26.05.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
নিতৌ এইটো আনন্দত থাকা যে স্বয়ং ভগৱানে শিক্ষক হৈ আমাক পঢ়ায়, আমি তেওঁৰ পৰা ৰাজযোগ
শিকি আছোঁ, প্ৰজাযোগ নহয়”
প্ৰশ্ন:
এই পঢ়াৰ
বৈশিষ্ট্য কোনটো? তোমালোকে কেতিয়ালৈকে পুৰুষাৰ্থ কৰিব লাগে?
উত্তৰ:
এই পঢ়া যিসকলে বহু সময়ৰ পৰা পঢ়ি আহিছে, তেওঁলোকতকৈ নতুন সন্তানসকল আগবাঢ়ি যায়।
এইটোও এটা বৈশিষ্ট্য যে 3 মহীয়া তীক্ষ্ণ বুদ্ধিৰ (তীব্ৰ পুৰুষাৰ্থী) নতুন সন্তানো
পুৰণাসকলতকৈও আগত যাব পাৰে। তোমালোকে পুৰুষাৰ্থ তেতিয়ালৈকে কৰিব লাগে যেতিয়ালৈকে
সম্পূৰ্ণ উত্তীৰ্ণ নোহোৱা, কৰ্মাতীত অৱস্থা নহয়, সকলো হিচাপ-নিকাচ নিষ্পত্তি হৈ
নাযায়।
ওঁম্শান্তি।
সন্তানসকল ক’ত
বহি আছে? বেহদৰ পিতাৰ বিদ্যালয়ত। সন্তানসকলৰ বহুত উচ্চ নিচা থাকিব লাগে। কাৰ
সন্তানৰ? বেহদৰ পিতাৰ সন্তানসকলৰ অথবা আত্মিক সন্তানসকলৰ। পিতাই আত্মাসকলকহে পঢ়ায়।
গুজৰাটী বা মাৰাঠীক নপঢ়ায়। সেয়াতো নাম ৰূপ হৈ গ’ল। পিতাই পঢ়ায়েই আত্মাসকলক। তোমালোক
সন্তানসকলেও বুজি পোৱা আমাৰ বেহদৰ পিতা তেৱেঁই, যাক ভগৱান বুলি কয়। নিশ্চয়
ভগৱানুবাচও আছে কিন্তু ভগৱান কাক কোৱা হয় – এইটো বুজি নাপায়। কয়ো শিৱ পৰমাত্মা নমঃ।
পৰমাত্মাতো এজনেই। তেওঁ হ’ল উচ্চতকৈও উচ্চ নিৰাকাৰ। তোমালোকক শ্ৰীকৃষ্ণ ভগৱানে
নপঢ়ায়। আগতেও পঢ়োৱা নাছিল। তোমালোকে জানা আমাৰ অৰ্থাৎ আত্মাসকলৰ বাবাই আমাক পঢ়াই আছে।
ভগৱানতো নিৰাকাৰেই হ’ল। শিৱৰ মন্দিৰলৈ যায়, তেওঁৰ পূজাও কৰে তেন্তে নিশ্চয় কিবা
বস্তু আছে। নাম-ৰূপৰ পৰা উৰ্দ্ধত কিবা বস্তু থাকে জানো। এইটোও তোমালোকে এতিয়া বুজি
পোৱা। গোটেই জগতত কোনেও নাজানে। তোমালোকেও এতিয়া জানিবলৈ লৈছা। বহুত সময়ৰ পৰা জানি
আহিছা। এনেকুৱাও নহয় যে বহুত সময়ৰ পৰা অহাসকলতকৈ নতুনকৈ অহাসকল তীব্ৰতাৰে আগবাঢ়িব
নোৱাৰে। এইটোও বৈশিষ্ট্য 3 মহীয়া নতুন সন্তানো বহুত তীক্ষ্ণ হ’ব পাৰে। কয়, বাবা এই
আত্মাটিৰ বুদ্ধি বহুত তীক্ষ্ণ। নতুনসকলে যেতিয়া শুনে তেতিয়া বৰ গদগদ (বিহ্বল) হয়।
হওঁতেতো সকলো ঈশ্বৰীয় বিদ্যাৰ্থী। নিৰাকাৰ পিতা জ্ঞানৰ সাগৰে পঢ়াই আছে। ভগৱানুবাচ
বুলিও গায়ন কৰা হৈছে। কিন্তু কেতিয়া? সেইটো পাহৰি গ’ল।
এতিয়া তোমালোক
সন্তানসকলে জানা – এনেকুৱাও কিছুমান থাকে, যাৰ পিতাক শিক্ষক হয়। কিন্তু তেওঁ কেৱল
এটাহে বিষয় পঢ়াব, অন্য বিষয় অন্য শিক্ষকে পঢ়াব। ইয়াততো পিতা সকলো সন্তানৰে শিক্ষক।
এইটো আচৰিত কথা। বহুত সন্তান আছে, যাৰ নিশ্চয়তা আছে যে শিৱবাবাই আমাক পঢ়ায়।
শ্ৰীকৃষ্ণক বাবা বুলি ক’ব নোৱাৰি। শ্ৰীকৃষ্ণক এনেকুৱা শিক্ষক, গুৰু বুলিও নাভাবে।
এওঁতো বাস্তৱত পঢ়াই আছে। তোমালোক ভিন্ন ভিন্ন প্ৰকাৰৰ বিদ্যাৰ্থী বহি আছা। বাবা
শিক্ষকে পঢ়ায়, যেতিয়ালৈকে তোমালোক উত্তীৰ্ণ নোহোৱা। কৰ্মাতীত অৱস্থা নোপোৱালৈকে
পুৰুষাৰ্থ কৰিব লাগে। কৰ্মৰ হিচাপ-নিকাচৰ পৰা মুক্ত হ’ব লাগে। তোমালোক ভিতৰি বহুত
আনন্দিত হ’ব লাগে – বাবাই আমাক এনেকুৱা সৃষ্টিলৈ লৈ যায় আৰু কোনো এনেকুৱা বিদ্যালয়
নাথাকে য’ত সন্তানসকল বহে আৰু বুজি পায় যে পৰমধাম নিবাসী বাবা আহি আমাক পঢ়াব। এতিয়া
তোমালোক ইয়াত বহিছা গতিকে বুজি পোৱা যে আমাৰ বেহদৰ পিতা আমাক পঢ়াবলৈ আহে। গতিকে
ভিতৰি বহুত আনন্দিত হ’ব লাগে। বাবাই আমাক ৰাজযোগ শিকাই আছে। এয়া প্ৰজাযোগ নহয়, এয়া
হ’ল ৰাজযোগ। এই স্মৃতিৰেই সন্তানসকলৰ আনন্দৰ পাৰা উৰ্দ্ধগামী হ’ব লাগে। কিমান ডাঙৰ
পৰীক্ষা আৰু তোমালোক কিমান সাধাৰণভাৱে বহি আছা। যেনেকৈ মুছলমানসকলে সন্তানক মজিয়াত
বহি পঢ়ায়। তোমালোক এইটো নিশ্চয়তাৰে ইয়ালৈ আহা। এতিয়া পিতাৰ সন্মুখত বহি আছা। বাবায়ো
কয় - মই জ্ঞানৰ সাগৰ। মই কল্পই কল্পই আহি ৰাজযোগ শিকাওঁ। শ্ৰীকৃষ্ণৰ 84 জন্ম বুলি
কোৱা বা ব্ৰহ্মাৰ 84 জন্ম বুলি কোৱা, কথা একেটাই। ব্ৰহ্মাই শ্ৰীকৃষ্ণ। এইটো বুদ্ধিত
ভালদৰে ধাৰণ কৰিব লাগে। পিতাৰ প্ৰতি বহুত স্নেহ থাকিব লাগে। আমি আত্মাসকল সেইজন
পিতাৰ সন্তান, পৰমপিতা পৰমাত্মা আহি আমাক পঢ়ায়। শ্ৰীকৃষ্ণতো হ’ব নোৱাৰে। এনেকৈ জানো
শ্ৰীকৃষ্ণই পঢ়াইছিল। মুকুট আদি খুলি আহিছিল জানো। এতিয়া পঢ়াওঁতাজনতো বয়সীয়াল হ’ব
লাগে। পিতাই কয় - মই বয়সীয়াল শৰীৰ লৈছোঁ, এইটো নিৰ্দিষ্ট হৈ আছে। শিৱবাবাই ব্ৰহ্মাৰ
দ্বাৰাহে পঢ়ায়। কয়ো যে যথাযথ পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰে। এতিয়া
ব্ৰহ্মা ক’ৰ পৰা আহিল, এইটো বুজি নাপায়। পিতাই বহি সন্তানসকলক বাৰে বাৰে সজাগ কৰি
দিয়ে। মায়াই আকৌ শুৱাই দিয়ে। এতিয়া তোমালোক সন্মুখত বহি আছা, বুজি পোৱা যে মই
তোমালোকৰ আত্মিক পিতা। মোক জানা নহয়। গায়নো কৰে পৰমপিতা পৰমাত্মা জ্ঞানৰ সাগৰ,
পতিত-পাৱন, দুখ হৰ্তা, সুখ কৰ্তা। শ্ৰীকৃষ্ণৰ কাৰণে কেতিয়াও এনেকৈ নকয়। সকলোকে
একেলগেতো পঢ়াব নোৱাৰে। মধুবনত মুৰুলী শুনায়, সেয়া আকৌ সকলো সেৱাকেন্দ্ৰলৈ যায়।
তোমালোক এতিয়া সন্মুখত আছা। জানা যে কল্প পূৰ্বেও বাবাই এনেকৈ পঢ়াইছিল। এয়াই সময়
আছিল যি অতীত হৈ গ’ল। সেয়া আকৌ এতিয়া বৰ্তমান হ’ব। ভক্তিমাৰ্গৰ কথাবোৰ এতিয়া এৰি
দিব লাগে। এতিয়া তোমালোকৰ জ্ঞানৰ প্ৰতি প্ৰীতি, পঢ়াওঁতাজনৰ প্ৰতি প্ৰীতি আছে।
কিছুমানে যেতিয়া শিক্ষকৰ ওচৰত পঢ়ে তেতিয়া তেওঁক উপহাৰ দিয়ে। এই বাবাইতো নিজেই উপহাৰ
দিয়ে। ইয়ালৈ আহি সাকাৰত সন্তানসকলক প্ৰত্যক্ষ কৰে, এয়া মোৰ সন্তান। সন্তানসকলৰ
এইটোও জ্ঞান আছে – সকলোৱে 84 জন্ম নলয়। কাৰোবাৰ এটা জন্ম হয় তেতিয়াও সেইটো জন্মতে
সুখ-দুখ অতিক্ৰম কৰিব। এতিয়া তোমালোকে এই সকলোবোৰ কথা বুজি পালা। এয়া মনুষ্য
সৃষ্টিৰ বংশবৃক্ষ। প্ৰথম নম্বৰত ব্ৰহ্মা-সৰস্বতী, আদি দেৱ, আদি দেৱী। পাছত আকৌ অনেক
ধৰ্ম হৈ যায়। তেওঁ হ’ল সকলো আত্মাৰ বীজ। বাকী সকলো পাত। প্ৰজাপিতা ব্ৰহ্মা সকলোৰে
পিতা। এই সময়ত প্ৰজাপিতা উপস্থিত আছে। এওঁ বহি শূদ্ৰৰ পৰা সলনি কৰি ব্ৰাহ্মণ কৰি
তোলে। এনেকুৱা কোনেও কৰিব নোৱাৰে। পিতাইহে তোমালোকক শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি আকৌ
দেৱতা কৰি তুলিবলৈ পঢ়াই আছে। এয়া হৈছেই সহজ ৰাজযোগৰ পঢ়া। ৰজা জনকেও চেকেণ্ডত
জীৱনমুক্তি পালে অৰ্থাৎ স্বৰ্গবাসী হৈ গ’ল। মনুষ্যই গায়নতো কৰি থাকে তথাপিও বুজাব
নোৱাৰে। এতিয়া পিতাই কয় - হে সন্তানসকল দেহী-অভিমানী হোৱা। তোমালোক অশৰীৰী হৈ
আহিছিলা, আকৌ শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰিলা। যথাযথ 84 জন্ম ল’লা। পিতা যি সত্য,
তেওঁ সত্যহে ক’ব। ৰাজধানী হ’ল নহয়। ৰাজযোগ এজনে জানো শিকিব। তোমালোক সকলো এতিয়া
কাঁইটৰ পৰা ফুল হৈ আছা। কাঁইট আৰু ফুল কাক কয় – এইটোও এতিয়া তোমালোকে বুজি আছা।
এইখন হয়েই ছিঃ ছিঃ কাঁইটৰ জগত। আমি 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগাই নৰকবাসী হ’লোঁ। আকৌ
বিশ্বৰ ইতিহাস-ভূগোল পুনৰাবৃত্তি হ’ব। আমি পুনৰ নিশ্চয় স্বৰ্গবাসী হ’ম। কল্পই কল্পই
আমি হওঁ। বাৰে বাৰে এইটো স্মৃতিত আনিব লাগে আৰু জ্ঞান বুজাব লাগে। এই
লক্ষ্মী-নাৰায়ণ সূৰ্যবংশী আছিল। যীশুখ্ৰীষ্ট আহিল তেওঁৰ প্ৰথমে বহুত কম অনুগামী
আছিল, ৰাজধানী নাছিল। এতিয়া পিতা আহি সত্যযুগী ৰাজধানী স্থাপন কৰে। স্থাপন হয়েই
সংগমত। এতিয়া তোমালোকৰ বুদ্ধিত আছে যে এয়া হ’ল – সঁচা কুম্ভমেলা। আত্মা অনেক,
পৰমাত্মা এজন। পৰমাত্মা পিতা সন্তানসকলৰ ওচৰলৈ আহে পাৱন কৰি তুলিবলৈ। ইয়াকেই
সংগমযুগৰ কুম্ভৰ মেলা বুলি কোৱা হয়। এতিয়া তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা। পিতা
আহি স্বৰ্গবাসী কৰি তোলে আকৌ নৰক পুৰণি সৃষ্টিৰ বিনাশ নিশ্চয় হ’ব লাগিব। কল্পই
কল্পই বিনাশ হয়েই। নতুনেই পুৰণি, পুৰণিয়েই নতুন হয়। এয়াতো নিশ্চয় হ’ব। নতুনক স্বৰ্গ,
পুৰণিক নৰক বুলি কোৱা হয়। এতিয়াতো কিমান মনুষ্যৰ বৃদ্ধি হৈ গৈ থাকে। খাদ্য শস্যৰ
অভাৱ হয় তেতিয়া ভাবে আমি বহুত খাদ্য শস্য উৎপাদন কৰিম, কিন্তু সন্তান কিমান জন্ম হৈ
থাকে। খাদ্য শস্য ক’ৰ পৰা আনিব।
এতিয়া তোমালোক
সন্তানসকলৰ এইটো নিশ্চয়তা আছে যে এই গোটেই পুৰণি সৃষ্টি নাশ হ’ব। মনুষ্যৰ এই জ্ঞান
ভালো লাগে কিন্তু বুদ্ধিত একো ধাৰণ নহয়। তোমালোকৰ বুদ্ধিত আছে নৰকৰ পাছত স্বৰ্গ
আহিব। সত্যযুগৰ দেৱী-দেৱতা হৈ গৈছে। এই লক্ষ্মী-নাৰায়ণ ভাৰতৰ মালিক আছিল, চিত্ৰ আছে।
সত্যযুগত হৈছে আদি সনাতন দেৱী-দেৱতা ধৰ্ম। এতিয়া নিজক দেৱতা ধৰ্মৰ বুলি নকয়, তাৰ
সলনি হিন্দু বুলি কৈ দিয়ে। সন্তানসকলে ভালদৰে জানে যে আমি এনেকুৱা (দেৱী-দেৱতা) হৈ
আছোঁ। বাবাই আমাক এই (ব্ৰহ্মাৰ) কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা পঢ়াই আছে। বাবাই কয় – নহ’লে
মই তোমালোকক কেনেকৈ পঢ়াম। আত্মাসকলকহে পঢ়ায় কিয়নো আত্মাতহে খাদ (বিকাৰৰ লেপ) পৰে।
এতিয়া তোমালোক সঁচা সোণ হ’ব লাগে, সোণালী যুগৰ পৰা ৰূপালী যুগলৈ আহে অৰ্থাৎ ৰূপৰ
খাদ পৰিলে তোমালোক চন্দ্ৰবংশী হৈ যোৱা। সত্যযুগত সোণালী যুগত আছিল, তেওঁলোকেই
অৱনমিত হয় আকৌ বৃদ্ধিও হৈ গৈ থাকে। এতিয়া তোমালোকৰ বুদ্ধিত আছে – আমি সোণালী, ৰূপালী,
তাম্ৰ, লৌহযুগত 84 ৰ চক্ৰ পৰিক্ৰমা লগাই আহিছোঁ। অনেকবাৰ এই ভূমিকা পালন কৰিছোঁ এই
ভূমিকাৰ পৰা কোনেও সাৰি যাব নোৱাৰে। তেওঁলোকে কয়, আমাক মোক্ষ লাগে কিন্তু বাস্তৱত
বিৰক্ততো তোমালোক হ’ব লাগে। 84ৰ চক্ৰতো তোমালোকে পৰিক্ৰমা লগাইছা। মনুষ্যইতো ভাবে
অহা আৰু যোৱা হৈয়েই থাকে, ইয়াৰ পৰা কিয়নো আমি মুক্ত নহওঁ। কিন্তু এইটোতো হ’ব নোৱাৰে।
গুৰুসকলেও কৈ দিয়ে – তোমালোকে মোক্ষ প্ৰাপ্তি কৰিবা। ব্ৰহ্মক স্মৰণ কৰা তেতিয়া
ব্ৰহ্মত লীন হৈ যাবা। অনেক মত-মতান্তৰ ভাৰততহে আছে অন্য কোনো খণ্ডত ইমান নাই। অনেক
মত আছে, এটা আনটোৰ সৈতে নিমিলে। ৰিদ্ধি-সিদ্ধিও (তন্ত্ৰ-মন্ত্ৰৰে চমৎকাৰ দেখুওৱা
বিদ্যা) বহুত শিকে। কোনোৱে কেশৰ উলিয়ায়, কোনোবাই আন কিবা… ইয়াত মনুষ্য বহুত আনন্দিত
হয়। এয়াতো হ’ল আধ্যাত্মিক জ্ঞান। তোমালোকে জানা – আত্মিক পিতা, আমাৰ আত্মাসকলৰ পিতা।
আত্মিক পিতাই আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰে। সত্য-নাৰায়ণৰ কথা আহি শুনায় বা অমৰ কথা
শুনায়, যাৰ দ্বাৰা অমৰলোকৰ মালিক কৰি তোলে, নৰৰ পৰা নাৰায়ণ কৰি তোলে। আকৌ কড়িতুল্য
হৈ যায়। এতিয়া তোমালোকে হীৰাৰ দৰে অমূল্য জন্ম পাইছা আকৌ কড়িৰ পিছত কিয় নষ্ট কৰা।
এই সৃষ্টিখনেই আৰু কিমান বছৰ থাকিব! কিমান যুদ্ধ-বিগ্ৰহ লাগি থাকে, সকলো নাশ হৈ যাব।
মৃত্যু সমাগত তেতিয়া ইমান লাখ কোটি কোনে বহি খাব। কিয়নো ইয়াক সফল কৰিব নালাগে। এই
আত্মিক মহাবিদ্যালয় খুলিলে মনুষ্য সৰ্বদা স্বাস্থ্যৱান, ধনৱান, সুখী হৈ যায়। এই
চিকিৎসালয় আৰু বিশ্ব বিদ্যালয় সংযুক্ত হৈ আছে। স্বাস্থ্য, সম্পদ, সুখতো আছেই। যথাযথ
যোগৰ দ্বাৰা আয়ুসো দীঘল পায়। তোমালোক কিমান স্বাস্থ্যৱান হোৱা, আকৌ কুবেৰৰ সম্পদো
পোৱা। ‘আল্লাহ অৱলদীন’ৰ নাটক দেখুৱায় নহয়। তোমালোকে জানা আল্লাই যি আদি সনাতন
দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে, তাত বহুত সুখ আছে। নামেই হৈছে স্বৰ্গ। তোমালোক
শান্তিধামৰ নিবাসী আছিলা আকৌ তোমালোক প্ৰথমে সুখধামলৈ আহিলা তাৰপাছত 84 জন্ম লৈ
অৱনমিত হৈ আহিছা। কল্পই কল্পই মই তোমালোক সন্তানসকলক এনেকৈ বহি বুজাওঁ। তোমালোকে
নিজৰ জন্মক নাজানা, মই তোমালোকক শুনাওঁ। তোমালোকে 84 জন্ম লৈছা, এই চোলা (শৰীৰ)
পতিত। আত্মাও তমোপ্ৰধান হৈ গৈছে। বাবাই শুদ্ধ কথা কয়। বাবাই কেতিয়াও ভুল কথা নকয়।
তেওঁ হয়েই সত্য। সত্যযুগ হয়েই নিৰ্বিকাৰী বিশ্ব, শ্ৰেষ্ঠাচাৰী জগত। আকৌ ৰাৱণে
ভ্ৰষ্টাচাৰী কৰি তোলে। এইখন হৈছেই অসত্য খণ্ড। এনেকৈ গায়নো কৰে - মিছা মায়া, মিছা
কায়া… কোনখন সংসাৰ? এই গোটেই পুৰণি সংসাৰখন মিছা। সত্যযুগত সঁচা সংসাৰ আছিল। সৃষ্টি
এখনেই, দুখন সৃষ্টি নাই। নতুন সৃষ্টিৰ পৰা আকৌ পুৰণি হয়। নতুন ঘৰ, পুৰণা ঘৰৰ মাজত
পাৰ্থক্যতো থাকে। নতুন তৈয়াৰ হৈ গ’লে ভাবে নতুনত থাকিম। ইয়াতো সন্তানসকলৰ কাৰণে
নতুন ঘৰ নিৰ্মাণ কৰে, সন্তান বহুত হৈ গৈ থাকিব। তোমালোক সন্তানসকলতো বহুত আনন্দিত
হ’ব লাগে। পিতাই কয় – মোৰ অৰ্থাৎ জ্ঞান সাগৰৰ সন্তান সকলো কাম চিতাত বহি বেচেৰাহঁত
একেবাৰে জ্বলি গ’ল। এতিয়া আকৌ তেওঁলোকক জ্ঞান চিতাত বহুৱায়। জ্ঞান চিতাত বহুৱাই
স্বৰ্গৰ মালিক কৰি তোলে। কাম চিতাত বহা বাবে একেবাৰেই ক’লা হৈ গৈছে। শ্ৰীকৃষ্ণক
শ্যাম-সুন্দৰ নাম দিছে। কিন্তু অৰ্থ কোনেও বুজিব নোৱাৰে। এতিয়া তোমালোক কিহৰ পৰা কি
হৈ যোৱা! পিতাই কড়িৰ পৰা হীৰাতুল্য কৰি তোলে গতিকে ইমান মনোযোগো দিব লাগে। পিতাক
স্মৰণ কৰিব লাগে। স্মৃতিৰ দ্বাৰাহে তোমালোক স্বৰ্গৰ মালিক হ’বা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই
হীৰাতুল্য অমূল্য জীৱন কড়িৰ পিছত নষ্ট কৰিব নালাগে। মৃত্যু সমাগত সেয়েহে নিজৰ সকলো
আত্মিক সেৱাত সফল কৰিব লাগে।
(2) পঢ়া আৰু
পঢ়াওঁতাজনৰ সৈতে সঁচা প্ৰীতি ৰাখিব লাগে। ভগৱান আমাক পঢ়াবলৈ আহে, এইটো আনন্দত থাকিব
লাগে।
বৰদান:
ধাৰণ শক্তিৰ
দ্বাৰা নিজৰ আচল সংস্কাৰসমূহ ধাৰণ কৰি তাৰ স্বৰূপ হওঁতা শক্তিশালী হোৱা
পুৰুষাৰ্থৰ মূল আধাৰ
হ’ল ধাৰণ শক্তি। যেনেকৈ বিজ্ঞানীসকলে বহু পুৰণি শব্দ ধাৰণ অৰ্থাৎ উদ্ধাৰ কৰিব পাৰে,
তেনেকৈ তোমালোকে শান্তিৰ শক্তিৰে নিজৰ আদি দৈৱী সংস্কাৰসমূহ ধাৰণ কৰা, ইয়াৰ বাবে
সদায় যাতে এইটোৱে স্মৃতিত থাকে যে মই এয়াই আছিলোঁ আকৌ পুনৰ হৈ আছোঁ। যিমানে সেই
সংস্কাৰসমূহ ধাৰণ কৰিবা সিমানে তাৰ স্বৰূপ হৈ যাবা। 5 হাজাৰ বছৰৰ কথা ইমান স্পষ্টকৈ
অনুভৱ হওক যেন সেয়া কালিৰহে কথা। নিজৰ স্মৃতি ইমান শ্ৰেষ্ঠ আৰু স্পষ্ট কৰি তোলা
তেতিয়াহে শক্তিশালী হ’বা।
স্লোগান:
ব্ৰাহ্মণ জীৱনৰ শ্বাস হ’ল আনন্দ, শৰীৰ এৰিবলগীয়া হ’লেও আনন্দ যাতে হেৰাই নাযায়।
অব্যক্ত ইংগিত: সদায়
অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা
একেবাৰতে চুক্তি
কৰাসকল এজনৰ হোৱা বাবে সদায় একৰস স্থিতিত থাকে। বাকী যিসকলে অলপ অলপকৈ চুক্তি কৰে
অৰ্থাৎ এখনৰ পৰিৱৰ্তে দুখন নাওত ভৰি দিয়ে, তেওঁলোক সদায় কিবা নহয় কিবা বিভ্ৰান্তিৰ
অস্থিৰতাত থাকে, একৰস নহয়, সেয়েহে যদি চুক্তি কৰিব লাগে তেন্তে এক ছেকেণ্ডত কৰা।
অন্তৰ টুকুৰা-টুকুৰা নকৰিবা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]