26.08.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
জ্ঞানৰ সাগৰ পিতা আহিছে জ্ঞান বৰষি এই ধৰণী সেউজ কৰি তুলিবলৈ, এতিয়া স্বৰ্গ স্থাপনা
হৈ আছে, তালৈ যাবৰ বাবে দৈৱী সম্প্ৰদায়ৰ হ’ব লাগে”
প্ৰশ্ন:
সৰ্বোত্তম
কুলৰ সন্তানসকলৰ মুখ্য কৰ্তব্য কি?
উত্তৰ:
সদায় উচ্চ আত্মিক সেৱা কৰা। ইয়াত বহি বা চলোঁতে-ফুৰোঁতে বিশেষকৈ ভাৰতক আৰু সাধৰণভাৱে
গোটেই বিশ্বক পাৱন কৰি তোলা, শ্ৰীমতত পিতাৰ সহায়কাৰী হোৱা- এয়াই সৰ্বোত্তম
ব্ৰাহ্মণসকলৰ কৰ্তব্য।
গীত:
জো পিয়া কে
সাথ হে ….. (যি প্ৰিয়তমৰ লগত আছে…..)
ওঁম্শান্তি।
অতি মৰমৰ
আত্মিক সন্তানসকলক আত্মিক পিতাই বুজাই আছে যিসকল আত্মিক পিতাৰ লগত আছে কিয়নো পিতা
হ’ল জ্ঞানৰ সাগৰ। কোনজন পিতা? শিৱবাবা। ব্ৰহ্মা বাবাক জ্ঞানৰ সাগৰ বুলি নকয়। শিৱবাবা
যাক পৰমপিতা পৰমাত্মা বুলি কোৱা হয়। এজন হ’ল লৌকিক শাৰীৰিক পিতা, আনজন হ’ল পাৰলৌকিক
আত্মিক পিতা। তেওঁ শৰীৰৰ পিতা, তেওঁ আত্মাসকলৰ পিতা। এয়া বৰ ভালদৰে বুজিবলগীয়া কথা
আৰু এই জ্ঞান শুনাওঁতাজন হ’ল জ্ঞানৰ সাগৰ। যেনেকৈ ভগৱান সকলোৰে এজন, তেনেকৈ জ্ঞানো
এজনেই দিব পাৰে। বাকী যি শাস্ত্ৰ গীতা আদি পঢ়ে, ভক্তি কৰে সেয়া কোনো জ্ঞান নহয়, তাৰ
পৰা জ্ঞানৰ বৰ্ষা নহয়, সেইকাৰণে ভাৰত একেবাৰে শুকাই গ’ল। কঙাল হৈ গ’ল। সেই বৰষুণো
যদি নহয় তেতিয়া মাটি আদি সকলো শুকাই যায়। সেয়া হ’ল ভক্তিমাৰ্গ। তাক জ্ঞানমাৰ্গ বুলি
নকয়। জ্ঞানেৰে স্বৰ্গ স্থাপনা হয়। তাত সদায় ধৰণী সেউজ হৈ থাকে, কেতিয়াও নুশুকায়। এয়া
হ’ল জ্ঞানৰ পঢ়া। ঈশ্বৰ পিতাই জ্ঞান দি দৈৱী সম্প্ৰদায় প্ৰতিষ্ঠা কৰে। পিতাই বুজাইছে
মই তোমালোক সকলো আত্মাৰে পিতা হওঁ। কিন্তু মোক আৰু মোৰ কৰ্তব্যক নজনাৰ কাৰণেই
মনুষ্য ইমান পতিত, দুখী অনাথ হৈ গৈছে। নিজৰ ভিতৰতে কাজিয়া কৰি থাকে। ঘৰত পিতা
নাথাকিলে, সন্তানসকলে কাজিয়া কৰিলে তেতিয়া কয় নহয় যে তোমালোকৰ পিতা আছে নে নাই? এই
সময়তো গোটেই জগতে পিতাক নাজানে। নজনাৰ কাৰণে ইমান দুৰ্গতি হৈছে। জানিলে সৎগতি হয়।
সকলোৰে সৎগতিদাতা এজন। তেওঁক বাবা বুলি কোৱা হয়। তেওঁৰ নাম শিৱ। তেওঁৰ নাম কেতিয়াও
সলনি হ’ব নোৱাৰে। যেতিয়া সন্ন্যাস লয় তেতিয়া নাম সলনি হয়। বিয়া হ’লেও কুমাৰীৰ নাম
সলনি হয়। এইটো নিয়ম ইয়াত ভাৰতত আছে। বাহিৰত এনেকুৱা নহয়। এই শিৱবাবা সকলোৰে
মাতা-পিতা। গায়নো কৰে - তুমিয়েই মাতা পিতা…. ভাৰততহে আহ্বান জনায় - তোমাৰ কৃপাতে
অপাৰ সুখ পাওঁ। এনেকুৱা নহয় যে ভক্তিমাৰ্গত ভগৱানে কৃপা কৰি আহিছে। নহয়, ভক্তিত
অপাৰ সুখ নায়েই। সন্তানসকলে জানে স্বৰ্গত বহুত সুখ আছে। সেইখন নতুন সৃষ্টি। পুৰণি
সৃষ্টিত দুখেই হয়। যিসকল জীৱন্তে ভালদৰে মৰি গৈছে তেওঁলোকৰ নাম সলনি হ’ব পাৰে।
কিন্তু মায়া বিজয়ী হৈ যায় তেতিয়া ব্ৰাহ্মণৰ পৰা সলনি হৈ শূদ্ৰ হৈ যায় সেইকাৰণে
বাবাই নাম নাৰাখে। ব্ৰাহ্মণসকলৰ মালাতো নাথাকে। তোমালোক সন্তানসকল সৰ্বোত্তম উচ্চ
কুলৰ হোৱা। উচ্চ আত্মিক সেৱা কৰা। ইয়াত বহি বা চলোঁতে-ফুৰোঁতে তোমালোকে বিশেষকৈ
ভাৰতৰ আৰু সাধাৰণভাৱে বিশ্বৰ সেৱা কৰা। বিশ্বক তোমালোকে পৱিত্ৰ কৰি তোলা। তোমালোক
হ’লা পিতাৰ সহায়কাৰী। পিতাৰ শ্ৰীমতত চলি তোমালোকে সহায় কৰা। এই ভাৰতেই পাৱন হ’ব।
তোমালোকে ক’বা আমি কল্পই কল্পই এই ভাৰতক পৱিত্ৰ কৰি তুলি পৱিত্ৰ ভাৰতত ৰাজত্ব কৰোঁ।
ব্ৰাহ্মণৰ পৰা আকৌ আমি ভৱিষ্যতে দেৱী-দেৱতা হওঁ। বিৰাট ৰূপৰ চিত্ৰও আছে। প্ৰজাপিতা
ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণেই হ’ল। ব্ৰাহ্মণ তেতিয়া হ’ব যেতিয়া প্ৰজাপিতাৰ সন্মুখত
থাকিব। এতিয়া তোমালোক সন্মুখত আছা। তোমালোক প্ৰত্যেকেই নিজক প্ৰজাপিতা ব্ৰহ্মাৰ
সন্তান বুলি ভাবা। এইটো হৈছে যুক্তি। সন্তান বুলি ভাবিলে ভাই-ভনী হৈ যায়। ভাই-ভনীৰ
কেতিয়াও আসুৰিক দৃষ্টি থকা উচিত নহয়। এতিয়া পিতাই অধ্যাদেশ জাৰি কৰে যে তোমালোক 63
জন্ম পতিত হৈ থাকিলা, এতিয়া পাৱন সৃষ্টি স্বৰ্গলৈ যাব বিচৰা যদি পৱিত্ৰ হোৱা। তালৈ
পতিত আত্মা যাব নোৱাৰে সেইকাৰণেই মোক বেহদৰ পিতাক তোমালোকে আহ্বান জনোৱা। এই আত্মাই
শৰীৰৰ দ্বাৰা কথা পাতে। শিৱবাবায়ো কয় - মই এই শৰীৰৰ দ্বাৰা কথা পাতো। নহ’লে মই
কেনেকৈ আহিম? মোৰ জন্ম দিব্য। সত্যযুগত দৈৱীগুণ সম্পন্ন দেৱতাসকল থাকে। এই সময়ত হ’ল
আসুৰি গুণধাৰী মনুষ্য। ইয়াৰ মনুষ্যক দেৱতা বুলি কোৱা নহয়। আকৌ লাগিলে যিয়েই নহওঁক
নামতো বহুত ডাঙৰ ডাঙৰ ৰাখি দিয়ে। সাধুৱে নিজক শ্ৰী শ্ৰী বুলি কয় আৰু মনুষ্যক শ্ৰী
বুলি কয় কাৰণ নিজে পৱিত্ৰ হৈ থাকে সেইকাৰণে শ্ৰী শ্ৰী বুলি কয়। হওঁতেতো মনুষ্যই হয়।
যদিও বিকাৰগ্ৰস্ত নহয় কিন্তু বিকাৰী সৃষ্টিতে আছে নহয়। তোমালোকে ভৱিষ্যতে নিৰ্বিকাৰী
দৈৱী সৃষ্টিত ৰাজত্ব কৰিবা। তাতো মনুষ্যই থাকিব কিন্তু দৈৱী গুণ সম্পন্ন হ’ব। এই
সময়ত মনুষ্য আসুৰি গুণধাৰী পতিত। গুৰু নানকেও ঈশ্বৰে মলিন কাপোৰ পৰিস্কাৰ কৰে….…..
গুৰু নানকেও পিতাৰ মহিমা কৰে।
এতিয়া পিতা আহিছে
স্থাপনা আৰু বিনাশ কৰাবলৈ। আৰু অন্য যিসকল ধৰ্ম প্ৰতিষ্ঠাপক আছে তেওঁলোকে কেৱল ধৰ্ম
প্ৰতিষ্ঠা কৰে অন্য ধৰ্মৰ বিনাশ নকৰে, তেওঁলোকৰতো বৃদ্ধি হৈ থাকে। এতিয়া পিতাই
বৃদ্ধি হোৱাটো বন্ধ কৰে। এটা ধৰ্ম প্ৰতিষ্ঠা আৰু অনেক ধৰ্মৰ বিনাশ কৰাই দিয়ে। ড্ৰামা
অনুসৰি এয়া হ’বই। পিতাই কয় - মই আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰোঁ, যাৰবাবে
তোমালোকক পঢ়াই আছোঁ। সত্যযুগত অনেক ধৰ্ম নাথাকেই। ড্ৰামাত এই সকলো উভতি যোৱাটো
নিৰ্ধাৰিত হৈ আছে। এই বিনাশক কোনেও বাধা দিব নোৱাৰে। বিশ্বত শান্তি তেতিয়াহে হয়
যেতিয়া বিনাশ হয়। এই যুদ্ধৰ দ্বাৰাই স্বৰ্গৰ দ্বাৰ মুকলি হয়। এইটোও তোমালোকে লিখিব
পাৰা যে এই মহাভাৰতৰ যুদ্ধ কল্প পূৰ্বেও লাগিছিল। তোমালোকে প্ৰদৰ্শনীৰ উদ্ঘাটন
কৰোৱা তেতিয়া এনেকৈ লিখিবা। পিতা পৰমধামৰ পৰা আহিছে - স্বৰ্গ উদ্ঘাটন কৰিবলৈ।
পিতাই কয় মই স্বৰ্গ স্থাপনা কৰোঁতা পিতা স্বৰ্গ উদ্ঘাটন কৰিবলৈ আহিছোঁ। স্বৰ্গবাসী
কৰি তুলিবলৈ সন্তানসকলৰে সহায় লওঁ। ইমান অনেক আত্মাক নহ’লে কোনে পৱিত্ৰ কৰি তুলিব।
অনেক আত্মা আছে। ঘৰে ঘৰে তোমালোকে এইটো বুজাব পাৰা। ভাৰতবাসী তোমালোক সতোপ্ৰধান
আছিলা পুনৰ 84 জন্মৰ পাছত তমোপ্ৰধান হৈছা। এতিয়া পুনৰ সতোপ্ৰধান হোৱা। মনমনাভৱ।
এনেকৈ নক’বা যে আমি শাস্ত্ৰ আদিক নামানো। কোৱা, শাস্ত্ৰ আৰু ভক্তিমাৰ্গকতো আমি
মানিছিলোঁ কিন্তু এতিয়া এই ভক্তিমাৰ্গৰ ৰাতি পূৰা হয়। জ্ঞানেৰে দিন আৰম্ভ হয়। পিতা
আহিছে সৎগতি কৰিবলৈ। বুজাবৰ বাবে বহুত যুক্তি লাগে। কোনোৱে ভালদৰে ধাৰণা কৰে,
কোনোবাই কমকৈ কৰে। প্ৰদৰ্শনীতো যিসকল ভাল ভাল সন্তান আছে - তেওঁলোকে ভালকৈ বুজায়।
যেনেকৈ পিতা শিক্ষক হ’লে তেন্তে সন্তানো শিক্ষক হ’বলগীয়া হয়। গায়নো কৰা হয় -
সৎগুৰুৱে উদ্ধাৰ কৰে, পিতাক কোৱা হয় সত্যখণ্ড স্থাপন কৰোঁতা সত্য বাবা। অসত্য খণ্ড
স্থাপনা কৰোঁতা হৈছে ৰাৱণ। এতিয়া যিহেতু সৎগতি কৰোঁতাক পাইছোঁ তেন্তে আকৌ আমি ভক্তি
কেনেকৈ কৰিম? ভক্তি শিকাওঁতা হৈছে অনেক গুৰুলোকসকল। সৎগুৰুতো এজনেই। এনেকৈ কয়ো যে
সৎগুৰু অকাল…. তথাপিও অনেক গুৰু হৈ থাকে। সন্ন্যাসী, উদাসী অনেক প্ৰকাৰৰ গুৰু থাকে।
শিখসকলে নিজেই কয় সৎগুৰু অকাল… অৰ্থাৎ যিজনক কালে খাব নোৱাৰে। মনুষ্যকতো কালে খায়।
পিতাই বুজায় - মনমনাভৱ। তেওঁলোকৰ আকৌ হৈছে - চাহেবক জপ কৰিলে তেতিয়া সুখ পাবা….
মুখ্য হৈছে দুটা শব্দ। পিতাই কয় - মোক স্মৰণ কৰা - চাহেবক জপ কৰা। চাহেবতো এজনেই।
গুৰুনানকেও তেওঁৰ প্ৰতিয়েই ইংগিত কৰিছে যে তেওঁক জপা। বাস্তৱত তোমালোকে জপ কৰিব
নালাগে, স্মৰণ কৰিব লাগে। এয়া হৈছে অজপাজপ। মুখেৰে একো ক’ব নালাগে। শিৱ শিৱ বুলিও
ক’ব নালাগে। তোমালোকতো শান্তিধামলৈ যাব লাগে। এতিয়া পিতাক স্মৰণ কৰা। অজপাজপো এটাই
হয় যিটো পিতাই শিকায়। তেওঁলোকে কিমান ঘণ্টা বজায়, আৱাজ কৰে, মহিমা কৰে। কয় – অচতম্
কেশৱম্…. কিন্তু এটা শব্দও বুজি নাপায়। সুখ দিওঁতাতো এজনেই পিতা। ব্যাস বুলিও
তেওঁকেই কোৱা হয়। তেওঁৰ জ্ঞান আছে যি জ্ঞান তোমালোকক দিয়ে। সুখো তেৱেঁই দিয়ে।
তোমালোক সন্তানসকলে বুজি পোৱা- এতিয়া আমাৰ আৰোহণ কলা। ছিৰিত কলাও দেখুৱাইছে। এই
সময়ত কোনো কলা নাই। মোৰ নিগুৰ্ণীৰ….। এটা নিৰ্গুণ সংস্থাও আছে। এতিয়া পিতাই কয় -
বালকতো মহাত্মাৰ দৰে হয়। বালকৰ কোনো অৱগুণ নাই। তেওঁলোকৰ আকৌ নাম ৰাখি দিয়ে নিৰ্গুণ
বালক। যদি বালকৰ গুণ নাই তেন্তে পিতাৰো নাই। সকলোৰে অৱগুণ আছে। গুণৱান কেৱল
দেৱতাসকলহে হয়। এক নম্বৰৰ অৱগুণ হৈছে যে পিতাক নাজানে। দ্বিতীয় অৱগুণ হৈছে বিষয়
সাগৰত ককবকাই থাকে। পিতাই কয় - আধাকল্প তোমালোক ককবকাই আছিলা। এতিয়া মই জ্ঞান সাগৰে
তোমালোকক ক্ষীৰ সাগৰলৈ লৈ যাওঁ। মইতো ক্ষীৰ সাগৰলৈ যাবলৈ তোমালোকক শিক্ষা দিওঁ। মই
এওঁৰ কাষত আহি বহোঁ, য’ত আত্মা নিবাস কৰে। মই স্বতন্ত্ৰ। য’তে ত’তে অহা-যোৱা কৰিব
পাৰোঁ। তোমালোকে মৃতকক খুউওৱা গতিকে আত্মাক খুউওৱা নহয়। শৰীৰতো ভস্ম হৈ যায়। আত্মাক
দেখাও পোৱা নাযায়। বুজি পোৱা যে অমুক আত্মাৰ শ্ৰাদ্ধ। আত্মাক আহ্বান জনোৱা হয় -
এয়াও ড্ৰামাত ভূমিকা আছে। কেতিয়াবা আহে কেতিয়াবা নাহেও। কোনোৱে কয়, কোনোৱে নকয়ো।
ইয়াতো আত্মাক আহ্বান জনায়, আহি কয়। কিন্তু এনেকৈ নকয় যে অমুক স্থানত জন্ম হৈছে।
কেৱল ইমানেই ক’ব যে মই বহুত সুখী, ভাল ঘৰত জন্ম লৈছোঁ। ভাল জ্ঞানী সন্তান ভাল ঘৰত
যাব। কম জ্ঞানীসকলে কম পদ পাব। বাকী সুখতো আছে। ৰজা হোৱা ভাল নে দাসী হোৱা ভাল? ৰজা
হ’বলৈ হ’লেতো এই পঢ়াত লাগি যোৱা। জগতখনতো বহুত লেতেৰা। জগতৰ সংগক কোৱা হয় কুসংগ।
এজন সত্যৰ সংগইহে বৈতৰণী পাৰ কৰায়, বাকী সকলোৱে ডুবায়। পিতাইতো সকলোৰে জন্মপ্ৰত্ৰিকা
জানে নহয়। এইখন পাপৰ জগত, সেইবাবেতো আহ্বান জনায় - আন ক’ৰবালৈ লৈ যাওঁক। এতিয়া
পিতাই কয় - মৰমৰ সন্তানসকল, মোৰ হৈ মোৰ মতত চলা। এইখন বহুত লেতেৰা জগত। দুৰ্নীতি আছে।
লাখ-কোটি টকাৰ প্ৰবঞ্চনা হয়। এতিয়া পিতা আহিছে সন্তানসকলক স্বৰ্গৰ মালিক কৰি তুলিবলৈ
তেন্তে অপাৰ আনন্দিত হোৱা উচিত নহয় জানো। বাস্তৱত এয়া হৈছে সত্য গীতা। আকৌ এই জ্ঞান
লুপ্ত হৈ যাব। এতিয়া তোমালোকৰ এই জ্ঞান আছে আকৌ পৰৱৰ্তী জন্ম ল’লে জ্ঞান সমাপ্ত হৈ
যাব। তাৰপাছত হৈছে প্ৰালব্ধ। তোমালোকক পুৰুষোত্তম কৰি তুলিবলৈ পিতাই পঢ়ায়। এতিয়া
তোমালোকে পিতাক জানিছা। এতিয়া অমৰনাথৰ যাত্ৰা হয়। কোৱা, যাক সূক্ষ্মলোকত দেখুৱায়
তেওঁ আকৌ স্থূললোকত কেনেকৈ আহিল? পাহাৰ আদিতো ইয়াত আছে নহয়। তাত পতিত কেনেকৈ থাকিব
পাৰে? যে পাৰ্বতীক জ্ঞান দিয়ে। হাতেৰে বৰফৰ লিংগ সাজে। সেয়াতো যিকোনো স্থানতেই
সাজিব পাৰি। মনুষ্যই কিমান হাবাথুৰি খায়। বুজি নাপায় যে শংকৰৰ ওচৰত পাৰ্বতী ক’ৰ পৰা
আহিল যে তেওঁক পাৱন কৰি তুলিব। শংকৰ কোনো পৰমাত্মা নহয়, তেৱোঁ দেৱতা। মনুষ্যক কিমান
বুজোৱা হয় তথাপিও বুজি নাপায়। পাৰসবুদ্ধি হ’ব নোৱাৰে। প্ৰদৰ্শনীলৈ কিমান আহে। কয়
জ্ঞানতো বহুত ভাল। সকলোৱে ল’ব লাগে। হেৰ’ আপুনিতো লওঁক। ক’ব - মোৰ আজৰি নাই।
প্ৰদৰ্শনীত এইটোও লিখিব লাগে যে এই যুদ্ধৰ আগতে পিতাই স্বৰ্গ উদ্ঘাটন কৰি আছে।
বিনাশৰ পাছত স্বৰ্গৰ দ্বাৰ মুকলি হ’ব। বাবাই কৈছিল যে সকলো চিত্ৰতে লিখা- পাৰলৌকিক
পৰমপিতা পৰমাত্মা ত্ৰিমূৰ্তি শিৱ ভগৱানুবাচ। ‘ত্ৰিমূৰ্তি’ নিলিখিলে ক’ব শিৱতো
নিৰাকাৰ, তেওঁ কেনেকৈ জ্ঞান দিব? বুজোৱা হয় এওঁ প্ৰথমে বগা (পৱিত্ৰ) আছিল,
শ্ৰীকৃষ্ণ আছিল আকৌ এতিয়া শ্যামবৰণীয়া মনুষ্য হ'ল। এতিয়া তোমালোকক মনুষ্যৰ পৰা দেৱতা
কৰি তোলে। আকৌ বুৰঞ্জী পুনৰাবৃত্তি হ’ব। গায়নো আছে মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ
ঈশ্বৰৰ সময় নালাগে.... আকৌ ছিৰি নামি (অৱনমিত হৈ) মনুষ্য হয়। পুনৰ পিতা আহি দেৱতা
কৰি তোলে। পিতাই কয় - মই আহিবলগীয়া হয়। কল্প কল্প, কল্পৰ সংগমযুগত আহোঁ। যুগে যুগে
বুলি কোৱাতো ভুল। মই সংগমযুগত আহি তোমালোকক পুণ্য আত্মা কৰি তোলোঁ। আকৌ ৰাৱণে
তোমালোকক পাপ আত্মা কৰি দিয়ে। পিতাইহে পুৰণি সৃষ্টিক নতুন সৃষ্টি কৰি তোলে। এইবোৰ
বুজিবলগীয়া কথা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ
সমান শিক্ষক হ’ব লাগে, বৰ যুক্তিৰে সকলোকে এই অসত্যখণ্ডৰ পৰা উলিয়াই সত্যখণ্ডলৈ
যোৱাৰ লায়ক কৰি তুলিব লাগে।
(2) জগতৰ সংগ হৈছে
কু-সংগ, সেয়েহে কু-সংগৰ পৰা কাষৰীয়া হৈ এজন সত্যৰ সংগ ল’ব লাগে। উচ্চ পদৰ কাৰণে এই
পঢ়াত লাগি যাব লাগে। একমাত্ৰ পিতাৰ মততহে চলিব লাগে।
বৰদান:
নিজৰ সকলো
সেৱাত অৰ্পণ কৰোঁতা গুপ্তদানী পুণ্য আত্মা হোৱা
যিয়েই সেৱা কৰা সেয়া
বিশ্ব কল্যাণৰ অৰ্থে অৰ্পিত কৰি যোৱা। যেনেকৈ ভক্তিত যিসকল গুপ্তদানী পুণ্য আত্মা
আছে তেওঁলোকে এইটোৱে সংকল্প কৰে যে সকলোৰে কল্যাণৰ অৰ্থে হওঁক। তেনেকৈ তোমালোকৰ
প্ৰতিটো সংকল্প সেৱাৰ অৰ্থে অৰ্পিত হওঁক। কেতিয়াও নিজৰ বাবে কামনা নাৰাখিবা। সকলোৰে
প্ৰতি সেৱা কৰা। যি সেৱা বিঘিনিৰ ৰূপ লয় সেয়া সঁচা সেৱা বুলি কোৱা নহ’ব সেইবাবে
নিজৰ বোধ এৰি গুপ্ত আৰু সঁচা সেৱাধাৰী হৈ সেৱাৰ দ্বাৰা বিশ্ব কল্যাণ কৰি যোৱা।
স্লোগান:
প্ৰতিটো কথা প্ৰভুৰ প্ৰতি অৰ্পণ কৰি দিয়া তেতিয়া আগন্তুক সমস্যাসমূহ সহজ অনুভৱ হ’ব।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
আদিকাল, অমৃতবেলা
নিজৰ অন্তৰত পৰমাত্ম স্নেহ সম্পূৰ্ণ ৰূপে ধাৰণ কৰি লোৱা। যদি অন্তৰত পৰমাত্ম স্নেহ,
পৰমাত্ম শক্তি, পৰমাত্ম জ্ঞান পূৰ্ণ হৈ থাকে তেতিয়া কেতিয়াও অন্য কোনোফালে আকৰ্ষণ
অথবা স্নেহ জাগিব নোৱাৰে। যদি পিতাৰ প্ৰতি সঁচা স্নেহ আছে তেন্তে স্নেহৰ চিন হৈছে -
সমান, কৰ্মাতীত। ‘কৰাৱনহাৰ’ হৈ কৰ্ম কৰা, কৰোৱা। কেতিয়াও মন-বুদ্ধি অথবা সংস্কাৰৰ
বশ হৈ কোনো কৰ্ম নকৰিবা।