27.04.25 Avyakt Bapdada
Assame
Murli
03.02.2005 Om Shanti Madhuban
“*“সেৱা কৰি অনাসক্ত
আৰু বেহদৰ বৃত্তিৰে সদাপ্ৰস্তুত হৈ পিতা ব্ৰহ্মাৰ সমান সম্পন্ন হোৱা”*”
আজি গ্ৰেট গ্ৰেট
গ্ৰেণ্ড ফাদাৰে নিজৰ চাৰিওফালৰ কোটিৰ মাজত কোনোবা আৰু কোনোবাৰ মাজতো কোনোবা
সন্তানসকলৰ ভাগ্য দেখি হৰ্ষিত হৈ আছেহঁক। ইমান বিশেষ ভাগ্য অন্য কোনেও পাব নোৱাৰে।
বাপদাদা প্ৰতিগৰাকী সন্তানৰ বিশেষত্ব দেখি হৰ্ষিত হয়। যিসকল সন্তানে বাপদাদাৰ সৈতে
অন্তৰেৰে সম্বন্ধ গঢ়িছে সেই প্ৰতিগৰাকী সন্তানৰ কিবা নহয় কিবা বিশেষত্ব নিশ্চয় আছে।
সকলোতকৈ প্ৰথম বিশেষত্ব হৈছে সাধাৰণ ৰূপত অহা পিতাক চিনি “মোৰ বাবা” বুলি মানি ল’লে।
এই চিনি পোৱাটো সকলোতকৈ ডাঙৰ বিশেষত্ব। অন্তৰেৰে মানি ল’লে মোৰ বাবা, পিতাই মানি
ল’লে মোৰ সন্তান। যাক ডাঙৰ ডাঙৰ দাৰ্শনিক, বিজ্ঞানী, ধৰ্মাত্মাই চিনিব নোৱাৰিলে,
তেওঁক সাধাৰণ সন্তানসকলে চিনি নিজৰ অধিকাৰ লৈ ল’লে। কোনোবা আহি এই সভাৰ সন্তানসকলক
দেখিলে তেতিয়া বুজিব নোৱাৰিব যে এই সহজ-সৰল মাতাসকলে, এই সাধাৰণ সন্তানসকলে ইমান
উচ্চ পিতাক চিনি ল’লে! গতিকে এইটো বিশেষত্ব – চিনি পোৱাটো, পিতাক চিনি নিজৰ কৰি
লোৱাটো, এয়া তোমালোক কোটিৰ মাজত কোনোবা সন্তানসকলৰ ভাগ্য। সকলো সন্তানে যিসকল
সন্মুখত বহিছে বা দূৰৈত বহি সন্মুখত অনুভৱ কৰি আছে, গতিকে সকলো সন্তানে অন্তৰেৰে
চিনি ল’লে! চিনি পালা নে চিনি আছা? যিসকলে চিনি পালা সেইসকলে হাত দাঙা। (সকলোৱে হাত
দাঙিলে) চিনি পালানে? বাৰু। বাপদাদাই প্ৰতিগৰাকী সন্তানক চিনি পোৱাৰ বিশেষত্বৰ কাৰণে
অভিনন্দন জনাই আছে। বাঃ ভাগ্যৱান সন্তানসকল বাঃ! চিনি পোৱাৰ তৃতীয় নেত্ৰ প্ৰাপ্ত কৰি
ল’লা। সন্তানসকলৰ অন্তৰৰ গীত বাপদাদাই শুনি থাকে, কোনটো গীত? যি পাবলৈ আছিল সেয়া
পাই গলোঁ। পিতায়ো কয় - হে মৰমৰ সন্তানসকল, যি পিতাৰ পৰা ল’বলৈ আছিল সেয়া লৈ ল’লা।
প্ৰতিগৰাকী সন্তান অনেক আত্মিক সম্পদৰ বালক তথা মালিক হৈ গ’ল।
গতিকে আজি বাপদাদাই
সম্পদসমূহৰ মালিক সন্তানসকলৰ সম্পদসমূহৰ খতিয়ান চাই আছিল। পিতাই সম্পদতো সকলোকে একে
নিচিনা, একে সমানে দিছে। কাৰোবাক কোটি, কাৰোবাক লাখ দিয়া নাই। কিন্তু সম্পদসমূহক জনা
আৰু প্ৰাপ্ত কৰা, জীৱনত ধাৰণ কৰা এই ক্ষেত্ৰত ক্ৰম অনুসৰি হোৱা। বাপদাদাই আজিকালি
বাৰে বাৰে ভিন্ন ভিন্ন প্ৰকাৰে সন্তানসকলৰ মনোযোগ আকৰ্ষণ কৰাই আছে – সময়ৰ সমীপতাক
দেখি নিজেই নিজক সূক্ষ্ম বিশাল বুদ্ধিৰে পৰীক্ষা কৰা, কি পালা, কি ল’লা আৰু নিৰন্তৰ
সেই সম্পদ সমূহেৰে পালিত হৈ থাকানে? পৰীক্ষা কৰাটো অতি আৱশ্যক কিয়নো মায়া বৰ্তমান
সময়ত ভিন্ন ভিন্ন মাৰ্জিত ৰূপত অমনোযোগিতা আৰু মাৰ্জিত আলস্যৰ ৰূপত চেষ্টা কৰি আছে
সেইবাবে সদায় নিজৰ পৰীক্ষা কৰি গৈ থাকা। বৰ মনোযোগেৰে, অমনোযোগিতাৰে পৰীক্ষা কৰিলে
নহ’ব – বেয়া কৰা নাই, দুখ দিয়া নাই, বেয়া দৃষ্টি যোৱা নাই, এই পৰীক্ষাতো হ’ল কিন্তু
ভালতকৈও ভাল কি কৰিলা? সদায় আত্মিক দৃষ্টি স্বভাৱসিদ্ধ হৈ আছিলনে? নে বিস্মৃতি
স্মৃতিৰ খেল খেলিলা? কিমানক শুভ ভাৱনা, শুভ কামনা, আশীৰ্বাদ দিলা? এনেকুৱা জমাৰ
পুঁজি কিমান আৰু কেনেকুৱা আছিল? কিয়নো ভালদৰে জানা যে পুঁজি জমা কেৱল এতিয়া কৰিব
পাৰা। এই সময়, গোটেই ঋতু পুঁজি জমা কৰাৰ। আকৌ গোটেই সময় জমা অনুসৰি ৰাজ্য-ভাগ্য আৰু
পূজ্য দেৱী-দেৱতা হোৱাৰ। যদি জমা কম তেন্তে ৰাজ্য-ভাগ্যও কম আৰু পূজ্য হোৱাৰ
ক্ষেত্ৰতো ক্ৰমানুসৰি হয়। যদি জমা কম তেন্তে পূজাও কম, যদি বিধিপূৰ্বক জমা কৰা নাই
তেন্তে পূজাও বিধিপূৰ্বক নহয়, যদি (জমা) কেতিয়াবা কেতিয়াবা বিধিপূৰ্বক হয় তেন্তে
পূজা আৰু পদো কেতিয়াবা কেতিয়াবা হয়, সেইবাবে বাপদাদাৰ প্ৰতিগৰাকী সন্তানলৈ অতি
স্নেহ আছে, সেয়েহে বাপদাদাই এইটোৱে বিচাৰে যে প্ৰতিগৰাকী সন্তান সম্পন্ন হওঁক, সমান
হওঁক। সেৱা কৰা কিন্তু সেৱাতো অনাসক্ত, বেহদ।
বাপদাদাই দেখিছে যে
গৰিষ্ঠসংখ্যক সন্তানৰ যোগ অৰ্থাৎ স্মৃতিত থকাৰ বিষয়টিত ৰুচি বা মনোযোগ কম থাকে,
সেৱাত বেছি থাকে। কিন্তু স্মৃতি অবিহনে সেৱাত বেছিকৈ থাকিলে তেতিয়া তাত হদ (সীমিত
বোধ) আহি যায়। অনাসক্ত বৃত্তি নাথাকে। নাম আৰু মান, পদমৰ্যাদা সানমিহলি হৈ যায়।
বেহদৰ বৃত্তি কম হৈ যায় সেইবাবে বাপদাদাই বিচাৰে যে কোটিৰ মাজত কোনোবা, কোনোবাৰ
মাজতো কোনোবা মোৰ সন্তানসকল এতিয়াৰ পৰাই সদাপ্ৰস্তুত হৈ যাওঁক, কিয়? বহুতে ভাবে সময়
আহিলে হৈ যাব। কিন্তু সময় তোমালোকৰ ৰচনা, ৰচনাক নিজৰ শিক্ষক কৰি ল’বা নেকি? দ্বিতীয়
কথাটি জানানে যে বহুকালৰ হিচাপ আছে, বহুকালৰ সম্পন্নতাই বহুকালৰ প্ৰাপ্তি কৰায়।
গতিকে এতিয়া সময়ৰ সমীপতা অনুসৰি বহুকালৰ জমা হোৱা আৱশ্যক, পাছত আপত্তি নকৰিবা যে
মইতো ভাবিছিলোঁ বহুকালত সময় বাকী আছে। এতিয়াৰ পৰা বহুকালৰ প্ৰতি মনোযোগ দিয়া। বুজিলা!
অনুগ্ৰহ কৰি মনোযোগ দিবা।
বাপদাদাই এইটোৱে
বিচাৰে যে এটি সন্তানৰো কোনো এটা বিষয়ত দুৰ্বলতা যাতে থাকি নাযায়। পিতা ব্ৰহ্মালৈতো
স্নেহ আছে নহয়! স্নেহৰ প্ৰতিদানতো দিবা নহয়! তেন্তে স্নেহৰ প্ৰতিদান হ’ল – নিজৰ
দুৰ্বলতাসমূহ পৰীক্ষা কৰা আৰু প্ৰতিদান দিয়া, পৰিৱৰ্তন কৰা। নিজেই নিজক পৰিৱৰ্তন কৰা,
এয়া হৈছে প্ৰতিদান। তেন্তে প্ৰতিদান দিবলৈ সাহস আছেনে? হাততো দাঙি দিয়া, বহুত
আনন্দিত কৰি দিয়া। হাত দেখিতো বাপদাদা আনন্দিত হৈ যায়, এতিয়া অন্তৰত দৃঢ়তা এক
শতাংশও অপৈণত নহয়, দৃঢ় ব্ৰত লোৱা – প্ৰতিদান দিবই লাগিব। নিজেই নিজক পৰিৱৰ্তন কৰিব
লাগে।
এতিয়া শিৱৰাত্ৰি আহি
আছে নহয়! সকলো সন্তানৰ পিতাৰ জয়ন্তী তথা নিজৰ জয়ন্তী উদ্যাপন কৰাৰ উৎসাহ-উদ্দীপনা
বৰ স্নেহেৰে জাগে। ভাল ভাল কাৰ্যক্ৰম প্ৰস্তুত কৰি আছে। সেৱাৰ পৰিকল্পনাতো বহুত ভাল
কৰা, বাপদাদা আনন্দিত হয়। কিন্তু…, কিন্তু বুলি ক’বলৈ ভাল নালাগে। জগত অম্বা মায়ে
‘কিন্তু’ শব্দটি সিন্ধী ভাষাত এনেকৈ কৈছিল – ‘লে-কিন’, ‘কিন’ বুলি আৱৰ্জনাক কয়।
গতিকে ‘লেকিন’ বুলি কোৱা মানে কিবা নহয় কিবা আৱৰ্জনা লোৱা। সেয়েহে ‘লেকিন’ বুলি
ক’বলৈ ভাল নালাগে। ক’বলগীয়া হয়। যেনেকৈ অন্য সেৱাৰ পৰিকল্পনা কৰিছাও আৰু কৰিবাও
কিন্তু এই ব্ৰত লোৱাৰ কাৰ্যক্ৰমো হাত ল’বা। প্ৰতিদান দিবই লাগিব কিয়নো যেতিয়া
বাপদাদা বা কোনোবাই সোধে - কেনে আছা? তেতিয়া গৰিষ্ঠসংখ্যকৰ পৰা এইটোৱে উত্তৰ আহে,
হওঁতে বহুত ভাল কিন্তু যিমান বাপদাদাই কয় সিমান নহয়। এতিয়া এইটো উত্তৰ হ’ব লাগে -
যিটো বাপদাদাই বিচাৰে তেনেকুৱাই। বাপদাদাই কি বিচাৰে সেয়া টুকি ৰাখা, তাৰ তালিকা
উলিওৱা আৰু পৰীক্ষা কৰা বাপদাদাই এইটো বিচাৰে, সেইটো আছে নে নাই? জগতৰ লোকে তোমালোক
পূৰ্বজসকলৰ দ্বাৰা মুক্তি বিচাৰে, কাতৰোক্তি কৰি আছে, মুক্তি দিয়া, মুক্তি দিয়া।
যেতিয়ালৈকে গৰিষ্ঠসংখ্যক সন্তানে নিজৰ পুৰণা সংস্কাৰ, যাক তোমালোকে স্বভাৱ বুলি কোৱা,
স্বভাৱসিদ্ধ নহয় স্বভাৱ, তাত কিবা অলপ হ’লেও থাকি গৈছে, মুক্ত হোৱা নাই সেয়েহে সৰ্ব
আত্মাই মুক্তি পাব নোৱাৰে। সেইবাবে বাপদাদাই কয় – হে মুক্তিদাতাৰ সন্তান মাষ্টৰ
মুক্তিদাতা এতিয়া নিজক মুক্ত কৰা তেতিয়া সৰ্ব আত্মাৰ কাৰণে মুক্তিৰ দ্বাৰ মুকলি হৈ
যাব। শুনাইছিলোঁ নহয় – দ্বাৰৰ চাবি কি? বেহদৰ বৈৰাগ্য। সকলো কাম কৰা কিন্তু যেনেকৈ
ভাষণত গৃহস্থালিত থকাসকলক কোৱা যে পদুম ফুলৰ সমান হওঁক, তেনেকৈ সকলো কৰি, কৰ্তাবোধৰ
পৰা মুক্ত, অনাসক্ত, সাধন নতুবা পদমৰ্যাদা কোনোটোৰে যাতে বশীভূত নোহোৱা। কিবা নহয়
কিবা পাই যাওঁ - এয়া পদমৰ্যাদা নহয়, মায়াৰ বিৰুদ্ধাচৰণহে। অনাসক্ত আৰু পিতাৰ স্নেহী।
অনাসক্ত আৰু স্নেহী হোৱা কঠিন নেকি? যিসকলৰ কঠিন লাগে তেওঁলোকে হাত দাঙা। (কোনেও
হাত নাদাঙিলে) কাৰো কঠিন নালাগে তেনেহ’লেতো শিৱৰাত্ৰিলৈকে সকলো সম্পন্ন হৈ যাবা।
যিহেতু কঠিন নহয় তেন্তে হ’বই লাগে। পিতা ব্ৰহ্মাৰ সমান হ’বই লাগে। সংকল্পতো, বাণীতো,
সেৱাতো, সম্বন্ধ-সম্পৰ্কতো, সকলোতে পিতা ব্ৰহ্মাৰ সমান।
বাৰু যিসকলে ভাবা যে
পিতা ব্ৰহ্মা আৰু দাদা, গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ, তেওঁলৈ মোৰ অতি বেছি 100
শতাংশতকৈও বেছি স্নেহ আছে, সেইসকলে হাত দাঙা। আনন্দিত কৰিব নালাগে, কেৱল এতিয়া
আনন্দিত নকৰিবা। সকলোৱে হাত দাঙিলে। টি.ভি.ত উলিয়াই আছা নহয়। শিৱৰাত্ৰিত এই টি.ভি.
চাম আৰু হিচাপ ল’ম। ঠিক আছে! সমানতাত যাতে অলপো পাৰ্থক্য নাথাকে। স্নেহত উছৰ্গা
কৰাটো কি ডাঙৰ কথা। জগতৰ লোকেতো অশুদ্ধ স্নেহৰ কাৰণে জীৱনো দিবলৈ তৈয়াৰ হৈ যায়।
বাপদাদাইতো কেৱল কয়, আৱৰ্জনা দি দিয়া বচ্। ভাল বস্তু নিদিবা, আৱৰ্জনা দি দিয়া।
দুৰ্বলতা, দুৰ্বলতা কি হয়? আৱৰ্জনা নহয় জানো! আৱৰ্জনা উছৰ্গা কৰাটো কি ডাঙৰ কথা।
পৰিস্থিতি সমাপ্ত হৈ যাওঁক, স্ব-স্থিতি শ্ৰেষ্ঠ হৈ যাওঁক। এনেকৈয়েতো কয় নহয় যে কি
কৰোঁ পৰিস্থিতিয়েই এনেকুৱা আছিল। গতিকে অস্থিৰ কৰোঁতা পৰ-স্থিতিৰ নামেই যাতে নাথাকে,
এনেকুৱা স্ব-স্থিতি শক্তিশালী হওঁক। সমাপ্তিৰ পৰ্দা মুকলি হ’লে তেতিয়া সকলো কি
দৃষ্টিগোচৰ হ’ব লাগে? ফৰিস্তা চিকমিকাই আছে। সকলো সন্তান চিকমিকাই থকা দৃষ্টিগোচৰ
হওঁক সেইবাবে এতিয়া পৰ্দা মুকলি হোৱা কামটো ৰৈ আছে। জগতৰ লোকে কাতৰোক্তি কৰি আছে,
পৰ্দা মুকলি কৰা, পৰ্দা মুকলি কৰা। গতিকে নিজৰ পৰিকল্পনা নিজেই কৰা। কোনোবাই
যুগুতাই থোৱা পৰিকল্পনা দিয়ে নহয় তেতিয়া আকৌ তাত বহুত কথা আহি যায়। নিজৰ পৰিকল্পনা
নিজৰ সাহসেৰে যুগুত কৰা। দৃঢ়তাৰ চাবি লগোৱা তেতিয়া সফলতা পাবাই। দৃঢ় সংকল্প কৰা আৰু
বাপদাদা আনন্দিত হয় বাঃ সন্তান বাঃ! দৃঢ় সংকল্প কৰিলা কিন্তু দৃঢ়তাত আকৌ অলপ-অচৰপ
অমনোযোগিতা সানমিহলি হৈ যায় সেইবাবে সফলতাও কেতিয়াবা আধা, কেতিয়াবা তিনি চতুৰ্থাংশ
হৈ যায়। যেনেকৈ স্নেহ 100 শতাংশ তেনেকৈ পুৰুষাৰ্থত সম্পন্নতা, এয়াও 100 শতাংশ হওঁক।
বেছি হওঁক কিন্তু কম যাতে নহয়। পচন্দ হৈছেনে? পচন্দ হৈছে নহয়? শিৱৰাত্ৰিত চমৎকাৰ
দেখুৱাবা নহয়! হ’বই লাগে। মই নহ’লে তেন্তে কোন হ’ব! এইটো নিশ্চয়তা ৰাখা, ময়েই আছিলোঁ,
ময়েই হওঁ আৰু ময়েই হ’ম। এইটো নিশ্চয়তাই বিজয়ী কৰি তুলিব। পৰ-দৰ্শন নকৰিবা, নিজকহে
চাবা। বহুত সন্তানে আন্তৰিক বাৰ্তালাপ কৰে নহয়, কয় – বচ্ এওঁক অলপ ঠিক কৰি দিয়ক,
তেতিয়া মই ঠিক হৈ যাম। এওঁক অলপ সলনি কৰি দিয়ক তেতিয়া ময়ো সলনি হৈ যাম কিন্তু তেৱোঁ
সলনি নহয় তোমালোকো সলনি নোহোৱা। নিজক সলনি কৰি দিয়া তেতিয়া তেৱোঁ সলনো হৈ যাব। কোনো
আধাৰ নাৰাখিবা, এইটো হ’লে এইটো হ’ব। মই কৰিবই লাগে।
বাৰু, যিসকল প্ৰথম
বাৰ আহিছে – সেইসকলে হাত দাঙা। তেন্তে যিসকল প্ৰথম বাৰ আহিছে তেওঁলোকৰ কাৰণে
বাপদাদাই বিশেষকৈ কয় যে এনেকুৱা সময়ত আহিছা যেতিয়া সময় বহুত কম বাকী আছেগৈ কিন্তু
পুৰুষাৰ্থ ইমান তীব্ৰতাৰে কৰা যাতে শেষত আহিও প্ৰথম, প্ৰথমত আহিও প্ৰথম নম্বৰত আহি
যোৱা কিয়নো এতিয়া চকীৰ খেল চলি আছে। এতিয়া কোন জিকিছে, সেয়া ঘোষণা কৰা হোৱা নাই।
দেৰিকৈতো আহিছা কিন্তু তীব্ৰ বেগত গ’লে পাই যাবাগৈ। কেৱল নিজে নিজক অমৃতবেলা অমৰ
হোৱাৰ বৰদান সোঁৱৰাই দিবা। বাৰু – সকলো কোনোবা দূৰৈৰ পৰা কোনোবা ওচৰৰ পৰা আহিছে।
বাপদাদাই কয় – তথাপি নিজৰ ঘৰত আহি পালা। সংগঠন ভাল লাগে। টি.ভি.ত দেখা নহয়, সভাঘৰ
পূৰ্ণ হ’লে কিমান ভাল লাগে। বাৰু। তেন্তে সদাপ্ৰস্তুত হোৱানে? সদাপ্ৰস্তুতৰ পাঠ
পঢ়িবা নহয়! বাৰু।
মধুবন
নিবাসীসকলৰ প্ৰতি:-
মধুবনৰসকলে হাত দাঙা। বহুত আছে। মধুবনৰসকল গৃহস্থ, বাকীসকলতো আলহী হৈ আহে আৰু গুচি
যায় কিন্তু মধুবনৰসকল গৃহস্থ। অতি ওচৰৰো হয়, অতি মৰমৰো হয়। মধুবনৰসকলক দেখি সকলো
আনন্দিত হয় নহয়। মধুবনৰসকল যি স্থানলৈকে যায় তেতিয়া কি দৃষ্টিৰে চায়। বাঃ মধুবনৰ পৰা
আহিছে! কিয়নো মধুবনৰ নাম শুনিলেই মধুবনৰ বাবা স্মৃতিত আহি যায় সেইবাবে মধুবন
নিবাসীৰ মহত্ব আছে। আছেনে মহত্ব? আনন্দিত হোৱা নহয়! এনেকুৱা প্ৰেমপূৰ্বক প্ৰতিপালনৰ
স্থান কোটিৰ মাজত কোনোবাইহে পায়। সকলোৱে বিচাৰে মধুবনতেই থাকি যাওঁ, থাকিব পাৰে জানো!
তোমালোক আছা। তেন্তে ভাল কথা। বাপদাদাই মধুবন নিবাসীক নাপাহৰে, মধুবন নিবাসীয়ে ভাবে
আমাক সোধাই নাই কিন্তু বাপদাদাই সদায় অন্তৰত সোধে। প্ৰথমে মধুবন নিবাসী। মধুবন
নিবাসী নহ’লে তেতিয়া আহিব ক’ত! সেৱাৰ নিমিত্ততো হোৱা নহয়! সেৱাধাৰী যিমানেই পোৱা,
তথাপিও আধাৰতো মধুবন নিবাসী। সেয়েহে যিসকল ওপৰত জ্ঞান সৰোবৰত, পাণ্ডৱ ভৱনত আছে,
সেইসকলকো বাপদাদাই অন্তৰৰ আশীৰ্বাদ দি স্নেহ সহিত স্মৰণ কৰি আছে। ইয়াত যি ‘টোলী’
দিয়ে সেয়া ওপৰত মধুবনত পায় জানো? গতিকে মধুবন নিবাসীয়ে ‘টোলী’ও পায়, মুৰুলীও শুনিব
পায়। দুয়োটা পায়। বাৰু।
গ্লোবেল
হস্পিতালৰসকলৰ প্ৰতি:-
হস্পিতালৰ সকলো ঠিকে আছে কিয়নো হস্পিতালৰো বিশেষ ভূমিকা আছে নহয়। তললৈ আহিছেনে? বাৰু
অলপ আহিছে। হস্পিতালৰসকলেও ভাল সেৱা কৰি আছে। চোৱা সংকটকালতো হস্পিতালেই কামত আহে
নহয়। আৰু যেতিয়াৰ পৰা হস্পিতাল স্থাপনা কৰা হৈছে তেতিয়াৰ পৰাই সকলোৰে দৃষ্টিত এইটো
আহিছে যে ব্ৰহ্মাকুমাৰীয়ে কেৱল জ্ঞান নিদিয়ে, কিন্তু সময়ত সহায়ো কৰে, সমাজ সেৱাও কৰে।
গতিকে হস্পিতালৰ পাছত আবুত এই বায়ুমণ্ডল সলনি হৈ গ’ল। প্ৰথমে যিটো দৃষ্টিৰে চাইছিল,
এতিয়া সেইটো দৃষ্টিৰে নাচায়। এতিয়া সহযোগৰ দৃষ্টিৰে চায়। জ্ঞান মানক বা নামানক
কিন্তু সহযোগৰ দৃষ্টিৰে চায় গতিকে হস্পিতালৰসকলে সেৱা কৰিলা নহয়। ভাল কথা।
বাৰু – আজিৰ কথা
স্মৃতিত আছেনে? সম্পন্ন হ’বই লাগিব, যিয়েই নহওঁক, সম্পন্ন হ’বই লাগিব। এইটো নিচা
লাগি যাওঁক, সম্পন্ন হ’ব লাগে, সমান হ’ব লাগে। বাৰু।
চাৰিওফালৰ কোটিৰ মাজত
কোনোবা, কোনোবাৰ মাজত কোনোবা ভাগ্যৱান, ভগৱানৰ সন্তান শ্ৰেষ্ঠ আত্মাসকলক, সদায়
তীব্ৰ পুৰুষাৰ্থৰ দ্বাৰা যিটো ভাবিলে সেয়া কৰিলে, শ্ৰেষ্ঠ ভাবোঁতা, শ্ৰেষ্ঠ কৰোঁতা,
লক্ষ্য আৰু লক্ষণ সমান কৰি তোলোঁতা, এনেকুৱা বিশেষ আত্মাসকলক, সদায় বহুকালৰ
পুৰুষাৰ্থৰ দ্বাৰা ৰাজ্য-ভাগ্য প্ৰাপ্ত কৰোঁতা আৰু পূজ্য হওঁতা শ্ৰেষ্ঠ আত্মাসকলক,
সদায় পিতাৰ স্নেহৰ প্ৰতিদানত নিজক পৰিৱৰ্তন কৰোঁতা প্ৰথম নম্বৰৰ, বিজয়ী হওঁতা
শ্ৰেষ্ঠ আত্মাসকলক বাপদাদাৰ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ।
বৰদান:
বিশ্ব
কল্যাণকাৰীৰ উচ্চ স্থিতিত থাকি বিনাশ লীলা প্ৰত্যক্ষ কৰোঁতা সাক্ষী দৃষ্টা হোৱা
অন্তিম বিনাশ লীলা
প্ৰত্যক্ষ কৰিবলৈ বিশ্ব কল্যাণকাৰীৰ উচ্চ স্থিতি লাগে। যিটো স্থিতিত থাকিলে দেহৰ
সকলো আকৰ্ষণ অৰ্থাৎ সম্বন্ধ, পদাৰ্থ, সংস্কাৰ, প্ৰকৃতিৰ অস্থিৰতাৰ আকৰ্ষণ সমাপ্ত হৈ
যায়। যেতিয়া এনেকুৱা স্থিতি হ’ব তেতিয়া সাক্ষী দৃষ্টা হৈ উচ্চ স্থিতিত থাকি শান্তিৰ,
শক্তিৰ কিৰণ সকলো আত্মাৰ প্ৰতি দিব পাৰিবা।
স্লোগান:
বলৱান হোৱা
তেতিয়া মায়াৰ বল সমাপ্ত হৈ যাব।
সংযুক্ত ৰূপৰ স্মৃতিৰে
সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:
বৰদাতা পিতা আৰু আমি
বৰদানী আত্মাসকল উভয়ে সংযুক্ত। এইটো স্মৃতি সদায় থাকিলে তেতিয়া পৱিত্ৰতাৰ ছত্ৰছায়া
স্বতঃ থাকিব কিয়নো য’ত সৰ্বশক্তিমান পিতা আছে ত’ত অপৱিত্ৰতা সপোনতো আহিব নোৱাৰে।
সদায় পিতা আৰু তোমালোক যুগল ৰূপত থাকা, অকলে নহয়। অকলশৰীয়া হৈ গ’লে তেতিয়া
পৱিত্ৰতাৰ সেন্দূৰ মচ খাই যায়।