25.05.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
নিজে নিজক সোধা যে মই কৰ্মেন্দ্ৰিয়জিৎ হৈছোঁনে, কোনোবাটো কৰ্মেন্দ্ৰিয়ই মোক
প্ৰবঞ্চনাতো নকৰে”
প্ৰশ্ন:
কৰ্মাতীত হ'বৰ
কাৰণে তোমালোক সন্তানসকলে নিজে নিজৰ সৈতে কোনটো প্ৰতিজ্ঞা কৰিব লাগে?
উত্তৰ:
নিজৰ সৈতে প্ৰতিজ্ঞা কৰা যে কোনো কৰ্মেন্দ্ৰিয় কেতিয়াও চঞ্চল হ'ব নোৱাৰে। মই মোৰ
কৰ্মেন্দ্ৰিয়সমূহক বশীভূত কৰিব লাগে। বাবাই যি নিৰ্দেশনা দিছে, সেয়া কাৰ্যত ৰূপায়িত
কৰিবই লাগিব। বাবাই কয় - মৰমৰ সন্তানসকল, কৰ্মাতীত হ'ব লাগে গতিকে কোনো
কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা বিকৰ্ম নকৰিবা। মায়া বহুত বলৱান। চকুযুৰি হৈছে প্ৰবঞ্চক
সেইকাৰণে নিজৰ তত্ত্বাৱধান লোৱা।
ওঁম্শান্তি।
সন্তানসকল
আত্মা-অভিমানী হৈ বহি আছানে? নিজে নিজক সোধা, প্ৰতিটো কথা নিজে নিজক সুধিবলগীয়া হয়।
পিতাই যুক্তি শুনায় যে নিজক সোধা আত্মা-অভিমানী হৈ বহি আছানে? পিতাক স্মৰণ কৰানে?
কিয়নো এয়া হৈছে তোমালোকৰ আত্মিক সেনা। সেই সেনাবাহিনীততো সদায় যুৱকহে ভৰ্তি হয়। এই
সেনাবাহিনীত 14-15 বছৰীয়াও আছে, 90 বছৰীয়া বৃদ্ধও আছে আৰু সৰু ল’ৰা-ছোৱালীও আছে। এই
সেনা হৈছে মায়াৰ ওপৰত বিজয়ী হ’বলৈ। প্ৰত্যেকে মায়াৰ ওপৰত বিজয়ী হৈ পিতাৰ পৰা বেহদৰ
উত্তৰাধিকাৰ ল'ব লাগে কিয়নো মায়া বহুত বলৱান। সন্তানসকলে নিজেও জানে যে মায়া বহুত
বলৱান। প্ৰতিটো কৰ্মেন্দ্ৰিয়ই বহুত প্ৰবঞ্চনা কৰে। সকলোতকৈ প্ৰথমে অধিক প্ৰবঞ্চনা
কৰা কৰ্মেন্দ্ৰিয় কোনটো? চকুযুৰিয়েই সকলোতকৈ বেছি প্ৰবঞ্চনা কৰে। নিজৰ স্ত্ৰী থকা
সত্ত্বেও অন্য কোনোবা সুন্দৰীক দেখিলে তেতিয়া তৎক্ষণাৎ তেওঁ আকৰ্ষিত কৰিব। চকুযুৰিয়ে
বহুত প্ৰবঞ্চনা কৰে। অন্তৰে বিচাৰে তেওঁক স্পৰ্শ কৰোঁ। সন্তানসকলক বুজোৱা হয় - সদায়
বুদ্ধিৰে এনেকৈ বুজিবা যে আমি ব্ৰহ্মাকুমাৰ-কুমাৰীসকল ভাই-ভনী হওঁ, এই ক্ষেত্ৰত
মায়াই বহুত গুপ্তভাৱে প্ৰবঞ্চনা কৰে সেইকাৰণে এইটো খতিয়ানতো লিখিব লাগে যে আজি
গোটেই দিনটোত কোনটো কোনটো কৰ্মেন্দ্ৰিয়ই মোক প্ৰবঞ্চনা কৰিলে? সকলোতকৈ ঘোৰ শত্ৰু
হৈছে এই চকুযুৰি। গতিকে এইটো লিখিব লাগে – অমুকক দেখিলোঁ, মোৰ দৃষ্টি গ’ল। সুৰদাসৰো
দৃষ্টান্ত আছে নহয়। নিজৰ চকুযুৰি উলিয়াই দিলে। নিজক পৰীক্ষা কৰিলে দেখিবা চকুযুৰিয়ে
অধিক প্ৰবঞ্চনা কৰে। নিজৰ স্ত্ৰীকো এৰি আন কোনোবাক সুন্দৰীক দেখিলে তেওঁৰ প্ৰতি
মোহাৱিষ্ট হৈ যায়। কোনোবা যদি গীত গোৱাত নিপুণ হয়, সাজ-সজ্জ্বাত সুন্দৰ হয় তেন্তে
চকু তৎক্ষণাৎ চঞ্চল হৈ যাব সেইকাৰণে বাবাই কয় এই চকুযুৰিয়ে বহুত প্ৰবঞ্চনা কৰে।
যদিওবা সেৱাও কৰে কিন্তু চকুযুৰিয়ে বহুত প্ৰবঞ্চনা কৰে। এই শত্ৰুৰ প্ৰতি পূৰা
সাৱধান হ’ব লাগে। নহ’লে বুজিবা আমি নিজৰ পদ ভ্ৰষ্ট কৰি দিম। যিসকল বিচাৰ বুদ্ধি
সম্পন্ন সন্তান আছে তেওঁলোকে নিজৰ দিনলিপিত টুকি ৰাখিব লাগে – অমুকক দেখি মোৰ দৃষ্টি
গ’ল তেতিয়া নিজে নিজক শাস্তি দিয়া। ভক্তিমাৰ্গতো পূজা কৰাৰ সময়ত বুদ্ধি অন্যফালে
গ’লে তেতিয়া নিজক চিকুটি দিয়ে। গতিকে যেতিয়া এনেকৈ কোনো স্ত্ৰী আদি সন্মুখলৈ আহে
তেতিয়া কাষৰীয়া হৈ যাব লাগে। থিয় হৈ চাই থাকিব নালাগে। চকুযুৰি বহুত প্ৰবঞ্চনা
কৰোঁতা হয় সেইকাৰণে সন্ন্যাসীসকলে চকু মুদি বহে। স্ত্ৰীসকলক পিছৰফালে, পুৰুষসকলক
আগৰফালে বহুৱায়। বহুত এনেকুৱাও আছে যিয়ে স্ত্ৰীক একেবাৰে নাচায়। তোমালোক
সন্তানসকলেতো বহুত পৰিশ্ৰম কৰিব লাগে। বিশ্বৰ ৰাজ্য-ভাগ্য লোৱাতো জানো কিবা সাধাৰণ
কথা। তেওঁলোকেতো খুব বেছি 10, 12, 20 হাজাৰ, এক-দুই লাখ-কোটি একত্ৰিত কৰিব আৰু নাশ
হৈ যাব। তোমালোক সন্তানসকলেতো অবিনাশী উত্তৰাধিকাৰ পোৱা। সকলো প্ৰাপ্তি হৈ যায়।
এনেকুৱা কোনো বস্তু নাথাকে যাক পাবলৈ মগজ খটুৱাবলগীয়া হয়। কলিযুগৰ অন্ত আৰু
সত্যযুগৰ আদিৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। ইয়াততো একোৱেই নাই।
এতিয়া তোমালোকৰ এয়া
হৈছে পুৰুষোত্তম সংগমযুগ। ‘পুৰুষোত্তম’ শব্দটি নিশ্চয় লিখিব লাগে। মনুষ্যৰ পৰা দেৱতা
কৰি গঢ়ি তুলিবলৈ ঈশ্বৰৰ সময় নালাগে…. তোমালোক এতিয়া ব্ৰাহ্মণ হৈছা। মনুষ্যতো একেবাৰে
ঘোৰ অন্ধকাৰত আছে। বহুত আছে যিয়ে স্বৰ্গক চাব নোৱাৰে। পিতাই কয় – সন্তানসকল,
তোমালোকৰ ধৰ্ম বহুত সুখ দিওঁতা হয়। মনুষ্যই জানো কিবা গম পায়। ভাৰতবাসীয়েও পাহৰি
গৈছে যে স্বৰ্গ কি বস্তু? খ্ৰীষ্টিয়ানলোকসকলেও নিজে কয় স্বৰ্গ আছিল। এই
লক্ষ্মী-নাৰায়ণক ভগৱান-ভগৱতী বুলি কয় নহয়। তেন্তে নিশ্চয় ভগৱানেহে এনেকৈ গঢ়ি তুলিব।
গতিকে পিতাই বুজায়- পৰিশ্ৰম বহুত কৰিব লাগে। নিতৌ নিজৰ খতিয়ান চোৱা। কোনটো
কৰ্মেন্দ্ৰিয়ই মোক প্ৰবঞ্চনা কৰিলে? মুখেও বহুত প্ৰবঞ্চনা কৰে। আগতে আদালত বহিছিল।
সকলোৱে নিজৰ ভুল জনাইছিল। মই অমুক বস্তুতো লুকুৱাই খালোঁ। ভাল ভাল ঘৰৰ কন্যাসকলে কৈ
দিছিল, এনেকৈ এনেকৈ মায়াই প্ৰহাৰ কৰে। লুকুৱাই খোৱাটোও চুৰ কৰা হয়। তাতে আকৌ
শিৱবাবাৰ যজ্ঞত চুৰ কৰা – এইটোতো বহুত বেয়া। খেৰকুটা চুৰ কৰাজনো চোৰ আৰু লাখ টকা
চুৰ কৰাজনো চোৰ। মায়াই একদম নাকত ধৰে। এইটো অভ্যাস বহুত বেয়া। যদি বেয়া অভ্যাস থাকে
তেন্তে আমি কি হ’মগৈ! স্বৰ্গলৈ যোৱাতো কোনো ডাঙৰ কথা নহয়। কিন্তু তাত আকৌ
পদমৰ্যাদাওতো আছে নহয়। ক'ত ৰজা আৰু ক'ত প্ৰজা। কিমান পাৰ্থক্য আছে। গতিকে
কৰ্মেন্দ্ৰিয়সমূহো বহুত প্ৰবঞ্চনা কৰোঁতা হয়। সেইবোৰৰ তত্ত্বাৱধান ল’ব লাগে, উচ্চ
পদ পাবলৈ হ’লে পিতাৰ নিৰ্দেশনা অনুসৰি পূৰা চলিব লাগে। পিতাই নিৰ্দেশনা দিব আকৌ
মায়াই মাজত আহি বিঘিনি আনিব। পিতাই কয় - নাপাহৰিবা, নহ’লে অন্তিমত বহুত অনুতাপ কৰিবা।
অনুত্তীৰ্ণ হোৱাৰ আকৌ সাক্ষাৎকাৰো হ’ব। এতিয়া তোমালোকে কোৱা যে আমি নৰৰ পৰা নাৰায়ণ
হ'ম। কিন্তু নিজক সোধা, নিজৰ খতিয়ান উলিওৱা। বহুত আছে, যিয়ে কাচিৎহে বুজি কাৰ্যত
ৰূপায়িত কৰে। কিন্তু বাবাই কয় - ইয়াৰ দ্বাৰা তোমালোকৰ বহুত উন্নতি হ'ব। গোটেই দিনৰ
খতিয়ান উলিয়াব লাগে। এই চকুযুৰিয়ে বহুত প্ৰবঞ্চনা কৰে। কাৰোবাক দেখিলে খেয়াল আহিব,
এওঁতো বহুত ভাল তাৰপাছত কথা পাতিব। অন্তৰে বিচাৰিব - এওঁক কিবা উপহাৰ দিওঁ, এয়া
খুৱাও, সেয়াই চিন্তন চলি থাকিব। সন্তানসকলে বুজি পায় এই ক্ষেত্ৰত বহুত পৰিশ্ৰম
কৰিবলগীয়া হয়। কৰ্মেন্দ্ৰিয়সমূহে বহুত প্ৰবঞ্চনা কৰে। ৰাৱণৰাজ্য হয় নহয়। পিতাই কয় -
তাত চিন্তাৰ কোনো কথা নাথাকে কিয়নো ৰাৱণৰাজ্যই নাই। চিন্তাৰ কথাই নাই। তাতো যদি
চিন্তা থাকে তেনেহ’লেতো নৰক আৰু স্বৰ্গৰ মাজত পাৰ্থক্যই কি থাকিব? তোমালোক
সন্তানসকলে বহুত উচ্চ পদ পাবলৈ ভগৱানৰ দ্বাৰা পঢ়া। পিতাই বুজায় - মায়াই নিন্দা কৰায়।
তোমালোকে অপকাৰ কৰিলা, মই উপকাৰ কৰোঁ। সন্তানসকল, তোমালোকে যদি কু-দৃষ্টি ৰাখা
তেন্তে নিজৰে লোকচান কৰিবা। বহুত উচ্চ লক্ষ্য সেইবাবে পিতাই কয় – নিজৰ খতিয়ান চোৱা।
একো বিকৰ্মতো কৰা নাই? কাৰোবাক প্ৰবঞ্চনাতো কৰা নাই? এতিয়া বিকৰ্মাজিৎ হ’ব লাগে।
বিকৰ্মাজিৎ চনৰ বিষয়ে তোমালোক সন্তানসকলৰ বাহিৰে কোনেও নাজানে। পিতাই বুজাইছে –
বিকৰ্মাজিতৰ 5 হাজাৰ বছৰ হ'ল, পুনৰ বিকৰ্ম কৰিলে বাম (বিকাৰী) মাৰ্গত যায়। কৰ্ম,
অকৰ্ম, বিকৰ্মৰ শব্দকেইটিতো আছে নহয়। মায়াৰ ৰাজ্যত মনুষ্যই যিয়েই কৰ্ম কৰে বিকৰ্মহে
হয়। সত্যযুগত বিকাৰ নাথাকে। গতিকে বিকৰ্মও একো নহয়। এয়াও তোমালোকে জানা - কিয়নো
তোমালোকে জ্ঞানৰ তৃতীয় নেত্র পাইছা। তোমালোক ত্ৰিনেত্রী হৈছা, গতিকে ত্রিকালদর্শী,
ত্ৰিনেত্রী কৰি তোলোঁতাজন হৈছে পিতা। তোমালোক আস্তিক হৈছা সেইবাবে ত্ৰিকালদৰ্শী হৈছা।
গোটেই ড্ৰামাৰ ৰহস্য বুদ্ধিত আছে। মুললোক, সূক্ষ্মলোক, স্থূললোক, 84ৰ চক্ৰ আকৌ অন্য
ধৰ্মবোৰ বৃদ্ধি হৈ গৈ থাকে। তেওঁলোকে কোনো সৎগতি কৰিব নোৱাৰে। তেওঁলোকক গুৰু বুলিও
ক’ব নোৱাৰি। সকলোৰে সৎগতি কৰোঁতা এজনেই পিতা। এতিয়া সকলোৰে সৎগতি হ’ব। তেওঁলোকক
ধৰ্ম প্ৰতিষ্ঠাপক বুলি কোৱা হয়, গুৰু নহয়। ধৰ্ম প্ৰতিষ্ঠাপকে ধৰ্ম প্ৰতিষ্ঠা কৰাৰ
নিমিত্ত হয়। বাকী সৎগতি জানো কৰে। তেওঁলোকক স্মৰণ কৰিলে কোনো সৎগতি হ’ব নোৱাৰে।
বিকৰ্ম বিনাশ হ’ব নোৱাৰে। সেই সকলোবোৰ হ'ল ভক্তি। গতিকে পিতাই বুজায় মায়া বহুত
বলৱান, মায়াৰ লগতেই যুদ্ধ হয়। তোমালোক হৈছা শিৱ শক্তি পাণ্ডৱ সেনা। তোমালোক সকলো
হৈছা পাণ্ডা। শান্তিধাম, সুখধামৰ ৰাস্তা দেখুওৱা। মাৰ্গ-দৰ্শক তোমালোক হোৱা। কোৱা
যে – পিতাক স্মৰণ কৰক তেতিয়া বিকৰ্ম বিনাশ হ’ব আকৌ আনফালে যদি কোনো পাপ কৰ্ম কৰা
তেন্তে এশগুণ পাপ লাগি যাব। যিমান সম্ভৱ কোনো বিকৰ্ম কৰিব নালাগে। কৰ্মেন্দ্ৰিয়সমূহে
বহুত প্ৰবঞ্চনা কৰে। পিতাই প্ৰত্যেকৰে চলনৰ পৰা বুজি পাই যায়। সন্তানসকলৰ মায়াৰ
ধুমুহা আহে। স্ত্ৰী-পুৰুষ বুলি ভাবিলেহে ধুমুহা আহে। গতিকে এই চকুযুৰিৰ ওপৰত কিমান
অধিকাৰ ৰাখিব লাগে। আমিতো শিৱবাবাৰ সন্তান। পিতাৰ সৈতে প্ৰতিজ্ঞা কৰি ৰাখীও বান্ধে
তথাপিও মায়াই প্ৰবঞ্চনা কৰি দিয়ে, তেতিয়া মুক্ত হ’ব নোৱাৰে। কৰ্মেন্দ্ৰিয় যেতিয়া
বশীভূত হ’ব তেতিয়াহে কৰ্মাতীত অৱস্থা হ’ব পাৰে। ক’বলৈতো সহজ যে আমি লক্ষ্মী-নাৰায়ণ
হ’ম কিন্তু বোধশক্তিও লাগে নহয়। পিতাই কয় - নিৰ্দেশনাবোৰ কাৰ্যত ৰূপায়িত কৰা। ‘বাবা
বাবা’ কৰি থাকা। বাবাৰ পৰা মই পূৰা উত্তৰাধিকাৰ ল’ম। এনেকুৱা শিক্ষক কেতিয়াও ক’তো
নোপোৱা। এই সকলোবোৰ কথা দেৱতাসকলেও নাজানে গতিকে পাছৰ ধৰ্মাৱলম্বীসকলে কেনেকৈ জানিব
পাৰিব। বাবাই কয় যদি মই কিবা কওঁ তেতিয়াও বুজিবা যে এয়া শিৱবাবাই কয়। এনেকৈ নুবুজিবা
এই দাদাই কয়। এয়াতো মোৰ ৰথ, এওঁ কি কৰে, তোমালোক সন্তানসকলক বাদশ্বাহী মই দিওঁ। এই
ৰথে জানো দিয়ে। এওঁতো একেবাৰে ভিকহু। এৱোঁ পিতাৰ পৰা উত্তৰাধিকাৰ লয়, যেনেকৈ
তোমালোকে পুৰুষাৰ্থ কৰা ঠিক তেনেকৈ এৱোঁ কৰে। এওঁ বিদ্যাৰ্থী জীৱনত আছে। এই ৰথ লোণত
লোৱা হৈছে, তমোপ্ৰধান হয়। তোমালোকে পূজ্য দেৱতা হ’বলৈ, মনুষ্যৰ পৰা দেৱতা হ’বলৈ পঢ়া।
কাৰোবাৰ ভাগ্যত যদি নাই তেতিয়া কয় - মোৰতো সংশয় আছে, শিৱবাবাই কেনেকৈ আহি পঢ়ায়। মইতো
বুজি নাপাওঁ। পিতাৰ স্মৃতি অবিহনে বিকৰ্ম বিনাশ হ’ব নোৱাৰে। পূৰা শাস্তি ভোগ কৰিব
লাগিব। এয়া বাদশ্বাহী স্থাপন হৈ আছে। ৰজাসকলৰ কিমান দাসী থাকে। বাবাতো (ব্ৰহ্মা বাবা)
ৰজাসকলৰ সান্নিধ্যত আহিছে। যৌতুকত দাসী দিয়ে। ইয়াতেই ইমান দাসী আছে তেন্তে সত্যযুগত
কিমান থাকিব। এয়াও ৰাজধানী স্থাপন হৈ আছে। পিতাই জানে - কি কি কৰি আছে। প্ৰত্যেকৰে
খতিয়ান চাই পিতাই ক’ব পাৰে। এই সময়ত মৰি গ’লে কি হ’বগৈ! কৰ্মাতীত অৱস্থা অন্তিমত
সকলোৱে ক্ৰমানুসৰি পায়। গতিকে এয়া উপাৰ্জন হয়। উপাৰ্জনত মনুষ্য কিমান ব্যস্ত হৈ থাকে।
খাদ্য খাই থাকিব, টেলিফোন কাণত থাকিব। এনেকুৱা ব্যক্তিয়েতো জ্ঞান ল'ব নোৱাৰে। ইয়ালৈ
গৰিব সাধাৰণসকলহে আহে। চহকী লোকেতো ক’ব, আজৰি ক'ত। হেৰ', কেৱল পিতাক স্মৰণ কৰা
তেতিয়া বিকৰ্ম বিনাশ হৈ যাব। সেয়েহে বাবাই অতি মৰমৰ সন্তানসকলক বাৰে বাৰে বুজায়।
প্ৰত্যেককে এইটো বাৰ্তা দিব লাগে যাতে কোনেও এনেকৈ নকয় যে আমি কি জানো যে শিৱবাবাৰ
আগমন হৈছে। বচ্ গোটেই দিন ‘বাবা বাবা’ বুলিয়ে কৈ থাকা। বহুত কন্যাই ভালদৰে স্মৰণ
কৰে। শিৱবাবা বুলি কওঁতেই বহুত কন্যাৰ প্ৰেমৰ অশ্ৰু নিগৰি যায়। কেতিয়া গৈ লগ পাম!
দেখা নাই তথাপিও ব্যাকুল হৈ থাকে আৰু দেখাসকলে মানি নলয়। সেইসকলে দূৰৈত থাকিও
চকুপানী টুকি থাকে। আচৰিত নহয় জানো। ব্ৰহ্মাৰো বহুতৰে সাক্ষাৎকাৰ হয়। আগলৈ গৈ বহুতৰে
সাক্ষাৎকাৰ হ'ব। মৃত্যুৰ সময়ত মনুষ্যক সকলোৱে আহি ভগৱানক স্মৰণ কৰিবলৈ কয়।
তোমালোকেও শিৱবাবাক স্মৰণ কৰা। পিতাই কয় – সন্তানসকল, পুৰুষাৰ্থৰ ঘাটি পূৰাই যোৱা।
সুযোগ পালে ঘাটি পূৰা কৰা। উপাৰ্জন কিমান শ্ৰেষ্ঠ। কিছুমানতো এনেকুৱা আছে যিসকলক
যিমানেই নুবুজোৱা তথাপিও বুদ্ধিত ধাৰণ নহয়। পিতাই কয় - এনেকুৱা হ'ব নালাগে। নিজৰ
কল্যাণ কৰা। পিতাৰ শ্ৰীমতত চলা। তোমালোকক পিতাই পুৰুষৰ ভিতৰত উত্তম কৰি তোলে। এয়া
হৈছে লক্ষ্য-উদ্দেশ্য। পিতাই সেৱাৰ বাবে কিমান যুক্তি শুনাই থাকে। বাৰ্তাতো সকলোকে
দিব লাগে। যাতে বুজি পায় যে এওঁলোকেতো যথাযথ সত্য কথা কয়। এই যুদ্ধৰ দ্বাৰাই বিশেষকৈ
ভাৰতত, সাধাৰণভাৱে গোটেই বিশ্বত সুখ-শান্তি হয়। এনেধৰণৰ প্ৰচাৰ-পত্ৰিকা সকলো ভাষাতে
ছপাব লাগে। ভাৰত কিমান বিশাল। প্ৰত্যেকেই জানিব লাগে - যাতে কোনেও এনেকৈ নকয় যে আমি
গমেই নাপালোঁ। তোমালোকে ক'বা - হেৰ' উৰাজাহাজৰ পৰা প্ৰচাৰ-পত্ৰিকা বিতৰণ কৰা হ'ল,
বাতৰিকাকতত ছপোৱা হ'ল, আপোনালোক জাগি নুঠিল। এয়াও দেখুওৱা হৈছে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ
যিবোৰ বেয়া অভ্যাস আছে – সেইবোৰ পৰীক্ষা কৰি দূৰ কৰিবলৈ যত্ন কৰিব লাগে। নিজৰ সঁচা
খতিয়ান ৰাখিব লাগে। পিতাৰ নিৰ্দেশনা অনুসৰি চলিব লাগে।
(2) এনেকুৱা কোনো
কৰ্ম কৰিব নালাগে, যাৰ দ্বাৰা পিতাৰ নাম বদনাম হয়। নিজৰ উন্নতিৰ খেয়াল ৰাখিব লাগে।
অলপো কু-দৃষ্টি ৰাখিব নালাগে।
বৰদান:
স্থূল বা
সূক্ষ্মত সকলো আজ্ঞা পালন কৰোঁতা সম্পূৰ্ণ আজ্ঞাকাৰী হোৱা
স্থূল আজ্ঞা পালন
কৰাৰ শক্তি সেইসকল সন্তানৰ থাকিব পাৰে যিসকলে সূক্ষ্ম আজ্ঞা পালন কৰে। সূক্ষ্ম আৰু
মুখ্য আজ্ঞা হ’ল নিৰন্তৰ স্মৃতিত থকা আৰু মন-বচন-কৰ্মৰে পৱিত্ৰ হোৱা। সংকল্পতো যাতে
অপৱিত্ৰতা বা অশুদ্ধি নাথাকে। যদি সংকল্পতো পুৰণা অশুদ্ধ সংস্কাৰে স্পৰ্শ কৰে তেতিয়া
সম্পূৰ্ণ বৈষ্ণৱ বা সম্পূৰ্ণ পৱিত্ৰ বুলি কোৱা নহ’ব সেইকাৰণে কোনো এটা সংকল্পও যাতে
আজ্ঞাৰ বহিৰত উদয় নহয় তেতিয়া সম্পূৰ্ণ আজ্ঞাকাৰী বুলি কোৱা হ’ব।
স্লোগান:
পিতাক জানি অন্তৰেৰে ‘বাবা’ বুলি কোৱা এইটো সকলোতকৈ শ্ৰেষ্ঠ বিশেষত্ব।
অব্যক্ত ইংগিত: সদায়
অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা
একৰস স্থিতি গঢ়িবলৈ
কৰ্মযোগী হোৱা। কৰ্মযোগীৰ আগত কোনোবা যেনেকুৱাই নাহক কিয়, তেওঁ সদায় অনাসক্ত আৰু
স্নেহী হৈ থাকিব। জ্ঞানৰ দ্বাৰা জানিব যে এওঁৰ এইটো ভূমিকা চলি আছে। তেওঁ ভালক ভাল
বুলি বুজি সাক্ষী হৈ চাব আৰু বেয়াক দয়াৰ দৃষ্টিৰে পৰিৱৰ্তন কৰাৰ শুভ ভাৱনাৰে সাক্ষী
হৈ চাব, এয়াই একৰস স্থিতি গঢ়ি তোলাৰ সাধন।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]