25.08.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
খোজে প্ৰতি যি হয় সেয়া কল্যাণকাৰী, এই ড্ৰামাখনত সকলোতকৈ অধিক কল্যাণ তেওঁলোকৰ হয়
যিসকল পিতাৰ স্মৃতিত থাকে”
প্ৰশ্ন:
ড্ৰামাত
নিৰ্ধাৰিত কোনটো কথাক জানোঁতা সন্তানসকল অপাৰ আনন্দত থাকিব পাৰে?
উত্তৰ:
যিসকলে জানে যে ড্ৰামা অনুসৰি এতিয়া এই পুৰণি সৃষ্টিৰ বিনাশ হ'ব, প্ৰাকৃতিক দুৰ্যোগো
হ'ব। কিন্তু আমাৰ ৰাজধানীতো স্থাপন হ'বই, এই ক্ষেত্ৰত কোনেও একো কৰিব নোৱাৰে। যদিওবা
অৱস্থা তল-ওপৰ হৈ থাকিব, কেতিয়াবা বহুত উৎসাহ, কেতিয়াবা ঠাণ্ডা হৈ যাব, এই ক্ষেত্ৰত
বিবুদ্ধিত পৰিব নালাগে। সকলো আত্মাৰ পিতা ভগৱানে আমাক পঢ়াই আছে, এইটো আনন্দত থাকিব
লাগে।
গীত:
মহফিল মে জল্
উঠি শমা…. (ৰঙ্গসভাত জ্বলি উঠিল বন্তি শিখা…..)
ওঁম্শান্তি।
অতি মৰমৰ
পুৰুষাৰ্থৰ ক্ৰম অনুসৰি চৈতন্য চগা (আত্মা) সকলক বাবাই স্নেহসহিত স্মৰণ কৰি আছে।
তোমালোক সকলো হৈছা চৈতন্য চগা। পিতাক বন্তি শিখা বুলিও কয়, কিন্তু তেওঁক একেবাৰে
চিনি নাপায়। বন্তি শিখা কোনো ডাঙৰ নহয়, এটি বিন্দু। কাৰো বুদ্ধিত এইটো নাই যে আমি
আত্মা বিন্দু হওঁ। আমাৰ মাজত অৰ্থাৎ আত্মাত সকলো ভূমিকা ভৰি আছে। আত্মা আৰু
পৰমাত্মাৰ জ্ঞান আৰু কাৰো বুদ্ধিত নাই। তোমালোক সন্তানসকলকে পিতা আহি বুজাইছে,
আত্মাৰ উপলব্ধি কৰাইছে। আগতে এইটো জনা নাছিলা যে আত্মা কি, পৰমাত্মা কি! সেইকাৰণে
দেহ-অভিমানৰ বাবে সন্তানসকলৰ মোহো আছে, বিকাৰো বহুত আছে। ভাৰত কিমান উচ্চ আছিল।
বিকাৰৰ নামো নাছিল। সেইখন আছিল নিৰ্বিকাৰী ভাৰত, এতিয়া হৈছে বিকাৰী ভাৰত। কোনো
মনুষ্যই এনেকৈ নক’ব যেনেকৈ পিতাই বুজায়। আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে মই ইয়াক
শিৱালয় কৰি গঢ়িছিলোঁ। ময়েই শিৱালয় স্থাপনা কৰিছিলোঁ। কেনেকৈ? সেয়াও তোমালোকে এতিয়া
বুজি আছা। তোমালোকে জানা যে খোজে প্ৰতি যি হয় সেয়া কল্যাণকাৰীয়েই হয়। এটি এটি দিন
বেছি কল্যাণকাৰী তেওঁলোকৰ হয় যিসকলে পিতাক ভালদৰে স্মৰণ কৰি নিজৰো কল্যাণ কৰি থাকে।
এইটো হৈছেই কল্যাণকাৰী পুৰুষোত্তম হোৱাৰ যুগ। পিতাৰ কিমান মহিমা আছে। তোমালোকে জানা
যে এতিয়া সঁচা ভাগৱত চলি আছে। দ্বাপৰত যেতিয়া ভক্তিমাৰ্গ আৰম্ভ হয় তেতিয়া প্ৰথমতে
তোমালোকেও হীৰাৰ লিংগ সাজি পূজা কৰিছিলা। এতিয়া তোমালোকৰ স্মৃতি উদয় হৈছে, আমি
যেতিয়া পূজাৰী হৈছিলোঁ তেতিয়া মন্দিৰ নিৰ্মাণ কৰিছিলোঁ। হীৰা মুকুতাৰে নিৰ্মাণ
কৰিছিলোঁ। সেই চিত্ৰতো এতিয়া পাব নোৱাৰি। ইয়াততো এওঁলোকে ৰূপ আদিৰ নিৰ্মাণ কৰি পূজা
কৰে। এনেকুৱা পূজাৰীসকলৰো চোৱা কিমান মান আছে। শিৱৰ পূজাতো সকলোৱে কৰে। কিন্তু
অব্যভিচাৰী পূজাতো নাই।
এইটোও সন্তানসকলে জানে
- বিনাশো নিশ্চয় হ’ব, প্ৰস্তুতি চলি আছে। প্ৰাকৃতিক দুৰ্যোগো ড্ৰামাত নিৰ্ধাৰিত হৈ
আছে। কোনোবাই যিমানেই মগজ নখটুৱাওক কিয়, তোমালোকৰ ৰাজধানীতো স্থাপনা হ'বই। কাৰো
শক্তি নাই যে ইয়াত কিবা কৰিব পাৰিব। বাকী অৱস্থাতো তল-ওপৰ হ'বই। এয়া হৈছে বহুত
শ্ৰেষ্ঠ উপাৰ্জন। কেতিয়াবা তোমালোক আনন্দত বহুত ভাল খেয়ালত থাকিবা আৰু কেতিয়াবা
ঠাণ্ডা পৰি যাবা। যাত্ৰাতো তল-ওপৰ হয়, ইয়াতো এনেকুৱা হয়। কেতিয়াবাতো ৰাতিপুৱা উঠি
পিতাক স্মৰণ কৰিলে বহুত আনন্দিত হয়, অহো! বাবাই আমাক পঢ়াই আছে। আচৰিত কথা। সকলো
আত্মাৰ পিতা ভগৱানে আমাক পঢ়াই আছে। তেওঁলোকে আকৌ শ্ৰীকৃষ্ণক ভগৱান বুলি বুজি ল'লে।
গোটেই সৃষ্টিত গীতাৰ মান বহুত আছে কিয়নো ভগৱানুবাচ হয় (ভগৱানে শুনায়) নহয়। কিন্তু
এইটো কোনেও নাজানে যে ভগৱান কাক কোৱা হয়। যিমানেই উচ্চ পদবীধাৰী বিদ্বান, পণ্ডিত আদি
আছে তেওঁলোকে কয় যে ঈশ্বৰ পিতাক স্মৰণ কৰোঁ, কিন্তু তেওঁ কেতিয়া আহিল, আহি কি কৰিলে
সেয়া সকলো পাহৰি গ’ল। পিতাই সকলো কথা বুজাই থাকে। ড্ৰামাত এই সকলোবোৰ নিৰ্ধাৰিত হৈ
আছে। এই ৰাৱণৰাজ্য পুনৰ হ'ব আৰু মই আহিবলগীয়া হ’ব। ৰাৱণেহে তোমালোকক অজ্ঞানৰ ঘোৰ
অন্ধকাৰত শুৱাই দিয়ে। জ্ঞানতো কেৱল এজন জ্ঞান সাগৰেই শুনায় যাৰ দ্বাৰা সৎগতি হয়।
পিতাৰ বাহিৰে আন কোনেও সৎগতি কৰাব নোৱাৰে। সকলোৰে সৎগতি দাতা এজন। গীতাৰ জ্ঞান যিজন
পিতাই শুনাইছিল সেয়া আকৌ প্ৰায় লোপ হৈ গ'ল। এনেকুৱা নহয় যে এই জ্ঞান পৰম্পৰাগতভাৱে
চলি আহে। আনৰ কোৰাণ, বাইবেল আদি চলি আহে, বিনাশ হৈ নাযায়। তোমালোককতো যি জ্ঞান মই
এতিয়া দিওঁ, ইয়াৰ কোনো শাস্ত্ৰ তৈয়াৰ নহয় যে পৰম্পৰা অনাদি হৈ যাব। এয়াতো তোমালোকে
লিখা আকৌ নাশ কৰি দিয়া। এয়াতো সকলো প্ৰাকৃতিকভাৱে জ্বলি নাশ হৈ যাব। পিতাই কল্প
পূৰ্বেও কৈছিল, এতিয়াও তোমালোকক কৈ আছে - এই জ্ঞান তোমালোকে লাভ কৰা আকৌ গৈ
প্ৰালব্ধ লাভ কৰা তেতিয়া এই জ্ঞানৰ কোনো প্ৰয়োজন নাথাকে। ভক্তিমাৰ্গত সকলো শাস্ত্ৰ
আছে। বাবাই তোমালোকক কোনো গীতা পঢ়ি নুশুনায়। তেওঁতো ৰাজযোগৰ শিক্ষা দিয়ে, যাৰ আকৌ
ভক্তিমাৰ্গত শাস্ত্ৰ ৰচনা কৰে তেতিয়া ওলট-পালট কৰি দিয়ে। গতিকে তোমালোকৰ মুখ্য কথা
হৈছে যে গীতাৰ জ্ঞান কোনে দিলে! তেওঁৰ নাম সলনি কৰি দিলে, আৰু অন্য কাৰো নাম সলনি
হোৱা নাই। সকলোৰে মুখ্য ধৰ্ম শাস্ত্ৰ আছে নহয়। ইয়াৰ ভিতৰত মুখ্য হৈছে দৈৱী ধৰ্ম,
ইছলাম ধৰ্ম আৰু বৌদ্ধ ধৰ্ম। যদিও কোনোবাই কয় যে প্ৰথমে বৌদ্ধ ধৰ্ম পাছত ইছলাম ধৰ্ম,
তোমালোকে ক’বা, এই কথাবোৰৰ লগত গীতাৰ কোনো সম্পৰ্ক নাই। আমাৰতো কাম হৈছে পিতাৰ পৰা
উত্তৰাধিকাৰ লোৱা। পিতাই কিমান ভালদৰে বুজায় - এয়া হৈছে ডাঙৰ বৃক্ষ। বৰ ভাল, যেন
ফুলৰ টাবহে। তিনিটা শাখা ওলায়। কিমান ভাল বুদ্ধিৰে অংকিত এই বৃক্ষ। যিকোনো লোকে
তৎক্ষণাৎ বুজি যাব যে মই কোনটো ধৰ্মৰ। আমাৰ ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিলে? এই দয়ানন্দ,
অৰবিন্দ ঘোষ আদিতো সকলো হৈ গৈছে। তেওঁলোকেও যোগ আদি শিকাইছিল। হওঁতে সকলো ভক্তি।
জ্ঞানৰতো নাম-চিহ্ন নাই। কিমান ডাঙৰ ডাঙৰ উপাধি প্ৰাপ্ত কৰে। এয়াও সকলো ড্ৰামাত
নিৰ্ধাৰিত হৈ আছে, আকৌ হ'ব - 5 হাজাৰ বছৰ পাছত। আৰম্ভণিৰ পৰা এই চক্ৰ কেনেকৈ ঘূৰে,
আকৌ কেনেকৈ পুৰনাবৃত্তি হৈ থাকে? সেয়া তোমালোকে জানা। এতিয়াৰ বৰ্তমান আকৌ অতীত হৈ
ভৱিষ্যত হৈ যাব। অতীত, বৰ্তমান, ভৱিষ্যত। যি অতীত হৈ যায় সেয়া আকৌ ভৱিষ্যত হয়। এই
সময়ত তোমালোকে জ্ঞান পোৱা আকৌ তোমালোকে ৰাজ্য লোৱা, এই দেৱতাসকলৰ ৰাজ্য আছিল নহয়।
সেই সময়ত অন্য কোনো ৰাজ্য নাছিল। এইটোও এটা কাহিনীৰ ৰূপত কোৱা। বহুত সুন্দৰ কাহিনী
হৈ যাব। বহুত আগতে 5 হাজাৰ বছৰ পূৰ্বে এই ভাৰতত সত্যযুগ আছিল, অন্য কোনো ধৰ্ম নাছিল,
কেৱল দেৱী-দেৱতাসকলৰহে ৰাজত্ব আছিল। সেইখনক সূৰ্যবংশী ৰাজ্য বুলি কোৱা হৈছিল।
লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব 1250 বছৰ চলিল, আকৌ তেওঁলোকে অন্য ক্ষত্ৰিয় ভাইসকলক ৰাজ্য
দিলে আকৌ তেওঁলোকৰ ৰাজত্ব চলিল। তোমালোকে বুজাব পাৰা যে পিতা আহি পঢ়ুৱাইছিল। যিসকলে
ভালদৰে পঢ়িলে তেওঁলোক সূৰ্যবংশী হ'ল। যিসকল অকৃতকাৰ্য হ'ল তেওঁলোকৰ নাম ক্ষত্ৰিয়
হ'ল। বাকী যুদ্ধ আদিৰ কথা নাই। বাবাই কয় – সন্তানসকল, তোমালোকে মোক স্মৰণ কৰা তেতিয়া
তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব। তোমালোকে বিকাৰৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। পিতাই
অধ্যাদেশ জাৰি কৰিছে, যিসকলে কাম বিকাৰৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব তেওঁলোকেই জগতজিৎ
হ'ব। আকৌ আধাকল্পৰ পাছত পুনৰ বাম (বিকাৰী) মাৰ্গত অধঃপতিত হয়। তেওঁলোকৰো চিত্ৰ আছে।
দেৱতাসকলৰ দৰে চেহেৰা ফুটাই তোলা হৈছে। ৰামৰাজ্য আৰু ৰাৱণৰাজ্য আধা আধা। তেওঁলোকৰ
কাহিনী বহি ৰচিব লাগে। তাৰপাছত কি হ'ল, তাৰপাছত কি হ'ল। এয়াই সত্য-নাৰায়ণৰ কাহিনী।
সত্যতো এজনেই পিতা, যি এই সময়ত আহি তোমালোকক গোটেই আদি-মধ্য-অন্তৰ সকলো জ্ঞান দি আছে,
যিটো অন্য কোনেও দিব নোৱাৰে। মনুষ্যইতো পিতাকেই নাজানে। যিখন ড্ৰামাৰ ভাৱৰীয়া, তাৰ
ৰচয়িতা, নিৰ্দেশক, পৰিচালক আদিক নাজানে। তেন্তে বাকী কোনে জানিব! এতিয়া পিতাই
তোমালোকক কয় - ড্ৰামা অনুসৰি এয়া আকৌ এনেকুৱাই হ'ব। পিতা আহি তোমালোক সন্তানসকলক আকৌ
পঢ়াব। ইয়ালৈ আন কোনো আহিব নোৱাৰে। পিতাই কয় - মই সন্তানসকলকহে পঢ়াওঁ। কোনো নতুনক
ইয়াত বহুৱাব নোৱাৰে। ইন্দ্ৰপ্ৰস্থৰ কাহিনীও আছে নহয়। নীলম পৰী, পোখৰাজ পৰী নাম আছে
নহয়। তোমালোকৰ ভিতৰতো কোনোবা হীৰাৰ দৰে ৰত্ন হয়। চোৱা ৰমেশে প্ৰৰ্দশনীৰ বাবে এনেকুৱা
কথা উলিয়ালে যে সকলোৰে বিচাৰ সাগৰ মন্থন চলিল। গতিকে হীৰাৰ দৰে কাম নকৰিলে জানো।
কোনোবা পোখৰাজ, কোনোবা আন কিবা! কোনোৱেতো একেবাৰেই একো নাজানে। এইটোও জানা যে
ৰাজধানী স্থাপনা হ’ব। তাত ৰজা-ৰাণী আদি সকলো লাগে। তোমালোকে বুজি পোৱা যে আমি
ব্ৰাহ্মণসকলে শ্ৰীমত অনুসৰি পঢ়ি বিশ্বৰ মালিক হওঁ। কিমান আনন্দিত হ'ব লাগে। এই
মৃত্যুলোক নাশ হ'ব। এই বাবাইতো এতিয়াই বুজি পায় যে মই গৈ শিশু হ’মগৈ। শিশুকালৰ সেই
কথাবোৰ এতিয়াহে স্মৃতিলৈ আহি আছে, চলনেই সলনি হৈ যায়। এনেকৈয়ে তাতো যেতিয়া বুঢ়া হ’ব
তেতিয়া বুজিব যে এতিয়া এই বানপ্ৰস্থ শৰীৰ এৰি মই কৈশোৰ অৱস্থাত গুচি যাম। শিশুকাল
হৈছে সতোপ্ৰধান অৱস্থা। লক্ষ্মী-নাৰায়ণতো হৈছে যুৱক-যুৱতী, বিবাহিতসকলক জানো কিশোৰ
বুলি ক’ব। যুৱ অৱস্থাক ৰজো, বৃদ্ধক তমো বুলি কোৱা হয় সেইকাৰণে শ্ৰীকৃষ্ণৰ প্ৰতি বেছি
মৰম থাকে। হওঁতে লক্ষ্মী-নাৰায়ণো সেয়াই। কিন্তু মনুষ্যই এই কথাবোৰ নাজানে।
শ্ৰীকৃষ্ণক দ্বাপৰত, লক্ষ্মী-নাৰায়ণক সত্যযুগত লৈ গ'ল। এতিয়া তোমালোকে দেৱতা হ’বলৈ
পুৰুষাৰ্থ কৰি আছাঁহক।
পিতাই কয় কুমাৰীসকলতো
বেছিকৈ ওলাই আহিব লাগে। কুমাৰী কন্যা, অধৰ কুমাৰী, দেলবাড়া আদি যিয়েই মন্দিৰ আছে,
এয়া তোমালোকৰেই সঠিক স্মাৰক। সেয়া জড়, এয়া চৈতন্য। তোমালোক ইয়াত চৈতন্য ৰূপত বহি আছা,
ভাৰতক স্বৰ্গ কৰি গঢ়ি আছা। স্বৰ্গতো ইয়াতেই হ'ব। মূললোক, সূক্ষ্মলোক ক'ত আছে,
তোমালোক সন্তানসকলে সকলো জানা। গোটেই ড্ৰামাখনক তোমালোকে জানা। যি অতীত হৈ গ’ল সেয়া
আকৌ ভৱিষ্যত হ'ব আকৌ অতীত হ'ব। তোমালোকক কোনে পঢ়ায়, এয়া বুজিব লাগে। আমাক ভগৱানে
পঢ়ায়। বচ্ আনন্দত শান্ত শীতল হৈ যাব লাগে। পিতাৰ স্মৃতিৰে সকলো কলংক আঁতৰি যায়।
বাবা আমাৰ পিতাও হয়, আমাক পঢ়ায়ো আকৌ আমাক লগতো লৈ যাব। নিজক আত্মা বুলি বুজি
পৰমাত্মা পিতাৰ সৈতে এনেকুৱা কথা পাতিব লাগে। বাবা আমি এতিয়া জানিলোঁ, ব্ৰহ্মা আৰু
বিষ্ণুকো জানিলোঁ। বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হ’ল। এতিয়া বিষ্ণুক ক্ষীৰ
সাগৰত দেখুৱায়। ব্ৰহ্মাক সূক্ষ্মলোকত দেখুৱায়। বাস্তৱত ইয়াত আছে। বিষ্ণুতো হ’ল
ৰাজত্ব কৰোঁতাজন। যদি বিষ্ণুৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হ’ল তেন্তে নিশ্চয় ৰাজত্বও
কৰিব। বিষ্ণুৰ নাভিৰ পৰা ওলাল গতিকে সন্তান হৈ গ’ল। এই সকলোবোৰ কথা পিতাই বহি বুজায়।
ব্ৰহ্মায়ে 84 জন্ম সম্পূৰ্ণ কৰি এতিয়া আকৌ বিষ্ণুপুৰীৰ মালিক হয়। এই কথাবোৰো
কোনোৱে সম্পূৰ্ণ ৰীতিৰে বুজি নাপায়, সেইবাবেতো সেই আনন্দৰ পাৰা উৰ্দ্ধগামী নহয়।
গোপ-গোপীতো তোমালোক হোৱা। সত্যযুগত জানো হ’বা। তাততো হ’বাগৈ ৰাজকুমাৰ-ৰাজকুমাৰী।
গোপ-গোপীসকলৰ গোপী বল্লভ আছে নহয়। প্ৰজাপিতা ব্ৰহ্মা হ’ল সকলোৰে পিতা আকৌ সকলো
আত্মাৰ পিতা হ’ল নিৰাকাৰ শিৱ। এই সকলোবোৰ হৈছে মুখ বংশাৱলী। তোমালোক সকলো বি.কে.
ভাই-ভনী হৈ গ’লা। আসুৰিক দৃষ্টি কেতিয়াও যাব নোৱাৰে, ইয়াতেই মায়াই পৰাজিত কৰি দিয়ে।
পিতাই কয় - এতিয়ালৈকে যি কিছু পঢ়িছা সেয়া বুদ্ধিৰে পাহৰি যোৱা। মই যি শুনাওঁ সেয়া
পঢ়া। ছিৰিৰ চিত্ৰতো অতি উত্তম। সকলো এটা কথাৰ ওপৰত নিৰ্ভৰ কৰে। গীতাৰ ভগৱান কোন?
শ্ৰীকৃষ্ণক ভগৱান বুলি ক’ব নোৱাৰে। তেওঁতো সৰ্ব গুণসম্পন্ন দেৱতা। তেওঁৰ নাম গীতাত
দি দিলে। তেওঁক ক’লাবৰণীয়াও কৰি দিছে আৰু লক্ষ্মী-নাৰায়ণকো ক’লাবৰণীয়া কৰি দিয়ে।
কোনো হিচাপ-নিকাচেই নাই। ৰামচন্দ্ৰকো কলা কৰি দিয়ে। পিতাই কয় কাম চিতাত বহাৰ কাৰণে
কলাবৰণীয়া হৈ গৈছে। নাম এজনৰে লোৱা হয়। তোমালোক সকলো ব্ৰাহ্মণ। এতিয়া তোমালোক
জ্ঞান চিতাত বহা। শূদ্ৰ কাম চিতাত বহি আছে। পিতাই কয় - বিচাৰ সাগৰ মন্থন কৰি যুক্তি
উলিওৱা যে কেনেকৈ জগোৱা যায়? জাগিবও ড্ৰামা অনুসৰি। ড্ৰামাখন বৰ ধীৰ গতিৰে চলে। ভাল
বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় এইটো
স্মৃতিত থাকিব লাগে যে আমি গোপী বল্লভৰ গোপ-গোপী। এইটো স্মৃতিৰে সদায় আনন্দৰ পাৰা
উৰ্দ্ধগামী হৈ থাকিব লাগে।
(2) এতিয়ালৈকে যি
কিছু পঢ়িলা, সেয়া বুদ্ধিৰে পাহৰি পিতাই যি শুনায় সেয়াই পঢ়িব লাগে। আমি ভাই-ভনী হওঁ
এইটো স্মৃতিৰে আসুৰিক দৃষ্টি সমাপ্ত কৰিব লাগে। মায়াৰ হাতত পৰাজিত হ’ব নালাগে।
বৰদান:
সেৱাৰ দ্বাৰা
যোগযুক্ত স্থিতিৰ অনুভৱ কৰোঁতা আত্মিক সেৱাধাৰী হোৱা
ব্ৰাহ্মণ জীৱন সেৱাৰ
জীৱন। মায়াৰ পৰা জীৱিত কৰি ৰখাৰ শ্ৰেষ্ঠ সাধন হৈছে সেৱা। সেৱাই যোগযুক্ত কৰি তোলে
কিন্তু কেৱল মুখৰ সেৱা নহয়, যি মধুৰ বাণী শুনা তাৰ স্বৰূপ হৈ সেৱা কৰা, নিঃস্বাৰ্থ
হৈ সেৱা কৰা, ত্যাগ, তপস্যা স্বৰূপেৰে সেৱা কৰা, হদৰ কামনাবোৰৰ পৰা মুক্ত হৈ
নিষ্কাম সেৱা কৰা- ইয়াকে ঈশ্বৰীয় অথবা আত্মিক সেৱা বুলি কোৱা হয়। মুখৰ লগতে মনৰ
দ্বাৰা সেৱা কৰা অৰ্থাৎ ‘মনমনাভৱ’ স্থিতিত স্থিত হোৱা।
স্লোগান:
আকৃতিক নাচাই নিৰাকাৰ পিতাক চালে আকৰ্ষণ মূৰ্ত হৈ যাবা।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
বাপদাদাৰ সন্তানসকলৰ
প্ৰতি ইমান স্নেহ আছে যে এনেকৈ ভাবে প্ৰতিগৰাকী সন্তান মোতকৈও আগত যাওঁক। জগততো যাৰ
প্ৰতি অধিক স্নেহ থাকে তেওঁক নিজতকৈও আগলৈ আগবঢ়াই দিয়ে। এয়াই হৈছে স্নেহৰ চিন। গতিকে
বাপদাদায়ো কয় মোৰ সন্তানসকলৰ এতিয়া যাতে কোনো দুৰ্বলতা নাথাকে, সকলো সম্পূৰ্ণ,
সম্পন্ন আৰু সমান হৈ যাওঁক। এই পৰমাত্ম স্নেহেই সহজযোগী কৰি দিয়ে।