26.03.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সংগদোষৰ পৰা নিজক ৰক্ষা কৰি পঢ়াত সম্পূৰ্ণ ধ্যান দিয়া তেতিয়া কোনো ধৰণৰ ধুমুহা আহিব
নোৱাৰে, কেৱল মায়াক দোষাৰোপ নকৰিবা”
প্ৰশ্ন:
কোনটো এটা কথা
সদায় ধ্যানত ৰাখিলে নাও পাৰ হৈ যাব?
উত্তৰ:
“বাবা আপোনাৰ যি হুকুম”, এনেকৈ সদায় পিতাৰ হুকুম মতে চলিলে নাও পাৰ হৈ যাব। হুকুমত
চলাসকল মায়াৰ আক্ৰমণৰ পৰা হাত সাৰি যায়, বুদ্ধিৰ তলা খুলি যায়। অপাৰ আনন্দ থাকে।
কোনো ওলোটা কৰ্ম নহয়।
গীত:
তুম্হে পাকে
হমনে…… (তোমাক পাই আমি…..)
ওঁম্শান্তি।
সকলো
সেৱাকেন্দ্ৰৰ মৰমৰ সন্তানসকলে গীতটি শুনিলে। সকলোৱে জানে যে বেহদৰ পিতাৰ পৰা 5
হাজাৰ বছৰ পূৰ্বৰ দৰে আমি বিশ্বৰ বাদশ্বাহী লৈ আছোঁ। কল্পই কল্পই আমি লৈ আহিছোঁ।
বাদশ্বাহী লওঁ আকৌ হেৰুৱাওঁ। সন্তানসকলে জানে যে আমি এতিয়া বেহদৰ পিতাৰ কোলাত আশ্ৰয়
লৈছোঁ বা তেওঁৰ সন্তান হৈছোঁ। হয়ো যথাযথ। ঘৰত বহি পুৰুষাৰ্থ কৰে। বেহদৰ পিতাৰ পৰা
উচ্চ পদ লাভ কৰিবৰ বাবে পঢ়া-শুনা চলি আছে। তোমালোকে জানা যে জ্ঞান সাগৰ, পতিত-পাৱন
সকলোৰে সৎগতি দাতা শিৱবাবাই আমাৰ পিতাও হয়, শিক্ষকো হয় আৰু সৎগুৰুও হয়। তেওঁৰ পৰা
আমি উত্তৰাধিকাৰ লওঁ গতিকে তাৰবাবে কিমান পুৰুষাৰ্থ কৰিব লাগে – উচ্চ পদ লাভ কৰিবৰ
বাবে। অজ্ঞান কালতো বিদ্যালয়ত পঢ়িলে নিজৰ পঢ়া অনুসৰি ক্ৰমানুসাৰে নম্বৰ লাভ কৰে।
তাত এনেকৈতো কোনেও নকয় যে মায়াই মোৰ আগত বিঘিনি আনে বা ধুমুহা আহে। যথা ৰীতিৰে নপঢ়ে
বা বেয়া সংগত গৈ আৱদ্ধ হৈ যায়। খেলা-ধূলাত লাগি যায় সেইবাবে নপঢ়ে। অনুত্তীৰ্ণ হৈ
যায়। বাকী ইয়াক মায়াৰ ধুমুহা বুলি কোৱা নহয়। চলন ভাল নহ’লে শিক্ষকেও প্ৰমাণপত্ৰ দিয়ে
যে এওঁৰ চাল-চলন ভাল নহয়। কুসংগত গৈ বেয়া হৈ গ’ল, এই ক্ষেত্ৰত মায়া ৰাৱণক দোষাৰোপ
কৰাৰ কথা নাই। ডাঙৰ ডাঙৰ বৰ ভাল ব্যক্তিসকলৰ সন্তান কিছুমানেতো ভাল উন্নতি কৰে,
কোনোবাই আকৌ মদ আদি পান কৰিবলৈ লাগি যায়। বেয়াৰ ফালে গুচি যায় সেয়েহে পিতায়ো কয় যে
কুসন্তান হৈ গ’ল। সেই পঢ়াততো বহুত বিষয় থাকে। এয়াতো এক প্ৰকাৰৰেই পঢ়া। তাত মনুষ্যই
পঢ়ায়। ইয়াত সন্তানসকলে জানে যে আমাক ভগৱানে পঢ়ায়। আমি ভালদৰে পঢ়িলে বিশ্বৰ মালিক
হ’ব পাৰোঁ। সন্তানতো বহুত আছে, আকৌ কোনোৱে সংগদোষত পৰি পঢ়িব নোৱাৰে। ইয়াক মায়াৰ
ধুমুহা বুলি কিয় ক’ব লাগে? সংগদোষত পৰি কোনোবাই নপঢ়ে, এই ক্ষেত্ৰত আকৌ মায়া বা
শিক্ষক বা পিতাই কি কৰিব! পঢ়িব নোৱাৰে বাবে নিজৰ ঘৰলৈ গুচি গ’ল। এয়াতো ড্ৰামা অনুসৰি
প্ৰথমে ভাতীত থাকিবলগীয়াই হৈছিল। আহি শৰণ ল’লে। কাৰোবাক স্বামীয়ে অত্যাচাৰ কৰিলে,
অতিষ্ঠ কৰাৰ বাবে কাৰোবাৰ বৈৰাগ্য জন্মিল। ঘৰত চলিব নোৱাৰিলে আকৌ কোনোবা ইয়ালৈ আহিও
গুচি গ’ল, পঢ়িব নোৱাৰি চাকৰি আদিত লাগি গ’ল বা বিবাহ পাশত আৱদ্ধ হ’ল। এয়াতো
একপ্ৰকাৰৰ অজুহাত যে মায়াৰ ধুমুহাৰ বাবে পঢ়িব নোৱাৰে। এইটো বুজি নাপায় যে সংগদোষৰ
বাবে এই অৱস্থা হ’ল আৰু নিজৰ মাজত বিকাৰ ভৰি আছে। এনেকৈ কিয় কোৱা যে মায়াৰ ধুমুহা
লগাৰ বাবে বাগৰি পৰিলোঁ। এয়াতো নিজৰ ওপৰত নিৰ্ভৰ কৰে।
পিতা, শিক্ষক আৰু
সৎগুৰুৰ পৰা যি শিক্ষা পোৱা যায় সেইমতে চলিব লাগে। যদি নচলে তেন্তে কোনোবা কুসংগ আছে
বা কামৰ নিচা বা দেহ-অভিমানৰ নিচা আছে। সকলো সেৱাকেন্দ্ৰৰ সন্তানসকলে জানে যে আমি
বেহদৰ পিতাৰপৰা বিশ্বৰ বাদশ্বাহী ল’বৰ বাবে পঢ়ি আছোঁ। যদি নিশ্চয়তা নাই তেন্তে বহিনো
কিয় আছা, আৰু বহুত আশ্ৰম আছে। কিন্তু তাততো কোনো প্ৰাপ্তি নাই। লক্ষ্য-উদ্দেশ্য নাই।
সেই সকলোবোৰ সৰু-সুৰা মঠ, পন্থ, ঠাল-ঠেঙুলি। বৃক্ষ বৃদ্ধি হ’বই। ইয়াততো এই সকলোবোৰৰ
সংযোগ আছে। মিঠা দৈৱী বৃক্ষৰ যি হ’ব তেওঁলোক ওলাই আহিব। সকলোতকৈ মিঠা কোন হ’ব?
যিসকল সত্যযুগৰ মহাৰজা-মহাৰাণী হয়, এতিয়া তোমালোকে বুজি পোৱা যে যিসকল প্ৰথম নম্বৰত
আহে তেওঁলোকে নিশ্চয় ভালদৰে পঢ়িছে। তেওঁলোকেই সূৰ্যবংশী ৰাজবংশত আহে। এনেকুৱাও আছে
যে গৃহস্থালিত থাকিও জীৱন অৰ্পণময়। বহুত সেৱা কৰি আছে। পাৰ্থক্য আছে নহয়। যদিও
ইয়াতেই থাকে কিন্তু ভালকৈ পঢ়াব নোৱাৰে সেয়েহে অন্য সেৱাত লাগি যায়। পাছৰফালে অলপ
ৰাজপদ লাভ কৰিব। দেখিবলৈ পোৱা যায় যে বাহিৰত গৃহস্থালিত থকাসকল পঢ়াত আৰু পঢ়োৱাত
বহুত তীক্ষ্ণ হৈ যায়। সকলোতো গৃহস্থী নহয়। কন্যা আৰু কুমাৰসকলক গৃহস্থী বুলি কোৱা
নহয়, আৰু যিসকল বানপ্ৰস্থী হয় তেওঁলোকে 60 বছৰৰ পাছত সকলো সন্তানক দি নিজে কোনো সাধু
আদিৰ সংগত গৈ থাকে। আজিকালিতো তমোপ্ৰধান গতিকে নমৰালৈকে বৃত্তি আদি এৰি নিদিয়ে। আগতে
60 বছৰত বানপ্ৰস্থ অৱস্থাত গুচি গৈছিল। বাৰানসীত গৈ থাকিবলৈ লৈছিল। এইটোতো
সন্তানসকলে বুজিছে যে কোনেও উভতি যাব নোৱাৰে। সৎগতি পাব নোৱাৰে।
পিতাহে হৈছে
মুক্তি-জীৱনমুক্তি দাতা। তাকো সকলোৱে জীৱনমুক্তি লাভ নকৰে। কোনোবাতো মুক্তিত গুচি
যায়। এতিয়া আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা হৈ আছে, বাকী যিয়ে যিমান পুৰুষাৰ্থ
কৰে। তাৰ ভিতৰতো কুমাৰীসকলৰ বেছি সুযোগ আছে। পাৰলৌকিক পিতাৰ উত্তৰাধিকাৰী হৈ যায়।
ইয়াততো সকলো সন্তান পিতাৰ পৰা সম্পত্তি লোৱাৰ অধিকাৰী হয়। তাততো কন্যাসকলে সম্পত্তি
লাভ নকৰে। পুত্ৰসকলৰ লালসা থাকে। এনেকুৱাও আছে যিয়ে ভাবে যে এইটোও সম্পত্তি পাম আৰু
সেইটোও লওঁ, সেইটোনো কিয় এৰি দিওঁ। দুয়োফালেই পঢ়ে। এনেকুৱা বিভিন্ন ধৰণৰ আছে। এতিয়া
এইটোতো বুজি পায় যে যিয়ে ভালদৰে পঢ়ে তেওঁ উচ্চ পদ লাভ কৰে। প্ৰজাত গৈ বহুতো ধনৱান
হৈ যায়। ইয়াত থকাসকল ভিতৰতেই থাকিবলগীয়া হয়। দাস-দাসী হৈ যায়। আকৌ ত্ৰেতাৰ অন্তত গৈ
খুব বেছি 3-4-5 জন্ম ৰাজ্যপদ লাভ কৰিব। তাতকৈতো সেই চহকীসকল ভাল যিসকল সত্যযুগৰ পৰা
ধনৱান হৈ থাকে। গৃহস্থালিত থাকি ধনৱানৰ পদ কিয় প্ৰাপ্তি কৰিব নালাগে। চেষ্টা কৰে
যাতে ৰজাৰ পদ লাভ কৰে। কিন্তু যদি পিছলি যায় তেন্তে প্ৰজাৰ ভিতৰত ভাল পদ লাভ কৰিবৰ
বাবে পুৰুষাৰ্থ কৰিব লাগে। সেইটোওতো উচ্চ পদ হ’ল নহয়। ইয়াত বাস কৰা সকলতকৈ বাহিৰত
থকাসকলে বহুত উচ্চ পদ লাভ কৰিব পাৰে। সকলো পুৰুষাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। পুৰুষাৰ্থ
কেতিয়াও লুকাই থাকিব নোৱাৰে। প্ৰজাত যি অতিকৈ চহকী হ’ব তেওঁলোকো লুকাই নাথাকিব।
এনেকুৱা নহয় যে বাহিৰৰসকলে কম পদ পায়। শেষত গৈ ৰাজ্যপদ পোৱা ভাল নে প্ৰজাত
আৰম্ভণিৰপৰা উচ্চ পদ লাভ কৰাতো ভাল? গৃহস্থালিত থকাসকলৰ ইমান মায়াৰ ধুমুহা নাহে।
ইয়াত থকাসকলৰ বহুত ধুমুহা আহে। সাহস কৰে যে আমি শিৱবাবাৰ শৰণত বহি আছোঁ কিন্তু
সংগদোষত পৰি নপঢ়ে। অন্তিমত সকলো গম পোৱা যায়। সাক্ষাৎকাৰ হ’ব, কোনে কি পদ লাভ কৰিব।
ক্ৰমানুসৰি পঢ়ে নহয়। কোনোৱেতো সেৱাকেন্দ্ৰ নিজেই চলায়। ক’ৰবাততো সেৱাকেন্দ্ৰ
চলোৱাজনতকৈও পঢ়োঁতাজন তীক্ষ্ণ হৈ যায়। সকলো পুৰুষাৰ্থৰ ওপৰত। এনেকুৱা নহয় যে মায়াৰ
ধুমুহা আহে। নহয়। নিজৰ চলন ঠিক নহয়। শ্ৰীমতত নচলে। লৌকিকতো এনেকুৱা হয়। শিক্ষক বা
মাক-দেউতাকৰ মতত নচলে। তোমালোকতো এনেকুৱা পিতাৰ সন্তান হৈছা যাৰ কোনো পিতা নাই।
তাততো বাহিৰলৈ বহুত যাবলগীয়া হয়। কোনো সন্তান সংগদোষত আৱদ্ধ হৈ যায় ফলত অনুত্তীৰ্ণ
হৈ যায়। এনেকৈ কিয় ক’বা যে মায়াৰ ধুমুহা আহে। এয়া নিজৰ মূৰ্খালি। নিৰ্দেশনা মতে নচলে।
এনেকুৱা চলনৰ বাবে অনুত্তীৰ্ণ হৈ যায়। বহুতৰ লালসা থাকে, কাৰোবাৰ ক্ৰোধ, কাৰোবাৰ
চুৰি কৰাৰ অভ্যাস, অৱশেষত গমতো পোৱা যায়। অমুক অমুক এনেকুৱা চলনৰ বাবে গুচি গ’ল।
বুজা যায় যে শূদ্ৰ কুলৰ হৈ গ’ল। তেওঁলোকক ব্ৰাহ্মণ বুলি কোৱা নহয়। পুনৰ গৈ শূদ্ৰ হৈ
গ’ল। পঢ়া এৰি দিলে। অলপো যদি জ্ঞান শুনে তেন্তে প্ৰজাত আহি যাব। বহুত ডাঙৰ বৃক্ষ।
ক’ৰ ক’ৰ পৰা ওলাই আহিব। দেৱী-দেৱতা ধৰ্মৰ কোনোবা যদি অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হৈ
গৈছে তেওঁলোক ওলাই আহিব। বহুত আহিলে তেতিয়া সকলো আচম্বিত হৈ যাব। আন
ধৰ্মাৱলম্বীসকলেও মুক্তিৰ উত্তৰাধিকাৰতো ল’ব পাৰে। ইয়ালৈ যিকোনো লোক আহিব পাৰে।
নিজৰ ৰাজবংশত উচ্চ পদ লাভ কৰিবৰ বাবে তেওঁলোকো আহি লক্ষ্য লৈ যাব। বাবাই তোমালোকক
সাক্ষাৎকাৰ কৰাইছিল যে তেওঁলোকো আহি লক্ষ্য লৈ যায়। এনেকুৱা নহয় যে ইয়াত থাকিহে
লক্ষ্যত থাকিব পাৰে। যিকোনো ধৰ্মৰ লোকে লক্ষ্য ল’ব পাৰে। লক্ষ্য পোৱা যায় - পিতাক
স্মৰণ কৰা। শান্তিধামক স্মৰণ কৰা তেতিয়া নিজৰ ধৰ্মত উচ্চ পদ পাই যাবা। তেওঁলোকে
জীৱনমুক্তিতো নাপায় আৰু তালৈ নাযাবও। অন্তৰে নিবিচাৰিব। সঁচাকৈ তেওঁলোকৰ অন্তৰে
বিচাৰিব যিসকল ইয়াৰ হয়। অন্তিমত আত্মাসকলে নিজৰ পিতাকতো জানি যাওঁক। বহুত
সেৱাকেন্দ্ৰত এনেকুৱাও আছে যাৰ পঢ়াত মনোযোগ নাই। গতিকে বুজা যায় যে উচ্চ পদ পাব
নোৱাৰিব। নিশ্চয়তা থাকিলে এনেকৈ ক’ব নোৱাৰে যে সময় নাই। কিন্তু ভাগ্যত নাথাকিলে
তেতিয়া কয় যে সময় নাই, এইটো কাম আছে। ভাগ্যত থাকিলে দিনে-ৰাতিয়ে পুৰুষাৰ্থ কৰাত লাগি
যাব। আগবাঢ়ি গৈ থাকোঁতে সংগও বেয়া হৈ যায়। তাক গ্ৰহচাৰী বুলিও ক’ব পাৰি। বৃহস্পতিৰ
দশা সলনি হৈ মংগলৰ দশা হৈ যায়। হয়তো আগলৈ গৈ নাইকিয়া হ’ব। কাৰোবাৰ বাবে পিতাই কয় যে
ৰাহুৰ দশা বহি আছে। ভগৱানৰ কথাও নামানে। এনেকৈ ভাবে যে এই ব্ৰহ্মাই কয়। সন্তানসকলে
এইটো নাজানে যে কোন আছে যিয়ে নিৰ্দেশনা দিয়ে। দেহ-অভিমান থকাৰ বাবে সাকাৰে কয় বুলি
ভাবি লয়। দেহী-অভিমানী হ’লে বুজিব যে শিৱবাবাই যিয়েই কয় সেয়া আমি কৰিব লাগে।
দায়িত্ব শিৱবাবাৰ ওপৰত। শিৱবাবাৰ মতততো চলিব লাগে। দেহ-অভিমানত আহিলে শিৱবাবাক পাহৰি
যায় তেতিয়া শিৱবাবা দায়বদ্ধ হৈ থাকিব নোৱাৰে। তেওঁৰ আদেশতো শিৰত ধাৰণ কৰিব লাগে।
কিন্তু বুজি নাপায় যে কোনে বুজায়। অন্য কোনেওতো নিৰ্দেশনা নিদিয়ে, কেৱল পিতাই কয় যে
মই তোমালোকক শ্ৰীমত প্ৰদান কৰোঁ। এটাতো মোক স্মৰণ কৰা আৰু যি জ্ঞান মই শুনাওঁ তাক
ধাৰণ কৰা আৰু কৰোৱা। বচ্ কেৱল এইটোৱে বেপাৰ কৰা। বাৰু বাবা যি হুকুম। ৰজাসকলৰ আগত
যিসকল থাকে তেওঁলোকে এনেকৈ কয় – “যি হুকুম”। সেই ৰজাসকলে হুকুম দিছিল। এয়া শিৱবাবাৰ
হুকুম। বাৰে বাৰে ক’ব লাগে – “যি হুকুম শিৱবাবা”। তেতিয়া তোমালোক আনন্দিতও হৈ থাকিবা।
বুজিব শিৱবাবাই হুকুম দিছে। শিৱবাবাৰ স্মৃতি থাকিব তেতিয়া বুদ্ধিৰ তলা খুলি যাব।
শিৱবাবাই কয় এইটো অভ্যাস হৈ যাব লাগে তেতিয়া নাও (বৈতৰণী) পাৰ হৈ যাব। কিন্তু
এইটোৱেই কঠিন। বাৰে বাৰে পাহৰি যায়। এনেকৈ কিয় ক’ব লাগে যে মায়াই পাহৰাই দিয়ে। আমি
পাহৰি যাওঁ সেইকাৰণে ওলোটা কাম হৈ থাকে।
বহুত কুমাৰী আছে,
জ্ঞানতো বহুত ভাল দিয়ে কিন্তু যোগ নাই, যাৰ দ্বাৰা বিকৰ্ম বিনাশ হয়। এনেকুৱা বহুত
ভাল ভাল কন্যা আছে, যোগ একেবাৰে নাই। চলনৰ পৰা বুজিব পাৰি – যোগত নাথাকে সেয়েহে পাপ
থাকি যায় যি ভূগীবলগীয়া হয়। ইয়াত ধুমুহাৰতো কথাই নাই। ধৰিলোৱা এইটো মোৰ ভুল, মই
শ্ৰীমতত নচলোঁ। ইয়ালৈ তোমালোক আহিছা ৰাজযোগ শিকিবলৈ। প্ৰজাযোগ শিকোৱা নহয়।
মাতা-পিতাতো আছেই। তেওঁলোকক অনুসৰণ কৰা তেতিয়া তোমালোকো সিংহাসনৰ ভাগিদাৰ হ’বা।
এওঁলোকৰতো নিশ্চিত নহয় জানো। এওঁলোক শ্ৰী লক্ষ্মী-নাৰায়ণ হয় গতিকে মাতা-পিতাক
অনুসৰণ কৰা। অন্য ধৰ্মাৱলম্বীসকলে মাতা-পিতাক অনুসৰণ নকৰে। তেওঁলোকেতো পিতাকেই মানে।
ইয়াততো দুয়োগৰাকীয়ে আছে। ঈশ্বৰতো হ’ল ৰচয়িতা। মাতাৰ আকৌ গুপ্ত ৰহস্য আছে।
মাতা-পিতাই পঢ়াই থাকে। বুজায় এনেকৈ নকৰিবা, এনেকৈ কৰা। শিক্ষকে কোনো শাস্তি দিলে
স্কুলতেই দিব নহয়। এনেকৈ সন্তানে জানো ক’ব যে মোৰ সন্মান হানি কৰিলে। পিতাকে 5-6 টা
সন্তানৰ আগত থাপৰ মাৰিব। তেতিয়া সন্তানে এনেকৈ ক’ব জানো যে 5-6 গৰাকীৰ সন্মুখত কিয়
মাৰিলে। নহয়। ইয়াততো সন্তানসকলক শিক্ষা দিয়া হয় তথাপিও যদি চলিব নোৱাৰা তেন্তে ভাল
কথা গৃহস্থালিত থাকি আকৌ পুৰুষাৰ্থ কৰা। যদি ইয়াত বহি অহিত কৰা তেন্তে যি অলপ আছিল
সেয়াও শেষ হৈ যাব। নপঢ়া যদি এৰি দিয়া। বচ্ মই চলিব নোৱাৰোঁ। গ্লানি কিয় কৰিব লাগে।
অনেক সন্তান আছে। কোনোবাই পঢ়িব কোনোবাই এৰি দিব। প্ৰত্যেকেই নিজৰ পঢ়াত মগন হৈ থাকিব
লাগে।
পিতাই কয় এজনে আনজনৰ
পৰা সেৱা নল’বা। কোনো অহংকাৰ কৰিব নালাগে। আনৰ পৰা সেৱা লোৱা এয়াও দেহ অহংকাৰ।
বাবাই বুজাবতো লাগিব নহয়। নহ’লে যেতিয়া বিচাৰ সভা বহিব তেতিয়া ক’ব – মই জানো
নীতি-নিয়মৰ কথা জানিছিলোঁ সেইকাৰণে পিতাই বুজাই দিয়ে আকৌ সাক্ষাৎকাৰ কৰাই শাস্তি
দিব। প্ৰমাণ নোহোৱাকৈ শাস্তি পাব নোৱাৰে। বাৰু বুজায়তো বহুতেই কল্প পূৰ্বৰ দৰে।
প্ৰত্যেকৰে ভাগ্য চোৱা হয়। কোনোবাই সেৱা কৰি নিজৰ জীৱন হীৰাতুল্য কৰি তোলে, কিছুমান
আছে যিয়ে ভাগ্যৰেখা খণ্ডিত কৰি দিয়ে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতা,
শিক্ষক, সৎগুৰুৰ দ্বাৰা যি শিক্ষা পোৱা যায় সেইমতে চলিব লাগে। মায়াক দোষ নিদি নিজৰ
দুৰ্বলতাসমূহ পৰীক্ষা কৰি সেয়া দূৰ কৰিব লাগে।
(2) অহংকাৰ এৰি নিজৰ
পঢ়াত মগন হৈ থাকিব লাগে। কেতিয়াও আনৰ পৰা সেৱা ল’ব নালাগে। সংগ দোষৰ পৰা বহুত
সাৱধান হ’ব লাগে।
বৰদান:
সংকল্পৰ
ইংগিতৰে সকলো কাৰবাৰ চলাওঁতা সদায় লাইটৰ মুকুটধাৰী হোৱা
যিসকল সন্তানে সদায়
লাইট অৰ্থাৎ পাতল হৈ থাকে, তেওঁলোকৰ সংকল্প বা সময় কেতিয়াও ব্যৰ্থত নাযায়। যিটো
হ'বলগীয়া আছে, সেই সংকল্পই মনত উদয় হয়। যেনেকৈ কথাৰে কোনো কথা স্পষ্ট কৰা হয়, তেনেকৈ
সংকল্পৰ দ্বাৰাই সকলো কাৰবাৰ চলে। যেতিয়া এনেকুৱা বিধি প্ৰয়োগ কৰিবা তেতিয়া এই
সাকাৰ লোক সূক্ষ্মলোক হ'ব। ইয়াৰ বাবে শান্তিৰ শক্তি জমা কৰা আৰু লাইটৰ মুকুটধাৰী হৈ
থাকা।
স্লোগান:
এই দুখধামৰ পৰা নিজকে কাষৰীয়া কৰি লোৱা তেতিয়া কেতিয়াও দুখৰ লহৰ আহিব নোৱাৰে।
অব্যক্ত ইংগিত:
নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা
যেনেকৈ গাড়ীৰ বেটাৰী
অলপ ক্ষয় গ’লে, গাড়ী নিজে নিজে নচলে তেতিয়া আনৰ দ্বাৰা ঠেলিবলগীয়া হয়, তেনেকৈ যিটো
আত্মাৰ প্ৰতি তোমালোক বিশ্বাস আছে আৰু ধৰি লোৱা তেওঁৰ পৰা সহায় প্ৰাপ্ত হ’ব পাৰে
তেন্তে তেওঁৰ পৰা অলপ সহযোগ লৈ আগবাঢ়ি যাব লাগে। দুৰ্বলতাৰ কথা অধিক নাভাবিবা তেতিয়া
আনন্দৰে আগবাঢ়ি গৈ থাকিবা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]