27.10.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – নিজৰ বুদ্ধি জ্ঞান মন্থনত ব্যস্ত কৰি ৰাখা তেতিয়া সকলো দুশ্চিন্তাৰ পৰা মুক্ত হৈ যাবা, সদায় আনন্দিত হৈ থাকিবা”

প্ৰশ্ন:
যিসকলে নিজক শিৱবাবাৰ যজ্ঞৰ সেৱক বুলি বুজে তেওঁলোকৰ লক্ষণ শুনোৱা?

উত্তৰ:
শিৱবাবাই এই ব্ৰহ্মা মুখেৰে যিয়েই ক’ব, তাক তেওঁলোকে ততালিকে মানি ল’ব। যি কয় তাক মানি চলা - ইয়াকেই শ্ৰীমত বুলি কোৱা হয়। শ্ৰী শ্ৰী শিৱবাবাৰ মতত চলিলেহে তোমালোক শ্ৰেষ্ঠ হোৱা। শ্ৰেষ্ঠ হোৱা মানে বিজয় মালাত অহা।

গীত:
ওঁম্‌ নমঃ শিৱায়ে…

ওঁম্শান্তি।
শালগ্ৰামসকলৰ প্ৰতি শিৱ ভগৱানুবাচ (ভগৱানে কয়)। আত্মিক সন্তানসকলক আত্মিক পিতাই বুজাই আছে। এতিয়া তোমালোক সন্তানসকলে জানি গৈছা যে আমি ইয়াত আত্মা বুলি বুজি বহিব লাগে। গোটেই জগতত এনেকুৱা এজনো মনুষ্য নাই চাগে যিয়ে নিজক আত্মা বুলি বুজে। আত্মা কি হয়, এইটোৱেই যিহেতু নাজানে তেন্তে পৰমাত্মাক আকৌ কেনেকৈ জানিব। পিতাৰ দ্বাৰাহে তোমালোকে আত্মাৰ বুজনি পোৱা যে মূলতঃ (আত্মা) কি বস্তু। মনুষ্যই একোৱেই নজনাৰ কাৰণে কিমান দুখী হৈ আছে। তোমালোক সন্তানসকলে জানা যে এই নাটকখনৰ বা সৃষ্টি ৰূপী কল্প বৃক্ষৰ আয়ুস 5 হাজাৰ বছৰ। যেনেদৰে আমৰ গুটি, সেইটো চৈতন্য হোৱা হ’লে বুজালেহেঁতেন যে মই বীজ হওঁ, মোৰ পৰা এই বৃক্ষ এনেকৈ উৎপত্তি হ’ল। কিন্তু সেয়া হৈছে জড়। চৈতন্য বৃক্ষ এজোপাই। আৰম্ভণিৰ পৰা শেষলৈকে এই গোটেই বৃক্ষৰ জ্ঞান তোমালোকে পাইছা। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি বুজিব পাৰা। পিতাই কয় - মই এই মনুষ্য সৃষ্টিৰ বীজ সত্য, চৈতন্য, আনন্দ স্বৰূপ হওঁ। মোক জ্ঞানৰ সাগৰ বুলি কোৱা হয়। এয়া নিৰাকাৰজনৰ বাবে কৰা মহিমা। তোমালোকে জানা পিতাৰ এই মহিমা সকলোতকৈ অনন্য। মনুষ্যইতো পিতাৰ মহিমাক একেবাৰেই নাজানে। যদিওবা এই লক্ষ্মী-নাৰায়ণ আদি দেৱতা হয় তেওঁলোকৰো এই জ্ঞান নাই। এই নাটকৰ জ্ঞান তোমালোকে পাইছা। তোমালোকে জানা এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে আকৌ দেৱতা হ’লে তেতিয়া এই জ্ঞান নাথাকিব। আচৰিত নহয় জানো। তোমালোক এই নাটকৰ ভাৱৰীয়া হোৱা নহয় জানো। তোমালোকৰ ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। বাকী শূদ্ৰ বৰ্ণৰো, দেৱতা বৰ্ণৰো এই জ্ঞান নাই। এনেকুৱা নহয় যে জ্ঞানৰ পৰম্পৰা চলে। যেনেদৰে উৎসৱৰ বাবে কোৱা হয় পৰম্পৰাগতভাৱে চলি আহিছে। এতিয়া তোমালোকে বুজি পোৱা সত্যযুগততো এই উৎসৱবোৰক কোনেও নাজানেই। তাত একোৱেই স্মৃতিত নাথাকিব। তাততো ৰাজত্ব কৰে। তোমালোকৰ প্ৰত্যেকৰে বুদ্ধিৰ তলা খুলি গৈছে। মুখ্য সৃষ্টি কৰ্তা, নিৰ্দেশক, মুখ্য ভাৱৰীয়াক তোমালোকে জানা। তোমালোকে কিমান ভাল জ্ঞান পোৱা, যিসকলে এই জ্ঞানক নাজানে, তেওঁলোক হৈছে অবুজ। তোমালোকো অবুজ আছিলা। এতিয়া দেৱতা হৈ আছা। এই জ্ঞান যাৰ বুদ্ধিত নিগৰি থাকিব (মন্থন চলি থাকিব) তেওঁ অপাৰ আনন্দিত হ’ব। তোমালোকৰ বাহিৰে অন্য কোনো নাই যিয়ে এই জ্ঞান বুজিব পাৰে। ঈশ্বৰ পিতাকেই বিশ্বৰ সৰ্বশক্তিমান হৰ্তা-কৰ্তা, জ্ঞানপূৰ্ণ বুলি কোৱা হয়, কিহৰ জ্ঞান আছে? সকলো বেদ শাস্ত্ৰ, সৃষ্টিৰ আদি, মধ্য, অন্তৰ জ্ঞান তেওঁৰ আছে। শাস্ত্ৰসমূহতো ৰচয়িতা আৰু ৰচনাৰ জ্ঞান নাই, সেইবাবেতো ঋষি মুনি আদিয়ে কৈ আহিছে আমি ৰচয়িতা আৰু ৰচনাক নাজানোঁ। বুজাওঁতাজন যিহেতু এজনেই তেন্তে আকৌ অন্য কোনোবাইনো কেনেকৈ জানিব পাৰিব। এই জ্ঞান তোমালোক সন্তানসকলৰ বাহিৰে আন কোনেও দিব নোৱাৰে। তোমালোকক দিওঁতাজন আকৌ হৈছে পিতা। তেওঁ কিমান উচ্চ জ্ঞানেৰে পৰিপূৰ্ণ। তোমালোকে কিমান পদমৰ্যাদা প্ৰাপ্ত কৰা। কিমান আনন্দিত হ’ব লাগে। আমি বেহদৰ পিতাৰ সন্তান। বুদ্ধি জ্ঞানেৰে পৰিপূৰ্ণ হ’ব লাগে। এনেকুৱা কোনো বস্তু নাই যাক তোমালোকে নাজানা। এতিয়া তোমালোক মাষ্টৰ জ্ঞানপূৰ্ণ হৈ গৈ আছা। যিসকল আত্মা তমোপ্ৰধান হৈ গৈছে তেওঁলোকে পিতাক স্মৰণ কৰি কৰি সতোপ্ৰধান হৈ যাব। ক্ৰমানুসৰিতো হয় নহয় জানো। কাৰোবাৰ হয়তো তমোৰ পৰা ৰজো বুদ্ধি হৈছে, কাৰোবাৰ হয়তো ৰজোৰ পৰা সতো বুদ্ধি হৈছে। এতিয়া কাৰোৱেই বুদ্ধি সতোপ্ৰধান হোৱা নাই। যেতিয়া সতোপ্ৰধান হৈ যাব তেতিয়া তোমালোকৰ কৰ্মাতীত অৱস্থা হৈ যাব। তেতিয়া আকৌ ৰাজত্ব কৰিবৰ বাবে নতুন সৃষ্টি লাগিব। এই যজ্ঞ যেতিয়া পূৰা হয় তেতিয়া ইয়াত গোটেই পুৰণি সৃষ্টিৰ আহুতি পৰে। আকৌ পঢ়াও সম্পূৰ্ণ হৈ যায় – পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। যেনেদৰে বিদ্যালয়ত বিদ্যাৰ্থীয়ে বুজি পায় আমি এই পৰীক্ষাত উত্তীৰ্ণ হৈ আকৌ পৰৱৰ্তী শ্ৰেণীলৈ স্থানান্তৰ হ’মগৈ। তোমালোকৰো যেতিয়া কৰ্মাতীত অৱস্থা হ’ব তেতিয়া এই মৃত্যুলোকৰ পৰা স্থানান্তৰ হৈ অমৰপুৰীলৈ গুচি যাবাগৈ। তোমালোকে জানা – এতিয়া ইয়াৰ পৰা স্থানান্তৰ হ’ব লাগে। পৱিত্ৰ হৈ অমৰলোকলৈ গুচি যামগৈ। আচলতে আমি শান্তিধামৰ নিবাসী আছিলোঁ পুনৰ ভূমিকা পালন কৰি কৰি অমৰলোকৰ পৰা আহি মৃত্যুলোক পালোহি। গতিকে এই গোটেই জ্ঞান বুদ্ধিত থাকিলে আনন্দিত হৈ থাকিবা। জ্ঞানৰ বাহিৰে অন্য একোৱেই বুদ্ধিলৈ নাহিব। এতিয়া আমি পঢ়ি নতুন সৃষ্টিৰ মালিক হ’মগৈ, এইটোও বুজাব লাগে। ইয়াত আছেই পতিতসকল। দেৱতাতো কোনো নাই। মনুষ্যৰ পৰা দেৱতা কৰি কোনে গঢ়ি তুলিব? পিতাইহে গঢ়িব পাৰে। এতিয়া তোমালোকে বুজাব পাৰা যথাযথ স্বৰ্গ আছিল, য’ত লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল। তাৰ স্থাপনা কোনে কৰিলে? স্বৰ্গীয় ঈশ্বৰ পিতাই স্বৰ্গ স্থাপন কৰিলে। য’ত দেৱী-দেৱতাসকলে ৰাজত্ব কৰিব তেতিয়া অন্য কোনো ধৰ্ম নাথাকিব। এইখন বিশাল বেহদৰ (অসীমৰ) নাটক। তোমালোক চৈতন্য হোৱা নহয় জানো। জানা এই বৃক্ষজোপাৰ বীজ ওপৰত আছে। পিতাও অবিনাশী হয়। তোমালোকো অবিনাশী হোৱা। এতিয়া গোটেই বৃক্ষজোপাই জৰাজীৰ্ণ অৱস্থা পাইছে। এই সময়ত সকলো মনুষ্য কাঁইটৰ দৰে হৈ গৈছে। কাঁইটৰ জংঘল হয় নহয় জানো। সকলো ইজনে সিজনক দুখ দিওঁতা। পিতাহে বাগিচাৰ মালিক, তেওঁক নাৱৰীয়া বুলিও কোৱা হয়। তোমালোকেও নাও চলাবলৈ শিকি আছা। প্ৰত্যেকৰে নাও কেনেকৈ পাৰ হ’ব, সেয়া তোমালোকক বহি বুজায়। নাও কোনো শৰীৰ নহয়। নাও আত্মা আৰু শৰীৰ দুয়োটা বস্তুৰে গঠিত। গায়নো কৰে মোৰ নাও পাৰত লগাওঁক। এতিয়া আত্মাও পতিত সেয়েহে শৰীৰো পতিত। এতিয়া পাৰ কেনেকৈ হ’ব, আৰু কোনফালে যাব? এতিয়া তোমালোকে মূলবতন, সূক্ষ্মবতন… সত্যযুগৰপৰা কলিযুগলৈকে সকলো ৰহস্যক জানি গৈছা। তথাপিও বুদ্ধিত এয়া কিয় নাথাকে! তোমালোকে কিয় পাহৰি যোৱা? সদায় বুদ্ধিত এয়া নিগৰি থাকিলে (মন্থন চলি থাকিলে) তোমালোক আনন্দিত হৈ থাকিবা, দুশ্চিন্তাৰ পৰা মুক্ত হৈ যাবা।

তোমালোকে জানা বাবাৰ আগমন হৈছে, আমাক লৈ যাবৰ বাবে। পিতাৰ যি জ্ঞান আছে সেয়া আমাক দি আছে। এইবোৰ হৈছে একেবাৰে নতুন কথা, যিবোৰ পিতাৰ বাহিৰে অন্য কোনেও বুজাব নোৱাৰে। নিৰাকাৰ পিতাই সাকাৰৰ দ্বাৰা শুনায়। তোমালোকেও এই শৰীৰৰ দ্বাৰা শুনা। গতিকে পিতাই তোমালোক সন্তানসকলকো নিজৰ সমান কৰি গঢ়ি তোলে। যি পিতাৰ মহিমা সেয়া তোমালোকৰো হ’ব লাগে। কোনো প্ৰভেদ নাই। কেৱল পিতাই কয় - মই জন্ম-মৃত্যুত নাহোঁ, তোমালোক জন্ম-মৃত্যুত আহা। তোমালোকে মোক কোৱা জ্ঞানৰ সাগৰ, সুখৰ সাগৰ - সেয়েহে নিশ্চয় মই তোমালোকক জ্ঞান দিম, কল্পই কল্পই দিওঁ। তোমালোকে বুজি পাই গৈছা যথাযথ 84 ৰ চক্ৰ ভোগ কৰি এতিয়া আমি অন্তিমত আছোঁ। আকৌ পিতাই আমাক প্ৰথম নম্বৰত লৈ যায়। এয়া জ্ঞান নহয় জানো। জ্ঞানেই হৈছে উপাৰ্জনৰ উৎস। যিয়ে যিমান পঢ়ে, তেওঁৰ সিমান উপাৰ্জন হয়। এয়া জ্ঞানো হয়, বেপাৰো হয়। তোমালোকে বাবাক আৱৰ্জনা দিয়া। যেতিয়া কাৰোবাৰ মৃত্যু হয় তেতিয়া তেওঁৰ সকলো পুৰোহিতক দি দিয়ে নহয় জানো। ইয়াত তোমালোকে জীৱন্তে দিব লাগে। বাস্তৱত এতিয়াৰ কথা। পিতাই কয় – তোমালোকৰ লগত যি কিছু আছে, মৃত্যুৰ আগতে দি দিয়া। তোমালোক নিমিত্ত হৈ যোৱা। নহ’লে তোমালোকৰ ওচৰত যিখিনি থাকি যাব সেয়া অন্তিমত স্মৃতিলৈ আহিব। যেনেদৰে কোনোবা ধনৱান ব্যক্তি হ’লে তেওঁ (এই) জ্ঞান নল’ব। তেওঁৰ চহকী অৱস্থাও এটা জন্মৰ বাবে নহয় জানো। শৰীৰতো ত্যাগ কৰিবই, গম পোৱা নাযায় কৰ্ম অনুসৰি ক’ত গৈ জন্ম ল’বগৈ। তোমালোকে জানা আমি এতিয়া যিমান পুৰুষাৰ্থ কৰিম সিমান প্ৰালদ্ধ পাম। এই সময়ত সকলো হৈছে পাৰ্থিৱ সেৱা কৰোঁতা। আত্মিক সেৱাক কোনেও নাজানেই। পৰম আত্মা আহি তোমালোকক জ্ঞান বুজায়। তেওঁ হৈছে সুখৰ সাগৰ, দুখ হৰ্তা, সুখ কৰ্তা। তেওঁৰ শিৱ জয়ন্তীও পালন কৰে, কিন্তু বুদ্ধিত ধাৰণ নহয়। এতিয়া তোমালোকৰ বুদ্ধিত এইটো জ্ঞান আছে যে বাবা আকৌ 5 হাজাৰ বছৰৰ পাছত আহি আমাক (জ্ঞান) শুনাব। যদি সত্যযুগত এই জ্ঞান নাথাকে তেন্তে কলিযুগত আকৌ ক’ৰ পৰা আহিব। জগতত এইটো কোনেও নাজানে যে লক্ষ্মী-নাৰায়ণৰ মন্দিৰ আমি কিয় নিৰ্মাণ কৰোঁ। এওঁলোক কোন আছিল, এওঁলোকক এই ৰাজ্য কোনে দিলে? এয়া কৰ্মৰ ফল নহয় জানো। পিতাই বহি এতিয়া তোমালোকক কৰ্ম, অকৰ্ম, বিকৰ্মৰ গতি বুজায়। ভগৱানুবাচ হয় নহয় জানো। গীতাৰ দ্বাৰাই আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা হয়। তাত মনুষ্য কম সংখ্যক থাকে। বাকী সকলোৱে হয়তো নিশ্চয় মুক্তি প্ৰাপ্ত কৰে। মহাভাৰতৰ যুদ্ধৰ বিষয়েও লিখা আছে, বহুত বিপদ-বিঘিনি আহিব। প্ৰাকৃতিক দুৰ্যোগ হ’ব। পুৰণি সৃষ্টি শেষ হৈ যাব। এয়া সেয়াই বোমা, ক্ষেপণাস্ত্ৰ, এয়া সেয়াই বিনাশৰ সময় যেতিয়া ভগৱান আহি ৰুদ্ৰ জ্ঞান যজ্ঞ ৰচিছিল, যাৰ দ্বাৰা বিনাশ জ্বালা প্ৰজ্বলিত হ’ল। ভগৱানে যজ্ঞ ৰচনা কৰে সুখ-শান্তিৰ বাবে। বাকী দুখ অশান্তিৰ নিশ্চয় বিনাশ হ’ব লাগে। এই ঈশ্বৰীয় জ্ঞান যজ্ঞত গোটেই সৃষ্টি স্বাহা হৈ যাব (আহুতি যাব)। এই কথাবোৰ তোমালোকৰ বুদ্ধিত আছে।

আমি ব্ৰাহ্মণ। এই শিৱবাবাৰ যজ্ঞত আমি ব্ৰাহ্মণসকল সেৱক হওঁ। আমি হৈছো সঁচা মুখ বংশাৱলী ব্ৰাহ্মণ। তোমালোক সন্তানসকলক পিতাই মুখেৰে যি কয় সেয়া মানিব লাগে। আমি শ্ৰীমততহে চলিব লাগে। এইটোও তোমালোকে জানা শ্ৰী শ্ৰী শিৱবাবাৰ মতত আমি শ্ৰেষ্ঠ হৈ মালাৰ মনি হ’মগৈ। মালাৰ মনি বুলি কোৱা হয় বংশবৃক্ষক। বংশবৃক্ষ থাকে নহয় আকৌ বাঢ়ি গৈ থাকে। বাবাই নিজে বংশবৃক্ষ ৰচিছে, এয়াও বংশবৃক্ষ। ওপৰত আছে নিৰাকাৰী শিৱবাবা, তাৰপাছত আছে আত্মাসকল। নিৰাকাৰী বংশবৃক্ষ আকৌ সাকাৰী হয়। প্ৰথম নম্বৰত আছে প্ৰজাপিতা, তেওঁ পাৰ্থিৱ, তেওঁ আত্মিক। আত্মিক পিতা আহি প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা (ৰচনা) ৰচে। কয়ো পতিত সৃষ্টিলৈ আহি পাৱন কৰি তোলক। প্ৰলয়তো কেতিয়াও নহয়। বিশ্বৰ ইতিহাস-ভূগোল পুনৰাবৃত্তি হয়। পুৰণি সৃষ্টিয়েই আকৌ নতুন সৃষ্টি হয়। এতিয়া তোমালোকে নতুন সৃষ্টিৰ বাবে পুৰুষাৰ্থ কৰি আছা। এই বেহদৰ জ্ঞান বেহদৰ পিতাইহে দিয়ে। হদৰ (লৌকিকৰ; সীমিত) উত্তৰাধিকাৰ থকা সত্ত্বেও বেহদৰ পিতাক স্মৰণ কৰে। ‘হে ভগৱান’ বুলি কয় নহয় জানো। যেতিয়া কাৰোবাৰ মৃত্যুৰ সময় হয় তেতিয়া কয় - ঈশ্বৰ পিতাক স্মৰণ কৰা তেন্তে দুজন পিতাৰ কথাটি সিদ্ধ হ’ল নহয় জানো। সকলো আত্মা ভাই ভাই হয়। আত্মাইহে আহ্বান কৰে - হে দুখ হৰ্তা, সুখ কৰ্তা, হে মুক্তিদাতা আহক, আমাক ঘৰলৈ যাবলৈ মাৰ্গ-দৰ্শন কৰক। ঘৰ আমাৰ স্মৃতিত আছে কিন্তু যাব নোৱাৰো কিয়নো মায়াই পাখি ভাঙি দিছে। কোনেও ঘৰলৈ উভতি যাব নোৱাৰে। এতিয়া তোমালোকে নিজৰ জ্যোতি নিজেই প্ৰজ্বলিত কৰিব লাগে। পিতাক স্মৰণ কৰিলে ঘিউ পৰি যাব। জ্যোতি একেবাৰে নুমাই যাব নোৱাৰে। কোনোবা মৰিলে তেতিয়া বন্তি প্ৰজ্বলন কৰে। বিশেষভাৱে তাত এজনক নিয়োগ কৰে যে ইয়াত ঘিউ ঢালি থাকিবা, নহ’লে অন্ধকাৰ হৈ যাব। এতিয়াতো তোমালোকে যোগবলৰ দ্বাৰা ঘিউ ঢালিব লাগে তেতিয়া ঘোৰ অন্ধকাৰৰ পৰা আলোক, দীপ মালা হৈ যাব। দীপমালা সত্যযুগত হ’ব। ইয়াত নহয়। যিবোৰ উৎসৱ পালন কৰা হয়, সেইবোৰৰো ৰহস্য তোমালোকে বুজিছা। তেওঁলোকেতো একোৱেই বুজি নাপায়। তথাপিও বুজোৱা হয় এই ৰাখী আদি (উৎসৱ) হৈছে পৱিত্ৰতাত থাকিবৰ বাবে। মনুষ্যক জ্ঞানৰ বেজি এনেকুৱা যুক্তিৰে দিব লাগে যাতে অনুভৱ কৰে যে যথাযথ আমিতো ভ্ৰষ্টাচাৰী। পিতাইহে শ্ৰেষ্ঠাচাৰী কৰি তোলে। পিতাই কয় – মনমনাভৱ - তেতিয়া তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। যুক্তিৰে কাঁড় মাৰিব লাগে (প্ৰভাৱিত কৰিব লাগে), কথা কোৱাৰ শক্তি লাগে। এতিয়া তোমালোকে সৰ্বশক্তিমান পিতাৰ পৰা শক্তি আহৰণ কৰি মায়াৰ ওপৰত জয়ী হোৱা। আকৌ তোমালোকে ৰাজ্য-ভাগ্য পাব পাৰা, পিতাৰ বাহিৰে অন্য কোনেও জয়ী কৰি তুলিব নোৱাৰে। পিতাই কয় চোৱা - সন্তানসকল তোমালোকক কিহৰ পৰা কি কৰি তোলোঁ। এতিয়া এনেকুৱা পিতাক নিৰন্তৰ স্মৰণ নিশ্চয় কৰিব লাগে তেতিয়া বিকৰ্ম বিনাশ হ’ব। পিতাই কয় — মামেকম্ (কেৱল মোক, পৰমপিতাক) স্মৰণ কৰিলে তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। যেনেকুৱা চিন্তন কৰা যায় তেনেকুৱা হৈ যায়, সেয়েহে পিতাই কয় মোক স্মৰণ কৰি কৰি তোমালোকো (মোৰ দৰে) হৈ যাবা। স্মৃতিৰ দ্বাৰা বিকৰ্মও বিনাশ হ’ব আৰু নিজৰ ঘৰলৈ উভতি যাবাগৈ। এই জ্ঞান হৈছে উপাৰ্জনৰ উৎস। স্বাস্থ্য সম্পদ থাকিলে তেতিয়া আনন্দও থাকে। তাত কিমান দীঘলীয়া আয়ুস হয়। যোগেশ্বৰ বুলি কৃষ্ণক কোৱা নহ’ব। যোগেশ্বৰ তোমালোক। ঈশ্বৰে তোমালোকক যোগ শিকাই আছে। এয়া হৈছে ৰাজযোগ। যোগযুক্ত হৈ তোমালোকে ৰাজ্য-ভাগ্য প্ৰাপ্ত কৰা। ঈশ্বৰে তোমালোকক যোগ শিকাই বাদশ্বাহীৰ উত্তৰাধিকাৰ দিয়ে। তোমালোকক ৰাজ্য কোনে দিলে? পিতাই। পিতাই কয় – ‘অল্ফ’ক (পৰমপিতাক) স্মৰণ কৰা। পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিলে তেতিয়া পাপ খণ্ডন হৈ গৈ থাকিব। এইটোতো বৰ সহজ। তোমালোকৰ বুদ্ধিত কিমান জ্ঞান আছে। ভগৱানৰ সন্তান মাষ্টৰ ভগৱান হোৱা। পিতাৰ ওচৰতে জানো বহি যাব লাগে। আমিতো ভূমিকা পালন কৰিব লাগে, এই ক্ষেত্ৰত দেহী-অভিমানী হ’ব লাগে। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাই যি জ্ঞান দিয়ে, সেয়াই সদায় মন্থন কৰিব লাগে। যুক্তিৰে বাৰ্তালাপ কৰিব লাগে। বহুত মৰমেৰে বুজাব লাগে।

(2) নিজৰ ওচৰত যি কিছু আছে সেয়া জীৱন্তে পিতাক দি নিমিত্ত হৈ এক পিতাক স্মৰণ কৰিব লাগে।

বৰদান:
দেহ-অভিমানৰ ‘মই’ বোধ সম্পূৰ্ণৰূপে আহুতি দি ধাৰণাস্বৰূপ হোৱা

যেতিয়া সংকল্প আৰু সপোনতো দেহ-অভিমানৰ ‘মই’ বোধ নাথাকে, অনাদি আত্মিক স্বৰূপৰ স্মৃতি থাকে আৰু ‘বাবা বাবা’ ধ্বনি নিৰন্তৰ নিৰ্গত হৈ থাকে, তেতিয়া ধাৰণাস্বৰূপ, সঁচা ব্ৰাহ্মণ বুলি কোৱা হ’ব। ‘মই’ বোধ অৰ্থাৎ পুৰণি স্বভাৱ আৰু সংস্কাৰ ৰূপী সৃষ্টি যেতিয়া তোমালোক ব্ৰাহ্মণসকলে এই মহাযজ্ঞত স্বাহা কৰিবা, তেতিয়া এই পুৰণি সৃষ্টিৰ আহুতি হ’ব। গতিকে, যেনেকৈ যজ্ঞ ৰচনা কৰাৰ নিমিত্ত হৈছা, তেনেকৈ এতিয়া অন্তিম আহুতি দি সমাপ্তিৰো নিমিত্ত হোৱা।

স্লোগান:
নিজৰ পৰা, সেৱাৰ পৰা আৰু সকলোৰে পৰা সন্তুষ্টতাৰ প্ৰমাণ-পত্ৰ লাভ কৰাটোৱেই সিদ্ধিস্বৰূপ হোৱা।


অব্যক্ত ইংগিত: পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰা:

যোগী জীৱনৰ উচ্চ লক্ষ্যত উপনীত হোৱা আত্মা, নিন্দাক প্ৰশংসালৈ, গ্লানিক গুণ-গৰিমালৈ, প্ৰত্যাখ্যানক সৎকাৰলৈ, অপমানক স্ব-অভিমানলৈ আৰু অপকাৰক উপকাৰলৈ পৰিৱৰ্তন কৰি পিতাৰ সমান সদায় বিজয়ী, অষ্টৰত্ন আৰু ভক্তসকলৰ ইষ্টদেৱ হোৱা। এইটো ভাৱনা নাৰাখিবা যে, এৱোঁতো অলপ পৰিৱৰ্তন হওক, তেতিয়া মই পৰিৱৰ্তন হ’ম। এয়া হৈছে লোৱাৰ ভাৱনা। মই প্ৰকম্পন দিব লাগে। মই দয়াশীল হ’ব লাগে। মই গুণ আৰু শক্তিৰে সহযোগ দিব লাগে। এই ক্ষেত্ৰত মাষ্টৰ দাতা আৰু উদাৰচিত্ত হোৱা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]