26.12.25 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“নিজৰ উচ্চ ভাগ্য গঢ়িবলৈ হ’লে কাৰোবাৰ সৈতে কথা পাতোতে, চাওঁতে বুদ্ধিৰ যোগসূত্ৰ
একমাত্ৰ পিতাৰ সৈতে ৰাখা ”
প্ৰশ্ন:
নতুন সৃষ্টি
স্থাপনাৰ নিমিত্ত হোৱা সন্তানসকলে পিতাৰ কোনটো নিৰ্দেশনা পাইছে?
উত্তৰ:
সন্তানসকল, তোমালোকৰ এই পুৰণি সৃষ্টিৰ সৈতে কোনো সম্বন্ধ নাই। এই পুৰণি সৃষ্টিৰ
প্ৰতি নিজৰ অন্তৰৰ আকৰ্ষণ নাৰাখিবা। পৰীক্ষা কৰা মই শ্ৰীমতৰ বিৰুদ্ধে কৰ্মতো নকৰোঁ?
আত্মিক সেৱাৰ নিমিত্ত হওঁনে?
গীত:
ভোলানাথ চে
নিৰালা….. (ভোলানাথতকৈ অনন্য…..)
ওঁম্শান্তি।
এতিয়া গীত
শুনাৰ কোনো প্ৰয়োজন নাথাকে। গীত বিশেষকৈ ভক্তইহে গায় আৰু শুনায়। তোমালোকেতো পাঠ পঢ়া।
এই গীতো সন্তানসকলৰ কাৰণেই বিশেষকৈ উলিওৱা হৈছে। সন্তানসকলে জানে – পিতাই আমাৰ
ভাগ্য উচ্চ কৰি গঢ়ি আছে। এতিয়া আমি পিতাকহে স্মৰণ কৰিব লাগে আৰু দৈৱীগুণ ধাৰণ কৰিব
লাগে। নিজৰ খতিয়ান চাব লাগে। জমা হয় নে লোকচান হয়। মোৰ কোনো দুৰ্বলতাতো নাই? যদি
দুৰ্বলতা আছে, যাৰ কাৰণে মোৰ ভাগ্যত ঘাতি হৈ যাব তেন্তে সেয়া আঁতৰাব লাগে। এই সময়ত
প্ৰত্যেকেই নিজৰ ভাগ্য উচ্চ কৰি গঢ়িব লাগে। তোমালোকে বুজোৱা যে আমি এই
লক্ষ্মী-নাৰায়ণ হ’ব পাৰোঁ যদিহে এজন পিতাৰ বাহিৰে অন্য কাকো স্মৰণ নকৰোঁ। কাৰোবাৰ
সৈতে কথা পাতোতে, চাওঁতে বুদ্ধিৰ যোগসূত্ৰ যাতে তাত এজনৰ সৈতে যুক্ত হৈ থাকে। আমি
আত্মাসকলে পিতাকহে স্মৰণ কৰিব লাগে। পিতাৰ আজ্ঞা পাইছা। মোৰ বাহিৰে আন কাৰো প্ৰতি
অন্তৰৰ আকৰ্ষণ নাৰাখিবা আৰু দৈৱীগুণ ধাৰণ কৰা। পিতাই বুজায়, তোমালোকৰ এতিয়া 84 জন্ম
পূৰা হ’ল। এতিয়া আকৌ তোমালোক গৈ ৰাজ্যত প্ৰথম নম্বৰ লোৱা। এনেকুৱা যাতে নহয় যে ৰজাৰ
পৰা অৱনমিত হৈ প্ৰজাত গুচি যাবা, প্ৰজাতো তলত গুচি যাবা। নহয়, নিজক পৰীক্ষা কৰি থাকা।
এই বুজনি পিতাৰ বাহিৰেতো আন কোনেও দিব নোৱাৰে। পিতাক, শিক্ষকক স্মৰণ কৰিলে ভয় থাকিব।
এনেকুৱা যাতে নহয় যে মই কোনো শাস্তি খাবলগীয়া হয়। ভক্তিতো বুজি পায় পাপ কৰ্ম কৰিলে
শাস্তিৰ ভাগীদাৰ হৈ যাব। জ্যেষ্ঠ বাবাৰ (শিৱবাবাৰ) নিৰ্দেশনাতো এতিয়াহে পোৱা যায়,
যাক শ্ৰীমত বুলি কোৱা হয়। সন্তানসকলে জানে যে শ্ৰীমতৰ দ্বাৰা আমি শ্ৰেষ্ঠ হওঁ। নিজক
পৰীক্ষা কৰিব লাগে। ক’ৰবাত মই শ্ৰীমতৰ বিৰুদ্ধেতো একো নকৰোঁ? যিটো কথা ভাল নালাগে
সেইটো কৰিব নালাগে। ভাল বেয়াকতো এতিয়া বুজি পোৱা, আগতে বুজি নাপাইছিলা। এতিয়া
তোমালোকে এনেকুৱা কৰ্ম শিকা যে জন্ম-জন্মান্তৰলৈ কৰ্ম অকৰ্ম হৈ যায়। এই সময়ততো
সকলোৰে মাজত 5 ভূতৰ প্ৰৱেশ হৈ আছে। এতিয়া ভালদৰে পুৰুষাৰ্থ কৰি কৰ্মাতীত হ’ব লাগে।
দৈৱীগুণো ধাৰণ কৰিব লাগে। সময় স্পৰ্শকাতৰ হৈ গৈ আছে, জগতখন বেয়া হৈ গৈ আছে।
দিনে-প্ৰতিদিনে বেয়াহে হৈ থাকিব। এইখন জগতৰ সৈতে তোমালোকৰ যেন সম্বন্ধই নাই।
তোমালোকৰ সম্বন্ধ হৈছে নতুন সৃষ্টিৰ সৈতে, যিখন এতিয়া স্থাপনা হৈ আছে। তোমালোকে জানা
আমি নতুন সৃষ্টি স্থাপন কৰাৰ নিমিত্ত হওঁ। সেয়েহে যি লক্ষ্য-উদ্দেশ্য সন্মুখত আছে,
তেওঁলোকৰ নিচিনা হ’ব লাগে। কোনো আসুৰিক গুণ যাতে নাথাকে। আত্মিক সেৱাত লাগি থাকিলে
বহুত উন্নতি হয়। প্ৰদৰ্শনী, সংগ্ৰাহালয় আদি খোলে। বুজি পায় বহুত লোক আহিব, তেওঁলোকক
পিতাৰ পৰিচয় দিম, তেতিয়া তেওঁলোকেও পিতাক স্মৰণ কৰিবলৈ লাগি যাব। গোটেই দিনটো যাতে
এইটোৱে খেয়াল চলি থাকে। সেৱাকেন্দ্ৰ খুলি সেৱা বৃদ্ধি কৰা, এই সকলো ৰত্ন তোমালোকৰ
ওচৰত আছে। পিতাই দৈৱীগুণো ধাৰণ কৰায় আৰু সম্পত্তি দিয়ে। তোমালোক ইয়াত বহি আছা
বুদ্ধিত আছে যে সৃষ্টিৰ আদি-মধ্য-অন্তক জানোঁ। পৱিত্ৰ হৈও থাকা। মন-বচন-কৰ্মৰে যাতে
কোনো বেয়া কৰ্ম নহয়, সেইটো পূৰা পৰীক্ষা কৰিবলগীয়া হয়। পিতা আহিছেই পতিতক পাৱন কৰি
তুলিবলৈ। তাৰ কাৰণে যুক্তিও শুনাই থাকে। সেয়াই চিন্তন কৰি থাকিব লাগে। সেৱাকেন্দ্ৰ
খুলি বহুতক নিমন্ত্ৰণ দিব লাগে। বহি মৰমেৰে বুজাব লাগে। এই পুৰণি সৃষ্টি নাশ হৈ যাব।
প্ৰথমেতো নতুন সৃষ্টিৰ স্থাপন কৰাতো বহুত জৰুৰী। স্থাপনা হয় সংগমত। এইটোও মনুষ্যই
গম নাপায় যে এতিয়া সংগমযুগ। এইটোও বুজাব লাগে যে নতুন সৃষ্টিৰ স্থাপনা, পুৰণি
সৃষ্টিৰ বিনাশ তাৰেই এতিয়া সংগম। নতুন সৃষ্টিৰ স্থাপনা শ্ৰীমত অনুসৰি হৈ আছে। পিতাৰ
বাহিৰে আন কোনেও নতুন সৃষ্টিৰ স্থাপনাৰ মত নিদিয়ে। পিতাহে আহি তোমালোক সন্তানসকলৰ
দ্বাৰা নতুন সৃষ্টিৰ উদ্ঘাটন কৰায়। অকলেতো নকৰিব। সকলো সন্তানৰ সহায় লয়। সেই লোকসকলে
উদ্ঘাটন কৰিবলৈ সহায় নলয়। আহি কেঁচিৰে ফিটা কাটিব। ইয়াততো তেনে কথা নাই। ইয়াত
তোমালোক ব্ৰাহ্মণ কুল ভূষণসকল সহায়ক হোৱা। সকলো মনুষ্য মাত্ৰেই ৰাস্তা একেবাৰে
হেৰুৱাই পেলাইছে। পতিত সৃষ্টিক পাৱন কৰি তোলা এইটো পিতাৰেই কাম। পিতাইহে নতুন সৃষ্টি
স্থাপন কৰে, যাৰ বাবে আত্মিক জ্ঞান দিয়ে। তোমালোকে জানা পিতাৰ ওচৰত নতুন সৃষ্টি
স্থাপন কৰাৰ যুক্তি আছে। ভক্তিমাৰ্গত তেওঁক আহ্বান জনায় নহয় – হে পতিত-পাৱন আহক।
যদিও শিৱৰ পূজাও কৰি থাকে কিন্তু এইটো নাজানে যে পতিত-পাৱন কোন। দুখততো স্মৰণ কৰে
হে ভগৱান, হে ৰাম। ৰাম বুলিও নিৰাকাৰকেই কয়। নিৰাকাৰকেই উচ্চ ভগৱান বুলি কয়। কিন্তু
মনুষ্য বহুত বিবুদ্ধিত পৰি আছে। পিতা আহি মুক্ত কৰিছে। যেনেকৈ কুঁৱলীৰ বাবে মনুষ্য
বিবুদ্ধিত পৰে নহয়। এয়াতো হৈছে বেহদৰ কথা। বহুত ডাঙৰ জংঘলত আহি সোমালহি। তোমালোককো
পিতাই অনুভৱ কৰালে আমি কোনখন জংঘলত আছিলোঁ। এয়াও এতিয়া গম পাইছা - এইখন পুৰণি সৃষ্টি।
ইয়াৰো অন্ত আছে। মনুষ্যইতো একেবাৰে ৰাস্তা নাজানেই। পিতাক আহ্বান জনাই থাকে।
তোমালোকে এতিয়া আহ্বান নজনোৱা। এতিয়া তোমালোক সন্তানসকলে ড্ৰামাৰ আদি-মধ্য-অন্তক
জানা। সেয়াও ক্ৰমানুসৰি। যিয়ে জানে তেওঁ বহুত আনন্দিত হৈ থাকে। আনকো ৰাস্তা দেখুৱাই
দিয়াত তৎপৰ হৈ থাকে। পিতাইতো কৈ থাকে ডাঙৰ ডাঙৰ সেৱাকেন্দ্ৰ খোলা। চিত্ৰ ডাঙৰ ডাঙৰ
হ’লে তেতিয়া মনুষ্যই সহজে বুজিব পাৰিব। সন্তানসকলৰ কাৰণে মেপ নিশ্চয় লাগে। ক’ব লাগে
– এইখনো স্কুল। ইয়াৰ এইখন আচৰিত মেপ, সেই স্কুলৰ মেপততো হদৰ কথাবিলাক থাকে। এয়া হ’ল
বেহদৰ কথা। এইখনো পাঠশালা, য’ত পিতাই আমাক সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য শুনায় আৰু
যোগ্য কৰি তোলে। মনুষ্যৰ পৰা দেৱতা হ’বৰ বাবে এইখন ঈশ্বৰীয় পাঠশালা। লিখাই আছে
ঈশ্বৰীয় বিশ্ব বিদ্যালয়। এইখন হ’ল আত্মিক পাঠশালা। অকল ঈশ্বৰীয় বিশ্ব বিদ্যালয় বুলি
লিখিলেও মনুষ্যই বুজিব নোৱাৰে। ‘ইউনিভাৰ্চিটি’ বুলিও লিখিব লাগে। এনেকুৱা ঈশ্বৰীয়
বিশ্ব বিদ্যালয় আৰু অন্য নাই। বাবাই ‘কাৰ্ড’ বিলাক চাইছিল। কিছুমান শব্দ ভুল হৈ
আছিল। বাবাই কিমান বাৰ কৈছে ‘প্ৰজাপিতা’ শব্দটি নিশ্চয় উল্লেখ কৰিবা তথাপিও
সন্তানসকলে পাহৰি যায়। লিখনি সম্পুৰ্ণ হ’ব লাগে যাতে মনুষ্যই গম পায় যে এইখন
ঈশ্বৰীয় ডাঙৰ কলেজ। যিসকল সন্তান সেৱাত উপস্থিত আছে, যিসকল ভাল সেৱাধাৰী, তেওঁলোকৰো
অন্তৰত থাকে মই গৈ অমুক সেৱাকেন্দ্ৰটিৰ উৎকৰ্ষ সাধন কৰোঁ, ঠাণ্ডা হৈ গৈছে, তেওঁলোকক
জগাওঁ কিয়নো মায়া এনেকুৱা যে বাৰে বাৰে শুৱাই দিয়ে। মই স্বদৰ্শন চক্ৰধাৰী হওঁ,
এইটোও পাহৰি যায়। মায়াই বহুত বিৰুদ্ধাচৰণ কৰে। তোমালোক যুদ্ধক্ষেত্ৰত আছা। মায়াই
মূৰ ঘূৰাই দি ওলোটা ফালে যাতে লৈ নাযায়, সেই ক্ষেত্ৰত বহুত সাৱধান হ’ব লাগে। মায়াৰ
ধুমুহাতো সকলোৰে বহুত লাগে। সৰু অথবা ডাঙৰ সকলো যুদ্ধক্ষেত্ৰত আছা। পালোৱানক মায়াৰ
ধুমুহাই অস্থিৰ কৰিব নোৱাৰে। সেইটো অৱস্থাও আহিব।
পিতাই বুজায় - সময় বৰ
বেয়া, পৰিস্থিতি বেয়া হৈ গৈছে। বাদশ্বাহীতো সকলো শেষ হৈ যাব। সকলোকে সিংহাসনচ্যুত
কৰি দিব। তেতিয়া প্ৰজাৰ ওপৰত প্ৰজাৰ ৰাজত্ব গোটেই সৃষ্টিতে হৈ যাব। তোমালোকে নিজৰ
নতুন ৰাজ্য স্থাপন কৰা গতিকে ইয়াত ৰাজ্যৰ নামেই শেষ হৈ যাব। পঞ্চায়তী (পাঁচ বিকাৰৰ)
ৰাজ্য হৈ গৈ থাকে। যেতিয়া প্ৰজাৰ ৰাজ্য হ'ব তেতিয়াহে পৰস্পৰ হায়-কাজিয়া কৰিব।
স্বৰাজ্য অথবা ৰামৰাজ্যতো বাস্তৱত নাই সেইকাৰণে গোটেই সৃষ্টিত কাজিয়াই হৈ থাকে।
আজিকালিতো গণ্ডগোল সকলো ঠাইতে হয়। তোমালোকে জানা - আমি নিজৰ ৰাজ্য স্থাপন কৰি আছোঁ।
তোমালোকে সকলোকে ৰাস্তা দেখুওৱা। পিতাই কয় – মামেকম্ (কেৱল মোক) স্মৰণ কৰা। পিতাৰ
স্মৃতিত থাকি আনকো বুজাব লাগে - দেহী-অভিমানী হোৱা। দেহ-অভিমান এৰা। এনেকুৱা নহয় যে
তোমালোকৰ মাজত সকলো দেহী-অভিমানী হৈছে। নাই হোৱা, হ'ব লাগে। তোমালোকে পুৰুষাৰ্থ কৰা
আনকো কৰোৱা। স্মৰণ কৰিবলৈ চেষ্টা কৰে আকৌ পাহৰি যায়। এয়াই পুৰুষাৰ্থ কৰিব লাগে। মূল
কথা হ'ল পিতাক স্মৰণ কৰা। সন্তানসকলক কিমান বুজায়। বহুত ভাল জ্ঞান পোৱা যায়। মূল কথা
হ'ল পৱিত্ৰ হৈ থকাতো। পিতা পাৱন কৰি তুলিবলৈ আহিছে গতিকে আকৌ পতিত হ'ব নালাগে,
স্মৃতিৰ দ্বাৰাই তোমালোক সতোপ্ৰধান হৈ যাবা। এইটো পাহৰিব নালাগে। মায়াই ইয়াতেই
বিঘিনি আনি পাহৰাই দিয়ে। ৰাতিয়ে-দিনে এইটোৱে চিন্তা থাকিব লাগে যে মই পিতাক স্মৰণ
কৰি সতোপ্ৰধান হওঁ। স্মৃতি এনেকুৱা দৃঢ় হ'ব লাগে যাতে অন্তত এজন পিতাৰ বাহিৰে আৰু
কোনো স্মৃতিলৈ নাহে। প্ৰদৰ্শনীতো পোন-প্ৰথমে এইটো বুজাব লাগে যে এওঁ হৈছে সকলোৰে
পিতা উচ্চতকৈও উচ্চ ভগৱান। সকলোৰে পিতা পতিত-পাৱন সৎগতি দাতা এওঁ হয়। এৱেঁই স্বৰ্গৰ
ৰচয়িতা।
এতিয়া তোমালোক
সন্তানসকলে জানা পিতা আহেই সংগমযুগত। পিতাইহে ৰাজযোগ শিকায়। পতিত-পাৱন এজনৰ বাহিৰে
আন কোনো হ'ব নোৱাৰে। পোন-প্ৰথমেতো পিতাৰ পৰিচয় দিবলগীয়া হয়। এতিয়া এনেকৈ এজন এজনক
যদি চিত্ৰৰ আগত বহুৱাই বুজোৱা তেন্তে ইমান সংখ্যক লোকক কেনেকৈ বুজাব পাৰিবা। কিন্তু
প্ৰথমতে পিতাৰ চিত্ৰৰ ওপৰত বুজোৱাতো হৈছে মুখ্য। বুজাবলগীয়া হয় - ভক্তি অনেক,
জ্ঞানতো হৈছে এক। পিতাই কিমান যুক্তি সন্তানসকলক শুনাই থাকে। পতিত-পাৱন এজন পিতা।
ৰাস্তাও দেখুৱাই দিয়ে। গীতা কেতিয়া শুনালে? এইটোও কোনেও নাজানে। দ্বাপৰযুগক সংগমযুগ
বুলি নকয়। যুগে যুগেতো পিতা নাহে। মনুষ্যতো একেবাৰে বিবুদ্ধিত পৰি গৈছে। গোটেই দিন
এইটোৱে খেয়াল চলে, কেনেকৈ কেনেকৈ বুজোৱা যায়। পিতাই নিৰ্দেশনা দিবলগীয়া হয়। টেপতো
মুৰুলী পূৰা শুনিব পাৰা। কোনো কোনোৱে কয় - মই টেপৰ দ্বাৰা শুনি আছোঁ, কিয়নো
পোনপটীয়াকৈ গৈ নুশুনোঁ, সেইকাৰণে সন্মুখত আহে। সন্তানসকলে বহুত সেৱা কৰিব লাগে।
ৰাস্তা দেখুৱাব লাগে। প্ৰদৰ্শনীলৈ আহে। ভাল ভাল বুলিও কয় আকৌ বাহিৰলৈ গ’লে মায়াৰ
বায়ুমণ্ডলত সকলো উৰি যায়। স্মৰণ নকৰে। তেওঁলোকৰ আকৌ অনুৱৰ্তী ব্যৱস্থা ল’ব লাগে।
বাহিৰলৈ গ’লে মায়াই আকৰ্ষিত কৰি লয়। সাংসাৰিক কাম-কাজত লাগি যায় সেইকাৰণে মধুবনৰ
গায়ন আছে। তোমালোকেতো এতিয়া বোধশক্তি পাইছা। তোমালোকে তাতো গৈ বুজাবাগৈ। ‘গীতা’ৰ
ভগৱান কোন? আগতেতো তোমালোকেও এনেকৈয়ে গৈ মূৰ দোৱাইছিলা। এতিয়াতো তোমালোক একেবাৰে
সলনি হৈ গ'লা। ভক্তি এৰি দিলা। তোমালোক এতিয়া মনুষ্যৰ পৰা দেৱতা হৈ আছা। বুদ্ধিত
গোটেই জ্ঞান আছে। আনে কি জানে প্ৰজাপিতা ব্ৰহ্মাকুমাৰ, কুমাৰীসকল কোন হয়। তোমালোকে
বুজোৱা, বাস্তৱত আপোনালোকো প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী। এই সময়তে ব্ৰহ্মাৰ দ্বাৰা
স্থাপনা হৈ আছে। ব্ৰাহ্মণ কুলো নিশ্চয় লাগে নহয়। সংগমতহে ব্ৰাহ্মণ কুল হয়। আগতে
ব্ৰাহ্মণৰ টিকনি প্ৰসিদ্ধ আছিল। টিকনি বা লগুণৰ পৰা চিনি পোৱা গৈছিল যে এওঁ হিন্দু।
এতিয়াতো সেই চিনবোৰো নাইকিয়া হ'ল। এতিয়া তোমালোকে জানা আমি ব্ৰাহ্মণ। ব্ৰাহ্মণ
হোৱাৰ পাছত আকৌ দেৱতা হ'ব পাৰে। ব্ৰাহ্মণসকলেহে নতুন সৃষ্টি স্থাপন কৰিছে। যোগবলৰ
দ্বাৰা সতোপ্ৰধান হৈ আছে। নিজক পৰীক্ষা কৰিব লাগে। কোনো আসুৰিক গুণ যাতে নাথাকে।
অপ্ৰীতিকৰ হ'ব নালাগে। এয়াতো যজ্ঞ হয় নহয়। যজ্ঞৰ দ্বাৰা সকলোৰে তত্ত্বাৱধান হৈ থাকে।
যজ্ঞত তত্ত্বাৱধান লওঁতা নিমিত্তসকলো থাকে। যজ্ঞৰ মালিক হ'ল শিৱবাবা। এই ব্ৰহ্মাও
নিমিত্ত। যজ্ঞৰ তত্ত্বাৱধান ল’বলগীয়া হয়। তোমালোক সন্তানসকলে যি লাগে যজ্ঞৰ পৰা ল'ব
লাগে। অন্য কাৰোবাৰ পৰা লৈ পিন্ধিলে তেতিয়া দিওঁতাজন স্মৃতিত আহি থাকিব। এই
ক্ষেত্ৰত বুদ্ধিৰ যোগসূত্ৰ বহুত স্বচ্ছ হ'ব লাগে। এতিয়াতো উভতি যাব লাগে। সময় বহুত
কম সেইকাৰণে স্মৃতিৰ যাত্ৰা দৃঢ় হৈ থাকিব লাগে। এইটোৱে পুৰুষাৰ্থ কৰিব লাগে। ভালবাৰু।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ
উন্নতিৰ বাবে আত্মিক সেৱাত তৎপৰ হৈ থাকিব লাগে। যি জ্ঞানৰত্ন প্ৰাপ্ত হৈছে সেয়া
ধাৰণ কৰি আনকো কৰাব লাগে।
(2) নিজক পৰীক্ষা
কৰিব লাগে - মোৰ কোনো আসুৰিক গুণতো নাই? মই নিমিত্ত হৈ থাকোঁনে? কেতিয়াবা
অপ্ৰীতিকৰতো নহওঁ? বুদ্ধিৰ যোগসূত্ৰ স্বচ্ছ হয়নে?
বৰদান:
পুৰুষাৰ্থৰ
সূক্ষ্ম এলাহো ত্যাগ কৰোঁতা সৰ্বদিশত দক্ষ সজাগ হোৱা
পুৰুষাৰ্থৰ ভাগৰ
এলাহৰ চিন। এলেহুৱাসকলেই সোনকালে ভাগৰি পৰে, উৎসাহিত হৈ থকাসকল অক্লান্ত হয়। যিসকল
পুৰুষাৰ্থত হতাশ হয় তেওঁলোকৰহে এলাহ আহে, তেওঁলোকে ভাবে কি কৰোঁ ইমানেই কৰিব পাৰোঁ,
অধিক কৰিব নোৱাৰো। সাহস নাই, চলিতো আছোঁ, কৰিতো আছোঁ - এতিয়া এই সূক্ষ্ম এলাহৰো যাতে
নাম-চিহ্ন নাথাকে ইয়াৰ বাবে সদায় সজাগ, সদাপ্ৰস্তুত আৰু সৰ্বদিশত দক্ষ হোৱা।
স্লোগান:
সময়ৰ মহত্ব সন্মুখত ৰাখি সৰ্ব প্ৰাপ্তিৰ পুঁজি পূৰা জমা কৰা।
অব্যক্ত সংকেত: এতিয়া
সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা
বাণীৰ উৰ্দ্ধত নিজৰ
শ্ৰেষ্ঠ স্থিতিত স্থিৰ হৈ যোৱা তেতিয়া সকলো ব্যক্ত আকৰ্ষণৰ পৰা উৰ্দ্ধত শক্তিশালী
অনাসক্ত আৰু স্নেহী স্থিতি হৈ যাব। এক চেকেণ্ডৰ বাবেও এই শ্ৰেষ্ঠ স্থিতিত স্থিৰ হ’লে
তাৰ প্ৰভাৱ গোটেই দিন কৰ্ম কৰি থাকিও নিজৰ মাজত বিশেষ শান্তিৰ অনুভৱ কৰিবা, এইটো
স্থিতিক কৰ্মাতীত স্থিতি, পিতাৰ সমান সম্পূৰ্ণ স্থিতি বুলি কোৱা হয়।