24.03.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক গৃহস্থালিত থাকি পদুম ফুলৰ সমান পৱিত্ৰ হ’ব লাগে, এক পিতাৰ মতত চলিব লাগে,
কোনো অহিত কৰিব নালাগে”
প্ৰশ্ন:
কোনসকল
সন্তানক মায়াই জোৰেৰে ঘোচা মাৰে? উচ্চ লক্ষ্য কোনটো?
উত্তৰ:
যিসকল সন্তান দেহ-অভিমানত থাকে তেওঁলোকক মায়াই জোৰেৰে ঘোচা মাৰি দিয়ে, তেতিয়া
নাম-ৰূপত আৱদ্ধ হৈ যায়৷ দেহ-অভিমান আহিল আৰু থাপৰ লাগিল, ইয়াৰ দ্বাৰা পদভ্ৰষ্ট হৈ
যায়৷ দেহ-অভিমান ত্যাগ কৰা এইটোৱেই উচ্চ লক্ষ্য৷ বাবাই কয় – সন্তানসকল, দেহী-অভিমানী
হোৱা৷ যেনেকৈ পিতা একান্ত বাধ্য সেৱক, কিমান নিৰহংকাৰী, এনেকুৱা নিৰহংকাৰী হোৱা,
কোনো অহংকাৰ যাতে নাথাকে৷
গীত:
ন ৱহ হমসে জুদা
হোংগে... (তেওঁ আমাৰ পৰা বিচ্ছিন্ন নহয়...)
ওঁম্শান্তি।
সন্তানসকলে
গীতটি শুনিলা৷ সন্তানসকলে কয় – যেতিয়া মূললোকত আছিলোঁ তেতিয়া আমি বাবাৰ আছিলোঁ আৰু
বাবা আমাৰ আছিল৷ তোমালোক সন্তানসকলে জ্ঞানতো ভালদৰে পাইছা৷ তোমালোকে জানা যে আমি
চক্ৰ পৰিক্ৰমা লগাইছোঁ৷ এতিয়া আকৌ আমি তেওঁৰ হৈছোঁ৷ তেওঁ আহিছে ৰাজযোগ শিকাই
স্বর্গৰ মালিক কৰি তুলিবলৈ৷ কল্প পূৰ্বৰ দৰে পুনৰ আহিছে৷ এতিয়া পিতাই কয় – হে
সন্তানসকল, কিন্তু সন্তান হৈ ইয়াত মধুবনত বহি যাব নালাগে৷ তোমালোক নিজৰ গৃহস্থালিত
থাকি পদুম ফুলৰ দৰে পৱিত্ৰ হৈ থাকা৷ পদুম ফুল পানীত থাকে কিন্তু পানীৰ পৰা ওপৰত থাকে৷
পদুম ফুলত পানী নালাগে৷ পিতাই কয় – তোমালোক ঘৰতে থাকিব লাগে কেৱল পৱিত্ৰ হ’ব লাগে৷
এয়া তোমালোকৰ বহুত জন্মৰ অন্তৰ জন্ম৷ যিয়েই মনুষ্য মাত্ৰ আছে সেই সকলোকে পাৱন কৰি
তুলিবলৈ মই আহিছোঁ৷ পতিত-পাৱন সকলোৰে সৎগতিদাতা এজনেই৷ তেওঁৰ বাহিৰে আন কোনেও পাৱন
কৰি তুলিব নোৱোৰে৷ তোমোলোকে জানা আধাকল্পৰ পৰা আমি ছিৰি নামি (অৱনমিত হৈ) আহিছোঁ৷
84 জন্ম তোমালোকে নিশ্চয় সম্পূর্ণ কৰিব লাগে আৰু 84ৰ চক্ৰ সম্পূর্ণ কৰি যেতিয়া পুনৰ
জৰাজীর্ণ অৱস্থা পায় তেতিয়া মই আহিবলগীয়া হয়৷ মাজতে আন কোনেও পতিতৰ পৰা পাৱন কৰি
তুলিব নোৱাৰে৷ কোনেও পিতাকো নাজানে, ৰচনাকো নাজানে৷ ড্ৰামা অনুসৰি সকলোৱে কলিযুগত
পতিত তমোপ্ৰধান হ’বই লাগে৷ পিতা আহি সকলোকে পাৱন কৰি শান্তিধামলৈ লৈ যায়৷ আৰু
তোমোলোকে পিতাৰ পৰা সুখধামৰ উত্তৰাধিকাৰ লাভ কৰা৷ সত্যযুগত কোনো দুখ নাথাকে৷ এতিয়া
তোমালোকে জীৱন্তে পিতাৰ হৈছা৷ পিতাই কয় – তোমালোক গৃহস্থালিত থাকিব লাগে৷ বাবাই
কেতিয়াও কাকো ক’ব নোৱাৰে যে তোমালোকে ঘৰ-সংসাৰ ত্যাগ কৰা৷ নালাগে৷ তোমোলোকে ঈশ্বৰীয়
সেৱার্থে নিজেই ত্যাগ কৰিছা৷ বহুত সন্তান আছে যিসকল ঘৰ গৃহস্থালিত থাকিও ঈশ্বৰীয়
সেৱা কৰে৷ ত্যাগ কৰোৱা নহয়৷ বাবাই কাকো ত্যাগ নকৰায়৷ তোমোলোকেতো নিজেই সেৱাৰ কাৰণে
ওলাইছা৷ বাবাই কাকো ত্যাগ কৰোৱা নাই৷ তোমোলোকৰ লৌকিক পিতাই বিয়া কৰাবলৈ কয়৷
তোমোলোকে নকৰা কিয়নো তোমালাকে জানা যে এতিয়া মৃত্যুলোকৰ অন্ত৷ বিবাহ সৰ্বনাশহে হ’ব
তেতিয়া আমি পাৱন কেনেকৈ হ’ম৷ আমি কিয়নো ভাৰতক স্বর্গ কৰি গঢ়ি তোলাৰ সেৱাত লাগি
নাযাওঁ৷ সন্তানসকলে বিচাৰে যে ৰামৰাজ্য হওক৷ আহ্বানো জনায় নহয় – হে পতিত-পাৱন
সীতাৰাম৷ হে ৰাম, আহি ভাৰতক স্বর্গ কৰি গঢ়ি তোলক৷ কয়ো, কিন্তু একোৱে বুজি নাপায়৷
সন্ন্যাসীসকলে কয় – এই সময়ৰ সুখ কাউৰীৰ বিষ্ঠাৰ সমান৷ যথাযথ হয়ো এনেকুৱাই৷ ইয়াত
সুখতো নাই৷ কৈ থাকে কিন্তু কাৰো বুদ্ধিত নাই৷ পিতাই জানো দুখৰ বাবে এই সৃষ্টি ৰচনা
কৰে৷ পিতাই কয় – কি তোমালোকে পাহৰি গ’লা নেকি – স্বর্গত দুখৰ নাম-চিহ্ন নাথাকে৷ তাত
কংস আদি ক’ৰপৰা আহিব৷
এতিয়া বেহদৰ পিতাই যি
শুনায় তেওঁৰ মতত চলিব লাগে৷ নিজৰ মতত চলিলে সৰ্বনাশ হৈ যায়৷ আশ্চৰ্যজনকভাৱে শুনে,
কয়, আঁতৰি যায় বা বিশ্বাসঘাতক হৈ যায়৷ কিমান অহিত কৰেগৈ৷ তেওঁলোকৰ কি হ’ব? জীৱন
হীৰাতুল্য কৰি তোলাৰ সলনি কড়িতুল্য কৰি দিয়ে৷ অন্তিমত তোমালোকৰ নিজৰ সকলো
সাক্ষাৎকাৰ হ’ব৷ এইটো চলনৰ কাৰণে এই পদ পালা৷ ইয়াততো তোমালোকে কোনো পাপ কৰিব নালাগে
কিয়নো তোমালোক পুণ্য আত্মা হোৱা৷ পাপৰ আকৌ এশ গুণ দণ্ড হৈ যাব৷ যদিও স্বর্গলৈতো
আহিব কিন্তু একেবাৰে কম পদ পাব৷ ইয়ালৈ তোমোলোক ৰাজযোগ শিকিবলৈ আহিছা আকৌ প্ৰজা হৈ
যোৱা৷ পদমৰ্যাদাত বহুত পার্থক্য আহি যায় নহয়৷ এইটোও বুজোৱা হৈছে – যজ্ঞত কিবা দিয়ে
আকৌ ঘূৰাই লৈ যায় তেতিয়া চণ্ডালৰ জন্ম পায়৷ বহুত সন্তানৰ আকৌ চলনো এনেকুৱা যে পদ
কম হৈ যায়৷
পিতাই বুজায় – এনেকুৱা
কর্ম নকৰিবা যাৰ বাবে ৰজা-ৰাণীৰ সলনি প্ৰজাৰ ভিতৰতো কম পদ পোৱা৷ যজ্ঞত স্বাহা হৈ
আঁতৰি গ’লে তেতিয়া কি হ’বগৈ৷ এয়াও পিতাই বুজায় - সন্তানসকল, কোনো বিকর্ম নকৰিবা,
নহ’লে এশ গুণ শাস্তি পাবা৷ তেন্তে কিয় লোকচান কৰিব লাগে৷ ইয়াত থকাসকলতকৈও যিসকল
ঘৰ-গৃহস্থালিত থাকে, সেৱাত ব্ৰতী হৈ থাকে তেওঁলোকে বহুত উচ্চ পদ পায়৷ এনেকুৱা বহুত
গৰিব আছে, 8 (আঠ) অনা বা এটকা পঠিয়াই দিয়ে আৰু কোনোবাই যদি হাজাৰো দিয়ে তথাপিও
গৰিবৰ উচ্চ পদ হৈ যায় কিয়নো তেওঁলোকে কোনো পাপ কর্ম নকৰে৷ পাপ কৰিলে এশগুণ হৈ যাব৷
তোমালোক পুণ্য আত্মা হৈ সকলোকে সুখ দিব লাগে৷ দুখ দিলে তেতিয়া আকৌ বিচৰালয় বহে৷
সাক্ষাৎকাৰ হয় যে তুমি এইটো এইটো কৰিছা, এতিয়া শাস্তি ভোগ কৰা। পদো ভ্ৰষ্ট হৈ যাব৷
শুনিও থাকে তথাপিও বহুত সন্তানে ওলোটা আচৰণ কৰি থাকে৷ পিতাই কয় – সদায় মিলা-প্ৰীতিৰে
থাকা৷ যদি অপ্ৰীতিকৰ হৈ থাকা তেন্তে বহুত অহিত কৰা৷ কাৰোবাৰ নাম-ৰূপত আৱদ্ধ হৈ যায়
তেতিয়া এয়াও বহুত পাপ হৈ যায়৷ মায়া যেন এটা নিগনি, ফুঁৱাই দিয়ে, কামুৰিও থাকে, তেজো
ওলায়, গমেই পোৱা নাযায়৷ মায়ায়ো তেজ উলিয়াই দিয়ে৷ এনেকুৱা কর্ম কৰাই দিয়ে যে গমেই
পোৱা নাযায়৷ 5 বিকাৰে একদম মুখ ঘূৰাই দিয়ে৷ বাবাই সাৱধান কৰিতো দিবই নহয়৷ এনেকুৱা
যাতে নহয় যে বিচৰালয়ৰ সন্মুখত ক’বা যে মোক জানো সাৱধান কৰি দিছিল৷ তোমালোকে জানিছা
যে ঈশ্বৰে পঢ়ায়৷ নিজে কিমান নিৰহংকাৰী৷ তেওঁ কয় – মই একান্ত সেৱক৷ কোনো কোনো
সন্তানৰ কিমান অহংকাৰ থাকে৷ বাবাৰ হৈ আকৌ এনেকুৱা কর্ম কৰে যে কথাই নুসুধিবা৷
ইয়াতকৈতো যিসকল বাহিৰত গৃহস্থালিত থাকে তেওঁলোক বহুত উচ্চলৈ গুচি যায়৷ দেহ-অভিমান
আহিলেই মায়াই জোৰেৰে ঘোচা মাৰি দিয়ে৷ দেহ-অভিমান ত্যাগ কৰা এইটো ডাঙৰ লক্ষ্য৷
দেহ-অভিমান আহিল আৰু থাপৰ লাগিল৷ তেন্তে দেহ–অভিমানত আহিবই বা কিয় লাগে যাৰ বাবে
পদভ্ৰষ্ট হৈ যায়৷ এনেকুৱা নহওক যে তাত গৈ ঝাড়ু মাৰিবলগীয়া হয়৷ এতিয়া যদি বাবাক
কেনোবাই সোধে তেতিয়া বাবাই ক’ব পাৰে৷ নিজেও বুজিব পাৰে যে মই কিমান সেৱা কৰোঁ৷ মই
কিমানক সুখ দিছোঁ৷ বাবা, মম্মাই সকলোকে সুখ দিয়ে৷ কিমান আনন্দিত হয়৷ বাবাই বোম্বাইত
(এতিয়া মুম্বাই) কিমান জ্ঞানৰ নৃত্য কৰিছিল, তৃষ্ণাতুৰ বহুত আছিল নহয়৷ পিতাই কয় -
বহুত তৃষ্ণাতুৰৰ সন্মুখত জ্ঞানৰ নৃত্য কৰোঁ তেতিয়া ভাল ভাল সাৰ কথা ওলায়৷ তৃষ্ণাতুৰে
আকর্ষিত কৰে৷ তোমোলোকো এনেকুৱা হ’ব লাগে তেতিয়াহে অনুসৰণ কৰিব৷ শ্ৰীমতত চলিব লাগে৷
নিজৰ মতত চলি বদনামী কৰি দিয়ে তেতিয়া বহুত লোকচান হৈ যায়৷ এতিয়া পিতাই তোমালোকক
বিচাৰ বুদ্ধি সম্পন্ন কৰি তোলে৷ ভাৰত স্বর্গ আছিল নহয়৷ এতিয়া এনেকৈ জানো কোনোবাই
বুজি পায়৷ ভাৰতৰ দৰে পাৱন দেশ কোনো নাই৷ কয় কিন্তু বুজি নাপায় যে আমি ভাৰতবাসীয়ে
স্বর্গবাসী আছিলোঁ, তাত অপাৰ সুখ আছিল৷ গুৰুনানকে ভগৱানৰ মহিমা গাইছে যে তেওঁ আহি
লেতেৰা, অপৱিত্ৰ কাপোৰ ধোৱে৷ যাৰ মহিমা হৈছে এক ওঁমকাৰ (ঈশ্বৰ এজন)……… শিৱলিংগৰ সলনি
অকাল আসন নাম দি দিছে৷ এতিয়া পিতাই তোমোলোকক গোটেই সৃষ্টিৰ ৰহস্য বুজায়৷ সন্তানসকল,
এটাও পাপ নকৰিবা, নহ’লে এশ গুণ হৈ যাব৷ মোৰ নিন্দা কৰালে তেতিয়া পদভ্ৰষ্ট হৈ যাবা৷
বহুত সাৱধান হ’ব লাগে৷ নিজৰ জীৱন হীৰাতুল্য কৰি গঢ়ি তোলা৷ নহ’লে বহুত অনুতাপ কৰিবা৷
যি কিছু ওলোটা কৰ্ম কৰিলা সেইবোৰে অন্তৰ দহি থাকিব৷ কল্পই কল্পই মই এনেকুৱা কৰিমনে
যাৰ বাবে নীচ পদ পাম৷ পিতাই কয় – মাতা-পিতাক অনুসৰণ কৰিব বিচৰা যদি সততাৰে সেৱা কৰা৷
মায়াতো কোনোবা নহয় কোনোবা ফালেদি সোমাই আহিব৷ সেৱাকেন্দ্ৰৰ মুখিয়াল একেবাৰে
নিৰংহকাৰী হৈ থাকিব লাগে৷ পিতাক চোৱা কিমান নিৰহংকাৰী৷ বহুত সম্তানে আনৰ পৰা সেৱা
লয়৷ পিতা কিমান নিৰংহকাৰী৷ কেতিয়াও কাৰো ওপৰত ক্ৰোধ নকৰে৷ সন্তানসকল যদি আজ্ঞাকাৰী
নহয় তেতিয়া পিতাই তেওঁলোকক বুজাবতো পাৰে৷ তোমোলোকে কি কৰা, বেহদৰ পিতাইহে জানে৷ সকলো
সন্তান একে সমানে সুন্তান নহয়, কুসন্তানো থাকে৷ পিতাই বুজনি দিয়ে৷ অনেক সন্তান আছে৷
এয়াতো বৃদ্ধি হৈ হাজাৰৰ হিচাপত হৈ যাব৷ সেয়েহে পিতাই সন্তানসকলক সাৱধানো কৰি দিয়ে,
কোনো গাফিলতি নকৰিবা৷ ইয়ালৈ পতিতৰ পৰা পাৱন হ’বলৈ আহিছা গতিকে কোনো পতিত কাম নকৰিবা৷
নাম-ৰূপতো আৱদ্ধ নহ’বা আৰু দেহ-অভিমানতো নাহিবা৷ দেহী-অভিমানি হৈ পিতাক স্মৰণ কৰি
থাকা৷ শ্ৰীমতত চলি থাকা৷ মায়া বৰ প্ৰৱল৷ পিতাই সকলোবোৰ বুজাই দিয়ে৷ ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ
সমান নিৰহংকাৰী হ’ব লাগে৷ কাৰো পৰা সেৱা ল’ব নালাগে৷ কাকো দুখ দিব নালাগে৷ এনেকুৱা
কোনো পাপ কর্ম যাতে নহয় যাৰ বাবে শাস্তি খাবলগীয়া হয়৷ পৰস্পৰ মিলা-প্ৰীতিৰে থাকিব
লাগে৷
(2) এক পিতাৰ শ্ৰীমতত
চলিব লাগে, নিজৰ মতত নহয়৷
বৰদান:
চেকেণ্ডত দেহ
ৰূপী চোলাৰ পৰা উৰ্দ্ধত গৈ কৰ্মভোগৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁতা সৰ্ব শক্তি সম্পন্ন
হোৱা
যেতিয়া কৰ্মভোগৰ
প্ৰভাৱ বেছি হয়, কৰ্মেন্দ্ৰিয়সমূহ কৰ্মভোগৰ বশৱৰ্তী হৈ নিজৰ ফালে আকৰ্ষিত কৰে
অৰ্থাৎ যেতিয়া শৰীৰত যথেষ্ট যন্ত্ৰণা হয় তেনে সময়ত কৰ্মভোগক কৰ্মযোগলৈ পৰিৱৰ্তন
কৰোঁতা, সাক্ষী হৈ কৰ্মেন্দ্ৰিয়সমূহৰ দ্বাৰা ভোগ কৰাওঁতাজনকেই সৰ্ব শক্তি সম্পন্ন
অষ্ট ৰত্ন বিজয়ী বুলি কোৱা হয়। ইয়াৰ বাবে বহু সময়ৰ দেহ ৰূপী চোলাৰ পৰা পৃথক
হোৱাৰ অভ্যাস থাকিব লাগে। এই বস্ত্ৰ, জগতৰ বা মায়াৰ আকৰ্ষণত আটিল অৰ্থাৎ টান খাই
থাকিব নালাগে, তেতিয়াহে সহজে আঁতৰিব।
স্লোগান:
সকলোৰে মান পাবলৈ নম্ৰচিত হোৱা - নম্ৰতাই মহানতাৰ চিন।
মাতেশ্বৰী জীৰ অমূল্য
মহাবাক্য:-
(1) “ঈশ্বৰ সর্বব্যাপী
নহয়, তাৰ প্ৰমাণ কি?”
শিৰোমণি গীতাত যি
ভগৱানুবাচ (ভগৱানৰ বাণী) আছে সন্তানসকল, য’ত বিজয় আছে ত’ত মই আছোঁ, এয়াও পৰমাত্মাৰ
মহাবাক্য৷ পৰ্বতবোৰৰ ভিতৰত যি হিমালয় পর্বত আছে তাত মই আছোঁ আৰু সাপৰ ভিতৰত ক’লা
নাগ মই হওঁ৷ সেইবাবে পর্বতৰ ভিতৰত উচ্চ পর্বত কৈলাশ পর্বত দেখুৱায় আৰু সাপৰ ভিতৰত
ক’লা নাগ, গতিকে ইয়াৰ দ্বাৰা সিদ্ধ হয় যে পৰমাত্মা যদি সকলো সাপৰ ভিতৰত কেৱল ক’লা
নাগত আছে, তেন্তে সকলো সাপত তেওঁৰ নিবাসতো নহ’ল নহয়৷ যদি পৰমাত্মা উচ্চতকৈও উচ্চ
পাহাৰত আছে তাৰমানে তলৰ পাহাৰত নাই, আকৌ কয় য’ত বিজয় ত’ত মোৰ জন্ম, অৰ্থাৎ পৰাজয়ত
নাই৷ এতিয়া এই কথাবোৰে সিদ্ধ কৰে যে পৰমাত্মা সর্বব্যাপী নহয়৷ এফালে এনেকৈও কয় আৰু
আনফালে কয় যে পৰমাত্মা অনেক ৰূপত আহে, যেনেকৈ পৰমাত্মাক 24 অৱতাৰত দেখুৱাইছে, কয় –
কাছ-মাছ আদি সকলো পৰমাত্মাৰ ৰূপ৷ এতিয়া এয়া হ’ল তেওঁলোকৰ মিথ্যা জ্ঞান, এনেকৈয়ে
পৰমাত্মাক সর্বত্ৰ বুলি ভাবি বহি আছে আচলতে এই সময়ত কলিযুগত সর্বত্ৰ মায়াহে ব্যাপক
হৈ আছে তেন্তে পৰমাত্মা ব্যাপক কেনেকৈ হ’ল? গীতাতো কয় যে মই আকৌ মায়াত ব্যাপক নহওঁ,
ইয়াৰ দ্বাৰা সিদ্ধ হয় যে পৰমাত্মা সর্বত্ৰে নাই৷
(2)নিৰাকাৰী সৃষ্টি –
আত্মা আৰু পৰমাত্মাৰ নিবাস স্থান
এতিয়া এয়াতো আমি জানো
যে যেতিয়া আমি নিৰাকাৰী সৃষ্টি বুলি কওঁ তেন্তে নিৰাকাৰৰ অর্থ এইটো নহয় যে তেওঁৰ
কোনো আকাৰ নাই, যেনেকৈ আমি নিৰাকাৰী সৃষ্টি বুলি কওঁ তেন্তে ইয়াৰ অর্থ হ’ল নিশ্চয়
কোনোবা সৃষ্টি আছে, কিন্তু তাৰ স্থূল সৃষ্টিৰ নিচিনা আকাৰ নাই, এনেয়ে পৰমাত্মা
নিৰাকাৰ কিন্তু তেওঁৰ নিজৰ সূক্ষ্ম ৰূপ অৱশ্যে আছে৷ গতিকে আমাৰ অৰ্থাৎ আত্মা আৰু
পৰমাত্মাৰ ধাম হৈছে নিৰাকাৰী সৃষ্টি৷ সেয়েহে যেতিয়া আমি ‘সৃষ্টি’ শব্দটি কওঁ, গতিকে
ইয়াৰ দ্বাৰা সিদ্ধ হয় যে সেইখন হৈছে সৃষ্টি আৰু তাত নিবাস কৰে সেইবাবেতো সৃষ্টি নাম
হৈছে, এতিয়া জগতৰ লোকেতো ভাবে পৰমাত্মাৰ ৰূপো অখণ্ড জ্যোতি তত্ত্ব, সেয়া হ’ল
পৰমাত্মাৰ নিবাসৰ ঠিকনা, যাক অৱসৰ ঘৰ বুলি কোৱা হয়৷ গতিকে আমি পৰমাত্মাৰ ঘৰক
পৰমাত্মা বুলি ক’ব নোৱাৰোঁ৷ এতিয়া আনখন হ’ল আকাৰী সৃষ্টি, য’ত ব্ৰহ্মা, বিষ্ণু,
শংকৰ দেৱতাসকল আকাৰী ৰূপত থাকে আৰু এয়া হ’ল সাকাৰী সৃষ্টি, যাৰ দুটা ভাগ আছে – এখন
হ’ল নির্বিকাৰী স্বর্গৰ সৃষ্টি য’ত আধাকল্প সদায় সুখ থাকে, পৱিত্ৰতা আৰু শান্তি থাকে৷
আনখন হৈছে বিকাৰী কলিযুগী দুখ আৰু অশান্তিৰ সৃষ্টি৷ এতিয়া সেয়া দুখন সৃষ্টি বুলি
কিয় কয়? কিয়নো মনুষ্যই এনেকৈ যি কয় – স্বর্গ আৰু নৰক দুয়োখন পৰমাত্মাই ৰচনা কৰা
সৃষ্টি, তাৰ ওপৰত পৰমাত্মাৰ মহাবাক্য হৈছে - সন্তানসকল, মই কোনো দুখৰ সৃষ্টি ৰচনা
কৰা নাই যিখন সৃষ্টি মই ৰচনা কৰোঁ সেয়া সুখৰ ৰচোঁ৷ এতিয়া এয়া যি দুখ আৰু অশান্তিৰ
সৃষ্টি সেয়া মনুষ্য আত্মাসকলে নিজে নিজক আৰু মোক পৰমাত্মাক পাহৰি যোৱাৰ বাবে এয়া
হিচাপ-নিকাচ ভোগ কৰি আছে৷ বাকী এনেকুৱা নহয় যি সময়ত সুখ আৰু পুণ্যৰ জগত থাকে তাত
কোনো সৃষ্টি নচলেই৷ হয়, অৱশ্যে যেতিয়া আমি কওঁ যে তাত দেৱতাসকলৰ নিবাস স্থান আছিল,
সেয়েহে তাত সকলো প্ৰবৃত্তি চলিছিল কিন্তু এনেকুৱা আছিল তাত বিকাৰী জন্ম হোৱা নাছিল,
যাৰ বাবে ইমান কর্মবন্ধন নাছিল৷ সেইখন সৃষ্টিক কর্মবন্ধন ৰহিত স্বর্গৰ সৃষ্টি বুলি
কয়৷ গতিকে এখন হ’ল নিৰাকাৰী সৃষ্টি, দ্বিতীয়খন আকাৰী সৃষ্টি, তৃতীয়খন সাকাৰী সৃষ্টি৷
বাৰু – ওঁম্ শান্তি৷
অব্যক্ত ইংগিত:
নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা
সাকাৰত যদি কোনো
নিৰ্মিত শ্ৰেষ্ঠ আত্মা লগত থাকে, তেন্তে তেওঁলোকৰ দ্বাৰা যিকোনো কথা সত্যাপন কৰাই
লৈ কৰিলে নিশ্চয়বুদ্ধিৰ হৈ কৰিবা। নিৰ্ভয়তা আৰু নিশ্চয়তা —এই দুয়োটা গুণ সন্মুখত
ৰাখি কৰিবা। গতিকে য’ত সদায় নিশ্চয়তা আৰু নিৰ্ভয়তা থাকে ত’ত সদায় শ্ৰেষ্ঠ সংকল্পৰ
বিজয় হ'ব। যিয়েই সংকল্প কৰা, যদি সদায় নিৰাকাৰ আৰু সাকাৰ লগত বা সন্মুখত আছে,
তেন্তে সত্যাপন কৰোৱাৰ পাছত নিশ্চয়তা আৰু নিৰ্ভয়তাৰে কৰা, ইয়াৰ দ্বাৰা সময়ও ব্যৰ্থত
নাযাব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]