26.07.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই সংগমযুগ বিকৰ্ম বিনাশ কৰাৰ যুগ, এইটো যুগত তোমালোকে কোনো ধৰণৰ বিকৰ্ম কৰিব নালাগে, পৱিত্ৰ নিশ্চয় হ'ব লাগে”

প্ৰশ্ন:
অতিন্দ্ৰীয় সুখৰ অনুভৱ কোনসকল সন্তানৰ হ’ব পাৰে?

উত্তৰ:
যিসকল সন্তান অবিনাশী জ্ঞান ৰত্নেৰে ভৰপূৰ, তেওঁলোকৰে অতিন্দ্ৰীয় সুখৰ অনুভৱ হ’ব পাৰে। যিয়ে যিমানে জ্ঞান জীৱনত ধাৰণ কৰে সিমানে চহকী হয়। যদি জ্ঞান ৰত্ন ধাৰণ নকৰে তেন্তে গৰিব হয়। পিতাই তোমালোকক অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ জ্ঞান দি ত্ৰিকালদৰ্শী কৰি আছে।

গীত:
ওঁম্ নমঃ শিৱায়ে.....

ওঁম্শান্তি।
অতীতেই এতিয়া বৰ্তমান আকৌ এয়া যি বৰ্তমান সেয়া অতীত হৈ যাব। এয়া অতীতৰ গায়ন কৰা হয়। এতিয়া তোমালোক পুৰুষোত্তম সংগমযুগত আছা। ‘পুৰুষোত্তম’ শব্দটি নিশ্চয় উল্লেখ কৰিব লাগে। তোমালোকে বৰ্তমানক দেখি আছাঁ, যি অতীতৰ গায়ন আছে সেয়া এতিয়া বাস্তৱত হৈ আছে, এই ক্ষেত্ৰত কোনো সংশয় উদয় হ’ব নালাগে। সন্তানসকলে জানে যে এতিয়া সংগমযুগো হয়, কলিযুগৰ অন্তও হয়। যথাযথ সংগমযুগ 5 হাজাৰ বছৰ পূৰ্বে অতীত হৈ গৈছে, এতিয়া আকৌ বৰ্তমান। এতিয়া পিতা আহিছে, ভৱিষ্যতেও সেয়াই হ'ব যি অতীত হৈ গ'ল। পিতাই ৰাজযোগ শিকাই আছে, আকৌ সত্যযুগত গৈ ৰাজ্য পাবাগৈ। এতিয়া হৈছে সংগমযুগ। এইটো কথা তোমালোক সন্তানসকলৰ বাহিৰে আন কোনেও নাজানে। তোমালোকে বাস্তৱত ৰাজযোগ শিকি আছা। এইটো অতি সহজ। যিয়েই সৰু বা ডাঙৰ সন্তান আছে, সকলোকে এটা মুখ্য কথা নিশ্চয় বুজাব লাগে যে পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। যিহেতু এতিয়া বিকৰ্ম বিনাশ হোৱাৰ সময় সেয়েহে এনেকুৱা কোন থাকিব যিয়ে বিকৰ্ম কৰিব। কিন্তু মায়াই বিকৰ্ম কৰাই দিয়ে, বুজি পায় যে চৰ খালোঁ। মোৰ দ্বাৰা এইটো ডাঙৰ ভুল হৈ গ'ল। যিহেতু পিতাক আহ্বান জনায় যে হে পতিত-পাৱন আহক। এতিয়া পিতা পাৱন কৰি তুলিবলৈ আহিছে গতিকে পাৱন হ'ব লাগে নহয়। ঈশ্বৰৰ হৈ আকৌ পতিত হ’ব নালাগে। সত্যযুগত সকলো পৱিত্ৰ আছিল। এই ভাৰতখনেই পৱিত্ৰ আছিল। গায়নো কৰে – নিৰ্বিকাৰী বিশ্ব আৰু কলুষিত বিশ্ব। তেওঁলোক সম্পূৰ্ণ নিৰ্বিকাৰী, আমি বিকাৰী কিয়নো আমি বিকাৰগ্ৰস্ত হওঁ। বিকাৰ নামটিয়েই কলুষিত। পতিতই আহ্বান জনায় যে আহি পাৱন কৰি তোলক। ক্ৰোধীয়ে আহ্বান নজনায়। পিতাও আকৌ ড্ৰামাৰ পৰিকল্পনা অনুসৰি আহে। অলপো ইফাল-সিফাল হ’ব নোৱাৰে। যি অতীত হৈ গ’ল সেয়াই বৰ্তমান হৈ আছে। অতীত, বৰ্তমান, ভৱিষ্যতক জনাজনকেই ত্ৰিকালদৰ্শী বুলি কোৱা হয়। এইটো স্মৃতিত ৰাখিব লাগে। এইটো বহুত পৰিশ্ৰমৰ কথা। বাৰে বাৰে পাহৰি যায়। নহ'লেতো তোমালোক সন্তানসকল কিমান অতিন্দ্ৰীয় সুখত থাকিব লাগে। তোমালোক ইয়াত অৱিনাশী জ্ঞান ধনেৰে বহুত চহকী হৈ আছা। যাৰ যিমান ধাৰণা আছে, তেওঁলোক বহুত চহকী হৈ গৈ আছে, কিন্তু নতুন সৃষ্টিৰ বাবে। তোমালোকে জানা যে আমি যি কিছু কৰোঁ সেয়া ভৱিষ্যত নতুন সৃষ্টিৰ বাবে। পিতা আহিছেই নতুন সৃষ্টি স্থাপনা কৰিবলৈ। পুৰণি সৃষ্টিৰ বিনাশ কৰাবলৈ। হুবহু কল্প পূৰ্বৰ দৰেই হ'ব। তোমালোক সন্তানসকলেও দেখিবা। প্ৰাকৃতিক দুৰ্যোগো হ'ব। ভূমিকম্প আহিল আৰু শেষ। ভাৰতত কিমান ভূমিকম্প হ'ব। মইতো কওঁ - এয়াতো হ’বই। কল্প পূৰ্বেও হৈছিল সেইবাবেতো কয় যে সোণৰ দ্বাৰকা তললৈ গুচি গ'ল। সন্তানসকলে এইটো ভালদৰে বুদ্ধিত ধাৰণ কৰিব লাগে যে আমি 5 হাজাৰ বছৰ পূৰ্বেও এই জ্ঞান লৈছিলোঁ। এই ক্ষেত্ৰত অলপো ইফাল-সিফাল নহয়। বাবা, 5 হাজাৰ বছৰ পূৰ্বেও আমি আপোনাৰ পৰা উত্তৰাধিকাৰ লৈছিলোঁ। আমি অনেক বাৰ আপোনাৰ পৰা উত্তৰাধিকাৰ লৈছোঁ। তাৰ গণনা হ'ব নোৱাৰে। কিমানবাৰ তোমালোক বিশ্বৰ মালিক হোৱা, আকৌ ফকিৰ হোৱা। এই সময়ত ভাৰত সম্পূৰ্ণ ফকিৰ। তোমালোকে লিখাও যে ড্ৰামাৰ পৰিকল্পনা অনুসৰি। তেওঁলোকে ‘ড্ৰামা’ শব্দটি নকয়। তেওঁলোকৰ পৰিকল্পনাই নিজৰ।

তোমালোকে কোৱা যে ড্ৰামাৰ পৰিকল্পনা অনুসৰি আমি পুনৰ 5 হাজাৰ বছৰ পূৰ্বৰ দৰে স্থাপনা কৰি আছোঁ। কল্প পূৰ্বে যি কৰ্তব্য কৰিছিলোঁ সেয়া এতিয়াও শ্ৰীমতৰ দ্বাৰা কৰোঁ। শ্ৰীমতৰ দ্বাৰাই শক্তি লওঁ। শিৱ শক্তি নামো আছে নহয়। গতিকে তোমালোক শিৱ শক্তি দেৱী হোৱা, যাৰ মন্দিৰতো পূজা হয়। তোমালোকেই দেৱী হোৱা যিসকলে পুনৰ বিশ্বৰ ৰাজ্য লাভ কৰা। জগত অম্বাক চোৱা, কিমান পূজা হয়। অনেক নাম ৰাখি দিছে। হওঁতেতো এগৰাকীয়েই। যেনেকৈ পিতাও এজনেই শিৱ। তোমালোকেও বিশ্বক স্বৰ্গ কৰি গঢ়ি তোলা গতিকে তোমালোকৰ পূজা হয়। অনেক দেৱী আছে, লক্ষ্মীৰ কিমান পূজা কৰে। দীপাৱলীৰ দিনা মহালক্ষ্মীক পূজা কৰে। তেওঁ হৈছে মুখ্য, মহাৰজা-মহাৰাণী একেলগ কৰি মহালক্ষ্মী বুলি কৈ দিয়ে। তাত দুয়ো আহি যায়। আমিও মহালক্ষ্মীৰ পূজা কৰিছিলোঁ, ধন বৃদ্ধি হ'লে ভাবিব যে মহালক্ষ্মীৰ কৃপা হ’ল। বচ্‌ প্ৰত্যেক বছৰে পূজা কৰে। বাৰু, তেওঁৰ পৰা ধন বিচাৰে, দেৱীৰ পৰা কি বিচাৰিব? তোমালোক সংগমযুগী দেৱীসকল স্বৰ্গৰ বৰদান দিওঁতা হোৱা। মনুষ্যই এইটো গম নাপায় যে দেৱীসকলৰ দ্বাৰা স্বৰ্গৰ সকলো কামনা পূৰ্ণ হয়। তোমালোক দেৱী নোহোৱা জানো। মনুষ্যক জ্ঞান দান কৰা যাৰ দ্বাৰা সকলো কামনা পূৰ্ণ কৰি দিয়া। বেমাৰ আদি হ'লে তেতিয়া দেৱীসকলক ক’ব আৰোগ্য কৰক। ৰক্ষা কৰক। অনেক প্ৰকাৰৰ দেৱী আছে। তোমালোক হৈছা সংগমযুগৰ শিৱ শক্তি দেৱী। তোমালোকেহে স্বৰ্গৰ বৰদান দিয়া। পিতায়ো দিয়ে, সন্তানসকলেও দিয়ে। মহালক্ষ্মীক দেখুৱায়। নাৰায়ণক গুপ্ত কৰি দিয়ে। পিতাই তোমালোক সন্তানসকলৰ কিমান প্ৰভাৱ বঢ়ায়। দেৱীসকলে 21 জন্মৰ বাবে সুখৰ সকলো কামনা পূৰ্ণ কৰে। লক্ষ্মীৰ ওচৰত ধন বিচাৰে। ধনৰ কাৰণেই মনুষ্যই ভাল কাম-কাজ আদি কৰে। তোমালোককতো পিতা আহি গোটেই বিশ্বৰ মালিক কৰি তোলে, প্ৰচুৰ ধন দিয়ে। শ্ৰী লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক আছিল। এতিয়া কঙাল। তোমালোক সন্তানসকলে জানা ৰাজ্যৰ আকৌ লাহে লাহে কেনেকৈ অৱৰোহণ কলা হয়। পুনৰ্জন্ম লওঁতে লওঁতে কলা কম হৈ হৈ এতিয়া চোৱা কেনেকুৱা অৱস্থা হৈ গৈছে! এয়াও নতুন কথা। প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত চক্ৰ ঘূৰি থাকে। এতিয়া ভাৰত কিমান কঙাল। ৰাৱণৰাজ্য। কিমান উচ্চ প্ৰথম নম্বৰত আছিল, এতিয়া শেষৰ নম্বৰত আছে। শেষত নাহিলে তেতিয়া প্ৰথম নম্বৰত কেনেকৈ আহিব। হিচাপ আছে নহয়। ধৈৰ্যসহকাৰে যদি বিচাৰ সাগৰ মন্থন কৰে তেন্তে সকলো কথা স্বতঃ বুদ্ধিত আহি যাব। কিমান মধুৰ কথা। এতিয়াতো তোমালোকে গোটেই সৃষ্টি চক্ৰক জানি গ’লা। পাঠ কেৱল স্কুলতে পঢ়া নহয়। শিক্ষকে ঘৰত পঢ়িবলৈ পাঠ দিয়ে, যাক ঘৰৰ কাম বুলি কোৱা হয়। পিতায়ো তোমালোকক ঘৰৰ বাবে পাঠ দিয়ে। দিনত বাৰু পেছাগত কাম-কাজ আদিও কৰা, শৰীৰ নিৰ্বাহতো কৰিবই লাগে। অমৃতবেলাতো সকলোৰে আজৰি থাকে। ৰাতিপুৱাৰ দুই-তিনি বজাৰ সময়খিনি বহুত ভাল। সেই সময়ত উঠি পিতাক মৰমেৰে স্মৰণ কৰিবা। বাকী এই বিকাৰবোৰেই তোমালোকক আদি-মধ্য-অন্ত দুখী কৰিছে। ৰাৱণক জ্বলায় কিন্তু ইয়াৰো অৰ্থ একোৱে নাজানে। বচ্‌, কেৱল পৰম্পৰাগতভাৱে ৰাৱণক জ্বলোৱাৰ নিয়ম চলি আহিছে। ড্ৰামা অনুসৰি এইটোও নিৰ্ধাৰিত হৈ আছে। ৰাৱণক বধ কৰি আহিছে কিন্তু ৰাৱণ নমৰেই। এতিয়া তোমালোক সন্তানসকলে জানা যে এই ৰাৱণক জ্বলোৱাতো কেতিয়া বন্ধ হ'ব। তোমালোকে এতিয়া সঁচা সঁচা সত্য-নাৰায়ণৰ কথা শুনা। তোমালোকে জানা যে আমি এতিয়া পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত কৰোঁ। পিতাক নজনাৰ কাৰণে সকলো অনাথ হৈ গ’ল। পিতা যিজনে ভাৰতক স্বৰ্গ কৰি তোলে তেওঁকো নাজানে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ছিৰি নামি তমোপ্ৰধান হ'ল সেইবাবেতো পিতা পুনৰ আহিল। কিন্তু নিজক জানো তমোপ্ৰধান বুলি বুজে। পিতাই কয় - এই সময়ত গোটেই বৃক্ষৰ জৰ্জৰিত অৱস্থা হৈ গৈছে। এজনো সতোপ্ৰধান নাই। সতোপ্ৰধান শান্তিধাম আৰু সুখধামতহে হয়। এতিয়া হৈছে তমোপ্ৰধান। পিতাহে আহি তোমালোক সন্তানসকলক অজ্ঞান নিদ্ৰাৰ পৰা জগায়। তোমালোকে আকৌ অন্যসকলক জগোৱা। জাগি থাকে। যিদৰে মনুষ্য মৰিলে তেতিয়া তেওঁৰ প্ৰতি চাকি জ্বলায় যাতে আলোকত আহি যায়। এতিয়া এয়া হৈছে ঘোৰ অন্ধকাৰ, আত্মাসকল নিজৰ ঘৰলৈ উভতি যাব নোৱাৰে। যদিও অন্তৰে দুখৰ পৰা মুক্ত হ’বলৈ বিচাৰে কিন্তু এজনো মুক্ত হ'ব নোৱাৰে।

যিসকল সন্তানৰ পুৰুষোত্তম সংগমযুগৰ স্মৃতি থাকে তেওঁলোকে জ্ঞান ৰত্ন দান নকৰাকৈ থাকিব নোৱাৰে। যেনেকৈ মনুষ্যই পুৰুষোত্তম মাহত বহুত দান-পুণ্য কৰে, তেনেকৈ এই পুৰুষোত্তম সংগমযুগত তোমালোকে জ্ঞান ৰত্ন দান কৰিব লাগে। এইটোও বুজি পোৱা যে স্বয়ং পৰমপিতা পৰমাত্মাই পঢ়াই আছে, শ্ৰীকৃষ্ণৰ কথা নহয়। শ্ৰীকৃষ্ণতো হৈছে সত্যযুগৰ প্ৰথম ৰাজকুমাৰ, গতিকে তেওঁ পুনৰ্জন্ম লৈ আহি থাকে। বাবাই অতীত, বৰ্তমান, ভৱিষ্যতৰো ৰহস্য বুজাইছে। তোমালোক ত্ৰিকালদৰ্শী হৈ যোৱা, পিতাৰ বাহিৰে আন কোনেও ত্ৰিকালদৰ্শী কৰি তুলিব নোৱাৰে। সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান পিতাৰহে আছে, তেওঁকহে জ্ঞানৰ সাগৰ বুলি কোৱা হয়। উচ্চতকৈও উচ্চ বুলি ভগৱানৰহে গায়ন কৰা হৈছে, তেৱেঁই ৰচয়িতা। “স্বৰ্গ স্থাপনা কৰোঁতা ঈশ্বৰ পিতা” শব্দকেইটা বৰ স্পষ্ট - স্বৰ্গ স্থাপনা কৰোঁতা। শিৱজয়ন্তীও পালন কৰে কিন্তু তেওঁ কেতিয়া আহিল, কি কৰিলে - এয়া একোৱেই নাজানে। জয়ন্তীৰ অৰ্থকে নাজানে তেন্তে আকৌ পালন কৰি কি কৰিব, এয়াও সকলো ড্ৰামাত আছে। এই সময়তহে তোমালোক সন্তানসকলে ড্ৰামাৰ আদি-মধ্য-অন্তক জানা আকৌ কেতিয়াও নাজানা। আকৌ যেতিয়া বাবা আহিব তেতিয়াহে জানিবা। এতিয়া তোমালোকৰ স্মৃতি উদয় হৈছে - এই 84ৰ চক্ৰ কেনেকৈ ঘূৰে। ভক্তিমাৰ্গত কি আছে, তাৰ পৰাতো একো প্ৰাপ্তি নহয়। কিমান ভক্তসকলে ভিৰত ঠেকা-খুন্দা খাবলৈ যায়, বাবাই তোমালোকক তাৰ পৰা মুক্ত কৰি দিলে। এতিয়া তোমালোকে জানা যে আমি শ্ৰীমতত ভাৰতক পুনৰ শ্ৰেষ্ঠ কৰি গঢ়ি আছোঁ। শ্ৰীমতেৰেহে শ্ৰেষ্ঠ হয়। শ্ৰীমত সংগমতহে পোৱা যায়। তোমালোকে যথাৰ্থ ৰীতিৰে জানা যে আমি কোন আছিলোঁ আকৌ কেনেকৈ এয়া হৈ গ’লোঁ, এতিয়া পুনৰ পুৰুষাৰ্থ কৰি আছোঁ। পুৰুষাৰ্থ কৰি কৰি যদি সন্তানসকল কেতিয়াবা অকৃতকাৰ্য হৈ যোৱা তেন্তে পিতাক খবৰ জনাবা, পিতাই পুনৰ থিয় হ'বৰ কাৰণে সাৱধান কৰি দিব। কেতিয়াও অকৃতকাৰ্য হৈ থমকি ৰ’ব নালাগে। পুনৰ থিয় হৈ যোৱা, দৰব লৈ লোৱা। চাৰ্জনতো বহি আছে নহয়। বাবাই বুজায় পঞ্চম মহলাৰ পৰা বাগৰি পৰা আৰু দ্বিতীয় মহলাৰ পৰা বাগৰি পৰাৰ প্ৰভেদ কিমান। কাম বিকাৰ হ’ল পঞ্চম মহলা, সেয়েহে বাবাই কৈছে - কাম মহাশত্ৰু, কাম বিকাৰে তোমালোকক পতিত কৰিছে, এতিয়া পাৱন হোৱা। পতিত-পাৱন পিতাহে আহি পাৱন কৰি তোলে। নিশ্চয় সংগমত পাৱন কৰি তুলিব। কলিযুগৰ অন্ত আৰু সত্যযুগৰ আদিৰ এয়া হৈছে সংগম।

সন্তানসকলে জানে - পিতাই এতিয়া পুলি ৰোপণ কৰি আছে আকৌ গোটেই বৃক্ষ ইয়াত বাঢ়িব। ব্ৰাহ্মণসকলৰ বৃক্ষ বাঢ়িব আকৌ সূৰ্যবংশী-চন্দ্ৰবংশীত গৈ সুখ ভোগ কৰিব। কিমান সহজকৈ বুজোৱা হয়। বাৰু, মুৰুলী যদি নোপোৱাও, পিতাক স্মৰণ কৰা। এইটো বুদ্ধিত দৃঢ় কৰা যে শিৱবাবাই ব্ৰহ্মা তনৰ দ্বাৰা আমাক কয় যে মোক স্মৰণ কৰা তেতিয়া বিষ্ণুৰ বংশত গুচি যাবা। সকলো পুৰুষাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। কল্পই কল্পই যি পুৰুষাৰ্থ কৰিলা, হুবহু সেয়াই চলিব। আধাকল্প দেহ-অভিমানী হৈ থাকিলা, এতিয়া দেহী-অভিমানী হ’বলৈ সম্পূৰ্ণ পুৰুষাৰ্থ কৰা, এই ক্ষেত্ৰত পৰিশ্ৰম আছে। পঢ়াতো সহজ, মুখ্য হ’ল পাৱন হোৱাৰ কথা। পিতাক পাহৰি যোৱা এইটোতো বহুত ডাঙৰ ভুল। দেহ- অভিমানত আহিলেই পাহৰি যোৱা। শৰীৰ নিৰ্বাহৰ অৰ্থে পেছাগত কাম-কাজ আদি বাৰু 8 (আঠ) ঘণ্টা কৰা বাকী 8 (আঠ) ঘণ্টা স্মৃতিত থাকিবৰ কাৰণে পুৰুষাৰ্থ কৰিব লাগে। সেইটো অৱস্থা সোনকালে নহ’ব। অন্তত যেতিয়া এইটো অৱস্থা হ’ব তেতিয়া বিনাশ হ’ব। কৰ্মাতীত অৱস্থা হ’লে তেতিয়া এই শৰীৰ থাকিব নোৱাৰিব, এৰিব লাগিব কিয়নো আত্মা পৱিত্ৰ হৈ গ’ল নহয়। যেতিয়া ক্ৰমানুসৰি কৰ্মাতীত অৱস্থা হৈ যাব তেতিয়া যুদ্ধ আৰম্ভ হ’ব, তেতিয়ালৈকে আখৰা চলি থাকিব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পুৰুষোত্তম মাহত (সংগমযুগত) অবিনাশী জ্ঞান ৰত্ন দান কৰিব লাগে। অমৃতবেলা উঠি বিচাৰ সাগৰ মন্থন কৰিব লাগে। শ্ৰীমতত শৰীৰ নিৰ্বাহ কৰিও পিতাই যি ঘৰৰ কাম দিছে, সেয়াও নিশ্চয় কৰিব লাগে।

(2) পুৰুষাৰ্থত কেতিয়াবা বাধা আহিলে পিতাক খবৰ জনাই শ্ৰীমত ল’ব লাগে। ছাৰ্জনক সকলো কথা শুনাব লাগে। বিকৰ্ম বিনাশ কৰাৰ সময়ত কোনো বিকৰ্ম কৰিব নালাগে।

বৰদান:
অখণ্ড যোগৰ বিধিৰে অখণ্ড পূজ্য হওঁতা শ্ৰেষ্ঠ মহান আত্মা হোৱা

আজিকালি যিসকলক মহান আত্মা বুলি কোৱা হয় তেওঁলোকৰ নাম ‘অখণ্ডানন্দ’ আদি ৰাখে কিন্তু সকলোতে অখণ্ড স্বৰূপতো তোমালোক হোৱা - আনন্দতো অখণ্ড, সুখতো অখণ্ড... কেৱল সংগদোষত নাহিবা, আনৰ অৱগুণ দেখি, শুনি আওকাণ কৰা তেতিয়া এইটো বিশেষত্বৰে অখণ্ড যোগী হৈ যাবা। যিসকল অখণ্ড যোগী তেওঁলোকেই অখণ্ড পূজ্য হয়। গতিকে তোমালোক এনেকুৱা মহান আত্মা যি আধাকল্প স্বয়ং পূজ্য স্বৰূপত থাকা আৰু আধাকল্প তোমালোকৰ জড় চিত্ৰৰ পূজা হয়।

স্লোগান:
দিব্য বুদ্ধিয়েই শান্তিৰ শক্তিৰ আধাৰ।


অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা

যিয়ে নিজৰ সূক্ষ্ম শক্তিসমূহক (মন-বুদ্ধিক) পৰিচালিত কৰিব পাৰে, তেওঁলোকে আনৰো পৰিচালিত কৰিব পাৰে সেই কাৰণে নিজৰ ওপৰত নিয়ন্ত্ৰণ শক্তি, শাসন কৰাৰ শক্তি থাকিলে এয়াই যথাৰ্থ পৰিচালনা কৰাৰ শক্তি হৈ যায়। লাগিলে অজ্ঞানী আত্মাসকলক সেৱাৰ দ্বাৰা পৰিচালনা কৰা বা ব্ৰাহ্মণ-পৰিয়ালত স্নেহ সম্পন্ন, সন্তুষ্টতা সম্পন্ন ব্যৱহাৰ কৰা - দুয়োটাতে সফল হৈ যাবা।