23.08.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতা আহিছে তোমালোকক জ্ঞান ৰত্নৰে অলংকৃত কৰি ঘৰলৈ ওভতাই লৈ যাবলৈ, পুনৰ ৰাজ্যলৈ
পঠিয়াই দিব গতিকে অপাৰ আনন্দত থাকা, একমাত্ৰ পিতাৰ প্ৰতিহে স্নেহ ৰাখা”
প্ৰশ্ন:
নিজৰ ধাৰণা
শক্তিশালী (পৰিপক্ক) কৰি তোলাৰ আধাৰ কি?
উত্তৰ:
নিজৰ ধাৰণা শক্তিশালী কৰি তুলিবলৈ সদায় এইটো দৃঢ় কৰি ৰাখা যে আজিৰ দিনটোত যি হৈ গ'ল
ভালেই হ'ল পুনৰ কল্পৰ পাছত হ'ব। যি কিছু হৈ গ'ল কল্প পূৰ্বেও এনেকৈ হৈছিল, একো নতুন
কথা নহয়। এই যুদ্ধও 5 হাজাৰ বছৰ পূৰ্বে লাগিছিল, আকৌ নিশ্চয় লাগিব। এই খেৰৰ জুমুঠি
স্বৰূপ সৃষ্টিৰ বিনাশ হ’বই….. এনেকৈ প্ৰতি মুহূৰ্ততে ড্ৰামাৰ স্মৃতিত থাকিলে তেতিয়া
ধাৰণা শক্তিশালী হৈ যাব।
গীত:
দূৰ দেশ মে
ৰহনে ৱালা (দূৰণিৰ দেশৰ নিবাসী…….)
ওঁম্শান্তি।
সন্তানসকলে
আগতেও দূৰণিৰ দেশৰ পৰা আনৰ দেশলৈ আহিছে। এতিয়া এই আনৰ দেশত দুখী হৈছে সেইবাবে
আহ্বান জনায় যে নিজৰ দেশলৈ ঘৰলৈ লৈ যোৱা। তোমালোকে আহ্বান জনাইছা নহয়। বহুত সময়ৰ পৰা
স্মৰণ কৰি আহিছা গতিকে পিতাও আনন্দেৰে আহে। জানে যে মই সন্তানসকলৰ ওচৰলৈ যাওঁ।
যিসকল সন্তান কাম চিতাত বহি জ্বলি গ’ল তেওঁলোকক নিজৰ ঘৰলৈও লৈ যাওঁ আকৌ ৰাজ্যলৈ
পঠিয়াই দিওঁ। তাৰ বাবে জ্ঞানৰে অলংকৃতও কৰোঁ। সন্তানসকলো পিতাতকৈ বেছি আনন্দিত হ'ব
লাগে। পিতা যিহেতু আহিছে গতিকে তেওঁৰ হৈ যাব লাগে। তেওঁক বহুত মৰম কৰিব লাগে। বাবাই
নিতৌ বুজায়, আত্মাই কথা কয় নহয়। বাবা 5 হাজাৰ বছৰৰ পাছত আপুনি ড্ৰামা অনুসৰি আহিছে,
আমি বহুত আনন্দৰ সম্পদ পাই আছোঁ। বাবা আপুনি আমাৰ জোলোঙা ভৰপূৰ কৰি আছে, আমাক নিজৰ
ঘৰ শান্তিধামলৈ লৈ যায় পুনৰ ৰাজধানীলৈ পঠিয়াই দিব। কিমান অপাৰ আনন্দিত হ’ব লাগে।
পিতাই কয় - মই এই আনৰ ৰাজধানীলৈকে আহিবলগীয়া হয়। পিতাৰ অতি অপূৰ্ব আৰু আশ্চৰ্যজনক
ভূমিকা আছে। বিশেষকৈ যিহেতু এই আনৰ দেশলৈ আহিছে। এই কথাবোৰ তোমালোকে এতিয়াহে বুজি
পোৱা পুনৰ এই জ্ঞান প্ৰায় লোপ হৈ যায়। তাত প্ৰয়োজনেই নাথাকে। পিতাই কয় - তোমালোক
কিমান বুদ্ধিহীন হৈ গ'লা। ড্ৰামাৰ ভাৱৰীয়া হৈয়ো পিতাক নাজানা! যিজন পিতাই হৈছে
কৰণকৰাৱনহাৰ, কি কৰে, কি কৰায়- এয়া পাহৰি গ'লা। গোটেই পুৰণি সৃষ্টিক স্বৰ্গ কৰি
তুলিবলৈ আহে আৰু জ্ঞান দিয়ে। তেওঁ জ্ঞানৰ সাগৰ হয় গতিকে নিশ্চয় জ্ঞান দিয়াৰ কৰ্তব্য
পালন কৰিব নহয়। আকৌ তোমালোকৰ দ্বাৰা কৰায়ো যে আনকো বাৰ্তা দিয়া যে পিতাই সকলোৰে বাবে
কয় যে এতিয়া দেহৰ বোধ এৰি মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। মই শ্ৰীমত দিওঁ।
পাপ আত্মাতো সকলো হয়। এই সময়ত গোটেই বৃক্ষজোপাই তমোপ্ৰধান, জৰ্জৰিত অৱস্থা পাইছে।
যেনেকৈ বাঁহৰ জংঘলত জুই লাগিলে তেতিয়া গোটেইখন জুই লাগি শেষ হৈ যায়। জংঘলত পানী ক'ৰ
পৰা আহিব যে জুই নুমাব। এয়া যি পুৰণি সৃষ্টি আছে তাত জুই লাগি যাব। পিতাই কয় – একো
নতুন কথা নহয়। পিতাই ভাল ভাল সাৰ কথা দি থাকে যিবোৰ টুকি ৰাখিব লাগে। পিতাই বুজাইছে
অন্য ধৰ্ম প্ৰতিষ্ঠাপক কেৱল নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে, তেওঁলোকক পয়গম্বৰ বা
বাৰ্তাবাহক আদি একো বুলিয়ে ক’ব নোৱাৰি। এইটোও বহুত যুক্তিৰে লিখিব লাগে। শিৱবাবাই
সন্তানসকলক বুজাই আছে – সন্তানসকলতো সকলো হৈছে ভাই ভাই। গতিকে প্ৰত্যেক চিত্ৰত,
প্ৰত্যেক লিখনিত এইটো নিশ্চয় লিখিব লাগে - শিৱবাবাই এনেকৈ বুজায়। পিতাই কয় -
সন্তানসকল, মই আহি সত্যযুগী আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰোঁ, য'ত এশ
শতাংশ সুখ-শান্তি-পৱিত্ৰতা সকলো আছে সেইবাবে তাক স্বৰ্গ বুলি কোৱা হয়। তাত দুখৰ নাম
নাই। বাকী অন্য যিবোৰ ধৰ্ম আছে সেই সকলোবোৰৰ বিনাশ কৰোৱাৰ নিমিত্ত হওঁ। সত্যযুগত
হয়েই এক ধৰ্ম। সেইখন হ'ল নতুন সৃষ্টি। পুৰণি সৃষ্টিৰ নাশ কৰোঁ। এনেকুৱা বেপাৰতো আন
কোনেও নকৰে। কোৱা হয় শংকৰৰ দ্বাৰা বিনাশ। বিষ্ণুও লক্ষ্মী-নাৰায়ণেই হয়। প্ৰজাপিতা
ব্ৰহ্মাওতো ইয়াত আছে। এওঁ পতিতৰ পৰা পাৱন ফৰিস্তা হয় সেইবাবে আকৌ ব্ৰহ্মা দেৱতা বুলি
কোৱা হয়। যাৰ দ্বাৰা দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা হয়। এই বাবাও দেৱী-দেৱতা ধৰ্মৰ
প্ৰথম ৰাজকুমাৰ। গতিকে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, শংকৰৰ দ্বাৰা বিনাশ। চিত্ৰতো
দিবলগীয়া হয় নহয়। বুজোৱাৰ বাবে এই চিত্ৰ তৈয়াৰ কৰা হৈছে। ইয়াৰ অৰ্থৰ বিষয়ে কোনেও
নাজানে। স্বদৰ্শন চক্ৰধাৰীৰ বিষয়েও বুজাইছে - পৰমপিতা পৰমাত্মাই সৃষ্টিৰ
আদি-মধ্য-অন্তক জানে। তেওঁৰ সমস্ত জ্ঞান আছে গতিকে স্বদৰ্শন চক্ৰধাৰী হৈ গ’ল নহয়।
জানে যে ময়েই এই জ্ঞান শুনাওঁ। পিতাইতো এনেকৈ নক’ব যে মই পদুম ফুলৰ সমান হ'ব লাগে।
সত্যযুগত তোমালোক পদুম ফুলৰ দৰেই থাকা। সন্ন্যাসীসকলৰ বাবে এনেকৈ নক'ব। তেওঁলোকতো
জংঘললৈ গুচি যায়। পিতায়ো কয় - প্ৰথমতে তেওঁলোক পৱিত্ৰ সতোপ্ৰধান হয়। পৱিত্ৰতাৰ বলেৰে
ভাৰতক অধিক অৱনমিত হোৱাৰ পৰা ৰক্ষা কৰে। ভাৰতৰ দৰে পৱিত্ৰ দেশ আৰু কোনো নাথাকে।
যেনেকৈ পিতাৰ মহিমা আছে তেনেকৈ ভাৰতৰো মহিমা আছে। ভাৰত স্বৰ্গ আছিল, এই
লক্ষ্মী-নাৰায়ণে ৰাজত্ব কৰিছিল আকৌ ক’লৈ গ’ল। এয়া এতিয়া তোমালোকে জানা আন কাৰোবাৰ
বুদ্ধিত থাকিব জানো যে এই দেৱতাসকলেই 84 জন্ম লৈ আকৌ পূজাৰী হয়। এতিয়া তোমালোকৰ
সমস্ত জ্ঞান আছে, আমি এতিয়া পূজ্য দেৱী-দেৱতা হওঁ পুনৰ পূজাৰী মনুষ্য হ’মগৈ।
মনুষ্যতো মনুষ্যই হয়। এয়া যি অনেক প্ৰকাৰৰ চিত্ৰ তৈয়াৰ কৰে, এনেকুৱা কোনো মনুষ্য
নাথাকে। ভক্তিমাৰ্গৰ এনেকুৱা অনেক চিত্ৰ আছে। তোমালোকৰ জ্ঞানতো হৈছে গুপ্ত। এই
জ্ঞান সকলোৱে নল’ব। যিসকল এই দেৱী-দেৱতা ধৰ্মৰ পাত হ’ব তেওঁলোকেই ল’ব। বাকী যিসকল
অন্যক মানোতা আছে তেওঁলোকে নুশুনিব। যিসকলে শিৱ আৰু দেৱতাসকলৰ ভক্তি কৰে তেওঁলোকহে
আহিব। পোন প্ৰথমে মোৰো পূজা কৰে আকৌ পূজাৰী হৈ নিজৰো পূজা কৰে। সেয়েহে এতিয়া
আনন্দিত হোৱা যে আমি পূজ্যৰ পৰা পূজাৰী হ’লোঁ এতিয়া আকৌ পূজ্য হ’ম। কিমান আনন্দোৎসৱ
পালন কৰে। ইয়াততো অল্পকালৰ কাৰণে আনন্দোৎসৱ পালন কৰে। তাততো তোমালোক সদায় আনন্দত
থাকা। দীপমালা আদি লক্ষ্মীক আহ্বান জনাবলৈ পালন কৰা নহয়। দীপমালা হয় ৰাজ অভিষেকৰ
সময়ত। বাকী এই সময়ত যিবোৰ উৎসৱ পালন কৰা হয় সেইবোৰ তাত নাথাকে। তাততো সুখেই সুখ।
এয়াই একমাত্ৰ সময় যেতিয়া তোমালোকে আদি-মধ্য-অন্তক জানা। এই সকলোবোৰ কথা লিখা।
সন্ন্যাসীসকলৰ হৈছে হঠযোগ। এয়া হৈছে ৰাজযোগ। বাবাই কয় - প্ৰতিটো পৃষ্ঠাত য’ত-ত’তে
শিৱবাবাৰ নাম নিশ্চয় থাকিব লাগে। শিৱবাবাই আমাক সন্তানসকলক বুজায়। নিৰাকাৰ আত্মাসকল
এতিয়া সাকাৰত বহি আছে। গতিকে পিতায়ো সাকাৰত বুজাব নহয়। তেওঁ কয় - নিজক আত্মা বুলি
বুজি মোক স্মৰণ কৰা। শিৱ ভগৱানুবাচ সন্তানসকলৰ প্ৰতি। নিজেই ইয়াত উপস্থিত আছে নহয়।
মুখ্য মুখ্য কথাবোৰ কিতাপত এনেকুৱা স্পষ্টকৈ লিখা থাকিব লাগে যাতে পঢ়িলে আপোনাআপুনি
জ্ঞান উদয় হয়। শিৱ ভগৱানুবাচ হ’লে পঢ়িবলৈ মজা লাগিব। এয়া বুদ্ধিৰ কাম হয় নহয়। বাবায়ো
শৰীৰ লোণ লৈ পুনৰ শুনায়, এওঁৰ আত্মায়ো শুনে। সন্তানসকলৰ বহুত নিচা থাকিব লাগে।
পিতাৰ প্ৰতি বহুত মৰম থাকিব লাগে। এয়াতো তেওঁৰ ৰথ, এইটো অনেক জন্মৰ অন্তৰ জন্ম।
এওঁৰ শৰীৰত প্ৰৱেশ কৰিলে। ব্ৰহ্মাৰ দ্বাৰা এই ব্ৰাহ্মণ হয় পুনৰ মনুষ্যৰ পৰা দেৱতা
হয়। চিত্ৰ কিমান স্পষ্ট। লাগিলে ওপৰত বা কাষত দ্বৈত-মুকুটধাৰী নিজৰো চিত্ৰ দিয়া।
যোগবলেৰে আমি এনেকুৱা হওঁ। ওপৰত আছে শিৱবাবা। তেওঁক স্মৰণ কৰি কৰি মনুষ্যৰ পৰা দেৱতা
হৈ যায়। একেবাৰে স্পষ্ট। ৰঙীন চিত্ৰৰ কিতাপ এনেকুৱা হ’ব লাগে যাতে মনুষ্যই দেখি
আনন্দিত হৈ যায়। তাতকৈ অলপ কম মূল্যৰো ছপা কৰিব পাৰা গৰিবসকলৰ বাবে। ডাঙৰ পৰা সৰু,
সৰুতকৈও সৰু কৰিব পাৰা, ৰহস্য তাত আহি যাব। গীতাৰ ভগৱানৰ চিত্ৰখন হৈছে মুখ্য। সেই
গীতাৰ ওপৰত শ্ৰীকৃষ্ণৰ চিত্ৰ, এইখন গীতাৰ ওপৰত ত্ৰিমূৰ্তিৰ চিত্ৰ থাকিলে মনুষ্যক
বুজাবলৈ সহজ হয়। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণ ইয়াত আছে। প্ৰজাপিতা ব্ৰহ্মা
সূক্ষ্মলোকততো থাকিব নোৱাৰে। এনেকৈ কয় যে ব্ৰহ্মা দেৱতায়ে নমঃ, বিষ্ণু দেৱতায়ে নমঃ
এতিয়া দেৱতা কোন হ’ল! দেৱতাসকলেতো ইয়াত ৰাজত্ব কৰিছিল। দৈৱী ৰাজবংশতো আছে নহয়। গতিকে
এই সকলোবোৰ ভালকৈ বুজাবলগীয়া হয়। ব্ৰহ্মাৰ পৰাই বিষ্ণু, বিষ্ণুৰ পৰা ব্ৰহ্মা দুয়ো
ইয়াত আছে। চিত্ৰ আছে গতিকে বুজাব পৰা যায়। পোন প্ৰথমে ‘অল্ফ’ক (পিতাক) সিদ্ধ কৰা
তেতিয়া সকলো কথা সিদ্ধ হৈ যাব। সাৰ কথাতো বহুত আছে বাকী সকলো ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ
আহে। পিতাইতো স্থাপনা আৰু বিনাশ দুয়োটাই কৰোৱায়। সকলো ড্ৰামা অনুসৰিয়ে হয়। ব্ৰহ্মাই
ক’ব পাৰেনে, বিষ্ণুৱে ক’ব পাৰেনে? সূক্ষ্মলোকত কি ক’ব। এই সকলোবোৰ বুজিবলগীয়া কথা।
ইয়াত তোমালোকে বুজি পুনৰ উচ্চ শ্ৰেণীলৈ স্থানান্তৰিত হোৱা। কোঠাই অন্য পোৱা যায়।
মূললোকত কোনেওতো বহি যাব নালাগে। পুনৰ তাৰ পৰা ক্ৰমানুসৰি আহিবলগীয়া হয়। পোন প্ৰথমে
মূল কথা এটাই আছে তাৰ ওপৰত জোৰ দিব লাগে। কল্প পূৰ্বেও এনেকুৱা হৈছিল। এই সন্মিলন
আদিও এনেকৈয়ে কল্প পূৰ্বেও হৈছিল। এনেকুৱা সাৰ কথা ওলাইছিল। আজিৰ দিনটো যি অতিবাহিত
হ’ল ভাল হ’ল পুনৰ কল্পৰ পাছত এনেকৈয়ে হ’ব। এনেকৈ নিজৰ ধাৰণা কৰি দৃঢ় হৈ গৈ থাকা।
বাবাই কৈছিল আলোচনীতো প্ৰকাশ কৰা - এই যুদ্ধ লাগিল, একো নতুন কথা নহয়। 5 হাজাৰ বছৰ
পূৰ্বেও এনেকৈয়ে হৈছিল। এই কথাবোৰ তোমালোকেহে বুজি পোৱা। বাহিৰৰ লোকে বুজিব নোৱাৰে।
কেৱল ক’ব কথাবোৰতো আশ্চৰ্যজনক। বাৰু, কেতিয়াবা গৈ বুজি ল’ম। শিৱ ভগৱানুবাচ
সন্তানসকলৰ প্ৰতি। এনেকুৱা শব্দবোৰ থাকিলে তেতিয়া আহি বুজিবও। নাম লিখা আছে
প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰাই ব্ৰাহ্মণ ৰচে। ব্ৰাহ্মণ
দেৱী-দেৱতা নমঃ বুলি কয় নহয়। কোনসকল ব্ৰাহ্মণ? তোমালোকে ব্ৰাহ্মণসকলকো বুজাব পাৰা
যে ব্ৰহ্মাৰ সন্তান কোন হয়? প্ৰজাপিতা ব্ৰহ্মাৰ ইমান সন্তান আছে, গতিকে নিশ্চয়
তোলনীয়া হ'ব। যি নিজৰ কুলৰ হ’ব তেওঁলোকে ভালদৰে বুজিব। তোমালোকেতো পিতাৰ সন্তান হৈ
গ’লা। পিতাই ব্ৰহ্মাকো তুলি লয়। নহ’লেতো শৰীৰধাৰী বস্তু ক’ৰ পৰা আহিল। ব্ৰাহ্মণে এই
কথাবোৰ বুজিব, সন্ন্যাসীয়ে বুজি নাপাব। আজমিৰত ব্ৰাহ্মণ থাকে আৰু হৰিদ্বাৰত
সন্ন্যাসীয়েই সন্ন্যাসী আছে। পাণ্ডা ব্ৰাহ্মণসকল হয়। কিন্তু তেওঁলোকতো ভোকাতুৰ। কোৱা
আপোনালোক এতিয়া পাৰ্থিৱ পাণ্ডা। এতিয়া আত্মিক পাণ্ডা হওঁক। আপোনালোকৰ নামো পাণ্ডা।
পাণ্ডৱ সেনাকো বুজি নাপায়। বাবা হৈছে পাণ্ডৱৰ সেনাধ্যক্ষ। কয় হে সন্তানসকল মামেকম্
(কেৱল মোক) স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব আৰু নিজৰ ঘৰলৈ গুচি যাবা। পাছত
অমৰপুৰীৰ ডাঙৰ যাত্ৰা হ'ব। মূললোকৰ কিমান ডাঙৰ যাত্ৰা হ'ব। সকলোৰে সকলো আত্মা যাব।
যেনেকৈ মকৰাৰ জুম যায় নহয়। মাখিৰো ৰাণী আঁতৰি গ’লে পিছে পিছে সকলোবোৰ যায়। আচৰিত
নহয়নে। আত্মাসকলো মহৰ সদৃশ যাব। শিৱৰ বৰযাত্ৰী আছে নহয়। তোমালোক সকলো হৈছা ব্ৰাইডচ
(কইনা)। মই ব্ৰাইডগ্ৰুম (দৰা) আহিছোঁ সকলোকে লৈ যাবলৈ। তোমালোক ছিঃ ছিঃ হৈ গৈছা
সেইবাবে অলংকৃত কৰি লগত লৈ যাম। যি অলংকৃত নহ’ব তেওঁলোকে শাস্তি খাব। যাবতো লাগিবই।
কাশীত আপোনঘাতী হৈ মনুষ্য মৰিলে চেকেণ্ডত কিমান শাস্তি ভোগ কৰে। মনুষ্যই চিঞৰি থাকে।
এয়াও এনেকুৱা, বুজি পায় যে মই যেন জন্ম-জন্মান্তৰৰ দুখ শাস্তি ভোগ কৰি আছোঁ। সেই
দুখৰ অনুভূতি এনেকুৱা হয়। জন্ম-জন্মান্তৰৰ পাপৰ শাস্তি পায়। যিমানে শাস্তি খাবা
সিমানে পদ কম হৈ যাব সেইবাবে বাবাই কয় - যোগবলেৰে হিচাপ-নিকাচ নিষ্পত্তি কৰা।
স্মৃতিত থাকি জমা কৰি যোৱা। জ্ঞানতো বহুত সহজ। এতিয়া সকলো কর্ম জ্ঞানযুক্ত হৈ কৰিব
লাগে। দানো পাত্ৰ চাই কৰিব লাগে। পাপ আত্মাক দিলে দিওঁতাজনৰ ওপৰতো তাৰ প্ৰভাৱ পৰি
যায়। তেৱোঁ পাপ আত্মা হৈ যায়। এনেকুৱা লোকক কেতিয়াও দিব নালাগে, যিয়ে সেই পইচা লৈ
গৈ কিবা পাপ আদি কৰে। পাপ আত্মাক দিওঁতাতো জগতত বহুত বহি আছে। এতিয়া তোমালোকেতো
এনেকুৱা কৰিব নালাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এতিয়া
প্ৰতিটো কর্ম জ্ঞানযুক্ত হৈ কৰিব লাগে, পাত্ৰ চাইহে দান কৰিব লাগে। এতিয়া পাপ
আত্মাৰ সৈতে কোনো পইচা আদিৰ লেন-দেন কৰিব নালাগে। যোগবলৰ দ্বাৰা সকলো পুৰণা
হিচাপ-নিকাচ নিষ্পত্তি কৰিব লাগে।
(2) অপাৰ আনন্দত
থাকিবৰ বাবে নিজে নিজৰ সৈতে কথা পাতিব লাগে - বাবা, আপুনি আমাক অপাৰ আনন্দৰ খাজনা
দিবলৈ আহিছে, আপুনি আমাৰ জোলোঙা ভৰপূৰ কৰি আছে, আপোনাৰ সৈতে আমি প্ৰথমে শান্তিধামলৈ
যাম তাৰপাছত নিজৰ ৰাজধানীলৈ আহিম……।
বৰদান:
সমস্যাসমূহ
সমাধান ৰূপলৈ পৰিৱৰ্তন কৰোঁতা বিশ্ব কল্যাণী হোৱা
মই বিশ্ব কল্যাণকাৰী
হওঁ - এতিয়া এইটো শ্ৰেষ্ঠ ভাৱনা, শ্ৰেষ্ঠ কামনাৰ সংস্কাৰ জাগ্ৰত কৰা। এই শ্ৰেষ্ঠ
সংস্কাৰৰ আগত হদৰ সংস্কাৰ স্বতঃ সমাপ্ত হৈ যাব। সমস্যাসমূহ সমাধান ৰূপলৈ পৰিৱৰ্তিত
হৈ যাব। এতিয়া যুদ্ধত সময় নষ্ট নকৰিবা কিন্তু বিজয়ীবোধৰ সংস্কাৰ জাগ্ৰত কৰা। এতিয়া
সকলো সেৱাত লগাই দিয়া তেতিয়া পৰিশ্ৰমৰ পৰা মুক্ত হৈ যাবা। সমস্যাসমূহত লাগি থকাৰ
সলনি দান দিয়া, বৰদান দিয়া তেতিয়া নিজৰ গ্ৰহণ স্বতঃ সমাপ্ত হৈ যাব।
স্লোগান:
কাৰোবাৰ দোষ-ত্ৰুটিৰ বৰ্ণনা কৰাৰ সলনি গুণ স্বৰূপ হোৱা, গুণৰেই বৰ্ণনা কৰা।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
পিতাৰ সন্তানসকলৰ
প্ৰতি ইমান স্নেহ আছে যে অমৃতবেলাই সন্তানসকলৰ প্ৰতিপালন কৰে। দিনটোৰ আৰম্ভণিয়েই
কিমান শ্ৰেষ্ঠ! স্বয়ং ভগৱানে মিলন উদ্যাপন কৰিবলৈ মাতে, আত্মিক বাৰ্তালাপ কৰে,
শক্তিৰে ভৰপূৰ কৰে! পিতাৰ স্নেহৰ গীতে তোমালোকক জগায়। কিমান স্নেহেৰে মাতে, জগায় -
মৰমৰ সন্তান, মৰমৰ সন্তান, আহা....। গতিকে এই স্নেহৰ প্ৰতিপালনৰ প্ৰত্যক্ষ স্বৰূপ
হৈছে “সহজ যোগী জীৱন”।