28.07.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সকলোকে এইটোৱে আনন্দৰ বাৰ্তা দিয়া যে এতিয়া পুনৰাই বিশ্বত শান্তি স্থাপনা হৈ আছে, পিতা এক আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহিছে”

প্ৰশ্ন:
তোমালোক সন্তানসকলক বাৰে বাৰে স্মৃতিত থকাৰ ইংগিত কিয় দিয়া হয়?

উত্তৰ:
কিয়নো সৰ্বদা স্বাস্থ্যৱান আৰু সৰ্বদা পাৱন হ'বলৈ মুখ্য হৈছেই স্মৃতি সেইবাবে যেতিয়াই সময় পোৱা স্মৃতিত থাকা। পুৱাতে স্নান আদি কৰি আকৌ একান্তত চক্র লগোৱা বা বহি যোৱা। ইয়াততো উপাৰ্জনেই উপাৰ্জন। স্মৃতিৰ দ্বাৰাহে বিশ্বৰ মালিক হৈ যাবাগৈ।

ওঁম্ শান্তি।
মৰমৰ সন্তানসকলে জানে যে এই সময়ত সকলোৱে বিশ্বত শান্তি বিচাৰে, এইটো আৱাজ শুনি থাকে যে বিশ্বত শান্তি কেনেকৈ হ'ব? কিন্তু বিশ্বত শান্তি কেতিয়া আছিল যাৰ বাবে এতিয়া আকৌ বিচাৰে - এইটো কোনেও নাজানে। তোমালোক সন্তানসকলেহে জানা যে যেতিয়া এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল তেতিয়া বিশ্বত শান্তি আছিল। এতিয়াও লক্ষ্মী-নাৰায়ণৰ মন্দিৰ নিৰ্মাণ কৰি থাকে। তোমালোকে যিকোনো লোককে এইটো ক'ব পাৰা যে বিশ্বত শান্তি 5 হাজাৰ বছৰ পূৰ্বে আছিল, এতিয়া পুনৰ প্ৰতিষ্ঠা হৈ আছে। কোনে প্ৰতিষ্ঠা কৰে? এইটো মনুষ্যই নাজানে। তোমালোক সন্তানসকলক পিতাই বুজাইছে, তোমালোকে যিকোনো লোককে বুজাব পাৰা। তোমালোকে লিখিব পাৰা। কিন্তু এতিয়ালৈকে কাৰো সাহস হোৱা নাই যে কাৰোবালৈ লিখিব। বাতৰিকাকতৰ খবৰতো শুনে - সকলোৱে কয় বিশ্বত শান্তি হওঁক। যুদ্ধ আদি হ'লে তেতিয়া মনুষ্যই বিশ্বত শান্তিৰ বাবে যজ্ঞ ৰচিব। কি যজ্ঞ? ৰুদ্র যজ্ঞ ৰচিব। এতিয়া সন্তানসকলে জানে যে এতিয়া পিতাই যাক ৰুদ্র শিৱ বুলিও কোৱা হয়, তেওঁ জ্ঞান যজ্ঞ ৰচিছে। বিশ্বত শান্তি এতিয়া প্ৰতিষ্ঠা হৈ আছে। সত্যযুগ নতুন সৃষ্টিত য'ত শান্তি আছিল নিশ্চয় ৰাজত্ব কৰোঁতাও থাকিব। নিৰাকাৰী সৃষ্টিৰ ক্ষেত্রততো নকয় যে বিশ্বত শান্তি হওঁক। তাততো হয়েই শান্তি। বিশ্ব হৈছে মনুষ্যৰ। নিৰাকাৰী সৃষ্টিক বিশ্ব বুলি কোৱা নহয়। সেইখন হৈছে শান্তিধাম। বাবাই বাৰে বাৰে বুজাই থাকে তথাপিও কোনো কোনোৱে পাহৰি যায়, কোনো কোনোৰ বুদ্ধিত থাকে তেওঁলোকে বুজাব পাৰে। বিশ্বত শান্তি কেনেকৈ প্ৰতিষ্ঠা হৈছিল, এতিয়া পুনৰ কেনেকৈ প্ৰতিষ্ঠা হৈ আছে - এয়া কাৰোবাক বুজোৱা বহুত সহজ। ভাৰতত যেতিয়া আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ ৰাজ্য আছিল তেতিয়া এটাই ধৰ্ম আছিল। বিশ্বত শান্তি আছিল, এয়া বহুত সহজে বুজাব পৰা আৰু লিখিব পৰা কথা। ডাঙৰ ডাঙৰ মন্দিৰ নিৰ্মাণ কৰোঁতাসকলকো তোমালোকে লিখিব পাৰা - বিশ্বত শান্তি আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে আছিল, যেতিয়া এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) ৰাজত্ব আছিল, যাৰ মন্দিৰ তোমালোকে নিৰ্মাণ কৰোৱা। ভাৰততে এওঁলোকৰ ৰাজত্ব আছিল অন্য কোনো ধৰ্ম নাছিল। এইটোতো সহজ হয় আৰু সাধাৰণ জ্ঞানৰ কথা। ড্রামা অনুসৰি আগলৈ গৈ সকলো বুজি পাব। তোমালোকে এইটো আনন্দৰ বাৰ্তা সকলোকে দিব পাৰা, সুন্দৰ কাৰ্ডত ছপাও কৰিব পাৰা। বিশ্বত শান্তি আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে আছিল, যেতিয়া নতুন সৃষ্টি নতুন ভাৰত আছিল। লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল। এতিয়া পুনৰ বিশ্বত শান্তি প্ৰতিষ্ঠা হৈ আছে। এই কথাবোৰ স্মৰণ কৰিলেও তোমালোক সন্তানসকল বহুত আনন্দিত হ’ব লাগে। তোমালোকে জানা যে পিতাক স্মৰণ কৰিলেহে আমি বিশ্বৰ মালিক হ'মগৈ। সকলো নিৰ্ভৰ কৰে তোমালোক সন্তানসকলৰ পুৰুষাৰ্থৰ ওপৰত। বাবাই বুজাইছে - যিখিনি সময় পোৱা বাবাৰ স্মৃতিত থাকা। ৰাতিপুৱা স্নান কৰি আকৌ একান্তত চক্র লগোৱা বা বহি যোৱা। ইয়াততো উপাৰ্জনেই উপাৰ্জন কৰিব লাগে। সৰ্বদা স্বাস্থ্যৱান আৰু সৰ্বদা পাৱন হ'বৰ বাবেই স্মৃতি। ইয়াত যদিও সন্ন্যাসীসকল পৱিত্র তথাপিও বেমাৰ নিশ্চয় হয়। এইখন হয়েই ৰোগী সৃষ্টি। সেইখন হ’ল নিৰোগী সৃষ্টি। এয়াও তোমালোকে জানা। জগতত কোনোবাই কি জানে যে স্বৰ্গত সকলো নিৰোগী হয়। স্বৰ্গ বুলি কাক কোৱা হয়, কোনেও নাজানে। তোমালোকে এতিয়া জানা। বাবাই কয় – যাকেই লগ পোৱা তোমালোকে বুজাব পাৰা। ধৰি লোৱা কোনোবাই নিজকে ৰজা-ৰাণী বুলি কয়। এতিয়া ৰজা-ৰাণীতো কোনো নাই। কোৱা আপোনাকলোকতো এতিয়া ৰজা-ৰাণী নহয়। এইটো বুদ্ধিৰ পৰাও আঁতৰাব লাগে। মহাৰজা-মহাৰাণী শ্ৰী লক্ষ্মী-নাৰায়ণৰ ৰাজধানীতো এতিয়া স্থাপনা হৈ আছে। গতিকে নিশ্চয় ইয়াত কোনো ৰজা-ৰাণী থকা উচিত নহয়। আমি ৰজা-ৰাণী হওঁ - এইটোও পাহৰি যাওঁক। সাধাৰণ মনুষ্যৰ নিচিনাকৈ চলক। এওঁলোকৰ ওচৰততো ধন-সোণ আদি থাকে নহয়। এতিয়া আইন গৃহিত হৈ আছে এই সকলোবোৰ লৈ ল'ব। তেতিয়া সাধাৰণ মনুষ্যৰ নিচিনা হৈ যাব। এইবোৰ যুক্তিও ৰচি আছে। গায়নো আছে নহয়, কাৰোবাৰ ধূলিত পোত যাব, কাৰোবাৰ ৰজাই খাব.... এতিয়া ৰজাই কাৰো নাখায়। ৰজাতো নায়েই। প্রজায়ে প্রজাৰ খাই আছে। আজিকালিৰ ৰাজ্য বৰ আশ্চৰ্যজনক। যেতিয়া ৰজাসকলৰ নাম একেবাৰে নোহোৱা হৈ যায় তেতিয়া ৰাজধানী স্থাপনা হয়। এতিয়া তোমালোকে জানা - আমি তালৈ গৈ আছোঁ য'ত বিশ্বত শান্তি থাকে। হয়েই সুখধাম, সতোপ্রধান সৃষ্টি। আমি তালৈ যাবলৈ পুৰুষাৰ্থ কৰি আছোঁ। কন্যাসকলে জাকজমকতাৰে বহি বুজাব লাগে, কেৱল বাহিৰৰ কৃত্রিম জাকজমকতা নালাগে। আজিকালিতো কৃত্ৰিমো বহুত ওলাইছে নহয়। ইয়াততো পৰিপক্ক ব্ৰহ্মাকুমাৰ-কুমাৰীসকলৰ দৰকাৰ।

তোমালোক ব্ৰাহ্মণসকলে পিতা ব্ৰহ্মাৰ লগত বিশ্বত শান্তি প্ৰতিষ্ঠাৰ কাৰ্য কৰি আছা। এনেকৈ শান্তি প্ৰতিষ্ঠা কৰোঁতা সন্তানসকল বহুত শান্তচিত আৰু অমায়িক হোৱা উচিত কিয়নো এইটো জানে যে আমি বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিবৰ বাবে নিমিত্ত হৈছোঁ। গতিকে প্ৰথমে আমাৰ মাজত বহুত শান্তি থকা উচিত। বাৰ্তালাপো বহুত ধীৰেৰে, বহুত মাৰ্জিতভাৱে কৰিব লাগে। তোমালোক একেবাৰে গুপ্ত। তোমালোকৰ বুদ্ধিত অবিনাশী জ্ঞান ৰত্নৰ সম্পদ ভৰপূৰ হৈ আছে। পিতাৰ তোমালোক উত্তৰাধিকাৰী হোৱা নহয়। পিতাৰ ওচৰত যিমান সম্পদ আছে, তোমালোকেও পূৰা ভৰপূৰ কৰি লোৱা উচিত। সকলো সম্পদ তোমালোকৰ, কিন্তু সিমানখিনি সাহস নাথাকিলে তেন্তে ল’ব নোৱাৰে। লওঁতাসকলেই উচ্চ পদ পাব। কাৰোবাক বুজাবলৈ বহুত চখ থাকিব লাগে। আমি ভাৰতক পুনৰ স্বৰ্গ কৰি তুলিব লাগে। পেছাগত কাম-কাজ আদি কৰিও লগতে এইটো সেৱাও কৰিব লাগে সেইবাবে বাবাই সোনকালে কৰিবলৈ কয়। তথাপিও হয়তো ড্ৰামা অনুসৰিয়েই। প্ৰত্যেকে নিজৰ সময় অনুসৰি চলি আছে, সন্তানসকলকো পুৰুষাৰ্থ কৰোৱাই আছে। সন্তানসকলৰ নিশ্চয়তা আছে যে এতিয়া অলপ সময় বাকী আছে। এইটো আমাৰ অন্তিম জন্ম পুনৰ আমি স্বৰ্গত থাকিমগৈ। এইখন হৈছে দুখধাম পুনৰ সুখধাম হৈ যাব। স্থাপনা হ’বলৈ সময়তো লাগে নহয়। এই বিনাশ সৰু কথা জানো। যেনেকৈ নতুন ঘৰ নিৰ্মাণ কৰিলে তেতিয়া আকৌ নতুন ঘৰহে স্মৃতিলৈ আহে। সেয়া হৈছে হদৰ কথা, তাত জানো সম্বন্ধ আদি সলনি হৈ যায়। এয়াতো পুৰণি সৃষ্টিখনেই সলনি হৈ যাব আকৌ যিয়ে ভালদৰে পঢ়িব তেওঁলোক ৰাজকীয় কুলত আহিব। নহ’লে প্ৰজাত গুচি যাব। সন্তানসকল বহুত আনন্দিত হোৱা উচিত। বাবাই বুজাইছে - 50-60 জন্ম তোমালোকে সুখ পোৱা। দ্বাপৰতো তোমালোকৰ বহুত ধন থাকে। দুখতো পাছলৈ হয়। ৰজাসকলে যেতিয়া পৰস্পৰ যুদ্ধ কৰে, বিভাজিত হৈ যায় তেতিয়া দুখ আৰম্ভ হয়। প্ৰথমেতো শস্য আদিও বহুত সুলভ হয়। আকাল আদিও পাছলৈ হয়। তোমালোকৰ বহুত ধন থাকে। সতোপ্ৰধানৰ পৰা তমোপ্ৰধানত লাহে লাহে আহা। গতিকে তোমালোক সন্তানসকলৰ অন্তৰ বহুত আনন্দিত হৈ থকা উচিত। নিজৰেই যদি আনন্দ নাথাকে, শান্তি নাথাকে তেন্তে বিশ্বত কি শান্তি প্ৰতিষ্ঠা কৰিবা! বহুতৰে বুদ্ধিত অশান্তি থাকে। পিতা আহেই শান্তিৰ বৰদান দিবলৈ। তেওঁ কয় - মোক স্মৰণ কৰা তেতিয়া তমোপ্ৰধান হোৱাৰ বাবে আত্মা যি অশান্ত হৈ গৈছে সেয়া স্মৃতিৰে সতোপ্ৰধান শান্ত হৈ যাব। কিন্তু সন্তানসকলে স্মৃতিত থকাৰ পৰিশ্ৰম নকৰেই, স্মৃতিত নথকাৰ কাৰণেই আকৌ মায়াৰ ধুমুহা আহে। স্মৃতিত থাকি পূৰা পৱিত্র নহ’লে তেতিয়া শাস্তি খাবলগীয়া হ’ব। পদো ভ্ৰষ্ট হ’ব। এনেকৈ বুজিব নালাগে যে স্বৰ্গলৈতো যাম নহয়। হেৰ’, মাৰ খাই পাই-পইচাৰ সুখ পোৱা এইটো জানো কিবা ভাল কথা। মনুষ্যই উচ্চ পদ পাবলৈ কিমান পুৰুষাৰ্থ কৰে। এনেকুৱা নহয় যে যি পাম সেয়াই ভাল। এনেকুৱা কোনো নাথাকিব যিয়ে পুৰুষাৰ্থ নকৰিব। ভিক্ষা বিচৰা ফকিৰসকলেও নিজৰ কাৰণে পইচা একত্ৰিত কৰে। পইচাৰ বাবেতো সকলো ভোকাতুৰ। পইচাৰে সকলো কথাতে সুখ হয়। তোমালোক সন্তানসকলে জানা যে আমি বাবাৰ পৰা প্ৰচুৰ ধন লওঁ। পুৰুষাৰ্থ কমকৈ কৰিলে তেতিয়া ধনো কমকৈ পাবা। পিতাই ধন দিয়ে নহয়। এনেকৈ কয়ো যে ধন আছে যদি আমেৰিকা আদি পৰিক্ৰমা লগোৱা। তোমালোকে যিমানে পিতাক স্মৰণ কৰিবা আৰু সেৱা কৰিবা সিমানে সুখ পাবা। পিতাই প্ৰতিটো কথাতে পুৰুষাৰ্থ কৰায়, উচ্চ কৰি তোলে। বুজি পায় যে সন্তানসকলে আমাৰ কুলৰ নাম উজ্জ্বল কৰিব। তোমালোক সন্তানসকলেও ঈশ্বৰীয় কুলৰ, পিতাৰ নাম উজ্জ্বল কৰিব লাগে। এওঁ সত্য পিতা, সত্য শিক্ষক, সৎগুৰু হৈ গ’ল। উচ্চতকৈও উচ্চ পিতা উচ্চতকৈও উচ্চ সঁচা সৎগুৰুও হ’ল। এইটোও বুজাইছে যে গুৰু এজনেই, দ্বিতীয় কোনো নাই। সকলোৰে সৎগতি দাতা এজন। এইটোও তোমালোকে জানা। এতিয়া তোমালোক পাৰস (পৱিত্র) বুদ্ধিৰ হৈ আছা। পাৰসপুৰীৰ পাৰসনাথ ৰজা-ৰাণী হোৱাগৈ। কিমান সহজ কথা। ভাৰত স্বৰ্ণীম যুগী আছিল, বিশ্বত শান্তি আছিল - এইটো তোমালোকে এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰৰ দ্বাৰা বুজাব পাৰা। স্বৰ্গত শান্তি আছিল। এতিয়া হৈছে নৰক। ইয়াত অশান্তি আছে। স্বৰ্গত এই লক্ষ্মী-নাৰায়ণ থাকে নহয়। শ্ৰীকৃষ্ণক “ল’ৰ্ড কৃষ্ণ” বুলিও কয়। কৃষ্ণ ভগৱান বুলিও কয়। এতিয়া ‘ল’ৰ্ড’তো (মালিকতো) অনেক আছে, যাৰ ওচৰত বেছিকৈ ভূমি থাকে তেওঁকো “লেণ্ড ল’ৰ্ড” বুলি কোৱা হয়। শ্ৰীকৃষ্ণতো বিশ্বৰ ৰাজকুমাৰ আছিল, যিখন বিশ্বত শান্তি আছিল। এইটোও কোনেও গম নাপায় যে ৰাধা-কৃষ্ণই লক্ষ্মী-নাৰায়ণ হয়।

তোমালোকৰ বাবে জগতৰ লোকে কিমান কথা ৰচে, হুলস্থুলৰ সৃষ্টি কৰে, এনেকৈ কয় যে এওঁলোকে ভাই-ভনীৰ সম্বন্ধ গঢ়ি দিয়ে। বুজোৱা হয় যে প্ৰজাপিতা ব্ৰহ্মাৰ মুখ বংশাৱলী ব্ৰাহ্মণ, যাৰ বাবেই গায়ন কৰে যে ব্ৰাহ্মণ দেৱী-দেৱতায়ে নমঃ। ব্ৰাহ্মণেও তেওঁলোকক নমস্কাৰ জনায় কিয়নো তেওঁলোক হৈছে সঁচা ভাই-ভনী। পৱিত্র হৈ থাকে। তেন্তে পৱিত্রসকলক কিয়নো সন্মান নজনাব। কন্যা পৱিত্র হয় সেয়েহে তেওঁলোকৰো চৰণত পৰে। বাহিৰৰ দৰ্শনাৰ্থী আহিলে তেওঁলোকেও কন্যাক নমস্কাৰ জনাব। এই সময়ত কন্যাৰ ইমান সন্মান কিয় হৈছে? কিয়নো তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰী হোৱা নহয়। সংখ্যাগৰিষ্ঠতা তোমালোক কন্যাসকলৰেই। শিৱশক্তি পাণ্ডৱ সেনা বুলি গায়ন কৰা হৈছে। ইয়াত পুৰুষো আছে, সংখ্যাগৰিষ্ঠতা মাতাসকলৰ সেয়েহে গায়ন কৰা হয়। গতিকে যিসকলে ভালদৰে পঢ়ে তেওঁলোক উচ্চ হৈ যায়। এতিয়া তোমালোকে গোটেই বিশ্বৰ বুৰঞ্জী-ভূগোল জানি গৈছা। চক্ৰৰ ওপৰতো বুজোৱা বহুত সহজ। ভাৰত পাৰসপুৰী আছিল, এতিয়া হৈছে পাথৰপুৰী। তেন্তে সকলো পাথৰনাথ হৈ গ’লা নহয়। তোমালোক সন্তানসকলে এই 84ৰ চক্ৰকো জানা। এতিয়া ঘৰলৈ যাব লাগে গতিকে পিতাকো স্মৰণ কৰিব লাগে, যাৰ দ্বাৰা পাপ খণ্ডন হয়। কিন্তু সন্তানসকলে স্মৃতিত থকাৰ পুৰুষাৰ্থ নকৰেই কাৰণ অমনোযোগী হয়। ৰাতিপুৱা নুঠে। যদি উঠেও মজা নাপায়। টোপনি আহিবলৈ ধৰে সেয়েহে আকৌ শুই যায়। নিৰাশ হৈ যায়। বাবাই কয় - সন্তানসকল, এয়া যুদ্ধক্ষেত্ৰ হয় নহয়। ইয়াত নিৰাশ হ'ব নালাগে। স্মৃতিৰ বলেৰেহে মায়াৰ ওপৰত বিজয়ী হ'ব লাগে। এই ক্ষেত্ৰত পৰিশ্ৰম কৰিব লাগে। বহুত ভাল ভাল সন্তান আছে যিসকলে যথাৰ্থ ৰীতি স্মৰণ নকৰে, খতিয়ানৰ ৰাখিলে লাভ-লোকচানৰ বিষয়ে গম পোৱা যায়। এনেকৈ কয় যে খতিয়ান ৰখা অভ্যাসেতো মোৰ অৱস্থাত চমৎকাৰ আনি দিলে। এনেকৈ কোনোবা বিৰলজনেহে খতিয়ান ৰাখে। এই ক্ষেত্ৰতো বহুত পৰিশ্ৰম হয়। বহুত সেৱাকেন্দ্ৰত মিছলীয়াও গৈ বহে, বিকৰ্ম কৰি থাকে। পিতাৰ নিৰ্দেশনা মতে নচলিলে বহুত লোকচান কৰি দিয়ে। সন্তানসকলে জানো গম পায় যে নিৰাকাৰে (শিৱবাবাই) কয় নে সাকাৰে (ব্ৰহ্মাবাবাই) কয়? সন্তানসকলক বাৰে বাৰে বুজোৱা হয় - সদায় বুজিবা যে শিৱবাবাই নিৰ্দেশনা দিয়ে। তেতিয়া তোমালোকৰ বুদ্ধি তাত (শিৱবাবাৰ সৈতে) যুক্ত হৈ থাকিব।

আজি-কালি বাগদান হ'লে ফটো দেখুৱায়, খবৰ কাগজতো প্ৰকাশ কৰে যে এওঁৰ বাবে এনেকুৱা ঘৰৰ পাত্ৰ-পাত্ৰীৰ প্ৰয়োজন। সৃষ্টিৰ কি অৱস্থা হৈ গৈছে, কি হ'বলৈ আছে! তোমালোক সন্তানসকলে জানা অনেক প্ৰকাৰৰ মত আছে। তোমালোক ব্ৰাহ্মণসকলৰ হৈছে এক মত। বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ মত। তোমালোকে শ্ৰীমতত বিশ্বত শান্তি প্ৰতিষ্ঠা কৰা গতিকে সন্তানসকলো শান্তিত থাকিব লাগে। যি কৰিব সেয়াই পাব। নহ'লে বহুত লোকচান হয়। জন্ম-জন্মান্তৰলৈ লোকচান হয়। সন্তানসকলক কয় - নিজৰ লোকচান আৰু লাভ চোৱা। খতিয়ান চোৱা মই কাৰোবাক দুখতো নিদিলোঁ? পিতাই কয় - তোমালোকৰ এই সময় এটি এটি চেকেণ্ড অতিকৈ মূল্যৱান। শাস্তি ভূগী তেনেই কিছু প্ৰাপ্তি কৰা সেইটোনো কি ডাঙৰ কথা। তোমালোকেতো বহুত ধনৱান হ'ব বিচৰা নহয়। প্ৰথমে যিয়েই পূজ্য হয় তেওঁলোকেই পূজাৰী হ'বলগীয়া হয়। ইমান ধন থাকিব, সোমনাথৰ মন্দিৰ নিৰ্মাণ কৰিব তেতিয়াহে পূজা কৰিব। ইয়াৰো হিচাপ আছে। সন্তানসকলক তথাপি বুজায় - খতিয়ান ৰাখা তেতিয়া বহুত লাভ হ'ব। টুকি ৰাখিব লাগে। সকলোকে বাৰ্তা দি গৈ থাকা, চুপ হৈ বহি নাথাকিবা। ট্ৰেইনতো তোমালোকে বুজাই সাহিত্য দি দিয়া। কোৱা, এয়া কোটি কোটি মূল্যৰ সম্পদ। যেতিয়া ভাৰতত লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল তেতিয়া বিশ্বত শান্তি আছিল। এতিয়া পিতা পুনৰাই সেই ৰাজধানী স্থাপনা কৰিবলৈ আহিছে, তোমালোকে পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব আৰু বিশ্বত শান্তি হ'ব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আমি বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ নিমিত্ত ব্ৰাহ্মণ, আমি বহুত শান্তচিত হৈ থাকিব লাগে, বাৰ্তালাপ বহুত ধীৰে ধীৰে আৰু মাৰ্জিতভাৱে কৰিব লাগে।

(2) অমনোযোগিতা ত্যাগ কৰি স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰিব লাগে। কেতিয়াও নিৰাশ হ'ব নালাগে।

বৰদান:
পৰিস্থিতি ৰূপী কাকতলৈ ভয় কৰাৰ পৰিৱৰ্তে পূৰ্ণ বিৰাম লগাই সম্পূৰ্ণ উত্তীৰ্ণ হওঁতা সফলতাপূৰ্ণ হোৱা

যেতিয়া যিকোনো প্ৰকাৰৰ পৰিস্থিতি ৰূপী কাকত আহে তেতিয়া ভয়-ভীত নহ’বা, প্ৰশ্নসূচক চিহ্ন নলগাবা যে এয়া কিয় আহিল? এয়া ভাবি সময় নষ্ট নকৰিবা। প্ৰশ্নসূচক চিহ্ন সমাপ্ত আৰু পূৰ্ণ বিৰাম, তেতিয়া শ্ৰেণী পৰিৱৰ্তন হ’ব অৰ্থাৎ পৰিস্থিতি ৰূপী কাকতত উত্তীৰ্ণ হ’বা। পূৰ্ণ বিৰাম লগাওঁতাসকল সম্পূৰ্ণ উত্তীৰ্ণ হ’ব কিয়নো পূৰ্ণ বিৰাম হৈছে বিন্দু স্থিতি। দেখিও নাচাবা, শুনিও নুশুনিবা। পিতাই শুনোৱাখিনি শুনা, পিতাই যি দিছে সেয়া চোৱা তেতিয়া সম্পূৰ্ণ উত্তীৰ্ণ হৈ যাবা আৰু উত্তীৰ্ণ হোৱাৰ চিন হৈছে – সদায় আৰোহণ কলাৰ অনুভৱ কৰি সফলতাৰ তৰা হৈ যাব।

স্লোগান:
স্ব-উন্নতি কৰিবলৈ হ’লে প্ৰশ্ন, আনক শুধৰণি কৰা আৰু আনৰ উদ্ধৃতি দিয়াটো ত্যাগ কৰি নিজৰ সংযোগ ঠিকে ৰাখা।


অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা

অন্তিম সময়ত নিজৰ সুৰক্ষাৰ বাবে মনৰ শক্তিয়েই সাধন হ’ব। মনৰ শক্তিৰেহে নিজৰ অন্তিম সময় সুন্দৰ কৰাৰ নিমিত্ত হ’ব পাৰিবা, সেই সময়ত মনৰ শক্তি অৰ্থাৎ শ্ৰেষ্ঠ সংকল্প শক্তি, এজনৰ সৈতে বুদ্ধিৰ সংযোগ স্বচ্ছ হ’ব লাগে। বেহদৰ সেৱাৰ বাবে, নিজৰ সুৰক্ষাৰ বাবে মনৰ শক্তি আৰু নিৰ্ভীকতা শক্তি জমা কৰা।