24.10.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – বাবা আহিছে তোমালোকক ঘৰৰ মাৰ্গ-দৰ্শন কৰাবলৈ, তোমালোক আত্ম-অভিমানী হৈ থাকা তেতিয়া এইটো মাৰ্গ সহজে দৃষ্টিগোচৰ হ’ব”

প্ৰশ্ন:
সংগমত এনে কোনটো জ্ঞান পাইছা যাৰবাবে সত্যযুগী দেৱতাসকলক মোহজিৎ বুলি কোৱা হ’ব?

উত্তৰ:
সংগমত তোমালোকক পিতাই অমৰ কথা শুনাই অমৰ আত্মাৰ জ্ঞান দিলে। জ্ঞান পালা যে এইখন অবিনাশী পূৰ্ব নিৰ্ধাৰিত ড্ৰামা, প্ৰত্যেক আত্মাই নিজা নিজা ভূমিকা পালন কৰে। আত্মাই এটা শৰীৰ এৰি আন এটা লয়, ইয়াত কান্দিবলগীয়া কথা নাই। এইটো জ্ঞানৰ বাবে সত্যযুগী দেৱতাসকলক মোহজিৎ বুলি কোৱা হয়। তাত মৃত্যুৰ নাম নাই। আনন্দেৰে পুৰণা শৰীৰ এৰি নতুন লয়।

গীত:
নয়ন হীন ক’ ৰাহ দিখাও…. (নেত্ৰহীনক মাৰ্গ দৰ্শন কৰা….)

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলক পিতাই কয় যে ৰাস্তাতো দেখুৱাইছোঁ কিন্তু প্ৰথমে নিজক আত্মা বুলি নিশ্চয় কৰি বহা। দেহী-অভিমানী হৈ বহা তেতিয়া তোমালোকে ৰাস্তা বহুত সহজে দেখিবলৈ পাবা। ভক্তিমাৰ্গত আধাকল্প হাবাথুৰি খাইছা। ভক্তিমাৰ্গৰ অনেক সামগ্ৰী আছে। এতিয়া পিতাই বুজাইছে বেহদৰ পিতা এজনেই। পিতাই কয় – তোমালোকক মাৰ্গ দেখুৱাই আছোঁ। জগতৰ লোকে এইটোও গম নাপায় যে কি মাৰ্গ দেখুৱায়। মুক্তি-জীৱনমুক্তি, গতি-সৎগতিৰ। মুক্তি বুলি কোৱা হয় শান্তিধামক। আত্মাই শৰীৰ অবিহনে একোৱেই ক’ব নোৱাৰে। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰাহে আৱাজ হয়, মুখৰ দ্বাৰা আৱাজ হয়। মুখ নহ’লে আৱাজ ক’ৰ পৰা আহিব। আত্মাই এই কৰ্মেন্দ্ৰিয় পাইছে কৰ্ম কৰিবলৈ। ৰাৱণৰ ৰাজ্যত তোমালোকে বিকৰ্ম কৰা। এই বিকৰ্ম ছিঃ ছিঃ কৰ্ম হৈ যায়। সত্যযুগত ৰাৱণেই নাই সেয়েহে কৰ্ম অকৰ্ম হৈ যায়। তাত 5 বিকাৰ নাথাকে। তাক কোৱা হয় - স্বৰ্গ। ভাৰতবাসী স্বৰ্গবাসী আছিল, এতিয়া আকৌ নৰকবাসী বুলি ক’ব। বিষয় বৈতৰণী নদীত ডুবি কক্‌বকাই থাকে। সকলোৱে এজনে আনজনক দুখ দি থাকে। এতিয়া কয় বাবা এনেকুৱা ঠাইলৈ লৈ যোৱা য’ত দুখৰ নাম নাই। সেয়াতো ভাৰত যেতিয়া স্বৰ্গ আছিল তেতিয়া দুখৰ নাম নাছিল। স্বৰ্গৰ পৰা নৰকলৈ আহিল, এতিয়া আকৌ স্বৰ্গলৈ যাব লাগে। এয়া খেল। পিতাইহে সন্তানসকলক বহি বুজায়। সঁচা সৎসংগ এয়া। তোমালোকে ইয়াত সঁচা পিতাক স্মৰণ কৰা তেৱেঁই উচ্চতকৈও উচ্চ ভগৱান। তেওঁ হ’ল ৰচয়িতা, তেওঁৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। পিতাইহে সন্তানসকলক উত্তৰাধিকাৰ দিব। হদৰ পিতা থকা সত্ত্বেও আকৌ স্মৰণ কৰে - হে ভগৱান, হে পৰমপিতা পৰমাত্মা দয়া কৰক। ভক্তিমাৰ্গত হাবাথুৰি খাই খাই হায়ৰাণ হৈ গৈছে। কয় - হে বাবা আমাক সুখ-শান্তিৰ উত্তৰাধিকাৰ দিয়ক। এয়াতো পিতাইহে দিব পাৰে তাকো 21 জন্মৰ কাৰণে। হিচাপ কৰিব লাগে। সত্যযুগত যেতিয়া এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) ৰাজত্ব আছিল তেতিয়া নিশ্চয় কম মনুষ্য আছিল। এটা ধৰ্ম আছিল, এখনেই ৰাজ্য আছিল। তাক কোৱা হয় স্বৰ্গ, সুখধাম। নতুন সৃষ্টিক কোৱা হয় সতোপ্ৰধান, পুৰণিক তমোপ্ৰধান বুলি ক’ব। প্ৰতিটো বস্তুৱেই প্ৰথমে সতোপ্ৰধান পাছত সতো-ৰজো-তমোত আহে। শিশুক সতোপ্ৰধান বুলি ক’ব। শিশুক মহাত্মাতকৈও উচ্চ বুলি কোৱা হয়। মহাত্মাসকলেতো জন্ম লৈ আকৌ ডাঙৰ হৈ বিকাৰৰ অনুভৱ কৰি ঘৰ-সংসাৰ এৰি গুচি যায়। শিশুৱেতো বিকাৰৰ বিষয়ে নাজানে। একেবাৰে নিষ্পাপ সেইকাৰণে মহাত্মাতকৈও উচ্চ বুলি কোৱা হয়। দেৱতাসকলৰ মহিমা গায় - সৰ্বগুণ সম্পন্ন….. সাধুসকলৰ এনেকুৱা মহিমা কেতিয়াও কৰা নহয়। পিতাই হিংসা আৰু অহিংসাৰ অৰ্থ বুজাইছে। কাৰোবাক মৰা ইয়াক হিংসা বুলি কোৱা হয়। সকলোতকৈ ডাঙৰ হিংসা হৈছে কাম-কটাৰী চলোৱাটো। দেৱতাসকল হিংসক নহয়। কাম-কটাৰী নচলায়। পিতাই কয় - এতিয়া মই আহিছোঁ তোমালোকক মনুষ্যৰ পৰা দেৱতা কৰি গঢ়ি তুলিবলৈ। দেৱতা থাকে সত্যযুগত। ইয়াত কোনেও নিজক দেৱতা বুলি ক’ব নোৱাৰে। বুজি পায় যে আমি নীচ পাপী বিকাৰী। তেন্তে আকৌ নিজক দেৱতা বুলি কেনেকৈ ক’ব সেইকাৰণে হিন্দু ধৰ্ম বুলি কৈ দিছে। বাস্তৱত আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল। হিন্দুতো হিন্দুস্তানৰ পৰা ওলাইছে। তেওঁলোকে আকৌ হিন্দু ধৰ্ম বুলি কৈ দিছে। তোমালোকে ক’বা- আমি দেৱতা ধৰ্মৰ হওঁ তেতিয়াও হিন্দুতে ধৰি ল’ব। ক’ব আমাৰ ওচৰত স্তম্ভই হিন্দু ধৰ্মৰ আছে। পতিত হোৱাৰ কাৰণে নিজক দেৱতা বুলি ক’ব নোৱাৰে।

এতিয়া তোমালোকে জানা - আমি পূজ্য দেৱতা আছিলোঁ, এতিয়া পূজাৰী হ’লোঁ। পূজাও প্ৰথমে কেৱল শিৱৰ কৰে পাছত ব্যভিচাৰী পূজাৰী হ’ল। পিতা এজনেই তেওঁৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। বাকীতো অনেক প্ৰকাৰৰ দেৱী আদি আছে। তেওঁলোকৰ পৰা কোনো উত্তৰাধিকাৰ পোৱা নাযায়। এই ব্ৰহ্মাৰ পৰাও তোমালোকে উত্তৰাধিকাৰ নোপোৱা। এজন হ’ল নিৰাকাৰী পিতা, আনজন হ’ল সাকাৰী পিতা। সাকাৰী পিতা থকা সত্ত্বেও হে ভগৱান, হে পৰমপিতা বুলি কৈ থাকে। লৌকিক পিতাক এনেকৈ নকয়। গতিকে উত্তৰাধিকাৰ পিতাৰ পৰা পোৱা যায়। স্বামী আৰু পত্নী আধা আধা অংশীদাৰ হয় গতিকে পত্নীয়ে আধা ভাগ পাব লাগে। প্ৰথমে আধা পত্নীক দি আধা সন্তানসকলক দিব লাগে। কিন্তু আজিকালিতো সন্তানসকলকেই গোটেই ধন দি দিয়ে। কিছুমানৰ মোহ বহুত থাকে, বুজি পায় যে আমাৰ মৃত্যুৰ পাছত সন্তানেই অধিকাৰী হ’ব। আজিকালিৰ সন্তানেতো পিতাকৰ মৃত্যুৰ পাছত মাকক নোসোধেও। কোনো কোনো মাতৃ-স্নেহী হয়। কোনো কোনো আকৌ মাতৃ-দ্ৰোহী হয়। আজিকালি বেছিভাগেই মাতৃ-দ্ৰোহী। সকলো পইচা উৰুৱাই দিয়ে। ধৰ্মৰ (তোলনীয়া) সন্তানো কিছুমান এনেকুৱা যে বহুত অশান্তিৰ সৃষ্টি কৰে। এতিয়া সন্তানসকলে গীতটি শুনিলা, কয় - বাবা আমাক সুখৰ মাৰ্গ দেখুওৱা – য’ত শান্তি আছে। ৰাৱণৰ ৰাজ্যততো সুখ হ’ব নোৱাৰে। ভক্তিমাৰ্গততো ইমানখিনিও নুবুজে যে শিৱ বেলেগ, শঙ্কৰ বেলেগ। বচ্‌ মূৰ দোৱাই থাকা, শাস্ত্ৰ পঢ়ি থাকা। বাৰু, ইয়াৰ পৰা কি পাব, একো গম নাপায়। সকলোকে শান্তি, সুখ দিওঁতাতো এজনেই পিতা। সত্যযুগত সুখো আছে, শান্তিও আছে। ভাৰতত সুখ-শান্তি আছিল, এতিয়া নাই সেইকাৰণে ভক্তি কৰি দুৱাৰে দুৱাৰে হাবাথুৰি খাই ফুৰে। এতিয়া তোমালোকে জানা শান্তিধাম, সুখধামলৈ লৈ যাওঁতা এজনেই পিতা। বাবা আমি কেৱল আপোনাকেই স্মৰণ কৰিম, আপোনাৰ পৰাই উত্তৰাধিকাৰ ল’ম। পিতাই কয় – দেহ সহিত দেহৰ সকলো সম্বন্ধ পাহৰি যাব লাগে। এজন পিতাক স্মৰণ কৰিব লাগে। আত্মা ইয়াতেই পৱিত্ৰ হ’ব লাগে। স্মৰণ নকৰিলে তেতিয়া আকৌ শাস্তি খাব লাগিব। পদো ভ্ৰষ্ট হৈ যাব সেইকাৰণে পিতাই কয় – স্মৃতিত থকাৰ যত্ন কৰা। আত্মাসকলক বুজায়। অন্য কোনো সৎসংগ আদি এনেকুৱা নহয় য’ত এনেকৈ ক’ব - হে আত্মিক সন্তানসকল। এয়া হ’ল আত্মিক জ্ঞান, যি আত্মিক পিতাৰ পৰাহে সন্তানসকলে পায়। আত্মা অৰ্থাৎ নিৰাকাৰ। শিৱও নিৰাকাৰ হয় নহয়। তোমালোক আত্মাও বিন্দু, অতি সূক্ষ্ম। আত্মাক কোনেও দিব্য দৃষ্টি অবিহনে দেখা পাব নোৱাৰে। দিব্য দৃষ্টি পিতাইহে দিয়ে। ভক্তই বহি হনুমান, গণেশ আদিৰ পূজা কৰে এতিয়া তেওঁলোকৰ সাক্ষাৎকাৰ কেনেকৈ হ’ব। পিতাই কয় - দিব্য দৃষ্টি দাতাতো মইহে। যিয়ে বহুত ভক্তি কৰে তেতিয়া আকৌ ময়েই তেওঁলোকক সাক্ষাৎকাৰ কৰাওঁ। কিন্তু ইয়াৰ পৰা লাভ একো নহয়। কেৱল আনন্দিত হৈ যায়। পাপতো তথাপি কৰে, একোৱেই প্ৰাপ্তি নহয়। নপঢ়াকৈ কিবা হ’ব পাৰিব জানো। দেৱতাসকল সৰ্বগুণ সম্পন্ন হয়। তোমালোকো এনেকুৱা হোৱাচোন। বাকীতো সেয়া সকলো হৈছে ভক্তিমাৰ্গৰ সাক্ষাৎকাৰ। সঁচাকৈ শ্ৰীকৃষ্ণৰ সৈতে দোলনাত দোলা, স্বৰ্গত তেওঁৰ সৈতে থাকা। সেয়াতো পঢ়াৰ ওপৰত নিৰ্ভৰ কৰে। যিমানে শ্ৰীমতত চলিবা সিমানে উচ্চ পদ পাবা। শ্ৰীমত ভগৱানৰ বুলি গায়ন কৰা হৈছে। শ্ৰীকৃষ্ণৰ শ্ৰীমত বুলি কোৱা নহয়। পৰমপিতা পৰমাত্মাৰ শ্ৰীমতৰ দ্বাৰা শ্ৰীকৃষ্ণৰ আত্মাই এই পদ পালে। তোমালোক আত্মাও দেৱতা ধৰ্মৰ আছিলা অৰ্থাৎ শ্ৰীকৃষ্ণৰ বংশৰ আছিলা। ভাৰতবাসীয়ে এইটো নাজানে যে ৰাধা-কৃষ্ণৰ পৰস্পৰ কি সম্পৰ্ক আছিল। দুয়ো বেলেগ বেলেগ ৰাজ্যৰ আছিল। আকৌ সয়ম্বৰৰ পাছত লক্ষ্মী-নাৰায়ণ হয়। এই সকলোবোৰ কথা পিতাইহে আহি বুজায়। এতিয়া তোমালোকে পঢ়াই স্বৰ্গৰ ৰাজকুমাৰ-ৰাজকুমাৰী হ’বৰ কাৰণে। ৰাজকুমাৰ-ৰাজকুমাৰীৰ যেতিয়া সয়ম্বৰ হয় তেতিয়া আকৌ নাম সলনি হৈ যায়। গতিকে পিতাই সন্তানসকলক এনেকুৱা দেৱতা কৰি গঢ়ি তোলে। যদিহে পিতাৰ শ্ৰীমতত চলা তেতিয়াহে। তোমালোক হ’লা মুখ বংশাৱলী, তেওঁলোক হ’ল কোষ বংশাৱলী। সেই ব্ৰাহ্মণসকলে বন্ধনত বান্ধি দিয়ে কাম চিতাত বহুৱাবলৈ। এতিয়া তোমালোক সঁচা সঁচা ব্ৰাহ্মণীসকলে কাম চিতাৰ পৰা নমাই জ্ঞান চিতাত বহুৱাবলৈ বন্ধনত বান্ধি দিয়া। গতিকে সেয়া এৰিবলগা হয়। ইয়াৰ সন্তানেতো হাই-কাজিয়া কৰি পইচাও গোটেইবোৰ বৰবাদ কৰে। আজিকালিৰ জগতখনত বহুত কলুষতা আছে। সকলোতকৈ বেয়া বেমাৰ হ’ল চিনেমা। ভাল সন্তানো চিনেমা চাবলৈ গ’লে নষ্ট হৈ যায় সেকাৰণে বি.কে.ক চিনেমা চাবলৈ মানা কৰা হয়। অৱশ্যে হয়, যিসকল মজবুত, তেওঁলোকক বাবাই কয় তাত গৈও তোমালোকে সেৱা কৰা। তেওঁলোকক বুজোৱা যে এয়াতো হ’ল হদৰ চিনেমা। এখন বেহদৰ চিনেমাও আছে। বেহদৰ চিনেমাৰ পৰাই আকৌ এয়া হদৰ মিছা চিনেমা ওলাইছে।

এতিয়া তোমালোক সন্তানসকলক পিতাই বুজাইছে - মুললোক য’ত সকলো আত্মা নিবাস কৰে আকৌ মাজত আছে সূক্ষ্মলোক। এয়া হ’ল সাকাৰলোক। খেল গোটেই ইয়াতেই চলে। এই চক্ৰ ঘূৰিয়েই থাকে। তোমালোক ব্ৰাহ্মণ সন্তানসকলেই স্বদৰ্শন চক্ৰধাৰী হ’ব লাগে। দেৱতাসকল নহয়। কিন্তু ব্ৰাহ্মণসকলক এই অলংকাৰ নিদিয়ে কাৰণ পুৰুষাৰ্থী হয়। আজি ভালধৰণে চলি আছে কাইলৈ অৱনমিত হৈ যায় সেইকাৰণে দেৱতাসকলক দি দিছে। শ্ৰীকৃষ্ণৰ কাৰণে দেখুৱায় স্বদৰ্শন চক্ৰৰে অকাসুৰ-বকাসুৰ আদিক মাৰিলে। এতিয়া তেওঁৰ বাবেতো অহিংসা পৰমধৰ্ম বুলি কোৱা হয় তেন্তে আকৌ হিংসা কেনেকৈ কৰিব! এই সকলোবোৰ হ’ল ভক্তিমাৰ্গৰ সামগ্ৰী। য’লৈকে যোৱা শিৱৰ লিংগহে দেখিবা। কেৱল নাম কিমান বেলেগ বেলেগ ৰাখি দিছে। মাটিৰ দেৱীৰ কিমান সাজে। অলংকৃত কৰে, হাজাৰ হাজাৰ টকা খৰচ কৰে। উৎপত্তি কৰি আকৌ পূজা কৰে, পালন কৰে তাৰ পাছত গৈ ডুবাই দিয়ে। কিমান খৰচ কৰে পূতলাৰ পূজাত। একোৱেইতো পোৱা নাই। পিতাই বুজায় - এই সকলোবিলাক পইচা বৰবাদ কৰাৰ ভক্তি, ছিৰি নামিয়েই আহিছে। পিতা আহে তেতিয়া সকলোৰে আৰোহণ কলা হয়। সকলোকে শান্তিধাম-সুখধামলৈ লৈ যায়। পইচা বৰবাদ কৰাৰ কথা নাই। আকৌ ভক্তিমাৰ্গত তোমালোকে পইচা বৰবাদ কৰি কৰি কঙাল হৈ গ’লা। চহকী, কঙাল হোৱাৰ কথা পিতাই বহি বুজায়। তোমালোক এই লক্ষ্মী-নাৰায়ণৰ বংশৰ আছিলা নহয়। এতিয়া তোমালোকক নৰৰ পৰা নাৰায়ণ হোৱাৰ শিক্ষা পিতাই দিয়ে। সেই লোকসকলে তৃতীয় নেত্ৰৰ কথা, অমৰ কথা শুনায়। হওঁতে সকলো মিছা। তৃতীয় নেত্ৰৰ কথাতো এয়া, যাৰ দ্বাৰা আত্মাৰ জ্ঞানৰ তৃতীয় নেত্ৰ মুকলি হয়। গোটেই চক্ৰ বুদ্ধিত আহি যায়। তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা, অমৰ কথাও শুনি আছা। অমৰ বাবাই তোমালোকক কথা (কাহিনী) শুনাই আছে- অমৰপুৰীৰ মালিক কৰি তোলে। তাত তোমালোকৰ কেতিয়াও মৃত্যু নহয়। ইয়াততো মৃত্যুৰ কাৰণে মনুষ্যৰ কিমান ভয়। তাত ভয়ৰ, কন্দাৰ কথা নাই। আনন্দেৰে পুৰণা শৰীৰ এৰি নতুন লৈ লয়। ইয়াত কিমান মনুষ্যই কান্দে। এইখন হৈছেই কন্দাৰ জগত। পিতাই কয় - এইখনতো পূৰ্ব-নিৰ্ধাৰিত ড্ৰামা। প্ৰত্যেকেই নিজৰ নিজৰ ভূমিকা পালন কৰি থাকে। এই দেৱতাসকল মোহজিৎ হয় নহয়। ইয়াততো জগতত অনেক গুৰু আছে যাৰ অনেক মত পোৱা যায়। প্ৰত্যেকৰে মত নিজৰ। এক সন্তোষী দেৱীও আছে যাৰ পূজা হয়। এতিয়া সন্তোষী দেৱীসকলতো সত্যযুগত থাকিব, ইয়াত কেনেকৈ থাকিব পাৰে। সত্যযুগত দেৱতাসকল সদায় সন্তুষ্ট হৈ থাকে। ইয়াততো কিবা নহয় কিবা আশা থাকে। তাত কোনো আশা নাথাকে। পিতাই সকলোকে সন্তুষ্ট কৰি দিয়ে। তোমালোক পদমপতি হৈ যোৱা। কোনো অপ্ৰাপ্ত বস্তু নাথাকে যাৰ প্ৰাপ্তিৰ কাৰণে চিন্তা হ’ব। তাত চিন্তা নাথাকেই। পিতাই কয় - সকলোৰে সৎগতিদাতা ময়েই হওঁ। তোমালোক সন্তানসকলক 21 জন্মৰ কাৰণে আনন্দই আনন্দ দিয়ে। এনেকুৱা পিতাক স্মৰণো কৰিব লাগে। স্মৃতিৰ দ্বাৰাই তোমালোকৰ পাপ ভস্ম হ’ব আৰু তোমালোক সতোপ্ৰধান হৈ যাবা। এইবোৰ বুজিবলগীয়া কথা। যিমানে আনক বেছিকৈ বুজাবা সিমানে প্ৰজা তৈয়াৰ হ’ব আৰু উচ্চ পদ পাবা। এয়া কোনো সাধু আদিৰ কথা নহয়। ভগৱান বহি এওঁৰ মুখৰ দ্বাৰা বুজায়। এতিয়া তোমালোক সন্তুষ্ট দেৱী-দেৱতা হৈ আছা। এতিয়া তোমালোকে সদায় পৱিত্ৰ হৈ থকাৰ ব্ৰতো ৰাখিব লাগে কিয়নো পৱিত্ৰ সৃষ্টিলৈ যাব লাগে গতিকে পতিত হ’ব নালাগে। বাবাই এই ব্ৰত শিকাইছে। মনুষ্যই আকৌ অনেক প্ৰকাৰৰ ব্ৰত উলিয়াইছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এজন পিতাৰ মতত চলি সদায় সন্তুষ্ট হৈ থাকি সন্তোষী দেৱী হ’ব লাগে। ইয়াত কোনো আশা ৰাখিব নালাগে। পিতাৰ পৰা সকলো প্ৰাপ্তি কৰি পদমপতি হ’ব লাগে।

(2) সকলোতকৈ লেতেৰা কৰি তোলোঁতা হৈছে চিনেমা। তোমালোকক চিনেমা চাবলৈ বাধা দিয়া হয়। যদি তোমালোক বাহাদুৰ হোৱা তেন্তে হদ আৰু বেহদৰ চিনেমাৰ ৰহস্য বুজি আনক বুজোৱা। সেৱা কৰা।

বৰদান:
পুৰুষাৰ্থ আৰু সেৱাত বিধিপূৰ্বক বৃদ্ধি প্ৰাপ্ত কৰোঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা

ব্ৰাহ্মণ অৰ্থাৎ বিধিপূৰ্বক জীৱন। যিকোনো কাৰ্য সফল তেতিয়া হয় যেতিয়া বিধিৰে কৰা হয়। যদি কোনো কথাত নিজৰ পুৰুষাৰ্থ বা সেৱাত বৃদ্ধি হোৱা নাই তেন্তে নিশ্চয় কোনো বিধিৰ অভাৱ সেই কাৰণে পৰীক্ষা কৰা যে অমৃতবেলাৰ পৰা ৰাতিলৈকে মন-বাণী-কৰ্ম বা সম্পৰ্ক বিধিপূৰ্বক আছিলনে অৰ্থাৎ বৃদ্ধি হ’লনে? যদি নাই হোৱা তেন্তে কাৰণৰ কথা ভাবি নিবাৰণ কৰা তেতিয়া নিৰাশ নোহোৱা। যদি জীৱন বিধিপূৰ্বক তেন্তে বৃদ্ধি অৱশ্যে হ’ব আৰু তীব্ৰ পুৰুষাৰ্থী হৈ যাবা।

স্লোগান:
স্বচ্ছতা আৰু সত্যতাৰে সম্পন্ন হোৱাটোৱেই সঁচা পৱিত্ৰতা।


অব্যক্ত সংকেত: নিজৰ আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা

য’ত বাণীৰ দ্বাৰা কোনো কাৰ্য সিদ্ধ নহয় তেতিয়া কোৱা যে এওঁ বাণীৰে নুবুজিব, শুভ-ভাৱনাৰে পৰিৱৰ্তন হ’ব। য’ত বাণীয়ে কাৰ্য সফল কৰিব নোৱাৰে, ত’ত শান্তিৰ শক্তিৰ সাধন শুভ-সংকল্প, শুভ-ভাৱনা, নয়নৰ ভাষাৰ দ্বাৰা দয়া আৰু স্নেহৰ অনুভূতিয়ে কাৰ্য সিদ্ধ কৰিব পাৰে।