25.10.26    Avyakt Bapdada     Assame Murli     19.02.2012     Om Shanti     Madhuban


“*“ঘৰৰ দ্বাৰ খুলিবলৈ বেহদৰ বৈৰাগ্য বৃত্তিৰে দেহ-অভিমানৰ ‘মই’ ত্যাগ কৰা, জন্মদিনত দৃঢ়তাৰ দ্বাৰা কথন আৰু কৰণ একে কৰি সফলতামূৰ্ত হোৱা”*”


আজি বাপদাদাই চাৰিওফালৰ সন্তানসকলক দেখি হৰ্ষিত হৈ আছেহঁক। চাৰিওফালৰ পৰা এয়াই অন্তৰৰ আৱাজ আহি আছে – বাঃ! বাবা বাঃ! আৰু বাবাৰ অন্তৰৰ পৰা এইটোৱেই আৱাজ ওলাইছে- বাঃ! সন্তান বাঃ! আজি সকলোৱে উৎসাহ-উদ্দীপনাৰে দিব্য জন্মৰ আনন্দ পালন কৰি আছে। আজি আনন্দ পালনো কৰিছে আৰু লগতে পিতায়ো সন্তানসকলৰ আনন্দ পালন কৰিছে। আজিৰেই এইটো বিচিত্ৰ জয়ন্তীৰ দিন, যিদিনা পিতা আৰু সন্তানসকলৰ একেলগে দিব্য জন্মদিন। গতিকে তোমালোক সকলোৱে অভিনন্দন জনায়ো আছা আৰু লৈয়ো আছা কিয়নো পিতাই জন্ম লৈছেই যজ্ঞ ৰচিবলৈ। গতিকে যজ্ঞত ব্ৰাহ্মণ সন্তানসকলৰেই প্ৰয়োজন। সেয়েহে এয়া এটাই জয়ন্তী, যিটো পিতা আৰু সন্তানসকলৰ একেলগে জয়ন্তী, সেইবাবে এই শিৱ জয়ন্তীক হীৰাতুল্য জয়ন্তী বুলি কোৱা হয়। গতিকে পিতাই চাই আছে যে প্ৰতিগৰাকী সন্তানে কিমান স্নেহেৰে অভিনন্দন জনাবলৈ আহিছে আৰু পিতায়ো অভিনন্দন জনাবলৈ আহিছে। এই জয়ন্তী অতি স্নেহৰ জয়ন্তী। স্নেহী সন্তান, স্নেহী পিতা আৰু স্নেহী জয়ন্তী।

বাপদাদাৰ ওচৰলৈ চাৰিওফালৰ দেশ-বিদেশৰ আটাইবোৰ সন্তানৰ স্নেহ আহি পাইছে। পিতাই প্ৰতিগৰাকী স্নেহী সন্তানক পদমগুণ স্নেহভৰা অভিনন্দন জনাই আছে। এই স্নেহ প্ৰতিগৰাকী সন্তানক সহজ কৰ্মযোগী কৰি তোলোঁতা। এই স্নেহ সদায় সহজ কৰি তোলোঁতা, শক্তিশালী কৰি তোলোঁতা। বাপদাদাৰ অকলে জন্মদিন নহয়, কিয়নো পিতা সদায়েই সন্তানসকলৰ লগত থাকে। লগত থাকিব, লগত যাব, লগত ৰাজ্য কৰিব। তোমালোক সকলোৰে এইটোৱেই প্ৰতিশ্ৰুতি নহয়নে! লগত থাকিব লাগে, লগত উৰিব লাগে আৰু লগত ৰাজ্য কৰিব লাগে।

বাপদাদাৰ আজি তোমালোকৰ ভক্তসকলো বিশেষভাৱে স্মৃতিলৈ আহি আছে, কিয়নো তোমালোকৰ ভক্তসকলে তোমালোকে যি কৰিছা তাৰ অনুকৰণ খুব ভালকৈ কৰিছে, কিয়নো দ্বাপৰত পৰমধামৰ পৰা আটাইতকৈ আগতে আহিছে, গতিকে প্ৰথম জন্ম সদায় সতোপ্ৰধান হয়, সেইবাবে তেওঁলোকে অনুকৰণ খুব ভালকৈ কৰিছে। গতিকে আজিৰ দিনটোত সন্তানসকলৰ লগত তোমালোকৰ ভক্তসকলৰো স্মৃতি আহি আছে। সূক্ষ্মলোকত আজি অমৃতবেলাৰ পৰাই বহুত সন্তানৰ শোভা আছিল। প্ৰতিগৰাকী সন্তানে বুজিছিল যে মই বাপদাদাক মোৰ অভিনন্দন জনাম আৰু বাপদাদায়ো প্ৰতিগৰাকী সন্তানৰ অভিনন্দন অতি স্নেহেৰে স্বীকাৰ কৰিলে। গতিকে সূক্ষ্মলোকত আজি মেলা বহিছিল। এফালে তোমালোক সন্তানসকল আছিলা, আনফালে আগতীয়া দলত গৈ থকা তোমালোকৰ সংগীসকল আহিছিল। বাপদাদাই দেখিলে যে তোমালোকৰ দাদীসকল আৰু অনন্য ভাইসকলৰ তালিকাখন বহুত ডাঙৰ আছিল। প্ৰতিগৰাকী দাদীয়ে বাপদাদাক অভিনন্দন জনাই আছিল লগতে তোমালোক আটাইবোৰ ভাগ্যৱান সন্তানকো অভিনন্দন জনাই আছিল। গতিকে সূক্ষ্মলোকত আজি অভিনন্দনৰ মেলা বহিছিল। সকলো আগতীয়া দলৰ বিশেষ দাদীসকল আৰু ভাই তোমালোক বিশেষ নিমিত্ত সংগী আত্মাসকলক স্মৰণ কৰি অন্তৰেৰে বহুত অভিনন্দন জনাই আছিল। গতিকে তোমালোক সকলোকে বাপদাদাই সকলোৰে হৈ অভিনন্দন জনাই আছে। স্বীকাৰ কৰিলানে?

সকলোৰে বিশেষ ভগ্নীসকল আৰু ভাইসকলৰ এটাই আৱাজ আছিল যে এতিয়া ঘৰৰ দ্বাৰ কেতিয়া খুলিব! গতিকে বিশেষকৈ দীদী দাদীসকলে কৈ আছিল যে আমাৰ সখীসকলক, ভাইসকলক আমাৰ ফালৰ পৰা এইটো ক’ব যে ঘৰলৈ যাবলৈ কোনটো তাৰিখ নিৰ্ধাৰণ কৰিছে? সকলো একেলগে যাব নহয়! বেলেগে বেলেগেতো নাযাব? দ্বাৰ খুলিবলৈ সকলো একেলগে হাজিৰ হৈ যাব। তেন্তে সেইটো তাৰিখ বিচাৰিছিল। বাপদাদাই মিচিকিয়ালে কিয়নো পিতায়ো বিচাৰে যে এতিয়া দ্বাৰ খুলিবলৈ সকলো সন্তানৰ বেহদৰ বৈৰাগ্য বৃত্তি লাগে, এইটোৱেই চাবি দ্বাৰ খোলাৰ। বাপদাদাইতো সদায় কৈয়ে থাকে যে বেহদৰ বৈৰাগী হৈ ব্যৰ্থ সংকল্প আৰু ব্যৰ্থ সময় দুয়োটা মিলি অতি সোনকালে ত্যাগ কৰা অৰ্থাৎ বেহদৰ বৈৰাগী হোৱা কিয়নো বাপদাদাই দেখিছে যে সকলোতকৈ ডাঙৰ বিঘিনি হৈছে দেহ-অভিমান। এই দেহ-অভিমান ত্যাগ কৰি চলোঁতে ফুৰোঁতে দেহী-অভিমানী হোৱা, এয়াই বেহদৰ বৈৰাগ্য।

গতিকে সকলোৱেতো কয় মোৰ বাবা, মিঠা বাবা, মৰমৰ বাবা। যেতিয়া অন্তৰেৰে মোৰ বুলি কোৱা তেন্তে এই দেহ-অভিমান যি ‘মই’ৰ ৰূপত আহে, পিতাই সদায় কয় যে এই ‘মই’ৰ বোধ যি আহে, মই যি কৰোঁ, মই যি কওঁ, সেয়াই ঠিক। এটা ‘মই’ হ’ল সাধাৰণ, মই আত্মা আৰু এইটো মোৰ শৰীৰ। আনটো সূক্ষ্ম ‘মই’, যাৰ বিষয়ে শুনালোঁ মই এইটো কৰিছোঁ, মই এইটো কৰিব পাৰো, ময়েই ঠিক…, এয়া সূক্ষ্ম ‘মই’ ইয়াক সমাপ্ত কৰিব লাগে। এয়া দেহ-অভিমান এইটো ৰূপত আহে। গতিকে আজিৰ দিনটোত এই সূক্ষ্ম ‘মই’, যি কেতিয়াবা পিতাৰ বিশেষত্বকো মোৰ বুলি বুজি ‘মোৰ’ বোধ ৰাখে, ইয়াক সমাপ্ত কৰিব লাগে। চোৱা, যি স্মাৰক বনায় তাতো যেতিয়া বলি দিয়ে তেতিয়া নিজে বলি নাযায় কিন্তু কাক বলি দিয়ে? ছাগলীক। ছাগলীক কিয় ল’লে। কিয়নো ছাগলীয়ে ‘মে’ ‘মে’ হে কৰে। ভক্তসকলে অনুকৰণতো বহুত ভাল কৰিছে। গতিকে আজিৰ দিনটোত এই দেহ-অভিমানৰ ‘মই’ ক পুৰুষাৰ্থ কৰি সমাপ্ত কৰিব পাৰিবানে? পিতাৰ জন্মদিনত আহিছা তেন্তে উপহাৰতো দিবা নহয়! সেয়ে পিতাক অন্য উপহাৰ নালাগে, এই সূক্ষ্ম মোৰবোধ, এইটো পিতাই কয় আজিৰ জন্মদিনত পিতাক উপহাৰ দি দিয়া। দিব পাৰানে? দিব লাগেনে? আছেনে সাহস? সাহস আছেনে? হাত দাঙা। হাত দাঙিতো আনন্দিত কৰি দিলা। হাত দাঙিলা, তেন্তে উপহাৰ দি দিলা নহয়! দি দিয়া উপহাৰ কোনোবাই ওভতাই লয় জানো? কোনো সন্তানে কয় বাবা মই বিচৰা নাছিলোঁ কিন্তু আহি যায়। কাৰণ কি? কাৰণ যদি সোধে তেতিয়া উত্তৰ বহুত ভাল দিয়ে। কয় জানো, মানো কিন্তু কি কৰোঁ উভতি আহি যায়, চিন্তা কৰা! দিয়া বস্তু যদি তোমালোকৰ ওচৰলৈ আহি যায় তেতিয়া দিয়া বস্তু নিজৰ লগত ৰাখিবা জানো? গতিকে যদি নিজৰ অন্তৰৰ পৰা দিলা, যদি উভতি আহিও যায়, তেন্তে নিজৰ লগত ৰাখিবানে? কাৰণ কি? পিতালৈ স্নেহ আছে নহয় গতিকে স্নেহৰ কাৰণে যি পিতাই কয় সেয়া কৰিবলৈ বিচাৰে, পিতাৰ ওচৰলৈও এইটো ফলাফল আহে কিন্তু কি হয়, দৃঢ়তা কম, দৃঢ়তাক ব্যৱহাৰ কৰা। সংকল্প কৰা কিন্তু এটা হ’ল সংকল্প কৰা, আনটো হৈছে দৃঢ় সংকল্প কৰা। গতিকে বাৰে বাৰে কৰা সংকল্পত দৃঢ়তা আনা, এই ক্ষেত্ৰত মনোযোগ কম। দৃঢ়তা সফলতাৰ চাবি। তেন্তে আজি কি কৰিবা? সংকল্প কৰিবা নে দৃঢ় সংকল্প কৰিবা? যদি তোমালোকৰ দৃঢ় সংকল্প আছে তেন্তে তাৰ চিন হৈছে দৃঢ়তা সফলতাৰ চাবি। গতিকে চাবি লগোৱাত কিবা অভাৱ থাকি যায় সেইবাবে সম্পূৰ্ণ সফলতা পোৱা নাযায়।

গতিকে আজি বাপদাদাৰ লগতে সন্তানসকলৰো জন্মদিন, পিতাৰো জন্মদিন। তেন্তে এইটো বিশেষ দিন হ’ল নহয়! গোটেই কল্পত পিতা সন্তানসকলৰ একে সময়তে জন্ম - এয়া এই জন্মদিনৰ বিশেষত্ব। গতিকে আজিৰ দিনটোত পিতাই এইটো বিচাৰে যে প্ৰতিগৰাকী সন্তানে আজি নিজৰ অন্তৰত দৃঢ়তা আনি এইটো সংকল্প কৰক যে মই ব্যৰ্থ সংকল্প নকৰোঁ আৰু ব্যৰ্থত সময় খৰচ নকৰোঁ কিয়নো যদি গোটেই দিনটো মনোযোগেৰে পৰীক্ষা কৰা তেতিয়া মাজে মাজে সময় আৰু সংকল্প ব্যৰ্থত যায়। বাপদাদাইতো সকলোৰে ফলাফল চাই নহয়! সেয়া ৰাহি কৰা অৰ্থাৎ সমাপ্তিৰ সময় সমীপত আনা। সাজু আছানে? নে এতিয়াও ক’বা আহি যায়, কি কৰোঁ? ব্যৰ্থৰ কাম হৈছে অহা, তোমালোকৰ কাম কি, বহিবলৈ দিয়া নেকি? বহিবলৈ দিয়া সেয়েহে সিহঁতেও ঘৰ সাজি লৈছে। সিহঁতেও বুজি গৈছে যে দৃঢ়তা নাই সেইবাবে আজিৰ স্নেহৰ দিনটোত সকলোৰে অন্তৰত এতিয়া কি আছে? অমৃতবেলাৰ পৰা আৰম্ভ কৰি আজি অন্তৰত বাৰে বাৰে কি আহি আছে? মোৰ বাবা, মোৰ বাবা, মোৰ বাবা। পিতাৰ অন্তৰতো আছে মোৰ সন্তান, মোৰ সন্তান, মোৰ সন্তান …। গতিকে যেনেকৈ বেছিভাগেই পিতাৰ স্মৃতিত আছা। দিনটোৰো প্ৰভাৱ আছে, বাপদাদাই টুকি থৈছে। স্নেহৰ দিন হোৱাৰ কাৰণে বাৰে বাৰে সকলোৰে মোৰ বাবা, মোৰ বাবা যথেষ্ট সময় স্মৃতিত আছিল। এনেকুৱা হয়নে? এই ক্ষেত্ৰত হাত দাঙা। আজিৰ দিনটোৰ কথা। মোৰ বাবা স্মৃতিত আছিলনে? আৰু কিবা স্মৃতিত আছিলনে? নাই। হাতবোৰ এনেকুৱা এনেকুৱা কৰি আছে, বৰ ভাল। গতিকে যদি সদায় বাৰে বাৰে পৰীক্ষা কৰা, সংগমৰ প্ৰতিটো দিন পিতাৰ স্নেহৰ দিন। যেনেকৈ আজি বিশেষ দিন হোৱাৰ কাৰণে স্মৃতি বেছি আছিল নহয়! তেনেকৈ সদায় অমৃতবেলা এইটো স্মৃতিত ৰাখা যে এয়া সংগমৰ এটি এটি দিন কিমান মহান। এটা সৰু জন্মত 21 জন্মৰ প্ৰাপ্তিৰ অংগীকাৰ। তেন্তে এটি এটি দিনৰ কিমান মহত্ব হ’ল! ক’ত 21 জন্ম আৰু ক’ত এই সৰু এটা জন্ম।

গতিকে বাপদাদাই আজি তোমালোক সন্তানসকলৰ পৰা জন্মদিনৰ এইটো উপহাৰ বিচাৰিছে। দিবানে উপহাৰ? দিবানে? হাত দাঙা। দৃঢ় নিশ্চয়তাৰ হাত। চাম, কৰিম নহয়। কৰিবই লাগিব। যিয়েই নহওক ত্যাগ মানে ত্যাগ। এয়া ত্যাগ নহয় কিন্তু ভাগ্য। গতিকে আজিৰ দিনটোত যদি আচল হাত দাঙিছা তেন্তে মহত্বৰ দিন নহয় জানো! এতিয়াৰ পৰাই তোমালোকৰ চেহেৰাত ব্যৰ্থৰ সমাপ্তি আৰু সদায় স্মৃতি স্বৰূপৰ ৰেঙনি চেহেৰা আৰু চাল-চলনত দেখা পাব লাগে। এই মায়াৰ যি শব্দ আছে নহয়! ‘কি’, ‘কিয়’, ‘কেতিয়া’, ‘কেনেকৈ’ … এয়া সমাপ্ত হৈ যাব তেতিয়া চেহেৰা আৰু চাল-চলনে সেৱা কৰিব। এতিয়া বেছি প্ৰভাৱ ভাষণৰ। বাপদাদা আনন্দিত যে ভাষণ বৰ ভাল দি আছে কিন্তু দিনে প্ৰতিদিনে এতিয়া এই ভাষণৰ দ্বাৰা, বাণীৰ দ্বাৰা সেৱাৰ উদ্দীপনা ভাল হৈছে আৰু সফলতাও পাইছে। এনেকৈয়ে এতিয়া সময় অনুসৰি তোমালোকৰ বেছি সেৱা চেহেৰা আৰু চাল-চলনেৰে হ’ব। তাৰ অভ্যাস, যেনেকৈ ভাষণৰ অভ্যাস কৰি কৰি পাকৈত হৈ গ’লা নহয়! তেনেকৈ এতিয়া চেহেৰা আৰু চাল-চলন দ্বাৰা কাৰোবাক আনন্দৰ বৰদান দিয়া, এইটো অভ্যাস কৰা কিয়নো সময় কম পাবা সেইবাবে সময় আৰু সংকল্পৰ মহত্ব ৰাখি আগবাঢ়ি যোৱা। হ’ব সকলো অকস্মাতে সেইবাবে জন্মদিনতো স্মৃতিত থাকে নহয়! জন্মদিন আহিব, আহিব কিমান সময় স্মৃতিত আহিল? বাপদাদা আহিব, আহিব, লগ পাম এয়া কিমান সময় স্মৃতিত আছিল? এতিয়া এইটো সংকল্প কৰা, দৃঢ়তাৰে ব্যৰ্থ সময় আৰু সংকল্প সমাপ্ত কৰিব লাগে। মোৰ বাবা, মোৰ বাবা অন্তৰত সমাহিত কৰি, কোৱাটো বেলেগ কথা কিন্তু অন্তৰত সমাহিত কৰা, অন্তৰৰ কথা কেতিয়াও নাপাহৰে। মুখৰ কথা পাহৰিব পাৰে কিন্তু অন্তৰৰ কথা ভাল বা বেয়া দুয়োটাই নাপাহৰে। তেন্তে আজি বাপদাদাক উপহাৰতো দিলা নহয়! দুয়োখন হাত দাঙা। বাঃ! এইখন ফটো তোলা। বাপদাদাই কেৱল হাত নাচায়, বাপদাদাই তোমালোকৰ অন্তৰ চাই আছে।

গতিকে আজি দিনটোৰ উপহাৰ নিজকো দিলা আৰু পিতাকো দিলা। যদি তোমালোকৰ ব্যৰ্থ সময় আৰু সংকল্প ৰাহি হয় তেন্তে তোমালোকৰ দিন কেনেকুৱা হ’ব? সদায় ভাগ্যশালী আৰু আনন্দময় হৈ যাব। গতিকে এতিয়া অমৃতবেলা বাপদাদাৰ সৈতে মিলন কৰাৰ পাছত এই সংকল্প সদায় স্মৃতিলৈ আনিবা আৰু গোটেই দিনটোত মাজে মাজে পৰীক্ষা কৰিবা। বাপদাদাই সময় নিৰ্ধাৰণ নকৰে কিন্তু তোমালোকে নিজৰ সময় নিৰ্ধাৰণ কৰা। মাজে মাজে পৰীক্ষা কৰিবা তেতিয়া যি বাপদাদাৰ আগত জন্মদিনত প্ৰতিশ্ৰুতি দিছিলা, সেই প্ৰতিশ্ৰুতি পালন কৰিছানে? সেয়া নিজেই নিজক পৰীক্ষা কৰিবা। বিচাৰেতো সকলোৱে। বাপদাদাই আজি চেহেৰা চাই আছে যে বিচাৰে হয় কৰিম, কৰিম, কৰিম কিন্তু এই ব্যৰ্থ আহি যায় নহয় তেতিয়া পিতাৰ সৈতে কৰা প্ৰতিশ্ৰুতিও পাহৰাই দিয়ে। গতিকে ব্যৰ্থ সমাপ্ত। এতিয়াও এক মিনিট শক্তিশালী আত্মা হৈ সংকল্প কৰা ব্যৰ্থক সমাপ্ত কৰিবই লাগে। (বাপদাদাই ড্ৰিল কৰালে) বাৰু।

বাপদাদাই এটি সন্তানকো নিজৰ সমান কৰি নোতোলাকৈ থাকিব নিবিচাৰে। স্নেহ আছে নহয়! চোৱা স্নেহৰ চিন আজিৰ দিনটো। পিতা আৰু সন্তানৰ গোটেই কল্পত এনেকুৱা দিন নাই য’ত পিতা আৰু সন্তানৰ জন্ম একে দিনাই হয়। পিতাৰ প্ৰতিগৰাকী সন্তানলৈ অন্তৰৰ স্নেহ আছে যে মোৰ সন্তান, পৰমাত্মাৰ সন্তান, যি সংকল্প কৰা সেই সংকল্প সফল হওক। তেতিয়া ব্যৰ্থ স্বতঃ সমাপ্ত হৈ যাব কিয়নো আগতীয়া দলে তাৰিখ বিচাৰিছে। গতিকে তোমালোকৰ যিসকল জ্যেষ্ঠ দাদী, জ্যেষ্ঠ ভাই, তেওঁলোকলৈ স্নেহতো আছে নহয়। কিমান স্মৰণ কৰে। দাদীক, দিদিক, চন্দ্ৰমণিক। সকলোৰে নাম লৈ যোৱা। সকলোকে স্মৰণ কৰে। গতিকে তেওঁলোকে যি বিচাৰে সেয়া কৰি দেখুওৱাচোন। তেন্তে আজিৰ দিনটোৰ সংকল্প কি থাকিল? কোৱা আৰু কৰা এক হওক। ঠিক আছে! তেন্তে আজি চাৰিওফালৰ সন্তানসকলক বাপদাদাই জন্মদিনৰ উপহাৰ এইটো দি আছে কথন আৰু কৰণ একে কৰা। দৃঢ়তাৰ উপহাৰ আজিৰ দিনটোত বাপদাদাই প্ৰতিগৰাকী সন্তানক দি আছে। শুভ কাৰ্য দৃঢ়তাৰে সফল কৰা।

বাকী যিসকল আজি প্ৰথম বাৰ আহিছে, তেওঁলোক উঠা। হাত লৰোৱা। আহিবলগীয়া সন্তানসকল আহি গ’লা, জানি ল’লা মোৰ বাবা, বাপদাদাই ইয়াৰ বাবে বহুত বহুত অভিনন্দন জনাই আছে। বাপদাদা আনন্দিত হৈছে যে অস্থিৰতা আৰম্ভ হোৱাৰ পূৰ্বেই আহি পাই গ’লা, ইয়াৰ বাবে অভিনন্দন। এতিয়া অহা প্ৰত্যেক সন্তানে এইটো সংকল্প কৰা দৃঢ়, সাধাৰণ সংকল্প নহয়, দৃঢ় সংকল্প কৰা যে তীব্ৰ পুৰুষাৰ্থী হ’বই লাগিব। তীব্ৰ সাধাৰণ নহয়। তেতিয়া তেতিয়া অহাসকল নিজৰ ৰাজ্যত আহি যাবা সেইবাবে সাধাৰণ সংকল্পৰ সময় পূৰা হ’ল। এতিয়া তীব্ৰ পুৰুষাৰ্থৰ সময়, সুযোগ আছে, তথাপিও সুবিধা লওঁতা ‘চাঞ্চেলৰ’ হৈ গ’লা। গতিকে বাপদাদা প্ৰতিগৰাকী সন্তানক দেখি আনন্দিত আৰু প্ৰতিগৰাকী সন্তানক কৈ আছে যে তীব্ৰ পুৰুষাৰ্থ কৰিলে লগত যাবা, লগত থাকিবা। তেন্তে অভিনন্দন, অভিনন্দন, অভিনন্দন।

বাপদাদাই অন্তৰেৰে বিচাৰে এটি সন্তানো যাতে পিছত থাকি নাযায়। লগত যাওক। পিছত অহাসকল ভাল নালাগে। ঘৰলৈ একেলগে, হাতত ধৰি যাব লাগে নহয়। ওভতনি যাত্ৰা। তাৰ বাবে যেনেকৈ পিতা ব্ৰহ্মা ফৰিস্তা হ’ল, তেনেকৈ অনুসৰণ কৰা। সাকাৰত থাকিও ফৰিস্তা, যাকেই দেখা ফৰিস্তাই ফৰিস্তা, তেতিয়া দ্বাৰ খুলি যাব। বাৰু। সকলো সন্তানক সদায় সৌভাগ্যশালী, আনন্দময় স্বৰূপৰ স্নেহভৰা স্মৰণ।

বৰদান:
নিজৰ একাগ্ৰ স্বৰূপৰ দ্বাৰা সূক্ষ্ম শক্তিৰ লীলাৰ অনুভৱ কৰোঁতা অন্তৰ্মুখী হোৱা

একাগ্ৰতাৰ আধাৰ হৈছে অন্তৰ্মুখতা। যিসকল অন্তৰ্মুখী তেওঁলোক ভিতৰি সূক্ষ্ম শক্তিৰ লীলাৰ অনুভৱ কৰে। আত্মাসকলক আৱাহন কৰা, আত্মাসকলৰে সৈতে আত্মিক বাৰ্তালাপ কৰা, আত্মাসকলৰ স্বভাৱ সংস্কাৰ পৰিৱৰ্তন কৰা, পিতাৰ সৈতে সংযোগ স্থাপন কৰোৱা – এনেকুৱা আত্মাৰ জগতত আত্মিক সেৱা কৰিবলৈ একাগ্ৰতাৰ শক্তি বঢ়োৱা, ইয়াৰ দ্বাৰা সৰ্ব প্ৰকাৰৰ বিঘ্ন স্বতঃ সমাপ্ত হৈ যাব।

স্লোগান:
সৰ্ব প্ৰাপ্তি স্বয়ং ধাৰণ কৰি বিশ্বৰ মঞ্চত প্ৰত্যক্ষ হোৱাটোৱেই প্ৰত্যক্ষতাৰ আধাৰ।

অব্যক্ত সংকেত: পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা

কোনোবাই নিতৌ তোমালোকৰ গ্লানি কৰক, তেওঁ সদায় অকল্যাণ কৰক, তোমালোক তেওঁৰ পৰা একাষৰীয়া হোৱাৰ সলনি তেওঁৰো কল্যাণ কৰি থাকা, এয়াই তোমালোক জ্ঞান স্বৰূপ আত্মাৰ কৰ্তব্য। যেনেকৈ পিতাৰ মহিমাত বিশেষকৈ দয়ালু গুণ গায়ন কৰা হয়। লাগিলে দেশত, লাগিলে বিদেশত পিতাৰ আগত আহিলে দয়ালু, কৃপালু বুলি ক’ব। গতিকে তোমালোক সকলো মাষ্টৰ দয়ালু হোৱা। এনেকৈ দয়ালু হৈ সকলোৰে উপকাৰ কৰা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]