন্য কোনো নাই যিয়ে ইমান সুখ আৰু
শান্তি পায়। অন্য ধৰ্ম আহিলে তেতিয়া দ্বৈত হৈ যায়। তোমালোক সন্তানসকলৰ অপাৰ আনন্দ
আছে - আমি পুৰুষাৰ্থ কৰি উচ্চ পদ পাম। এনেকুৱা নহয় যে ভাগ্যত যি আছে সেয়াই পাম,
উত্তীৰ্ণ হ’বলগীয়া আছে যদি হ’ম। নহয়, প্ৰতিটো কথাত পুৰুষাৰ্থ নিশ্চয় কৰিব লাগে।
পুৰুষাৰ্থ কৰিব নোৱাৰে বাবে কৈ দিয়ে যি ভাগ্যত আছে হ’ব। তেতিয়া পুৰুষাৰ্থ কৰাই বন্ধ
হৈ যায়। পিতাই কয় - তোমালোক মাতাসকলক কিমান উচ্চ কৰি তোলোঁ। নাৰীৰ মান সকলো ঠাইতে
আছে। বিলাততো মান আছে। ইয়াত কন্যা সন্তান জন্ম ল’লে তেতিয়া বিচনা ওলোটাই দিয়ে।
সৃষ্টিখন একেবাৰে লেতেৰা। এই সময়ত তোমালোক সন্তানসকলে জানা যে ভাৰত কি আছিল, এতিয়া
কি হ’ল। মনুষ্যই পাহৰি গ’ল কেৱল শান্তি শান্তি বুলি বিচাৰি ফুৰে। বিশ্বত শান্তি
বিচাৰে। তোমালোকে এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ দেখুওৱা। যেতিয়া এওঁলোকৰ ৰাজত্ব আছিল
তেতিয়া পৱিত্ৰতা-সুখ-শান্তিও আছিল। তোমালোকে এনেকুৱা ৰাজ্য বিচৰা নহয়। মূললোকততো
বিশ্বৰ শান্তি বুলি ক’ব নোৱাৰি। বিশ্বত শান্তিতো ইয়াতেই হ’ব নহয়। দেৱতাসকলৰ ৰাজত্ব
গোটেই বিশ্বত আছিল। মূললোকতো হৈছে আত্মাসকলৰ জগত। মনুষ্যইতো এইটোও নাজানে যে
আত্মাসকলৰ জগত থাকে। পিতাই কয় - মই তোমালোকক কিমান উচ্চ পুৰুষোত্তম কৰি তোলোঁ। এইটো
বুজাবলগীয়া কথা। এনেকুৱা নহয় যে চিঞৰিবা ভগৱান আহিছে, তেতিয়া কোনেও মানি নল’ব। আৰুহে
গালি খাবা আৰু খুৱাবা। তেওঁলোকে ক’ব যে বি.কে.সকলে নিজৰ বাবাক ভগৱান বুলি কয়। এনেকৈ
সেৱা নহয়। বাবাই যুক্তি শুনাই থাকে। কোঠাত 8–10 খন চিত্ৰ বেৰত ভালকৈ আঁৰি দিয়া আৰু
বাহিৰত লিখি দিয়া - বেহদৰ পিতাৰ পৰা যদি বেহদৰ সুখৰ উত্তৰাধিকাৰ ল’ব বিচাৰে অথবা
মনুষ্যৰ পৰা দেৱতা হ’ব বিচাৰে তেন্তে আহক আমি আপোনালোকক বুজাম। এনেকৈ বহুত আহিবলৈ
ধৰিব। নিজে নিজেই আহি থাকিব। বিশ্বত শান্তিতো আছিল নহয়। এতিয়া ইমান অনেক ধৰ্ম আছে।
তমোপ্ৰধান সৃষ্টিত শান্তি কেনেকৈ হ’ব পাৰে। বিশ্বত শান্তি সেয়াতো ভগৱানেই কৰিব পাৰে।
শিৱবাবা আহে তেন্তে নিশ্চয় কিবা উপহাৰ লৈ আহিব। একমাত্ৰ পিতাই আছে যি ইমান দূৰৈৰ পৰা
আহে আৰু এই বাবা এবাৰেই আহে। ইমান মহান বাবা 5 হাজাৰ বছৰ পাছত আহে। ভ্ৰমণৰ পৰা উভতি
আহোঁতে তেতিয়া সন্তানসকলৰ বাবে উপহাৰ লৈ আহে নহয়। স্ত্ৰীৰ পতিও হয়, সন্তানসকলৰ
পিতাও হয় নহয়। আকৌ ককা, আজোককা, প্ৰপিতামহ হয়। এওঁক তোমালোকে বাবা বুলি কোৱা আকৌ
গ্ৰেণ্ড ফাদাৰো হ’ব। গ্ৰেট গ্ৰেণ্ড ফাদাৰো হ’ব। বংশবৃক্ষ আছে নহয়। আদম, আদি দেৱ নাম
আছে কিন্তু মনুষ্যই বুজি নাপায়। তোমালোক সন্তানসকলক পিতাই বহি বুজায়। পিতাৰ দ্বাৰা
সৃষ্টি চক্ৰৰ বুৰঞ্জী-ভূগোল তোমালোকে জানি চক্ৰৱৰ্তী ৰজা হৈ আছা। বাবাই কিমান মৰমেৰে
আৰু ৰুচিৰে পঢ়ায় গতিকে তেনেকৈ পঢ়িবও লাগে নহয়। ৰাতিপুৱাৰ সময়খিনিতো সকলোৱে আজৰি হৈ
থাকে। ৰাতিপুৱা পাঠদান হয় - আধাঘণ্টা বা পঞ্চলিচ মিনিট, মুৰুলী শুনি আকৌ গুচি যোৱা।
স্মৰণতো যিকোনো ঠাইত থাকি কৰিব পাৰা। ৰবিবাৰৰ দিনটিতো ছুটী থাকে। ৰাতিপুৱা 2–3 ঘণ্টা
বহি যোৱা। দিনৰ উপাৰ্জনৰ ঘাটি পূৰাই লোৱা। জোলোঙা পূৰা ভৰপূৰ কৰি লোৱা। সময়তো পোৱা
নহয়। মায়াৰ ধুমুহা আহিলে স্মৰণ কৰিব নোৱাৰে। বাবাই একেবাৰে সহজকৈ বুজায়।
ভক্তিমাৰ্গত কিমান সৎসংগলৈ যায়। শ্ৰীকৃষ্ণৰ মন্দিৰত, আকৌ শ্ৰীনাথৰ মন্দিৰত, আকৌ
অন্যৰ কাৰোবাৰ মন্দিৰলৈ যাব। যাত্ৰাতো কিমান ব্যভিচাৰী হৈ যায়। ইমান কষ্টও কৰে, লাভ
একোৱেই নাই। ড্ৰামাত এইটোও নিৰ্ধাৰিত হৈ আছে পুনৰাই হ’ব। তোমালোক আত্মাত ভূমিকা
নিহিত হৈ আছে। সত্যযুগত ত্ৰেতাত যি ভূমিকা কল্প পূৰ্বে পালন কৰিছিলা সেয়াই পালন
কৰিবা। ভোদা বুদ্ধিৰসকলে এইটোও বুজি নাপায়। যাৰ বুদ্ধি তীক্ষ্ণ তেওঁলোকে ভালদৰে বুজি
আনক বুজাব পাৰে। তেওঁলোকৰ অন্তৰত ভাৱনা উদয় হয় যে এয়া অনাদি নাটক ৰচি থোৱা আছে।
জগতত কোনেও বুজি নাপায় যে এয়া বেহদৰ নাটক। ইয়াক বুজিবলৈও সময় লাগে। প্ৰতিটো কথা
বিস্তাৰত বুজাই আকৌ কোৱা হয় - মুখ্য হৈছে স্মৃতিৰ যাত্ৰা। চেকেণ্ডত জীৱনমুক্তি
বুলিও গায়ন কৰা হৈছে। আকৌ এইটোও গায়ন আছে যে জ্ঞানৰ সাগৰ হয়। গোটেই সাগৰক চিয়াঁহী
কৰি লোৱা, জংঘলক কলম কৰি লোৱা, ধৰণীক কাগজ কৰি লোৱা… তেতিয়াও অন্ত পাব নোৱাৰিবা।
আৰম্ভণিৰ পৰা ধৰি তোমালোকে কিমান লিখি আহিছা। বহুত কাগজ গৈ যাব। তোমালোকে কোনো
হাবাথুৰি খাব নালাগে। মুখ্য হৈছেই ‘অল্ফ’ (পিতা)। পিতাক স্মৰণ কৰিব লাগে। ইয়ালৈও
তোমালোক শিৱবাবাৰ ওচৰলৈ আহা। শিৱবাবাই এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত প্ৰৱেশ কৰি তোমালোকক
কিমান মৰমেৰে পঢ়ায়। নিজৰ কোনো মহিমা নকৰে। পিতাই কয় - মই আহোঁ পুৰণা শৰীৰত। কেনেকৈ
সাধাৰণ ৰীতিৰে শিৱবাবা আহি পঢ়ায়। কোনো অহংকাৰ নাই। পিতাই কয় - তোমালোকে মোক কোৱাই
যে বাবা পতিত সৃষ্টিত, পতিত শৰীৰত আহক, আহি আমাক শিক্ষা দিয়ক। সত্যযুগত আহ্বান
নজনোৱা যে আহি হীৰা-মণি-মুকুতাৰ মহলত বহক, ভোজন আদি গ্ৰহণ কৰক…. শিৱবাবাই ভোজন
গ্ৰহণেই নকৰে। আগতে আহ্বান জনাইছিলা যে আহি ভোজন খাওঁক। 36 প্ৰকাৰৰ ভোজন খুৱাইছিলা,
এয়া আকৌ হ’ব। এয়াও চৰিত্ৰ বুলিয়েই কোৱা হ’ব। শ্ৰীকৃষ্ণৰ চৰিত্ৰ কি? তেওঁতো সত্যযুগৰ
ৰাজকুমাৰ। তেওঁক পতিত-পাৱন বুলি কোৱা নহয়। সত্যযুগত এওঁ বিশ্বৰ মালিক কেনেকৈ হ’ল -
এয়াও এতিয়া তোমালোকে জানা। মনুষ্যতো একেবাৰে ঘোৰ অন্ধকাৰত আছে। এতিয়া তোমালোক অতি
আলোকত আছা। পিতা আহি ৰাতিক দিন কৰি দিয়ে। আধাকল্প তোমালোকে ৰাজত্ব কৰা তেন্তে কিমান
আনন্দিত হোৱা উচিত।
তোমালোকৰ স্মৃতিৰ
যাত্ৰা তেতিয়াহে পূৰা হ’ব যেতিয়া তোমালোকৰ কোনো এটি কৰ্মেন্দ্ৰিয়ও প্ৰবঞ্চনা নকৰিব।
কৰ্মাতীত অৱস্থা হৈ গ’লে তেতিয়া স্মৃতিৰ যাত্ৰা পূৰা হ’ব। এতিয়া পূৰা হোৱা নাই।
এতিয়া তোমালোকে পূৰা পুৰুষাৰ্থ কৰিব লাগে। নিৰাশ হ’ব নালাগে। সেৱা আৰু সেৱা। পিতাও
আহি বৃদ্ধ শৰীৰৰ দ্বাৰা সেৱা কৰি আছে নহয়। পিতা কৰণকৰাৱণহাৰ হয়। সন্তানসকলৰ কাৰণে
কিমান চিন্তা থাকে - এইটো সাজিব লাগে, ঘৰ সাজিব লাগে। যেনেকৈ লৌকিক পিতাৰ হদৰ চিন্তা
থাকে, তেনেকৈ পাৰলৌকিক পিতাৰ বেহদৰ চিন্তা থাকে। তোমালোক সন্তানসকলেই সেৱা কৰিব লাগে।
দিনে-প্ৰতিদিনে বহুত সহজ হৈ যায়। যিমানে বিনাশৰ সমীপত আহি থাকিবা সিমানে শক্তি আহি
থাকিব। গায়নো কৰা হৈছে যে ভীষ্ম পিতামহ আদিৰ অন্তিম সময়ত তীৰ লাগিল। এতিয়া তীৰ লাগি
গ’লে তেতিয়া বহুত হুলস্থুল হৈ যাব। ইমান সমাগম হৈ যাব যে কথাই নুসুধিবা। এনেকৈ কয়
নহয় যে মূৰ খজুৱাবলৈও আজৰি নাই। এনেকুৱা কোনো নাই। কিন্তু সমাগম হৈ গ’লে তেতিয়া
এনেকৈ কোৱা হয়। যেতিয়া এওঁলোকক তীৰে আঘাত কৰিব তেতিয়া তোমালোকৰ প্ৰভাৱ বিস্তাৰ হ’ব।
সকলো সন্তানে পিতাৰ পৰিচয়তো পাবই।
তোমালোকে 3 পদ ভূমিতো
এই অবিনাশী চিকিৎসালয় আৰু ঈশ্বৰীয় বিশ্ব বিদ্যালয় স্থাপনা কৰিব পাৰা। পইচা
নাথাকিলেও কোনো কথা নাই। চিত্ৰ তোমালোকে পাই যাবা। সেৱাত মান-অপমান, দুখ-সুখ,
ঠাণ্ডা-গৰম সকলো সহ্য কৰিব লাগে। কাৰোবাক হীৰাতুল্য কৰি তোলাতো জানো কম কথা! পিতা
কেতিয়াবা ভাগৰি পৰে জানো? তোমালোক কিয় ভাগৰি পৰা? ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ৰাতিপুৱাৰ
সময়ত আধাঘণ্টা বা পঞ্চল্লিছ মিনিট বহুত স্নেহ আৰু ৰুচিৰে পাঠ পঢ়িব লাগে। পিতাৰ
স্মৃতিত থাকিব লাগে। স্মৃতিত থকাৰ এনেকুৱা পুৰুষাৰ্থ হওঁক যাতে সকলো কৰ্মেন্দ্ৰিয়
বশ হৈ যায়।
(2) সেৱাত দুখ-সুখ,
মান-অপমান, গৰম-ঠাণ্ডা সকলো সহ্য কৰিব লাগে। সেৱাত কেতিয়াও ভাগৰি পৰিব নালাগে। 3 পদ
ভূমিতো চিকিৎসালয় তথা বিশ্ব বিদ্যালয় স্থাপনা কৰি হীৰাতুল্য কৰি তোলাৰ সেৱা কৰিব
লাগে।
বৰদান:
সঁচা আত্মিক
স্নেহৰ অনুভূতি কৰাওঁতা মাষ্টৰ স্নেহৰ সাগৰ হোৱা
যেনেকৈ সমুদ্ৰ তীৰলৈ
গ’লে শীতলতাৰ অনুভৱ হয় তেনেকৈ তোমালোক সন্তানসকল মাষ্টৰ স্নেহৰ সাগৰ হোৱা, যিসকল
আত্মা তোমালোকৰ সন্মুখত আহে তেওঁলোকে যাতে অনুভৱ কৰে যে স্নেহৰ মাষ্টৰ সাগৰৰ লহৰে
স্নেহৰ অনুভূতি কৰাই আছে কিয়নো বৰ্তমানৰ জগতখন সঁচা আত্মিক স্নেহৰ ভোকাতুৰ।
স্বাৰ্থজড়িত স্নেহ দেখি দেখি সেই স্নেহৰ প্ৰতি বিৰাগ আহি গৈছে সেয়েহে আত্মিক স্নেহৰ
অলপ সময়ৰ অনুভূতিকো জীৱনৰ অৱলম্বন বুলি বুজিব।
স্লোগান:
জ্ঞান ধনেৰে ভৰপূৰ হৈ থাকা তেতিয়া স্থূল ধনৰ প্ৰাপ্তি স্বতঃ হৈ থাকিব।
অব্যক্ত সংকেত:
সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা
যেনেকৈ সত্যযুগী
সৃষ্টিৰ কাৰণে কয় যে এক ৰাজ্য এক ধৰ্ম তেনেকৈয়ে এতিয়া স্বৰাজ্যতো এক ৰাজ্য অৰ্থাৎ
নিজৰ ইংগিতত সকলো চলোঁতা। মনে যাতে নিজৰ মত নচলায়, বুদ্ধিয়ে নিজৰ নিৰ্ণয় শক্তিৰ
অস্থিৰতাৰ সৃষ্টি নকৰে। সংস্কাৰ আত্মাক নচুৱাওতা যাতে নহয় তেতিয়া এক ধৰ্ম, এক ৰাজ্য
বুলি কোৱা হ’ব। গতিকে এনেকুৱা নিয়ন্ত্ৰণ শক্তি ধাৰণ কৰি লোৱা, এয়াই বেহদ সেৱাৰ সাধন।