28.08.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এতিয়া তোমালোকৰ শুনানি হৈছে, অৱশেষত সেই দিনটি আহি গ’ল যেতিয়া তোমালোক উত্তমতকৈও উত্তম পুৰুষ এই পুৰুষোত্তম সংগমযুগত হৈ আছা”

প্ৰশ্ন:
হৰা আৰু জিকাৰ লগত সম্বন্ধিত কোনটো এটা এনেকুৱা ভ্ৰষ্ট কৰ্ম আছে যিটোৱে মনুষ্যক দুখী কৰে?

উত্তৰ:
‘জুৱা’। বহুত মনুষ্যৰ জুৱা খেলাৰ অভ্যাস থাকে, এইটো ভ্ৰষ্ট কৰ্ম কিয়নো হাৰিলে দুখ, জিকিলে আনন্দিত হ’ব। তোমালোক সন্তানসকৰ প্ৰতি পিতাৰ আদেশ হৈছে – সন্তানসকল, দৈৱী কৰ্ম কৰা। এনেকুৱা কোনো কৰ্ম নকৰিবা য’ত সময় নষ্ট হয়। সদায় বেহদৰ সফলতা প্ৰাপ্তিৰ বাবে পুৰুষাৰ্থ কৰা।

গীত:
আখিৰ ৱহ দিন আয়া আজ... (অৱশেষত সেই দিনটি আজি আহিল...)

ওঁম্শান্তি।
দুবাৰ ওঁম্‌ শান্তি। তোমালোক সন্তানসকলেও ক’ব লাগে ‘ওঁম্‌ শান্তি’। ইয়াত আকৌ দুবাৰ ওঁম্‌ শান্তি। এবাৰ পৰম আত্মাই (শিৱবাবাই) কয় ‘ওঁম্‌ শান্তি’, দ্বিতীয়বাৰ এই দাদাই (ব্ৰহ্মা বাবাই) কয় ‘ওঁম্‌ শান্তি’। আকৌ তোমালোক সন্তানসকলেও কোৱা আমি আত্মা শান্ত স্বৰূপ হওঁ, বাসিন্দাও শান্তি দেশৰ। ইয়ালৈ এই স্থূল দেশত ভূমিকা পালন কৰিবলৈ আহিছোঁ। এই কথাবোৰ আত্মাসকলে পাহৰি গৈছে আকৌ অৱশেষত সেই দিনটিতো নিশ্চয় আহিছে, যেতিয়া শুনানি হয়। কেনেকুৱা শুনানি? এনেকৈ কয় – বাবা দুখ হৰণ কৰি সুখ দিয়ক। প্ৰত্যেক মনুষ্যই সুখ-শান্তিহে পছন্দ কৰে। পিতাও গৰিবৰ ত্ৰাণকৰ্তা। এই সময়ত ভাৰত একেবাৰে গৰিব। সন্তানসকলে জানে – আমি একেবাৰে ধনৱান আছিলোঁ। এয়াও তোমালোক ব্ৰাহ্মণ সন্তানসকলে জানা, বাকীতো সকলো জংঘলত আছে। তোমালোক সন্তানসকলৰো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি নিশ্চয়তা আছে। তোমালোকে জানা – এয়া হ’ল শ্ৰী শ্ৰী, এওঁৰ মতো শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। ভগৱানুবাচ হয় নহয়। মনুষ্যইতো ৰাম ৰাম বুলি এনেকৈ সুৰ লগাই গায় যেন বাজনা বাজে। এতিয়া ৰামতো ত্ৰেতাৰ ৰজা আছিল, তেওঁৰ মহিমা শ্ৰেষ্ঠ আছিল। 14 কলা আছিল। দুটা কলা কম, তেওঁৰ বাবেও গায় – ৰাম ৰজা, ৰাম প্ৰজা... তোমালোক ধনৱান হোৱা নহয়। ৰামতকৈ বেছি ধনৱান আকৌ লক্ষ্মী-নাৰায়ণ হ’ব। ৰজাক অন্নদাতা বুলি কয়। পিতাও দাতা হয়, তেওঁ সকলো দিয়ে, সন্তানসকলক বিশ্বৰ মালিক কৰি তোলে। তাত কোনো অপ্ৰাপ্ত বস্তু নাথাকে, যাৰ বাবে পাপ কৰিবলগীয়া হ’ব। তাত পাপৰ নাম নাথাকে। আধাকল্প হ’ল দৈৱী ৰাজ্য আকৌ আধকল্প আসুৰি ৰাজ্য। অসুৰ অৰ্থাৎ যাৰ দেহ-অভিমান থাকে, 5 বিকাৰ থাকে।

এতিয়া তোমালোক আহিছা নাৱৰীয়া অথবা বাগিচাৰ মালিকৰ ওচৰলৈ। তোমালোকে জানা – আমি পোনপটীয়াভাৱে তেওঁৰ ওচৰত বহি আছোঁ। তোমালোক সন্তানসকলেও বহি বহিয়ে পাহৰি যোৱা। ভগৱানে যি আদেশ দিয়ে সেয়া মনা উচিত নহয় জানো। প্ৰথমেতো তেওঁ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ কৰি গঢ়ি তুলিবলৈ শ্ৰীমত দিয়ে। তেন্তে মতত চলিব লাগে নহয়। প্ৰথম মত দিয়ে – দেহী-অভিমানী হোৱা। বাবাই আমাক আত্মাসকলক পঢ়ায়। এইটো দৃঢ়ভাৱে স্মৰণ কৰা। এইষাৰ কথা স্মৰণ কৰিলেও নাও পাৰ হ’ব। সন্তানসকলক বুজাইছে – তোমালোকেহে 84 জন্ম লোৱা। তোমালোকহে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱা। এই সৃষ্টিখনতো পতিত দুখী। স্বৰ্গক কোৱা হয় সুখধাম। সন্তানসকলে জানে শিৱবাবা, ভগৱানে আমাক পঢ়ায়। আমি তেওঁৰ শিক্ষাৰ্থী। তেওঁ পিতাও হয়, শিক্ষকো হয়, গাতিকে ভালদৰে পঢ়াও উচিত। দৈৱী কৰ্মও কৰিব লাগে। কোনো ভ্ৰষ্ট কৰ্ম কৰা অনুচিত। ভ্ৰষ্ট কৰ্মৰ ভিতৰত জুৱাও আহি যায়। ইয়ো দুখ দিয়ে। হাৰিলে দুখ হ’ব, জিকিলে আনন্দিত হ’ব। এতিয়া তোমালোক সন্তানসকলে মায়াৰ লগত বেহদৰ হাৰ খাইছা। এয়াও বেহদৰ হৰা আৰু জিকাৰ খেল। 5 বিকাৰৰূপী ৰাৱণৰ লগত হৰা মানে হাৰি যোৱা, তাৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। মায়াৰ লগত হৰা মানে হাৰি যোৱা। এতিয়া তোমালোক সন্তানসকলৰ জয় হ’ব। এতিয়া তোমালোকেও জুৱা আদি সকলো ত্যাগ কৰা উচিত। এতিয়া বেহদৰ বিজয়ী হোৱাৰ ওপৰত সম্পূৰ্ণ মনোযোগ দিয়া উচিত। কোনো এনেকুৱা কৰ্ম কৰিব নালাগে, সময় নষ্ট কৰিব নালাগে। বেহদৰ বিজয়ী হোৱাৰ বাবে পুৰুষাৰ্থ কৰিব লাগে। কৰাওঁতা পিতা সমৰ্থ হয়। তেওঁ হ’ল সৰ্বশক্তিমান। এয়াও বুজাইছে - কেৱল পিতাই সৰ্বশক্তিমান নহয়। ৰাৱণো সৰ্বশক্তিমান। আধাকল্প ৰাৱণৰাজ্য, আধাকল্প ৰামৰাজ্য চলে। এতিয়া তোমালোকে ৰাৱণৰ ওপৰত বিজয়ী হোৱা। এতিয়া সেই হদৰ কথাবোৰ এৰি বেহদত লাগি যাব লাগে। নাৱৰীয়া আহিছে। অৱশেষত সেই দিনটিতো আহিল নহয়। উচ্চতকৈও উচ্চ পিতাৰ ওচৰত প্ৰাৰ্থনাৰ শুনানি হয়। পিতাই কয় – সন্তানসকল, তোমালোকে আধকল্প বহুত হাবাথুৰি খাইছা। পতিত হৈ গৈছা। পাৱন ভাৰত শিৱালয় আছিল। তোমালোক শিৱালয়ত আছিলা। এতিয়া তোমালোক বেশ্যালয়ত আছা। তোমালোকে শিৱালয়ত থকাসকলক পূজা কৰা। ইয়াত এই অনেক ধৰ্মৰ কিমান ভীষণ যুদ্ধ। পিতাই কয় – এই সকলোকে মই নাশ কৰি দিওঁ। সকলোৰে বিনাশ হ’ব অন্য ধৰ্ম প্ৰতিষ্ঠাপকসকলে বিনাশ নকৰে। তেওঁলোক সৎগতি দিওঁতা গুৰুও নহয়। সৎগতি জ্ঞানেৰে হয়। সকলোৰে সৎগতিদাতা জ্ঞান সাগৰ পিতাহে হয়। এই কথাষাৰ ভালদৰে টুকি ৰাখা। বহুত আছে যিসকলে ইয়াত শুনে, বাহিৰলৈ গ’লে তেতিয়া ইয়াৰ কথা ইয়াতে থাকি যায়। যেনেকৈ গৰ্ভ কাৰাগাৰত কয় – মই পাপ নকৰোঁ। বাহিৰলৈ ওলাল, বচ্‌ তাৰ কথা তাতে থাকিল। অলপ ডাঙৰ হ’ল আৰু পাপ কৰিবলৈ লাগি গ’ল। কাম-কটাৰী চলায়। সত্যযুগততো গৰ্ভও মহল হয়। সেয়েহে পিতাই বুজায় – অৱশেষত সেই দিনটি আজি আহিল। কোনটো দিন? পুৰুষোত্তম সংগমযুগৰ। যাৰ বিষয়ে কোনেও গম নাপায়। সন্তানসকলে অনুভৱ কৰে আমি পুৰুষোত্তম হওঁ। উত্তমতকৈও উত্তম পুৰুষ আমিয়েই আছিলোঁ, শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ ধৰ্ম আছিল। কৰ্মও শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ আছিল। ৰাৱণৰাজ্যই নাথাকে। অৱশেষত সেই দিনটি আহিল যেতিয়া পিতা পঢ়াবলৈ আহিছে। তেওঁ পতিত-পাৱন হয়। গতিকে এনেহেন পিতাৰ শ্ৰীমতত চলা উচিত নহয় জানো। এতিয়া হ’ল কলিযুগৰ অন্ত। পাৱন হ’বলৈ অলপ সময়ৰো প্ৰয়োজন হয় নহয়। 60 বছৰৰ পাছত বানপ্ৰস্থ বুলি কয়। 60 বছৰ হ’লে লাখুটিৰ প্ৰয়োজন হয়। এতিয়া চোৱা 80 (আশী) বছৰীয়াসকলেও বিকাৰ ত্যাগ নকৰে। পিতাই কয় – মই এওঁৰ (ব্ৰহ্মাৰ) বানপ্ৰস্থ অৱস্থাত প্ৰৱেশ কৰি এওঁক বুজাওঁ। আত্মাহে পৱিত্ৰ হৈ সিপাৰলৈ যায়। আত্মাহে উৰে। এতিয়া আত্মাৰ ডেউকা কটা গৈছে। উৰিব নোৱাৰে। ৰাৱণে ডেউকা কাটি দিছে। পতিত হৈ গৈছে। কোনো এজনো উভতি যাব নোৱাৰে। প্ৰথমেতো পৰম পিতা যোৱা উচিত। শিৱৰ বৰযাত্ৰী বুলি কয় নহয়। শংকৰৰ বৰযাত্ৰী নাথাকে। পিতাৰ পিছে পিছে আমি সন্তানসকল যাওঁ। পিতা লৈ যাবলৈ আহিছে। শৰীৰ সহিততো লৈ নাযাব নহয়। সকলো আত্মা পতিত। যেতিয়ালৈকে পৱিত্ৰ নহয় তেতিয়ালৈকে উভতি যাব নোৱাৰে। পৱিত্ৰতা আছিল তেতিয়া শান্তি আৰু সমৃদ্ধি আছিল। কেৱল তোমালোক আদি সনাতন দেৱী-দেৱতা ধৰ্মাৱলম্বীসকলহে আছিলা। এতিয়া আন সকলো ধৰ্মাৱলম্বী আছে। দৈৱী ধৰ্ম নাই। ইয়াক কল্পবৃক্ষ বুলি কোৱা হয়। বট বৃক্ষৰ লগত ইয়াৰ তুলনা কৰা হয়। মূল শিপা নাই। বাকী গোটেই বৃক্ষ থিয় হৈ আছে। ঠিক তেনেকৈ এতিয়া দেৱী-দেৱতা ধৰ্মৰ আধাৰ নাই। বাকী গোটেই বৃক্ষ থিয় হৈ আছে। নিশ্চয় আছিল কিন্তু প্ৰায় লোপ হৈ গৈছে আকৌ পুনৰাবৃত্তি হ’ব। পিতাই কয় – মই আকৌ আহোঁ এক ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ, বাকী সকলো ধৰ্ম বিনাশ হৈ যায়। নহ’লেনো সৃষ্টি চক্ৰ কেনেকৈ ঘূৰিব? কোৱাও হয় বিশ্বৰ ইতিহাস-ভূগোল পুনৰাবৃত্তি হয়। এতিয়া পুৰণি সৃষ্টি, পুনৰ নতুন সৃষ্টি পুনৰাবৃত্তি হ’ব। এই পুৰণি সৃষ্টি পৰিৱৰ্তন হৈ নতুন সৃষ্টি স্থাপনা হ’ব। এই ভাৰতেই নতুনৰ পৰা পুৰণি হয়। এনেকৈ কয় - যমুনাৰ পাৰত পৰিস্থান আছিল। বাবাই কয় – তোমালোক কাম চিতাত বহি কবৰস্থানী হৈ গৈছা। পুনৰ তোমালোকক পৰিস্থানী কৰি তোলো। শ্ৰীকৃষ্ণক শ্যাম-সুন্দৰ বুলি কয় – কিয়? কাৰো বুদ্ধিত নাই। নামতো ভালেই নহয়। ৰাধা আৰু কৃষ্ণ – এওঁলোক হ’ল নতুন বিশ্বৰ ৰাজকুমাৰ-ৰাজকুমাৰী। পিতাই কয় – কাম চিতাত বহা বাবে লৌহ যুগত আছে। গায়নো কৰা হৈছে, সাগৰৰ সন্তান কাম চিতাত বহি জ্বলি মৰিল। এতিয়া পিতাই সকলোৰে ওপৰত জ্ঞান বৰষে। পুনৰ সকলো স্বৰ্ণিম যুগত গুচি যাব। এতিয়া হ’ল সংগমযুগ। তোমালোকে অবিনাশী জ্ঞান ৰত্ন দান পোৱা, যাৰ দ্বাৰা তোমালোক ধনৱান হোৱা। এই এটি এটি ৰত্ন লাখ টকাৰ মূল্যৰ। তেওঁলোকে আকৌ ভাবে – শাস্ত্ৰৰ বাণীবোৰ লাখ টকাৰ মূল্যৰ। তোমালোক সন্তানসকল এই পঢ়াৰ দ্বাৰা পদমপতি হোৱা। উপাৰ্জনৰ উৎস হয় নহয়। এই জ্ঞান ৰত্নবোৰ তোমালোকে ধাৰণ কৰা। জোলোঙা ভৰপূৰ কৰা। তেওঁলোকে আকৌ শংকৰৰ ক্ষেত্ৰত কয় – হে বম বম মহাদেৱ, জোলোঙা ভৰপূৰ কৰি দিয়া। শংকৰক কিমান অপবাদ জাপি দিছে। ব্ৰহ্মা আৰু বিষ্ণুৰ ভূমিকা ইয়াত আছে। এয়াও তোমালোকে জানা 84 জন্ম বিষ্ণুৰ বাবেও কোৱা হয়, লক্ষ্মী-নাৰায়ণৰ বাবেও কোৱা হয়। তোমালোকে ব্ৰহ্মাৰ বাবেও ক’বা। পিতাই বহি বুজায় – শুদ্ধ কি, অশুদ্ধ কি, ব্ৰহ্মা আৰু বিষ্ণুৰ ভূমিকা কি। তোমালোকেই দেৱতা আছিলা, চক্ৰ পৰিক্ৰমা লগালা ব্ৰাহ্মণ হ’লা পুনৰ এতিয়া দেৱতা হোৱা। গোটেই ভূমিকা ইয়াতেই পালন কৰা হয়। বৈকুণ্ঠৰ খেল-ধেমালি চায়। ইয়াততো বৈকুণ্ঠ নাই। মীৰাই নৃত্য কৰিছিল। সেই সকলোবোৰ সাক্ষাৎকাৰ বুলি কোৱা হ’ব। তেওঁৰ (মীৰাৰ) কিমান মান। সাক্ষাৎকাৰ কৰিলে, শ্ৰীকৃষ্ণৰ লগত নৃত্য কৰিলে। তাতে কি হ’ল, স্বৰ্গলৈতো নগ’ল নহয়। গতি-সৎগতিতো সংগমতহে পাব পাৰি। এই পুৰুষোত্তম সংগমযুগক তোমালোকে বুজি পোৱা। আমি বাবাৰ দ্বাৰা এতিয়া মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। বিৰাট ৰূপৰো জ্ঞানৰ দৰকাৰ হয় নহয়। চিত্ৰ ৰাখে, একোৱেই বুজি নাপায়। অকাসুৰ-বকাসুৰ এই সকলো এই সংগমৰ নাম। ভস্মাসুৰ নামো আছে। কাম চিতাত বহি ভস্ম হৈ গৈছে। এতিয়া পিতাই কয় – মই পুনৰ সকলোকে জ্ঞান চিতাত বহুৱাই লৈ যাওঁ। আত্মাসকল সকলো ভাই ভাই। এনেকৈ কয়ো – হিন্দু-চীনী ভাই ভাই, হিন্দু-মুছলিম ভাই ভাই। এতিয়া ভাই ভায়েও পৰস্পৰ যুদ্ধ কৰে। কৰ্মতো আত্মাই কৰে নহয়। শৰীৰৰ দ্বাৰা আত্মাই যুদ্ধ কৰে। পাপো আত্মাত লাগে, সেইবাবে পাপ আত্মা বুলি কোৱা হয়। পিতাই কিমান মৰমেৰে বুজায়। শিৱবাবা আৰু ব্ৰহ্মাবাবা দুয়োজনৰে সন্তান বুলি কোৱাৰ অধিকাৰ আছে। পিতাই, দাদাৰ (ব্ৰহ্মাৰ) দ্বাৰা কয় – হে সন্তানসকল! বুজি পোৱা নহয়, আমি আত্মসকল ইয়ালৈ আহি ভূমিকা পালন কৰোঁ। আকৌ অন্তিমত পিতা আহি সকলোকে পৱিত্ৰ কৰি লগত লৈ যায়। পিতাহে আহি জ্ঞান দিয়ে। আহেও ইয়ালৈকে। শিৱ জয়ন্তীও পালন কৰে। শিৱ জয়ন্তীৰ পাছত আকৌ হয় শ্ৰীকৃষ্ণ জয়ন্তী। শ্ৰীকৃষ্ণহে পুনৰ শ্ৰীনাৰায়ণ হয়। আকৌ পৰিক্ৰমা লগাই অন্তত শ্যামবৰণীয়া (পতিত) হয়। পিতা আহি পুনৰ বগা (পাৱন) কৰি তোলে। তোমালোক ব্ৰাহ্মণৰ পৰা পুনৰ দেৱতা হ’বা। পুনৰ ছিৰি নামিবা। এই 84 জন্মৰ হিচাপ আৰু আন কাৰো বুদ্ধিত নাথাকিব। পিতাইহে সন্তানসকলক বুজায়। গীতো শুনিলা – অৱশেষত ভক্তসকলৰ শুনানি হয়। আহ্বানো জনায় – হে ভগৱান আহি আমাক ভক্তিৰ ফল দিয়ক। ভক্তিয়ে ফল নিদিয়ে। ফল ভগৱানে দিয়ে। ভক্তসকলক দেৱতা কৰি গঢ়ি তোলে। তোমালোকে বহুত ভক্তি কৰিছা। প্ৰথমতে তোমালোকেই শিৱৰ ভক্তি কৰিলা। যিসকলে ভালদৰে এই কথাবোৰ বুজিব, তোমালোকে ফিল (অনুভৱ) কৰিবা – এওঁ আমাৰ কুলৰ। কাৰোবাৰ বুদ্ধিত ধাৰণ নহয় তেতিয়া বুজিবা ভক্তি বহুত কৰা নাই, পিছত আহিছে। ইয়ালৈও প্ৰথমতে নাহিব। এয়া হিচাপ। যিসকলে বহুত ভক্তি কৰিছে তেওঁলোকে বহুত ফল পাব। অলপ ভক্তি অলপ ফল। তেওঁলোকে স্বৰ্গৰ সুখ ভোগ কৰিব নোৱাৰে কিয়নো আৰম্ভণিতে অলপ শিৱৰ ভক্তি কৰিছে। তোমালোকৰ বুদ্ধিয়ে এতিয়া কাম কৰে। বাবাই ভিন্ন ভিন্ন যুক্তি বহুত বুজায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এটি এটি জ্ঞান ৰত্ন যি পদমৰ সমান, ইয়াৰ দ্বাৰা নিজৰ জোলোঙা ভৰপূৰ কৰি, বুদ্ধিত ধাৰণ কৰি আকৌ দান কৰিব লাগে।

(2) শ্ৰী শ্ৰীৰ শ্ৰেষ্ঠ মতত পূৰা চলিব লাগে। আত্মাক সতোপ্ৰধান কৰি তুলিবলৈ দেহী-অভিমানী হোৱাৰ পূৰা পুৰুষাৰ্থ কৰিব লাগে।

বৰদান:
সকলোৰে প্ৰতি শুভ ভাৱ আৰু শ্ৰেষ্ঠ ভাৱনা ধাৰণ কৰোঁতা হংস বুদ্ধিৰ পৱিত্ৰ হংস হোৱা

হংস বুদ্ধি অৰ্থাৎ সদায় প্ৰত্যেক আত্মাৰ প্ৰতি শ্ৰেষ্ঠ আৰু শুভ চিন্তন কৰোঁতা। প্ৰথমে প্ৰত্যেক আত্মাৰ ভাৱ পৰ্যবেক্ষণ কৰি তাৰ পাছত ধাৰণ কৰোঁতা। বুদ্ধিত যাতে কেতিয়াও কোনো আত্মাৰ প্ৰতি অশুভ বা সাধাৰণ ভাৱ ধাৰণ নহয়। সদায় শুভ ভাৱ আৰু আৰু শুভ কামনা ৰখাসকলেই পৱিত্ৰ হংস। তেওঁলোকে কোনো আত্মাৰ অকল্যাণৰ কথা শুনি, দেখিও অকল্যাণক কল্যাণৰ বৃত্তিৰে পৰিৱৰ্তন কৰি দিব। তেওঁলোকৰ দৃষ্টি প্ৰত্যেক আত্মাৰ প্ৰতি শ্ৰেষ্ঠ শুদ্ধ স্নেহৰ হ’ব।

স্লোগান:
প্ৰেমেৰে ভৰপূৰ এনেকুৱা গংগা হোৱা যাতে তোমালোকৰ দ্বাৰা প্ৰেমৰ সাগৰ পিতা দৃষ্টি গোচৰ হয়।


অব্যক্ত সংকেত: সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা

অনেক ভক্ত আত্মা প্ৰভু প্ৰেমত লীন হ’ব বিচাৰে আৰু অনেকে আকৌ জ্যোতিত লীন হ’ব বিচাৰে। এনেকুৱা আত্মাসকলক চেকেণ্ডত পিতাৰ পৰিচয়, পিতাৰ মহিমা আৰু প্ৰাপ্তিৰ বিষয়ে শুনাই সম্বন্ধৰ স্নেহত লীন অৱস্থাৰ অনুভৱ কৰোৱা। স্নেহত লীন হ’লে সহজে লীন হোৱাৰ ৰহস্যকো বুজি পাই যাব।