27.05.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
কালৰো কাল বাবা আহিছে, তোমালোকক কালৰ ওপৰত বিজয় প্ৰাপ্ত কৰাবলৈ, ‘মনমনাভৱ’ মন্ত্ৰৰ
দ্বাৰাহে তোমালোকে কালৰ ওপৰত বিজয়ী হ'বা”
প্ৰশ্ন:
আত্মিক পিতাই
তোমালোক আত্মিক যাত্ৰীসকলক কোনটো এটা বিশেষ শিক্ষা দিয়ে?
উত্তৰ:
হে আত্মিক যাত্ৰীসকল - তোমালোকে দেহ-অভিমান এৰি দেহী-অভিমানী হোৱা। ৰাৱণে তোমালোকক
আধাকল্পৰ পৰা দেহ-অভিমানী কৰিলে, এতিয়া আত্মা-অভিমানী হোৱা। এই আত্মিক জ্ঞান পৰম
আত্মাইহে তোমালোকক দিয়ে অন্য কোনেও দিব নোৱাৰে।
গীত:
ওঁম্ নমঃ
শিৱায়ে....
ওঁম্শান্তি।
সন্তানসকলে
নিজৰ পিতাৰ মহিমা শুনিলা। গায়নো কৰা হয় যে উচ্চতকৈও উচ্চ ভগৱান। তেওঁ হৈছে সকলো
সন্তানৰ পিতা। বাকী যিসকল আছে, পৰস্পৰ সকলো ভাই ভাই আৰু সকলোৰে পিতাও এজন। তেওঁ হৈছে
শিৱবাবা। পিতাই বুজাইছে হে সন্তানসকল, ভক্তিমাৰ্গত তোমালোকৰ দুজন পিতা - লৌকিক পিতা
আৰু পাৰলৌকিক পিতা। ৰচয়িতাৰ পৰা ৰচনাই উত্তৰাধিকাৰ পায়, সেয়া হৈছে হদৰ উত্তৰাধিকাৰ,
এয়া হৈছে বেহদৰ উত্তৰাধিকাৰ। বেহদৰ পিতাতো এজনেই যাৰ পৰা বেহদৰ উত্তৰাধিকাৰ প্ৰাপ্ত
হয়। তেওঁ হৈছে নিৰাকাৰ, তেওঁৰ নাম হৈছে পৰমপিতা পৰমাত্মা শিৱ। কয়ো যে শিৱ পৰমাত্মায়ে
নমঃ, তেওঁ হৈছে উচ্চতকৈও উচ্চ। তোমালোকৰ বুদ্ধি নিৰাকাৰ পিতাৰ ফালে গুচি যায়। তেওঁ
নিবাস কৰে পৰমধামত, য'ৰ পৰা তোমালোক আত্মাসকল আহা। পিতাও তাতেই থাকে। তেওঁ হয়েই
সকলোৰে সৎগতি কৰোঁতা। তাৰ ভিতৰতো ভাৰত পৰমপিতা পৰমাত্মাৰ জন্মস্থান, শিৱ জয়ন্তীও
ইয়াত পালন কৰে। সেই আত্মিক পিতাকেই জ্ঞানৰ সাগৰ, পতিত-পাৱন, মুক্তিদাতা,
মাৰ্গ-দৰ্শক বুলি কোৱা হয়। তেৱেঁই দুখ-হৰ্তা, সুখ-কৰ্তা - এইটো ভাৰতবাসীয়ে জানে।
এইখন দুখধাম, ভাৰতেই সুখধাম আছিল। পিতাই সন্তানসকলক বহি বুজায় - হে ভাৰতবাসী,
তোমালোক বিশ্বৰ মালিক আছিলা, যেতিয়া তোমালোকৰ আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল।
দেৱী-দেৱতা ধৰ্ম-শ্ৰেষ্ঠ, কৰ্ম-শ্ৰেষ্ঠ আছিল, এতিয়া এয়া ধৰ্ম-ভ্ৰষ্ট, কৰ্ম-ভ্ৰষ্ট
হৈ গৈছে, নিজক পাৱন দেৱতা বুলি ক'ব নোৱাৰে। কলিযুগৰ অন্তলৈকে ভক্তিমাৰ্গ চলে, ইয়াত
জ্ঞান নাথাকে। জ্ঞানৰ দ্বাৰা সৎগতি হয়। সকলোৰে সৎগতি দাতা পিতা যেতিয়ালৈকে নাহে
তেতিয়ালৈকে সৎগতি হ'ব নোৱাৰে। পিতাই কয় - মই কল্পৰ সংগমত আহোঁ। এই সময়ত হয়েই পতিত
জগত। পাৱন এজনো নাই। যদিওবা সন্ন্যাসীসকল পৱিত্ৰ হয় কিন্তু তেওঁলোকে পুনৰ্জন্মতো
ইয়াতেই ল'ব লাগে। বিহৰ পৰা জন্ম ল'বলগীয়া হয়। উভতি যোৱাৰ কথাই নাই। যেতিয়া চক্ৰ পূৰা
হয় তেতিয়াহে পিতা আহি লৈ যায়। ইয়াক কোৱাই হয় আত্মিক জ্ঞান। পৰম আত্মাই আত্মিক জ্ঞান
দিয়ে। পৰম আত্মাহে জ্ঞানৰ সাগৰ, পতিত-পাৱন। বাকী শাস্ত্ৰৰ জ্ঞানতো হৈছে ভক্তিমাৰ্গ।
পিতাই কয় - যজ্ঞ, তপ, তীৰ্থ আদি কৰি আৰুহে অৱনমিত হৈ আহিলা। তোমালোক প্ৰথমে
সতোপ্ৰধান আছিলা। ভাৰতত পৱিত্ৰতা আছিল তেতিয়া শান্তি, সমৃদ্ধিও আছিল। স্বাস্থ্য,
সম্পত্তি দুয়োটা আছিল। আজিৰ পৰা 5 হাজাৰ বছৰ আগৰ কথা, এইখন ভাৰত স্বৰ্গ আছিল। সেই
সময়ত আৰু কোনো ধৰ্ম নাছিল। কেৱল এটাই আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল, যিটো পৰমপিতা
পৰমাত্মাই প্ৰতিষ্ঠা কৰিলে। স্বৰ্গৰ প্ৰতিষ্ঠাতো তেৱেঁই কৰিব। মনুষ্যইতো কৰিব নোৱাৰে।
এনেকৈতো নক'ব - শ্ৰীকৃষ্ণ ৰচয়িতা। নহয়, ৰচয়িতা এজনেই নিৰাকাৰ শিৱ। বাকী হৈছে তেওঁৰ
ৰচনা। ৰচয়িতাৰ পৰাহে ৰচনাই উত্তৰাধিকাৰ প্ৰাপ্ত কৰে।
পিতাই বুজায় - মই
তোমালোকৰ বেহদৰ পিতা, তোমালোকক বেহদৰ উত্তৰাধিকাৰ দিওঁ, 21 জন্মৰ কাৰণে। সূৰ্যবংশী,
চন্দ্ৰবংশী পৱিত্ৰ ধৰ্ম প্ৰতিষ্ঠা কৰোঁ। ব্ৰাহ্মণ ধৰ্ম হৈছে টিকনি (আটাইতকৈ উচ্চ)।
সকলোতকৈ উচ্চ হৈছে আত্মিক পিতা, আত্মাসকলক নিজৰ সমান কৰি তোলে। পিতা জ্ঞানৰ সাগৰ,
সুখৰ সাগৰ গতিকে তোমালোককো তেনেকৈ গঢ়ি তোলে। ভাৰতহে সুখধাম আছিল, এতিয়াতো দুখধাম।
পিতা কেনেকৈ আহে, এইটো কোনেও গম নাপায়। সত্যযুগ আদিৰ পৰা কলিযুগৰ অন্তলৈকে এই গোটেই
ইতিহাস-ভূগোল ভাৰতৰ। এই লক্ষ্মী-নাৰায়ণ কিমান স্বাস্থ্যৱান, সম্পত্তিমান আছিল।
কেতিয়াও বেমাৰ হোৱা নাছিল। এতিয়া কালৰ ওপৰত বিজয়ী হোৱাৰ শিক্ষা লৈ আছে। যাক কালৰো
কাল, মহাকাল বুলি কোৱা হয়, তেওঁ তোমালোকক কালৰ ওপৰত বিজয় প্ৰাপ্ত কৰায়। নামো শুনিলা
শিৱায়ে নমঃ। তোমালোকে এনেকৈতো নক'বা যে পৰমাত্মা সৰ্বব্যাপি, কুকুৰ মেকুৰীত আছে,
ইয়াক কোৱা হয় ধৰ্মৰ গ্লানি। পিতাৰ গ্লানি কৰে। এতিয়া এয়া হৈছে কল্পৰ সংগমৰ সময়। এই
সময়তহে বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি বুলি কোৱা হয়। এতিয়া বিনাশতো সন্মুখত থিয় হৈ আছে।
গীতাতো লিখা আছে - যাদৱ, কৌৰৱ, পাণ্ডৱে কি কৰিলে। সৰ্ব শাস্ত্ৰৰ শিৰোমণি শ্ৰীমত
ভাগৱত গীতা, তাৰ পৰাই আকৌ অন্য শাস্ত্ৰসমূহৰ উৎপত্তি হৈছে। তোমালোকে জানা গীতা হৈছে
দৈৱী ধৰ্মৰ শাস্ত্ৰ। পিতাই কয় - মই আহোঁ তোমালোকক শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তোলোঁ
পুনৰ তোমালোকক দেৱী-দেৱতা ৰূপে গঢ়ি তোলোঁ। আকৌ তোমালোক ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হোৱা।
পিতাই বুজায় - তোমালোকে 84 জন্ম কেনেকৈ লোৱা। সকলোতকৈ অধিক জন্ম নিশ্চয় তেওঁলোকে লয়
যিসকল প্ৰথমে সত্যযুগত আহে। অধিকতম 84 জন্ম তোমালোক ভাৰতবাসীয়ে লৈছা, নিম্নতম এক
জন্ম। এয়াও পিতাইহে বহি বুজায়। পিতাৰ বাহিৰে অন্য কাকো জ্ঞানৰ সাগৰ বুলি কোৱা নহয়।
পতিত-পাৱন, জ্ঞানৰ-সাগৰ বুলি ক'লে বুদ্ধি ওপৰৰ ফালে গুচি যায়। পিতাইহে সকলোকে
উদ্ধাৰ কৰি উভতাই লৈ যায়, সকলোৰে সৎগতি দাতা এজনেই পিতা। বাৰু, আকৌ সকলোৰে দুৰ্গতি
কেনেকৈ হয়? কোনে কৰে? সৎগতি সত্যযুগক, দুৰ্গতি কলিযুগক কোৱা হয়। পিতাই কয় - মই
কল্পই কল্পই তোমালোক সন্তানসকলক আহি সৎগতি দিওঁ। তোমালোক সন্তানসকলে গোটেই বিশ্বৰ
ইতিহাস-ভূগোল জানা। স্কুলসমূহততো আধা ইতিহাস-ভূগোলক শিকায়। সত্যযুগ, ত্ৰেতাত কোনে
ৰাজত্ব কৰিছিল, কোনেও গম নাপায়। চিত্ৰতো যথাযথ আছে – এই লক্ষ্মী-নাৰায়ণে ৰাজত্ব
কৰিছিল। কিমান সময় সেই ৰাজধানী চলিল, তোমালোকে ক'ব পাৰা। খ্ৰীষ্টিয়ানসকলৰ বংশাৱলী 2
হাজাৰ বছৰ চলিল। বৌদ্ধ বংশাৱলী ইমান সময় চলিল। ইছলামী.... তেওঁলোকৰ আগত আকৌ
চন্দ্ৰবংশী আছিল যিটো 1250 বছৰ চলিল। সত্যযুগ-ত্ৰেতাত সূৰ্যবংশী-চন্দ্ৰবংশীসকলহে
আছিল অন্য কোনো ধৰ্ম নাছিল। তোমালোকহে সূৰ্যবংশী-চন্দ্ৰবংশী হোৱা। এতিয়া পুনৰাই
ব্ৰাহ্মণবংশী হৈছা। এই গোটেইখন ড্ৰামাখন ভাৰতৰ ওপৰতহে ৰচনা কৰা হৈছে। ভাৰতহে নৰক আৰু
স্বৰ্গ হয় আৰু অন্য ধৰ্মৰ কাৰণে কোৱা নহয়। তেওঁলোকতো স্বৰ্গত নাথাকেই। কোনোবা মৰিলে
কয় স্বৰ্গবাসী হ'ল, কিন্তু বুজি নাপায়। নৰকবাসীসকলেতো নৰকতেই জন্ম ল'ব লাগিব।
স্বৰ্গবাসীসকলে স্বৰ্গতেই পুনৰ্জন্ম ল'ব। তোমালোক সন্তানসকলে বুজি পোৱা এওঁলোক
লক্ষ্মী-নাৰায়ণ স্বৰ্গবাসী আছিল। তেওঁলোকে এই ৰাজধানী কেনেকৈ পালে। লাখ লাখ বছৰৰ
কথাতো স্মৃতিত থাকিব নোৱাৰে। সত্যযুগত এই শাস্ত্ৰ আদি নাথাকে। এই সকলোবোৰ ভক্তিৰ
সামগ্ৰী। ছিৰি অৱনমিত হ'বই লাগে। সতোপ্ৰধানৰ পৰা সতো-ৰজো-তমোত, এই ছিৰি নামিবলৈ 5
হাজাৰ বছৰ লাগে। সত্যযুগত 16 কলা সম্পূৰ্ণ আকৌ ত্ৰেতাত 2টা কলা কম, আত্মাত ৰূপৰ খাদ
(বিকাৰৰ লেপ) পৰিল। তাম্ৰ যুগলৈ অহাত তামৰ খাদ পৰিল, এই সময়ত একেবাৰে তমোপ্ৰধান।
আত্মাতহে খাদ পৰে। তোমালোকেহে সম্পূৰ্ণ 84 জন্ম লোৱা। এই আত্মিক পিতা শিৱবাবা আহি
আত্মিক সন্তানসকলক বুজায়। তোমালোক এতিয়া আত্মা-অভিমানী হ'ব লাগে। ৰাৱণৰ প্ৰৱেশতা
হোৱাৰ কাৰণে সকলো দেহ-অভিমানী হৈ যায়। এতিয়া নিজক আত্মা বুলি বুজিব লাগে। আমিয়েই 84
জন্ম লৈ ভিন্ন ভিন্ন ভূমিকা পালন কৰি আহিছোঁ। এতিয়া 84ৰ চক্ৰ পূৰা হ'ল। এতিয়াতো
শৰীৰো জৰ্জৰিত হৈ গ'ল। দ্বাপৰৰ পৰা ৰাৱণৰাজ্য হয়। সত্যযুগত হৈছে ৰামৰাজ্য। সত্যযুগত
তোমালোক আত্মা-অভিমানী আছিলা। দ্বাপৰ, কলিযুগত তোমালোক দেহ-অভিমানী হৈ যোৱা। আত্মাকো
নাজানা, পৰমাত্মাকো নাজানা।
পিতাই বুজায় - আত্মা
এটা তৰা। ভ্ৰূকুটিৰ মধ্যত চিকমিকায় বিচিত্ৰ তৰা...... তাক দিব্য দৃষ্টিৰ অবিহনে দেখা
পাব নোৱাৰি। আত্মা একেবাৰে সূক্ষ্ম। আত্মাইহে এটা শৰীৰ এৰি আন এটা লয়। মই আত্মাই 84
জন্ম ল'লোঁ। পৰমপিতা পৰমাত্মাও বিন্দু, তেওঁকহে জ্ঞানৰ সাগৰ, পতিত-পাৱন জ্ঞানপূৰ্ণ
বুলি কোৱা হয়। পৰমপিতা পৰম আত্মাত সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। বীজৰূপ হোৱাৰ
কাৰণে তেওঁক সত্য-চৈতন্য-আনন্দ স্বৰূপ বুলি কোৱা হয়। পিতাৰ যি জ্ঞান আছে, সেয়া
নিশ্চয় শুনাব লাগে। এয়া হৈছে আধ্যাত্মিক জ্ঞান। সকলো আত্মাৰ পিতা আহি আত্মাসকলক
পঢ়ায়। তোমালোক আত্মা-অভিমানী হ'ব লাগে। শিৱবাবাই আমাক পঢ়ায়, তেৱেঁই জ্ঞানপূৰ্ণ।
বাবাহে আহি স্বৰ্গৰ ৰচনা ৰচে। তোমালোকক স্বৰ্গৰ যোগ্য কৰি তোলে। এই সৃষ্টি চক্ৰৰ
ৰহস্য কোনো মনুষ্যই নাজানে। পিতাকেই নজনাৰ কাৰণে ভাৰতৰ এইটো অৱস্থা হ'ল। ভাৰতত
পৱিত্ৰতা আছিল তেতিয়া শান্তি সমৃদ্ধি আছিল। এতিয়াতো হয়েই নৰক তেন্তে কোনোবা স্বৰ্গলৈ
কেনেকৈ যাব পাৰে! একেবাৰে পাথৰবুদ্ধিৰ হৈ গৈছে।
পিতাই কয় - মই
সন্তানসকলৰ কাৰণে কিবাতো উপহাৰ লৈ আহিম। তোমালোকক স্বৰ্গৰ মালিক কৰি তোলোঁ। যিসকলে
কল্প পূৰ্বে উত্তৰাধিকাৰ লৈছিল, তেওঁলোকেই এতিয়া ল'ব। মনুষ্যৰ পৰা দেৱতা হ'ব।
বাস্তৱত প্ৰজাপিতা ব্ৰহ্মাৰতো সকলো সন্তান হয়। এতিয়া ব্ৰহ্মাৰ দ্বাৰা শিৱবাবাই ৰচনা
ৰচি আছে। ব্ৰহ্মাকুমাৰ-কুমাৰী হৈ গৈ থাকে। শিৱবাবাৰ পৰা উত্তৰাধিকাৰ ল'বৰ কাৰণে
পুৰুষাৰ্থ কৰিব লাগে, তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। পিতাই কয় - সন্তানসকল,
মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ সকলো বিকৰ্ম বিনাশ হ'ব। এই আধ্যাত্মিক জ্ঞান পিতাৰ
বাহিৰে অন্য কোনেও দিব নোৱাৰে। আত্মিক পিতাইহে আত্মাসকলক জ্ঞান দিয়ে। তোমালোকে
আত্মিক যাত্রা কৰা। দেহ-অভিমান এৰি দেহী-অভিমানী হোৱা। আত্মা অবিনাশী। আত্মাতেই
ভূমিকা নিহিত হৈ আছে। আত্মাই কেনেকৈ 84 জন্মৰ ভূমিকা পালন কৰে, এতিয়া গম পাইছা। আমি
সূৰ্যবংশী আছিলোঁ আকৌ চন্দ্ৰবংশী হ'লোঁ পুনৰ আমিয়েই সূৰ্যবংশী হ'ব লাগে। এতিয়া
পিতাই সতোপ্ৰধান হোৱাৰ শিক্ষা দিয়ে, মামেকম্ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা।
ভগৱানুবাচ - গীতাৰ ভগৱান হৈছে শিৱবাবা, শ্ৰীকৃষ্ণ নহয়। শ্ৰীকৃষ্ণৰ আত্মায়ো এতিয়া
শিকি আছে। ভাল বাৰু।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আত্মিক
যাত্ৰা কৰিব আৰু কৰাব লাগে। নিজক সতোপ্ৰধান কৰি তুলিবৰ কাৰণে এজন পিতাক স্মৰণ কৰিব
লাগে। আত্মা-অভিমানী হোৱাৰ পূৰা পুৰুষাৰ্থ কৰিব লাগে।
(2) কালৰ ওপৰত বিজয়
প্ৰাপ্ত কৰিবৰ কাৰণে পিতাৰ শিক্ষাৰ প্ৰতি ধ্যান দিব লাগে। নিজক আত্মা বুলি বুজি
আত্মাসকলক জ্ঞান দিব লাগে।
বৰদান:
বাপদাদাৰ
কৰ্তব্যক নিজৰ লক্ষ্য কৰি লওঁতা মাষ্টৰ মৰ্যাদা পুৰুষোত্তম হোৱা
কোৱা হয় – নিজে মথিলে
অৰ্থাৎ বিচাৰ সাগৰ মন্থন কৰিলে নিচা বাঢ়ে, আনৰ উপাৰ্জনৰ ফালে কেতিয়াও দৃষ্টি যাব
নালাগে। আনৰ নিচাক লক্ষ্য কৰি লোৱাৰ সলনি বাপদাদাৰ গুণ আৰু কৰ্তব্যক লক্ষ্য কৰি লোৱা।
বাপদাদাৰ সৈতে অধৰ্মৰ বিনাশ আৰু স্বধৰ্মৰ স্থাপনাৰ কৰ্তব্যত সহায়কাৰী হোৱা। অধৰ্ম
বিনাশ কৰোঁতাই অধৰ্মৰ কাৰ্য বা দৈৱী মৰ্যাদা উলংঘন কৰা কাৰ্য কৰিব নোৱাৰে, তেওঁলোক
মাষ্টৰ মৰ্যাদা পুৰুষোত্তম হয়।
স্লোগান:
জ্ঞানপূৰ্ণ হৈ ব্যৰ্থ প্ৰশ্ন স্বাহা কৰি দিয়া তেতিয়া সময় ৰাহি হৈ যাব।
“মাতেশ্বৰী জীৰ
অমূল্য মহাবাক্য”
যাৰ সংগী ভগৱান তেওঁক
ধুমুহা বতাহে কেনেকৈ বাধা দি ৰাখিব..... চোৱা এই গীতটিয়ে সিদ্ধ কৰে যে আত্মা আৰু
পৰমাত্মা দুটা বস্তু, ঈশ্বৰ সৰ্বব্যাপি নহয় কিয়নো যাৰ সংগী হৈছে ঈশ্বৰ তেওঁ উপস্থিত
থকাৰ পাছতো সৃষ্টিত ইমান দুখ কিয়? মনুষ্য ইমান কঙাল মোহগ্ৰস্ত কিয়? পৰমাত্মাতো সুখ
স্বৰূপ তেন্তে সৰ্বব্যাপি পৰমাত্মা বুলি কোৱা মানে পৰমাত্মাক অপমান কৰা হ’ল। ভগৱানৰ
উপস্থিতিত সৃষ্টি সুখ স্বৰূপ হ'ব লাগে নে দুখ ৰূপ? তেনেহ’লে আকৌ পৰমাত্মাক আহ্বান
জনোৱাৰ দৰকাৰেই বা কি? এই সময়ত মায়া সৰ্বব্যাপি আছে পৰমাত্মা সকলোতে হাজিৰ হৈ থকা
নাই। পৰমাত্মা কেৱল এবাৰ সংগমত আহে তেতিয়া তেওঁক হাজিৰ বুলি ক'ব পাৰি, বাকী তেওঁৰ
স্মৃতি সকলোৰে অন্তৰত নিশ্চয় ব্যাপক হৈ আছে। শৰীৰক চলাওঁতা শক্তিতো প্ৰত্যেকৰ মাজত
ভিন্ন ভিন্ন সংস্কাৰধাৰী আত্মা আছে পৰমাত্মা নহয়। এতিয়া বিচাৰ কৰা যে পৰমাত্মাৰ সংগ
কিয় লৈছোঁ? এই মায়াৰ ধুমুহা বতাহ অতিক্ৰম কৰিবৰ কাৰণে, তেন্তে নিশ্চয় কোনো মায়াৰ
ধুমুহা আছে যাক অতিক্ৰম কৰিবৰ কাৰণে সেই পৰমাত্মাৰ সংগ আমি আত্মাসকলে কামনা কৰোঁ,
যদি তেওঁ হাজিৰ হয় তেন্তে মায়াৰ খেলিমেলিও নাথাকিলেহেঁতেন আৰু তেওঁৰ সংগ পাবৰ কাৰণে
স্মৰণো কৰিবলগীয়া নহ’লহেঁতেন। গতিকে আমাৰ অৰ্থাৎ আত্মাসকল আৰু পৰমাত্মা দুয়োৰে এই
খেলত ভূমিকা আছে। গতিকে যেতিয়া পৰমাত্মা আহে তেতিয়া পূৰা তেওঁৰ সংগত থাকি তেওঁৰ হৈ
যাব লাগে তেতিয়াহে মায়াৰ ধুমুহাৰ পৰা পৰিত্ৰাণ পাবা। যদিওবা তেওঁ সকলোৰে সুখদাতা
কিন্তু যিসকলে বাস্তৱত তেওঁৰ সহায় লয় তেওঁলোকেহে সংগ পায়। তেতিয়া সেইসকল সন্তানৰ
অতিৰিক্ত প্ৰাপ্তি হয়, যদিওবা তেওঁ জগতত আহি উপস্থিত হৈছে কিন্তু অহো!
আশ্চৰ্যজনকভাৱে জগতে তেওঁক নজনাৰ কাৰণে তেওঁৰ সংগ নলয়, যদি তেওঁৰ পূৰা সংগ লৈ লয়
তেন্তে সহায় আগবঢ়োৱাত প্ৰসিদ্ধ। কয় এখোজ তুমি আগবঢ়োৱা তেন্তে দহ খোজ আগুৱাই আহিবা,
গতিকে তেওঁ সম্পূৰ্ণ উত্তৰাধিকাৰ দিয়ে য'ত কোনো অপূৰ্ণতা নাথাকে। ভাল বাৰু।
অব্যক্ত ইংগিত: সদায়
অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা
কিবা সংকল্প উদয় হ’লে
সেয়া জ্যেষ্ঠজনক দি নিজে নিঃসংকল্প হৈ আগবাঢ়ি যোৱা। বিচাৰ ব্যক্য কৰা বা ইংগিত দিয়া
সেয়া বেলেগ কথা, কিন্তু বিচলিত হোৱা – সেয়া বেলেগ কথা। গতিকে সদায় একৰস হৈ থাকা।
সংকল্প দিয়া আৰু নিজে নিঃসংকল্প হোৱা। সদায় এইটো ধ্যান ৰাখিব লাগে যে মই
কৰ্মেন্দ্ৰিয়জিৎ হ’ব লাগে। কোনো এটা কৰ্মেন্দ্ৰিয়ৰ আকৰ্ষণেও এক পিতাৰ হ’বলৈ নিদিব।
একৰস স্থিতিত স্থিৰ হ’বলৈ নিদিব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]