24.08.25    Avyakt Bapdada     Assame Murli     30.11.2006     Om Shanti     Madhuban


“*“জ্বালামুখী তপস্যাৰ দ্বাৰা ‘মই’ বোধৰ নেজ জ্বলাই বাপদাদাৰ সমান হোৱা তেতিয়া সমাপ্তি সমীপত আহিব”*”


আজি অক্ষয় অবিনাশী সম্পদৰ মালিক বাপদাদাই নিজৰ চাৰিওফালৰ সম্পন্ন সন্তানসকলৰ জমা পুঁজি চাই আছেহঁক। তিনি প্ৰকাৰৰ পুঁজি চাই আছে - এটা হ’ল নিজৰ পুৰুষাৰ্থৰ দ্বাৰা শ্ৰেষ্ঠ প্ৰালব্ধৰ জমা পুঁজি। দ্বিতীয়তে হ’ল সদায় সন্তুষ্ট হৈ থকা আৰু সন্তুষ্ট কৰা, এই সন্তুষ্টিৰ দ্বাৰা আশীৰ্বাদৰ পুঁজি। তৃতীয়তে মন-বচন-কৰ্ম, সমন্ধ-সম্পৰ্কৰ দ্বাৰা বেহদৰ নিঃস্বাৰ্থ সেৱাৰ দ্বাৰা পুণ্যৰ পুঁজি। তোমালোক সকলোৱে নিজৰ এই তিনিটা পুঁজি পৰীক্ষা কৰাই। এই তিনিটা পুঁজিৰ জমা কিমান আছে, আছে বা নাই তাৰ চিন হ’ল - সদায় সকলোৰে প্ৰতি, নিজৰ প্ৰতি সন্তুষ্টি স্বৰূপ, সকলোৰে প্ৰতি শুভ-ভাৱনা, শুভ-কামনা আৰু সদায় নিজক সুখময়, সৌভাগ্যশালী স্থিতিত অনুভৱ কৰা। গতিকে পৰীক্ষা কৰা দুয়োটা পুঁজিৰ চিন নিজৰ মাজত অনুভৱ হয়নে? এই সৰ্ব সম্পদ জমা কৰাৰ চাবি হ’ল - নিমিত্ত ভাৱ, নম্ৰ ভাৱ, নিঃস্বাৰ্থ ভাৱ। পৰীক্ষা কৰি যোৱা আৰু চাবিৰ নম্বৰ জানানে! চাবিৰ নম্বৰ হৈছে - তিনিটা বিন্দু। “থ্ৰী ডট্‌”। এটা হৈছে - আত্মা বিন্দু, দ্বিতীয়তে - পিতা বিন্দু, তৃতীয়তে - ড্ৰামাৰ পূৰ্ণ বিৰাম বিন্দু। তোমালোক সকলোৰে লগত চাবিতো আছে নহয়! সম্পদ খুলি চাই থাকা নহয়! এই সকলো সম্পদ বৃদ্ধিৰ বিধি হ’ল - দৃঢ়তা। দৃঢ়তা থাকিলে কোনো কাৰ্যত এইটো সংকল্প উদয় নহ’ব যে হ’ব নে নহয়। দৃঢ়তাৰ স্থিতি হ’ল - হৈয়েই আছে, তৈয়াৰ হৈ আছেই। তৈয়াৰ হ’ব, জমা হ’ব, নহ’ব, নহয়। কৰিতো থাকো, হ’বতো লাগে.... ‘তো’ ‘তো’ও নহয়। দৃঢ়তাসম্পন্নজনে নিশ্চয় বুদ্ধি, নিশ্চিন্ত আৰু নিশ্চিত অনুভৱ কৰিব।

বাপদাদাই আগতেও শুনাইছে – যদি সকলো সম্পদ সৰ্বাধিক জমা কৰিব লাগে তেন্তে ‘মনমনাভৱ’ মন্ত্ৰক যন্ত্ৰ কৰি দিয়া। যাৰ দ্বাৰা সদায় পিতাৰ লগত আৰু সমীপত থকাৰ স্বতঃ অনুভৱ হ’ব। ‘পাচ’ (pass) (উত্তীৰ্ণ) হ’বই লাগিব, ‘পাচ’ৰ তিনিটা ৰূপ আছে - এটা হ’ল ‘পাচ’ অৰ্থাৎ সমীপত থকা, দ্বিতীয়তে যি ‘পাচ’ অৰ্থাৎ হৈ গ’ল সেয়া অতীত হ’ল আৰু তৃতীয়তে হ’ল সন্মান সহকাৰে ‘পাচ’ অৰ্থাৎ উত্তীৰ্ণ হোৱা। যদি তিনিওটা ‘পাচ’ আছে, তেন্তে তোমালোক সকলোৰে ৰাজ্য অধিকাৰী হোৱাৰ পূৰা ‘পাচ’ অৰ্থাৎ অনুমতি পত্ৰ আছে। তেন্তে পূৰা ‘পাচ’ অৰ্থাৎ অনুমতি পত্ৰ ল’লানে নে ল’ব লাগিব? যিসকলে পূৰা ‘পাচ’ অৰ্থাৎ অনুমতি পত্ৰ ল’লে তেওঁলোকে হাত দাঙা। ল’ব লাগিব নহয়, লৈ ল’লানে? প্ৰথম শাৰীয়ে দঙা নাই, ল’বানে তোমালোকে? ভাবিছে এতিয়া সম্পূৰ্ণ হোৱা নাই, সেইবাবে। কিন্তু নিশ্চয়বুদ্ধি বিজয়ী হৈয়েই আছে, নে হ’ব লাগিব? এতিয়াতো সময়ৰ আহ্বান, ভক্তসকলৰ কাতৰোক্তি, নিজৰ মনৰ কি আৱাজ আহি আছে? এতিয়া সম্পন্ন আৰু সমান হ’বই লাগিব নে এইটো ভাবিছা যে হ’ম, ভাবিম, কৰিম....। এতিয়া সময় অনুসৰি সকলো সময়ত সদাপ্ৰস্তুতৰ পাঠ দৃঢ় হৈ থাকিবই লাগে। যিহেতু মোৰ বুলি ক’লা মৰমৰ বাবা, মিঠা বাবা বুলি মানি লৈছাই তেন্তে যি প্ৰিয় হয় তেওঁৰ সমান হ’বলৈ কঠিন নালাগে।

বাপদাদাই দেখিছে যে সময় অনুসৰি সমান হোৱাত যি বিঘিনি আহে সকলোৰে ওচৰত তাৰ প্ৰসিদ্ধ শব্দ আছে, সকলোৱে জানে, অনুভৱী হয়। সেয়া হ’ল ‘মই’, ‘মই’ বোধ, সেয়েহে বাপদাদাই আগতেও কৈছে যেতিয়াই ‘মই’ শব্দটি উচ্চাৰণ কৰা তেতিয়া কেৱল ‘মই’ বুলি নক'বা, “মই আত্মা”। যুৰীয়া শব্দ ক'বা। ‘মই’ শব্দটিয়ে কেতিয়াবা অভিমান আনে, দেহ-অভিমানৰ ‘মই’, আত্ম-অভিমানৰ ‘মই’ নহয়। কেতিয়াবা অভিমানো আনে, কেতিয়াবা অপমানো আনে। কেতিয়াবা নিৰাশো কৰে সেয়েহে এই দেহ- অভিমানৰ ‘মই’ বোধ সপোনতো আহিব নিদিবা।

বাপদাদাই দেখিছে যে স্নেহৰ বিষয়টিত গৰিষ্ঠসংখ্যক উত্তীৰ্ণ হৈছে। তোমালোক সকলোকে কোনে ইয়ালৈ আনিলে? যদিওবা সকলো উৰা জাহাজেৰে আহিছা, ৰেলেৰে আহিছা, বাছেৰে আহিছা, কিন্তু বাস্তৱত বাপদাদাৰ স্নেহৰ উৰাজাহাজেৰে আহি ইয়াত উপস্থিত হৈছা। গতিকে যেনেকৈ স্নেহৰ বিষয়টিত উত্তীৰ্ণ হ’লা এতিয়া এইটো চমৎকাৰ কৰা - সমান হোৱাৰ বিষয়টিতো সন্মান সহকাৰে উত্তীৰ্ণ হৈ দেখুওৱা। পচন্দ হৈছেনে? সমান হোৱাটো পচন্দ কৰানে? পচন্দ কৰা কিন্তু হোৱাত অলপ কঠিন হয়। সমান হৈ যোৱা তেতিয়া সমাপ্তি সন্মুখত আহিব। কিন্তু অন্তৰত যি প্ৰতিজ্ঞা কৰা, হ'বই লাগিব, সেই প্ৰতিজ্ঞা কেতিয়াবা কেতিয়াবা দুৰ্বল হৈ যায় আৰু পৰীক্ষা মজবুত হৈ যায়। বিচাৰে সকলোৱে কিন্তু বিচৰাটো বেলেগ বাৰু বাস্তৱত বেলেগ হৈ যায় কিয়নো প্ৰতিজ্ঞা কৰা কিন্তু দৃঢ়তাৰ অভাৱ হৈ যায়। সমানতা দূৰ হৈ যায়, সমস্যা প্ৰবল হৈ যায়। তেন্তে এতিয়া কি কৰিবা?

বাপদাদাৰ এটা কথাত বহুত হাঁ‌হি উঠিছে। কোনটো কথা? হওঁতে মহাবীৰ কিন্তু যেনেকৈ শাস্ত্ৰবোৰত হনুমানক মহাবীৰ বুলিও কোৱা হৈছে কিন্তু নেজো দেখুৱাইছে। এয়া ‘মই’ বোধৰ নেজ দেখুৱাইছে। যেতিয়ালৈকে মহাবীৰে এই নেজ নজ্বলোৱা তেতিয়ালৈকে লংকা অৰ্থাৎ পুৰণি সৃষ্টিও সমাপ্ত নহ’ব। সেয়েহে এতিয়া এই ‘মই’ ‘মই’ৰ নেজ জ্বলোৱা তেতিয়া সমাপ্তি সমীপত আহিব। জ্বলাবৰ কাৰণে জ্বালামুখী তপস্যা, সাধাৰণ স্মৃতি নহয়। জ্বালামুখী স্মৃতিৰ আৱশ্যকতা আছে। সেয়েহে জ্বালা দেৱীৰো স্মাৰক আছে। শক্তিশালী স্মৃতি। তেন্তে শুনিলা কি কৰিব লাগে? এতিয়া মনত যাতে এইটো নিচা লাগি থাকে যে সমান হ'বই লাগিব, সমাপ্তি সমীপত আনিবই লাগিব। তোমালোকে ক'বা সংগমযুগতো বহুত ভাল তেন্তে সমাপ্তি কিয় হ'ব লাগে? কিন্তু তোমালোক হৈছা পিতাৰ সমান দয়ালু, কৃপালু, দয়াশীল আত্মা, গতিকে আজিৰ দুখী আত্মাসকলক আৰু ভক্ত আত্মাসকলক দয়াশীল আত্মাসকলে দয়া কৰা। দয়াবান হোৱা। দুখ বৃদ্ধি হৈ গৈ আছে, দুখীসকলক দয়া কৰি তেওঁ‌লোকক মুক্তিধামলৈতো পঠিওৱা। কেৱল বাণীৰ সেৱা নহয় কিন্তু এতিয়া আৱশ্যকতা হৈছে মন আৰু বাণীৰ সেৱা একেলগে হওঁক। একে সময়তে দুয়োটা সেৱা একেলগে হওঁক। কেৱল সেৱাৰ সুযোগ পালেহে, এনেকৈ নাভাবিবা, চলোঁতে- ফুৰোঁতে নিজৰ চেহেৰা আৰু চলনৰ দ্বাৰা পিতাৰ পৰিচয় দি যোৱা। তোমালোকৰ চেহেৰাই পিতাৰ পৰিচয় দিয়ক। তোমালোকৰ চলনে পিতাক প্ৰত্যক্ষ কৰক। সদায় এনেকুৱা সেৱাধাৰী হোৱা। বাৰু।

বাপদাদাৰ সন্মুখত স্থূল ৰূপত তোমালোক সকলো বহি আছা কিন্তু সূক্ষ্ম স্বৰূপত চাৰিওফালৰ সন্তানসকল অন্তৰত আছে। চায়ো আছে, শুনিও আছে। দেশ-বিদেশৰ অনেক সন্তানে ই-মেইলৰ দ্বাৰা, পত্ৰৰ দ্বাৰা, সংবাদৰ দ্বাৰা স্নেহপূৰ্ণ স্মৃতি পঠিয়াইছে। সকলোৰে নাম সহিত বাপদাদাই স্মৃতি পাইছে আৰু বাপদাদাই ভিতৰি অন্তৰেৰে সকলো সন্তানক সন্মুখত দেখি গীত গাই আছে – বাঃ! সন্তানসকল বাঃ! এই সময়ত সকলো জাগ্ৰত ৰূপত স্মৃতিত থাকে। সকলোৱে বাৰ্তাবাহকক (গুলজাৰ দাদীক) ব্যক্তিগতভাৱে কয়, অমুকে স্মৃতি পঠিয়াইছে, অমুকে স্মৃতি পঠিয়াইছে। পিতাই কয় - পিতাৰ ওচৰততো যেতিয়াই সংকল্প কৰা, সাধনৰ দ্বাৰা পাছত প্ৰাপ্ত হয়, কিন্তু স্নেহৰ সংকল্প সাধনৰ আগতেই আহি পায়। ঠিক আছে নহয়! বহুতে স্মৃতি পাইছা নহয়! বাৰু।

বাৰু - প্ৰথমে যিসকল প্ৰথমবাৰৰ বাবে আহিছে হাত দাঙা। এওঁলোক সেৱাতো প্ৰথমবাৰ আহিছে। বাৰু বাপদাদাই কয়, আহি ভাল কৰিলা, তোমালোক অহাৰ বতৰ। বাৰু।

ইন্দোৰ মণ্ডল:- (সকলোৰে হাতত “মোৰ বাবা”ৰ হৃদয় আকাৰৰ প্ৰতীক আছে) হাততো বহুত ভালকৈ লৰাই আছা, কিন্তু হৃদয়খনো লৰাবা। কেৱল সদায় স্মৃতিত ৰাখিবা, ‘মোৰ’ পাহৰি নাযাবা। ভাল সুযোগ লৈছা, বাপদাদাই সদায় কয়, সাহস কৰোতাসকলক বাপদাদাই পদমগুণ সহায় কৰে। তেন্তে সাহস কৰিছা নহয়, ভাল কৰিলা। ইন্দোৰ মণ্ডল হয়। ভাল কথা ইন্দোৰ মণ্ডল সাকাৰ বাবাৰ অন্তিম স্মৃতিৰ স্থান। ভাল কথা। সকলো বহুত আনন্দিত হৈ আছা নহয়! সোণালী লটাৰি প্ৰাপ্ত কৰিছা। মণ্ডলৰ সেৱা পালে তেতিয়া সকলো সেৱাধাৰীয়ে অনুমতি পাই যায় নহ’লে কিমানজনক লৈ আহিব পাৰি তাৰ সংখ্যা নিৰ্ধাৰিত কৰি দিয়া হয়। কিন্তু এতিয়া চোৱা কিমান আছে। এয়াও মণ্ডলবোৰৰ বাবে ভাল সুযোগ নহয় জানো, যিমান আনিব লাগে আনা। গতিকে তোমালোক সকলোৰে অলপ সময়ত পুণ্যৰ পুঁজি কিমান জমা হৈ গ’ল। যজ্ঞ সেৱা অন্তৰেৰে কৰা অৰ্থাৎ নিজৰ পুণ্যৰ পুঁজি তীব্ৰগতিৰে বৃদ্ধি কৰা কিয়নো সংকল্প, সময় আৰু শৰীৰ তিনিওটা সফল কৰিলা। সংকল্প উদয় হ’লে সেয়াও যজ্ঞ সেৱাৰ, সময়ো যজ্ঞ সেৱাত ব্যতিত হ’ল আৰু শৰীৰো যজ্ঞ সেৱাত অৰ্পণ কৰিলা। তেন্তে এয়া সেৱা হ’ল নে সেৱাৰ প্ৰত্যক্ষ ফল খোৱা হ’ল? প্ৰত্যক্ষ ফল যজ্ঞ সেৱা কৰোতে কাৰোবাৰ কিবা ব্যৰ্থ সংকল্প উদয় হ’ল জানো? উদয় হ’লনে কাৰোবাৰ? আনন্দিত হৈ থাকিলা আৰু আনন্দ বিলালা। গতিকে ইয়াত এয়া যি সোণালী অনুভৱ কৰিলা, এই অনুভৱ তাতো জাগ্ৰত কৰি বৃদ্ধি কৰি গৈ থাকিবা। কেতিয়াবা কিবা মায়াৰ সংকল্পও যদি উদয় হয় তেন্তে মনৰ বিমানেৰে শান্তিবনলৈ আহি যাবা। মনৰ বিমানতো আছে নহয়! সকলোৰে ওচৰত মনৰ বিমান আছে। বাপদাদাই প্ৰত্যেক ব্ৰাহ্মণক জন্মৰ উপহাৰ শ্ৰেষ্ঠ মনৰ বিমান দি দিছে। এই বিমানত বেছি পৰিশ্ৰম কৰিবলগীয়া নহয়। চালু কৰিবলৈ হ’লে - মোৰ বাবা, বচ্‌। বিমান চলাব জানা নহয়! গতিকে যেতিয়াই কিবা হয় মধুবনলৈ আহি যাবা। ভক্তিমাৰ্গত চাৰিধাম যাত্ৰা কৰাসকলে নিজকে বহুত ভাগ্যৱান বুলি ভাবে আৰু মধুবনতো চাৰিধাম আছে, তেন্তে চাৰিধাম যাত্ৰা কৰিলানে? পাণ্ডৱ ভৱনত চোৱা, চাৰিধাম আছে। যিয়েই আহা পাণ্ডৱ ভৱনলৈতো যোৱা নহয়, প্ৰথমে শান্তিস্তম্ভ মহাধাম। দ্বিতীয়তে বাপদাদাৰ কোঠালি, এয়া স্নেহৰ ধাম। তৃতীয়তে জুপুৰী, এয়া স্নেহমিলনৰ ধাম আৰু চতুৰ্থতে ইতিহাস ভৱন, তেন্তে তোমালোক সকলোৱে চাৰিধাম যাত্ৰা কৰিলানে? তেন্তে মহান ভাগ্যৱানতো হৈয়েই গ’লা। এতিয়া যিকোনো ধামকে স্মৃতিলৈ আনি ল’বা, কেতিয়াবা উদাস হৈ গ’লে তেতিয়া জুপুৰীলৈ বাৰ্তালাপ কৰিব আহি যাবা। শক্তিশালী হোৱাৰ আৱশ্যক হ’লে তেতিয়া শান্তিস্তম্ভলৈ আহি যাবা আৰু যদি ব্যৰ্থ সংকল্প বহুত তীব্ৰ হয়, বহুত দ্ৰুত হয় তেন্তে ইতিহাস ভৱনলৈ আহি যাবা। সমান হোৱাৰ দৃঢ় সংকল্প উৎপন্ন হ’লে তেতিয়া বাপদাদাৰ কোঠালিলৈ আহি যাবা। ভাল কথা, সকলোৱে সোণালী সুযোগ লৈছা কিন্তু তাত থাকিও সদায় সোণালী সুযোগ লৈ থাকিবা। বাৰু। ভাল সাহসী হোৱা।

‘কেড’ দল (কৰ’নাৰী আৰ্টেৰী ডিজেচ অৰ্থাৎ হৃদৰোগ নিৰাময়ৰ দল) (অন্তৰধাৰী বহি আছে, সকলোৱে মিলি বহুত ভাল সন্মিলন পাতিলা):- ভাল কৰিছা, পৰস্পৰ সভাও পাতিলা আৰু অধ্যক্ষ যি হয় তেওঁৰো ইচ্ছা আছে যে এইটো কাৰ্য হ’ব লাগে। গতিকে যেনেকৈ তেওঁৰো ইচ্ছা আছে, তেওঁকো লগত ৰাখি আগবাঢ়ি যোৱা আৰু লগতে যি ব্ৰাহ্মণৰ সভা হয়, তাতো নিজৰ কাৰ্যসূচীৰ খবৰ জনাই ৰায় ল’বা তেতিয়া সকলো ব্ৰাহ্মণৰ ৰায়েৰে আৰু শক্তি ভৰি যাব। বাকী কাৰ্য ভাল, কৰি যোৱা, বিস্তাৰ কৰি যোৱা আৰু ভাৰতৰ বিশেষত্ব প্ৰকট কৰি যোৱা। পৰিশ্ৰম ভাল কৰি আছা। অনুষ্ঠানো ভাল কৰিছা, আৰু অন্তৰধাৰীসকলে নিজৰ বিশাল অন্তৰ দেখুৱালা, তাৰ বাবে অভিনন্দন। বাৰু।

ডবল বিদেশী ভাতৃ-ভগ্নীসকলৰ প্ৰতি:- ভাল কথা প্ৰতিটো পালত ডবল বিদেশীসকল আহি এই সংগঠন আৰু অধিক শুৱনি কৰি দিয়ে। ডবল বিদেশীসকলক দেখি সকলোৰে উৎসাহ জাগে, সকলো ডবল বিদেশীয়ে ডবল উৎসাহেৰে আগত উৰি আছে, খোজকাঢ়ি গৈ থকা নাই, উৰি আছে, এনেকুৱা হয়নে! উৰোঁতা হোৱা নে খোজকাঢ়ি যাওঁতা হোৱা? যি সদায় উৰি থাকে, খোজকাঢ়ি নাযায় তেওঁলোকে হাত দাঙা। বাৰু। এনেও চোৱা বিমানত উৰিয়েই আহিবলগীয়া হয়। তেন্তে তোমালোকৰ উৰাৰ অভ্যাসতো আছেই। সেয়া শৰীৰেৰে উৰাৰ, এয়া মনেৰে উৰাৰ কথা, সাহসো ভাল কৰিছা। চোৱা বাপদাদাই ক’ৰপৰা চুক কোণৰ পৰা নিজৰ সন্তানসকলক বিচাৰি উলিয়ালে নহয়! বৰ ভাল কথা, কওঁতে ডবল বিদেশী, এনেয়েতো মূলত ভাৰতৰ। আৰু ৰাজ্যও ক’ত কৰিব লাগে? ভাৰতত কৰিব লাগে নহয়! কিন্তু সেৱাৰ অৰ্থে পাচোঁতা খণ্ডলৈকে গৈছা। আৰু পাচোঁতা খণ্ডতে ভিন্ন ভিন্ন স্থানত সেৱাও ভাল উৎসাহ- উদ্দীপনাৰে কৰি আছা। বিঘিনি নাশক হোৱা নহয়! কোনো বিঘিনি আহিলে ভীতিগ্ৰস্থতো নোহোৱা নহয় যে এয়া কিয় হৈ আছে, এয়া কি হৈ আছে, নহয়। যি হয় সেয়া আমাৰ আৰু উৎসাহ বৃদ্ধি কৰাৰ সাধন। ভীতিগ্ৰস্থ হ’ব নালাগে, উৎসাহ-উদ্দীপনা বৃদ্ধি কৰাৰ সাধন। এনেকুৱা দৃঢ় হোৱা নহয়! দৃঢ় হোৱানে? নে অলপ-অচৰপ কেঁচা? নহয়, কেঁচা শব্দটি ভাল নালাগে। দৃঢ় হওঁ, দৃঢ় হৈ থাকিম, দৃঢ় হৈ লগত যাম। বাৰু!

দাদী জানকীয়ে অষ্ট্ৰেলিয়া পৰিক্ৰমা লগাই আহিছে, তেওঁলোকে বহুত স্মৃতি পঠিয়াছে:- বাপদাদাৰ ওচৰলৈ ই-মেইলৰ দ্বাৰাও সংবাদ আহিছে আৰু বাপদাদাই দেখিছে যে আজিকালি ডাঙৰ অনুষ্ঠানো এনেকুৱা হৈ গ’ল যেন হৈয়েই আছে। সকলোৱে শিকি গ’ল। সেৱাৰ সাধনসমূহ কাৰ্যত ব্যৱহাৰ কৰাৰ ভাল অভ্যাস হৈ গ’ল। বাপদাদাই অষ্ট্ৰেলিয়াক এক নম্বৰত দেখা পায় কিন্তু এতিয়া ইউ.কে.ৰ (আমেৰিকা যুক্তৰাষ্ট্ৰৰ) নম্বৰ অলপ আগত গৈ আছে। অষ্ট্ৰেলিয়াই আৰম্ভণিত এক নম্বৰ লৈছে, এতিয়া আকৌ অষ্ট্ৰেলিয়া এক নম্বৰ হ’বই লাগিব। ইউ.কে. দুই নম্বৰ নহয়, তেওঁলোকো এক নম্বৰেই হ’ব। অষ্ট্ৰেলিয়াৰ পুৰণা সন্তানসকল বাপদাদাৰ স্মৃতিত আছে। আৰু বাপদাদাৰ অতি মৰমৰ নিৰ্মল আশ্ৰম, তোমালোকেতো কোৱা নিৰ্মলা দিদি, দিদি বুলি কোৱা নহয়। কিন্তু বাপদাদাই আৰম্ভণিৰে পৰা তেওঁক উপাধি দিছে নিৰ্মল আশ্ৰম, যি আশ্ৰমত অনেক আত্মাই আশ্ৰয় ল’লে আৰু পিতাৰ হ’ল আৰু হৈ আছে, হৈ গৈ থাকিব। গতিকে অষ্ট্ৰেলিয়া নিবাসী এটি এটি সন্তানৰ প্ৰতি বিশেষ স্নেহসহিত স্মৰণ আৰু এয়া সন্মুখত বহি আছে, অষ্ট্ৰেলিয়াৰ হয় নহয়! অষ্ট্ৰেলিয়াবাসী উঠা। বৰ ভাল কথা। এওঁলোকৰ কিমান ভাল উৎসাহ-উদ্দীপনা জাগি আছে, বিশ্ব সেৱাৰ বাবে বহুত প্ৰস্তুতি চলাই আছে। বাপদাদাৰ সহায় আছে আৰু সফলতাও আছেই। বাৰু, এতিয়া কি দৃঢ় সংকল্প কৰি আছা? এতিয়া এইটো সংকল্পত বহা যে সফলতা আমাৰ জন্মসিদ্ধ অধিকাৰ। বিজয় আমাৰ ডিঙিৰ মালা। এইটো নিশ্চয়তা আৰু আত্মিক নিচাত অনুভৱী স্বৰূপ হৈ বহা। বাৰু।

চাৰিওফালৰ চিন্তাৰ পৰা মুক্ত নিশ্চিন্ত বাদশ্বাহসকলক, সদায় ‘বেগমপুৰ’ৰ বাদশ্বাহ স্বৰূপত স্থিত হৈ থকা সন্তানসকলক, সৰ্ব সম্পদেৰে সম্পন্ন বিশ্বৰ সকলোতকৈ ধনৱান সকলো সন্তানক, সদায় উৎসাহ- উদ্দীপনাৰ ডেউকাৰে উৰন্ত কলাধাৰী সন্তানসকলক, সদায় সমাপ্তি সমীপত আনোঁতা বাপদাদাৰ সমান সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ, অন্তৰৰ আশীৰ্বাদ, বৰদাতাৰ বৰদান আৰু নমস্কাৰ।

বৰদান:
নিজৰ সকলো দুৰ্বলতা দানৰ বিধিৰে সমাপ্ত কৰোঁতা দাতা, বিধাতা হোৱা

ভক্তিত এইটো নিয়ম থাকে যে যেতিয়া কোনো বস্তুৰ অভাৱ হয় তেতিয়া কয় যে দান কৰা। দান কৰিলে দিয়াটো লোৱা হৈ যায়। সেয়েহে যিকোনো দুৰ্বলতা সমাপ্ত কৰাৰ বাবে দাতা আৰু বিধাতা হোৱা। যদি তোমালোক আনক পিতাৰ সম্পদ প্ৰাপ্ত কৰোৱাৰ নিমিত্ত অৱলম্বন হোৱা তেন্তে দুৰ্বলতাসমূহ স্বতঃ একাষৰীয়া হৈ যাব। নিজৰ দাতা-বিধাতাবোধৰ শক্তিশালী সংস্কাৰ জাগ্ৰত কৰা তেতিয়া দুৰ্বল সংস্কাৰ স্বতঃ সমাপ্ত হৈ যাব।

স্লোগান:
নিজৰ শ্ৰেষ্ঠ ভাগ্যৰ গুণ গাই থাকা – দুৰ্বলতাৰ নহয়।

অব্যক্ত সংকেত: সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা

যাৰ প্ৰতি স্নেহ থাকে, তেওঁৰ যি ভাল লাগে সেয়াই কৰা হয়। পিতাৰ সন্তানসকলৰ বিতুষ্ট হোৱাটো ভাল নালাগে, সেয়েহে কেতিয়াও এনেকৈ নক’বা যে কি কৰোঁ, কথাই এনেকুৱা আছিল সেয়েহে বিতুষ্ট হৈ গ’লোঁ... যদি বিতুষ্ট হোৱাৰ কথা আহেও তেতিয়াও বিতুষ্ট স্থিতিত নাহিবা। অন্তৰেৰে ‘বাবা’ বুলি কোৱা আৰু সেই প্ৰেমত সমাহিত হৈ যোৱা।