24.07.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে এই পঢ়াৰ দ্বাৰা শান্তিধাম হৈ সুখধামলৈ যোৱা, এয়াই তোমালোকৰ
লক্ষ্য-উদ্দেশ্য, এইটো কেতিয়াও পাহৰিব নালাগে”
প্ৰশ্ন:
তোমালোক
সন্তানসকলে এই সময়ত সাক্ষী হৈ ড্ৰামাৰ কোনটো দৃশ্য প্ৰত্যক্ষ কৰি আছা?
উত্তৰ:
এই সময়ত ড্ৰামাত গোটেই দুখৰ দৃশ্য চলি আছে। যদি কাৰোবাৰ সুখ আছেও সেয়া অল্পকালৰ
কাউৰীৰ বিষ্ঠাৰ সমান। বাকী দুখেই দুখ। তোমালোক সন্তানসকল এতিয়া আলোকত আহিছা।
তোমালোকে জানা যে চেকেণ্ডৰ পাছত চেকেণ্ড বেহদৰ সৃষ্টিৰ চক্ৰ ঘূৰি থাকে, এটা দিন
আনটোৰ লগত নিমিলে। গোটেই সৃষ্টিৰ কৰ্মকাণ্ড সলনি হৈ থাকে। নতুন দৃশ্য চলি থাকে।
ডবল ওঁম্ শান্তি।
প্ৰথমতে - পিতা
স্বধৰ্মত টিকি আছে, দ্বিতীয়তে - সন্তানসকলকো কয় যে নিজৰ স্বধৰ্মত টিকি থাকা আৰু
পিতাক স্মৰণ কৰা। আন কোনেও এনেকৈ ক’ব নোৱাৰে যে স্বধৰ্মত টিকি থাকা। তোমালোক
সন্তানসকলৰ বুদ্ধিত নিশ্চয়তা আছে। নিশ্চয়বুদ্ধি বিজয়ন্তী। তেওঁলোকেই বিজয় প্ৰাপ্ত
কৰিব। কিহ’ৰ বিজয় পাব? পিতাৰ উত্তৰাধিকাৰৰ। স্বৰ্গলৈ যোৱা - এয়া হৈছে পিতাৰ পৰা
উত্তৰাধিকাৰৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। বাকী হৈছে পদৰ বাবে পুৰুষাৰ্থ। স্বৰ্গলৈতো
নিশ্চয় যাব লাগে। সন্তানসকলে জানে যে এইখন হৈছে ছিঃ ছিঃ সৃষ্টি। বহুত দুখ আহিবলগীয়া
আছে। ড্ৰামাৰ চক্ৰকো তোমালোকে জানা। অনেকবাৰ বাবা আহিছে, পাৱন কৰি সকলো আত্মাকে মহৰ
সদৃশ লৈ যাবলৈ, তাৰপাছত নিজেও নিৰ্বাণধামত গৈ নিবাস কৰিব। সন্তানসকলো যাব! তোমালোক
সন্তানসকলৰ এইটোতো আনন্দ থকা উচিত যে এই পঢ়াৰ দ্বাৰা আমি শান্তিধাম হৈ নিজৰ সুখধামলৈ
যাম। এয়া হৈছে তোমালোকৰ লক্ষ্য-উদ্দেশ্য। এইটো পাহৰিব নালাগে। নিতৌ শুনা, বুজি পোৱা
যে আমাক পতিতৰ পৰা পাৱন কৰি তুলিবলৈ পিতাই পঢ়ায়। স্মৃতিত থাকি পাৱন হোৱাৰ সহজ উপায়
শুনায়। এইটোও নতুন কথা নহয়। লিখা আছে যে ভগৱানে ৰাজযোগ শিকালে। কেৱল এইটো ভুল কৰি
দিলে যে তাত শ্ৰীকৃষ্ণৰ নাম দি দিলে। এনেকুৱাও নহয় যে সন্তানসকলে যি জ্ঞান পাই আছে
সেয়া গীতাৰ বাহিৰে আন কোনো শাস্ত্ৰত থাকিব। সন্তানসকলে জানে যে পিতাৰ যেনেকৈ মহিমা
আছে তেনেকৈ কোনো মনুষ্যৰে মহিমা নাই। পিতা নাহিলে সৃষ্টিৰ চক্ৰই নুঘূৰিব। দুখধামৰ
পৰা সুখধাম কেনেকৈ হ’ব? সৃষ্টিৰ চক্ৰতো ঘূৰিবই লাগিব। পিতাও নিশ্চয় আহিবই লাগিব।
পিতা আহে সকলোকে লৈ যাবলৈ আকৌ চক্ৰ ঘূৰে। পিতা নাহিলে কলিযুগৰ পৰা সত্যযুগ কেনেকৈ
হ’ব? বাকী এই কথাবোৰ কোনো শাস্ত্ৰত নাই। ৰাজযোগৰ বিষয়ে গীতাতেই আছে। যদি এইটো বুজি
পায় যে ভগৱান 'আবু'লৈ আহিছে তেতিয়া সাক্ষাৎ কৰিবলৈ দৌৰি আহিব। সন্ন্যাসীসকলেও
নিবিচাৰে জানো যে ভগৱানক সাক্ষাৎ কৰোঁ। পতিত-পাৱনক স্মৰণ কৰে উভতি যাবৰ বাবে। এতিয়া
তোমালোক সন্তানসকল পদমাপদম ভাগ্যশালী হৈ আছা। তাত অপাৰ সুখ থাকে। নতুন সৃষ্টিত যি
দেৱী-দেৱতা ধৰ্ম আছিল, সেয়া এতিয়া নাই। পিতাই দৈৱী ৰাজ্য ব্ৰহ্মাৰ দ্বাৰাই স্থাপনা
কৰে। এইটোতো স্পষ্ট। তোমালোকৰ লক্ষ্য-উদ্দেশ্যই হৈছে এয়া। ইয়াত সংশয়ৰ কথাই নাই। আগলৈ
গৈ বুজিয়েই যাবা, ৰাজধানী নিশ্চয় স্থাপনা হয়। আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছে। যেতিয়া
তোমালোক স্বৰ্গত থাকা তাৰ নামেই হৈছে ভাৰত আকৌ যেতিয়া তোমালোক নৰকলৈ আহা তেতিয়া
হিন্দুস্তান নাম হয়। ইয়াত কিমান দুখেই দুখ। আকৌ এই সৃষ্টি সলনি হয় তাৰপাছত স্বৰ্গত
হয়েই সুখধাম। এই জ্ঞান তোমালোক সন্তানসকলৰ আছে। জগতত মনুষ্যই একোৱে নাজানে। পিতাই
নিজেই কয় - এতিয়া হৈছে অন্ধকাৰ ৰাতি। ৰাতি মনুষ্যই খুন্দা খাই থাকে। তোমালোক
সন্তানসকল আলোকত আছা। এইটোও সাক্ষী হৈ বুদ্ধিত ধাৰণ কৰিব লাগে। চেকেণ্ডৰ পাছত
চেকেণ্ড বেহদৰ সৃষ্টিৰ চক্ৰ ঘূৰি থাকে। এটা দিন আনটোৰ লগত নিমিলে। গোটেই সৃষ্টিৰ
কৰ্মকাণ্ড সলনি হৈ থাকে। নতুন দৃশ্য চলি থাকে। এই সময়ত সম্পূৰ্ণ দুখৰ চিন। যদি সুখ
আছেও সেয়া কাউৰীৰ বিষ্ঠাৰ সমান। বাকী দুখেই দুখ। এইটো জন্মত যদি সুখ হয় আকৌ পৰৱৰ্তী
জন্মত দুখ। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত এইটো থাকে যে এতিয়া আমি নিজৰ ঘৰলৈ যাওঁ।
এই ক্ষেত্ৰত পাৱন হ’বৰ বাবে পৰিশ্ৰম কৰিব লাগে। শ্ৰী শ্ৰীয়ে শ্ৰীলক্ষ্মী-নাৰায়ণ
হোৱাৰ শ্ৰীমত দিছে। বেৰিষ্টাৰে মত দিব - বেৰিষ্টাৰ হোৱা। এতিয়া পিতায়ো কয় - শ্ৰীমতৰ
দ্বাৰা এয়া (লক্ষ্মী-নাৰায়ণ) হোৱা।
নিজক সুধিব লাগে -
মোৰ কোনো অৱগুণতো নাই? এই সময়ত গায়নো কৰে - মোৰ নিৰ্গুণীৰ কোনো গুণ নাই, আপুনিয়েই
কৃপা কৰক। কৃপা অৰ্থাৎ দয়া। পিতাই কয় - সন্তানসকল মইতো কাৰো ওপৰত দয়া নকৰোঁৱেই।
দয়াতো প্ৰত্যেকেই নিজৰ ওপৰত কৰিব লাগে। এয়া ড্ৰামা ৰচি থোৱা আছে। নিৰ্দয়ী ৰাৱণে
তোমালোকক দুখত লৈ আনে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ইয়াত ৰাৱণৰো কোনো দোষ নাই।
পিতা আহি কেৱল ৰায় দিয়ে। এয়াই তেওঁৰ দয়া। বাকী এই ৰাৱণৰাজ্যতো তথাপি চলি থাকিব।
ড্ৰামা অনাদি। ৰাৱণৰো দোষ নাই মনুষ্যৰো দোষ নাই। চক্ৰটো ঘূৰিবই। ৰাৱণৰ পৰা মুক্ত
কৰিবলৈ পিতাই যুক্তি (উপায়) শুনাই থাকে। ৰাৱণৰ মতত তোমালোক কিমান পাপ আত্মা হৈ গৈছা।
এতিয়া পুৰণি সৃষ্টি। পুনৰ নিশ্চয় নতুন সৃষ্টি আহিব। চক্ৰতো ঘূৰিব নহয়। সত্যযুগ
নিশ্চয় পুনৰাই আহিব। এতিয়া হৈছে সংগমযুগ। মহাভাৰতৰ যুদ্ধও এই সময়ৰে। বিনাশ কালত
অপ্ৰীতিকৰ বুদ্ধিৰ বিনাশ। এয়া হ’ব। আৰু আমি বিজয়ীসকল স্বৰ্গৰ মালিক হ’ম। বাকী সকলো
নাথাকিবই। এইটোও বুজি পোৱা - পৱিত্ৰ নোহোৱাকৈ দেৱতা হোৱা কঠিন। এতিয়া পিতাৰ পৰা
শ্ৰেষ্ঠ দেৱতা হোৱাৰ শ্ৰীমত পোৱা। এনেকুৱা মত কেতিয়াও পাব নোৱাৰা। শ্ৰীমত দিয়াৰ
তেওঁৰ ভূমিকাও সংগমত আছে। অন্য কাৰোৱেই এই জ্ঞানতো নাই। ভক্তি মানে ভক্তি। তাক
জ্ঞান বুলি কোৱা নহ’ব। আত্মিক জ্ঞান, জ্ঞান সাগৰ আত্মাইহে দিয়ে। তেওঁৰেই মহিমা হৈছে
জ্ঞানৰ সাগৰ, সুখৰ সাগৰ। পিতাই পুৰুষাৰ্থৰ যুক্তিও শুনায়। এইটো খেয়াল ৰাখিব লাগে যে
এতিয়া অকৃতকাৰ্য হ’লে কল্প-কল্পান্তৰলৈ অকৃতকাৰ্য হ’বা, বহুত আঘাত লাগি যাব।
শ্ৰীমতত নচলিলে আঘাত লাগি যায়। ব্ৰাহ্মণৰ বৃক্ষ নিশ্চয় বৃদ্ধিও হ’ব। বৃদ্ধিও
সিমানেই হ’ব যিমান দেৱতাসকলৰ বৃক্ষ। তোমালোকে পুৰুষাৰ্থ কৰিব আৰু কৰাব লাগে। পুলি
ৰোপণ হৈ থাকিব। বৃক্ষ ডাঙৰ হৈ যাব। তোমালোকে জানা যে এতিয়া আমাৰ কল্যাণ হৈ আছে।
পতিত সৃষ্টিৰ পৰা পাৱন সৃষ্টিলৈ যোৱাৰ কল্যাণ হয়। তোমালোক সন্তানসকলৰ বুদ্ধিৰ তলা
এতিয়া খুলিছে। জ্ঞানীসকলৰ বুদ্ধিৰ মূল পিতাহে নহয় জানো। এতিয়া তোমালোকে বুজি আছা আকৌ
আগলৈ গৈ দেখিবা কাৰ কাৰ তলা খোল খাব। এয়াও ড্ৰামা চলি থাকে। পুনৰ সত্যযুগৰ পৰা
পুনৰাবৃত্তি হ’ব। লক্ষ্মী-নাৰায়ণ যেতিয়া সিংহাসনত অধিষ্ঠিত হয় তেতিয়া চন আৰম্ভ হয়।
তোমালোকে লিখাও যে একৰ পৰা 1250 বছৰলৈকে স্বৰ্গ, কিমান স্পষ্ট। কাহিনী হৈছে সত্য
নাৰায়ণৰ। কথা অমৰনাথৰ নহয় জানো। তোমালোকে এতিয়া সঁচা সঁচা অমৰনাথৰ কথা শুনা তাৰ আকৌ
গায়ন চলে। উৎসৱ আদি সকলো এই সময়ৰ। এক নম্বৰ পৰ্ব হৈছে শিৱবাবাৰ জয়ন্তী। কলিযুগৰ
পাছত নিশ্চয় পিতা আহিবলগীয়া হয় সৃষ্টিক পৰিৱৰ্তন কৰিবলৈ। চিত্ৰবোৰ কোনোবাই ভালদৰে
চালে দেখিব কিমান পূৰা হিচাপ কৰি থোৱা আছে। তোমালোকৰ এইটো নিশ্চয়তা আছে যে তোমালোকে
কল্প পূৰ্বে যিমান পুৰুষাৰ্থ কৰিছিলা সিমান অৱশ্যেই কৰিবা। সাক্ষী হৈ অন্যৰো
প্ৰত্যক্ষ কৰিব। নিজৰ পুৰুষাৰ্থকো জানে। তোমালোকেও জানা। বিদ্যাৰ্থীয়ে জানো নিজৰ
পঢ়াৰ বিষয়ে নাজানিব? অন্তৰ নিশ্চয় দগ্ধ হ’ব যে মই এইটো বিষয়ত বহুত কেঁচা। তেতিয়া
অকৃতকাৰ্য হৈ যায়। পৰীক্ষাৰ সময়ত যিসকল কেঁচা হ’ব তেওঁলোকৰ অন্তৰ কঁপি থাকিব।
তোমালোক সন্তানসকলেও সাক্ষাৎকাৰ কৰিবা। কিন্তু অকৃতকাৰ্যতো হৈয়ে গ’লা, কি কৰিব
পাৰিবা! স্কুলত অকৃতকাৰ্য হ’লে তেতিয়া সম্বন্ধীয়সকলো বিতুষ্ট হৈ যায়, শিক্ষকো
বিতুষ্ট হৈ যায়। ক’ব আমাৰ স্কুলৰ পৰা কমকৈ উত্তীৰ্ণ হ’ল তেতিয়া বুজা যাব যে শিক্ষক
ইমান ভাল নহয় সেইকাৰণে কমকৈ উত্তীৰ্ণ হ’ল। বাবায়ো জানে যে সেৱাকেন্দ্ৰত কোন কোন ভাল
শিক্ষক আছে, কেনেকৈ পঢ়ায়। কোনে কোনে ভালকৈ পঢ়াই লৈ আনে। সকলো জানে। বাবাই কয় - ডাৱৰ
(জ্ঞান বৰ্ষা কৰিব পৰাসকলক) লৈ আনিব লাগে। সৰু সন্তানক লৈ আহিলে সিহঁতৰ প্ৰতি মোহ
থাকিব। অকলে ওলাই আহিব লাগে তেতিয়া বুদ্ধি ভালকৈ লাগি থাকিব। সন্তানসকলকতো তাত
চায়েই থাকা।
পিতাই কয় - এই পুৰণি
সৃষ্টিতো কৱৰস্থান হ’বগৈ। নতুন ঘৰ নিৰ্মাণ কৰিলে তেতিয়া বুদ্ধিত থাকে নহয় যে আমাৰ
নতুন ঘৰ নিৰ্মাণ হৈ আছে। পেছাগত কাম-কাজ আদিতো কৰি থাকে। কিন্তু বুদ্ধি নতুন ঘৰৰ
ফালে থাকে। মনে মনেতো বহি নাযায়। সেয়া হৈছে হদৰ কথা, এয়া হৈছে বেহদৰ কথা। প্ৰতিটো
কাৰ্য কৰি থাকিও স্মৃতিত থাকিব লাগে যে এতিয়া আমি ঘৰলৈ গৈ আকৌ নিজৰ ৰাজধানীত আহিম
তেতিয়া অপাৰ আনন্দত থাকিবা। পিতাই কয় - সন্তানসকল, নিজৰ সন্তানসকলৰ তত্ত্বাৱধানো
ল’ব লাগে। কিন্তু বুদ্ধি তাত (শান্তিধাম আৰু সুখধামত) লাগি থাকিব লাগে। স্মৰণ নকৰিলে
আকৌ পৱিত্ৰও হ’ব নোৱাৰিবা। স্মৃতিৰে পৱিত্ৰ, জ্ঞানৰে উপাৰ্জন হয়। ইয়াততো সকলো পতিত।
দুটা পাৰ আছে। বাবাক নাৱৰীয়া বুলি কয়, কিন্তু অৰ্থ বুজি নাপায়। তোমালোকে জানা যে
পিতাই সিপাৰলৈ লৈ যায়। আত্মাই জানে যে আমি এতিয়া পিতাক স্মৰণ কৰি বহুত সমীপত গৈ আছোঁ।
নাৱৰীয়া নামো অৰ্থ সহিত ৰখা হৈছে নহয়। এয়া সকলো মহিমা কৰে - মোৰ নাও পাৰত লগোৱা।
সত্যযুগত এনেকৈ ক’ব জানো? কলিযুগতহে আহ্বান জনায়। তোমালোক সন্তানসকলে বুজি পোৱা যে
অবোধসকলতো ইয়ালৈ আহিব নালাগে। পিতাই কঠোৰভাৱে মানা কৰে। নিশ্চয়তা নাথাকিলে কেতিয়াও
লৈ আনিব নালাগে। একোৱেই বুজি নাপাব। প্ৰথমেতো 7 দিনৰ পাঠ্যক্ৰম কৰিবলৈ দিয়া।
কাৰোবাৰতো 2 দিনতে তীৰ লাগি যায়। ভাল লাগি গ’লেতো আৰু নেৰিব। ক’ব মই 7 দিন আৰু
শিকিম। তোমালোকে তৎক্ষণাৎ বুজি পাবা যে এওঁ এইটো কুলৰ হয়। যিসকল তীক্ষ্ণ বুদ্ধিৰ
হ’ব তেওঁলোকে কোনো কথালৈ ভ্ৰূক্ষেপ নকৰিব। ভাল, এটা চাকৰি এৰিবলগীয়া হ’লে অন্য এটা
পাই যাব, যিসকল বিশাল অন্তৰৰ সন্তান তেওঁলোকে চাকৰি আদি হেৰুৱাবলগীয়াই নহয়। নিজেই
আচম্বিত হয়। কন্যাসকলে কয় - মোৰ পতিৰ বুদ্ধি পৰিৱৰ্তন কৰা। বাবাই কয় - মোক নক’বা।
তোমালোকে যোগবলত থাকি পুনৰ জ্ঞান বুজোৱা। বাবাই জানো বুদ্ধি পৰিৱৰ্তন কৰি দিব।
তেনেহ’লেতো সকলোৱে এনেকুৱা ধান্দা কৰি থাকিব। যি নিয়ম ওলায় তাকেই ধৰি লয়। কোনোবা
গুৰুৰ পৰা কাৰোবাৰ লাভ হ'ল, শুনিলে, তেন্তে বচ্ তেওঁৰ পিছত পৰি যায়। নতুন আত্মা
আহিলে তেনে আত্মাৰ মহিমাতো হ’বই নহয়। আকৌ বহুত অনুগামী হৈ যায় সেইবাবে এই কথাবোৰ
চাব নালাগে। তোমালোকে নিজক চাব লাগে - মই কিমানলৈকে পঢ়োঁ? এয়াতো বাবাই যেন বিস্তাৰত
বাৰ্তা-লাপ কৰে। বাকী মাত্ৰ কৈ দিবা যে পিতাক স্মৰণ কৰা এইটোতো ঘৰত থাকিও কৰিব পাৰা।
কিন্তু জ্ঞানৰ সাগৰ হয় যেতিয়া জ্ঞানো দিব নহয়। এইটো হৈছে মুখ্য কথা - মনমনাভৱ। লগতে
সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্যও বুজায়। চিত্ৰওতো এই সময়ত বহুত ভাল ভাল ওলায়। তাৰো
অর্থ পিতাই বুজায়। বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাক দেখুৱাইছে। ত্ৰিমূৰ্তিও আছে আকৌ
বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মা এয়া আকৌ কি? পিতাই বহি বুজায় - এইটো শুদ্ধ নে অশুদ্ধ?
কাল্পনিক চিত্ৰও বহুত তৈয়াৰ কৰে নহয়। কোনো কোনো শাস্ত্ৰত চক্ৰও দেখুৱাইছে। কিন্তু
কোনোবাই কিমান আয়ুস লিখি দিলে, কোনোবাই কিমান। অনেক মত আছে নহয়। শাস্ত্ৰত হদৰ কথা
লিখি দিছে, পিতাই বেহদৰ কথা বুজায় যে গোটেই সৃষ্টিত হৈছে ৰাৱণৰাজ্য। তোমালোকৰ
বুদ্ধিত এইটো জ্ঞান আছে - আমি কেনেকৈ পতিত হ’লোঁ আকৌ কেনেকৈ পাৱন হওঁ। পাছলৈ আকৌ
অন্য ধর্মবোৰ আহে। অনেক ভিন্নতা আছে। এটা আনটোৰ লগত নিমিলে। একে চেহেৰাৰ দুজন থাকিব
নোৱাৰে। এয়া ৰচি থোৱা খেল যি পুনৰাবৃত্তি হৈ থাকে। পিতাই সন্তানসকলক বহি বুজায়। সময়
কমি গৈ আছে। নিজক পৰীক্ষা কৰা - মই কিমানলৈকে আনন্দিত হৈ থাকোঁ? আমি কোনো বিকৰ্ম
কৰিব নালাগে। ধুমুহাতো আহিব। পিতাই বুজায় - সন্তানসকল, অন্তৰ্মুখী হৈ নিজৰ খতিয়ান
ৰাখিবা তেতিয়া যি ভুল হয় তাৰবাবে অনুতাপ কৰিব পাৰিবা। এয়া যেন যোগবলেৰে নিজক ক্ষমা
কৰা। বাবাই কোনো ক্ষমা বা মাফ নকৰে। ড্ৰামাত ক্ষমা শব্দটিয়েই নাই। তোমালোকে নিজৰ
বাবে পৰিশ্ৰম কৰিব লাগে। পাপৰ দণ্ড মনুষ্যই নিজেই ভোগ কৰে। ক্ষমাৰ কথাই নাই। পিতাই
কয় - সকলো কথাতে পৰিশ্ৰম কৰা। পিতাই বহি আত্মাসকলক যুক্তি শুনায়। পিতাক আহ্বান জনোৱা
- পুৰণি ৰাৱণৰ দেশত আহক, আমাক পতিতসকলক আহি পাৱন কৰি তোলক। কিন্তু মনুষ্যই বুজি
নাপায়। তেওঁলোক হৈছে আসুৰিক সম্প্ৰদায়ৰ। তোমালোক হৈছা ব্ৰাহ্মণ সম্প্ৰদায়ৰ, দৈৱী
সম্প্ৰদায়ৰ হৈ আছা। পুৰুষাৰ্থও সন্তানসকলে ক্ৰমানুসৰি কৰে। আকৌ কৈ দিয়ে - এওঁৰ
ভাগ্যত ইমানে আছে। নিজৰ সময় নষ্ট কৰে। জন্ম-জন্মান্তৰ, কল্প-কল্পান্তৰলৈ উচ্চ পদ
পাব নোৱাৰিব। নিজৰ লোকচান কৰিব নালাগে কিয়নো এতিয়া জমা কৰাৰ সময়। পাছত লোকচানত গুচি
যোৱা। ৰাৱণৰাজ্যত কিমান লোকচান হয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অন্তৰ্মুখী
হৈ নিজক পৰীক্ষা কৰিব লাগে, যি ভুল হয় তাৰ বাবে অন্তৰেৰে অনুতাপ কৰি যোগবলেৰে ক্ষমা
কৰিব লাগে। নিজৰ বাবে পৰিশ্ৰম কৰিব লাগে।
(2) পিতাৰ যি ৰায় পোৱা
যায় সেইমতে পূৰা ৰীতি চলি নিজৰ ওপৰত নিজেই দয়া কৰিব লাগে। সাক্ষী হৈ নিজৰ বা আনৰ
পুৰুষাৰ্থ প্ৰত্যক্ষ কৰিব লাগে। কেতিয়াও নিজে নিজৰ লোকচান কৰিব নালাগে।
বৰদান:
বিশ্ব কল্যাণৰ
ভাৱনাৰে প্ৰত্যেক আত্মাৰ সুৰক্ষাৰ পৰিকল্পনা কৰোঁতা প্ৰকৃতাৰ্থত দয়াশীল হোৱা
বৰ্তমান সময়ত অনেক
আত্মা নিজেই নিজৰ অকল্যাণৰ নিমিত্ত হৈ আছে, তেওঁলোকৰ বাবে দয়াশীল হৈ কিবা পৰিকল্পনা
যুগুত কৰা। কোনো আত্মাৰ ভূমিকা দেখি নিজে অস্থিৰতাত নাহিবা, তেওঁলোকৰ সুৰক্ষাৰ
সাধনৰ বিষয়ে ভাবা, এনেকুৱা নহয় যে এয়াতো হৈয়ে থাকে, গছপাততো সৰিবই। নহয়। দেখা দিয়া
বিঘিনি সমাপ্ত কৰা। বিশ্ব-কল্যাণকাৰী আৰু বিঘ্ন-বিনাশক যি উপাধি আছে – সেই অনুসৰি
সংকল্প, বাণী আৰু কৰ্মত দয়াশীল হৈ বায়ুমণ্ডল পৰিৱৰ্তন কৰাৰ সহযোগী হোৱা।
স্লোগান:
কৰ্মযোগী তেৱেঁই হ’ব পাৰে যিয়ে বুদ্ধিত মনোযোগ ৰূপী পহৰা দি থাকে।
অব্যক্ত সংকেত:
সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা
অন্তিমত চূড়ান্ত
কাকতৰ প্ৰশ্ন হ’ব – চেকেণ্ডত যতি চিহ্ন, ইয়াৰ দ্বাৰাই নম্বৰ পাবা। চেকেণ্ডতকৈ অধিক
সময় ল’লে অকৃতকাৰ্য হৈ যাবা। “একমাত্ৰ পিতা আৰু মই” তৃতীয় কোনো কথা যাতে নাহে।
এনেকুৱা নহয় যে এইটো কৰি লওঁ, এইটো চাই লওঁ… এইটো হ’ল, এইটো নহ’ল। এইটো কিয় হ’ল, এয়া
কি হ’ল – এনেকুৱা যদি কোনো সংকল্প উদয় হয় তেন্তে - চূড়ান্ত কাকতত উত্তীৰ্ণ নোহোৱা।