27.08.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
নিজৰ সতোপ্ৰধান ভাগ্য গঢ়িবলৈ স্মৃতিত থকাৰ খুব পুৰুষাৰ্থ কৰা, সদায় যাতে স্মৃতিত
থাকে যে মই আত্মা, পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ ল’ব লাগে”
প্ৰশ্ন:
সন্তানসকলে
স্মৃতিৰ খতিয়ান ৰাখিবলৈ কিয় টান পায়?
উত্তৰ:
কিয়নো বহুত সন্তানে স্মৃতিত থকাটো যথাৰ্থ ৰূপত বুজিয়েই নাপায়। বহে স্মৰণ কৰিবলৈ আৰু
বুদ্ধি বাহিৰত ঘূৰি ফুৰে। শান্ত নহয়। তেনে সন্তানে আকৌ বায়ুমণ্ডল বেয়া কৰে। স্মৰণ
নকৰেই তেতিয়া আকৌ খতিয়ান কেনেকৈ লিখিব। যদি কোনোবাই মিছাকৈ লিখে তেতিয়া বহুত শাস্তি
খাব লাগে। সত্য পিতাক সঁচা কথা ক’ব লাগে।
গীত:
তকদিৰ জগাকৰ
আই হুঁ … (ভাগ্য উদয় কৰি আহিছোঁ…)
ওঁম্শান্তি।
আত্মিক
সন্তানসকলক তথাপিও আত্মিক পিতাই নিতৌ বুজায় যে যিমান পাৰা দেহী-অভিমানী হোৱা। নিজক
আত্মা বুলি নিশ্চয় কৰা আৰু পিতাক স্মৰণ কৰা কিয়নো তোমালোকে জানা আমি সেই বেহদৰ
পিতাৰ পৰা বেহদ সুখৰ ভাগ্য গঢ়িবলৈ আহিছোঁ। তেতিয়া হ’লে নিশ্চয় পিতাক স্মৰণ কৰিব
লাগিব। পৱিত্ৰ সতোপ্ৰধান নোহোৱাকৈ সতোপ্ৰধান ভাগ্য গঢ়িব নোৱাৰে। এইটো ভালদৰে
স্মৃতিলৈ আনা। মূল কথা হৈছে এটাই। এইটো নিজৰ ওচৰত লিখি থোৱা। বাহুত নাম লিখে নহয়।
তোমালোকেও লিখি দিয়া - মই আত্মা, বেহদৰ পিতাৰ পৰা মই উত্তৰাধিকাৰ লৈ আছোঁ কাৰণ
মায়াই পাহৰাই দিয়ে সেইকাৰণে লিখা থাকিলে বাৰে বাৰে স্মৃতিলৈ আহি থাকিব। মনুষ্যই ওঁম্
বা কৃষ্ণ আদিৰ চিত্ৰও আঁৰি থয় স্মৃতিৰ কাৰণে। এয়াতো হ’ল নতুনতকৈও নতুন স্মৃতি।
এইটোতো কেৱল বেহদৰ পিতাইহে বুজায়। ইয়াক বুজিলে তোমালোক সৌভাগ্যশালীয়েই নহয় পদম
ভাগ্যশালীও হৈ যোৱা। পিতাক নজনাৰ কাৰণে, স্মৰণ নকৰাৰ কাৰণে কঙাল হৈ গ’ল। এজনেই পিতা
যি চিৰকালৰ কাৰণে জীৱন সুখী কৰি তুলিবলৈ আহিছে। যদিও স্মৰণ কৰে কিন্তু একেবাৰে
নাজানে। বিলাতত থকাসকলেও সৰ্বব্যাপী বুলি ক’বলৈ ভাৰতবাসীৰ পৰাই শিকিলে। ভাৰতৰ পতন
হোৱা বাবে সকলোৰে পতন হ’ল। ভাৰতেই দায়বদ্ধ নিজৰ পতন আৰু সকলোৰে পতনৰ বাবে। পিতাই কয়
ময়ো ইয়াতেই আহি ভাৰতক স্বৰ্গ সত্যখণ্ড কৰি গঢ়ি তোলোঁ। এনেকুৱা স্বৰ্গ কৰি গঢ়ি
তোলাজনৰে কিমান গ্লানি কৰি দিলে। পাহৰি গ’ল সেইকাৰণে লিখা আছে “য়দা য়দাহি …..” ইয়াৰো
অৰ্থ পিতাইহে আহি বুজায়। মহিমা এজন পিতাৰেই। এতিয়া তোমালোকে জানা পিতা নিশ্চয় আহে,
শিৱজয়ন্তী পালন কৰে। কিন্তু শিৱজয়ন্তীৰ আদৰ একেবাৰে নাই। এতিয়া তোমালোক সন্তানসকলে
বুজি পোৱা যে নিশ্চয় আহি গৈছে, যাৰ জয়ন্তী পালন কৰে। সত্যযুগী আদি সনাতন দেৱী-দেৱতা
ধৰ্ম তেৱেঁই প্ৰতিষ্ঠা কৰে। বাকী সকলোৱে জানে যে আমাৰ ধৰ্ম অমুকে অমুক সময়ত
প্ৰতিষ্ঠা কৰিছিল। তাৰ পূৰ্বে আছিল দেৱী-দেৱতা ধৰ্ম। সেইটো একেবাৰে নাজানে যে এই
ধৰ্ম ক’ত হেৰাই গ’ল। এতিয়া পিতাই আহি বুজাইছে - পিতাহে সকলোতকৈ উচ্চ, আৰু অন্য কাৰো
মহিমা নাই। ধৰ্ম প্ৰতিস্থাপকৰ মহিমা কিনো হ’ব। পিতাইহে পাৱন সৃষ্টি স্থাপনা আৰু
পতিত সৃষ্টিৰ বিনাশ কৰায় আৰু তোমালোকক মায়াৰ ওপৰত বিজয়ী কৰায়। এয়া বেহদৰ কথা। ৰাৱণৰ
ৰাজ্য গোটেই বেহদৰ সৃষ্টিতে আছে। হদৰ লঙ্কা আদিৰ কথা নাই। এই হৰা-জিকাৰ কাহিনীও
গোটেই ভাৰতৰেই হয়। বাকীতো হ’ল আনুষাংগিক দৃশ্য। ভাৰততেই দ্বৈত মুকুটধাৰী আৰু একক
মুকুটধাৰী ৰজাসকল হয় আৰু যিসকল ডাঙৰ ডাঙৰ বাদশ্বাহ হৈ গ’ল, কাৰো ওপৰত
দেৱী-দেৱতাসকলৰ বাহিৰে লাইটৰ মুকুট নাথাকে। দেৱতাসকলতো তথাপিও স্বৰ্গৰ মালিক আছিল
নহয়। এতিয়া শিৱবাবাক কোৱাই হয় পৰমপিতা, পতিত-পাৱন বুলি। এওঁক লাইট ক’ত দিব। লাইট
তেতিয়া দিবলগীয়া হয় যেতিয়া লাইটবিহীনজন পতিতও হয়। তেওঁ কেতিয়াও লাইট নথকা নহয়েই।
বিন্দুৰ ওপৰত লাইটনো কেনেকৈ দিব। হ’ব নোৱাৰে। দিনে-প্ৰতিদিনে তোমালোকক বহুত গূঢ় গূঢ়
কথা বুজাই থাকে, যিয়ে যিমান বুদ্ধিত ধাৰণ কৰিব পাৰে। মুখ্য হৈছেই স্মৃতিৰ যাত্ৰা।
ইয়াত মায়াৰ বিঘিনি বহুত আহে। যদিওবা কোনোবাই স্মৃতিত থকাৰ খতিয়ান 50-60 শতাংশও লিখে
কিন্তু বুজি নাপায় যে স্মৃতিৰ যাত্ৰা কাক কোৱা হয়। সুধি থাকে - এইটো কথাক স্মৃতিত
থকা বুলি কমনে? বৰ মস্কিল। তোমালোকে ইয়াত 10-15 মিনিট বহা, সেইখিনি সময়তো বিচাৰ কৰা
- স্মৃতিত ভালদৰে আছোঁনে? বহুত আছে যি স্মৃতিত থাকিব নোৱাৰে তেতিয়া তেওঁলোকে
বায়ুমণ্ডল দূষিত কৰি দিয়ে। বহুত আছে যিয়ে স্মৃতিত নাথাকি বিঘিনিৰ সৃষ্টি কৰে। গোটেই
দিন বুদ্ধি বাহিৰত ঘূৰি থাকে। গতিকে ইয়াত শান্ত হ’ব পাৰিব জানো, সেইকাৰণে স্মৃতিৰ
খতিয়ানো নাৰাখে। মিছা লিখিলেতো আৰুহে শাস্তি খাব। বহুত সন্তানে ভুল কৰে, লুকুৱাই থয়।
সঁচা নকয়। পিতাই সোধে আৰু যদিহে সঁচা নকয় তেন্তে কিমান দোষ হৈ যায়। যিমানেই ডাঙৰ
বেয়া কাম কৰে তেতিয়াও সঁচা ক’বলৈ লাজ লাগিব। সাধাৰণতে সকলোৱে মিছা ক’ব। মিছা মায়া,
মিছা কাঁয়া ….. নহয় জানো। একেবাৰে দেহ-অভিমানত আহি যায়। সঁচা শুনোৱাতো ভালেই আৰু
শিকিবও। ইয়াত সঁচা ক’ব লাগে। জ্ঞানৰ লগতে স্মৃতিৰ যাত্ৰাৰো প্ৰয়োজন কিয়নো স্মৃতিৰ
যাত্ৰাৰ দ্বাৰাহে নিজৰ আৰু বিশ্বৰ কল্যাণ হ'বলগীয়া আছে। জ্ঞান বুজাবলৈ বহুত সহজ।
স্মৃতিত থকাটোহে পৰিশ্ৰমৰ কথা। বাকী বীজৰ পৰা বৃক্ষ কেনেকৈ ওলায়, সেয়াতো সকলোৱে জানে।
বুদ্ধিত 84ৰ চক্ৰ আছে, বীজ আৰু বৃক্ষৰ জ্ঞান আছে নহয়। পিতাতো সত্য, চৈতন্য, জ্ঞানৰ
সাগৰ হয়। তেওঁৰ জ্ঞান আছে বুজাবৰ কাৰণে। এয়া হৈছে একেবাৰে অসাধাৰণ কথা। এয়া মনুষ্য
সৃষ্টিৰ বৃক্ষ। এয়াও কোনেও নাজানে। সকলোৱে নাজানো নাজানো বুলি কৈ গৈছে। সময়সীমাকেই
নাজানে গতিকে বাকী কি জানিব। তোমালোকৰ ভিতৰতো বহুত কমসংখ্যক আছে যিয়ে যথা ৰীতিৰে
জানে, সেয়েহে আলোচনা সভাও অনুষ্ঠিত কৰে। নিজৰ নিজৰ ৰায় দিয়ে। ৰায়তো যিকোনো লোকেই
দিব পাৰে। এনেকুৱা নহয় যে যাৰ নাম আছে তেওঁহে দিব লাগে। আমাৰ নাম নাই, আমি কেনেকৈ
দিওঁ। নহয়, যাৰেই সেৱাৰ অৰ্থে কিবা ৰায় আছে, উপদেশ আছে, লিখিব পাৰা। পিতাই কয় - যি
ৰায় মনলৈ আহে সেয়া লিখিব লাগে। বাবা, এইটো যুক্তিৰে সেৱা বহুত বৃদ্ধি হ'ব পাৰে।
যিকোনোৱে ৰায় দিব পাৰে। চাম কি কি প্ৰকাৰৰ ৰায় দিছে। বাবাইতো কৈ থাকে - কি যুক্তিৰে
আমি ভাৰতৰ কল্যাণ কৰোঁ, সকলোকে বতৰা দিওঁ। নিজৰ ভিতৰত বিচাৰ কৰি উলিওৱা, লিখি পঠিওৱা।
মায়াই সকলোকে শুৱাই দিলে। পিতা আহেই তেতিয়া যেতিয়া মৃত্যু সন্মুখত আহে। এতিয়া পিতাই
কয় - সকলোৰে বানপ্ৰস্থ অৱস্থা, পঢ়া বা নপঢ়া, মৰিব নিশ্চয় লাগিব। প্ৰস্তুতি চলোৱা বা
নচলোৱা, নতুন সৃষ্টি নিশ্চয় স্থাপনা হ'ব। ভাল ভাল সন্তান যিসকল আছে তেওঁলোকে নিজৰ
প্ৰস্তুতি চলাই আছে। সুদামাৰো দৃষ্টান্ত গায়ন কৰা হয় - চাউল মুঠি লৈ আহিছিল। বাবা
মোৰো মহল প্ৰাপ্ত হ'ব লাগিব। আছেই তেওঁৰ ওচৰত চাউল মুঠি গতিকে কি কৰিব। বাবাই
মম্মাৰ উদাহৰণ দিছে - চাউল মুঠিও লৈ অহা নাছিল। পাছত কিমান উচ্চ পদ প্ৰাপ্ত কৰিলে,
ইয়াত পইচাৰ কথা নাই। স্মৃতিত থাকিব লাগে আৰু নিজৰ সমান কৰি গঢ়ি তুলিব লাগে। বাবাৰতো
কোনো মাচুল আদি নাই। বুজি পায় যে মোৰ ওচৰত পইচা আছে গতিকে কিয়নো বাৰু যজ্ঞত স্বাহা
কৰি নিদিওঁ। বিনাশতো হ'বই। সকলো ব্যৰ্থত যাব। ইয়াৰ দ্বাৰা কিবাতো সফল কৰোঁ।
প্ৰত্যেক মনুষ্যই কিবা নহয় কিবা দান-পুণ্য আদি নিশ্চয় কৰে। সেয়া হৈছে পাপ আত্মাৰ
পাপ আত্মাক কৰা দান-পুণ্য। তথাপিও তাৰ অল্পকালৰ কাৰণে ফল প্ৰাপ্ত হৈ যায়। ধৰি লোৱা
কোনোৱে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, আদি স্থাপনা কৰে, পইচা বেছি আছে, ধৰ্মশালা আদি
স্থাপন কৰি দিয়ে তেতিয়া তেওঁৰ ঘৰ আদি ভাল প্ৰাপ্ত হৈ যাব। কিন্তু তথাপিও বেমাৰ আদিতো
হ'ব নহয়। ধৰি লোৱা কোনোৱে হস্পিতাল আদি স্থাপন কৰিছিল তেতিয়া হয়তো স্বাস্থ্য ভালে
থাকিব। কিন্তু তাৰ দ্বাৰা সকলো কামনাতো সিদ্ধ নহয়। ইয়াততো বেহদৰ পিতাৰ দ্বাৰা
তোমালোকৰ সকলো কামনা পূৰ্ণ হৈ যায়।
তোমালোক পাৱন হোৱা
গতিকে সকলো পইচা বিশ্বক পাৱন কৰি তোলাত লগোৱাটো ভাল নহয়নে। মুক্তি-জীৱনমুক্তি দিয়া,
সেয়াও আধাকল্পৰ কাৰণে। সকলোৱে কয় আমি শান্তি প্ৰাপ্ত কেনেকৈ কৰিম। সেয়াতো
শান্তিধামত পোৱা যায় আৰু সত্যযুগত এটা ধৰ্ম হোৱাৰ কাৰণে তাত অশান্তি হ'ব নোৱাৰে।
অশান্তি হয় ৰাৱণৰাজ্যত। গায়নো আছে নহয় - ৰাম ৰজা ৰাম প্ৰজা....... সেয়া হৈছে অমৰলোক।
তাত অমৰলোকত মৃত্যু শব্দটি নাথাকে। ইয়াততো বহি-বহিয়েই হঠাৎ মৰি যায়, ইয়াক মৃত্যুলোক
তাক অমৰলোক বুলি কোৱা হয়। তাত মৰিবলগীয়া নহয়। পুৰণা এটা শৰীৰ এৰি পুনৰ শিশু হৈ পৰে।
ৰোগ নহয়। কিমান লাভ হয়। শ্ৰী শ্ৰীৰ মতত তোমালোক সৰ্বদা স্বাস্থ্যৱান হৈ যোৱা। গতিকে
এনেকুৱা আত্মিক সেৱাকেন্দ্ৰ কিমান খুলিব লাগে। অলপ সংখ্যকো যদি আহে সেয়াও কম জানো।
এই সময়ত কোনো মনুষ্যই ড্ৰামাৰ সময়সীমাক নাজানে। সুধিব তোমালোকক এয়া আকৌ কোনে শিকালে।
হেৰ’, আমাক শিকোৱাজন হৈছে পিতা। ইমান অনেক বি.কে. আছে। আপুনিও বি.কে.। শিৱবাবাৰ
সন্তান। প্ৰজাপিতা ব্ৰহ্মাৰো সন্তান। এওঁ (প্ৰজাপিতা ব্ৰহ্মা) হৈছে মনুষ্য মাত্ৰৰ
গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ। এওঁৰ পৰা আমি বি.কে.সকল ওলাইছোঁ। বংশাৱলী থাকে নহয়।
তোমালোকৰ দেৱী-দেৱতা কুল বহুত সুখ দিওঁতা হয়। ইয়াত তোমালোক উত্তম হৈ পুনৰ তাত
ৰাজত্ব কৰা। এয়া কাৰো বুদ্ধিত থাকিব নোৱাৰে। এইটোও সন্তানসকলক বুজোৱা হৈছে দেৱতাসকলে
এই তমোপ্ৰধান সৃষ্টিত পদাৰ্পণ কৰিব নোৱাৰে। জড় চিত্ৰৰ ছাঁ পৰিব পাৰে, চৈতন্যৰ পৰিব
নোৱাৰে। গতিকে পিতাই বুজায় - সন্তানসকল, এটাতো স্মৃতিৰ যাত্ৰাত থাকা, কোনো ধৰণৰ
বিকৰ্ম নকৰিবা আৰু সেৱাৰ যুক্তি উলিওৱা। সন্তানসকলে কয় - বাবা, আমিতো
লক্ষ্মী-নাৰায়ণৰ দৰে হ'ম। বাবাই কয় - তোমালোকৰ মুখত গোলাপ কিন্তু ইয়াৰ কাৰণে কষ্টও
কৰিব লাগিব। উচ্চ পদ পাব বিচৰা যদি নিজৰ সমানকৈ গঢ়ি তোলাৰ সেৱা কৰা। তোমালোকে এদিন
দেখিবা – এজন এজন পাণ্ডাই নিজৰ লগত 100-200 জন যাত্রীও লৈ আহিব। আগলৈ দেখি গৈ থাকিবা।
আগৰে পৰাই কিবা ক'ব পাৰি জানো। যি হৈ গৈ থাকিব সেয়া প্ৰত্যক্ষ কৰি গৈ থাকিবা।
এয়া বেহদৰ ড্ৰামা।
তোমালোকৰ হৈছে সকলোতকৈ মুখ্য ভূমিকা পিতাৰ লগত, যিহেতু তোমালোকে পুৰণি সৃষ্টিক
নতুনকৈ গঢ়ি তোলা। এয়া হৈছে পুৰুষোত্তম সংগমযুগ। এতিয়া তোমালোক সুখধামৰ মালিক হোৱা।
তাত দুখৰ নাম চিহ্নই নাথাকিব। পিতা হয়েই দুখ হৰ্তা, সুখ কৰ্তা। আহি দুখৰ পৰা মুক্ত
কৰে। ভাৰতবাসীয়ে আকৌ ভাবে ইমান ধন আছে, ডাঙৰ ডাঙৰ মহল আছে, বিজুলী আছে, বচ্ - এয়াই
স্বৰ্গ। এই সকলোবোৰ হ'ল মায়াৰ পাম্প। সুখৰ কাৰণে বহুত সাধন গোটাই লয়। ডাঙৰ ডাঙৰ মহল
ঘৰ নিৰ্মাণ কৰে আকৌ কেনেকৈ অকস্মাৎ মৃত্যু হয়, তাত মৃত্যুৰ ভয় নাই। ইয়াততো অকস্মাৎ
মৃত্যু হয় তাৰ পাছত কিমান শোক পালন কৰে। পাছত সমাধিলৈ গৈ চকুলো টুকে। প্ৰত্যেকৰে
নিজা নিজা ৰীতি-প্ৰথা আছে। অনেক মত আছে। সত্যযুগত এনেকুৱা কথা নহয়। তাততো এটা শৰীৰ
ত্যাগ কৰি অন্য এটা লয়। গতিকে তোমালোক কিমান সুখত যোৱা, তাৰ বাবে কিমান পুৰুষাৰ্থ
কৰা উচিত। প্ৰতিটো খোজতে মত লোৱা উচিত। গুৰুৰ বা স্বামীৰ মত লয় নহ’লে নিজৰ মতত
চলিবলগীয়া হয়। আসুৰিক মত কি কামত আহিব। আসুৰিকৰ ফালেই ঠেলি দিব। তোমালোকে এতিয়া
ঈশ্বৰীয় মত পোৱা, সেয়েহে উচ্চতকৈও উচ্চ বুলি গায়নো কৰা হয় - শ্ৰীমত ভগৱানুবাচ।
তোমালোক সন্তানসকলে শ্ৰীমতেৰে গোটেই বিশ্বক স্বৰ্গ কৰি গঢ়ি তোলা। সেই স্বৰ্গৰ
তোমালোক মালিক হোৱা সেয়েহে তোমালোকে প্ৰতিটো খোজতে শ্রীমত ল’ব লাগে কিন্তু যদিহে
কাৰোবাৰ ভাগ্যত নাই তেন্তে শ্রীমতত নচলে। বাবাই বুজাইছে - কাৰোবাৰ যদি নিজৰ অলপ
বুদ্ধি আছে, ৰায় আছে তেন্তে বাবালৈ পঠিয়াই দিয়া। বাবাই জানে, কোন কোন ৰায় দিয়াৰ
যোগ্য। নতুন নতুন সন্তান ওলাই থাকে। বাবাইতো জানে নহয় কোনসকল ভাল সন্তান। দোকান থকা
সকলেও ৰায় উলিয়াব লাগে - এনেকুৱা যত্ন কৰিব লাগে যাতে পিতাৰ পৰিচয় পোৱা যায়। দোকানতো
সকলোকে পিতাৰ স্মৃতি সোৱঁৰাই দিব লাগে। যেতিয়া ভাৰতত সত্যযুগ আছিল তেতিয়া এক ধৰ্ম
আছিল। ইয়াত বিতুষ্ট হোৱাৰতো কোনো কথাই নাই। সকলোৰে পিতা এজন। পিতাই কয় – মামেকম (কেৱল
মোক) স্মৰণ কৰিলে তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব। স্বৰ্গৰ মালিক হৈ যাবাগৈ।
ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শ্রীমতত
চলি গোটেই বিশ্বক স্বৰ্গ কৰি গঢ়ি তোলাৰ সেৱা কৰিব লাগে, বহুতকে নিজৰ সমান কৰি তুলিব
লাগে। আসুৰিক মতৰ পৰা নিজক সাৱধানে ৰাখিব লাগে।
(2) স্মৃতিত থকাৰ
পৰিশ্ৰমেৰে আত্মাক সতোপ্ৰধান কৰি তুলিব লাগে। সুদামাৰ দৰে যি এমুঠি চাউল আছে সেয়া
সকলো সফল কৰি নিজৰ সকলো কামনা সিদ্ধ কৰিব লাগে।
বৰদান:
একমাত্ৰ পিতা
অন্য কোনো নাই- এইটো দৃঢ় সংকল্পৰ দ্বাৰা অবিনাশী, অমৰ হোৱা
যিসকল সন্তানে এইটো
দৃঢ় সংকল্প কৰে যে একমাত্ৰ পিতা অন্য কোনো নাই... তেওঁলোকৰ স্থিতি স্বতঃ আৰু সহজে
একৰস হৈ যায়। এইটো দৃঢ় সংকল্পৰ দ্বাৰা সকলো সম্বন্ধৰ অবিনাশী তাঁৰ সংযোগ হৈ যায় আৰু
তেওঁলোকে সদায় অবিনাশী হোৱাৰ, অমৰ হোৱাৰ বৰদান প্ৰাপ্ত কৰে। দৃঢ় সংকল্প কৰিলে
পুৰুষাৰ্থতো বিশেষ ৰূপত ‘লিফ্ট’ প্ৰাপ্ত কৰে। যাৰ একমাত্ৰ পিতাৰ সৈতে সৰ্ব সম্বন্ধ
আছে তেওঁলোকৰ স্বতঃ সকলো প্ৰাপ্তি হৈ যায়।
স্লোগান:
ভবা, কোৱা আৰু কৰা এই তিনিওটা একে সমান কৰি তোলা-তেতিয়া সৰ্বোত্তম পুৰুষাৰ্থী বুলি
কোৱা হ’ব।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
যি সময়ত যিটো
সম্বন্ধৰ আৱশ্যকতা হয়, সেইটো সম্বন্ধেৰে ভগৱানক নিজৰ কৰি লোৱা। অন্তৰেৰে কোৱা “মোৰ
পিতা”, আৰু বাবাই ক’ব “মোৰ সন্তানসকল”, এই স্নেহৰ সাগৰত সমাহিত হৈ যোৱা। এই স্নেহে
ছত্ৰছায়াৰ কাম কৰে, ইয়াৰ ভিতৰলৈ মায়া আহিব নোৱাৰে, এয়াই সহজযোগী হোৱাৰ সাধন।