25.12.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল – “তোমালোক বহুত সময়ৰ পাছত পুনৰ পিতাৰ সৈতে মিলিত হৈছা সেয়েহে তোমালোক অতিকৈ মৰমৰ ”

প্ৰশ্ন:
নিজৰ স্থিতি একৰস কৰি তোলাৰ সাধন কি?

উত্তৰ:
সদায় স্মৃতিত ৰাখিবা যে চেকেণ্ড পাৰ হৈ গ'ল, সেয়া ড্ৰামা। কল্প পূৰ্বেও এনেকুৱাই হৈছিল। এতিয়াতো নিন্দা-স্তুতি, মান-অপমান সকলো সন্মুখত আহিব সেয়েহে নিজৰ স্থিতি একৰস কৰি তুলিবৰ কাৰণে অতীতৰ চিন্তন নকৰিবা।

ওঁম্শান্তি।
আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বুজাই আছে। আত্মিক পিতাৰ নাম কি? শিৱবাবা। তেওঁ সকলো আত্মাৰ পিতা। আত্মিক সন্তানসকলৰ নাম কি? আত্মা। জীৱৰ নাম থাকে, আত্মাৰ নাম সেয়াই। এইটোও সন্তানসকলে জানে যে সৎসংগ বহুত আছে। এয়া হৈছে সঁচা সত্যৰ সংগ যি সত্য পিতাই ৰাজযোগ শিকাই আমাক সত্যযুগলৈ লৈ যায়। এনেকুৱা আৰু কোনো সৎসংগ বা পাঠশালা থাকিব নোৱাৰে। এইটোও তোমালোক সন্তানসকলে জানা। গোটেই সৃষ্টি চক্ৰ তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। তোমালোক সন্তানসকলহে স্বদৰ্শন চক্ৰধাৰী হোৱা। পিতাই বহি বুজায় এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে। কাৰোবাক বুজালে চক্ৰৰ সন্মুখত থিয় কৰোৱা। এতিয়া তোমালোক এইফালে যাবা। পিতাই জীৱ আত্মাসকলক কয় - নিজক আত্মা বুলি বুজা। এইটো নতুন কথা নহয়, জানা কল্পই কল্পই শুনা, এতিয়া পুনৰ শুনি আছা। তোমালোকৰ বুদ্ধিত কোনো দেহধাৰী পিতা, শিক্ষক, গুৰু নাই। তোমালোকে জানা যে বিদেহী শিৱবাবা আমাৰ শিক্ষক, গুৰু হয়। আৰু কোনো সৎসংগ আদিত এনেকুৱা কথা নুশুনায়। মধুবনতো এয়া এখনেই। তেওঁলোকে আকৌ এখন মধুবন বৃন্দাবনত দেখুৱায়। সেয়া ভক্তিমাৰ্গত মনুষ্যই বহি ৰচিছে। বাস্তৱত মধুবনতো এইখন। তোমালোকৰ বুদ্ধিত আছে যে আমি সত্যযুগ ত্ৰেতাৰ পৰা পুনৰ্জন্ম লৈ লৈ এতিয়া সংগমত আহি থিয় হৈছোঁ - পুৰুষোত্তম হ'বৰ কাৰণে। আমাক পিতা আহি সোঁৱৰাই দিছে। 84 জন্ম কোনে আৰু কেনেকৈ লয়, সেয়াও তোমালোকে জানা। মনুষ্যই কেৱল কৈ দিয়ে, একোৱেই বুজি নাপায়। পিতাই ভালদৰে বুজায়। সত্যযুগত সতোপ্ৰধান আত্মাসকল আছিল, শৰীৰো সতোপ্ৰধান আছিল। এই সময়ততো সত্যযুগ নাই, এয়া হৈছে কলিযুগ। সোণালীযুগত আমি আছিলোঁ। পুনৰ চক্ৰ পৰিক্ৰমা লগাই পুনৰ্জন্ম লৈ লৈ আমি লৌহযুগত আহি গ'লোঁ পুনৰাই চক্ৰ নিশ্চয় পৰিক্ৰমা লগাব লাগিব। এতিয়া নিজৰ ঘৰলৈ যাব লাগে। তোমালোক অতিকৈ মৰমৰ সন্তান হোৱা নহয়। “অতিকৈ মৰমৰ” বুলি তেওঁলোকক কোৱা হয় যি হেৰাই যায়, পুনৰ বহুত সময়ৰ পাছত মিলিত হয়। তোমালোক 5 হাজাৰ বছৰৰ পাছত আহি মিলিত হৈছা। তোমালোক সন্তানসকলেহে জানা - এওঁ সেইজনেই পিতা যিয়ে 5 হাজাৰ বছৰ পূৰ্বে এই সৃষ্টি চক্ৰৰ জ্ঞান আমাক দিছিল। স্বদৰ্শন চক্ৰধাৰী কৰি তুলিছিল। এতিয়া পুনৰ পিতা আহি মিলিত হৈছে। জন্মসিদ্ধ অধিকাৰ দিবৰ কাৰণে। ইয়াত পিতাই অনুভৱ কৰায়। ইয়াত আত্মাৰ 84 জন্মৰ অনুভৱ আহি যায়। এই সকলোবোৰ পিতাই বহি বুজায়। যেনেকৈ 5 হাজাৰ বছৰ পূৰ্বেও বুজাইছিল - মনুষ্যক দেৱতা বা কঙালক মুকুটধাৰী কৰি তুলিবৰ কাৰণে। তোমালোকে বুজি পোৱা আমি 84 বাৰ পুনৰ্জন্ম লৈছোঁ, যিসকলে লোৱা নাই তেওঁলোক ইয়াত শিকিবলৈ নাহিবও। কোনোবাই অলপমান বুজিব। ক্ৰমানুসৰিতো হয় নহয়। নিজৰ নিজৰ ঘৰ-গৃহস্থালিত থাকিব লাগে। সকলোৱেতো ইয়াত আহি নবহিব। পুনৰুজ্জীৱিত হ'বলৈ তেওঁলোক আহিব যিসকল বহুত ভাল পদ পাবলগীয়া হ’ব। কম পদ পাবলগীয়াসকলে বেছিকৈ পুৰুষাৰ্থও নকৰিব। এই জ্ঞান এনেকুৱা যে অলপমানো যদি পুৰুষাৰ্থ কৰে তেন্তে সেয়া ব্যৰ্থত নাযায়। শাস্তি খাই আহি যাব। পুৰুষাৰ্থ ভালকৈ কৰিলে তেন্তে শাস্তিও কম হয়। স্মৃতিৰ যাত্ৰা অবিহনে বিকৰ্ম বিনাশ নহ'ব। এইটো কথা বাৰে বাৰে নিজক সোঁৱৰাই দিয়া। যিকোনো মনুষ্যক লগ পালে প্ৰথমেতো তেওঁলোকক এইটো বুজাব লাগে - নিজক আত্মা বুলি বুজক। এই নামটো পাছত শৰীৰৰ বাবে পাইছে, কাৰোবাক শৰীৰৰ নামেৰে মাতিব। এই সংগমতেই বেহদৰ পিতাই আত্মিক সন্তানসকলক মাতে। তোমালোকে ক'বা আত্মিক পিতা আহিছে। পিতাই ক'ব আত্মিক সন্তান। প্ৰথমে আত্মা তাৰপাছত সন্তানসকলৰ নাম লয়। আত্মিক সন্তানসকল তোমালোকে বুজি পোৱা আত্মিক পিতাই কি বুজায়। তোমালোকৰ বুদ্ধিয়ে জানে - শিৱবাবা এই ভাগীৰথত (ব্ৰহ্মাবাবাৰ শৰীৰত) বিৰাজমান হৈ আছে, আমাক তেৱেঁই সহজ ৰাজযোগ শিকাই আছে। আৰু কোনো মনুষ্য মাত্ৰ নাই যাৰ শৰীৰত পিতা আহি ৰাজযোগ শিকাব। সেইজন পিতা আহেই পুৰুষোত্তম সংগমযুগত, আৰু কোনো মনুষ্যই কেতিয়াও এনেকৈ ক'ব নোৱাৰে, বুজাব নোৱাৰে। এইটোও তোমালোকে জানা যে এই শিক্ষা কোনো এইজন পিতাৰ (ব্ৰহ্মাৰ) নহয়। এওঁতো এইটো নাজানিছিল যে কলিযুগ শেষ হৈ সত্যযুগ আহিব। এওঁৰ এতিয়া কোনো দেহধাৰী গুৰু নাই বাকীতো সকলো মনুষ্য মাত্ৰেই ক'ব আমাৰ অমুক গুৰু আছে। অমুক জ্যোতি জ্যোতিত সমাহিত হৈ গ'ল। সকলোৰে দেহধাৰী গুৰু আছে। ধৰ্ম প্ৰতিষ্ঠাপকসকলো দেহধাৰী হয়। এইটো ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিলে? পৰমপিতা পৰমাত্মা ত্ৰিমূৰ্তি শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা প্ৰতিষ্ঠা কৰিছে।

এওঁৰ শৰীৰৰ নাম ব্ৰহ্মা। খ্ৰীষ্টানসকলে ক’ব যীশুখ্ৰীষ্টই এইটো ধৰ্ম প্ৰতিষ্ঠা কৰিলে। তেওঁতো দেহধাৰী। চিত্ৰও আছে। এইটো ধৰ্মৰ প্ৰতিষ্ঠাপকৰ কি চিত্ৰ দেখুৱাব? শিৱৰেই দেখুৱাব। শিৱৰ চিত্ৰও কোনোবাই ডাঙৰ, কোনোবাই সৰুকৈ তৈয়াৰ কৰে। তেওঁতো বিন্দুহে হয়। নাম-ৰূপো আছে কিন্তু অব্যক্ত। এই দুচকুৰে চাব নোৱাৰে। শিৱবাবাই তোমালোক সন্তানসকলক ৰাজ্য-ভাগ্য দি থৈ গ’ল সেইবাবেতো স্মৰণ কৰে নহয়। শিৱবাবাই কয় - মনমনাভৱ। মোক একমাত্ৰ পিতাক স্মৰণ কৰা। কাৰো স্তুতি কৰিব নালাগে। আত্মাৰ বুদ্ধিত কোনো দেহৰ স্মৃতি আহিব নালাগে, এইটো ভালদৰে বুজিবলগীয়া কথা। আমাক শিৱবাবাই পঢ়ায়। গোটেই দিন এইটো পুনৰাবৃত্তি কৰি থাকা। শিৱ ভগৱানুবাচ পোন প্ৰথমেতো ‘অল্ফ্’ৰ (পিতাৰ) বিষয়েহে বুজাবলগীয়া হয়। এইটো দৃঢ় নকৰাকৈ ‘বে’ৰ (বাদশ্বাহীৰ) কথা শুনালে তেতিয়া একোৱে বুদ্ধিত ধাৰণ নহ’ব। কোনোবাই কৈ দিয়ে এই কথাটিতো শুদ্ধ। কোনোবাই কয় এইটো বুজিবলৈতো সময় লাগিব। কোনোবাই কয় বিচাৰ কৰি চাম। বিভিন্ন প্ৰকাৰৰ আহে। এয়া হ’ল নতুন কথা। পৰমপিতা পৰমাত্মা শিৱই আত্মাসকলক পঢ়ায়। বিচাৰ চলে, কি কৰোঁ যাতে মনুষ্যই এইটো বুজিব পাৰে। শিৱই জ্ঞানৰ সাগৰ হয়। আত্মাক জ্ঞানৰ সাগৰ বুলি কেনেকৈ কয়, যাৰ শৰীৰেই নাই। জ্ঞান সাগৰ হয় যেতিয়া নিশ্চয় কেতিয়াবা জ্ঞান শুনাইছিল সেইবাবেতো তেওঁক জ্ঞান সাগৰ বুলি কয়। এনেয়ে কিয় ক’ব। কোনোবাই বহুত পঢ়িলে তেতিয়া কোৱা হয় এওঁতো বহুত বেদ-শাস্ত্ৰ পঢ়িছে, সেইকাৰণে শাস্ত্ৰী বা বিদ্বান বুলি কোৱা হয়। পিতাক জ্ঞানৰ সাগৰ, হৰ্তা-কৰ্তা বুলি কোৱা হয়। নিশ্চয় জন্মি গৈছে। প্ৰথমেতো সুধিব লাগে এতিয়া কলিযুগ নে সত্যযুগ? নতুন সৃষ্টি নে পুৰণি সৃষ্টি? লক্ষ্য-উদ্দেশ্যতো তোমালোকৰ সন্মুখত আছে। এই লক্ষ্মী-নাৰায়ণ থকাহেঁতেন তেওঁলোকৰ ৰাজত্ব হ’লহেঁতেন। এই পুৰণি সৃষ্টি, কঙাল অৱস্থাই নাথাকিলহেঁতেন। এতিয়াতো কেৱল এওঁলোকৰ চিত্ৰ আছে। মন্দিৰত আৰ্হি দেখুৱায়। নহ’লেতো এওঁলোকৰ মহল বাগিচা আদি কিমান ডাঙৰ ডাঙৰ হ’ব। কেৱল মন্দিৰতে থাকিব জানো। ৰাষ্ট্ৰপতিৰ ভৱন কিমান ডাঙৰ হয়। দেৱী-দেৱতাসকলতো ডাঙৰ ডাঙৰ মহলত থাকিব। বহুত ঠাই থাকিব। তাত ভয় আদিৰ কথাই নাথাকে। সদায় ফুলনি হৈ থাকে। কাঁইট নাথাকেই। তাত হয়েই বাগিচা। তাততো খৰি আদি নজ্বলায়। খৰি জ্বলালে ধোঁৱা ওলায় তেতিয়া দুখৰ অনুভূতি হয়। তাত আমি বহুত কম পৰিসৰত বসতি কৰোঁ। পাছলৈ বৃদ্ধি হৈ গৈ থাকে। বহুত ভাল বাগিচা হ’ব, সুবাস আহি থাকিব। জংঘল নাথাকিবই। এতিয়া অনুভৱ হয়, দেখাতো নাই। তোমালোকে ধ্যানত ডাঙৰ ডাঙৰ মহল আদি দেখি আহা, সেয়াতো ইয়াত সাজিব নোৱাৰে। সাক্ষাৎকাৰ হ’ল তাৰপাছত আকৌ নাইকিয়া হৈ যাব। সাক্ষাৎকাৰ কৰিছাতো নহয়। ৰজাসকল, ৰাজকুমাৰ-ৰাজকুমাৰী থাকিব। বহুত ৰমণীয় স্বৰ্গ হ’ব। যেনেকৈ ইয়াত মহীশূৰ আদি ৰমণীয় স্থান, তেনেকৈ তাত বহুত ভাল বতাহ লাগি থাকে। পানীৰ ঝৰ্ণা বৈ থাকে। আত্মাই বুজি পায় আমি ভাল ভাল বস্তু তৈয়াৰ কৰোঁ। আত্মাৰ স্বৰ্গতো স্মৃতিলৈ আহে নহয়।

তোমালোক সন্তানসকলৰ অনুভূতি হয় – কি কি হ’ব, ক’ত অমি থাকিমগৈ। এই সময়ত এইটো স্মৃতি থাকে। চিত্ৰবিলাক চোৱা তোমালোক কিমান সৌভাগ্যশালী হোৱা। তাত দুখৰ কোনো কথা নাথাকিব। আমিতো স্বৰ্গত আছিলোঁ আকৌ অৱনমিত হ’লোঁ। এতিয়া আকৌ স্বৰ্গলৈ যাব লাগে। কেনেকৈ যাবা? ৰচিত ওলমি যাবা নেকি? আমি আত্মাসকল শান্তিধামৰ নিবাসী। পিতাই সোঁৱৰাই দিলে এতিয়া তোমালোক আকৌ দেৱতা হৈ আছা আৰু আনকো দেৱতা কৰি গঢ়ি আছা। কিমানে ঘৰত বহিও সাক্ষাৎকাৰ কৰে। বান্ধোনত থকা মাতাসকলে বাবাক কেতিয়াবা দেখা পাইছে জানো। কেনেকৈ আত্মা ব্যাকুল হয়। নিজৰ ঘৰৰ সমীপত আহিলে আত্মা আনন্দিত হয়। বুজি পায় বাবাই আমাক জ্ঞান দি অলংকৃত কৰিবলৈ আহিছে। অৱশেষত এদিন খবৰ কাগজতো প্ৰকাশ পাব। এতিয়াতো স্তুতি-নিন্দা, মান-অপমান সকলো সন্মুখত আহে। জানে যে কল্প পূৰ্বেও এনেকুৱা হৈছিল, যিটো চেকেণ্ড পাৰ হৈ গ’ল, তাৰ চিন্তন কৰিবলগা নহয়। খবৰ কাগজত কল্প পূৰ্বেও এনেকৈ প্ৰকাশ পাইছিল। পুনৰ পুৰুষাৰ্থ কৰা হয়। হৈ-চৈ যি হ’ব লগা আছিল হৈ গ’ল। নামতো জনাজাত হৈ গ’ল নহয়। আকৌ তোমালোকে সঁহাৰি জনোৱা। কোনোবাই পঢ়ে, কোনোবাই নপঢ়ে। সময় নাপায়। অন্য কামত লাগি যায়। এতিয়া তোমালোকৰ বুদ্ধিত আছে – এয়া বেহদৰ ডাঙৰ ড্ৰামা। টিক্ টিক্ চলি থাকে, চক্ৰ ঘূৰি থাকে। এক চেকেণ্ডত যি অতীত হৈ গ’ল আকৌ 5 হাজাৰ বছৰৰ পাছত পুনৰাবৃত্তি হ’ব। যি হৈ গ’ল চেকেণ্ডৰ পাছত খেয়ালত আহে। এইটো ভুল হৈ গ’ল, ড্ৰামাত নিৰ্ধাৰিত হৈ গ’ল। কল্প পূৰ্বেও এনেকৈয়ে ভুল হৈছিল, অতীত হৈ গ’ল। এতিয়া আৰু আগলৈ নকৰোঁ। পুৰুষাৰ্থ কৰি থাকে। তোমালোকক বুজোৱা হয় যে বাৰে বাৰে ভুল কৰাতো ভাল নহয়। এইটো কৰ্ম ভাল নহয়। অন্তৰ দহি থাকিব – মোৰ দ্বাৰা এইটো বেয়া কাম হ’ল। পিতাই বুজনি দিয়ে, এনেকুৱা নকৰিবা, কাৰোবাৰ দুখ হ’ব। মানা কৰা হয়। পিতাই কৈ দিয়ে – এইটো কাম নকৰিবা, নোসোধাকৈ বস্তু তুলি লোৱা, তাক চুৰি কৰা বুলি কোৱা হয়। এনেকুৱা কাম নকৰিবা। কটু বচন উচ্চাৰণ নকৰিবা। আজিকালি জগতখন চোৱা কেনেকুৱা - কোনোবাই লগুৱাৰ ওপৰত ক্ৰোধ কৰিলে তেতিয়া তেৱোঁ শত্ৰুতা কৰিবলৈ লাগি যায়। তাততো সিংহ-ছাগলী পৰস্পৰ মিলা-প্ৰীতিৰে থাকে। অপ্ৰীতি আৰু মিলা-প্ৰীতি। সত্যযুগত সকলো মনুষ্য আত্মা পৰস্পৰ মিলা-প্ৰীতিৰে থাকে। আৰু এই ৰাৱণৰ সৃষ্টিত সকলো মনুষ্য অপ্ৰীতিকৰ। পিতা-পুত্ৰও অপ্ৰীতিকৰ। কাম মহাশত্রু হয় নহয়। কাম-কটাৰী চলাই এজনে আনজনক দুখ দিয়ে। এই গোটেই সৃষ্টিখন অপ্ৰীতিকৰ। সত্যযুগী সৃষ্টি মিলা-প্ৰীতিৰ হয়। এই কথাবোৰ জগতৰ লোকে কি জানে। মনুষ্যইতো স্বৰ্গৰ লাখ লাখ বছৰ বুলি কৈ দিয়ে। তেন্তে কোনো কথা বুদ্ধিত উদয় হ’ব নোৱাৰে। যিসকল দেৱতা আছিল তেওঁলোকৰহে স্মৃতিত আহিব। তোমালোকে জানা এই দেৱতাসকল সত্যযুগত আছিল। যিসকলে 84 জন্ম লৈছে তেওঁলোকেই পুনৰ আহি পঢ়িব আৰু কাঁইটৰ পৰা ফুল হ'ব। এইখন পিতাৰ একমাত্ৰ বিশ্ব বিদ্যালয়, ইয়াৰ শাখা মুকলি হৈ গৈ থাকে। খোদা যেতিয়া আহিব তেতিয়া তেওঁৰ সহায়কাৰী হ'ব, যাৰ দ্বাৰা স্বয়ং খোদাই ৰাজ্য স্থাপনা কৰিব। তোমালোকে বুজি পোৱা আমি খোদাৰ সহায়কাৰী হওঁ। তেওঁলোকে পাৰ্থিৱ সেৱা কৰে, এয়া হৈছে আত্মিক। বাবাই আমাক আত্মাসকলক আত্মিক সেৱা শিকাই আছে কিয়নো আত্মাহে তমোপ্ৰধান হৈ গৈছে। পুনৰ বাবাই সতোপ্ৰধান কৰি আছে। বাবাই কয় – মামেকম্ স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। এয়া যোগ অগ্নি। ভাৰতৰ প্ৰাচীন যোগৰ গায়ন কৰা হৈছে নহয়। কৃত্ৰিম যোগতো বহুত হৈ গৈছে সেয়েহে বাবাই কয় “স্মৃতিৰ যাত্ৰা” বুলি কোৱাতো ঠিক। শিৱবাবাক স্মৰণ কৰি কৰি তোমালোক শিৱপুৰীলৈ গুচি যাবাগৈ। সেয়া হ'ল শিৱপুৰী (পৰমধাম)। সেয়া বিষ্ণুপুৰী (সত্যযুগ)। এয়া ৰাৱণপুৰী। বিষ্ণুপুৰীৰ পাছত ৰামপুৰী (ত্ৰেতাযুগ)। সূৰ্যবংশীৰ পাছত চন্দ্ৰবংশী। এয়াতো গতানুগতিক কথা। আধাকল্প সত্যযুগ-ত্ৰেতা, আধাকল্প দ্বাপৰ-কলিযুগ। এতিয়া তোমালোক সংগমত আছা। এয়াও কেৱল তোমালোকে জানা। যিসকলে ভালদৰে ধাৰণা কৰে, তেওঁলোকে আনকো বুজায়। আমি পুৰুষোত্তম সংগমযুগত আছোঁ। এইটো স্মৃতি কাৰোবাৰ বুদ্ধিত থাকিলে তেতিয়াও গোটেই ড্ৰামা বুদ্ধিত আহি যাব। কিন্তু কলিযুগী দেহৰ সম্বন্ধীয় আদি স্মৃতিত আহি থাকে। পিতাই কয় - তোমালোকে এজন পিতাক স্মৰণ কৰিব লাগে। সকলোৰে সৎগতি দাতা ৰাজযোগ শিকাওঁতা এজনেই সেয়েহে বাবাই বুজাইছে - শিৱবাবাৰহে জয়ন্তী আছে যিয়ে গোটেই সৃষ্টিক ওলোটাই দিয়ে। তোমালোক ব্ৰাহ্মণসকলেহে জানা, এতিয়া আমি পুৰুষোত্তম সংগমযুগত আছোঁ। যিসকল ব্ৰাহ্মণ হয় তেওঁলোকৰহে ৰচয়িতা আৰু ৰচনাৰ জ্ঞান বুদ্ধিত আছে। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো ধৰণৰ এনেকুৱা কাম কৰিব নালাগে যাৰ বাবে আনে দুখ পায়। কটু বচন উচ্চাৰিত কৰিব নালাগে। বহুত মিলা-প্ৰীতিৰে চলিব লাগে।

(2) কোনো দেহধাৰীৰ স্তুতি কৰিব নালাগে। বুদ্ধিত থাকিব লাগে যে আমাক শিৱবাবাই পঢ়ায়, সেই এজনৰেই মহিমা কৰিব লাগে, আত্মিক সহায়কাৰী হ'ব লাগে।

বৰদান:
শুদ্ধ সংকল্পৰ ব্ৰতেৰে (দৃঢ়তাৰে) বৃত্তিৰ পৰিৱৰ্তন কৰোঁতা অন্তৰ আসনধাৰী হোৱা

বাপদাদাৰ অন্তৰ আসন ইমান পৱিত্ৰ যে এই আসনত সদায় পৱিত্ৰ আত্মাসকলহে বহিব পাৰে। যাৰ সংকল্পতো অপৱিত্ৰতা বা অমৰ্যাদা আহি যায় তেওঁ অন্তৰ আসনত অধিষ্ঠিত হোৱাৰ সলনি অধোগতিৰ কলাত তলত আহি যায় সেই কাৰণে প্ৰথমে শুদ্ধ সংকল্পৰ ব্ৰতেৰে নিজৰ বৃত্তি পৰিৱৰ্তন কৰা। বৃত্তি পৰিৱৰ্তনৰ দ্বাৰা ভৱিষ্যত জীৱন ৰূপী সৃষ্টি সলনি হৈ যাব। শুদ্ধ সংকল্প বা দৃঢ় সংকল্পৰ ব্ৰতৰ প্ৰতক্ষ্যফল হয়েই সদাকালৰ বাবে বাপদাদাৰ অন্তৰ আসন।

স্লোগান:
য’ত সৰ্ব শক্তি লগত আছে ত’ত নিৰ্বিঘ্ন সফলতা আছেই।


অব্যক্ত সংকেত: এতিয়া সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা

অন্তঃবাহক স্থিতি অৰ্থাৎ কৰ্মবন্ধন মুক্ত কৰ্মাতীত স্থিতিৰ বাহন অৰ্থাৎ অন্তিম বাহন, যাৰ দ্বাৰাই চেকেণ্ডত উৰিবা। তাৰ বাবে হদৰ সকলো পাৰ হৈ বেহদৰ স্বৰূপত, বেহদৰ সেৱাধাৰী, সকলো হদৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁতা বিজয়ী ৰত্ন হোৱা তেতিয়াহে অন্তিম কৰ্মাতীত স্বৰূপৰ অনুভৱী স্বৰূপ হ’বাগৈ।