26.06.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – এই
সৃষ্টিত নিষ্কাম সেৱা কেৱল এজন পিতাইহে কৰে, বাকী তোমালোকে যি কৰ্ম কৰা তাৰ ফল
অৱশ্যেই পোৱা যায়”
প্ৰশ্ন:
ড্ৰামা অনুসৰি
কোনটো কথা 100 শতাংশ নিশ্চিত, যাৰ বাবে তোমালোক সন্তানসকল আনন্দিত হোৱা?
উত্তৰ:
ড্ৰামা অনুসৰি এইটো নিশ্চিত যে নতুন ৰাজধানী স্থাপন হ’বই। তোমালোক সন্তানসকল
আনন্দিত হোৱা যে শ্ৰীমতত আমি নিজৰ কাৰণে ৰাজধানী স্থাপন কৰি আছোঁ। এই পুৰণি সৃষ্টিৰ
বিনাশতো হ’বই। তোমালোক সন্তানসকলে যিমান পুৰুষাৰ্থ কৰিবা সিমানে উচ্চ পদ প্ৰাপ্ত
হ’ব।
গীত:
তুম্হে পাকে
হম্নে…… (তোমাক পাই আমি…..)
ওঁম্শান্তি।
সন্তানসকলে যি
কয়, বাবায়ো তাকেই কয়। সন্তানসকলে কয় - বাবা তোমাক পাই আমি স্বৰ্গৰ মালিক হওঁগৈ।
পিতায়ো কয় - সন্তানসকল মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমপিতাক স্মৰণ কৰা)। কথা
একেটাই হৈ গ’ল। সকলো মনুষ্যই সুধিব যে ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে এই সৎসংগত গৈ কি পায়?
তেতিয়া ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে কয় - আমি বাপদাদাৰ দ্বাৰা বিশ্বৰ মালিক হওঁ। বিশ্বৰ
মালিক অন্য কোনো হ’ব নোৱাৰে। বিশ্বৰ মালিক এই লক্ষ্মী-নাৰায়ণহে হয়, শিৱবাবাতো
বিশ্বৰ মালিক হ’ব নোৱাৰে। তোমালোক সন্তানসকল বিশ্বৰ মালিক হোৱা। তোমালোকৰ পিতা
বিশ্বৰ মালিক নহয়। এনেকুৱা নিষ্কাম সেৱা কৰোঁতা আৰু কোনো নাথাকে। প্ৰত্যেকে নিজৰ
সেৱাৰ ফল নিশ্চয় পায়। ভক্তিমাৰ্গত বা যিকোনো প্ৰকাৰে কোনোবাই যি কিছু কৰে… সমাজ
সেৱকসকলেও সেৱাৰ ফল নিশ্চয় পায়। চৰকাৰৰ পৰা মাননি পায়। পিতাই কয় – একমাত্ৰ মইহে
নিষ্কাম সেৱা কৰোঁ, সন্তানসকলক বিশ্বৰ মালিক কৰি তোলোঁ আৰু মই নহওঁ। সন্তানসকলক সুখী
কৰি, সুখধামৰ মালিক কৰি 21 জন্মৰ সুখ দি মই নিজৰ নিৰ্বাণধামত বা বানপ্ৰস্থ অৱস্থাত
বহি যাওঁ। বানপ্ৰস্থতো মুললোককহে কোৱা হ’ব। মনুষ্যই বানপ্ৰস্থ লয়। সন্তানসকলক সকলো
দি সৎসংগ আদি কৰেগৈ। গুৰুৰ শৰণ লয় যাতে তেওঁ মুক্তিৰ মাৰ্গ দেখুৱায়। এতিয়া তোমালোক
সন্তানসকলে জানি গ’লা যে মুক্তি-জীৱনমুক্তিৰ মাৰ্গ কোনো মনুষ্য মাত্ৰই কেতিয়াও কাকো
দেখুৱাব নোৱাৰে। তেওঁলোকে কাকো সৎগতি দিব নোৱাৰে। নিজকো দিব নোৱাৰে। নিজক দিব
পাৰিলেহে তেতিয়া আকৌ আনকো দিব পাৰিব। পিতা আহেই পৰমধামৰ পৰা। তেওঁ তাৰ নিবাসী,
তোমালোক সন্তানসকলো তাৰ নিবাসী। তোমালোকে এই কৰ্মক্ষেত্ৰত ভূমিকা পালন কৰিব লাগে।
বাবাও এবাৰ ইয়ালৈ আহিব লাগে তোমালোক সন্তানসকলৰ কাৰণে যেতিয়া স্বৰ্গৰ স্থাপনা হৈ আছে
তেন্তে নিশ্চয় নৰকৰ বিনাশ হ’বই লাগিব।
এতিয়া তোমালোকে জানি
গ’লা – শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা কৰি আছে।
তোমালোকে জানা যে আমি আকৌ মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। তোমালোক সন্তানসকলৰ বুদ্ধিত
আছে যে প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আমি আহি আকৌ ব্ৰহ্মাৰ দ্বাৰা শিৱবাবাৰ সন্তান হওঁ,
উত্তৰাধিকাৰ ল’বলৈ। পতিত-পাৱন বুলি তেওঁক কোৱা হয়। জ্ঞানৱান, জ্ঞানৰ সাগৰো হয়। যোগ
অৰ্থাৎ স্মৰণ কৰিবলৈ শিকায় কিন্তু নিৰাকাৰে কেনেকৈ বুজাব সেইকাৰণে কয় ব্ৰহ্মাৰ
দ্বাৰা মনুষ্যৰ পৰা দেৱতা কৰি তোলোঁ অৰ্থাৎ দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰাওঁ। এতিয়া
সেইটো ধৰ্ম নাই, পুনৰ প্ৰতিষ্ঠা কৰিবলগীয়া হয়। এতিয়া পুনৰাই আদি সনাতন দেৱী-দেৱতা
ধৰ্ম প্ৰতিষ্ঠা কৰি বাকী সকলোকে মুক্তিধামলৈ লৈ যাওঁ। ভাৰত প্ৰাচীন খণ্ড সেইকাৰণে
ভাৰতৰ জনসংখ্যা বাস্তৱত সকলোতকৈ অধিক হ’ব লাগে। এনেকুৱা কথাবোৰ আৰু কাৰো বুদ্ধিত
উদয় নহয়। আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ জনসংখ্যা সকলোতকৈ অধিক হ’ব লাগে। 5 হাজাৰ বছৰৰ
পৰা তেওঁলোকৰ বৃদ্ধি হৈ থাকে। বাকী অন্যতো আহেই 2500 বছৰৰ পাছত। ইছলাম
ধৰ্মাৱলম্বীসকলৰ জনসংখ্যা কম হ’ব লাগে আকৌ কিছু সময়ৰ পাছত বৌদ্ধ ধৰ্মাৱলম্বীসকল আহে
গতিকে তেওঁলোকৰ কিছু পাৰ্থক্য হ’ব লাগে। ইছলাম, বৌদ্ধ আদি ধৰ্মৰ লোকসকল প্ৰথমে
সতোপ্ৰধান হয় আকৌ লাহে লাহে তমোপ্ৰধান হয়। ইয়াৰো হিচাপ আছে। যিসকল অনন্য বুদ্ধিমান
সন্তান আছে তেওঁলোকে খেয়াল কৰিবলগীয়া হয়। আজিকালি লিখে চীনাসকলৰ সংখ্যা সকলোতকৈ
অধিক। কিন্তু তেওঁলোকৰ সৃষ্টিচক্ৰৰ জ্ঞানতো নাই। এই সকলো ৰহস্য তোমালোক সন্তানসকলৰ
বুদ্ধিত আছে। যিসকল পঢ়া-লিখা কৰা তেওঁলোকক বিতংকৈ বুজাবলগীয়া হয়। দেৱী-দেৱতা
ধৰ্মাৱলম্বীসকলৰ 5 হাজাৰ বছৰ হ’ল। গতিকে এই সময়ত তেওঁলোকৰ সংখ্যা বহুত হ’ব লাগে।
কিন্তু দেৱী-দেৱতা ধৰ্মাৱলম্বীসকল আন আন ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গ’ল। প্ৰথমে বহুত
মুছলমান হৈ গ’ল আকৌ বৌদ্ধ ধৰ্মীও বহুত হৈছে। ইয়াতো বৌদ্ধ ধৰ্মী বহুত আছে,
খ্ৰীষ্টিয়ানতো অনেক আছে। দেৱতা ধৰ্মৰতো নামেই নাই। যদি আমি ব্ৰাহ্মণ ধৰ্মৰ বুলি কওঁ
তেতিয়াও হিন্দুৰ শাৰীত ৰাখি দিব। এতিয়া তোমালোকে জানা যে আদি সনাতন দেৱী-দেৱতা
ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে – শ্ৰীমত অনুসৰি আমাৰ অৰ্থাৎ ব্ৰাহ্মণসকলৰ দ্বাৰা। এইটোও
বোধশক্তি থাকিব লাগে। ধৰ্মৰ গায়নতো কৰা হয় নহয়। ইয়াৰ মনুষ্যই নিজক হিন্দুৰ শাৰীত লৈ
যায়। ক’ব হিন্দু আৰ্য ধৰ্ম, সকলোতকৈ পুৰণা। ভাৰতবাসী প্ৰথমে আৰ্য আছিল, বহুত ধনৱান
আছিল, এতিয়া অনাৰ্য হৈ গ’ল। কোনো বোধশক্তি নাই, যাৰ মনত যি আহে সেয়াই ধৰ্মৰ নাম ৰাখি
দিয়ে। বৃক্ষৰ শেষলৈ সৰু সৰু পাত, ঠাল-ঠেঙুলি ওলায়। নতুনৰ অলপ মান থাকে।
এতিয়া তোমালোক
সন্তানসকলে জানা যে আমি বাবাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছোঁ। গতিকে এনেকুৱা
উত্তৰাধিকাৰ দিওঁতা পিতাক কিমান স্মৰণ কৰিব লাগে। তোমালোকে যিমানে বেছিকৈ স্মৰণ
কৰিবা তেতিয়া এফালে উত্তৰাধিকাৰ পাবা আৰু তোমালোক পাৱন হ’বা। লৌকিক পিতাৰ পৰাতো ধনৰ
উত্তৰাধিকাৰ পোৱা যায়। লগতে পতিত হোৱাৰো উত্তৰাধিকাৰ পোৱা যায়। সেয়া লৌকিক পিতা,
সেয়া পাৰলৌকিক পিতা আৰু এয়া মাজতে অলৌকিক পিতা। এওঁক মাজতে দুয়োফালৰ পৰা লগাই দিয়া
হয়। শিৱবাবাৰতো কোনো অসুবিধা নহয়, এওঁ কিমান গালি খাবলগীয়া হয়। বাস্তৱত শ্ৰীকৃষ্ণই
গালি নাখায়। মাজতে ফান্দত পৰিল এওঁ। এনেকৈ কয় নহয় – ৰাস্তাৰে গৈ থাকোঁতে ব্ৰাহ্মণ
ফান্দত পৰিল। গালি খাবৰ কাৰণে এওঁ ফান্দত পৰিছে। অলৌকিক পিতাইহে সহ্য কৰিবলগীয়া হয়।
এইটো কোনেও গম নাপায় যে শিৱবাবা আহি এওঁৰ শৰীৰত প্ৰৱেশ কৰি পতিতসকলক পাৱন কৰি তোলে।
পৱিত্ৰ হোৱাৰ ক্ষেত্ৰতে মাৰ খায়। পিতাই কয় - মই আহিছোঁ সকলোকে উভতাই লৈ যাবলৈ।
তোমালোকে জানা, মৃত্যু সমাগত। বিনাশতো নিশ্চয় হ’ব লাগে। বিনাশ অবিহনে সুখ-শান্তি
কেনেকৈ হ’ব। যেতিয়া কোনো যুদ্ধ আদি হয় তেতিয়া মনুষ্যই যজ্ঞ আদি পাতে, যুদ্ধ বন্ধ হৈ
যাওঁক। তোমালোক ব্ৰাহ্মণ কুলভূষণসকলে জানা বিনাশতো নিশ্চয় হ’ব। নহ’লে স্বৰ্গৰ দ্বাৰ
কেনেকৈ খুলিব। সকলো স্বৰ্গলৈতো নাহে। যিসকলে পুৰুষাৰ্থ কৰিব তেওঁলোকহে যাব বাকীসকল
যাব মুক্তিধামলৈ। এইটো কোনেও গম নোপোৱাৰ কাৰণে কিমান ভয় কৰে। শান্তিৰ কাৰণে কিমান
ঠেকা-খুণ্ডা খাই থাকে। সন্মিলন অনুষ্ঠিত কৰি থাকে। কেৱল তোমালোক ব্ৰাহ্মণসকলেহে জানা
সুখধাম, শান্তিধামৰ কেনেকৈ স্থাপনা হৈ আছে। বিনাশ অবিহনে স্থাপনা হ’ব নোৱাৰে।
তোমালোক এতিয়া ত্ৰিকালদৰ্শী হৈছা। জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা। তেওঁলোকেতো কৈ থাকে
শান্তি কেনেকৈ হ’ব? অৰ্থাৎ কোনেও যুদ্ধ নকৰক। সকলোৱে কয় একতা হওক। যদি এজন পিতাৰেই
মত লয় যে আমি সকলো এজন পিতাৰ সন্তান ভাই ভাই হওঁ তেন্তে একতা হৈ যাব। এজন পিতাৰ
সন্তান গতিকে পৰস্পৰ যুদ্ধ কৰিব নালাগে। এয়াওতো সত্যযুগতহে আছিল। তাত কোনেও পৰস্পৰ
যুদ্ধ নকৰে। সেয়াতো সত্যযুগৰ কথা হৈ গ’ল, ইয়াততো হৈছে কলিযুগ। যথাযথ সত্যযুগত দেৱতা
আছিল, বাকী সকলো আত্মা ক’ত আছিল গম পোৱা নাযায়। তোমালোকে এতিয়া বুজি পোৱা, এক ৰাজ্য
কেৱল সত্যযুগতহে আছিল। তাত সুখ-শান্তি সকলো আছিল। এই সকলো কথা তোমালোকৰ বুদ্ধিত আছে
– পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। বুজি পোৱা যে যথাযথ আমি সত্যযুগত ৰাজত্ব কৰিছিলোঁ, বহুত
সুখ আছিল। অদ্বৈত ধৰ্ম আছিল। এই জ্ঞান কাৰো নাই। এই সময়ত তোমালোক জ্ঞানপূৰ্ণ হোৱা।
পিতাই তোমালোকক নিজৰ সমান কৰি তোলে। যি পিতাৰ মহিমা সেয়াই তোমালোকৰ হ’ব লাগে। মাত্ৰ
দিব্য দৃষ্টিৰ চাবি পিতাৰ লগত থাকে। পিতাই কৈছে – ভক্তিমাৰ্গত মই কাম কৰিবলগীয়া হয়,
যিয়ে যাৰ পূজা কৰে মই তেওঁৰ মনোকামনা পূৰ্ণ কৰোঁ। ইয়াতো দিব্য দৃষ্টিৰ ভূমিকা চলে।
এনেকৈ কয় নহয় – অৰ্জুনে বিনাশৰ সাক্ষাৎকাৰ কৰিলে। বিনাশো নিশ্চয় হ’ব। বিষ্ণুপুৰীও
নিশ্চয় স্থাপন হ’ব। পিতাই যেনেকৈ কল্প পূৰ্বে বুজাইছিল তেনেকৈয়ে বহি বুজায়। বাবাই
আমাক মনুষ্যৰ পৰা দেৱতা কৰি তোলে। যিহেতু দেৱতা হয় গতিকে আসুৰি সৃষ্টিৰ বিনাশ
নিশ্চয় হ’ব। চাৰিওফালে হাহাকাৰ হ’ব। বুদ্ধিয়ে বুজিব পাৰে, প্ৰাকৃতিক দুৰ্যোগ হ’ব।
ধাৰাসাৰ বৰষুণো হ’ব। এই সকলোবোৰ বিনাশ হৈ গ’লে তেতিয়া সত্যযুগৰ স্থাপনা হ’ব। 5
তত্বই সাৰো পাই যাব। এই ধৰণীয়ে চোৱা কিমান সাৰ পায়। পিতাই কয় - এই ৰুদ্ৰ জ্ঞান
যজ্ঞত এই সকলোবোৰ স্বাহা (আহুতি) হৈ যাব। ভক্তিমাৰ্গত চোৱা ৰুদ্ৰ যজ্ঞ কেনেকৈ ৰচে।
শিৱবাবাৰ লিঙ্গ আৰু সৰু সৰু শালগ্ৰাম বহুত সাজি পূজা কৰি আকৌ ভাঙি পেলায়, আকৌ নিতৌ
সাজে। পূজা কৰি আকৌ ভাঙি পেলায়। শিৱবাবাৰ লগত যিসকলে সেৱা কৰে তেওঁলোকৰো এনেকুৱা
অৱস্থা কৰে। ৰাৱণৰ চোৱা প্ৰত্যেক বছৰে প্ৰতিকৃতি তৈয়াৰ কৰি জ্বলায়। শত্ৰুৰতো এবাৰ
দুবাৰ প্ৰতিকৃতি তৈয়াৰ কৰি জ্বলায়, এনেকুৱা নহয় যে প্ৰতি বছৰে জ্বলোৱাৰ নিয়ম থাকে।
এবাৰতেই ক্ৰোধ সমাপ্ত কৰি দিব। ৰাৱণকতো প্ৰত্যেক বছৰে জ্বলায়। ইয়াৰ অৰ্থ কোনোবাই
বুজি পায় জানো। আকৌ কয় ৰাৱণে সীতাক হৰণ কৰিলে, একো অৰ্থ বুজি নাপায়। বিদেশীসকলে কি
বুজিব, একো নুবুজে। দিনে-প্ৰতিদিনে ৰাৱণক ডাঙৰকৈ সাজি গৈ থাকে কিয়নো ৰাৱণ বহুত দুখ
দিওঁতা হয়। এতিয়া তোমালোক ৰাৱণৰ ওপৰত বিজয়ী হোৱা। সত্যযুগত ৰাৱণ নাথাকিবই। এয়া যি
কৰ্মৰ ভোগ, বেমাৰ আদি হয়, এইবিলাক হয় ৰাৱণৰ কাৰণে। ৰাৱণৰ প্ৰৱেশতা হোৱাৰ কাৰণে
মনুষ্যই যিয়েই কৰ্ম কৰে, সেয়া বিকৰ্ম হৈ যায়। সুখ-দুখৰ খেল ৰচি থোৱা আছে। এই
ইতিহাস-ভূগোলৰ বিষয়ে কোনেও গম নাপায়। লক্ষ্মী-নাৰায়ণে এই ৰাজ্য কেনেকৈ পালে? কোনেও
গম নাপায়। তোমালোক সৰু সৰু সন্তানসকলে বুজোৱা – এই লক্ষ্মী-নাৰায়ণে সত্যযুগত ৰাজত্ব
কৰিছিল। সংগমত এওঁলোকে ৰাজযোগ শিকি এই পদ পালে। বিৰলাকো সৰু সৰু কন্যাসকলে গৈ বুজোৱা
যে এওঁলোকে এই ৰাজ্য কেনেকৈ পালে? এতিয়াতো কলিযুগ, ইয়াক সত্যযুগ বুলি কোৱা নহয়।
বাদশ্বাহীতো এতিয়া নাই। ৰজাসকলৰ মুকুটেই উৰুৱাই দিলে। ধৰ্ম শাস্ত্ৰ কেৱল 4 খন।
‘গীতা’ ধৰ্ম শাস্ত্ৰ হয়, যাৰ দ্বাৰা 3টা ধৰ্ম এতিয়া প্ৰতিষ্ঠা হয়, সত্যযুগত নহয়।
এনেকুৱা নহয় যে লক্ষ্মী-নাৰায়ণে বা ৰামে কোনো ধৰ্ম প্ৰতিষ্ঠা কৰিলে। এইটো ধৰ্ম এতিয়া
প্ৰতিষ্ঠা কৰি আছে আকৌ ইছলাম, বৌদ্ধ আৰু খ্ৰীষ্টান। খ্ৰীষ্টানৰ এখনেই ধৰ্ম শাস্ত্ৰ
বাইবেল, বচ্। আকৌ পাছলৈ বৃদ্ধি হৈ গৈ থাকে। আদি সনাতন হৈছেই দেৱতা ধৰ্ম এতিয়া পুনৰ
দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা কৰে। তোমালোকে ড্ৰামাৰ ৰহস্য ভালকৈ বুজি গৈছা। আনন্দিত
হৈও থাকা। যিহেতু তোমালোক সন্তানসকল 100 শতাংশ নিশ্চিত যে আমি পুনৰাই নিজৰ
ৰাজ্য-ভাগ্য স্থাপন কৰি আছোঁ – ইয়াত যুদ্ধ আদিৰ কোনো কথাই নাই। ৰাজধানী স্থাপন হৈ
আছে, এইটো নিশ্চিত। মৃত্যুৰ দৰেই নিশ্চিত। তোমালোকে জানা আমি পুনৰাই ৰাজ্য-ভাগ্য লওঁ।
কল্পই কল্পই পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। যিমান পুৰুষাৰ্থ কৰিবা সিমান উচ্চ পদ পাবা।
ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ যি
মহিমা সেই মহিমা নিজৰ মাজত ধাৰণ কৰিব লাগে।। পিতাৰ সমান মহিমা যোগ্য হ’ব লাগে।
পাৰলৌকিক পিতাৰ পৰা পৱিত্ৰতাৰ উত্তৰাধিকাৰ ল’ব লাগে। পৱিত্ৰ হ’লেহে স্বৰ্গৰ
উত্তৰাধিকাৰ পাবা।
(2) শ্ৰীমতত নিজৰেই
তন-মন-ধনেৰে এক আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা কৰিব লাগে।
বৰদান:
পুৰণা সংস্কাৰ
ৰূপী অস্থি সম্পূৰ্ণ স্থিতিৰ সাগৰত সমাহিত কৰোঁতা সমান আৰু সম্পূৰ্ণ হোৱা
পিতাৰ সমান বা
সম্পূৰ্ণ হ’বৰ বাবে সৃষ্টিৰ বিনাশৰ পূৰ্বে নিজৰ দুৰ্বলতা আৰু ত্ৰুটিবোৰ নাশ কৰা।
কোনো বেমেজালিৰ নাম-চিহ্ন যাতে নাথাকে এনেকৈ নিজক উজ্জ্বল কৰি তোলা। যেনেকৈ জন্ম
পৰিবৰ্তনৰ পাছত পুৰণি জন্মৰ কথা পাহৰি যায় তেনেকৈ পুৰণা কথা, পুৰণা সংস্কাৰ ভস্ম কৰা,
অস্থিসমূহো সম্পূৰ্ণ স্থিতিৰ সাগৰত সমাহিত কৰি দিয়া তেতিয়া সমান আৰু সম্পূৰ্ণ বুলি
কোৱা হ’ব।
স্লোগান:
বিস্তাৰক সাৰত সমাহিত কৰাৰ যাদু শিকি লোৱা তেতিয়া পিতাৰ সমান হৈ যাবা।
অব্যক্ত ইংগিত: সদায়
হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা
সহনশীলতাসম্পন্ন
ব্যক্তিয়ে কেৱল বাহ্যিক জগতৰ প্ৰকম্পনকে নহয়, মনৰ সংকলপও যি উৎপন্ন হয় সেই সংকল্প
উৎপন্ন হোৱা দেখি ভয়-ভীত নহ’ব। নিজৰ সহনশীলতাৰে সন্মুখীন হ’ব আৰু চেহেৰাৰে সদায়
সন্তুষ্ট তথা প্ৰসন্নচিত্ত দেখিবলৈ পোৱা যাব। তেওঁলোকৰ নয়ন বা চাল-চলনত কেতিয়াও
অসন্তুষ্টি দেখিবলৈ পোৱা নাযাব। তেওঁলোক সন্তুষ্টমণি হোৱাৰ বাবে সদায় হৰ্ষিত হৈ থাকে।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]