23.12.25 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল – “যি
সংকল্প ঈশ্বৰীয় সেৱার্থে চলে, তাক শুদ্ধ সংকল্প বা নিৰসংকল্প বুলিয়ে কোৱা হ’ব,
ব্যর্থ নহয় ”
প্ৰশ্ন:
বিকর্মৰ পৰা
হাত সাৰিবৰ বাবে কোনটো কর্তব্য পালন কৰিও অনাসক্ত হৈ থাকিব লাগে?
উত্তৰ:
মিত্ৰ-সম্বন্ধীয়সকলৰ সেৱা অৱশ্যে কৰা কিন্তু অলৌকিক ঈশ্বৰীয় দৃষ্টি ৰাখি কৰা,
তেওঁলোকৰ প্ৰতি মোহ থকা অনুচিত৷ যদি কোনো বিকাৰী সম্বন্ধৰ সংকল্পও চলে তেন্তে সেয়া
বিকর্ম হৈ যায়৷ সেইবাবে অনাসক্ত হৈ কর্তব্য পালন কৰা৷ যিমান পাৰা দেহী-অভিমানী হৈ
থকাৰ পুৰুষার্থ কৰা৷
ওঁম্শান্তি।
আজি তোমালোক
সন্তানসকলক সংকল্প, বিকল্প, নিৰসংকল্প অথবা কর্ম, অকর্ম আৰু বিকর্মৰ ওপৰত বুজোৱা
হৈছে৷ যেতিয়ালৈকে তোমালোক ইয়াত আছা তেতিয়ালৈকে তোমালোকৰ সংকল্প নিশ্চয় চলিব৷ সংকল্প
ধাৰণ নকৰাকৈ কোনো মনুষ্য এটি ক্ষণো থাকিব নোৱাৰে৷ এতিয়া এই সংকল্প ইয়াতো চলিব,
সত্যযুগতো চলিব আৰু অজ্ঞান কালতো চলে কিন্তু জ্ঞানত আহিলে সংকল্প, সংকল্প নহয়, কিয়নো
তোমালোক ঈশ্বৰীয় সেৱার্থে নিমিত্ত হৈছা গতিকে যজ্ঞৰ অর্থে যি সংকল্প চলে সেয়া
সংকল্প নহয় সেয়া নিৰসংকল্পই হয়৷ বাকী যি অদৰকাৰী সংকল্প চলে অর্থাৎ কলিযুগী সংসাৰ
আৰু কলিযুগী মিত্ৰ-সম্বন্ধীয়ৰ প্ৰতি চলে তাক বিকল্প বুলি কোৱা হয় যাৰ দ্বাৰা বিকর্ম
হয় আৰু বিকর্মৰ পৰা দুখ প্ৰাপ্ত হয়৷ বাকী যি যজ্ঞৰ প্ৰতি অথবা ঈশ্বৰীয় সেৱাৰ প্ৰতি
সংকল্প চলে সেয়া নিৰসংকল্প হৈ গ’ল৷ শুদ্ধ সংকল্প সেৱাৰ প্ৰতি হয়তো চলে৷ চোৱা, বাবা
ইয়াত বহি আছে তোমালাক সন্তানসকলৰ তত্ত্বাৱধান লোৱাৰ অর্থে৷ তেওঁৰ সেৱা কৰাৰ অর্থে
মাতা-পিতাৰ সংকল্প নিশ্চয় চলে৷ কিন্তু এই সংকল্প, সংকল্প নহয় ইয়াৰ দ্বাৰা বিকর্ম
নহয় কিন্তু যদি কাৰোবাৰ বিকাৰী সম্বন্ধৰ প্ৰতি সংকল্প চলে তেন্তে তেওঁৰ বিকর্ম
অৱশ্যে হয়৷ বাবাই তোমালোক সন্তানসকলক কয় যে মিত্ৰ-সম্বন্ধীয়সকলৰ সেৱা লাগিলে কৰা
কিন্তু অলৌকিক ঈশ্বৰীয় দৃষ্টিৰে৷ তাত মোহ থকা অনুচিত৷ অনাসক্ত হৈ নিজৰ কর্তব্য
পালন কৰা উচিত৷ কিন্তু যিসকল ইয়াত থাকি কর্ম সম্বন্ধত থাকি সেয়া খণ্ডন কৰিব নোৱাৰে
তেতিয়াও তেওঁলোকে পৰমাত্মাক এৰিব নালাগে৷ হাতত ধৰি থাকিলে তেতিয়া কিবা নহয় কিবা পদ
প্ৰাপ্ত কৰিব৷ এতিয়া এয়াতো প্ৰত্যেকে নিজক জানে যে মোৰ কোনটো বিকাৰ আছে৷ যদি
কাৰোবাৰ এটাও বিকাৰ আছে তেন্তে তেওঁ দেহ-অভিমানী নিশ্চয় হ’ল, যাৰ বিকাৰ নাই তেওঁ
হ’ল দেহী-অভিমানী৷ কাৰোবাৰ যদি কিবা বিকাৰ আছে তেন্তে তেওঁ নিশ্চয় শাস্তি ভোগ কৰিব
আৰু যিসকল বিকাৰ ৰহিত, তেওঁলোক শাস্তিৰ পৰা মুক্ত হৈ যাব৷ যেনেকৈ চোৱা কিছুমান
সন্তান আছে, যাৰ কাম, ক্ৰোধ, লোভ, মোহ একোৱে নাই তেওঁলোকে বহুত ভালদৰে সেৱা কৰিব
পাৰে৷ এতিয়া তেওঁলোকৰ বহুত জ্ঞান বিজ্ঞানময় অৱস্থা৷ তেনেকুৱাসকলকতো তোমালোক সকলোৱে
ভোট দিবা৷ এতিয়া এয়াতো যেনেকৈ মই জানো তেনেকৈ তোমালোক সন্তানসকলেও জানা, ভালক সকলোৱে
ভাল বুলি ক’ব৷ যাৰ কিবা ক্ৰটি থাকিব তেওঁক সকলোৱে তেনেদৰেই ভোট দিব৷ এতিয়া এইটো
নিশ্চয় জন্মিব লাগে যাৰ কিবা বিকাৰ আছে তেওঁ সেৱা কৰিব নোৱাৰে৷ যিজন বিকাৰ ৰহিত তেওঁ
সেৱা কৰি আনকো নিজৰ সমান কৰি তুলিব পাৰিব সেইবাবে বিকাৰৰ ওপৰত সম্পূর্ণ জয়ী হোৱা
উচিত, বিকল্পৰ (নেতিবাচক সংকল্পৰ) ওপৰত সম্পূর্ণ জয়ী হোৱা উচিত৷ ঈশ্বৰৰ অর্থে কৰা
সংকল্পক নিৰসংকল্প বুলি ধৰা হ’ব৷ বাস্তৱত নিৰসংকল্প অৱস্থা তাকেই কোৱা হয় যেতিয়া
সংকল্প নচলেই, দুখ-সুখৰ পৰা উৰ্দ্ধত গুচি যায়, সেয়াতো অন্তত যেতিয়া তোমালোকে
হিচাপ-নিকাচ নিষ্পত্তি কৰি গুচি যোৱা, তাত দুখ-সুখৰ পৰা উৰ্দ্ধত অৱস্থাত, তেতিয়া
কোনো সংকল্প নচলে৷ সেই সময়ত কর্ম অকর্ম দুয়োটাৰ পৰা উৰ্দ্ধত অকর্মী অৱস্থাত থাকা৷
ইয়াত তোমালোকৰ সংকল্প
নিশ্চয় চলিব কিয়নো তোমালোকে গোটেই বিশ্বক শুদ্ধ কৰি তোলাৰ অর্থে নিমিত্ত হৈছা সেয়েহে
তাৰ বাবে তোমালোকৰ শুদ্ধ সংকল্প নিশ্চয় চলিব৷ সত্যযুগত শুদ্ধ সংকল্প চলা বাবে
সংকল্প, সংকল্প নহয়, কর্ম কৰিও কর্মবন্ধনৰ সৃষ্টি নহয়৷ বুজিলা৷ এতিয়া কর্ম, অকর্ম
আৰু বিকর্মৰ গতিকতো পৰমাত্মাইহে বুজাব পাৰে৷ তেৱেঁই বিকর্মৰ পৰা পৰিত্ৰাণ কৰোঁতা
যিয়ে এই সংগমত তোমালাকক পঢ়াই আছে সেইবাবে সন্তানসকলে নিজৰ ক্ষেত্ৰত বহুত সাৱধান
হোৱা৷ নিজৰ হিচাপ-নিকাচো চাই থাকা৷ তোমালোক ইয়ালৈ হিচাপ-নিকাচ নিষ্পত্তি কৰিবলৈ
আহিছা৷ এনেকুৱাতো নহয় ইয়ালৈ আহিও হিচাপ-নিকাচ সৃষ্টি কৰি থাকিবা তেতিয়া শাস্তি ভোগ
কৰিব লাগিব৷ এই গর্ভ কাৰাগাৰৰ শাস্তি কোনো কম নহয়৷ সেইবাবে বহুত পুৰুষার্থ কৰিব
লাগে৷ এইটো লক্ষ্য বহুত উচ্চ সেইবাবে সাৱধানেৰে চলা উচিত৷ বিকল্পৰ ওপৰত নিশ্চয় বিজয়ী
হোৱা উচিত৷ এতিয়া তোমালোক কিমানলৈকে বিকল্পৰ ওপৰত বিজয়ী হৈছা, কিমানলৈকে এই
নিৰসংকল্প অর্থাৎ দুখ-সুখৰ পৰা উৰ্দ্ধত অৱস্থাত থাকা, এয়া তোমালোকে নিজকে জানি থাকা৷
যিয়ে নিজক বুজিব নোৱাৰে তেওঁলোকে মম্মা, বাবাক সুধিব পাৰে কিয়নো তোমালোকতো
তেওঁলোকৰ উত্তৰাধিকাৰী হোৱা, তেতিয়া তেওঁলোকে ক’ব পাৰে৷
নিৰসংকল্প অৱস্থাত
থাকিলে তোমালোকে কেৱল নিজৰেই নহয় যিকোনো বিকাৰীৰ বিকৰ্ম প্ৰতিৰোধ কৰিব পাৰা, কোনো
কামাসক্ত পুৰুষ তোমোলোকৰ সন্মুখত আহিলে, তেতিয়া তেওঁৰ বিকাৰী সংকল্প নচলিব৷ যেনেকৈ
কোনোবা দেৱতাসকলৰ ওচৰলৈ গ’লে তেতিয়া দেৱতাসকলৰ সন্মুখত তেওঁ শান্ত হৈ যায়, তেনেকৈ
তোমালোকো গুপ্ত ৰূপত দেৱতা হোৱা৷ তোমালোকৰ আগতো কাৰো বিকাৰী সংকল্প চলিব নোৱাৰে,
কিন্তু এনেকুৱা বহুত কামাসক্ত পুৰুষ আছে যাৰ কিবা সংকল্প যদি চলেও তথাপি আক্ৰমণ
কৰিব নোৱাৰিব, যদিহে তোমালোক যোগযুক্ত হৈ থিয় হৈ থাকা তেতিয়াহে৷
সন্তানসকল চোৱা,
তোমালোক ইয়ালৈ আহিছা পৰমাত্মাক বিকাৰৰ আহুতি দিবলৈ কিন্তু কোনো কোনোৱে এতিয়াও
নিয়মানুসৰি আহুতি দিয়া নাই৷ তেওঁলোকৰ যোগ পৰমপিতাৰ লগত যুক্ত হোৱা নাই৷ গোটেই দিন
বুদ্ধিযোগ ইফালে সিফালে গৈ থাকে অর্থাৎ দেহী-অভিমানী হোৱা নাই৷ দেহ-অভিমানী হোৱা
বাবে কাৰোবাৰ স্বভাৱত প্ৰভাৱিত হৈ যায়, যাৰ কাৰণে পৰমাত্মাৰ সৈতে প্ৰীতি ৰক্ষা কৰিব
নোৱাৰে অর্থাৎ পৰমাত্মাৰ অর্থে সেৱা কৰাৰ অধিকাৰী হ’ব নোৱাৰে৷ সেয়েহে যিসকলে
পৰমাত্মাৰ পৰা সেৱা লৈ আকৌ সেৱা কৰি আছে অর্থাৎ পতিতক পাৱন কৰি আছে তেওঁলোকেই মোৰ
সঁচা দৃঢ় সন্তান৷ তেওঁলোকে বহুত উচ্চ পদ লাভ কৰে৷
এতিয়া পৰমাত্মা স্বয়ং
আহি তোমালোকৰ পিতা হৈছে৷ সেই পিতাক সাধাৰণ ৰূপত নাজানি কোনো প্ৰকাৰৰ সংকল্প উত্পন্ন
কৰা মানে বিনাশ প্ৰাপ্তি হোৱা। এতিয়া সেই সময় আহিব যেতিয়া 108 জ্ঞান গংগাই সম্পূর্ণ
অৱস্থা প্ৰাপ্ত কৰিব৷ বাকী যিসকলে নপঢ়িব তেওঁলোকেতো নিজকে ধ্বংস কৰিব৷
এইটো নিশ্চয় জানিবা
যে যিয়ে ঈশ্বৰীয় যজ্ঞত লুকাই কাম কৰে তেওঁক সৰ্বজ্ঞ বাবাই চাই থাকে, তেওঁ আকৌ নিজৰ
সাকাৰ স্বৰূপ বাবাক সাৱধান কৰোৱাৰ অর্থে অনুপ্ৰেৰিত কৰে৷ সেয়েহে কোনো কথা লুকুৱাব
নালাগে৷ যদিও ভুল হয় কিন্তু সেয়া কৈ দিলেহে আগলৈ হাত সাৰিব পাৰিবা, সেইবাবে
সন্তানসকল সাৱধান হৈ থাকিবা৷
সন্তানসকলে প্ৰথমতে
নিজক বুজিব লাগে যে মই কোন, মই কি৷ ‘মই’ বুলি শৰীৰক কোৱা নহয়, ‘মই’ বুলি কোৱা হয়
আত্মাক৷ মই আত্মা ক’ৰপৰা আহিছোঁ? কাৰ সন্তান? আত্মাই যেতিয়া এইটো গম পাই যাব যে মই
আত্মা পৰমপিতা পৰমাত্মাৰ সন্তান তেতিয়া নিজৰ পিতাক স্মৰণ কৰিলে আনন্দিত হৈ যাব৷
সন্তানসকল তেতিয়া আনন্দিত হয় যেতিয়া পিতাৰ বৃত্তিক জানে৷ যেতিয়ালৈকে সৰু হৈ থাকে,
পিতাৰ বৃত্তিক নাজানে তেতিয়ালৈকে ইমান আনন্দিত হৈ নাথাকে৷ যেতিয়া ডাঙৰ হৈ যায়,
পিতাৰ বৃত্তিৰ বিষয়ে গম পাই যায় তেতিয়া সেই নিচা, সেই আনন্দ বাঢ়ি যায়৷ গতিকে প্ৰথমে
তেওঁৰ বৃত্তিক জানিব লাগে যে আমাৰ বাবা কোন? তেওঁ ক’ত থাকে? যদি কয় যে আত্মা তেওঁৰ
মাজত লীন হৈ যাব তেনেহ’লেতো আত্মা বিনাশী হৈ গ’ল তেতিয়া আনন্দ কাৰ থাকিব৷
তোমালোকৰ ওচৰত যিসকল
নতুন জিজ্ঞাসু আহে তেওঁলোকে সোধা উচিত যে আপোনালোকে ইয়াত কি পঢ়ে? ইয়াৰ দ্বাৰা কি
পদমৰ্যাদা পোৱা যায়? সেই কলেজততো পঢ়োঁতাসকলে কয় যে আমি ডাক্তৰ হৈ আছোঁ, ইঞ্জিনীয়াৰ
হৈ আছোঁ… তেন্তে তেওঁলোকক বিশ্বাস কৰিব নহয় যে এওঁলোকে যথাযথ পঢ়ি আছে৷ ইয়াতো
বিদ্যার্থীসকলে কয় যে এয়া দুখৰ জগত যাক নৰক, ‘হেল’ অথবা আসুৰি জগত বুলি কোৱা হয়৷
তাৰ বিপৰীতে হৈছে ‘হেভেন’ অথবা দৈৱী বিশ্ব, যাক স্বর্গ বুলি কোৱা হয়৷ এয়াতো সকলোৱে
জানে, বুজিবও পাৰে যে এয়া সেই স্বর্গ, এয়া নৰক অথবা দুখৰ জগত, পাপ আত্মাসকলৰ জগত
সেইবাবেতো তেওঁক আহ্বান জনায় যে আমাক পুণ্যৰ জগতলৈ লৈ যাওক৷ গতিকে এই সন্তানসকল
যিসকলে পঢ়ি আছে তেওঁলোকে জানে যে আমাক বাবাই সেই পুণ্যৰ জগতলৈ লৈ গৈ আছে৷ সেয়েহে
যিসকল নতুন বিদ্যার্থী আহে তেওঁলোকে সন্তানসকক সোধা উচিত, সন্তানসকলৰ দ্বাৰা পঢ়া
উচিত৷ তেওঁলোকে নিজৰ শিক্ষক অথবা পিতাৰ বৃত্তিৰ বিষয়ে ক’ব পাৰে৷ পিতাই জানো নিজৰ
প্ৰশংসা নিজে বহি কৰিব, শিক্ষকে নিজৰ মহিমা নিজে শুনাব জানো! সেয়াতো বিদ্যার্থীয়ে
শুনাব যে এইজন শিক্ষক এনেকুৱা, সেইবাবে কয় – বিদ্যার্থীয়ে শিক্ষকক প্ৰত্যক্ষ কৰায়৷
তোমালোক সন্তানসকলে যি ইমান পাঠ্যক্ৰম পঢ়ি আহিছা, তোমালোকৰ কাম হ’ল নতুনসকলক বুজোৱা৷
বাকী শিক্ষক যিয়ে বি.এ., এম.এ. পঢ়াই আছে তেওঁলোকে বহি নতুন বিদ্যার্থীক এ.বি.চি.
শিকাব জানো! কিছুমান বিদ্যার্থী ভাল বুদ্ধিমান হয়, তেওঁলোকে আনকো পঢ়ায়৷ তাৰ ভিতৰত
মাতা গুৰুতো প্ৰসিদ্ধ৷ এয়া হ’ল দৈৱী ধর্মৰ প্ৰথম মাতা, যাক জগদম্বা বুলি কয়৷ মাতাৰ
বহুত মহিমা আছে৷ বেংগলত কালী, দূর্গা, সৰস্বতী আৰু লক্ষ্মী এই চাৰিগৰাকী দেৱীৰ বহুত
পূজা কৰে৷ এতিয়া এই চাৰিগৰাকীৰ বৃত্তিকতো জনা উচিত৷ যেনেকৈ লক্ষ্মী, তেওঁতো হৈছে
ধনৰ দেৱী৷ তেওঁতো ইয়াতেই ৰাজত্ব কৰি গৈছে৷ বাকী কালী, দূর্গা আদি এয়াতো সকলো এওঁৰে
নাম ৰখা হৈছে৷ যদি চাৰিগৰাকী মাতা হয় তেন্তে তেওঁলোকৰ চাৰিজন পতিও থকা উচিত৷ এতিয়া
লক্ষ্মীৰ পতি নাৰায়ণতো প্ৰসিদ্ধ৷ কালীৰ পতি কোন? (শংকৰ) কিন্তু শংকৰকতো পাৰ্ৱতীৰ পতি
বুলি কয়৷ পাৰ্ৱতী কোনো কালী নহয়৷ বহুত আছে যিসকলে কালীক পূজা কৰে৷ মাতাক স্মৰণ কৰে
কিন্তু পিতাৰ বিষয়ে নাজানে৷ কালীৰতো হয় পতি থকা উচিত নহ’লে পিতা থকা উচিত কিন্তু
সেয়া কোনেও নাজানে৷
তোমালোকে বুজাব লাগে
যে সৃষ্টি এই এখনেই, যি কোনো সময়ত দুখৰ সৃষ্টি অথবা নৰক হৈ যায় সেয়াই পুনৰ সত্যযুগত
‘বহিস্ত’ অথবা স্বর্গ হৈ যায়৷ লক্ষ্মী-নাৰায়ণো এইখন সৃষ্টিতে সত্যযুগৰ সময়ত ৰাজত্ব
কৰিছিল৷ বাকী সূক্ষ্মততো কোনো বৈকুণ্ঠ নাই য’ত সূক্ষ্ম লক্ষ্মী-নাৰায়ণ থাকে৷
তেওঁলোকৰ চিত্ৰ ইয়াতেই আছে সেয়েহে নিশ্চয় ইয়াতেই ৰাজত্ব কৰি গৈছে৷ গোটেই খেল এই
সাকাৰী জগতত চলে৷ বুৰঞ্জী-ভূগোল এই সাকাৰী জগতৰ৷ সূক্ষ্মলোকৰ কোনো বুৰঞ্জী-ভূগোল
নাথাকে৷ কিন্তু সকলো কথা বাদ দি তোমালোকে নতুন জিজ্ঞাসুক প্ৰথমে ‘অল্ফ’ৰ (পিতাৰ)
বিষয়ে শিকাব লাগে তাৰপাছত ‘বে’ৰ (বাদশ্বাহীৰ) বিষয়ে বুজাব লাগে৷ ‘অল্ফ’ হৈছে ভগৱান,
তেওঁ হৈছে পৰম আত্মা৷ যেতিয়ালৈকে এইটো সম্পূর্ণকৈ নুবুজে তেতিয়ালৈকে পৰমপিতাৰ প্ৰতি
সেই স্নেহ নাজাগে, সেই আনন্দ নাহে কিয়নো প্ৰথমে যেতিয়া পিতাক জানিব তেতিয়া তেওঁৰ
বৃত্তিকো জানি আনন্দিত হ’ব৷ সেয়েহে এই প্ৰথম কথাটি বুজিলেহে আনন্দিত হ’ব৷ ঈশ্বৰতো
সৰ্বদা সুখী, আনন্দ স্বৰূপ৷ আমি তেওঁৰ সন্তান তেন্তে কিয়নো সেই আনন্দ থাকিব নালাগে!
সেই উল্লাস কিয় নাথাকে৷ মই ভগৱানৰ সন্তান, মই সৰ্বদাসুখী মাষ্টাৰ ভগৱান৷ সেই আনন্দ
নাথাকিলে তেন্তে সিদ্ধ হয় যে নিজক সন্তান বুলি নুবুজে৷ ভগৱান সৰ্বদাসুখী কিন্তু মই
সুখী নহয় কিয়নো পিতাক নাজানে৷ কথাতো সহজ৷
কিছুমানৰ এই জ্ঞান
শুনাৰ সলনি শান্তি ভাল লাগে কিয়নো বহুত আছে যিসকলে জ্ঞান ধাৰণো কৰিব নোৱাৰে৷ ইমান
সময় ক’ত৷ বচ্ এই ‘অল্ফ’ক জানিও যদি শান্তিত থাকে তেন্তে সেয়াও ভাল৷ যেনেকৈ
সন্ন্যাসীসকলেও পাহাৰৰ গুহালৈ গৈ পৰমাত্মাৰ স্মৃতিত বহে৷ তেনেকৈ পৰমপিতা পৰমাত্মা,
সেই সর্বোচ্চ শক্তিৰ স্মৃতিত থাকিলে সেয়াও ভাল৷ তেওঁৰ স্মৃতিৰে সন্ন্যাসীও
নির্বিকাৰী হ’ব পাৰে৷ কিন্তু ঘৰত বহিতো স্মৰণ কৰিব নোৱাৰে৷ তাততো সতি-সন্ততিৰ প্ৰতি
মোহ জাগি থাকিব, সেইবাবেতো সন্ন্যাস কৰে৷ পৱিত্ৰ হৈ যায় গতিকে তাত আনন্দতো আছে নহয়৷
সন্ন্যাসী সকলোতকৈ ভাল৷ আদি দেৱো সন্ন্যাসী হৈছে নহয়৷ এয়া সন্মুখত তেওঁৰ (আদি দেৱৰ)
মন্দিৰ থিয় হৈ আছে, য’ত তপস্যা কৰি আছে৷ ‘গীতা’তো কয় – দেহৰ সকলো ধর্মৰ সন্ন্যাস কৰা৷
তেওঁলোক সন্ন্যাস কৰি গ’লে মহাত্মা হৈ যায়৷ গৃহস্থীক মহাত্মা বুলি কোৱাতো
নীতিবহিৰ্ভূত৷ তোমোলোককতো পৰমাত্মা আহি সন্ন্যাস কৰাইছে৷ সন্ন্যাস কৰেই সুখৰ বাবে৷
মহাত্মা কেতিয়াও দুখী নহয়৷ ৰজাসকলেও সন্ন্যাস কৰে তেতিয়া মুকুট আদি পেলাই দিয়ে৷
যেনেকৈ গোপীচন্দই সন্ন্যাস কৰিলে, তেন্তে নিশ্চয় ইয়াত সুখ আছে৷ ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) লুকুৱাই
কোনো ওলোটা কর্ম কৰিব নালাগে৷ বাপদাদাৰ পৰা কোনো কথা লুকুৱাব নালাগে৷ বহুত বহুত
সাৱধান হৈ থাকিব লাগে৷
(2) বিদ্যাৰ্থীয়ে
শিক্ষকক প্ৰত্যক্ষ কৰায়, যি পঢ়িছা সেয়া আনকো পঢ়াব লাগে৷ সৰ্বদা সুখী ভগৱানৰ
সন্তান হওঁ - এইটো স্মৃতিৰে অপাৰ আনন্দত থাকিব লাগে৷
বৰদান:
বিকাৰ ৰূপী
সাপকো শয্যা কৰি দিওঁতা বিষ্ণুৰ সমান সৰ্বদা বিজয়ী, নিশ্চিন্ত হোৱা
বিষ্ণুৰ যি অনন্ত নাগ
শয্যা দেখুৱায় এয়া তোমালোক বিজয়ী সন্তানসকলৰ সহজযোগী জীৱনৰ স্মাৰক। সহজযোগৰ দ্বাৰা
বিকাৰ ৰূপী সাপো অধীন হৈ যায়। যিসকল সন্তানে বিকাৰ ৰূপী সাপক জয় কৰি তাক আৰামৰ শয্যা
কৰি দিয়ে তেওঁলোক সদায় বিষ্ণুৰ সমান হৰ্ষিত আৰু নিশ্চিন্ত হৈ থাকে। সেয়েহে সদায়
এইখন চিত্ৰ নিজৰ সন্মুখত ৰাখা যে বিকাৰক অধীন কৰা অধিকাৰী হওঁ। আত্মা সদায় আৰামৰ
স্থিতিত নিশ্চিন্ত হৈ আছে।
স্লোগান:
বালক আৰু মালিকবোধৰ সন্তুলনেৰে পৰিকল্পনা বাস্তৱায়িত কৰা।
অব্যক্ত সংকেত: এতিয়া
সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা
নিজৰ প্ৰতিটো
কৰ্মেন্দ্ৰিয়ৰ শক্তিক ইংগিত দিয়া তেতিয়া ইংগিতিৰে যেনেকৈ বিচৰা তেনেকৈ চলাব পাৰিবা।
এনেকুৱা কৰ্মেন্দ্ৰিয়জিৎ হোৱা তেতিয়া প্ৰকৃতিজিৎ হৈ কৰ্মাতীত স্থিতিৰ আসনধাৰী তথা
বিশ্ব ৰাজ্য অধিকাৰী হ’বাগৈ। প্ৰতিটো কৰ্মেন্দ্ৰিয় যাতে “হয় হুজুৰ” “হয় হাজিৰ” কৰি
চলে। তোমালোক ৰাজ্য অধিকাৰীসকলৰ যাতে সদায় স্বাগত অৰ্থাৎ চালাম জনাই থাকে তেতিয়া
কৰ্মাতীত হ’ব পাৰিবা।