27.07.25 Avyakt Bapdada
Assame
Murli
14.03.2006 Om Shanti Madhuban
“*“পৰমাত্ম মিলনৰ
অনুভূতি কৰিবৰ বাবে ওলোটা ‘মই’ বোধক জ্বলোৱাৰ হোলী উদ্যাপন কৰা, দৃষ্টি ৰূপী
পিচকাৰিৰে সকলো আত্মাক সুখ, শান্তি, প্ৰেম, আনন্দৰ ৰং লগোৱা”*”
আজি পৱিত্ৰতম পিতাই
নিজৰ পৱিত্ৰ সন্তানসকলৰ সৈতে মিলন উদ্যাপন কৰিবলৈ আহিছেহঁক। চাৰিওফালৰ হোলী (পৱিত্ৰ)
সন্তানসকল দূৰৈত বহিও সমীপত আছে। বাপদাদাই এনেকুৱা হোলী অৰ্থাৎ মহান পৱিত্ৰ
আত্মাসকলৰ কপালত চিকমিকাই থকা ভাগ্যৰ তৰা চাই আছে। এনে মহান পৱিত্ৰ আত্মা গোটেই
কল্পত আন কোনো নহয়। এই সংগমযুগত পৱিত্ৰতাৰ ব্ৰত লওঁতা ভাগ্যৱান সন্তানসকল ভৱিষ্যতে
ডবল পৱিত্ৰ, শৰীৰেৰেও পাৱন আৰু আত্মাও পৱিত্ৰ হয়। গোটেই কল্পত পৰিক্ৰমা লগোৱা,
লাগিলে যিমানেই মহান আত্মা আহিছে কিন্তু শৰীৰো পৱিত্ৰ আৰু আত্মাও পৱিত্ৰ, এনেকুৱা
পৱিত্ৰ ধৰ্ম আত্মাসকলো হোৱা নাই আৰু মহান আত্মাসকলো হোৱা নাই। বাপদাদাই তোমালোক
সন্তানসকলক লৈ গৌৰৱ কৰে বাঃ! মোৰ মহান পৱিত্ৰ সন্তানসকল বাঃ!, ডবল পৱিত্ৰ, ডবল
মুকুটধাৰীও কোনো নহয়, ডবল মুকুটধাৰীও তোমালোক শ্ৰেষ্ঠ আত্মাসকল হোৱা। নিজৰ সেই ডবল
পৱিত্ৰ, ডবল মুকুটধাৰী স্বৰূপ সন্মুখত আহি আছে নহয়! সেয়েহে তোমালোক সন্তানসকলৰ এই
সংগমযুগত যি বাস্তৱিক জীৱন, সেই এটি এটি জীৱনৰ বিশেষত্বক সোঁৱৰণি জগতৰ লোকে উৎসৱৰ
ৰূপত উদ্যাপন কৰি থাকে।
আজিও তোমালোক সকলো
স্নেহৰ উৰাজাহাজত হোলী (ৰঙৰ উৎসৱ) উদ্যাপন কৰিবলৈ আহি উপস্থিত হৈছা। হোলী উদ্যাপন
কৰিবলৈ আহিছা নহয়। তোমালোক সকলোৱে নিজৰ জীৱনত পৱিত্ৰতাৰ হোলী উদ্যাপন কৰিছা, সকলো
আধ্যাত্মিক ৰহস্যক জগতৰ লোকে স্থূল ৰূপ দি দিছে কিয়নো দেহ বোধ আছে নহয়! তোমালোক
আত্মা-সচেতন, আধ্যাত্মিক জীৱন ধাৰণ কৰোঁতা, আৰু তেওঁলোক দেহ-সচেতন। সেয়েহে সকলো
স্থূল ৰূপত লৈ ল’লে। তোমালোকে যোগ অগ্নিৰ দ্বাৰা নিজৰ পুৰণা সংস্কাৰ স্বভাৱ ভস্ম
কৰিলা, জ্বলালা আৰু জগতৰ লোকে স্থূল অগ্নিত জ্বলায়। কিয়? পুৰণা সংস্কাৰ নজ্বলালে
পৰমাত্ম সংগৰ ৰঙো লাগিব নোৱাৰে আৰু পৰমাত্ম মিলনৰ অনুভৱো কৰিব নোৱাৰে। গতিকে
তোমালোকৰ জীৱনৰ ইমান মূল্য আছে যে এটা এটা খোজ তোমালোকৰ উৎসৱৰ ৰূপত উদ্যাপন কৰা হয়।
কিয়? তোমালোকে গোটেই সংগমযুগ উৎসাহ-উদ্দীপনাৰ জীৱন কৰি তুলিছা। তোমালোকৰ জীৱনৰ
স্মাৰক এদিনৰ উৎসৱ উদ্যাপন কৰি লয়। তেন্তে সকলোৰে জীৱন এনেকুৱা উৎসাহ, উদ্দীপনা,
আনন্দৰ হয় নহয়! হয়নে নে কেতিয়াবা কেতিয়াবা হয়? সদায় উৎসাহ থাকেনে নে কেতিয়াবা
কেতিয়াবা থাকে? যিসকলে ভাবা যে সদায় উৎসাহত থাকোঁ, আনন্দত থাকোঁ, আনন্দ আমাৰ জীৱনৰ
বিশেষ পৰমাত্ম উপহাৰ, যিয়েই হৈ নাযাওঁক কিন্তু ব্ৰাহ্মণ জীৱনৰ আনন্দ, উৎসাহ-উদ্দীপনা
নোহোৱা হৈ যাব নোৱাৰে, এনেকুৱা অনুভৱ হয়, তেওঁলোকে হাত দাঙা। বাপদাদাই প্ৰত্যেক
সন্তানৰ চেহেৰা সদায় আনন্দময় ৰূপত চাব বিচাৰে কিয়নো তোমালোকৰ নিচিনা সুখৰ
সৌভাগ্যশালী কেতিয়াও কোনো হোৱা নাই, হ’ব নোৱাৰে। ভিন্ন ভিন্ন বৰ্গৰ সন্তানসকল বহি
আছে তেন্তে এনেকুৱা অনুভৱীমূৰ্ত হোৱাৰ নিজৰ বাবে পৰিকল্পনা কৰিছানে?
বাপদাদা আনন্দিত হয়,
আজি অমুক বৰ্গ, অমুক বৰ্গ আহিছে, স্বাগতম্। অভিনন্দন যে আহিলা। সেৱাৰ ভাল
উৎসাহ-উদ্দীপনা আছে। কিন্তু প্ৰথমে নিজৰ পৰিকল্পনা, বাপদাদাই দেখিছে সকলো বৰ্গৰসকলে
পৰিকল্পনা ইজনে সিজনতকৈ আগত আৰু বহুত ভাল কৰে, লগতে স্ব-উন্নতিৰ পৰিকল্পনা কৰাটো অতি
আৱশ্যক। বাপদাদাই এইটোৱে বিচাৰে যে প্ৰতিটো বৰ্গই স্ব-উন্নতিৰ বাস্তৱিক পৰিকল্পনা
কৰক আৰু নম্বৰ লওঁক। যেনেকৈ সংগঠনত একত্ৰিত হোৱা, বিদেশীয়েই হওঁক বা দেশৰেই হওঁক সভা
পাতা, পৰিকল্পনা কৰা, বাপদাদা সেই ক্ষেত্ৰত ৰাজী কিন্তু যেনেকৈ উৎসাহ-উদ্দীপনাৰে
সংগঠিত ৰূপত সেৱাৰ পৰিকল্পনা কৰা তেনেকৈয়ে সিমানেই উৎসাহ-উদ্দীপনাৰে আৰু অধিক
মনোযোগ দি স্ব-উন্নতিৰ নম্বৰ বঢ়াব লাগে। বাপদাদাই শুনিব বিচাৰে যে এইটো মাহত এইটো
বৰ্গৰসকলে স্ব-উন্নতিৰ পৰিকল্পনা বাস্তৱত ৰূপায়িত কৰিলেনে? যি বৰ্গৰে আহিছে, সকলো
বৰ্গৰসকলে হাত দাঙা। বাৰু ইমান আহিছে, বহুত আহিছে। শুনিছোঁ 5-6 টা বৰ্গ আহিছে। বহুত
ভাল, আহিলা। এতিয়া এটা অন্তিম পাল বাকী আছে, বাপদাদাই ঘৰৰ কামতো দিয়েই দিছিল।
বাপদাদাইতো নিতৌ ফলাফল চায়, তোমালোকে ভাবিবা বাপদাদাই অন্তিম পালত হিচাপ ল’ব কিন্তু
বাপদাদাই নিতৌ চায়, এতিয়াও আৰু 15 দিন আছে, এই 15 দিনত প্ৰত্যেক বৰ্গৰ যিসকল যি
আহিছা তেওঁলোকেও, যিসকল অহা নাই সেই বৰ্গৰ নিমিত্ত সন্তানসকলক বাপদাদাই এইটোৱে
ইংগিত দিছে যে প্ৰত্যেক বৰ্গই নিজৰ স্ব-উন্নতিৰ যিকোনো পৰিকল্পনা কৰা, কোনো বিশেষ
শক্তি স্বৰূপ হোৱাৰ বা বিশেষ যি কোনো গুণমূৰ্ত হোৱাৰ বা বিশ্ব কল্যাণৰ প্ৰতি কিবা
নহয় কিবা ‘লাইট-মাইট’ দিয়াৰ প্ৰত্যেক বৰ্গই পৰস্পৰ নিশ্চিত কৰা আকৌ পৰীক্ষা কৰা যে
যিসকল বৰ্গৰ সদস্য, সদস্য হ’লা বহুত ভাল কৰিলা কিন্তু প্ৰতিগৰাকী সদস্য এক নম্বৰ
হ’ব লাগে। কেৱল নাম লিখা গ’ল অমুক বৰ্গৰ সদস্য, নহয়, অমুক বৰ্গৰ স্ব-উন্নতিৰ সদস্য।
এয়া হ’ব পাৰেনে? যিসকল বৰ্গৰ নিমিত্ত সেই নিমিত্তসকল উঠা, বিদেশতো যি 4-5 গৰাকী
নিমিত্ত হৈছে তেওঁলোক উঠা। বাপদাদাইতো সকলোকে অতি শক্তিশালী মূৰ্ত ৰূপত দেখিবলৈ পায়।
বহুত ভাল মূৰ্ত। গতিকে তোমালোক সকলোৱে ভাবানে যে 15 দিনত কিবা কৰি দেখুৱাম। কোৱা,
হ’ব পাৰেনে? (পূৰা পুৰুষাৰ্থ কৰিম) আৰু কোৱা, হ’ব পাৰেনে? (প্ৰশাসক বৰ্গই পৰিকল্পনা
কৰিছে যে কোনেও ক্ৰোধ নকৰে) তাৰ অনুসন্ধানো কৰানে? তোমালোক ভগ্নীসকলে (শিক্ষকসকলৰ
প্ৰতি) সাহস কৰা - 15 দিনত অনুসন্ধান কৰি ফলাফল জনাব পাৰিবানে। বিদেশীসকলেতো
ইতিবাচক সঁহাৰি জনাই আছে।
তোমালোকে কি ভাবা,
হ’ব পাৰেনে? ভাৰতবাসী কোৱা হ’ব পাৰেনে? বাপদাদাৰতো তোমালোক সকলোৰে চেহেৰা দেখি
এনেকুৱা লাগে যে ফলাফল ভাল, কিন্তু যদি 15 দিনো মনোযোগ দিয়াৰ পুৰুষাৰ্থ কৰা তেন্তে
এইটো অভ্যাস আগলৈও কাম আহিব। এতিয়া এনেকুৱা সভা পাতিবা যিয়ে যি লক্ষ্য স্থিৰ কৰিব
খোজে যিকোনো গুণৰ, যিকোনো শক্তিৰ, ইয়াত বাপদাদাই নম্বৰ দিব। বাপদাদাইতো চাই থাকে।
স্ব-সেৱাত এক নম্বৰ বৰ্গত কোন কোন আছে? কিয়নো বাপাদাদাই দেখিছে যে পৰিকল্পনা বহুত
ভাল তৈয়াৰ হয় কিন্তু সেৱা আৰু স্ব-উন্নতি দুয়োটা যদি একেলগে নাথাকে তেন্তে সেৱাৰ
পৰিকল্পনাত যিমান সফলতা হ’ব লাগে, সিমান নহয় সেয়েহে সময়ৰ সমীপতাক সন্মুখত চাই সেৱা
আৰু স্ব-উন্নতি যুটীয়াকৈ ৰাখা। কেৱল স্ব-উন্নতিও নালাগে, সেৱাও লাগে কিন্তু
স্ব-উন্নতিৰ স্থিতিৰে সেৱাত সফলতা অধিক হ’ব। সেৱা বা স্ব-উন্নতিৰ সফলতাৰ চিন হ’ল-
নিজেও দুয়োটাতে নিজৰ প্ৰতিও সন্তুষ্ট হ’ব আৰু যাৰ সেৱা কৰে, তেওঁলোকেও সেৱাৰ দ্বাৰা
সন্তুষ্টি অনুভৱ হ’ব। যদি নিজক বা যাৰ সেৱাৰ নিমিত্ত তেওঁলোকে সন্তুষ্টি অনুভৱ নকৰে
তেন্তে সফলতা কম, পৰিশ্ৰম বেছি কৰিবলগীয়া হয়।
তোমালোক সকলোৱে জানা
যে সেৱা আৰু স্ব-উন্নতিত সফলতা সহজে প্ৰাপ্ত কৰাৰ সোণালী চাবি কি? অনুভৱতো সকলোৰে
আছে। সোণালী চাবি হ’ল – চলন, চেহেৰা, সমন্ধ সম্পৰ্কত নিমিত্ত ভাৱ, নম্ৰ ভাৱ, নিৰ্মল
বাণী। যেনেকৈ পিতা ব্ৰহ্মা আৰু জগদম্বাক দেখিলা কিন্তু এতিয়া ক’ৰবাত ক’ৰবাত সেৱাৰ
সফলতা শতাংশত হয় তাৰ কাৰণ, যি বিচৰা, যিমান কৰা, যিমান পৰিকল্পনা কৰা, তাত শতাংশ
কিয় হৈ যায়? বাপদাদাই বেছিভাগ ক্ষেত্ৰত এইটো কাৰণ দেখিলে যে সফলতা কম হোৱাৰ কাৰণ
হৈছে - এটা শব্দ, সেইটো কি? ‘মই’। ‘মই’ শব্দটি তিনি প্ৰকাৰে ব্যৱহাৰ হয়।
দেহী-অভিমানীতো ‘মই’ আত্মা, ‘মই’ শব্দটি আহে। দেহ-অভিমানতো ‘মই’ যি কওঁ, কৰো সেইটো
ঠিক। ‘মই’ বুদ্ধিমান, এয়া সীমিত হদৰ ‘মই’, ‘মই’ দেহ-অভিমানতো আহে আৰু তৃতীয়বিধ ‘মই’
যেতিয়া কোনোবা নিৰাশ হৈ যায় তেতিয়াও ‘মই’ আহে। মই এইটো কৰিব নোৱাৰো, মোৰ সাহস নাই।
মই এয়া শুনিব নোৱাৰো, মই এয়া সমাহিত কৰিব নোৱাৰো… গতিকে বাপদাদাই তিনিও প্ৰকাৰৰ ‘মই’,
‘মই’ৰ গীত বহুত শুনি থাকে। পিতা ব্ৰহ্মাই, জগত অম্বাই যি নম্বৰ ল’লে তাৰ বিশেষত্ব
এয়াই আছিল - ওলোটা ‘মই’ বোধৰ অভাৱ আছিল। অবিদ্যা আছিল। কেতিয়াও পিতা ব্ৰহ্মাই এনেকৈ
নক’লে যে মই ৰায় দিওঁ, মই ঠিক, বাবা, বাবা… বাবাই কৰাই আছে, মই নকৰো। মই হুচিয়াৰ
নহয়, সন্তানসকল হুচিয়াৰ। জগত অম্বাৰো শ্লোগান স্মৃতিত আছেনে? পুৰণিসকলৰ স্মৃতিত
থাকিব। জগত অম্বাই এয়াই কৈছিল – “ঈশ্বৰৰ হুকুম মতে সকলো চলি আছে”। মই নহয়, চলাওঁতা
পিতাই চলাই আছে। কৰাৱনহাৰ পিতাই কৰাই আছে। সেয়েহে প্ৰথমে সকলোৱে নিজৰ ভিতৰৰ পৰা এই
অভিমান আৰু অপমানৰ ‘মই’ক সমাপ্ত কৰি আগবাঢ়া। স্বভাৱসিদ্ধভাৱে প্ৰত্যেক কথাত “বাবা
বাবা” উচ্চাৰিত হওঁক। স্বভাৱসিদ্ধভাৱে উচ্চাৰিত হওঁক কিয়নো পিতাৰ সমান হোৱাৰ
সংকল্পতো সকলোৱে লৈছাই। সমান হ’বৰ বাবে কেৱল এটা মাৰ্জিত ‘মই’ জ্বলাই দিয়া। বাৰু
ক্ৰোধো নকৰা। ক্ৰোধ কিয় আহে? কিয়নো ‘মই’ বোধ আহে।
তেন্তে হোলী উদ্যাপন
কৰিবলৈ আহিছা নহয়? প্ৰথমে কিহৰ হোলী উদ্যাপন কৰে? ভস্ম কৰাৰ। এনেয়ে বহুত ভাল, বহুত
যোগ্য হোৱা। পিতাৰ আশাৰ দীপক হোৱা, কেৱল এই অলপ ‘মই’ক কাটি দিয়া। দুটা ‘মই’ কাটি
দিয়া। এটা ‘মই’ ৰাখা। কিয়? বাপদাদাই দেখি আছে, তোমালোকৰে অনেক ভাতৃ-ভগ্নীয়ে
ব্ৰাহ্মণ নহয়, অজ্ঞানী আত্মাই নিজৰ জীৱনত সাহস হেৰুৱাই পেলাইছে। এতিয়া তেওঁলোকক
সাহসৰ ডেউকা দিব লাগে। একেবাৰে নিঃসহায় হৈ গৈছে, নিৰাশ হৈ গৈছে। গতিকে হে দয়াশীল,
কৃপা-দয়া কৰোতা বিশ্বৰ আত্মাসকলৰ ইষ্ট দেৱ আত্মাসকল, নিজৰ শুভভাৱনা, দয়াৰ ভাৱনা,
আত্ম ভাৱনাৰ দ্বাৰা তেওঁলোকৰ ভাৱনা পূৰ্ণ কৰা। তোমালোকে দুখ, অশান্তিৰ প্ৰকম্পন
অনুভৱ নকৰানে। নিমিত্ত আত্মা হোৱা, পূৰ্বজ হোৱা, পূজ্য হোৱা। বৃক্ষৰ কাণ্ড হোৱা,
আধাৰ হোৱা। সকলোৱে তোমালোকক বিচাৰি আছে। ক’ত গ’ল আমাৰ ৰক্ষক! ক’ত গ’ল আত্মাৰ
ইষ্টদেৱ! পিতাইতো বহুত কাতৰ আহ্বান শুনিবলৈ পায়। এতিয়া স্ব-উন্নতিৰ দ্বাৰা ভিন্ন
ভিন্ন শক্তিৰ কিৰণ দিয়া। সাহসৰ ডেউকা লগোৱা। নিজৰ দৃষ্টিৰ দ্বাৰা, দৃষ্টিয়েই
তোমালোকৰ পিচকাৰী, গতিকে নিজৰ দৃষ্টিৰ পিচকাৰীৰে সুখৰ ৰং লগোৱা, শক্তিৰ ৰং লগোৱা,
প্ৰেমৰ ৰং লগোৱা, আনন্দৰ ৰং লগোৱা। তোমালোকতো পৰমাত্ম সংগৰ ৰঙত আহি গ’লা। বাকী
আত্মাসকলকো অলপ আধ্যাত্মিক ৰঙৰ অনুভৱ কৰোৱা। পৰমাত্ম মিলনৰ মংগল মিলনৰ অনুভৱ কৰোৱা।
দিগভ্ৰান্ত আত্মাসকলক ঠিকনাৰ মাৰ্গ দেখুওৱা।
তেন্তে স্ব-উন্নতিৰ
পৰিকল্পনা কৰিবা, এই ক্ষেত্ৰত নিজৰ পৰীক্ষক হৈ পৰীক্ষা কৰিবা, এই মাৰ্জিত ‘মই’তো অহা
নাই কিয়নো আজি হোলী উদ্যাপন কৰিবলৈ আহিছা। বাপদাদাই এটোৱে সংকল্প দিছে যে এতিয়া
দেহ-অভিমান আৰু অপমানৰ যি ‘মই’ আহে, নিৰাশাৰ ‘মই’ আহে, ইয়াক জ্বলাইহে যাবা, লগত লৈ
নাযাবা। কিবাতো জ্বলাবা নহয়। জুই জ্বালাবা জানো? জ্বলামূখী যোগঅগ্নি জ্বলোৱা।
জ্বলাব জানা নহয়? জ্বালামূখী যোগ, কৰিব জানা নহয় নে সাধাৰণ যোগ কৰিব জানা?
জ্বালামুখী হোৱা। “লাইট-মাইট-হাউচ”। তেন্তে এয়া পচন্দ হৈছেনে? অনুগ্ৰহ কৰি মনোযোগ
দিয়া, ‘মই’ক জ্বলোৱা।
বাপদাদাই যেতিয়া “মই
মই”ৰ গীত শুনে তেতিয়া চুইচ বন্ধ কৰি দিয়ে। “বাঃ! বাঃ!”ৰ গীত হ’লে তেতিয়া আৱাজ ডাঙৰ
কৰি দিয়ে কিয়নো “মই মই”ত টনাটনি বহুত বেছি হয়। প্ৰতিটো কথাতে টনাটনি কৰিব, এয়া নহয়,
এয়া নহয়, এনেকুৱা নহয় তেনেকুৱা নহয়। গতিকে টনাটনি হোৱাৰ বাবে দুশ্চিন্তাৰ সৃষ্টি হৈ
যায়। বাপদাদাৰ আসক্তি, দুশ্চিন্তা আৰু স্বভাৱ; ওলোটা স্বভাৱ ভাল নালাগে। বাস্তৱত
স্বভাৱ শব্দটি বহুত ভাল। স্বভাৱ, স্বৰ ভাৱ। কিন্তু ইয়াক ওলোটা কৰি দিছে। কোনো কথাৰ
টনাটনিও নকৰিবা আৰু কাকো নিজৰ প্ৰতি আকৰ্ষিতও নকৰিবা। সেইটোৱেও বহুত অশান্তিৰ সৃষ্টি
কৰে। কোনোবাই যিমানেই তোমালোকক নকওঁক কিন্তু নিজৰ প্ৰতি নাটানিবা। কথাও নাটানিবা আৰু
নিজৰ প্ৰতি আকৰ্ষিতও নকৰিবা, টনাটনি সমাপ্ত। বাবা বাবা আৰু বাবা। পচন্দ হৈছে নহয়!
তেন্তে ওলোটা ‘মই’ক ইয়াত এৰি থৈ যাবা, লগত লৈ নাযাবা, ৰেলত বোজা হৈ যাব। তোমালোকৰ
গীত আছে নহয় - মই বাবাৰ, বাবা মোৰ। আছে নহয়? গতিকে এটা ‘মই’ ৰাখা, দুটা ‘মই’ সমাপ্ত।
হোলী উদ্যাপন কৰিলা, সংকল্পত জ্বলাই দিলানে? এতিয়াতো সংকল্প কৰিবা। সংকল্প কৰিলানে?
হাত দাঙা। কৰিলানে নে অলপ অলপ থাকিব? অলপ অলপৰ বাবে অনুমতি দিওঁনে? যিসকলে ভাবা অলপ
অলপৰ বাবে অনুমতি দিব লাগে তেওঁলোকে হাত দাঙা। অলপতো থাকিব নহয়, নাথাকিব নেকি?
তোমালোকতো বৰ বাহাদুৰ হোৱা। অভিনন্দন। আনন্দত নাচা, গোৱা। দুশ্চিন্তাত নহয়। টনাটনিত
নহয়। বাৰু!
এতিয়া এক চেকেণ্ডত
নিজৰ মনৰ পৰা সকলো সংকল্প সমাপ্ত কৰি এক চেকেণ্ডত পিতাৰ লগত পৰমধামত উচ্চতকৈও উচ্চ
স্থান, উচ্চতকৈও উচ্চ পিতা, তেওঁৰ লগত উচ্চ স্থিতিত বহি যোৱা। আৰু পিতাৰ সমান
মাষ্টৰ সৰ্বশক্তিমান হৈ বিশ্বৰ আত্মাসকলক শক্তিৰ কিৰণ দিয়া বাৰু।
চাৰিওফালৰ পৱিত্ৰতম,
উচ্চতম সন্তানসকলক, সকলো বিশ্বকল্যাণকাৰী বিশেষ আত্মাসকলক, সকলো পূৰ্বজ আৰু পূজ্য
আত্মাসকলক, সকলো পিতাৰ অন্তৰ আসনাধিকাৰী সন্তানসকলৰ প্ৰতি বাপদাদাৰ স্নেহপূৰ্ণ
স্মৰণ আৰু অন্তৰৰ আশীৰ্বাদ সহিত আন্তৰিক স্নেহ আৰু নমস্কাৰ।
দূৰণিৰ পৰা অহা পত্ৰ,
কাৰ্ড, ই-মেইল, কম্পিউটাৰ দ্বাৰা বাপদাদাই সংবাদ পালে আৰু বাপদাদাই সেই সন্তানসকলক
সন্মুখত দেখি পদমগুণ স্নেহপূৰ্ণ স্মৰণ কৰি আছে।
বৰদান:
নিজৰ পূৰ্বজ
স্বৰূপৰ স্মৃতিৰ দ্বাৰা সকলো আত্মাক শক্তিশালী কৰি তোলোঁতা আধাৰ, উদ্ধাৰমূৰ্ত হোৱা
এই সৃষ্টি বৃক্ষৰ মূল
কাণ্ড, সকলোৰে পূৰ্বজ হৈছা তোমালোক ব্ৰাহ্মণ তথা দেৱতাসকল। প্ৰত্যেক কৰ্মৰ আধাৰ,
কুল মৰ্যাদাৰ আধাৰ, ৰীতি-প্ৰথাৰ আধাৰ তোমালোক পূৰ্বজ সকলো আত্মাৰ আধাৰ আৰু
উদ্ধাৰমূৰ্ত হোৱা। তোমালোক কাণ্ডৰ দ্বাৰাহে সকলো আত্মাৰ শ্ৰেষ্ঠ সংকল্প শক্তি বা
সৰ্বশক্তি প্ৰাপ্তি হয়। তোমালোকক সকলোৱে অনুসৰণ কৰি আছে সেয়েহে ইমান ডাঙৰ
দ্বায়িত্বক বুজি প্ৰতিটো সংকল্প আৰু কৰ্ম কৰা কিয়নো তোমালোক পূৰ্বজ আত্মাসকলৰ আধাৰ
অনুসৰিয়েই সৃষ্টিৰ সময় আৰু স্থিতিৰ আধাৰ হয়।
স্লোগান:
যিয়ে সৰ্ব
শক্তিৰূপী কিৰণ চাৰিওফালে বিয়পায় তেৱেঁই মাষ্টৰ জ্ঞান সূৰ্য।
অব্যক্ত সংকেত:
সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা
তিনিটা শব্দৰ কাৰণে
নিয়ন্ত্ৰণ শক্তি, শাসন কৰাৰ শক্তি কম হৈ যায়। সেই তিনিটা শব্দ হ’ল - (1) কিয় (2) কি
(3) লাগে। এই তিনি শব্দ সমাপ্ত কৰি কেৱল এটা শব্দ কোৱা। ‘বাঃ!’ তেতিয়া নিয়ন্ত্ৰণ
শক্তি আহি যাব আৰু সংকল্প শক্তিৰ দ্বাৰা বেহদ সেৱাৰ নিমিত্ত হ’ব পাৰিবা।