24.05.26 Avyakt Bapdada
Assame
Murli
28.02.2010 Om Shanti Madhuban
“*“দেহবোধ ‘মই’ ‘মই’ৰ
হোলী জ্বলাই পৰমাত্ম সংগৰ ৰঙৰ হোলী উদ্যাপন কৰা”*”
আজি পবিত্ৰতম্ পিতাই
নিজৰ পবিত্ৰ সন্তানসকলৰ সৈতে হোলী উদ্যাপন কৰিবলৈ আহিছেহঁক। চৰিওফালৰ সন্তানসকল
দূৰ-দূৰণিৰ পৰা স্নেহত অন্তৰত সমাহিত হৈ আছে। বাপদাদাই চাৰিওফালৰ সন্তনসকলৰ মস্তকত
ভাগ্যৰ তৰা জিলিকি থকা দেখিবলৈ পাইছে। ইমান ডাঙৰ ভাগ্য গোটেই কল্পত আন কাৰো প্ৰাপ্ত
নহয়। এই সংগমযুগৰ প্ৰাপ্তিৰ আধাৰত তোমালোক সন্তানসকল ইমানেই শ্ৰেষ্ঠ আৰু পবিত্ৰ হৈছা
যে ভৱিষ্যতে তোমালোক ডবল পবিত্ৰ হৈ যাবা। আত্মাও পবিত্ৰ আৰু শৰীৰো পবিত্ৰ। গোটেই
কল্পত পৰিক্ৰমা লগাই চোৱা, কোনো ধৰ্মাত্মাও ডবল পবিত্ৰ হোৱা নাই। তোমালোক সন্তানসকল
ডবল পবিত্ৰও হোৱা আৰু ডবল পবিত্ৰতাৰ চিন স্বৰূপে ডবল মুকুটধাৰী হোৱা।
আজি হোলী সকলোৱে উদ্যাপন
কৰে, কিন্তু তোমালোক এই সময়ত যি ডবল হোলী অৰ্থাৎ পবিত্ৰ হৈছা, তাৰ স্মৃতিত উৎসৱ
হিচাপে হোলী উদ্যাপন কৰা হয়। তোমালোকৰ প্ৰতিটো খোজৰ, জীৱনৰ মহত্বক উৎসৱ হিচাপে উদ্যাপন
কৰা হয়। তোমালোক এই সংগমত প্ৰতিটো দিন, প্ৰতিটো খোজত উৎসাহ আৰু উদ্দীপনাৰে থাকা,
সেয়েহে তোমালোকৰ উৎসাহ-উদ্দীপনাৰ স্মৃতি স্বৰূপে এই উৎসৱ উদ্যাপন কৰা হয়।
উৎসাহ-উদ্দীপনা কিয় থাকে? কাৰণ তোমালোকে পৰমাত্মা সংগৰ ৰঙৰ হোলী উদ্যাপন কৰা। গতিকে
তোমালোকৰ প্ৰতিটো খোজ উৎসৱ হিচাপে উদ্যাপন কৰা হয়। এতিয়া হোলীত প্ৰথমে জ্বলায়, তাৰ
পাছত উদ্যাপন কৰে। তোমালোকেও সংগমত এতিয়া নিজৰ পুৰণি সংস্কাৰ আৰু স্বভাৱ যোগ
অগ্নিত জ্বলাই দিয়া, কাৰণ নিজৰ পুৰণি সংস্কাৰক নজ্বলোৱাকৈ পৰমাত্ম সংগৰ ৰং লাগিব
নোৱাৰে, পৰমাত্মাৰ মিলন হ’ব নোৱাৰে। গতিকে তোমালোকে যোগ-অগ্নিত সংস্কাৰ বোৰ জ্বলাই
দিলা, তাৰ পাছত পৰমাত্ম সংগৰ ৰঙত ৰাঙলী হ’লা। সেয়ে আজিকালি জ্বলায়ো আৰু ৰঙো লগায়,
কিন্তু তোমালোকৰ আধ্যাত্মিক ৰূপক স্থূল ৰূপ দি দিয়া হৈছে। তেওঁলোকে স্থূল জুই
জ্বলায়, স্থূল ৰং লগায় কাৰণ এতিয়া দেহ-অভিমানী বৃত্তি আছে। তোমালোক হোলী (পবিত্ৰ)
হোৱা তেওঁলোকে হোলী উদ্যাপন কৰে। গোটেই কল্পত কোনেও আধ্যাত্মিক হোলী খেলি ডবল হোলী
(পবিত্ৰ) হোৱা নাই। গতিকে তোমালোক সকলো যি য’ৰ পৰা আহিছা, পৰমাত্ম সংগৰ হোলীলৈ আহিছা।
পৰমাত্ম সংগৰ হোলী উদ্যাপন কৰিবলৈ আহিছা। তোমালোকে হোলীৰ বাবে কোৱা যে ‘হোলী’ অৰ্থাৎ
যি কথা হৈ গ’ল সেয়া ‘হোলী’ (হৈ গ’ল)। গতিকে ড্ৰামা অনুসৰি যি অতীত হৈ গ’ল তাক কোৱা
হয় ‘হোলী’, যি ঘটিল সেয়া অতীত হ’ল। কোনো ব্যৰ্থ কথা মনলৈ নানে, হৈ গ’ল – এনেকুৱা
হোলী উদ্যাপন কৰি থাকা নহয়? তোমালোক সকলোৱে হোলী অৰ্থাৎ পবিত্ৰ হোৱাৰ পূৰ্ণ
পুৰুষাৰ্থ কৰি পবিত্ৰতা ধাৰণ কৰিছা, সেইবাবে ভৱিষ্যতে তোমালোকক ডবল পবিত্ৰতাৰ চিন
স্বৰূপে ডবল মুকুট দেখুওৱা হয়। আজিৰ দিনটোত তোমালোক প্ৰতিগৰাকী সন্তানে কি জ্বলাই
থৈ যাবা? বাপদাদাই দেখিছে যে জন্মদিনত পিতাই যি ঘৰৰ কাম দিছিল – যে জন্মদিনত ক্ৰোধ
জন্মদিনৰ উপহাৰ দি দিয়া। তাৰ ফলাফল বাপদাদাৰ ওচৰত আজি কিছুমান সন্তানৰ পৰা আহি পাইছে।
বাপদাদাই দেখিছে যে ক’ত ক’ত সন্তানসকলে মনোযোগ দিছে। তোমালোক সকলোৱেও নিজৰ ফলাফল
উলিয়াইছা চাগৈ, গতিকে যিসকল আজি বহি আছে, তেওঁলোকে নিজৰ ফলাফল উলিয়ালে, যিসকলে নিজৰ
ফলাফলত নিয়ন্ত্ৰণ কৰিলে আৰু সফলতাৰ অনুভৱ কৰিলে তেওঁলোকে হাত দাঙা। সফলতা প্ৰাপ্ত
কৰিলা। দীঘলকৈ হাত দাঙা। শিক্ষকসকলে হাত দাঙা, বিদেশীসকলে হাত দাঙা। (সকলোৱে হাত
দাঙিলে) ভাল, অভিনন্দন। ইয়াৰ দ্বাৰা তোমালোক সকলোৱে নিজৰ মাজত সাহস ৰাখিলে আৰু
সাহসৰ ফল প্ৰাপ্ত হ’ব পাৰে, এইটো অনুভৱ কৰিলা। তেন্তে যদি এইটো অনুভৱক আগলৈকো
লক্ষ্য কৰি বাৰে বাৰে পৰীক্ষা কৰি থাকা আৰু আগুৱাই নিব বিচৰা, তেন্তে তোমালোকে
ভাবানে যে ই সম্ভৱ? সম্ভৱনে? আগলৈ হ’ব পাৰেনে? সেইসকলে হাত দাঙা। বাৰু, হ’ব পাৰেনে?
শিক্ষকসকল, হ’ব পাৰেনে? পাণ্ডৱসকল, হ’ব পাৰেনে? ভাল কথা। সম্ভৱ হ’ব পাৰে নহয়, হ’বই
লাগিব – ইয়াৰ বাবে তালি বজোৱা। ভাল। এতিয়া বেছি দিন হোৱা নাই, কিন্তু এতিয়া প্ৰতি
তিনি মাহৰ মূৰে মূৰে আজিৰ পৰা তিনি মাহ মনোযোগ দি ক্ৰোধৰ অনুভূতি শেষ কৰিব পাৰিবানে?
পাৰিবানে? তেওঁলোকে হাত দাঙা। ভাল কথা, এইটো অতি ভাল খবৰ, কিয়? ক্ৰোধৰ কাৰণ কি?
ক্ৰোধৰ বীজ কি? তোমালোকে সদায় নিজৰ ভৱিষ্যত স্বৰূপ সন্মুখত ৰাখা, তোমালোকৰ ভৱিষ্যত
স্বৰূপ কিমান সুন্দৰকৈ সজোৱা হৰ্ষিত মুখ আৰু বাপদাদাক চোৱা, তাতো পিতা ব্ৰহ্মাক
সন্মুখলৈ আনা, কিয়? শিৱপিতাতো হয়েই নিৰাকাৰ, কিন্তু পিতা ব্ৰহ্মা তোমালোকৰ দৰেই
সাকাৰ ৰূপধাৰী, তোমালোকৰ দৰেই দ্বায়িত্বৰ মুকুটধাৰী, তথাপিও সদায় হাঁহি থকা, হৰ্ষিত
মুখ, কাৰণ এই বিকাৰসমূহৰ ওপৰত বিজয় প্ৰাপ্ত কৰি, শৰীৰত থাকি কৰ্ম কৰি তোমালোকৰ আগত
উদাহৰণ হৈ থাকিল। পিতা ব্ৰহ্মাতকৈ তোমালোকৰ দ্বায়িত্ব বেছি জানো? পিতা ব্ৰহ্মাৰ
দ্বায়িত্বৰ আগত তোমালোকৰ দ্বায়িত্ব একোৱেই নহয়। আৰু শেষলৈকে দেখা গ’ল যে কৰ্মাতীত
প্ৰকম্পনত অব্যক্ত ফৰিস্তা হৈ গ’ল। তেন্তে এতিয়া বাপদাদাক দিয়া উপহাৰ ওভতাইতো নোলোৱা
নহয়! বাপদাদাই বুজি পায় যে কাম-কাজত আহিলে কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয়,
বহুতে ফলাফলতো লিখিছে যে মাত তীব্ৰ হৈ যায়। মেজাজত অলপ উত্তেজনা আহে। কিন্তু যেতিয়া
এনেবোৰ কথা সন্মুখত আহে তেতিয়াহে বিজয়ী হোৱাৰ সুযোগ পোৱা যায়। পৰিস্থিতিৰ কাম হ’ল
অহা, কিন্তু তোমালোকৰ জ্ঞান আছে কথাবোৰ অতিক্ৰম কৰি বিজয়ী হোৱা। গতিকে পচন্দ হৈছেনে?
ক্ৰোধ বিদায় দিবানে, সদাকালৰ বাবে নে তিনিমাহৰ বাবে? কিমান সময়ৰ সাহস আছে? যিসকলে
ভাবা যে সদাকালৰ বাবে ক্ৰোধ জয় কৰা কঠিন নহয়, হ’বই লাগিব, তেওঁলোকে হাত দাঙা। হ’বই
লাগিব। বাৰু। বাপদাদা আনন্দিত হৈছে, কিয়? কিয়নো তোমালোকৰ অন্তিম জন্মতো তোমালোকৰ
মহিমা কি বুলি গায়? তোমালোকৰ দেৱতা ৰূপৰ আগত তোমালোকৰ মহিমা সৰ্বগুণ সম্পন্ন,
সম্পূৰ্ণ নিৰ্বিকাৰী বুলি গায়। গতিকে তোমালোকৰ এয়া হোৱাৰ ভূমিকা এতিয়া সংগমযুগৰে
গায়ন।
বাপদাদাৰ অন্তৰৰ
বিশেষ আশা কি কওঁনে? কান্ধ লৰোৱা, কওঁনে? বাপদাদাই এতিয়াৰে পৰা, এতিয়াৰে পৰা
প্ৰতিগৰাকী সন্তানক সদায় ফুলি থকা গোলাপ ফুল হিচাপে চাব বিচাৰে। ভাগ্যৱান, আনন্দময়।
পৰিস্থিতিৰ কাম হৈছে অহা, এইটোও বুজি লোৱা। পৰিস্থিতি আহিব কিন্তু নিজৰ লক্ষ্য
লক্ষণত আনিব লাগে। ভয় কৰিব নালাগে। গতিকে যেনেকৈ এতিয়া কয় যে ব্ৰহ্মাকুমাৰীসকলে
পবিত্ৰতাৰ বহুত পাঠ পঢ়ায়, তেনেকৈ প্ৰসিদ্ধ হওক যে ব্ৰহ্মাকুমাৰীসকলে ক্ৰোধমুক্ত কৰে
কাৰণ ক্ৰোধৰ পৰা মুক্ত হ’বলৈ সকলোৱে বিচাৰে। দুশ্চিন্তা থাকে নহয়! গতিকে
দুশ্চিন্তাৰ সৃষ্টি হয়, সেইবাবে সকলোৱে বিচাৰে কিন্তু তেওঁলোকে বিধি নাজানে। যেনেকৈ
পবিত্ৰ হোৱাতো অসম্ভৱ বুলি ভাবিছিল কিন্তু এতিয়া তোমালোক সকলোৰে অনুভৱৰ আধাৰত বুজি
পায় যে ই হ’ব পাৰে। তেনেকৈ এতিয়া এইটো বছৰত লহৰ বিয়পাই দিয়া যে ক্ৰোধজিৎ হোৱাতো
সম্ভৱ, কোনো কঠিনতা নাই। এনেকুৱা উদাহৰণৰ অনুভৱ বাস্তৱত মঞ্চলৈ আনা। বাপদাদাই দেখিছে
যে বহুত সন্তানে কাৰ্য কৰি থাকিও ক্ৰোধজিৎ হৈছে। এনে উদাহৰণ তোমালোকৰ পৰিয়ালত,
ব্ৰাহ্মণ পৰিয়ালত আছে। গতিকে এইটো বছৰ কি কৰিবা? হোলী উদ্যাপন কৰিবলৈ আহিছা নহয়!
তেন্তে হোলীত কি কৰে? কিবা জ্বলায় নহয়! গতিকে আজিৰ হোলীত তোমালোকে কি জ্বলাবা?
ক্ৰোধৰ ক্ষেত্ৰততো কৰিলা, ইয়াক দৃঢ় কৰিবা! কিন্তু বাপদাদাই দেখিছে যে দুশ্চিন্তাত
অহাৰ কাৰণ হ’ল দেহ-অভিমানৰ ‘মই’ শব্দটি। দেহ বোধৰ ‘মই’, এটাতো হ’ল মই আত্মা – এইটো
‘মই’, কিন্তু দেহবোধৰ ‘মই’ শব্দটি অভিমানৰো হয়, অপমানৰো হয় আৰু হতাশজনক মই মই শব্দই
তললৈ নমায়। গতিকে আজি ক্ৰোধজিৎ হোৱাত আগবাঢ়ি যাবলৈ দেহ বোধৰ এই ‘মই’ক যোগ অগ্নিত
জ্বলোৱা। অনেক ‘মই’ ‘মই’ক জ্বলাই দিয়া আৰু এক ‘মই’ আত্মা, এই ‘মই’ শব্দটি দৃঢ় কৰা
আৰু বাকী ‘মই’ আজি যোগ অগ্নিত জ্বলাই থৈ যোৱা। অনেক ‘মই’ আছে নহয়। গতিকে আজি
জ্বলোৱাৰ হোলী উদ্যাপন কৰিবানে! কিয়নো ক্ৰোধৰ কাৰণে দুশ্চিন্তা বহুত হয়। গতিকে এই
‘মই’ক সমাপ্ত কৰিবলৈ আজি নিজৰ ভিতৰত সংকল্প লোৱা। জ্বলাব লাগে কিয়নো এইটোও বোজা হয়
নহয়। গতিকে ট্ৰেনত যোৱা, প্লেনত যোৱা এই বোজা ইয়াতেই জ্বলাই থৈ যাবা। জ্বলাব
পাৰিবানে? যিসকলে ভাবে যে সন্তানে সাহস কৰিলে সহায় কৰিবলৈ পিতা লগত আছেই, গতিকে
বিজয়ো লগতেই আছে, যিসকলে এনেকৈ ভাবা যে মই বিজয়ী হ’বই লাগিব, তেওঁলোকে হাত দাঙা।
হ’বই লাগিব, ভাল কথা। যিসকল আজি ভি.আই.পি. আহিছে, তেওঁলোকে হাত দাঙি আছে। যিসকল
ভি.আই.পি. আহিছে উঠা, থিয় হোৱা। হাত দাঙি আছে। তালি বজোৱা। বিজয়ী হ’বানে? চোৱা,
যিসকল বিজয়ী হ’ব তেওঁলোকক মালা পিন্ধাই আছে। অভিনন্দন, অভিনন্দন। বাৰু। এতিয়া যিসকল
ভি.আই.পি. আহিছে সকলোৱে সাহসী সেইবাবেই বাপদাদাই বৰদান দিছে। এই সময়ত তোমালোকে যি
এটা জন্মৰ বাবে কোনো কাৰ্যত ভি.আই.পি. হৈছা কিন্তু বাপদাদাই তোমালোক সাহসী
সন্তানসকলক এতিয়া ভি.আই.পি. বুলি নক’ব সন্তান বুলি ক’ব। বাপদাদাই এইটো বৰদান দিয়ে,
প্ৰতিশ্ৰুতি দিয়ে যে তোমালোক সকলো 21 জন্মৰ বাবে ভি.আই.পি. হ’বা। এই নিৰ্বাচন, বাছনি
নচলিব। গতিকে সকলোৱে মাত্ৰ এটা কথা নেৰিবা, যেনেকৈ এতিয়া সম্বন্ধ-সম্পৰ্কত আহিছা
তেনেকৈ এই ব্ৰাহ্মণ পৰিয়ালৰ সম্পৰ্ক নেৰিবা। যিমানে সম্পৰ্ক ৰাখিবা সিমানে সম্বন্ধ
দৃঢ় হ’ব আৰু পিতাৰ বৰদান প্ৰাপ্ত কৰি ল’বা। গতিকে মঞ্জুৰনে? সম্পৰ্ক ৰখা মঞ্জুৰনে?
হাত দাঙা। বাৰু। (বাপদাদাই ফুলৰ মালা তুলি আগুৱাই দিলে) এই মালা তোমালোক সকলোৱে
পিন্ধিবা।
তোমালোক সকলো নতুন
সন্তান বা প্ৰকৃত সোণ সন্তান সদায় পিতাৰ আজ্ঞাকাৰী হোৱা নহয়! গতিকে আজি এই ‘মই’ক
জ্বলাইহে যাবা। যিসকল প্ৰথমবাৰ আহিছা তেওঁলোক উঠা। বাৰু। বাপদাদাই প্ৰথমবাৰ অহা
সন্তানসকলক প্ৰথমবাৰ অহাৰ বাবে পদমগুণ অভিনন্দন জনাই আছে। কিন্তু এতিয়া যেনেকৈ
প্ৰথমবাৰ আহিছা তেনেকৈয়ে প্ৰথম নম্বৰ, প্ৰথম বিভাগত আহিবা, প্ৰথম নম্বৰটো নিশ্চিত
কিন্তু প্ৰথম বিভাগত আহিবা, এইটো সাহস আছেনে? হাত দাঙা যাৰ সাহস আছে। চোৱা,
ভাবি-চিন্তি দাঙা। বাৰু। গতিকে লক্ষ্য ৰাখা যে আমি শেষত আহিছোঁ কিন্তু তীব্ৰগতিৰে
আগবাঢ়ি যাম কাৰণ সময়ৰ কোনো ভৰসা নাই। এতিয়া যি কৰিব লাগে সেয়া তীব্ৰ পুৰুষাৰ্থী হৈ
কৰা কিয়নো বহুত সময়ৰ পুৰুষাৰ্থ তোমালোক সকলোৱে অলপ সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।
গতিকে সাহস আছেনে? আছেনে সাহস? হাত দাঙা। চোৱা তোমালোকৰ ফটো লৈ আছে। বাপদাদাই এনে
সাহসীসকলক অভিনন্দন জনায় যে তোমালোকৰ সাহস, পিতাৰ সহায়। কিন্তু সাহস নেহেৰুৱাবা।
নিজৰ ভাগ্যৰ তৰা সদায় জিলিকাই ৰাখিবা কিয়নো এইটো জন্মৰ তীব্ৰ পুৰুষাৰ্থ, পুৰুষাৰ্থ
নহয় তীব্ৰ পুৰুষাৰ্থ অনেক জন্মৰ ভাগ্য গঢ়োঁতা হয়, সেইবাবে সাহস কেতিয়াও নেহেৰুৱাবা।
পৰিস্থিতিতো আহিব কিন্তু পৰিস্থিতি মহাবীৰ নহয়, তোমালোক সৰ্বশক্তিমানৰ সন্তান,
তোমালোকৰ আগত পৰিস্থিতি কি! পৰিস্থিতি আহে আৰু গুচি যায়। যিটো গুচি যাবলগীয়া তাৰ
পিছত নিজৰ ভাগ্য হেৰুৱাব নালাগে। বাৰু বহা। গতিকে সকলোকে বাপদাদাই স্নেহেৰে
অভিনন্দন জনাই আছে, কোনটো কথাৰ বাবে? সাহস কৰিছা আৰু বাপদাদা প্ৰতিগৰাকী সন্তানৰ
সাহসেৰে লোৱা সংকল্পত আনন্দিত হৈছে। গতিকে হোলী উদ্যাপন কৰিলানে? জ্বলোৱাৰ হোলীতো
উদ্যাপন কৰিলা আৰু পৰমাত্ম সংগৰ ৰঙৰ হোলীও উদ্যাপন কৰিলা। জ্বলালাও আৰু উদ্যাপনো
কৰিলা।
এতিয়া বাপদাদাই সকলো
সন্তানৰ দ্বাৰা এটা ড্ৰিল কৰাব বিচাৰিছে কাৰণ চাৰিওফালে পৰিস্থিতি আছে, ক’ৰবাত কিবা
পৰিস্থিতি, ক’ৰবাত আন কিবা পৰিস্থিতি, এনেকৈ চাৰিওফালৰ পৰিস্থিতিৰ মাজত তোমালোক এক
চেকেণ্ডত একাগ্ৰ হ’ব পাৰানে? এনে অভ্যাস নিজৰ মাজত অনুভৱ কৰানে? নতুবা ধৰি লোৱা কোনো
সময়ত তোমালোকৰ কাৰণে অকাৰণে কোনো কথাৰ প্ৰতি ব্যৰ্থ সংকল্পৰ ধুমুহা আহি গ’ল, তেনে
সময়ত তোমালোকে নিজৰ মন বুদ্ধি একাগ্ৰ কৰিব পাৰিবানে? এই একাগ্ৰতা শক্তিৰ ড্ৰিল সময়ত
কৰি চাইছানে? যদি তেনে সময়ত এক চেকেণ্ডত একাগ্ৰতাৰ শক্তি কামত নাহে, তেন্তে আগলৈ এনে
পৰিস্থিতি বাৰে বাৰে আহিব। গতিকে আজি বাপদাদাই চেকেণ্ডত পূৰ্ণ বিৰাম অৰ্থাৎ একাগ্ৰ
স্থিতিৰ অভ্যাসৰ ওপৰত মনোযোগ আকৰ্ষণ কৰিব বিচাৰিছে কাৰণ প্ৰকৃতিয়ে নিজৰ ভিন্ন ভিন্ন
ৰং দেখুৱাবলৈ আৰম্ভ কৰি দিছে। চাৰিওফালে কি কি হৈ আছে, সেয়া তোমালোক সকলোৱে বেছিকৈ
জানা। গতিকে এনেকুৱা মন-বুদ্ধি দিগভ্ৰান্ত কৰা পৰিস্থিতি আহিবই, গতিকে এতিয়া এইটো
অভ্যাস কৰা যে মন, বুদ্ধি তোমালোকে এক চেকেণ্ডত পৰমধামত স্থিৰ কৰিব পাৰানে! এতিয়া
নিজক ফৰিস্তা ৰূপত স্থিৰ কৰা। এতিয়া নিজক মই ব্ৰাহ্মণ মাষ্টৰ সৰ্বশক্তিমান স্থিতিত
আছোঁ, এই মাষ্টৰ সৰ্বশক্তিমান স্থিতিত স্থিৰ হৈ যোৱা। (বাপদাদাই ড্ৰিল কৰালে) এনে
অভ্যাস গোটেই দিনটোত যেতিয়াই সময় পোৱা, বাৰে বাৰে মন একাগ্ৰ কৰি চোৱা। যি বিচৰা,
য’ত বিচৰা ত’ত মন একাগ্ৰ হওক। পুৰুষাৰ্থত এক মিনিট লগোৱা, এক চেকেণ্ডত পূৰ্ণ বিৰাম
কাৰণ এনে অস্থিৰতাৰ সময়ে এতিয়া প্ৰস্তুতি চলাই আছে সেয়েহে মন নিয়ন্ত্ৰণ কৰা - মন
মোৰ, মই মন নহয়, মোৰ মন তেন্তে মোৰ ওপৰত ‘মই’ৰ নিয়ন্ত্ৰণ আছেনে? এইটো ড্ৰিলৰ বহুত
আৱশ্যক।
যিসকল আহিছা,
বাপদাদাৰ এটি এটি সন্তান মৰমৰ। কিয়? যেনেকুৱাই নহওক কিন্তু বাপদাদাই প্ৰতিগৰাকী
সন্তানক কোটিৰ মাজত কোনোবা আত্মাৰ ৰূপত চায়। যদিও পুৰুষাৰ্থত দুৰ্বল তথাপিও পিতাৰ
মৰমৰ হৈছে। অন্তৰেৰে কয় “মোৰ বাবা” সেয়েহে পিতাৰো অতি মৰমৰ। কেৱল বাপদাদাই এটা কথা
আকৌ সোঁৱৰাই আছে যে তোমাৰ চেহেৰা সদায় আনন্দময়, আনন্দত জিলিকি থাকক। পৰিস্থিতি গুচি
যাওক কিন্তু আনন্দ যাতে নোহোৱা নহয়। সংগমযুগৰ আনন্দ পৰমাত্ম উপহাৰ। গতিকে হোলী অৰ্থাৎ
তেনে কোনো পৰিস্থিতি আহিলে স্মৃতিলৈ আনিবা যে হোলী পালন কৰি আহিছোঁ, যি হ’ল সেয়া হৈ
গ’ল, আনন্দ যাতে নাযায়। পৰমাত্ম উপহাৰ, সম্পদ হৈছে আনন্দ।
বাপদাদাই সদায় কয় এইটো
শ্লোগান যাতে সদায় স্মৃতিত থাকে – আনন্দিত হৈ থাকিব লাগে আৰু আনন্দ বিলাব লাগে।
যিমানে বিলাবা সিমানে বাঢ়িব আৰু আনন্দময় চেহেৰাই চলোঁতে-ফুৰোঁতে স্বতঃ সেৱা কৰি
থাকিব। যিয়েই দেখিব তেওঁ এয়াই ভাবিব যে কি পাইছে। গতিকে আজিৰ হোলীৰ অন্তৰ আনন্দিত
কৰা মিঠাই হৈছে আনন্দ। সকলোৱে খালানে? সদায় খাই থাকিবা। এই ক্ষেত্ৰত কোনো বেমাৰ
নহ’ব। বাৰু।
বাপদাদাই আকৌ ইংগিত
দি আছে যে স্ব-পুৰুষাৰ্থ, স্ব-পুৰুষাৰ্থৰ দ্বাৰা স্ব-উন্নতি আৰু সেৱাৰ উন্নতি
দুয়োফালে মনোযোগ দি থাকা, আগবাঢ়ি গৈ থাকা আৰু সদায় উৰি থাকা, উৰুৱাই থাকা। ভাল বাৰু।
চাৰিওফালৰ বাপদাদাৰ
স্নেহত সমাহিত হৈ থকা স্মৃতিত থকাত আৰু সেৱাত আগুৱাই যাওঁতা আৰু আগুৱাই লৈ যাওঁতা,
অমৃতবেলা অতি উত্তম শক্তিশালী কৰি তোলোঁতা আৰু মনৰ সেৱাৰ দ্বাৰা দয়াশীল, দয়ালু,
কৃপালু হৈ আত্মাসকলক কিবা নহয় কিবা দান দিওঁতা, নিজৰ এইটো বিধি আগুৱাই লৈ যোৱা।
বাপদাদাই দেখিবলৈ পায় যে প্ৰতিগৰাকী সন্তান উৎসাহ-উদ্দীপনাত থাকে কিন্তু এতিয়া কি
যোগ কৰিবা? ‘সদায়’ শব্দটি যোগ কৰা। ‘কেতিয়াবা’ ‘কেতিয়াবা’ শব্দ অভিধানৰ পৰা উলিয়াই
দিয়া। গতিকে চাৰিওফালৰ সন্তানসকলে হোলীও উদ্যাপন কৰিলা, জ্বলালাও আৰু সঙ্গৰ ৰঙো
লগালা, যি হৈ গ’ল সেয়া অতীত হ’ল বুলি হোলীও পালন কৰিলা, সেয়েহে বাপদাদাই চাৰিওফালৰ
সন্তানসকলক সন্মুখত অন্তৰত দেখি আছে। বাপদাদাৰ পদম পদম গুণ মৰম আৰু নমস্কাৰ।
বৰদান:
সদায় আজ্ঞাৰ
তিলক ধাৰণ কৰি প্ৰথম পুৰস্কাৰ লওঁতা আজ্ঞাকাৰী হোৱা
যিসকল সন্তানৰ মস্তকত
আজ্ঞাকাৰী হোৱাৰ স্মৃতিৰ তিলক লাগি আছে, এটা সংকল্পও আজ্ঞা অবিহনে নকৰে তেওঁলোকে
প্ৰথম পুৰস্কাৰ প্ৰাপ্ত কৰে। যেনেকৈ সীতাক লক্ষ্মণ ৰেখাৰ ভিতৰত থকাৰ আদেশ আছিল,
তেনেকৈয়ে প্ৰতিটো খোজ দিওঁতে, প্ৰতিটো সংকল্প লওঁতে পিতাৰ আদেশৰ ৰেখাৰ ভিতৰত থাকা
তেতিয়া সদায় সুৰক্ষিত হৈ থাকিবা। কোনো প্ৰকাৰৰ ৰাৱণৰ সংস্কাৰে প্ৰহাৰ নকৰিব আৰু সময়ো
ব্যৰ্থত নাযাব।
স্লোগান:
কাৰোবাৰ সৈতে
যদি আসক্তি আছে তেন্তে সেই আসক্তিয়ে পুৰুষাৰ্থত অৱশ্যে অমনোযোগী কৰি দিব।
অব্যক্ত ইংগিত: মহান
হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
সদায় এজনৰ স্মৃতিত
থাকি একৰস অৱস্থা গঢ়ি তোলা তেতিয়া 1-1-1ত আহি যাবা। বাহিৰত থাকিও এইটো পাঠ দৃঢ় কৰা
- ‘পিতাক চোৱা, পিতাক অনুসৰণ কৰা’ তেতিয়া কেতিয়াও কোনো পৰিস্থিতিত বিচলিত নোহোৱা,
পিতা ব্ৰহ্মাৰ সন্মুখত কিমান পৰিস্থিতি আহিল কিন্তু পৰিস্থিতিলৈ নাচাই কেৱল এজন
পিতাকে চালে সেয়েহে প্ৰথম নম্বৰ হ’ল। গতিকে পিতাক অনুসৰণ কৰা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]