28.04.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ মৰম বিনাশী শৰীৰৰ প্ৰতি থাকিব নালাগে, এক বিদেহীক মৰম কৰা, দেহক দেখিও
নাচাবা”
প্ৰশ্ন:
বুদ্ধি স্বচ্ছ
কৰাৰ পুৰুষাৰ্থ কি? স্বচ্ছ বুদ্ধিৰ চিন কি হ’ব?
উত্তৰ:
আত্ম-অভিমানী হ’লেহে বুদ্ধি স্বচ্ছ হয়। এনেকুৱা দেহী-অভিমানী সন্তানসকলে নিজক আত্মা
বুলি বুজি একমাত্ৰ পিতাক মৰম কৰিব। পিতাৰ কথাহে শুনিব। কিন্তু যিসকল মূঢ়মতি তেওঁলোকে
দেহক মৰম কৰে, দেহকেই অলংকৃত কৰি থাকে।
ওঁম্শান্তি।
‘ওঁম্ শান্তি’
বুলি কোনে ক’লে আৰু কোনে শুনিলে? অন্য সৎসঙ্গবিলাকততো জিজ্ঞাসুৱে শুনে। মহাত্মা বা
গুৰু আদিয়ে শুনায়, এনেকৈ ক’ব। ইয়াত পৰমাত্মাই শুনালে আৰু আত্মাই শুনিলে। নতুন কথা
নহয় জানো। আত্ম-অভিমানী হ’বলগীয়া হয়। বহুতে ইয়াতো দেহ-অভিমানী হৈ বহে। তোমালোক
সন্তানসকল আত্ম-অভিমানী হৈ বহিব লাগে। মই আত্মা এই শৰীৰত বিৰাজমান হৈ আছোঁ।
শিৱবাবাই আমাক বুজায়, বুদ্ধিত এইটো স্মৃতি ভালদৰে থাকিব লাগে। মোৰ অৰ্থাৎ আত্মাৰ
সম্পৰ্ক পৰমাত্মাৰ সৈতে। পৰমাত্মা আহি এই শৰীৰৰ দ্বাৰা শুনায়, এওঁ (ব্ৰহ্মা বাবা)
দালাল হৈ গ’ল। তোমালোকক বুজাওঁতাজন সেইজন (শিৱবাবা)। এওঁকো উত্তৰাধিকাৰ সেইজনে দিয়ে।
তেন্তে বুদ্ধি সেইফালে যোৱা উচিত। ধৰিলোৱা পিতাকৰ 5-7 টা সন্তান আছে, তেওঁলোকৰ
বুদ্ধিযোগ পিতাকৰ ফালে থাকিব কিয়নো পিতাৰ পৰা উত্তৰাধিকাৰ পাব। ভাইৰ পৰা
উত্তৰাধিকাৰ নাপায়। উত্তৰাধিকাৰ সদায় পিতাকৰ পৰা পায়। আত্মাই আত্মাৰ পৰা
উত্তৰাধিকাৰ নাপায়। তোমালোকে জানা আত্মা ৰূপত আমি সকলো ভাই ভাই। আমাৰ সকলো আত্মাৰ
সম্পৰ্ক এজন পৰমপিতা পৰমাত্মাৰ সৈতে। তেওঁ কয় – মামেকম্ (কেৱল মোক) স্মৰণ কৰা।
একমাত্ৰ মোৰ প্ৰতিয়ে প্ৰীতি ৰাখিবা। ৰচনাৰ প্ৰতি নাৰাখিবা। আত্ম-অভিমানী হোৱা। যদি
মোৰ বাহিৰে অন্য কোনো দেহধাৰীক স্মৰণ কৰা তেন্তে তাক দেহ-অভিমান বুলি কোৱা হয়। যদিও
এওঁ দেহধাৰী (ব্ৰহ্মা বাবা) তোমালোকৰ সন্মুখত আছে কিন্তু তোমালোকে এওঁক নাচাবা।
বুদ্ধিত তেওঁৰ (শিৱবাবাৰ) স্মৃতি থাকিব লাগে। তেওঁলোকে ভাই ভাই বুলি কৈ দিয়ে কিন্তু
সেয়া কোৱাতে সীমিত, এতিয়া তোমালোকে জানা আমি আত্মাসকল পৰমপিতা পৰমাত্মাৰ সন্তান।
উত্তৰাধিকাৰ পৰমাত্মা পিতাৰ পৰা পাওঁ। সেইজন পিতাই কয় – তোমালোকৰ প্ৰীতি একমাত্ৰ
মোৰ প্ৰতি থাকিব লাগে। মইহে নিজেই আহি তোমালোক আত্মাসকলক মোৰ সৈতে বাগদান কৰাওঁ।
দেহধাৰীৰ সৈতে বাগদান নহয়। অন্য যিবিলাক সম্বন্ধ আছে সেয়া হৈছে দেহৰ, ইয়াৰ সম্বন্ধ।
এই সময়ত তোমালোক আত্ম-অভিমানী হ’ব লাগে। আমি আত্মাসকলে পিতাৰ পৰা শুনোঁ, বুদ্ধি
পিতাৰ ফালে যাব লাগে। পিতা এওঁৰ (ব্ৰহ্মাৰ আত্মাৰ) কাষত বহি আমাক জ্ঞান দিয়ে। তেওঁ
শৰীৰ ঋণত লৈছে। আত্মাই এই শৰীৰ ৰূপী ঘৰলৈ আহি ভূমিকা পালন কৰে। আত্মাসকলে যেন ভূমিকা
পালন কৰিবলৈ নিজকে ভিতৰত গৃহবন্দী কৰি লয়। হওঁতে মুক্ত। কিন্তু এই শৰীৰত প্ৰৱেশ কৰি
নিজকে এই ঘৰত আৱদ্ধ কৰি ভূমিকা পালন কৰে। আত্মাইহে এটা শৰীৰ এৰি আন এটা লয়, ভূমিকা
পালন কৰে। এই সময়ত যিয়ে যিমান আত্ম-অভিমানী হৈ থাকিব তেওঁ উচ্চ পদ পাব। বাবাৰ শৰীৰৰ
প্ৰতিও তোমালোকৰ অংশ মাত্ৰও প্ৰীতি থাকিব নালাগে। এই শৰীৰতো কোনো কামৰ নহয়। মই এই
শৰীৰত কেৱল তোমালোকক বুজাবৰ কাৰণেই প্ৰৱেশ কৰোঁ। এয়া হ’ল ৰাৱণৰ ৰাজ্য, পৰৰ দেশ।
ৰাৱণক জ্বলায় কিন্তু বুজি নাপায়। চিত্ৰ আদি যিবোৰ অংকন কৰে সেইবোৰক নাজানে। একেবাৰে
মূৰ্খ বুদ্ধিৰ। ৰাৱণৰ ৰাজ্যত সকলো মূৰ্খ বুদ্ধিৰ হৈ যায়। দেহ-অভিমান আছে নহয়। তুচ্ছ
বুদ্ধি হৈ গৈছে। পিতাই কয় – যিসকল মূৰ্খ বুদ্ধিৰ হ’ব তেওঁলোকে দেহক স্মৰণ কৰি থাকিব,
দেহৰ প্ৰতি প্ৰীতি ৰাখিব। যিসকল স্বচ্ছ বুদ্ধিৰ হ’ব তেওঁলোকেতো নিজকে আত্মা বুলি
বুজি পৰমাত্মাক স্মৰণ কৰি পৰমাত্মাৰ পৰা শুনি থাকিব, ইয়াতেই পৰিশ্ৰম হয়। এওঁতো (ব্ৰহ্মা
বাবা) পিতাৰ ৰথ। বহুতৰে এওঁৰ প্ৰতি প্ৰীতি জাগি উঠে। যেনেকৈ হুচেইনৰ ঘোঁৰা, তাক
কিমান সজায়। এতিয়া মহিমাতো হুচেইনৰে নহয় জানো। ঘোঁৰাৰতো নহয়। নিশ্চয় মনুষ্যৰ দেহত
হুচেইনৰ আত্মা আহিছে। তেওঁলোকে এই কথাবোৰ বুজি নাপায়। এতিয়া ইয়াক কোৱা হয় “ৰাজস্ব
অশ্বমেধ অবিনাশী ৰুদ্ৰ জ্ঞান যজ্ঞ”। ‘অশ্ব’ নামটি শুনি তেওঁলোকে আকৌ ঘোঁৰা বুলি বুজি
ল’লে, ঘোঁৰাকে স্বাহা কৰে। এই সকলোবোৰ ভক্তিমাৰ্গৰ কাহিনী। এতিয়া তোমালোকক সুন্দৰ
কৰি তোলোঁতা পথিকতো এওঁ (শিৱবাবা) নহয় জানো।
এতিয়া তোমালোকে জানা
যে আমি প্ৰথমে সুন্দৰ আছিলোঁ আকৌ শ্যাম বৰণীয়া হ’লোঁ। আত্মা যেতিয়া পোন প্ৰথমে আহে
তেতিয়া প্ৰথমতে সতোপ্ৰধান হৈ থাকে আকৌ সতো, ৰজো, তমো অৱস্থাত আহে। পিতা আহি সকলোকে
সুন্দৰ কৰি তোলে। যিসকল ধৰ্ম প্ৰতিষ্ঠাৰ অৰ্থে আহে, তেওঁলোক সকলো সুন্দৰ আত্মা,
পাছত কাম চিতাত বহি ক’লা বৰণীয়া হৈ যায়। প্ৰথমে সুন্দৰ তাৰ পাছত শ্যাম বৰণীয়া হয়।
এওঁ (ব্ৰহ্মাৰ আত্মা) প্ৰথম নম্বৰত সৰ্ব প্ৰথমে আহে সেয়েহে সকলোতকৈ বেছি সুন্দৰ হয়।
এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) নিচিনা প্ৰাকৃতিকভাৱে সুন্দৰতো কোনেও হ’ব নোৱাৰে। এয়া
জ্ঞানৰ কথা। যদিও খ্ৰীষ্টানসকল ভাৰতবাসীতকৈ সুন্দৰ (বগা) হয় কিয়নো সেইফালৰ নিবাসী
কিন্তু সত্যযুগততো প্ৰাকৃতিক সৌন্দৰ্য্য থাকে। আত্মা আৰু শৰীৰ দুয়ো সুন্দৰ হয়। এই
সময়ত সকলো পতিত শ্যাম বৰণীয়া আকৌ পিতা আহি সকলোকে সুন্দৰ কৰি তোলে। প্ৰথমে
সতোপ্ৰধান পৱিত্র হয় আকৌ অৱনমিত হৈ হৈ কাম চিতাত বহি ক'লা হৈ যায়। এতিয়া পিতা আহিছে
সকলো আত্মাকে পৱিত্র কৰি তুলিবলৈ। পিতাক স্মৰণ কৰিলেহে তোমালোক পৱিত্র হৈ যাবাগৈ।
গতিকে এজনক স্মৰণ কৰিব লাগে। দেহধাৰীৰ প্ৰতি প্ৰীতি ৰাখিব নালাগে। বুদ্ধিত এইটো
থাকিব লাগে যে আমি এজন পিতাৰ হওঁ, তেৱেঁই সকলো। এই দুচকুৰে দেখিবলৈ পোৱা যিয়েই আছে,
সেয়া সকলো বিনাশ হৈ যাব। এই দুচকুও শেষ হৈ যাব। পৰমপিতা পৰমাত্মাকতো ত্ৰিনেত্ৰী বুলি
কোৱা হয়। তেওঁৰ জ্ঞানৰ তৃতীয় নেত্ৰ আছে। ত্ৰিনেত্ৰী, ত্ৰিকালদৰ্শী, ত্ৰিলোকীনাথ এই
উপাধিবোৰ তেওঁ পাইছে। এতিয়া তোমালোকৰ তিনিওলোকৰ জ্ঞান আছে, পাছত এই জ্ঞান লুপ্ত হৈ
যায়, যাৰ জ্ঞান আছে তেৱেঁই আহি দিয়ে। তোমালোকক পিতাই 84 জন্মৰ জ্ঞান শুনায়। পিতাই
কয় - নিজক আত্মা বুলি বুজা। মই এই শৰীৰত প্ৰৱেশ কৰি তোমালোকক পাৱন কৰি তুলিবলৈ আহিছোঁ।
মোক স্মৰণ কৰিলেহে পাৱন হ'বা অন্য কাৰোবাক স্মৰণ কৰিলে সতোপ্ৰধান হ'ব নোৱাৰিবা। পাপ
খণ্ডন নহ’ব গতিকে কোৱা হ’ব - বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি বিনশন্তী। মনুষ্যতো বহুত
অন্ধশ্ৰদ্ধাত আছে। দেহধাৰীৰ প্ৰতিহে মোহ ৰাখে। এতিয়া তোমালোক দেহী-অভিমানী হ'ব লাগে।
এজনৰ প্ৰতিহে মোহ ৰাখিব লাগে। যদিহে অন্য কাৰোবাৰ প্ৰতি মোহ আছে তাৰমানে পিতাৰ প্ৰতি
অপ্ৰীতিকৰ বুদ্ধিৰ। পিতাই কিমান বুজায় – মোক; পিতাকহে স্মৰণ কৰিবা, ইয়াতেই পৰিশ্ৰম
হয়। তোমালোকে কোৱাও যে আমাক পতিতসকলক আহি পাৱন কৰি তোলক। পিতাইহে পাৱন কৰি তোলে।
তোমালোক সন্তানসকলক 84 জন্মৰ বুৰঞ্জী-ভূগোল পিতাইহে বুজায়। সেয়াতো সহজ নহয় জানো।
বাকী স্মৃতিত থকাটোৱে আটাইতকৈ কঠিন বিষয়। পিতাৰ সৈতে যোগযুক্ত হৈ থকাৰ ক্ষেত্ৰত
কোনোৱেই নিপুণ নহয়।
যিসকল সন্তান স্মৃতিত
থকাৰ ক্ষেত্ৰত নিপুণ নহয় তেওঁলোক যেন পণ্ডিত। জ্ঞানত লাগিলে যিমানেই নিপুণ নহওঁক,
যদি স্মৃতিত নাথাকে তেন্তে তেওঁ পণ্ডিত। বাবাই পণ্ডিতৰ এটা কাহিনী শুনায় নহয়।
পণ্ডিতে যিগৰাকী শিষ্যক শুনাইছিল তেওঁতো পৰমাত্মাক স্মৰণ কৰি পাৰ হৈ গ'ল। পণ্ডিতৰ
দৃষ্টান্তও তোমালোকৰ কাৰণে। পিতাক তোমালোকে স্মৰণ কৰিলে পাৰ হৈ যাবা। কেৱল মুৰুলীত
চোকা হ’লে পাৰ হ'ব নোৱাৰিবা। স্মৃতিত থকাৰ অবিহনে বিকৰ্ম বিনাশ নহ'ব। এই সকলোবোৰ
দৃষ্টান্ত ৰচিছে। পিতাই বহি যথাযথ ৰীতিৰে বুজায়। তেওঁৰ (পণ্ডিতৰ শিষ্যজনৰ) নিশ্চয়তা
জন্মি গ'ল। এটাই কথা দৃঢ় কৰি ল'লে যে পৰমাত্মাক স্মৰণ কৰিলে পাৰ হৈ যাম। কেৱল জ্ঞান
থাকিলে, যোগ নাথাকিলে তেন্তে উচ্চ পদ পাব নোৱাৰিবা। এনেকুৱা বহুত আছে, স্মৃতিত
নাথাকে, মূল কথাই হৈছে স্মৃতিত থকাৰ। বহুত ভাল ভাল সেৱা কৰোঁতা আছে, কিন্তু যদি
বুদ্ধিযোগ ঠিক নহয় তেন্তে দেহ-অভিমানত আবদ্ধ হৈ যাব। যোগযুক্ত হৈ থকাসকল কেতিয়াও
দেহ-অভিমানত আবদ্ধ নহ’ব, অশুদ্ধ সংকল্প উদয় নহ’ব। স্মৃতিত কেঁচা হ’লে তেন্তে ধুমুহা
আহিব। যোগৰ দ্বাৰা কৰ্মেন্দ্ৰিয় একদম বশ হৈ যায়। পিতাই শুদ্ধ আৰু ভুলক বুজিবলৈ
বুদ্ধিও দিয়ে। অন্যৰ দেহৰ ফালে বুদ্ধি গ'লে অপ্ৰীতিকৰ বুদ্ধি বিনশন্তী হৈ যাব।
জ্ঞান বেলেগ, যোগ বেলেগ। যোগৰ দ্বাৰা স্বাস্থ্য, জ্ঞানৰ দ্বাৰা সম্পত্তি পোৱা যায়।
যোগৰ দ্বাৰা শৰীৰৰ আয়ুস বাঢ়ে, আত্মাতো ডাঙৰ-সৰু নহয়। আত্মাই ক'ব মোৰ শৰীৰৰ আয়ুস
বৃদ্ধি হয়। এতিয়া আয়ুস কম আকৌ আধাকল্পৰ কাৰণে শৰীৰৰ আয়ুস দীঘলীয়া হৈ যাব। আমি
তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাম। আত্মা পৱিত্র হয়, সকলো আত্মাক পৱিত্ৰ কৰি তোলাৰ
ওপৰতে নিৰ্ভৰ কৰে। পৱিত্ৰ নহ’লে তেন্তে পদো নাপাব।
মায়াই খতিয়ান ৰখাৰ
ক্ষেত্ৰত সন্তানসকলক এলেহুৱা কৰি দিয়ে। সন্তানসকলে স্মৃতিৰ যাত্ৰাৰ খতিয়ান বহুত
চখেৰে ৰাখিব লাগে। চাব লাগে যে মই পিতাক স্মৰণ কৰোঁ নে অন্য কোনো মিত্ৰ-সম্বন্ধীয়
আদিৰ ফালে বুদ্ধি যায়। গোটেই দিন কাৰ স্মৃতি থাকিল অথবা প্ৰীতি কাৰ প্ৰতি থাকিল,
কিমান সময় নষ্ট কৰিলোঁ? নিজৰ খতিয়ান ৰাখিব লাগে। কিন্তু কাৰো শক্তি নাই যে নিতৌ
খতিয়ান ৰাখিব পাৰে। কোনোবা বিৰলজনেহে ৰাখিব পাৰে। মায়াই পূৰা খতিয়ান ৰাখিব নিদিয়ে।
একদম এলেহুৱা কৰি দিয়ে। উদ্যম নোহোৱা হৈ যায়। পিতাই কয় - মামেকম্ স্মৰণ কৰা। মইতো
সকলো প্ৰেয়সীৰেই প্ৰেমিক হওঁ। তেন্তে প্ৰেমিকক স্মৰণ কৰিব লাগে নহয়। প্ৰেমিক পিতাই
কয় - তোমালোকে আধাকল্প স্মৰণ কৰিছা, এতিয়া মই কওঁ - মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম
বিনাশ হৈ যাব। এনেহেন পিতা যি সুখ দিওঁতা হয়, কিমান স্মৰণ কৰিব লাগে। অন্যতো সকলো
দুখ দিওঁতা হয়। সেইসকল কোনো কামত নাহিব। অন্তিম সময়ত একমাত্ৰ পৰমাত্মা পিতাহে কামত
আহে। অন্তিম সময় এটা হৈছে হদৰ আনটো বেহদৰ।
পিতাই বুজায় - যথা
ৰীতিৰে স্মৰণ কৰি থাকিলে অকাল মৃত্যু নহ'ব। তোমালোকক অমৰ কৰি দিয়ে। প্ৰথমেতো পিতাৰ
প্ৰতি প্ৰীতি বুদ্ধি থাকিব লাগে। যদি কাৰোবাৰ শৰীৰৰ প্ৰতি প্ৰীতি থাকে তেন্তে
অধঃপতিত হৈ যাব। অকৃতকাৰ্য হৈ যাব। চন্দ্ৰবংশীত গুচি যাব। সত্যযুগী সূৰ্যবংশী
ৰাজ্যকহে স্বৰ্গ বুলি কোৱা হয়। ত্ৰেতাকো স্বৰ্গ বুলি কোৱা নহ’ব। যেনেকৈ দ্বাপৰ আৰু
কলিযুগ আছে কলিযুগক ৰৌৰৱ নৰক, তমোপ্ৰধান বুলি কোৱা হয়। দ্বাপৰক তেনেকৈ কোৱা নহ’ব।
আকৌ তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'বৰ কাৰণে স্মৃতিত থাকিব লাগে। নিজেও বুজি পায় - মোৰ
অমুকৰ প্ৰতি বহুত প্ৰীতি আছে, তেওঁৰ আধাৰ অবিহনে মোৰ কল্যাণ নহ’ব। এতিয়া এনেকুৱা
অৱস্থাত যদি মৰি যায় তেন্তে কি হ'ব। বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি বিনশন্তী।
ধূলি-ছাঁইৰ পদ পাবগৈ।
আজিকালি জগতত
ধুন-পেচৰ বাবেও বহুত সমস্যা হয়। নিজৰ প্ৰতি মোহিত কৰিবলৈ শৰীৰক কিমান টিপ-টপ কৰে।
এতিয়া পিতাই কয় - সন্তানসকল কাৰো নাম-ৰূপত আবদ্ধ নহ'বা। লক্ষ্মী-নাৰায়ণৰ সাজপাৰ চোৱা
কিমান মাৰ্জিত। সেইখন হয়েই শিৱালয়, এইখনক কোৱা হয় বেশ্যালয়। এই দেৱতাসকলৰ আগত গৈ কয়
- আমি বেশ্যালয়ৰ নিবাসী। আজিকালিতো ধুন-পেচৰ এনেকুৱা সমস্যা যে সকলোৰে দৃষ্টি গুচি
যায়, আকৌ ধৰি পলুৱাই লৈ যায়। সত্যযুগততো চাল-চলন নিয়ম অনুসৰি হয়। তাততো প্ৰাকৃতিক
সৌন্দৰ্য থাকে। অন্ধশ্ৰদ্ধাৰ কোনো কথা নাই। ইয়াততো দেখিলেই অন্তৰ আকৰ্ষিত হৈ যায়
তেতিয়া আকৌ অন্য ধৰ্মাৱলম্বীৰ সৈতেও বিয়া হৈ যায়। এতিয়া তোমালোকৰ হৈছে ঈশ্বৰীয়
বুদ্ধি, পাথৰ (অপৱিত্ৰ) বুদ্ধিৰ পৰা পাৰস (পৱিত্ৰ) বুদ্ধিৰ পিতাৰ বাহিৰে অন্য কোনেও
কৰি তুলিব নোৱাৰে। সেয়া হয়েই ৰাৱণ সম্প্ৰদায়। তোমালোক এতিয়া ৰাম সম্প্ৰদায়ৰ হৈছা।
পাণ্ডৱ আৰু কৌৰৱ একে সম্প্ৰদায়ৰ আছিল, বাকী যাদৱ হৈছে ইউৰোপবাসী। গীতাৰ পৰা কোনেও
নুবুজে যে যাদৱ হৈছে ইউৰোপবাসী। তেওঁলোকেতো যাদৱ সম্প্ৰদায়ো ইয়াতেই বুলি কৈ দিয়ে।
পিতাই বহি বুজায় - যাদৱ হৈছে ইউৰোপবাসী, যিসকলে নিজৰ বিনাশৰ কাৰণে এই ক্ষেপণাস্ত্ৰ
আদি তৈয়াৰ কৰিছে। পাণ্ডৱসকলৰ বিজয় হয়, তেওঁলোক গৈ স্বৰ্গৰ মালিক হ'বগৈ। পৰমাত্মাহে
আহি স্বৰ্গ স্থাপনা কৰে। শাস্ত্ৰততো এনেকৈ দেখুৱাইছে যে পাণ্ডৱসকল গলি মৰি গ’ল তাৰ
পাছত কি হ’ল? অলপো বোধশক্তি নাই। পাথৰ বুদ্ধিৰ হয় নহয়। ড্ৰামাৰ ৰহস্যক কোনেও অলপো
নাজানেই। পিতাৰ ওচৰলৈ সন্তানসকল আহিলে পিতাই কয় – অলংকাৰ আদি লাগিলে পিন্ধা। তেতিয়া
কয় – বাবা, ইয়াত (এই শৰীৰত) অলংকাৰনো ক’ত শোভা পায়! পতিত আত্মা, পতিত শৰীৰক অলংকাৰে
কি শোভা কৰিব! তাততো (স্বৰ্গত) আমি এই অলংকাৰ আদিৰে সজ্জিত হৈ থাকিম। প্ৰচুৰ ধন
থাকিব। সকলো একেবাৰে সুখী হৈ থাকে। যদিও তাত এইটো অনুভৱ হয় যে এওঁ ৰজা, মই প্ৰজা।
কিন্তু দুখৰ কথা নাথাকে। ইয়াত খাদ্য শস্য আদি পোৱা নাযায়, তেতিয়া মনুষ্য দুখী হয়।
তাততো সকলো পোৱা যায়। ‘দুখ’ শব্দটি মুখত উচ্চাৰণেই নহ’ব। নামেই হৈছে স্বর্গ।
ইউৰোপীয়ান লোকসকলে তাক ‘পেৰাডাইজ’ (স্বর্গ) বুলি কয়। এনেকৈ ভাবে যে তাত
দেৱী-দেৱতাসকল আছিল সেয়েহে তেওঁলোকৰ চিত্ৰও বহুত কিনে। কিন্তু সেই স্বর্গ এতিয়া কলৈ
গ'ল - এয়া কোনেও নাজানে। তোমালোকে এতিয়া জানা যে এই চক্ৰ কেনেকৈ ঘূৰে। নতুনৰ পৰা
পুৰণি, পুৰণিৰ পৰা আকৌ সৃষ্টি নতুন হয়। আত্ম-অভিমানী হ’বলৈ বহুত পৰিশ্ৰম কৰিবলগীয়া
হয়। তোমালোক আত্ম-অভিমানী হ'লে এই অনেক প্ৰকাৰৰ বেমাৰ আদিৰ পৰা ৰক্ষা পাব পাৰিবা।
পিতাক স্মৰণ কৰিলে উচ্চ পদ পাবা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো
দেহধাৰীক নিজৰ আধাৰ কৰি ল’ব নালাগে। শৰীৰৰ প্ৰতি প্ৰীতি ৰাখিব নালাগে। অন্তৰৰ প্ৰীতি
একমাত্ৰ পিতাৰ প্ৰতিহে ৰাখিব লাগে। কাৰো নাম-ৰূপত আবদ্ধ হ'ব নালাগে।
(2) স্মৃতিত থকাৰ
খতিয়ান বৰ চখেৰে ৰাখিব লাগে, এই ক্ষেত্ৰত এলেহুৱা হ’ব নালাগে। খতিয়ানত চাব লাগে যে
মোৰ বুদ্ধি কাৰ ফালে যায়? কিমান সময় নষ্ট কৰোঁ? সুখ দাতা পিতা কিমান সময় স্মৃতিত
থাকে?
বৰদান:
গৃহস্থ
ব্যৱহাৰ আৰু ঈশ্বৰীয় ব্যৱহাৰ দুয়োটাৰে সমানতাৰ দ্বাৰা সদায় বোজামুক্ত আৰু সফল হোৱা
সকলো সন্তানৰ শৰীৰ
নিৰ্বাহ আৰু আত্ম নিৰ্বাহৰ ডবল সেৱা প্ৰাপ্ত হৈছে। কিন্তু দুয়োটা সেৱাতে সময় আৰু
শক্তিৰ প্ৰতি সমান মনোযোগ লাগে। যদি শ্ৰীমতৰ কাঁটা ঠিকে আছে তেন্তে দুয়োটা ফাল সমান
হ’ব। কিন্তু গৃহস্থ শব্দটি কওঁতেই গৃহস্থী হৈ যোৱা তেতিয়া অজুহাত দেখুওৱা আৰম্ভ হৈ
যায়। সেই কাৰণে গৃহস্থী নহয় নিমিত্ত, এইটো স্মৃতিৰে গৃহস্থ ব্যৱহাৰ আৰু ঈশ্বৰীয়
ব্যৱহাৰ দুয়োটাতে সমানতা ৰাখা তেতিয়া সদায় বোজামুক্ত আৰু সফল হৈ থাকিবা।
স্লোগান:
প্ৰথম বিভাগত আহিবলৈ কৰ্মেন্দ্ৰিয়জিৎ আৰু মায়াজিৎ হোৱা।
সংযুক্ত ৰূপৰ স্মৃতিৰে
সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:
তোমালোকৰ শিৱ শক্তিৰ
সংযুক্ত ৰূপৰ স্মাৰকক সদায় পূজা কৰে। শক্তি শিৱৰ পৰা পৃথক নহয়, শিৱ শক্তিৰ পৰা পৃথক
নহয়। এনেকৈ সংযুক্ত ৰূপত থাকা, এইটো স্বৰূপকে সহজযোগী বুলি কোৱা হয়। যোগ লগাওঁতা
নহয় কিন্তু সদায় সংযুক্ত অৰ্থাৎ লগত থাকোঁতা। যি প্ৰতিজ্ঞা কৰিছা যে মই সদায় তোমাৰ
সৈতে থাকিম, তোমাৰ সৈতে বাস কৰিম, আৰু তোমাৰ সৈতে ঘৰলৈ উভতি যাম... এই প্ৰতিজ্ঞা
দৃঢ়ভাৱে স্মৃতিত ৰাখা।