24.12.25 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“অবিনাশী জ্ঞান ৰত্নৰ দানেই মহাদান, এই দানেৰেই বাদশ্বাহী প্ৰাপ্ত হয় সেয়েহে মহাদানী
হোৱা ”
প্ৰশ্ন:
যিসকল সন্তানৰ
সেৱাৰ চখ থাকিব তেওঁলোকৰ মুখ্য লক্ষণ কি হ'ব?
উত্তৰ:
1) তেওঁলোকৰ পুৰণি সৃষ্টিৰ বাতাৱৰণ একেবাৰে ভাল নালাগিব, 2) তেওঁলোকে বহুতৰে সেৱা
কৰি নিজৰ সমানকৈ গঢ়ি তোলাতেই আনন্দিত হ'ব, 3) তেওঁলোকে পঢ়া আৰু পঢ়ুওৱাতে আৰাম অনুভৱ
কৰিব, 4) বুজাই বুজাই ডিঙিও যদি বেয়া হৈ যায় তেতিয়াও আনন্দিত হৈ থাকিব, 5) তেওঁলোকক
কাৰো সম্পত্তি নালাগে। তেওঁলোকে কাৰো সম্পত্তিৰ পিছত নিজৰ সময় নষ্ট নকৰিব, 6)
তেওঁলোকৰ আসক্তি সকলো ফালৰ পৰা ছিঙি যাব, 7) তেওঁলোক পিতাৰ সমান উদাৰ অন্তৰৰ হ'ব।
তেওঁলোকৰ সেৱাৰ বাহিৰে আন একোৱেই ভাল নালাগিব।
গীত:
ওঁম্ নমো
শিৱায়ে…
ওঁম্শান্তি।
আত্মিক পিতা
যাৰ মহিমা শুনিলা তেওঁ বহি সন্তানসকলক পাঠ পঢ়ায়, এয়া পাঠশালা হয় নহয়। তোমালোক সকলোৱে
ইয়াত শিক্ষকৰ পৰা পাঠ পঢ়ি আছা। এওঁ হৈছে সৰ্বোচ্চ শিক্ষক, যাক পৰমপিতা বুলিও কোৱা
হয়। পৰমপিতা বুলি আত্মিক পিতাকহে কোৱা হয়। লৌকিক পিতাক কেতিয়াও পৰমপিতা বুলি কোৱা
নহয়। তোমালোকে ক'বা এতিয়া আমি পাৰলৌকিক পিতাৰ ওচৰত বহি আছোঁ। কোনোবা বহি আছে, কোনোবা
আলহী হৈ আহে। তোমালোকে বুজি পোৱা যে আমি উত্তৰাধিকাৰ ল'বৰ কাৰণে বেহদৰ পিতাৰ ওচৰত
বহি আছোঁ। তেন্তে ভিতৰি কিমান আনন্দিত হ'ব লাগে। মনুষ্যইতো বেচেৰাসকলে চিঞৰি থাকে।
এই সময়ত জগতৰ সকলোৱে কয় যে জগতত শান্তি হওক। এইটোতো বেচেৰাসকলে গমেই নাপায়, শান্তি
কি বস্তু। জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ পিতাহে শান্তি প্ৰতিষ্ঠা কৰোঁতা। নিৰাকাৰী
সৃষ্টিততো শান্তিয়েই আছে। ইয়াত চিঞৰি থাকে যে জগতত শান্তি কেনেকৈ হ'ব? এতিয়া নতুন
সৃষ্টি সত্যযুগততো শান্তি আছিল যেতিয়া এটা ধৰ্ম আছিল। নতুন সৃষ্টিক কোৱা হয় স্বৰ্গ,
দেৱতাসকলৰ জগত। শাস্ত্ৰত য'তে-ত'তে অশান্তিৰ কথা লিখি দিছে। এনেকৈ দেখুৱায় দ্বাপৰত
কংস আছিল, আকৌ হিৰণ্যকাশ্যপক সত্যযুগত দেখুৱায়, ত্ৰেতাত ৰাৱণৰ উপদ্ৰৱ.......। সকলো
ঠাইতে অশান্তি দেখুৱাই দিছে। মনুষ্য বেচেৰাসকল কিমান ঘোৰ অন্ধকাৰত আছে। বেহদৰ পিতাক
আহ্বানো জনায়। যেতিয়া ঈশ্বৰ পিতা আহিব তেতিয়া তেৱেঁই আহি শান্তি প্ৰতিষ্ঠা কৰিব।
ঈশ্বৰক বেচেৰাসকলে নাজানেই। শান্তি হয়েই নতুন সৃষ্টিত। পুৰণি সৃষ্টিত হ'ব নোৱাৰে।
নতুন সৃষ্টি স্থাপনা কৰোঁতাতো পিতাহে হয়। তেওঁকে আহ্বান জনায় যে আহি শান্তি
প্ৰতিষ্ঠা কৰক। আৰ্য সমাজীসকলেও শান্তি দাতা বুলি গায়ন কৰে।
পিতাই কয় প্ৰথমতে হৈছে
পৱিত্রতা। এতিয়া তোমালোক পৱিত্র হৈ আছা। তাত পৱিত্রতাও আছে, শান্তিও আছে,
স্বাস্থ্য-সম্পত্তি সকলো আছে। ধন অবিহনেতো মনুষ্য দুখী হৈ যায়। তোমালোক ইয়ালৈ এই
লক্ষ্মী-নাৰায়ণৰ নিচিনা ধনৱান হ'বলৈ আহা। এওঁলোক বিশ্বৰ মালিক আছিল নহয়। তোমালোক
বিশ্বৰ মালিক হ'বলৈ আহিছা। কিন্তু সেই বুদ্ধি সকলোৰে ক্ৰমানুসৰি আছে। বাবাই কৈছিল -
যেতিয়া প্ৰভাত যাত্ৰা উলিওৱা তেতিয়া লগত লক্ষ্মী-নাৰায়ণৰ চিত্ৰ নিশ্চয় ল'বা। এনেকুৱা
যুক্তি ৰচা। এতিয়া সন্তানসকলৰ বুদ্ধি পাৰসবুদ্ধি হ'বলৈ গৈ আছে। এই সময়ত কেৱল
তমোপ্ৰধানৰ পৰা ৰজোলৈকে গৈছে। এতিয়া সতো, সতোপ্ৰধানলৈকে যাব লাগে। সেই শক্তি এতিয়া
নাই। স্মৃতিত নাথাকে। যোগবল বহুত কম। তৎক্ষণাৎ সতোপ্ৰধান হ'ব নোৱাৰে। এয়া যি গায়ন
আছে চেকেণ্ডত জীৱনমুক্তি, সেয়াতো ঠিক। তোমালোক ব্ৰাহ্মণ হৈছা গতিকে জীৱনমুক্ত হৈয়েই
গ'লা, আকৌ জীৱনমুক্তিতো সৰ্বোত্তম, মধ্যম, কনিষ্ঠ হয়। যিসকল পিতাৰ হয় তেওঁলোকৰ
জীৱনমুক্তি নিশ্চয় প্ৰাপ্ত হয়। যদিওবা পিতাৰ হৈ পুনৰ পিতাক এৰি দিয়ে তেতিয়াও
জীৱনমুক্তি নিশ্চয় পাব। স্বৰ্গত ঝাড়ু মাৰোঁতা হৈ যাব। স্বৰ্গলৈতো যাব। বাকী পদ কম
প্ৰাপ্ত হয়। পিতাই অবিনাশী জ্ঞান দিয়ে, যাৰ কেতিয়াও বিনাশ নহয়। সন্তানসকলৰ ভিতৰি
আনন্দৰ ঢোল বাজি থাকিব লাগে। এই “হায় হায়” হোৱাৰ পাছত আকৌ বাঃ! বাঃ! হ'ব।
তোমালোক এতিয়া
ঈশ্বৰীয় সন্তান। আকৌ দৈৱী সন্তান হ'বাগৈ। এই সময়ত তোমালোকৰ এই জীৱন হীৰাতুল্য।
তোমালোকে ভাৰতৰ সেৱা কৰি ভাৰতক শান্তিপূৰ্ণ কৰি তোলা। তাত পৱিত্রতা, সুখ, শান্তি
সকলো থাকে। তোমালোকৰ এইটো জীৱন দেৱতাসকলতকৈও উচ্চ। এতিয়া তোমালোকে ৰচয়িতা পিতাক আৰু
সৃষ্টিচক্ৰক জানা। এনেকৈ কয় যে এই উৎসৱ আদি যিবোৰ আছে সেয়া পৰম্পৰা অনুসৰি চলি আহে।
কিন্তু কেতিয়াৰ পৰা? এইটো কোনেও নাজানে। ভাবে যেতিয়াৰ পৰা সৃষ্টি আৰম্ভ হ’ল, ৰাৱণক
জ্বলোৱা আদিও পৰম্পৰা অনুসৰি চলি আহে। এতিয়া সত্যযুগততো ৰাৱণ নাথাকে। তাত কোনো দুখ
নাই সেয়েহে ঈশ্বৰকো স্মৰণ নকৰে। ইয়াত সকলোৱে ঈশ্বৰক স্মৰণ কৰি থাকে। এনেকৈ ভাবে যে
ঈশ্বৰেই বিশ্বত শান্তি আনিব, সেইবাবে কয় - আহি দয়া কৰক। আমাক দুখৰ পৰা মুক্ত কৰক।
সন্তানেহে পিতাক আহ্বান জনায় কিয়নো সন্তানসকলেহে সুখ দেখিছে। পিতাই কয় - তোমালোকক
পৱিত্র কৰি লগত লৈ যাম। যিসকল পৱিত্র নহ'ব তেওঁলোকেতো শাস্তি ভোগ কৰিব। ইয়াত মন,
বাণী, কৰ্মত পৱিত্র হৈ থাকিব লাগে। মনো বহুত ভাল হ'ব লাগে। ইমান পৰিশ্ৰম কৰিব লাগে
যাতে অন্তিমৰ ফালে মনত কোনোধৰণৰ ব্যৰ্থ খেয়াল নাহে। এজন পিতাৰ বাহিৰে যাতে কোনো
স্মৃতিলৈ নাহে। পিতাই বুজায় - এতিয়া মনলৈতো আহিব যেতিয়ালৈকে কৰ্মাতীত অৱস্থা নহয়।
হনুমানৰ দৰে অটল হোৱা, তাতেইতো বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। যিসকল আজ্ঞাকাৰী,
বিশ্বাসী, সুসন্তান পিতাৰ স্নেহো তেওঁলোকৰ প্ৰতি বেছিকৈ থাকে। 5 বিকাৰৰ ওপৰত বিজয়
প্ৰাপ্ত কৰিব নোৱাৰাসকল ইমান স্নেহী হ'ব নোৱাৰে। তোমালোক সন্তানসকলে জানা যে আমি
কল্পই কল্পই পিতাৰ পৰা এই উত্তৰাধিকাৰ লওঁ তেন্তে আনন্দৰ পাৰা কিমান উৰ্দ্ধগামী হ’ব
লাগে। এইটোও জানা স্থাপনাতো নিশ্চয় হ'ব। এই পুৰণি সৃষ্টি সমাধিস্থ নিশ্চয় হ'ব। আমি
পৰিস্তানলৈ যাবৰ কাৰণে কল্প পূৰ্বৰ দৰে পুৰুষাৰ্থ কৰি থাকোঁ। এয়াতো কবৰস্থান নহয়
জানো। পুৰণি সৃষ্টি আৰু নতুন সৃষ্টিৰ বুজনি ছিৰিৰ চিত্ৰত আছে। এই ছিৰি কিমান ভাল
তথাপিও মনুষ্যই বুজি নাপায়। ইয়াত সাগৰৰ পাৰত থকাসকলেও পূৰা বুজি নাপায়। তোমালোকে
জ্ঞান ধনৰ দানতো নিশ্চয় কৰিব লাগে। ধন দিলেও ধন কমি নাযায়। দানী, মহাদানী বুলি কয়
নহয়। যিসকলে হস্পিতাল, ধৰ্মশালা আদি নিৰ্মাণ কৰাই দিয়ে, তেওঁলোকক মহাদানী বুলি কয়।
তাৰ ফল আকৌ পৰৱৰ্তী জন্মত অল্পকালৰ কাৰণে পায়। ধৰি লোৱা ধৰ্মশালা নিৰ্মাণ কৰাই দিয়ে
তেন্তে পৰৱৰ্তী জন্মত ঘৰৰ সুখ পাব। কোনোৱে বহুত বহুত ধন দান কৰে গতিকে ৰজাৰ ঘৰত বা
চহকীৰ ঘৰত জন্ম লয়। সেয়া দানৰ দ্বাৰা হয়। তোমালোকে পঢ়াৰ দ্বাৰা ৰাজকীয় পদ পোৱা।
পঢ়াও হয়, দানো হয়। ইয়াত হৈছে পোনপটীয়া, ভক্তিমাৰ্গত হৈছে আওপকীয়া। শিৱবাবাই
তোমালোকক পঢ়াৰ দ্বাৰা এনেকুৱা কৰি তোলে। শিৱবাবাৰ ওচৰততো আছেই অবিনাশী জ্ঞান ৰত্ন।
এটি এটি ৰত্ন লাখ টকা মূল্যৰ। ভক্তিৰ কাৰণে এনেকৈ কোৱা নহয়। জ্ঞান ইয়াক কোৱা হয়।
শাস্ত্ৰত ভক্তিৰ জ্ঞান আছে, ভক্তি কেনেকৈ কৰা হয় তাৰ বাবে শিক্ষা পোৱা যায়। তোমালোক
সন্তানসকলৰ জ্ঞানৰ অপাৰ নিচা আছে। তোমালোকে ভক্তিৰ পাছত জ্ঞান পোৱা। জ্ঞানৰ দ্বাৰা
বিশ্বৰ বাদশ্বাহীৰ অপাৰ নিচা বাঢ়ে। যিয়ে বেছিকৈ সেৱা কৰিব, তেওঁলোকৰ নিচা বাঢ়িব।
প্ৰদৰ্শনী অথবা সংগ্ৰাহালয়তো ভাল ভাষণ দিওঁতাসকলক নিমন্ত্ৰণ দিয়ে নহয়। তাতো নিশ্চয়
ক্ৰমানুসৰি হ'ব। মহাৰথী, অশ্বাৰোহী, পদাতিক থাকে। দেলৱাড়া মন্দিৰতো স্মাৰক সাজি থোৱা
আছে। তোমালোকে ক'বা এয়া হৈছে চৈতন্য দেলৱাড়া, সেয়া হৈছে জড়। তোমালোক হৈছা গুপ্ত
সেইবাবে তোমালোকক নাজানে।
তোমালোক হৈছা ৰাজঋষি,
তেওঁলোক হৈছে হঠযোগী ঋষি। এতিয়া তোমালোক জ্ঞান-জ্ঞানেশ্বৰী হোৱা। জ্ঞান সাগৰে
তোমালোকক জ্ঞান দিয়ে। তোমালোক অবিনাশী ছাৰ্জনৰ সন্তান। চিকিৎসকেহে নাড়ীৰ স্পন্দন
চাব। যিয়ে নিজৰ নাড়ীৰ স্পন্দনকেই নাজানে তেন্তে অন্যৰ আকৌ কেনেকৈ জানিব। তোমালোক
অবিনাশী ছাৰ্জনৰ সন্তান হোৱা নহয়। জ্ঞান ৰূপী কাজল সৎগুৰুৱে লগালে...... এয়া হৈছে
জ্ঞান ইঞ্জেকশ্বন। আত্মাক ইঞ্জেকশ্বন দিয়ে নহয়। এই মহিমাও এতিয়াৰ। সৎগুৰুৰেই মহিমা
আছে। গুৰুসকলকো জ্ঞান ইঞ্জেকশ্বন সৎগুৰুয়েহে দিব। তোমালোক অবিনাশী ছাৰ্জনৰ সন্তান
তেন্তে তোমালোকৰ কামেই হৈছে জ্ঞান ইঞ্জেকশ্বন লগোৱা। ডাক্তৰসকলৰ ভিতৰতো কোনোবাই
মাহত লাখ, কোনোবাই 500 টকাও কাচিৎহে উপাৰ্জন কৰে। ৰোগীসকল ক্ৰমানুসৰি ইজন সিজনৰ
ওচৰলৈ যায় নহয়। উচ্চ ন্যায়ালয়, সৰ্বোচ্চ ন্যায়ালয়ত ৰায় পোৱা যায় - ফাঁচী কাঠত ওলমাব
লাগে। তেতিয়া ৰাষ্ট্ৰপতিক আবেদন জনায় তেতিয়া তেওঁ ক্ষমাও কৰি দিয়ে।
তোমালোক সন্তানসকলৰতো
নিচা থাকিব লাগে, উদাৰ অন্তৰৰ হ'ব লাগে। এই ভাগীৰথত পিতাই প্ৰৱেশ কৰিছে গতিকে এওঁক
পিতাই উদাৰ অন্তৰৰ কৰি তুলিলে নহয়। নিজেতো যিকোনো কাম কৰিব পাৰে। তেওঁ এওঁৰ শৰীৰত
আহি মালিক হৈ বহিল। ঠিক আছে এই সকলোবোৰ ভাৰতৰ কল্যাণৰ কাৰণে লগাব লাগে। তোমালোকে ধন
লগোৱা, ভাৰতৰে কল্যাণৰ কাৰণে। কিছুমানে সোধে - খৰচ ক'ৰ পৰা পায়? কোৱা, আমি নিজৰে
তন-মন-ধনেৰে সেৱা কৰোঁ। আমি ৰাজ্য কৰিম তেন্তে পইচাও আমিয়েই লগাম। আমি নিজৰ পৰাই
খৰচ কৰোঁ। আমি ব্ৰাহ্মণসকলে শ্ৰীমতত ৰাজ্য স্থাপনা কৰোঁ। যিসকল ব্ৰাহ্মণ হ'ব
তেওঁলোকেই খৰচ কৰিব। শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈ পুনৰ দেৱতা হ'ব লাগে। বাবাইতো কয় -
সকলোবোৰ চিত্ৰ এনেকুৱা স্বচ্ছ আলোকিত তৈয়াৰ কৰা যাতে মনুষ্যক আকৰ্ষিত কৰে। কাৰোবাক
যাতে ততালিকে কাঁড়ে আঘাত কৰে। কোনোবাই যাদুৰ ভয়ত নাহিব। মনুষ্যৰ পৰা দেৱতা হোৱা -
এয়া যাদু নহয় জানো। ভগৱানুবাচ, মই তোমালোকক ৰাজযোগ শিকাওঁ। হঠযোগীয়ে কেতিয়াও ৰাজযোগ
শিকাব নোৱাৰে। এই কথাবোৰ এতিয়া তোমালোকে বুজি পোৱা। তোমালোক মন্দিৰৰ যোগ্য হৈ আছা।
এই সময়ত এই গোটেই বিশ্বখন বেহদৰ লংকা। গোটেই বিশ্বত ৰাৱণৰ ৰাজ্য। বাকী
সত্যযুগ-ত্ৰেতাত এই ৰাৱণ আদি কেনেকৈ থাকিব পাৰে।
পিতাই কয় - এতিয়া মই
যি শুনাওঁ, সেয়া শুনা। এই দুচকুৰে একো নাচাবা। এই পুৰণি সৃষ্টিয়েই বিনাশ হৈ যাব,
সেয়েহে আমি নিজৰ শান্তিধাম-সুখধামকহে স্মৰণ কৰোঁ। এতিয়া তোমালোক পূজাৰীৰ পৰা পূজ্য
হৈ আছা। এওঁ (ব্ৰহ্মা) এক নম্বৰৰ পূজাৰী আছিল, নাৰায়ণৰ বহুত পূজা কৰিছিল। এতিয়া
পুনৰ পূজ্য নাৰায়ণ হৈ আছে। তোমালোকেও পুৰুষাৰ্থ কৰি হ'ব পাৰা। ৰাজধানীতো চলে নহয়।
যেনেকৈ ৰজা এডৱাৰ্ড প্ৰথম, দ্বিতীয়, তৃতীয় চলে। পিতাই কয় - তোমালোকে সৰ্বব্যাপী বুলি
কৈ মোক তিৰস্কাৰ কৰি আহিছা। তথাপিও মই তোমালোকৰ উপকাৰ কৰোঁ। এই খেলখনেই এনেকৈ
আশ্চৰ্যজনকভাৱে ৰচি থোৱা আছে। পুৰুষাৰ্থ নিশ্চয় কৰিব লাগে। কল্প পূৰ্বে যিয়ে
পুৰুষাৰ্থ কৰিছিল, তেওঁলোকেই ড্ৰামা অনুসৰি কৰিব। যিসকল সন্তানৰ সেৱাৰ চখ থাকে,
তেওঁলোকৰ ৰাতি-দিন এইটোৱেই চিন্তন চলি থাকে। তোমালোক সন্তানসকলে পিতাৰ পৰা মাৰ্গ
পাইছা, সেয়েহে তোমালোক সন্তানসকলৰ সেৱাৰ বাহিৰে আন একোৱেই ভাল নালাগে। জগতৰ বাতাৱৰণ
ভাল নালাগে। সেৱা কৰাসকলৰতো সেৱাৰ অবিহনে আৰাম নাই। শিক্ষকে পঢ়াই আনন্দ পায়। এতিয়া
তোমালোক বহুত উচ্চ শিক্ষক হৈছা। তোমালোকৰ কামেই হৈছে এইটো, যিমানে ভাল শিক্ষক হ’ব,
বহুতকে নিজৰ সমান কৰি তুলিব তেওঁ সিমানেই ভাল পুৰস্কাৰ পায়। তেওঁ নপঢ়ুৱাকৈ থাকি
আৰাম নাপাব। প্ৰদৰ্শনী আদিত ৰাতি 12 বাজি গ’লেও আনন্দিত হৈ থাকে। ক্লান্ত হৈ গ’লেও,
ডিঙি বেয়া হৈ গ’লেও আনন্দিত হৈ থাকে। ঈশ্বৰীয় সেৱা হয় নহয়। এয়া অতি উচ্চ সেৱা,
তেওঁলোকৰ আৰু একোৱেই ভাল নালাগে। ক'ব আমি এই ভৱন আদি লৈও কি কৰিম, আমিতো পঢ়াব লাগে।
এইটোৱেই সেৱা কৰিব লাগে। সম্পত্তি আদিত খেলিমেলি দেখিলে ক'ব এই সোণেই কি কামৰ যিয়ে
কাণ কাটে। সেৱাৰ দ্বাৰাতো বৈতৰণী পাৰ হ'ব লাগে। বাবাই কৈ দিয়ে, ভৱন লাগিলে তেওঁৰ (গৰাকীৰ)
নামতে থাকক। ব্ৰহ্মাকুমাৰ-কুমাৰীয়েতো সেৱা কৰিব লাগে। এই সেৱাত কোনোধৰণৰ বাহিৰৰ
বন্ধন ভাল নালাগে। কাৰোবাৰতো আসক্তি জাগে, কাৰোবাৰ আসক্তি ছিঙি যায়। বাবাই কয় -
মনমনাভৱ (নিজক আত্মা বুলি বুজি মোক; পৰামাত্মাক স্মৰণ কৰা) তেতিয়া তোমালোকৰ বিকৰ্ম
বিনাশ হ'ব। বহুত সহায় পোৱা যায়। এই সেৱাততো লাগি যাব লাগে। ইয়াত আমদানি বহুত। ভৱন
আদিৰ কথা নাই। ভৱন দি যদি বন্ধনৰ সৃষ্টি কৰে তেন্তে ল’ব নালাগে। যিসকলে সেৱা কৰিব
নাজানে তেওঁলোকতো আমাৰ কামৰ নহয়। শিক্ষকে নিজৰ সমানকৈ গঢ়ি তুলিব। যদি এনেকুৱা নহয়
তেন্তে তেওঁ কি কামৰ। সহায়কাৰীৰ বহুত প্ৰয়োজন হয় নহয়। ইয়াৰ ভিতৰতো কন্যাসকল,
মাতাসকলৰ বেছিকৈ প্ৰয়োজন হয়। সন্তানসকলে বুজি পায় - পিতা শিক্ষক হয়, সন্তানসকলো
শিক্ষক হ'ব লাগে। এনেকুৱা নহয় যে শিক্ষকে আৰু কোনো কাম কৰিব নোৱাৰে। সকলোবোৰ কাম
কৰিব লাগে। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1)
দিনে-ৰাতিয়ে সেৱাৰ চিন্তনত থাকিব লাগে অন্য সকলো আসক্তি ছিঙি দিব লাগে। সেৱা অবিহনে
আৰাম নাই, সেৱা কৰি নিজৰ সমান কৰি গঢ়ি তুলিব লাগে।
(2) পিতাৰ সমান উদাৰ
অন্তৰৰ হ'ব লাগে। সকলোৰে নাড়ীৰ স্পন্দন চাই সেৱা কৰিব লাগে। নিজৰ তন-মন-ধন ভাৰতৰ
কল্যাণত লগাব লাগে। অচল-অটল হ'বৰ কাৰণে আজ্ঞাকাৰী বিশ্বাসী হ’ব লাগে।
বৰদান:
‘কিয়’, ‘কি’ ৰ
প্ৰশ্নৰ জালৰ পৰা সদায় মুক্ত হৈ থাকোঁতা বিশ্ব সেৱাধাৰী চক্ৰৱৰ্তী হোৱা
যেতিয়া স্বদৰ্শন চক্ৰ
সঠিক দিশত ঘূৰাৰ সলনি ভুল দিশে ঘূৰে তেতিয়া মায়াজিৎ হোৱাৰ পৰিৱৰ্তে পৰ দৰ্শনৰ
খেলিমেলিৰ চক্ৰত আহি যোৱা যাৰ পৰা ‘কিয়’ আৰু ‘কি’ প্ৰশ্নৰ জাল সৃষ্টি হৈ যায় যিটো
নিজেই ৰচনা কৰা আকৌ নিজেই আৱদ্ধ হৈ যোৱা সেই কাৰণে জ্ঞানৱান হৈ স্বদৰ্শন চক্ৰ ঘূৰাই
থাকা তেতিয়া ‘কিয়’ ‘কি’ ৰ প্ৰশ্নৰ জালৰ পৰা মুক্ত হৈ যোগযুক্ত, জীৱনমুক্ত, চক্ৰৱৰ্তী
হৈ পিতাৰ লগত বিশ্ব কল্যাণৰ সেৱাত পৰিক্ৰমা লগাই থাকিবা। বিশ্ব সেৱাধাৰী চক্ৰৱৰ্তী
ৰজা হৈ যাবা।
স্লোগান:
সৰল বুদ্ধিৰে পৰিকল্পনা বাস্তৱায়িত কৰিলে সফলতা সমাহিত হৈ আছে।
অব্যক্ত সংকেত: এতিয়া
সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা
যেতিয়া কৰ্মাতীত
স্থিতিৰ সমীপত উপনীত হ’বা তেতিয়া কোনো আত্মাৰ প্ৰতি বুদ্ধিৰ অধীনতা নাথাকিব আৰু
কৰ্ম বন্ধনৰো সৃষ্টি নকৰিব। কৰ্মাতীত অৰ্থাৎ সকলো কৰ্ম বন্ধনৰ পৰা মুক্ত, উৰ্দ্ধত
থাকি, প্ৰকৃতিৰ দ্বাৰা নিমিত্ত-মাত্ৰ কৰ্ম কৰা। কৰ্মাতীত অৱস্থাৰ অনুভৱ কৰিবৰ বাবে
অনাসক্ত হোৱাৰ পুৰুষাৰ্থ বাৰে বাৰে কৰিবলগীয়া নহয়, আৰু সহজে স্বতঃ অনুভৱ কৰা যে
কৰাওঁতা আৰু কৰোঁতা এই কৰ্মেন্দ্ৰিয় হয়েই পৃথক।