25.07.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সদায় এটাই চিন্তাত থাকা যে আমি ভালদৰে পঢ়ি নিজক ৰাজতিলক দিব লাগে, পঢ়াৰ দ্বাৰাই
বাদশ্বাহী পোৱা যায়”
প্ৰশ্ন:
সন্তানসকলে
কোনটো উল্লাসত থাকিব লাগে? নিৰাশ কিয় হ'ব নালাগে?
উত্তৰ:
সদায় এইটোৱে উল্লাসত থাকিব লাগে যে আমি লক্ষ্মী-নাৰায়ণৰ দৰে হ'ব লাগে, ইয়াৰ বাবে
পুৰুষাৰ্থ কৰিব লাগে। নিৰাশ কেতিয়াও হ'ব নালাগে কিয়নো এই পঢ়া বহুত সহজ, ঘৰত
থাকিও পঢ়িব পাৰা, ইয়াৰ কোনো মাচুল নাই, কিন্তু সাহস নিশ্চয় লাগে।
গীত:
তুম্হী হো মাতা,
পিতা তুম্হী হো….. (তুমিয়ে মাতা, পিতা, তুমিয়ে ....)
ওঁম্শান্তি।
সন্তানসকলে
নিজৰ পিতাৰ মহিমা শুনিলে। মহিমা এজনৰে হয় অন্য কাৰো মহিমা গাব নোৱাৰি। যিহেতু
ব্ৰহ্মা-বিষ্ণু-শংকৰৰো কোনো মহিমা নাই। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰায়, শংকৰৰ দ্বাৰা
বিনাশ কৰায়, বিষ্ণুৰ দ্বাৰা প্ৰতিপালন কৰায়। লক্ষ্মী-নাৰায়ণক এনেকুৱা যোগ্যও
শিৱবাবাইহে কৰি তোলে, তেওঁৰেই মহিমা আছে তেওঁৰ বাহিৰে আৰু কাৰ মহিমা গোৱা হ’ব।
এওঁলোকক (লক্ষ্মী-নাৰায়ণক) এনেকৈ গঢ়ি তোলোঁতা শিক্ষক নাথাকিলে তেতিয়া এওঁলোকো
এনেকুৱা নহ'লহেতেন। তাৰ পাছত মহিমা আছে সূৰ্যবংশী ৰাজপৰিয়ালৰ যিসকলে ৰাজত্ব কৰে।
পিতা সংগমত নাহিলেতো এওঁলোকে ৰাজ্য-ভাগ্যও পাব নোৱাৰে। আৰুতো কাৰো মহিমা নাই। বিদেশী
আদি কাৰো মহিমা কৰাৰ দৰকাৰ নাই। মহিমা হয়েই কেৱল এজনৰ, দ্বিতীয় কোনো নাই। উচ্চতকৈও
উচ্চ শিববাবাই হয়। তেওঁৰ পৰাই উচ্চ পদ পোৱা যায় গতিকে তেওঁক ভালদৰে স্মৰণ কৰিব
লাগে নহয়। নিজক ৰজা কৰি তুলিবলৈ নিজেই পঢ়িব লাগে। যেনেকৈ বেৰিষ্টাৰী পঢ়িলে নিজক
পঢ়াৰ দ্বাৰা বেৰিষ্টাৰ কৰি তোলে নহয়। তোমালোক সন্তানসকলে জানা শিববাবাই আমাক
পঢ়ায়। যিসকলে ভালদৰে পঢ়িব, তেওঁলোকেই উচ্চ পদ পাব। নপঢ়াসকলে পদ পাব নোৱাৰে।
পঢ়াৰ কাৰণে শ্ৰীমত পোৱা যায়। মূল কথা হ'ল পৱিত্ৰ হোৱাৰ, যাৰ কাৰণে এই পঢ়া।
তোমালোকে জানা এই সময়ত সকলো তমোপ্ৰধান পতিত। ভাল বা বেয়া মনুষ্যতো থাকেই। পৱিত্ৰ
হৈ থকাসকলক ভাল বুলি কোৱা হয়। ভালদৰে পঢ়ি গণ্যমান্য ব্যক্তি হ'লে মহিমা হয় কিন্তু
সকলোৱেতো পতিত। পতিতই পতিতৰ মহিমা কৰে। সত্যযুগত হৈছে পাৱন। তাত কোনেও কাৰো মহিমা
নকৰে। ইয়াত পৱিত্ৰ সন্ন্যাসীও আছে, অপৱিত্র গৃহস্থীও আছে, গতিকে পৱিত্ৰসকলৰ মহিমা
গোৱা হয়। তাততো যেনেকুৱা ৰজা ৰাণী তেনেকুৱাই প্ৰজা। অন্য কোনো ধৰ্ম নাই যাৰ কাৰণে
পৱিত্ৰ, অপৱিত্র বুলি ক'ব। ইয়াততো কোনো কোনোৱে গৃহস্থীসকলৰো মহিমা গাই থাকে।
তেওঁলোকৰ কাৰণে যেন তেৱেঁই (যিসকলে গৃহস্থীৰ মহিমা গায়) খোদা, আল্লা। কিন্তু
আল্লাকতো পতিত-পাৱন, মুক্তিদাতা, মাৰ্গ-দৰ্শক বুলি কোৱা হয়। তেওঁলোক (যিসকলে
গৃহস্থীৰ মহিমা গায়) আকৌ এই সকলোবোৰ কেনেকৈ হ'ব পাৰে! জগতত কিমান ঘোৰ অন্ধকাৰ। এতিয়া
তোমালোক সন্তানসকলে বুজি পোৱা গতিকে সন্তানসকলৰ এইটো চিন্তা থাকিব লাগে - আমি পঢ়ি
নিজকে ৰজা কৰি তুলিব লাগে। যিসকলে ভালদৰে পুৰুষাৰ্থ কৰিব তেওঁলোকেই ৰাজতিলক পাব।
সন্তানসকল উল্লাসিত হৈ থাকিব লাগে – আমিও যাতে এই লক্ষ্মী-নাৰায়ণৰ দৰে হওঁ। এই
ক্ষেত্ৰত বিবুদ্ধিত পৰাৰ কথা নাই। পুৰুষাৰ্থ কৰিব লাগে। নিৰাশ হ'ব নালাগে। এই পঢ়া
এনেকুৱা যে পালেঙত শুই থাকিও পঢ়িব পাৰা। বিলাতত থাকিও পঢ়িব পাৰা। ঘৰত থাকিও পঢ়িব
পাৰা। ইমান সহজ পঢ়া। পৰিশ্ৰম কৰি নিজৰ পাপ নাশ কৰিব লাগে আৰু আনকো বুজাব লাগে।
অন্য ধৰ্মাৱলম্বীসকলকো তোমালোকে বুজাব পাৰা। যিকোনো লোককে এইটো ক’ব লাগে - আপুনি
আত্মা। আত্মাৰ স্বধৰ্ম একেই, ইয়াত কোনো পাৰ্থক্য থাকিব নোৱাৰে। শৰীৰ অনুসৰিহে অনেক
ধৰ্ম হয়। আত্মাতো একেই। সকলো এজন পিতাৰেই সন্তান। আত্মাসকলক পিতাই তুলি লৈছে সেইবাবে
ব্ৰহ্মা মুখ বংশাৱলী বুলি গায়ন কৰা হয়।
যিকোনো লোককে বুজাব
পাৰা যে আত্মাৰ পিতা কোন? তোমালোকে যি প্ৰ-পত্ৰ পূৰোৱা তাত গভীৰ অৰ্থ আছে। পিতাতো
নিশ্চয় আছে নহয়, যাক স্মৰণো কৰে, আত্মাই নিজৰ পিতাক স্মৰণ কৰে। আজিকালিতো ভাৰতত
যাকে-তাকে ‘ফাদাৰ’ বুলি কৈ দিয়ে। মেয়ৰকো ‘ফাদাৰ’ বুলি কয়। কিন্তু আত্মাৰ পিতা কোন
তেওঁক নাজানে। গায়নো কৰে - তুমি মাতা পিতা…. কিন্তু তেওঁ কোন, কেনেকুৱা, একোৱেই গম
নাপায়। ভাৰততেই তোমালোকে মাতা-পিতা বুলি মাতা। পিতাহে ইয়ালৈ আহি মুখ বংশাৱলী ৰচে।
ভাৰতকে মাতৃ দেশ বুলি কোৱা হয় কিয়নো ইয়াতেই শিৱবাবাই মাতা-পিতাৰ ৰূপত ভূমিকা পালন
কৰে। ইয়াতেই ভগৱানক মাতা-পিতাৰ ৰূপত স্মৰণ কৰে। বিদেশত কেৱল ‘গড ফাদাৰ’ বুলি মাতে,
কিন্তু মাতাও লাগে নহয় যাৰ দ্বাৰা সন্তানসকলক তুলি ল’ব। পুৰুষসকলেও স্ত্ৰীক তুলি লয়
আকৌ তেওঁৰ পৰা সন্তান জন্ম হয়। ৰচনা ৰচা হয়। ইয়াতো এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত পৰমপিতা
পৰমাত্মা পিতা প্ৰৱেশ কৰি তুলি লয়। সন্তান জন্ম হয় সেইবাবে এওঁক মাতা-পিতা বুলি কোৱা
হয়। তেওঁ হ’ল আত্মাসকলৰ পিতা আকৌ ইয়ালৈ আহি উৎপত্তি কৰে। ইয়াত তোমালোক সন্তান হোৱা
সেয়েহে পিতা আৰু মাতা বুলি কোৱা হয়। সেয়াতো হ’ল মৰমৰ ঘৰ য’ত সকলো আত্মা থাকে। তালৈও
পিতাৰ বাহিৰে অন্য কোনেও লৈ যাব নোৱাৰে। যাকেই লগ পোৱা ক’বা আপুনি মৰমৰ ঘৰলৈ যাব
বিচাৰেনে? তেনেহ’লে পৱিত্ৰ নিশ্চয় হ’ব লাগিব। এতিয়া তোমালোক পতিত এইখন হয়েই লৌহযুগী
তমোপ্ৰধান সৃষ্টি। এতিয়া তোমালোক ঘৰলৈ উভতি যাব লাগে। লৌহযুগী আত্মাসকলতো ঘৰলৈ ওভতি
যাব নোৱাৰে। আত্মাসকল মৰমৰ ঘৰত পৱিত্ৰ হৈয়েই থাকে সেয়েহে এতিয়া পিতাই বুজায় - পিতাৰ
স্মৃতিৰেহে বিকৰ্ম বিনাশ হ’ব। কোনো দেহধাৰীক স্মৰণ নকৰিবা। পিতাক যিমান স্মৰণ কৰিবা
সিমান পৱিত্ৰ হ’বা আৰু পাছত ক্ৰমানুসৰি উচ্চ পদ পাবা। লক্ষ্মী-নাৰায়ণৰ চিত্ৰৰ ওপৰত
যিকোনো লোককে বুজোৱা সহজ। ভাৰতত এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) ৰাজত্ব আছিল। এওঁলোকে
যেতিয়া ৰাজত্ব কৰিছিল তেতিয়া বিশ্বত শান্তি আছিল। বিশ্বত শান্তি পিতাইহে আনিব পাৰে
অন্য কাৰো শক্তি নাই। এতিয়া পিতাই আমাক ৰাজযোগ শিকাই আছে, নতুন সৃষ্টিৰ কাৰণে ৰজাৰো
ৰজা কেনেকৈ হ’ব পাৰি সেয়া শুনায়। পিতাহে জ্ঞানৱান। কিন্তু তেওঁৰ কি জ্ঞান আছে, এয়া
কোনেও নাজানে। সৃষ্টিৰ আদি–মধ্য-অন্তৰ বুৰঞ্জী-ভূগোল বেহদৰ পিতাইহে শুনায়। মনুষ্যইতো
কেতিয়াবা কয় ঈশ্বৰ সৰ্বব্যাপী বা এনেকৈ কয় যে তেওঁ সকলোৰে অন্তৰৰ কথা জানোঁতা হয়।
তেনেক্ষেত্ৰত নিজকেতো ঈশ্বৰ বুলি ক’ব নোৱাৰে। এই সকলোবোৰ কথা পিতাই বহি বুজায়।
ভালদৰে ধাৰণ কৰিব লাগে আৰু হৰ্ষিত হ’ব লাগে। এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ সদায় হৰ্ষিত
মুখৰ তৈয়াৰ কৰে। স্কুলত উচ্চ শ্ৰেণীত পঢ়াসকল কিমান হৰ্ষিত হ’ব। আনেও বুজি পাব যে
এওঁতো বহুত ডাঙৰ পৰীক্ষা উত্তীৰ্ণ হ’বলৈ গৈ আছে। এয়াতো বহুত উচ্চ পঢ়া। মাচুল আদিৰ
কোনো কথা নাই কেৱল সাহসৰ কথা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে আৰু
ইয়াতেই মায়াই বিঘিনি আনে। পিতাই কয় - পৱিত্ৰ হোৱা। পিতাৰ ওচৰত প্ৰতিজ্ঞা কৰি পুনৰ
মুখ ক’লা কৰি দিয়ে, বহুত শক্তিশালী মায়া, অকৃতকাৰ্য হৈ যায় তেতিয়া আকৌ তেওঁলোকৰ নাম
গায়ন কৰিব নোৱাৰি। অমুকে অমুকে আৰম্ভণিৰ পৰা বহুত ভালকৈ চলি আছে। মহিমা গোৱা হয়।
পিতাই কয় - নিজৰ কাৰণে নিজেই পুৰুষাৰ্থ কৰি ৰাজধানী প্ৰাপ্ত কৰিব লাগে। পঢ়াৰ দ্বাৰা
উচ্চ পদ পাব লাগে। এয়া হয়েই ৰাজযোগ। প্ৰজাযোগ নহয়। কিন্তু প্ৰজাওতো হ’ব নহয়। চেহেৰা
আৰু সেৱাৰ পৰা গম পোৱা যায় যে এওঁ কি হোৱাৰ লায়ক। ঘৰত বিদ্যাৰ্থীৰ চাল-চলনৰ পৰা বুজি
পোৱা যায়, এওঁ প্ৰথম নম্বৰত, এওঁ তৃতীয় নম্বৰত আহিব। ইয়াতো এনেকুৱা। যেতিয়া অন্তিমত
পৰীক্ষা পূৰা হ’ব তেতিয়া তোমালোকৰ সকলো সাক্ষাৎকাৰ হ’ব। সাক্ষাৎকাৰ হোৱাত কোনো দেৰি
নালাগে তেতিয়া লাজ লাগিব, আমি অকৃতকাৰ্য হৈ গ’লো। অকৃতকাৰ্য হোৱাসকলক কোনে মৰম কৰিব?
মনুষ্যই চিনেমা চাই
আনন্দৰ অনুভৱ কৰে কিন্তু পিতাই কয় –এক নম্বৰ লেতেৰা কৰি তোলোঁতা হৈছে চিনেমা। তালৈ
যোৱাসকলৰ বহুতেই অকৃতকাৰ্য হৈ অৱনমিত হৈ যায়। কোনো কোনো নাৰীও এনেকুৱা আছে যিসকলৰ
চিনেমা চাবলৈ নগ’লে টোপনিও নাহে। চিনেমা চাওঁতাসকলে অপৱিত্ৰ হ’বলৈ পুৰুষাৰ্থ নিশ্চয়
কৰিব। ইয়াত যি কিছু হৈ আছে, যাৰ পৰা মনুষ্যই আনন্দ পোৱা বুলি ভাবে সেই সকলোবোৰ দুখৰ
কাৰণে। এয়া হ’ল বিনাশী আনন্দ। অবিনাশী আনন্দ, অবিনাশী পিতাৰ পৰাহে পোৱা যায়।
তোমালোকে বুজি পোৱা যে বাবাই আমাক এই লক্ষ্মী-নাৰায়ণৰ দৰে গঢ়ি তোলে। এনেয়ে আগতেতো
21 জন্মৰ কাৰণে লিখিছিল। এতিয়া বাবাই লিখে 50-60 জন্ম কিয়নো দ্বাপৰতো প্ৰথমেতো বহুত
চহকী সুখী হৈ থাকা নহয়। পতিত হৈ যোৱা তথাপি ধন বহুত থাকে। এয়াতো যেতিয়া একেবাৰে
তমোপ্ৰধান হৈ যোৱা তেতিয়া দুখ আৰম্ভ হয়। প্ৰথমেতো সুখী হৈ থাকা। যেতিয়া বহুত দুখী
হোৱা তেতিয়া পিতা আহে। মহা অজামিলৰ দৰে পাপীসকলকো উদ্ধাৰ কৰে। পিতাই কয় - মই সকলোকে
মুক্তিধামলৈ লৈ যাম। আকৌ সত্যযুগৰ বাদশ্বাহীও তোমালোকক দিওঁ। সকলোৰে কল্যাণতো হয়
নহয়। সকলোকে নিজৰ ঠিকনাত উপনীত কৰাই দিয়ে - শান্তিত বা সুখত। সত্যযুগত সকলোৰে সুখ
থাকে। শান্তিধামতো সুখী হৈ থাকে। এনেকৈ কয় যে বিশ্বত শান্তি হওঁক। তোমালোকে ক’বা -
এই লক্ষ্মী-নাৰায়ণৰ যেতিয়া ৰাজত্ব আছিল তেতিয়া বিশ্বত শান্তি আছিল নহয়। দুখৰ
কথাতো হ’ব নোৱাৰে। দুখো নাছিল, অশান্তিও নাছিল। ইয়াততো ঘৰে ঘৰে অশান্তি। দেশে দেশে
অশান্তি। গোটেই বিশ্বতে অশান্তি। কিমান টুকুৰা টুকুৰা হৈ গৈছে। কিমান অংশ আছে। 100
মাইলৰ অন্তৰে অন্তৰে ভাষা বেলেগ। এতিয়া কয় - ভাৰতৰ প্ৰাচীন ভাষা সংস্কৃত। এতিয়া
আদি সনাতন ধৰ্মৰ কথাই কোনেও গম নাপায় তেনেস্থলত কেনেকৈ কয় যে এইটো প্ৰাচীন ভাষা।
তোমালোকে ক'ব পাৰা আদি সনাতন দেৱী-দেৱতা ধৰ্ম কেতিয়া আছিল? তোমালোকৰ মাজতো
ক্ৰমানুসৰি আছে। কিছুমানতো ভোদা বুদ্ধিৰো থাকে। দেখিলেই গম পায় যে এওঁ যেন পাথৰ
বুদ্ধিৰ। অজ্ঞানকালতো কয় নহয় - হে ভগৱান এওঁৰ বুদ্ধিৰ তলা খোলক।
পিতাই তোমালোক সকলো
সন্তানক জ্ঞানৰ কিৰণ দিয়ে তাৰ দ্বাৰা তলা খুলি গৈ থাকে। তথাপি কিছুমানৰ বুদ্ধি উদয়
নহয়। কয় - জ্ঞানীসকলৰো বুদ্ধিৰ মূল আপুনি। আমাৰ পতিৰ বুদ্ধিৰ তলা খোলক। পিতাই কয়
– মই জানো এইকাৰণে আহিছোঁ, যে বহি এজন এজনৰ বুদ্ধিৰ তলা খুলিম। তেনেহ'লেতো সকলোৰে
বুদ্ধি খুলি যাব, সকলোৱে মহাৰজা-মহাৰাণী হৈ যাব। মই কেনেকৈ সকলোৰে তলা খুলিম।
তেওঁলোক যদি সত্যযুগত আহিবলগীয়াই নহয় তেনেহ'লে মই তলা কেনেকৈ খুলিম! ড্ৰামা অনুসৰি
সময়তহে তেওঁলোকৰ বুদ্ধি উদয় হ’ব। মই কেনেকৈ খুলিম! ড্ৰামাৰ ওপৰতো আছে নহয়। সকলো
সম্পূৰ্ণৰূপে উত্তীৰ্ণ হয় জানো। স্কুলতো ক্ৰমানুসৰি হয়। এয়াও পঢ়া। প্ৰজাও হ’ব লাগে।
সকলোৰে তলা খুলি গ’লে তেন্তে প্ৰজা ক’ৰ পৰা আহিব। এইটোতো নিয়ম নহয়। তোমালোক
সন্তানসকলে পুৰুষাৰ্থ কৰিব লাগে। প্ৰত্যেকৰে পুৰুষাৰ্থৰ পৰা জনা যায়, যিসকলে ভালদৰে
পঢ়ে, তেওঁলোকৰ যিকোনো ঠাইৰ পৰা নিমন্ত্ৰণ আহে। বাবাই জানে কোনে কোনে ভালদৰে সেৱা কৰি
আছে। সন্তানসকলে ভালদৰে পঢ়িব লাগে। ভালদৰে পঢ়িলে তেতিয়া ঘৰলৈ লৈ যাম আকৌ স্বৰ্গলৈ
পঠিয়াই দিম। নহ’লে শাস্তি বহুত কাঢ়া। পদো ভ্ৰষ্ট হৈ যাব। বিদ্যাৰ্থীয়ে শিক্ষকৰ নাম
উজ্জ্বল কৰিব লাগে। স্বৰ্ণিম যুগত পাৰসবুদ্ধিৰ আছিলা, এতিয়া হ’ল লৌহযুগ তেনেহ’লে
ইয়াত সোণালীযুগী বুদ্ধি কেনেকৈ হ’ব পাৰে। বিশ্বত শান্তি আছিল যেতিয়া এক ৰাজ্য, এক
ধৰ্ম আছিল। বাতৰিকাকততো তোমালোকে প্ৰকাশ কৰিব পাৰা যে ভাৰতত যেতিয়া এওঁলোকৰ ৰাজত্ব
আছিল তেতিয়া বিশ্বত শান্তি আছিল। অৱশেষত নিশ্চয় বুজি পাব। তোমালোক সন্তানসকলৰ নাম
প্ৰসিদ্ধ হ’বলৈ গৈ আছে। সেই পঢ়াত কিমান কিতাপ আদি পঢ়ে। ইয়াততো একো নাই। পঢ়া একেবাৰে
সহজ। বাকী স্মৃতিত থকাৰ ক্ষেত্ৰত ভাল ভাল মহাৰথীও অকৃতকাৰ্য হয়। স্মৃতিৰ ধাৰ
নাথাকিলেতো জ্ঞান তৰোৱাল নচলিব। বহুত স্মৰণ কৰিলে তেতিয়াহে ধাৰ আহিব। যদিও বন্ধনতো
থাকে তথাপিও স্মৰণ কৰি থাকিলেতো বহুত লাভ হয়। কেতিয়াও বাবাক দেখাও নাই, স্মৃতিতেই
প্ৰাণ এৰি দিয়ে তেতিয়াও বহুত ভাল পদ পাব পাৰে, কিয়নো স্মৰণ বহুত কৰে। পিতাৰ স্মৃতিত
মৰমৰ চকুলো বোৱায়, সেই চকুলো মুকুতা হৈ যায়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ কাৰণে
নিজেই পুৰুষাৰ্থ কৰি উচ্চ পদ পাব লাগে। পঢ়াৰ দ্বাৰা নিজক ৰাজতিলক দিব লাগে। জ্ঞান
ভালদৰে ধাৰণ কৰি সদায় হৰ্ষিত হৈ থাকিব লাগে।
(2) জ্ঞান তৰোৱালত
স্মৃতি ৰূপী ধাৰ দিব লাগে। স্মৃতিৰ দ্বাৰাই বন্ধন আঁতৰে। কেতিয়াও লেতেৰা চিনেমা চাই
নিজৰ সংকল্প অপৱিত্ৰ কৰিব নালাগে।
বৰদান:
লৌকিকক
অলৌকিকলৈ পৰিৱৰ্তন কৰি সকলো দুৰ্বলতাৰ পৰা মুক্ত হওঁতা মাষ্টৰ সৰ্বশক্তিমান হোৱা
যিসকল মাষ্টৰ
সৰ্বশক্তিমান জ্ঞানৱান আত্মা তেওঁলোক কেতিয়াও কোনো দুৰ্বলতা বা সমস্যাৰ বশীভূত নহয়
কিয়নো তেওঁলোকে অমৃতবেলাৰ পৰা যিয়েই দেখে, শুনে, ভাবে বা কৰ্ম কৰে সেয়া লৌকিকৰ পৰা
অলৌকিকলৈ পৰিৱৰ্তন কৰি দিয়ে। যিকোনো লৌকিক ব্যৱহাৰ নিমিত্ত মাত্ৰ কৰিও অলৌকিক কাৰ্য
যাতে সদায় স্মৃতিত থাকে তেতিয়া যিকোনো প্ৰকাৰৰ মায়াবী বিকাৰৰ বশীভূত ব্যক্তিৰ
সম্পৰ্কত আহি নিজে বশীভূত নহ’ব। তমোগুণী বায়ুমণ্ডলতো সদায় পদুম ফুলৰ সমান হৈ থাকিব।
লৌকিকৰ আৱৰ্জনাৰ মাজত থাকিও তাৰ পৰা উৰ্দ্ধত থাকিব।
স্লোগান:
সকলোকে সন্তুষ্ট কৰা তেতিয়া পুৰুষাৰ্থত স্বতঃ উচ্চলৈ জপিয়াই থাকিবা।
অব্যক্ত সংকেত:
সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা
সংকল্প শক্তি জমা
কৰিবলৈ হ’লে কোনো কথা দেখি, শুনি, চেকেণ্ডত পূৰ্ণ বিৰাম লগোৱাৰ অভ্যাস কৰা। যদি
সংকল্পত ‘কিয়’, ‘কি’ শাৰী লগাই দিয়া, ব্যৰ্থৰ ৰচনা ৰচি লোৱা তেন্তে তাৰ প্ৰতিপালন
কৰিবলগীয়া হ’ব। সংকল্প, সময়, শক্তি তাত খৰচ হৈ থাকিব সেই কাৰণে এতিয়া এই ব্যৰ্থ
ৰচনাৰ জন্ম নিয়ন্ত্ৰণ কৰা তেতিয়া বেহদ সেৱাৰ নিমিত্ত হ’ব পাৰিবা।