27.12.25 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“তোমালোকৰ দুখৰ দিন এতিয়া পূৰা হ’ল, তোমালোক এতিয়া এনেকুৱা সৃষ্টিলৈ গৈ আছাঁ য'ত
কোনো অপ্ৰাপ্ত বস্তু নাই ”
প্ৰশ্ন:
কোন দুটি
শব্দৰ ৰহস্য তোমালোকৰ বুদ্ধিত থকাৰ বাবে পুৰণি সৃষ্টিৰ প্ৰতি বেহদৰ বৈৰাগ্য জন্মিছে?
উত্তৰ:
অৱৰোহণ কলা আৰু আৰোহণ কলাৰ ৰহস্য তোমালোকৰ বুদ্ধিত আছে। তোমালোকে জানা যে আধাকল্প
আমি অৱনমিত হৈ আহিলোঁ, এতিয়া হৈছে আৰোহণ কৰাৰ সময়। পিতা আহিছে নৰৰ পৰা নাৰায়ণ কৰি
তোলাৰ সত্য জ্ঞান দিবলৈ। আমাৰ বাবে এতিয়া কলিযুগ পূৰা হ’ল, নতুন সৃষ্টিলৈ যাব লাগে
সেইবাবে ইয়াৰ প্ৰতি বেহদৰ বৈৰাগ্য জন্মিছে।
গীত:
ধীৰজ ধৰ মনুৱা…...
(ধৈৰ্য ধৰা মন……)
ওঁম্শান্তি।
অতি মৰমৰ
আত্মিক সন্তানসকলে গীতটি শুনিলে। আত্মিক পিতাই বহি বুজায় - এইটো এটাই পুৰুষোত্তম
সংগমযুগ যেতিয়া কল্পই কল্পই পিতা আহি আত্মিক সন্তানসকলক পঢ়ায়। ৰাজযোগ শিকায়। পিতাই
আত্মিক সন্তানসকলক কয় - মন অৰ্থাৎ আত্মা, হে আত্মা ধৈৰ্য ধৰা। আত্মাসকলৰ সৈতে কথা
পাতে। এই শৰীৰৰ মালিক হৈছে আত্মা। আত্মাই কয় - মই অবিনাশী আত্মা, মোৰ এই শৰীৰ বিনাশী।
আত্মিক পিতাই কয় - মই এবাৰেই কল্পৰ সংগমত আহি তোমালোক সন্তানসকলক ধৈৰ্য ধৰিবলৈ কওঁ
যে এতিয়া সুখৰ দিন আহি আছে। এতিয়া তোমালোক দুখধাম ৰৌৰৱ নৰকত আছা। কেৱল তোমালোকেই
নহয় গোটেই সৃষ্টি ৰৌৰৱ নৰকত আছে, তোমালোক যিসকল মোৰ সন্তান হৈছা, ৰৌৰৱ নৰকৰ পৰা
ওলাই স্বৰ্গলৈ গৈ আছা। সত্যযুগ, ত্ৰেতা, দ্বাপৰ অতীত হৈ গ’ল। কলিযুগো তোমালোকৰ বাবে
অতীত হৈ গ’ল। তোমালোকৰ বাবে এয়া পুৰুষোত্তম সংগমযুগ যেতিয়া তোমালোক তমোপ্ৰধানৰ পৰা
সতোপ্ৰধান হোৱা। আত্মা যেতিয়া সতোপ্ৰধান হৈ যাব তেতিয়া এই শৰীৰো ত্যাগ কৰিব।
সতোপ্ৰধান আত্মাক সত্যযুগত নতুন শৰীৰ লাগে। তাত সকলোবোৰ নতুন হয়। পিতাই কয় -
সন্তানসকল এতিয়া দুখধামৰ পৰা সুখধামলৈ যাব লাগে, তাৰ বাবে পুৰুষাৰ্থ কৰিব লাগে।
সুখধামত এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল। তোমালোকে নৰৰ পৰা নাৰায়ণ হ’বলৈ পুৰুষাৰ্থ
কৰি আছা। এয়া সত্য নৰৰ পৰা নাৰায়ণ হোৱাৰ জ্ঞান। ভক্তিমাৰ্গত প্ৰত্যেক পূৰ্ণিমাত
আখ্যান শুনি আহিছা, কিন্তু সেয়া হয়েই ভক্তিমাৰ্গ। তাক সত্যমাৰ্গ বুলি কোৱা নহ’ব,
জ্ঞানমাৰ্গ হৈছে সত্যমাৰ্গ। তোমালোকে ছিৰি নামি নামি মিছা খণ্ডলৈ আহিলা। এতিয়া
তোমালোকে জানা যে সত্য পিতাৰ পৰা আমি এই জ্ঞান আহৰণ কৰি 21 জন্ম দেৱী-দেৱতা হ'মগৈ।
আমি আছিলোঁ, পুনৰ ছিৰি নামি আহিলোঁ। অৱৰোহণ আৰু আৰোহণ কলাৰ ৰহস্য তোমালোকৰ বুদ্ধিত
আছে। আহ্বানো জনায় বাবা আহি আমাক পাৱন কৰি তোলক। একমাত্ৰ পিতাই হৈছে পাৱন কৰি
তোলোঁতা। পিতাই কয় – সন্তানসকল, তোমালোক সত্যযুগত বিশ্বৰ মালিক আছিলা। বহুত ধনৱান,
বহুত সুখী আছিলা। এতিয়া বাকী অলপ সময় আছে। পুৰণি সৃষ্টিৰ বিনাশ সমাগত। নতুন সৃষ্টিত
এক ৰাজ্য, এক ভাষা আছিল। তাক কোৱা হয় অদ্বৈত ৰাজ্য। এতিয়া কিমান খণ্ড আছে, অনেক ভাষা
আছে। যেনেকৈ মনুষ্যৰ বৃক্ষ বাঢ়ি গৈ থাকে, ভাষাৰো বৃক্ষ বৃদ্ধি হৈ গৈ থাকে। পুনৰ এক
ভাষা হ'ব। গায়নো আছে নহয় যে বিশ্বৰ বুৰঞ্জী-ভূগোলৰ পুনৰাবৃত্তি। মনুষ্যৰ বুদ্ধিত
ধাৰণ নহয়। পিতাইহে দুখৰ পুৰণি সৃষ্টি পৰিৱৰ্তন কৰি সুখৰ নতুন সৃষ্টি স্থাপনা কৰে।
লিখা আছে প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা দৈৱী ধৰ্মৰ প্ৰতিষ্ঠা। এয়া হ'ল ৰাজযোগৰ পঢ়া। এই
জ্ঞান যি ‘গীতা’ত লিখা আছে, পিতাই যি সন্মুখত শুনালে সেয়া আকৌ মনুষ্যই ভক্তিমাৰ্গৰ
বাবে বহি লিখিছে, যাৰ দ্বাৰা তোমালোক অৱনমিত হৈ আহিছা। এতিয়া ভগৱানে তোমালোকক পঢ়ায়
আৰোহণ কৰাবৰ বাবে। ভক্তিক কোৱাই হয় অৱৰোহণ কলাৰ মাৰ্গ। জ্ঞান হৈছে আৰোহণ কলাৰ মাৰ্গ।
এইটো বুজাবলৈ তোমালোকে ভয় নকৰিবা। যদিও এনেকুৱা লোকো আছে যিয়ে এই কথাবোৰ নুবুজাৰ
বাবে বিৰোধ কৰিব, শাস্ত্ৰবাদ কৰিব। কিন্তু তোমালোকে কাৰো সৈতে শাস্ত্ৰবাদ কৰিব
নালাগে। তোমালোকে ক'বা - শাস্ত্ৰ, বেদ, উপনিষদ বা গংগা স্নান কৰা, তীৰ্থ আদিলৈ যোৱা
এই সকলোবোৰ ভক্তিকাণ্ড। ভাৰতত ৰাৱণ যথাযথ আছে যাৰ প্ৰতিকৃতি দাহ কৰে। সাধাৰণতে
অল্পকালৰ বাবে শত্ৰুৰ প্ৰতিকৃতি দাহ কৰে। এই একমাত্ৰ ৰাৱণৰহে প্ৰতিকৃতি প্ৰত্যেক
বছৰে দাহ কৰি থাকে। পিতাই কয়- তোমালোক স্বৰ্ণিমযুগী বুদ্ধিৰ পৰা লৌহযুগী বুদ্ধিৰ হৈ
গৈছা। তোমালোক কিমান সুখী আছিলা। পিতা আহেই সুখধাম স্থাপন কৰিবলৈ। আকৌ পাছত যেতিয়া
ভক্তিমাৰ্গ আৰম্ভ হয় তেতিয়া দুখী হৈ যায়। পুনৰ সুখদাতাক স্মৰণ কৰে, সেয়াও নাম মাত্ৰ
কিয়নো তেওঁক নাজানে। ‘গীতা’ত নাম সলনি কৰি দিছে। পোন-প্ৰথমে তোমালোকে এইটো বুজোৱা
যে উচ্চতকৈও উচ্চ ভগৱান এজনেই, স্মৰণো তেওঁক কৰিব লাগে। এজনক স্মৰণ কৰা তাকেই
অব্যভিচাৰী স্মৃতি, অব্যভিচাৰী জ্ঞান বুলি কোৱা হয়। তোমালোক এতিয়া ব্ৰাহ্মণ হৈছা
গতিকে ভক্তি নকৰা। তোমালোকৰ জ্ঞান আছে। পিতাই পঢ়ায় যাৰ দ্বাৰা আমি এই দেৱতা হওঁ,
দৈৱীগুণো ধাৰণ কৰিব লাগে সেইকাৰণে বাবাই কয় - নিজৰ খতিয়ান ৰাখা তেতিয়া গম পাবা মোৰ
কোনো আসুৰিক অৱগুণতো নাই। দেহ-অভিমান হৈছে প্ৰথম অৱগুণ তাৰপাছত শত্ৰু হৈছে কাম।
কামৰ ওপৰত জয়ী হ’লেহে তোমালোক জগতজিৎ হ’বা। তোমালোকৰ উদ্দেশ্যই হৈছে এইটো, এই
লক্ষ্মী-নাৰায়ণৰ ৰাজ্যত অনেক ধৰ্ম নাছিল। সত্যযুগত দেৱতাসকলৰহে ৰাজত্ব হয়। মনুষ্য
কলিযুগত থাকে। হওঁতে তেওঁলোকো মনুষ্য, কিন্তু দৈৱীগুণধাৰী। এই সময়ত সকলো মনুষ্য হৈছে
আসুৰিক অৱগুণধাৰী। সত্যযুগত কাম মহাশত্ৰু নাথাকে। পিতাই কয় - এই কাম মহাশত্ৰুৰ ওপৰত
জয়ী হ’লে তোমালোক জগতজিৎ হ’বা। তাত ৰাৱণ নাথাকে। এয়াও মনুষ্যই বুজিব নোৱাৰে।
স্বৰ্ণিম যুগৰ পৰা অৱনমিত হৈ হৈ তমোপ্ৰধান বুদ্ধি হৈ গ’ল। এতিয়া সতোপ্ৰধান হ’ব লাগে।
তাৰ বাবে এটাই দৰব পোৱা যায় - পিতাই কয় - নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা
তেতিয়া জন্ম-জন্মান্তৰৰ পাপ ভস্ম হৈ যাব। তোমালোক পাপ ভস্ম কৰিবলৈ বহি আছা সেয়েহে
আগলৈ কোনো পাপ কৰিব নালাগে। নহ’লেতো সেয়া এশ গুণ হৈ যাব। বিকাৰত গ’লে এশ গুণ দণ্ড
হৈ যাব, তেতিয়া তেওঁ কাচিৎহে উন্নতি কৰিব পাৰে। প্ৰথম নম্বৰৰ শত্ৰু হৈছে এই কাম। 5
মহলাৰ পৰা পৰিলেতো হাড় মূৰ একেবাৰে ভাঙি যাব। মৰিও যাব পাৰে। ওপৰৰ পৰা পৰিলে একেবাৰে
চূৰ্ণ-বিচূৰ্ণ হৈ যায়। পিতাৰ আগত কৰা প্ৰতিজ্ঞা ভংগ কৰি ক’লা মুখ কৰা মানে আসুৰিক
সৃষ্টিলৈ গুচি গ’ল। ইয়াৰ পৰা মৰি গ’ল। তেওঁক ব্ৰাহ্মণ নহয়, শূদ্ৰ বুলি কোৱা হ’ব।
পিতাই কিমান সহজকৈ
বুজায়। প্ৰথমেতো এইটো নিচা থাকিব লাগে। যদি শ্ৰীকৃষ্ণ ভগৱানুবাচ বুলিও ভাবা, তেওঁতো
নিশ্চয় পঢ়াই নিজৰ সমান কৰি তুলিব নহয়। কিন্তু শ্ৰীকৃষ্ণতো ভগৱান হ’ব নোৱাৰে। তেওঁতো
পুনৰ্জন্মত আহে। পিতাই কয় - মইহে পুনৰ্জন্ম ৰহিত। ৰাধা-কৃষ্ণ, লক্ষ্মী-নাৰায়ণ অথবা
বিষ্ণু একেই কথা। বিষ্ণুৰ দুটি ৰূপ লক্ষ্মী-নাৰায়ণ আৰু লক্ষ্মী-নাৰায়ণেই শৈশৱত
ৰাধা-কৃষ্ণ। ব্ৰহ্মাৰো ৰহস্য বুজোৱা হৈছে – ব্ৰহ্মা-সৰস্বতীয়েই লক্ষ্মী-নাৰায়ণ।
এতিয়া স্থানান্তৰ হয়। অন্তিমৰ নাম এওঁৰ ব্ৰহ্মা ৰখা হৈছে। বাকী এই ব্ৰহ্মাকতো চোৱা
একেবাৰে লৌহযুগত থিয় হৈ আছে। এৱেঁই আকৌ তপস্যা কৰি শ্ৰীকৃষ্ণ বা শ্ৰীনাৰায়ণ হয়।
বিষ্ণু বুলি ক’লে তাত দুয়োগৰাকী আহি যায়। ব্ৰহ্মাৰ জীয়ৰী সৰস্বতী। এই কথাবোৰ কোনেও
বুজিব নোৱাৰে। 4 খন বাহু ব্ৰহ্মাকো দিয়ে কিয়নো প্ৰবৃত্তি মাৰ্গ হয় নহয়। নিবৃত্তি
মাৰ্গৰসকলে এই জ্ঞান দিব নোৱাৰে। বহুতকে বাহিৰৰ পৰা ফান্দত পেলাই লৈ আহে যে আহক আমি
প্ৰাচীন ৰাজযোগ শিকাম। এতিয়া সন্ন্যাসীয়ে ৰাজযোগ শিকাব নোৱাৰে। এতিয়া ঈশ্বৰৰ আগমন
হৈছে, তোমালোক এতিয়া তেওঁৰ ঈশ্বৰীয় সম্প্ৰদায়ৰ হৈছা। ঈশ্বৰ তোমালোকক পঢ়াবলৈ আহিছে।
তোমালোকক ৰাজযোগ শিকাই আছে। তেওঁতো হৈছে নিৰাকাৰ। ব্ৰহ্মাৰ দ্বাৰা তোমালোকক নিজৰ কৰি
লৈছে। “বাবা বাবা” বুলি তোমালোকে তেওঁক কোৱা, ব্ৰহ্মাতো মাজত তৰ্জমা কৰোঁতা।
ভাগ্যশালী ৰথ। এওঁৰ দ্বাৰা বাবাই তোমালোকক পঢ়ায়। তোমালোকো পতিতৰ পৰা পাৱন হোৱা।
পিতাই মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ পঢ়ায়। এতিয়াতো ৰাৱণৰাজ্য, আসুৰিক সম্প্ৰদায় হয়
নহয়। এতিয়া তোমালোক ঈশ্বৰীয় সম্প্ৰদায়ৰ হৈছা পুনৰ দৈৱী সম্প্ৰদায়ৰ হ’বাগৈ। এতিয়া
তোমালোক পুৰুষোত্তম সংগমযুগত আছা, পাৱন হৈ আছা। সন্ন্যাসী লোকেতো ঘৰ-সংসাৰ এৰি গুচি
যায়। ইয়াত পিতাইতো কয় - লাগিলে স্ত্ৰী-পুৰুষ ঘৰত একেলগে থাকা, এনেকৈ নুবুজিবা যে
স্ত্ৰী নাগিনী সেইকাৰণে আমি বেলেগ হৈ যাওঁ তেতিয়া মুক্ত হৈ যাম। তোমালোক পলাব নালাগে।
সেয়া হৈছে হদৰ সন্ন্যাস যি পলাই যায়, তোমালোক ইয়াত বহি আছা কিন্তু তোমালোকৰ এই
বিকাৰী সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মিছে। এই সকলো কথা তোমালোকে ভালদৰে ধাৰণ কৰিব লাগে,
টুকি ৰাখিব লাগে আৰু সংযমো ৰাখিব লাগে। দৈৱীগুণ ধাৰণ কৰিব লাগে। শ্ৰীকৃষ্ণৰ গুণৰ
গায়ন কৰা হয় নহয়। এয়া তোমালোকৰ লক্ষ্য-উদ্দেশ্য। পিতা সেয়া নহয়গৈ, তোমালোকক তেনেকুৱা
কৰি তোলে। পুনৰ আধাকল্পৰ পাছত তোমালোক অৱনমিত হোৱা, তমোপ্ৰধান হোৱা। মই নহওঁ, এওঁ (ব্ৰহ্মা)
হয়। 84 জন্মও এওঁ লৈছে। এৱোঁ এতিয়া সতোপ্ৰধান হ’ব লাগে, এওঁ পুৰুষাৰ্থী। নতুন
সৃষ্টিক সতোপ্ৰধান বুলি কোৱা হয়। প্ৰত্যেক বস্তু প্ৰথমে সতোপ্ৰধান আকৌ সতো-ৰজো-তমোত
আহে। সৰু শিশুকো মহাত্মা বুলি কোৱা হয় কিয়নো সিহঁতৰ বিকাৰ নাথাকে, সেইকাৰণে সিহঁতক
ফুল বুলি কোৱা হয়। সন্ন্যাসীতকৈ শিশুক উত্তম বুলি কোৱা হ’ব কিয়নো সন্ন্যাসীতো
তথাপিও জীৱন অতিবাহিত কৰি আহে নহয়। 5 বিকাৰৰ অনুভৱ আছে। শিশুৱেতো গ’মেই নাপায়
সেইকাৰণে সন্তানক দেখিলে আনন্দিত হয়, চৈতন্য ফুল হয়। আমাৰতো হয়েই প্ৰবৃত্তি মাৰ্গ।
এতিয়া তোমালোক
সন্তানসকল এই পুৰণি সৃষ্টিৰ পৰা নতুন সৃষ্টিলৈ যাব লাগে। অমৰলোকলৈ যাবলৈ তোমালোক
সকলোৱে পুৰুষাৰ্থ কৰি আছা, মৃত্যুলোকৰ পৰা স্থানান্তৰ হোৱা। দেৱতা হ’ব লাগে সেয়েহে
এতিয়া পৰিশ্ৰম কৰিবলগীয়া হয়, প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ভাই-ভনী হৈ যায়। ভাই-ভনীতো
আছিলা নহয়। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান পৰস্পৰ কি (সম্বন্ধ) হ’ল? প্ৰজাপিতা ব্ৰহ্মা
বুলি গায়ন কৰা হয়। যেতিয়ালৈকে প্ৰজাপিতাৰ সন্তান নহয়, সৃষ্টিৰ ৰচনা কেনেকৈ হ’ব?
প্ৰজাপিতা ব্ৰহ্মাৰ হৈছে সকলো আত্মিক সন্তান। সেই ব্ৰাহ্মণ হৈছে পাৰ্থিৱ যাত্ৰা
কৰোঁতা। তোমালোক হৈছা আত্মিক যাত্ৰা কৰোঁতা। তেওঁলোক পতিত, তোমালোক পাৱন। তেওঁলোক
কোনো প্ৰজাপিতাৰ সন্তান নহয়, এইটো কথা তোমালোকে বুজি পোৱা। ভাই-ভনী বুলি যেতিয়া
বুজিব তেতিয়া বিকাৰত নাযাব। পিতায়ো কয় সাৱধান হৈ থাকিবা, মোৰ সন্তান হৈ আসুৰিক কৰ্ম
নকৰিবা, নহ’লে পাথৰবুদ্ধিৰ হৈ যাবা। ইন্দ্ৰসভাৰ কাহিনীও আছে। শূদ্ৰক লৈ আহোঁতে
ইন্দ্ৰসভাত তাৰ দুৰ্গন্ধ বিয়পি গ'ল। তেতিয়া ক’লে পতিতক ইয়ালৈ কিয় আনিছা। তেতিয়া
তেওঁক অভিশাপ দি দিলে। বাস্তৱত এই সভাতো কোনো পতিত আহিব নোৱাৰে। লাগিলে পিতাই জানক
বা নাজানক, এয়াতো নিজৰে লোকচান কৰে, আৰু অধিক এশ গুণ দণ্ড হৈ যায়। পতিত অহাৰ অনুমতি
নাই। তেওঁলোকৰ কাৰণে সাক্ষাৎ কৰা কোঠালিয়েই ঠিক। যেতিয়া পাৱন হোৱাৰ নিশ্চয়তা প্ৰদান
কৰিব, দৈৱীগুণ ধাৰণ কৰিব তেতিয়া অনুমতি দিয়া হয়। দৈৱীগুণ ধাৰণ কৰিবলৈ সময় লাগে।
পাৱন হোৱাৰ এটাই প্ৰতিজ্ঞা।
এইটোও বুজোৱা হৈছে,
দেৱতাসকলৰ আৰু পৰমাত্মাৰ মহিমা বেলেগ বেলেগ। পতিত-পাৱন, মুক্তিদাতা, মাৰ্গ-দৰ্শক
পিতাহে হয়। সকলো দুখৰ পৰা মুক্ত কৰি নিজৰ শান্তিধামলৈ লৈ যায়। শান্তিধাম, সুখধাম আৰু
দুখধাম এয়াও চক্ৰ। এতিয়া দুখধামক পাহৰি যাব লাগে। শান্তিধামৰ পৰা সুখধামলৈ তেওঁলোক
আহিব যিসকল ক্ৰমানুসৰি উত্তীৰ্ণ হ’ব, তেওঁলোকেই আহি থাকিব। এই চক্ৰ ঘূৰি থাকে। অনেক
আত্মা আছে, সকলোৰে ভূমিকা ক্ৰমানুসৰি। যাবও ক্ৰমানুসৰি। ইয়াক কোৱা হয় শিৱবাবাৰ
বংশবৃক্ষ অথবা ৰুদ্ৰ মালা। ক্ৰমানুসৰি যায় আকৌ ক্ৰমানুসৰি আহে। অন্য
ধৰ্মাৱলম্বীসকলৰ ক্ষেত্ৰতো একেই। সন্তানসকলক নিতৌ বুজোৱা হয়, স্কুলত নিতৌ নপঢ়িলে,
মুৰুলী নুশুনিলে তেতিয়া অনুপস্থিত হৈ যাব। পঢ়াৰ ‘লিফ্ট’তো নিশ্চয় লাগে। ঈশ্বৰীয়
বিশ্ব বিদ্যালয়ত অনুপস্থিত থাকিব লাগে জানো। পঢ়া কিমান উচ্চ, যাৰ দ্বাৰা তোমালোক
সুখধামৰ মালিক হোৱাগৈ। তাততো শস্য আদি সকলো বিনামূলীয়া, পইচা নালাগে। এতিয়াতো কিমান
দাম। 100 বছৰত কিমান দাম বাঢ়ি গ'ল। তাত কোনো অপ্ৰাপ্ত বস্তু নাথাকে যাৰ কাৰণে
অসুবিধা হ’ব। সেইখন হয়েই সুখধাম। এতিয়া তোমালোকে তাৰ কাৰণে তৈয়াৰী কৰি আছা। তোমালোক
ভিকহুৰ পৰা ৰাজকুমাৰ হোৱাগৈ। চহকীলোকে নিজক ভিকহু বুলি নাভাবে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ আগত
সম্পূৰ্ণ পৱিত্ৰ হোৱাৰ যি প্ৰতিজ্ঞা কৰিছা, সেয়া খণ্ডিত কৰিব নালাগে। বহুত সংযম
ৰাখিব লাগে। নিজৰ খতিয়ান চাব লাগে - মোৰ কোনো অৱগুণতো নাই?
(2) ঈশ্বৰীয় বিশ্ব
বিদ্যালয়ত কেতিয়াও অনুপস্থিত থাকিব নালাগে। সুখধামৰ মালিক হোৱাৰ উচ্চ পঢ়া এদিনো খতি
কৰিব নালাগে। মুৰুলী নিতৌ নিশ্চয় শুনিব লাগে।
বৰদান:
প্ৰতিটো
চেকেণ্ড প্ৰতিটো সংকল্পৰ মহত্বক জানি পুণ্যৰ পুঁজি জমা কৰোঁতা পদ্মাপদমপতি হোৱা
তোমালোক পুণ্য
আত্মাসকলৰ সংকল্পত ইমান বিশেষ শক্তি আছে যি শক্তিৰ দ্বাৰা অসম্ভৱক সম্ভৱ কৰিব পাৰা।
যেনেকৈ আজিকালি যন্ত্ৰৰ দ্বাৰা মৰুভূমিক শস্য শ্যামলা কৰি দিয়ে, পাহাৰত ফুল অংকুৰিত
কৰি দিয়ে তেনেকৈ তোমালোকে নিজৰ শ্ৰেষ্ঠ সংকল্পৰ দ্বাৰা হতাশগ্ৰস্থসকলক আশাবাদী কৰি
তুলিব পাৰা। কেৱল প্ৰতিটো চেকেণ্ড, প্ৰতিটো সংকল্পৰ মূল্যক জানি, সংকল্প আৰু
চেকেণ্ড ব্যৱহাৰ কৰি পুণ্যৰ পুঁজি জমা কৰা। তোমালোকৰ সংকল্পৰ শক্তি ইমান শ্ৰেষ্ঠ যে
এটি সংকল্পয়ো পদ্মাপদমপতি কৰি দিয়ে।
স্লোগান:
প্ৰতিটো কৰ্ম অধিকাৰীবোধৰ নিশ্চয়তা আৰু নিচাৰে কৰা তেতিয়া পৰিশ্ৰম সমাপ্ত হৈ যাব।
অব্যক্ত সংকেত: এতিয়া
সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা
কৰ্মাতীত স্থিতি
প্ৰাপ্ত কৰিবলৈ বিশেষকৈ নিজৰ মাজত সামৰি লোৱা আৰু সমাহিত কৰাৰ শক্তি ধাৰণ কৰা
আৱশ্যক। কৰ্মবন্ধনযুক্ত আত্মাই য’ত থাকে ত’তহে কাৰ্য কৰিব পাৰে আৰু কৰ্মাতীত আত্মাই
একে সময়তে চাৰিওফালে নিজৰ সেৱাৰ ভূমিকা পালন কৰিব পাৰে কিয়নো কৰ্মাতীত হয়। তেওঁলোকৰ
গতি বহুত তীব্ৰ হয়, চেকেণ্ডত য’ত বিচাৰে ত’ত গৈ উপনীত হ’ব পাৰে, সেয়েহে এইটো অনুভূতি
বঢ়োৱা।