28.05.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক পিতাৰ ওচৰলৈ নিজৰ উচ্চ ভাগ্য গঢি়বলৈ আহিছা, যিমানে শ্ৰীমতত চলিবা সিমানে
উচ্চ ভাগ্য গঢ় ল’ব”
প্ৰশ্ন:
ভক্তিৰ কোনটো
অভ্যাস এতিয়া তোমালোক সন্তানসকলৰ থকা অনুচিত?
উত্তৰ:
ভক্তিত অলপ দুখ হ’লে, বেমাৰ হ’লে তেতিয়া ক’ব হে ৰাম, হে ভগৱান, হায়! হায়! কৰাৰ
অভ্যাস ভক্তিত থাকে৷ এতিয়া তোমালোকে মুখেৰে কেতিয়াও এনেকুৱা কথা উচ্চাৰিত কৰিব
নালাগে৷ তোমালোকেতো ভিতৰি মৰমৰ বাবাক মৰমেৰে স্মৰণ কৰিব লাগে৷
গীত:
তকদীৰ জগাকৰ
আই হুঁ…… (ভাগ্য উদয় কৰি আহিছোঁ……)
ওঁম্শান্তি।
প্ৰত্যেক
মনুষ্যই পুৰুষার্থ কৰে – সুখ আৰু শান্তিৰ ভাগ্য গঢ়িবলৈ৷ সাধু-সন্ত, সন্ন্যাসী আদিয়ে
কয়, আমাক শান্তিৰ প্ৰয়োজন৷ দুখ হৰণ কৰা, সুখ দিয়া৷ তেওঁলোকে বুজি পায় – ভগৱানহে
মনুষ্য মাত্ৰৰ দুখ-হর্তা, সুখ-কর্তা৷ এতিয়া ভগৱানক মনুষ্যইতো নাজানে? তোমালোকেতো
শিৱবাবা বুলি কোৱা৷ ব্ৰহ্মা, বিষ্ণু, শংকৰক বাবা বুলি কোৱা নহয়৷ তেওঁলোকতো দেৱতা৷
ভগৱানকহে বাবা বুলি কয়, তেওঁ নিৰাকাৰ, যাৰ পূজা কৰে৷ এইটো জানে যে শিৱবাবা সকলোৰে৷
কিন্তু এইটো খেয়াল নচলে যে আমি বাবা বুলি কিয় কওঁ৷ বাবাতো এজন লৌকিকৰো আছে – এওঁ
আকৌ কেনেধৰণৰ পিতা! এই আত্মাই কয় – তেওঁ নিৰাকাৰ পিতা৷ তেৱোঁ নিৰাকাৰ, আমি আত্মাও
নিৰাকাৰ৷ সাকাৰ বাবা থকা সত্ত্বেও আত্মাই সেই পিতাক নাপাহৰে৷ ঈশ্বৰ হৈছে পিতা, আমি
তেওঁৰ সন্তান৷ ইয়াত পৰমপিতা বুলি কয়৷ ইংৰাজীত কয় – গড ফাদাৰ, ছুপ্ৰিম ছ’ল, সকলোতকৈ
উচ্চ৷ লৌকিক পিতাতো শৰীৰৰ ৰচয়িতা আৰু তেওঁ হ’ল পাৰলৌকিক পিতা৷ পিতাইহে বহি
সন্তানসকলক বুজায়৷ পিতাক স্মৰণ কৰে – কিয়নো পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়৷
তোমালোক পিতাৰ ওচৰলৈ আহিছাই উত্তৰাধিকাৰ ল’বলৈ৷ দুখ-হর্তা, সুখ-কর্তা পিতাহে আহি
সুখৰ ৰাস্তা দেখুৱায়৷ আকৌ তাত দুখৰ নাম-চিহ্ন নাথাকে৷ ইয়াততো বহুত দুখ হয় নহয়,
সকলোৱে মিনতি কৰে৷ এতিয়াতো জগতত বহুত দুখ আহিবলগীয়া আছে৷ কোনোবা মৰিলে, তেতিয়া
কিমান দুখী হয়৷ ‘হায় ভগৱান’বুলি কৈ কান্দে৷ তেৱেঁই কল্যাণকাৰী পিতা৷ গায়ন কৰে তেন্তে
নিশ্চয় দুখ হৰণ কৰিছে সুখ দিছে নহয়৷ পিতাই আহি বুজায় – সন্তানসকল, তোমালোক কল্পই
কল্পই যেতিয়া বহুত দুখী পতিত হৈ যোৱা তেতিয়া মিনতি কৰা, হে বাবা আহা৷ মই কল্পই
কল্পই সংগমত আহোৱেই৷ পাৱন জগতৰ আদি আৰু পতিত জগতৰ অন্তক সংগম বুলি কোৱা হয়৷ এই এটাই
সংগমযুগৰ গায়ন কৰা হয়৷ পিতা আহে সকলোৰে জ্যোতি জগাবলৈ, দুখ হৰণ কৰি সুখ দিবলৈ৷
তোমালোকে জানা – আমি পাৰলৌকিক পিতাৰ ওচৰলৈ আাহিছোঁ, যিজন পিতা এওঁ (ব্ৰহ্মা)ৰ
শৰীৰত প্ৰৱেশ কৰি আহিছে৷ তেওঁ নিজেই কয় – মই এওঁৰ শৰীৰত প্ৰৱেশ কৰি এওঁৰ নাম ব্ৰহ্মা
ৰাখোঁ৷ তোমালোক সকলো হৈছা ব্ৰহ্মাকুমাৰ আৰু কুমাৰী৷ তোমালোকৰ এইটো নিশ্চয়তা আছে যে
আমি ব্ৰহ্মাৰ সন্তান হৈছোঁ – পিতাৰ পৰা সুখৰ উত্তৰাধিকাৰ ল’বলৈ৷ তোমালোক
সন্তানসকলৰহে সুখ আছিল, যেতিয়া এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল৷ এতিয়া হ’ল কলিযুগ,
দুখধাম৷ তাৰপাছত আকৌ সত্যযুগ আহিব৷ বিশ্বৰ বুৰঞ্জী-ভূগোল পুনৰাবৃত্তি হয় নহয়৷
সত্যযুগত পুনৰ এই লক্ষ্মী-নাৰায়ণৰে ৰাজ্য লাগে৷ এই চক্ৰ পুনৰাবৃত্তি হৈয়ে থাকে৷
পিতাই বুজাইছে – তোমালোক নৰকবাসী হৈছা, এতিয়া পুনৰ স্বর্গবাসী হ’ব লাগে৷ তোমালোক
দেৱী-দেৱতাসকলৰ বহুত সৰু বৃক্ষ আছিল এতিয়া তোমালোকৰ স্মৃতি উদয় হৈছে, আমিয়েই 84
জন্ম লৈছোঁ৷ আমি গোটেই বিশ্বৰ মালিক আছিলোঁ, আকৌ পুনর্জন্ম লৈ আহিছোঁ৷ এতিয়া
তোমালোকৰ 84 জন্মৰ অন্তৰো অন্ত৷ জগতখন নতুনৰ পৰা পুৰণি নিশ্চয় হ’ব৷ নতুন জগত পাৱন
আছিল, এতিয়া পুৰণি পতিত জগত৷ কিমান দুখী কঙাল৷ ভাৰত বহুত চহকী আছিল৷ পৱিত্ৰ গৃহস্থ
আশ্ৰম আছিল৷ পৱিত্ৰ প্ৰবৃত্তি মার্গ আছিল, সম্পূর্ণ নির্বিকাৰী আছিল, সর্বগুণ
সম্পন্ন, 16 কলা সম্পূর্ণ আছিল৷ এই কথাবোৰ শাস্ত্ৰত নাই৷ শাস্ত্ৰ হ’ল ভক্তিমার্গৰ
বাবে৷ ভক্তিৰেই ৰীতি-প্ৰথা তাত আছে৷ পিতাক লগ পোৱাৰ ৰাস্তা শাস্ত্ৰৰ পৰা পোৱা নাযায়৷
বুজিও পায় – ভগৱান ইয়ালৈ আহিব লাগে আকৌ তাত গৈ পোৱাৰতো কথাই নাই৷ যজ্ঞ, তপ আদি কৰা
– সেয়া কোনো ৰাস্তা নহয়৷ ভগৱানক আহ্বানেই জনায় – আহা, আহি ৰাস্তা দেখুওৱা৷ আমি আত্মা
তমোপ্ৰধান হৈ গৈছোঁ, যাৰ বাবে উৰিব নোৱাৰোঁ অর্থাৎ পিতাৰ ওচৰলৈ যাব নোৱাৰোঁ৷ এনেয়েতো
আত্মাই এটা শৰীৰ এৰি অন্য এটা শৰীৰ লয়৷ ক’ৰপৰা ক’লৈ গুচি যায়৷ আমেৰিকালৈও যাব পাৰে৷
কোনোবাৰ কাৰোবাৰ লগত সম্বন্ধ থাকিলে তেতিয়া আত্মা তৎক্ষণাৎ ছেকেণ্ডত তালৈ উৰিব৷ বাকী
উৰি নিজৰ ঘৰলৈ উভতি যাব, এয়া হ’ব নোৱাৰে৷ পতিত তালৈ যাব নোৱাৰে, সেইবাবে মিনতি কৰে,
হে পতিত-পাৱন আহা৷ পিতা যেতিয়া আহে তেতিয়া আহি বুজায় – মই আহোঁৱে তেতিয়া, যেতিয়া
গোটেই জগতখন পতিত হয়৷ পতিত জগতত এজনো পাৱন নাই৷ মনুষ্যই ভাবে – গংগা পতিত-পাৱনী,
সেইবাবে স্নান কৰিবলৈ যায়৷ কিন্তু পানীৰ দ্বাৰাতো কোনো পাৱন হ’ব নোৱাৰে৷ পুৰণি
জগতখন হয়েই পতিত, নতুন জগতখন পাৱন৷ এতিয়া তোমালোক বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ ল’বলৈ
আহিছা৷ তোমালোক পুণ্য আত্মা হ’ব লাগে৷ তোমালোক আত্মা সতোপ্ৰধান আছিলা তোমালোকেই
এতিয়া তমোপ্ৰধান হৈছা৷ গংগা স্নানেৰে কোনেও সতোপ্ৰধান নহ’ব৷ পতিতক পাৱন কৰি তোলা –
এয়াতো পিতাৰহে কাম৷ বাকী সেই পানীৰ নদীতো সকলো ঠাইতে আছে৷ মেঘৰ পৰা পানী বৰষে,
সকলোৱে পায়৷ যদি পানীৰ নদীয়ে পাৱন কৰি তোলে, তেতিয়াতো সকলোকে পাৱন কৰি দিব৷ পাৱন
হোৱাৰ যুক্তি পিতাহে আহি এওঁ (ব্ৰহ্মা)ৰ দ্বাৰা শুনায়৷ এওঁৰ নিজৰ আত্মা আছে৷ পিতাই
কয় – মোৰ নিজৰ শৰীৰ নাই৷ কল্পই কল্পই তোমালোকক বুজাবলৈ এওঁৰ শৰীৰতে আহোঁ৷ তোমালোকে
নিজৰ জন্মক নাজানা৷ কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি কৈ দিয়ে৷
পিতাই কয় – এয়া 84
জন্মৰ চক্ৰ৷ 5 হাজাৰ বছৰত 84 লাখ জন্ম কোনেও ল’ব নোৱাৰে৷ সেয়েহে পিতাই বুজায় –
স্বর্গত তোমালোক 16 কলা সম্পূর্ণ আছিলা আকৌ 2 কলা কম হ’ল তাৰপাছত লাহে লাহে কম হৈ
গৈ থাকে৷ নতুন জগতখনেই আকৌ পুৰণি হয়৷ দ্বাপৰ কলিযুগক পতিত জগত বুলি কোৱা হয়৷ এই
কথাবোৰ কোনো শাস্ত্ৰত নাই৷ মোকেই জ্ঞানৰ সাগৰ বুলি কয়৷ মই জানো কোনো শাস্ত্ৰ পঢ়োঁ?
মই এই সৃষ্টিৰ আদি-মধ্য-অন্তক জানো৷ ভক্তিমার্গসকলৰ এই জ্ঞান থাকিব নোৱাৰে৷ সেই
সকলোবোৰ হ’ল ভক্তিৰ জ্ঞান৷ গায়নো কৰে, আমি পাপী, নীচ৷ আমাৰ কোনো গুণ নাই৷ নিজে দয়া
কৰক….. এওঁ (ব্ৰহ্মা)ৰ ওপৰত দয়া কৰিলে তেতিয়া মনুষ্যৰ পৰা দেৱতা হ’ল, ইয়াকে কোৱা হয়
উচ্চতকৈও উচ্চ ভাগ্য৷ স্কুললৈ ভাগ্য গঢ়িব যায়৷ কোনোবা জজ্, কোনোবা ইঞ্জিনিয়াৰ হয়৷
সেয়া হ’ল বিকাৰী ভাগ্য, ইয়াত তোমালোকৰ ঈশ্বৰৰ দ্বাৰা ভাগ্য গঢ়া হয়, সেইবাবে মিনতি
কৰে – দুখ-হর্তা সুখ-কর্তা, দেৱতা কৰি তুলিবলৈ পিতাৰ বাহিৰে আন কোনেও পঢ়াব নোৱাৰে৷
পিতাই বহি আত্মাসকলৰ লগত কথা পাতি আছে৷ আত্মাই কয় – এয়া মোৰ শৰীৰ৷ শৰীৰেতো নক’ব,
মোৰ আত্মা৷ শৰীৰৰ ভিতৰত আত্মা আছে, আত্মাই কয় – এয়া মোৰ শৰীৰ৷ মনুষ্যই কয় – মোৰ
আত্মাক দুখী নকৰিবা৷ আত্মা শৰীৰত নাথাকিলে তেতিয়া কথা ক’বও নোৱাৰে৷ আত্মাই কয় – মই
এটা শৰীৰ ত্যাগ কৰি অন্য এটা লওঁ৷ আমি নিশ্চয় 84 জন্ম ভোগ কৰিছোঁ, নৰকবাসী হৈছোঁ৷
এতিয়া পুনৰ তোমালোক স্বর্গবাসী হোৱাৰ পুৰুষার্থ কৰি আছা৷ স্বর্গবাসীতো পিতাইহে কৰি
তুলিব৷ স্বর্গ বুলি কোৱা হয় সত্যযুগক৷ এয়া যি কয় – অমুক স্বর্গবাসী হ’ল, এয়া মিছাকৈ
কয়৷ এয়াতো নৰক৷ কোনোবা মৰিলে তেতিয়া কয় – স্বর্গলৈ গ’ল তেন্তে আকৌ নৰকলৈ কিয় মাতে
যে আহি খাদ্য খোৱা৷ স্বর্গততো তেওঁলোকে বহুত বৈভৱ পায় তেন্তে তোমালোকে নৰকলৈ কিয়
মাতা? মনুষ্যৰ ইমানখিনিও বোধশক্তি নাই৷ পিতাই বহি বুজায় – এতিয়া এই কলিযুগ সমাপ্ত
হ’ব, ইয়াত জুই লাগিব৷ এই সকলোবোৰ নাশ হৈ যাব৷ তোমালোক সন্তানসকল যিসকলে পিতাৰ পৰা
উত্তৰাধিকাৰ লোৱা, সেইসকলে সত্যযুগত আহি ৰাজত্ব কৰিবা৷ এই লক্ষ্মী-নাৰায়ণক এই
উত্তৰাধিকাৰ কোনে দিলে? পিতাই৷ তোমালোক এতিয়া পিতাৰ দ্বাৰা যোগ্য হৈ আছা৷ তোমালোকে
ক’বা – আমি নৰকবাসীৰ পৰা স্বর্গবাসী হৈ আছোঁ৷ পিতাই কয় – মই স্বর্গবাসী নহওঁ৷ মইতো
পৰমধামত থাকোঁ৷ নৰকবাসী-স্বর্গবাসী তোমালোক হোৱা৷ আত্মাৰ নিবাস স্থান হৈছে
শান্তিধাম আকৌ তোমালোক সুখধামলৈ আহা৷ এয়া হয়েই দুখধাম, ইয়াৰ এতিয়া বিনাশ হ’ব৷ এয়া
কোনেও নাজানে যে ভগৱান ব্ৰহ্মাৰ শৰীৰত আহি ৰাজযোগ শিকায়৷ তেওঁলোকে ভাবে যে
শ্ৰীকৃষ্ণ আহিল, শ্ৰীকৃষ্ণৰ শৰীৰৰ দ্বাৰা বুলিও নকয়৷ শ্ৰীকৃষ্ণক ভগৱান বুলি ক’ব
নোৱাৰি৷ তেওঁতো বিশ্বৰ মালিক৷ মুক্তিদাতা সকলোৰে এজন, তেওঁ হ’ল চুপ্ৰিম আত্মা, পৰম
আত্মা৷ জগতত কোনো সৎসংগ নাই, য’ত এনেকৈ ভাবিব যে আমি পিতাৰ পৰা স্বর্গৰ উত্তৰাধিকাৰ
লওঁ৷ পতিতৰ পৰা পাৱন কৰি তোলোঁতাতো এজনেই পিতা৷ পিতাই কয় – মই তোমালোকৰ সঁচা গুৰু,
তোমালোকক পাৱন কৰি তোলোঁ৷ বাকী গংগাৰ পানীয়ে পাৱন কৰি তুলিব নোৱাৰে৷ এয়া হয়েই
পাপাত্মাসকলৰ জগত৷ যিয়েই নকৰক ছিৰি অৱনমিত হ’বই লাগে৷ সতোপ্ৰধানৰ পৰা তমোপ্ৰধান
হ’বই লাগে৷ তোমালোকে ভক্তি নকৰা৷ হায়! ৰাম বুলিও নোকোৱা৷ তেওঁতো তোমালোকৰ পিতা হয়,
তোমালোকক পঢ়াই আছে৷ হে ভগৱান আহা, হে ৰাম বুলিও ক’ব নালাগে৷ কিন্তু বহুতৰে এইটো
অভ্যাস হৈ গৈছে সেয়েহে শব্দটি ওলাই যায়৷ তোমালোকক পিতাই কয় – মোক স্মৰণ কৰা তেতিয়া
বিকর্ম বিনাশ হ’ব আৰু তোমালোক মোৰ ওচৰলৈ আহি যাবা৷ স্মৰণ এজনকে কৰিব লাগে৷
পিতাই কয় – এয়া
তোমালোকৰ অন্তিম জন্ম৷ এতিয়া উত্তৰাধিকাৰ ল’লা মানে ল’লা, পাছত কেতিয়াও পাব নোৱাৰা৷
পিতাই বুজাইছে, এয়া যি নিজকে হিন্দু বুলি কয়, তেওঁলোক প্ৰকৃততে দেৱী-দেৱতা
ধর্মাৱলম্বীৰ৷ খ্ৰীষ্টান ধর্মাৱলম্বীসকলে কেতিয়াও নাম সলনি নকৰে৷ তমোপ্ৰধান হ’লেও
তথাপিও খ্ৰীষ্টান ধর্মৰে হয়৷ তোমালোক দেৱী-দেৱতা হোৱা কিন্তু পতিত হোৱা বাবে নিজক
হিন্দু বুলি কৈ দিয়া, নিজক দেৱতা বুলি ক’ব নোৱাৰা৷ এইটো পাহৰি গৈছা যে আমি প্ৰকৃততে
দেৱী-দেৱতা আছিলোঁ৷ নিজক দেৱতা ধর্মৰ বুলি কোনেও নকয় কিয়নো বিকাৰী হয়৷ এয়া হ’ল
দেহ-অভিমান৷ সন্তানসকলক বহুত ভালদৰে বুজোৱা হয়৷ ইয়াত কোনো সাধু-সন্ত আদি নাই৷ মই
বেপাৰী, অমুক – এই সকলোবোৰ হ’ল দেহ-অভিমান৷ এতিয়া তোমালোক দেহী-অভিমানী হ’ব লাগে৷
দেহী-অভিমানী হোৱাতে পৰিশ্ৰম হয়৷ তোমালোকে পিতাৰ পৰা উত্তৰাধিকাৰ ল’বলৈ হ’লে পিতাক
স্মৰণ কৰিব লাগে৷ কাম কৰি যোৱা, অন্তৰেৰে মিত্ৰক (পিতাক) স্মৰণ কৰা…..৷ তোমালোক সকলো
এজন প্ৰেমিকৰ প্ৰেমিকা৷ সকলোৰে সৎগতিদাতা এজন প্ৰেমিক৷ তেওঁ তেতিয়াই আহে যেতিয়া
সকলোৱে সৎগতি লাভ কৰে, স্বর্গৰ স্থাপনা হয়, দুখৰ নাম-চিহ্ন নাইকিয়া হৈ যায়৷ এতিয়া
তোমালোক সন্তানসকল ইয়ালৈ আহিছা – বেহদৰ পিতাৰ পৰা 21 জন্মৰ বাবে সৰ্বদা স্বর্গৰ
সুখৰ উত্তৰাধিকাৰ পাবলৈ৷ আন কোনো মনুষ্য মাত্ৰেই কাকো স্বর্গৰ মালিক কৰি তুলিব
নোৱাৰে৷ শিৱবাবা ভাৰততে আহি ভাৰতক স্বর্গ কৰি তোলে৷ শিৱ জয়ন্তীও পালন কৰে কিন্তু
পাহৰি গৈছে যে বাবাৰ পৰা আমি স্বর্গৰ উত্তৰাধিকাৰ লাভ কৰোঁ৷ ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পঢ়াৰ
আধাৰত নিজৰ ভাগ্য উচ্চ কৰি গঢ়িব লাগে, মনুষ্যৰ পৰা দেৱতা হ’ব লাগে৷ পাৱন হৈ ঘৰলৈ
উভতি যাব লাগে আকৌ নতুন জগতলৈ আহিব লাগে৷
(2) হাতেৰে কাম কৰি –
এজন পিতাৰ স্মৃতিত থাকিব লাগে৷ কোনো ওলোটা কথা শুনিবও নালাগে, শুনাবও নালাগে৷
বৰদান:
সদায় নিজৰ
পৱিত্ৰ স্বৰূপত স্থিৰ হৈ গুণৰূপী মুকুতা গ্ৰহণ কৰোঁতা পৱিত্ৰ হংস হোৱা
তোমালোক পৱিত্ৰ হংসৰ
স্বৰূপ হৈছে পৱিত্ৰ আৰু কৰ্তব্য হৈছে সদায় গুণৰূপী মুকুতা গ্ৰহণ কৰা। অৱগুণ ৰূপী
পাথৰ কেতিয়াও বুদ্ধিয়ে যাতে স্বীকাৰ নকৰে। কিন্তু এইটো কৰ্তব্য পালন কৰিবৰ বাবে
সদায় এটা আজ্ঞা যাতে স্মৃতিত থাকে যে বেয়া চিন্তন কৰিব নালাগে, বেয়া শুনিব নালাগে,
বেয়া চাব নালাগে, বেয়া ক’ব নালাগে... যিয়ে এইটো আজ্ঞা সদায় স্মৃতিত ৰাখে তেওঁ সদায়
সাগৰৰ দাঁতিত থাকে। হংসৰ ঠিকনাই হৈছে সাগৰ।
স্লোগান:
চলোঁতে-ফুৰোঁতে ফৰিস্তা স্বৰূপত থকা - এয়াই পিতা ব্ৰহ্মাৰ অন্তৰ-পছন্দ উপহাৰ।
অব্যক্ত ইংগিত: সদায়
অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা
সদায় অটল-অটল হৈ
থকাৰ বাবে স্ব-উন্নতি আৰু সেৱাৰ উন্নতিত সদায় ব্যস্ত হৈ থাকা আৰু সকলোৰে প্ৰতি শুভ
ভাৱনা ৰাখা। সম্বন্ধৰ আধাৰত ভূমিকা নহয়, সেৱাৰ সম্বন্ধৰে ভূমিকা পালন কৰা।
দ্বিতীয়তে, বিনাশী সাধনসমূহক আলম্বন বা আধাৰ কৰি নল’বা। এয়া সকলো সেৱাৰ প্ৰতি
নিমিত্তহে। সেৱাৰ অৰ্থে কামত ব্যৱহাৰ কৰিলা আৰু উৰ্দ্ধত গুচি গ’লা। সাধনৰ আকৰ্ষণত
মন আকৰ্ষিত হোৱা অনুচিত।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]