28.12.25 Avyakt Bapdada
Assame
Murli
18.03.2008 Om Shanti Madhuban
“*“ ‘কাৰণ’ শব্দক
‘নিবাৰণ’লৈ পৰিৱৰ্তন কৰি মাষ্টৰ মুক্তিদাতা হোৱা, সকলোকে পিতাৰ সংগৰ ৰং লগাই সমান
হোৱাৰ হোলী উদ্যাপন কৰা ”*”
আজি সৰ্ব সম্পদৰ
মালিক বাপদাদাই নিজৰ চাৰিওফালৰ সম্পদেৰে সম্পন্ন সন্তানসকলক চাই আছেহঁক। প্ৰতিগৰাকী
সন্তানৰ সম্পদসমূহৰ ভিতৰত কিমান সম্পদ জমা হৈছে, এয়া দেখি হৰ্ষিত হৈ আছে। সম্পদতো
সকলোৱে একে সময়তে একে নিচিনাই পাইছে তথাপিও জমাৰ পুঁজি সকলো সন্তানৰ বেলেগ বেলেগ
কিন্তু সময় অনুসৰি এতিয়া বাপদাদাই সকলো সন্তানক সৰ্ব সম্পদেৰে সম্পন্ন হোৱা চাবলৈ
বিচাৰে, কিয়নো এই সম্পদ কেৱল এতিয়াৰ এটা জন্মৰ কাৰণে নহয়, এই অবিনাশী সম্পদ অনেক
জন্ম লগত যাব। এই সময়ৰ সম্পদকতো সকলো সন্তানে জানাই। বাপদাদাই কি কি সম্পদ দিছে সেয়া
কোৱা মাত্ৰকে সকলোৰে সন্মুখত আহি গৈছে। সকলোৰে সন্মুখত সম্পদৰ তালিকা জাগ্ৰত হৈ গৈছে
নহয়! কিয়নো বাপদাদাই আগতেও কৈছে যে সম্পদতো পালা কিন্তু জমা কৰাৰ বিধি কি? যি যিমান
নিমিত্ত আৰু নিৰ্মাণ হয় সিমানেই সম্পদ জমা হয়। গতিকে পৰীক্ষা কৰা – নিমিত্ত আৰু
নিৰ্মাণ হোৱাৰ বিধিৰে মোৰ পুঁজিত কিমান সম্পদ জমা হৈছে। যিমান সম্পদ জমা হ’ব,
সিমানেই তেওঁ ভৰপূৰ হ’ব। তেওঁৰ চলন আৰু চেহেৰাৰ দ্বাৰা ভৰপূৰ আত্মাৰ আত্মিক নিচা
স্বতঃ দৃষ্টিগোচৰ হয়। তেওঁৰ চেহেৰাত সদায় আত্মিক নিচা বা গৌৰৱ চিকমিকাই থাকে আৰু
যিমান আত্মিক গৌৰৱ থাকিব সিমানেই নিশ্চিন্ত বাদশ্বাহ হ’ব। আত্মিক গৌৰৱ অৰ্থাৎ
আত্মিক নিচা নিশ্চিন্ত বাদশ্বাহৰ লক্ষণ। গতিকে নিজকে পৰীক্ষা কৰা যে মোৰ চলন আৰু
চেহেৰাত নিশ্চিন্ত বাদশ্বাহৰ নিশ্চয়তা আৰু নিচা আছেনে? দৰ্পণতো সকলোৱে পাইছা নহয়!
তেন্তে অন্তৰ দৰ্পণত নিজৰ চেহেৰা পৰীক্ষা কৰা। কোনো প্ৰকাৰৰ চিন্তাতো নাই? কি হ’ব!
কেনেকৈ হ’ব! এয়াতো নহ’ব! কোনো প্ৰকাৰৰ সংকল্প থাকিতো যোৱা নাই? নিশ্চিন্ত বাদশ্বাহৰ
সংকল্প এইটো হ’ব যি হৈ আছে সেয়া বহুত ভাল আৰু যি হ’বলগীয়া আছে সেয়া আৰু ভালতকৈও ভাল
হ’ব। ইয়াক কোৱা হয় নিচা, আত্মিক নিচা অৰ্থাৎ স্বমানধাৰী আত্মা। বিনাশী ধনৱানসকলে
যিমান উপাৰ্জন কৰে সিমান সময় অনুসৰি চিন্তাত থাকে। তোমালোকৰ নিজৰ ঈশ্বৰীয় সম্পদৰ
কাৰণে চিন্তা আছে জানো? নিশ্চিন্ত হোৱা নহয়! কিয়নো যি সম্পদৰ মালিক আৰু পৰমাত্মাৰ
বালক তেওঁ সদায়েই সপোনতো নিশ্চিন্ত বাদশ্বাহ, কিয়নো তেওঁৰ নিশ্চয়তা আছে যে এই
ঈশ্বৰীয় সম্পদ কেৱল এই জন্মতে নহয় অনেক জন্ম লগত আছে, লগত থাকিব সেইকাৰণে
নিশ্চয়বুদ্ধি নিশ্চিন্ত।
সেয়েহে আজি বাপদাদাই
চাৰিওফালৰ সন্তানসকলৰ জমাৰ পুঁজি চাই আছিল। আগতেও শুনাইছোঁ যে বিশেষকৈ তিনি প্ৰকাৰৰ
পুঁজি জমা কৰিছে আৰু কৰিব পাৰে। এটা হৈছে – নিজৰ পুৰুষাৰ্থ অনুসৰি সম্পদ জমা কৰা।
এয়া এক পুঁজি। দ্বিতীয় পুঁজি – আশীৰ্বাদৰ পুঁজি। আশীৰ্বাদৰ পুঁজি জমা হোৱাৰ সাধন
হৈছে সদায় সম্বন্ধ-সম্পৰ্ক আৰু সেৱাত থাকি সংকল্প, বাণী আৰু কৰ্মত, তিনিওটাতে নিজেও
নিজেই সন্তুষ্ট আৰু অন্য সকলোও সদায় সন্তুষ্ট হৈ থাকে। সন্তুষ্টতাই আশীৰ্বাদৰ পুঁজি
বঢ়ায়। আৰু তৃতীয় পুঁজি হৈছে – পুণ্যৰ পুঁজি। পুণ্যৰ পুঁজিৰ সাধন হৈছে – যিয়েই সেৱা
কৰা, মনেৰে, বাণীৰে, কৰ্মৰে নতুবা সম্বন্ধত, সম্পৰ্কত আহি সদায় নিঃস্বাৰ্থ আৰু
বেহদৰ বৃত্তি, স্বভাৱ, আৰু ভাৱনাৰে সেৱা কৰিবা, ইয়াৰ দ্বাৰা পুণ্যৰ পুঁজি স্বতঃ জমা
হৈ যায়। গতিকে পৰীক্ষা কৰা – পৰীক্ষা কৰিব জানা নহয়! জানানে? যিসকলে নাজানা তেওঁলোকে
হাত দাঙা। যিসকলে নাজানা, কোনো নাই মানে সকলোৱে জানা। তেন্তে পৰীক্ষা কৰিছানে? যে
স্ব পুৰুষাৰ্থৰ পুঁজি, আশীৰ্বাদৰ পুঁজি, পুণ্যৰ পুঁজি তিনিওটা কিমান শতাংশ জমা হৈছে?
পৰীক্ষা কৰিছানে? যিসকলে পৰীক্ষা কৰিছা সেইসকলে হাত দাঙা। পৰীক্ষা কৰিছানে? প্ৰথম
শাৰীৰসকলে নাই কৰা নেকি? পৰীক্ষা নকৰা নেকি? কি কোৱা? কৰা নহয়! কিয়নো বাপদাদাই
শুনাই দিছে, ইঙ্গিত দি দিছে যে এতিয়া সময়ৰ সমীপতা তীব্ৰগতিৰে আগবাঢ়ি আছে সেইবাবে
নিজৰ পৰীক্ষা বাৰে বাৰে কৰিব লাগে কিয়নো বাপদাদাই প্ৰতিগৰাকী সন্তানক ৰাজযোগী তথা
ৰজা সন্তানৰ ৰূপত চাবলৈ বিচাৰে। পৰমাত্ম পিতাৰ এইটোৱে আত্মিক নিচা যে প্ৰতিগৰাকী
সন্তান ৰজা সন্তান। স্বৰাজ্য অধিকাৰী তথা বিশ্ব ৰাজ্য অধিকাৰী পৰমাত্ম সন্তান।
সম্পদতো বাপদাদাৰ
দ্বাৰা পায়েই থাকা। এই সম্পদসমূহ জমা কৰাৰ বহুত সহজ বিধি হৈছে – বিধি বুলি কোৱা বা
চাবি কোৱা, সেয়া জানা নহয়! জমা কৰাৰ চাবি কি? জানানে? তিনিটা বিন্দু। সকলোৰে ওচৰত
চাবি আছে নহয়? তিনিটা বিন্দু লগোৱা আৰু সম্পদ জমা হৈ গৈ থাকিব। মাতাসকলে চাবি লগাব
জানা নহয়, মাতাসকল চাবিৰ যতন লোৱাত পাকৈত নহয়! তেন্তে মাতাসকলে এই তিনিটা বিন্দুৰ
চাবি যতনে ৰাখিছানে? ব্যৱহাৰ কৰিছানে? কোৱা, মাতাসকলৰ চাবি আছেনে? যাৰ ওচৰত আছে
সেইসকলে হাত দাঙা। চাবি চুৰি হৈতো নাযায়? এনেও ঘৰৰ প্ৰত্যেক বস্তুৰ চাবি মাতাসকলে
বৰ ভালকৈ যতনে ৰাখিব জানে। গতিকে এই চাবিও সদায় লগত থাকে নহয়!
গতিকে বৰ্তমান সময়ত
বাপদাদাই এইটোৱে বিচাৰে যে এতিয়া সময় সমীপত হোৱাৰ কাৰণে বাপদাদাই এটা শব্দ সকলো
সন্তানে অন্তৰৰ পৰা, সংকল্পৰে, বাণীৰে আৰু বাস্তৱিক কৰ্মৰে পৰিৱৰ্তন কৰা চাব বিচাৰে।
সাহস আছেনে? এটা শব্দ এইটোৱে বাপদাদাই প্ৰতিগৰাকী সন্তানৰ পৰিৱৰ্তন হোৱাতো বিচাৰে,
যি এটা শব্দই বাৰে বাৰে তীব্ৰ পুৰুষাৰ্থৰ পৰা অমনোযোগী পুৰুষাৰ্থী কৰি তোলে আৰু
এতিয়া সময় অনুসৰি কোনটো পুৰুষাৰ্থ লাগে? তীব্ৰ পুৰুষাৰ্থ আৰু সকলোৱে বিচাৰেও যে
তীব্ৰ পুৰুষাৰ্থীৰ শাৰীত আহোঁ কিন্তু এটা শব্দই অমনোযোগী কৰি দিয়ে। গম পোৱানে সেয়া
কোনটো শব্দ? পৰিৱৰ্তন কৰিবৰ কাৰণে সাজু আছানে? সাজুনে? হাত দাঙা, সাজু আছানে? চোৱা
তোমালোকৰ ফটো টি.ভি.ত ওলাই আছে। সাজু আছা, বাৰু অভিনন্দন। বাৰু – তীব্ৰ পুৰুষাৰ্থৰে
পৰিৱৰ্তন কৰিব লাগে নে কৰি ল’ম, চাই ল’ম… এনেকুৱাতো নহয়? এটা শব্দ জানিতো গৈছা চাগৈ,
কিয়নো সকলো বুদ্ধিমান, এটা শব্দ সেইটো যে ‘কাৰণ’ শব্দ পৰিৱৰ্তন কৰি ‘নিবাৰণ’ শব্দ
সন্মুখত আনা। কাৰণ সন্মুখত আহিলে বা কাৰণৰ কথা ভাবিলে নিবাৰণ নহয়। সেয়েহে বাপদাদাই
কেৱল কোৱাতে সীমিত নহয় কিন্তু সংকল্পলৈকে এই ‘কাৰণ’ শব্দ ‘নিবাৰণ’লৈ পৰিৱৰ্তন কৰিব
বিচাৰে কিয়নো কাৰণ বিভিন্ন প্ৰকাৰৰ হয় আৰু সেই কাৰণ শব্দ ভাবিলে, ক’লে, কৰ্মত আহিলে
তীব্ৰ পুৰুষাৰ্থৰ আগত বন্ধন হৈ যায় কিয়নো তোমালোক সকলোৱে বাপদাদাৰ আগত প্ৰতিজ্ঞা
কৰিছা, স্নেহেৰে প্ৰতিজ্ঞা কৰিছা যে আমি সকলো পিতাৰ, বিশ্ব পৰিৱৰ্তনৰ কাৰ্যত সংগী
হওঁ। পিতাৰ সংগী হওঁ, পিতাই অকলে নকৰে, সন্তানসকলক লগত লয়। তেন্তে বিশ্ব পৰিৱৰ্তনৰ
কাৰ্যত তোমালোকৰ কি কাম? সকলো আত্মাৰ কাৰণসমূহো নিবাৰণ কৰা কিয়নো আজিকালি
গৰিষ্ঠসংখ্যক দুখী আৰু অশান্ত হোৱাৰ কাৰণে এতিয়া মুক্তি বিচাৰে। দুখ অশান্তিৰ পৰা,
সকলো বন্ধনৰ পৰা মুক্তি বিচাৰে আৰু মুক্তিদাতা কোন? পিতাৰ লগতে তোমালোক সন্তানসকলো
মুক্তিদাতা হোৱা। তোমালোকৰ জড় চিত্ৰৰ পৰা এতিয়াও কি বিচাৰে? এতিয়া দুখ অশান্তি
বৃদ্ধি হোৱা দেখি সকলো গৰিষ্ঠসংখক আত্মাই তোমালোক মুক্তিদাতা আত্মাসকলক স্মৰণ কৰে।
মনেৰে দুখী হৈ চিঁয়ৰে– হে মুক্তিদাতা মুক্তি দিয়ক। তোমালোকে জানো আত্মাসকলৰ
দুখ-অশান্তিৰ কাতৰোক্তি শুনিবলৈ নোপোৱা? কিন্তু মুক্তিদাতা হৈ প্ৰথমে এই ‘কাৰণ’
শব্দটি মুক্ত কৰা। তেতিয়া স্বতঃ মুক্তিৰ আৱাজ তোমালোকৰ কাণত গুঞ্জৰিত হ’ব। প্ৰথমে
নিজৰ ভিতৰৰ পৰা এই শব্দটিৰ পৰা মুক্ত হ’লে তেতিয়া আনকো মুক্ত কৰিব পাৰিবা। এতিয়াতো
দিনে দিনে তোমালোকৰ আগত মুক্তিদাতা মুক্তি দিয়ক বুলি শাৰী পাতিব। কিন্তু এতিয়ালৈকে
নিজৰ পুৰুষাৰ্থত ভিন্ন ভিন্ন কাৰণ শব্দৰ কাৰণে মুক্তিৰ দ্বাৰ বন্ধ হৈ আছে সেইবাবে
আজি বাপদাদাই এই শব্দটিৰ, ইয়াৰ লগত অন্য দুৰ্বল শব্দও আহে। বিশেষ হৈছে ‘কাৰণ’ আকৌ
তাত আৰু দুৰ্বলতা থাকে, এনেকৈ তেনেকৈ, কেনেকৈ, এইবিলাকো ইয়াৰ সংগী শব্দ, যি দ্বাৰ
বন্ধ হোৱাৰ কাৰণ।
তেন্তে আজি সকলো হোলী
উদ্যাপন কৰিবলৈ আহিছা নহয়। সকলো দৌৰি দৌৰি আহিছে। স্নেহৰ বিমানত আৰোহন কৰি আহিছে।
পিতালৈ স্নেহ আছে, সেয়েহে পিতাৰ সৈতে হোলী উদ্যাপন কৰিবলৈ আহি উপস্থিত হৈছা।
অভিনন্দন, আহি ভাল কৰিলা। বাপদাদাই অভিনন্দন জনাইছে। বাপদাদাই চাই আছে, চকীত বহি অহা
সকলো, স্বাস্থ্য অলপ তল-ওপৰ হৈ থকা সত্ত্বেও সাহস কৰি উপস্থিত হৈ গৈছে। বাপদাদাই এই
দৃশ্য চায়, ইয়াত শ্ৰেণীলৈ আহে নহয়। কাৰ্যক্ৰমত আহে তেতিয়া চকীত বহি সহায়কৰ হাতত ধৰি
আহি যায়। তেন্তে এয়া কি বুলি কোৱা হ’ব? পৰমাত্ম স্নেহ। বাপদাদায়ো এনেকুৱা সাহসী,
অন্তৰৰ স্নেহী সন্তানসকলক বহুত বহুত অন্তৰৰ আশীৰ্বাদ, অন্তৰৰ স্নেহ বিশেষভাৱে দি আছে।
সাহস কৰি আহিছে, পিতাৰ আৰু পৰিয়ালৰ সহায় আছেই। সকলোৱে স্থান ঠিকে পাইছানে? পাইছানে?
যিসকলে স্থান ঠিকে পাইছা সেইসকলে হাত দাঙা। বিদেশীসকলে ঠিকে পাইছানে? মেলা মানে
মেলাই। তাত মেলাত ধূলি-বালিও উৰি থাকে খোৱা-বোৱাও চলি থাকে। তোমালোকে ব্ৰহ্মা ভোজন
ভাল খাবলৈ পোৱা, পোৱানে? ভালকৈ হাত লৰাই আছে। শুবলৈ তিনি পদ ভূমি পালানে? এনেকুৱা
মিলন আকৌ 5 হাজাৰ বছৰ পাছত সংগমতহে হ’ব। তাৰ পূৰ্বে নহয়।
গতিকে আজি বাপদাদাৰ
সংকল্প উদয় হৈছে যে সকলো সন্তানৰ জমা পুঁজি চাওঁ। চাইছেও, আগলৈও চাব কিয়নো বাপদাদাই
আগতেই সন্তানসকলক এইটো সুচনা দি দিছে যে জমা পুঁজি জমা কৰাৰ সময় এতিয়া সংগমযুগ। এই
সংগমযুগত এতিয়া যিমান জমা কৰিব বিচৰা, গোটেই কল্পৰ পুঁজি এতিয়া জমা কৰিব পাৰা। পাছলৈ
জমাৰ পুঁজিৰ বেংকেই বন্ধ হৈ যাব। তেতিয়া কি কৰিবা? সেইকাৰণে বাপদাদাৰ সন্তানসকললৈ
স্নেহ আছে নহয়। সেয়েহে বাপদাদাই জানে যে সন্তানসকলে অমনোযোগী হৈ কেতিয়াবা পাহৰি যায়,
হৈ যাব, চাই ল’ম, কৰিতো আছোঁ, চলিতো আছোঁ নহয়। বৰ আনন্দেৰে কয়, আপুনি দেখা নাই জানো,
মই কৰি আছোঁ, হয় চলিতো আছোঁ আৰু কি কৰিম? কিন্তু চলা আৰু উৰা কিমান পাৰ্থক্য আছে?
চলি আছা তাৰ বাবে অভিনন্দন। কিন্তু এতিয়া চলাৰ সময় সমাপ্ত হৈ গৈছে। এতিয়া উৰাৰ সময়,
তেতিয়াহে লক্ষ্যত উপনীত হ’ব পাৰিবা। সাধাৰণ প্ৰজাত অহা, ভগৱানৰ সন্তান আৰু সাধাৰণ
প্ৰজা! শোভা পাই জানো?
আজি হোলী উদ্যাপন
কৰিবলৈ আহিছা নহয় তেন্তে ‘হোলী’ৰ অৰ্থ হৈছে যি হৈ গ’ল সেয়া অতীত হৈ গ’ল, গতিকে আজিৰ
পৰা বাপদাদাই এইটোৱে বিচাৰে যে যি হৈ গ’ল সেয়া অতীত হৈ গ’ল, কিবা কাৰণত যদি কিবা
দুৰ্বলতা থাকি গৈছে তেন্তে এতিয়াৰ পৰা যি হৈ গ’ল সেয়া অতীত হৈ গ’ল বুলি বুজি নিজৰ
চিত্ৰ স্মৃতিলৈ আনা, নিজৰেই চিত্ৰকৰ হৈ নিজৰ চিত্ৰ অংকন কৰা। গম পোৱানে বাপদাদাই
এতিয়াও প্ৰতিগৰাকী সন্তানৰ কোনখন চিত্ৰ সন্মুখত চাই আছে? গম পোৱানে কোনখন চিত্ৰ চাই
আছে? এতিয়া তোমালোক সকলোৱে নিজৰ চিত্ৰ অংকন কৰা। চিত্ৰ অংকন কৰিব জানানে, জানা নহয়!
শ্ৰেষ্ঠ সংকল্পৰ কলমেৰে নিজৰ চিত্ৰ এতিয়াই সন্মুখলৈ আনা। প্ৰথমে সকলোৱে ড্ৰিল কৰা,
মনৰ ড্ৰিল। কৰ্মেন্দ্ৰিয়ৰ ড্ৰিল নহয়, মনৰ ড্ৰিল কৰা। সাজুনে, ড্ৰিল কৰিবলৈ সাজুনে!
কান্ধ লৰোৱা। চোৱা সকলোতকৈ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ চিত্ৰ হৈছে – মুকুট, সিংহাসন,
তিলকধাৰীৰ। সেয়েহে নিজৰ চিত্ৰ সন্মুখলৈ আনা আৰু সকলো সংকল্প একাষৰীয়া কৰি চোৱা,
তোমালোক সকলো বাপদাদাৰ অন্তৰাসনত অধিষ্ঠিত হোৱা। আসন আছে নহয়! এনেকুৱা আসনতো ক’তো
নোপোৱা। গতিকে প্ৰথমে এইখন চিত্ৰ অংকন কৰা যে মই বিশেষ আত্মা, স্বমানধাৰী আত্মা,
বাপদাদাৰ প্ৰথম ৰচনা শ্ৰেষ্ঠ আত্মা, বাপদাদাৰ অন্তৰাসনত অধিষ্ঠিত হওঁ। অন্তৰাসনত
অধিষ্ঠিত হৈ গ’লানে! লগতে পৰমাত্ম ৰচনা এই বৃক্ষৰ মূলত বহি থকা পূৰ্বজ আৰু পূজ্য
আত্মা হওঁ, এইটো স্মৃতিৰ তিলকধাৰী হওঁ। স্মৃতিৰ তিলক লগালানে! লগতে নিশ্চিন্ত
বাদশ্বাহ, সকলো চিন্তাৰ বোজা বাপদাদাক অৰ্পণ কৰি ‘ডবল লাইট’ৰ মুকুটধাৰী হওঁ। তেন্তে
মুকুট, তিলক আৰু আসনধাৰী, এনেকুৱা পিতা অৰ্থাৎ পৰমাত্ম স্নেহী আত্মা হওঁ।
তেনেহ’লে নিজৰ এই
চিত্ৰ অংকন কৰিলা। সদায় এই ‘ডবল লাইট’ৰ মুকুট চলোঁতে-ফুৰোঁতে ধাৰণ কৰিব পাৰা।
যেতিয়াই নিজৰ স্বমান স্মৃতিলৈ আনা তেতিয়া এই মুকুট, তিলক, অন্তৰাসনত অধিষ্ঠিত আত্মা
হওঁ, নিজৰ এই চিত্ৰ দৃঢ় সংকল্পৰ দ্বাৰা সন্মুখলৈ আনা। স্মৃতিত আছেনে – আৰম্ভণিত
তোমালোকৰ অভ্যাস বাৰে বাৰে এটা শব্দ স্মৃতিত আছিল, সেই এটা শব্দ আছিল – মই কোন? এই
মই কোন? এই কথাষাৰ বাৰে বাৰে স্মৃতিলৈ আনা আৰু নিজৰ ভিন্ন ভিন্ন স্বমান, উপাধি,
ভগৱানৰ পৰা পোৱা উপাধি। আজিকালি জগতৰ লোকে, মনুষ্যই মনুষ্যৰ দ্বাৰা উপাধি পায়
তেতিয়াও কিমান মহত্ব দিয়ে আৰু তোমালোক সন্তানসকলে পিতাৰ দ্বাৰা কিমান উপাধি বা
স্বমান পাইছা? সদায় স্বমানৰ তালিকা নিজৰ বুদ্ধিত মন্থন কৰি থাকা। মই কোন? তালিকা আনা।
এইটো নিচাত থাকা তেতিয়া যি কাৰণ আছে নহয়, সেই শব্দ নিষ্ক্ৰিয় হৈ যাব আৰু নিবাৰণ,
প্ৰত্যেক কৰ্মত দেখিবলৈ পোৱা যাব। যেতিয়া নিবাৰণৰ স্বৰূপ হৈ যাবা তেতিয়া সকলো
আত্মাক নিৰ্বাণধাম, মুক্তিধামলৈ সহজে যোৱাৰ ৰাস্তা দেখুৱাই মুক্ত কৰি দিবা।
গতিকে দৃঢ় সংকল্প কৰা
– জানা নহয় দৃঢ় সংকল্প কৰিব? যেতিয়া দৃঢ়তা থাকে তেন্তে দৃঢ়তা সফলতাৰ চাবি। দৃঢ়
সংকল্পত অলপো দুৰ্বলতা নানিবা কিয়নো মায়াৰ কাম হৈছে পৰাজিত কৰা আৰু তোমালোকৰ কাম
কি? তোমালোকৰ কাম হৈছে – পিতাৰ ডিঙিৰ হাৰ হোৱা, মায়াৰ হাতত পৰাজিত হোৱা নহয়। গতিকে
সকলোৱে এইটো সংকল্প কৰা মই সদায় পিতাৰ ডিঙিৰ বিজয় মালা হওঁ। ডিঙিৰ মালা হওঁ। ডিঙিৰ
মালা বিজয়ী মালা।
যেতিয়া বাপদাদাই হাত
দাঙিবলৈ কয় যে তোমালোক কি হ’বা? তেতিয়া সকলোৱে কি উত্তৰ দিয়া? এটাই উত্তৰ দিয়া –
লক্ষ্মী-নাৰায়ণ হ’ম। ৰাম-সীতা নহয়। তেন্তে লক্ষ্মী-নাৰায়ণ হওঁতা আমি বাপদাদাৰ বিজয়ী
মালাৰ মণি, পূজ্য আত্মা হওঁ। ভক্তই তোমালোকৰ মালাৰ মণি জপ কৰি কৰি নিজৰ সমস্যাসমূহ
সমাপ্ত কৰে। এনেকুৱা শ্ৰেষ্ঠ মণি হোৱা। তেন্তে আজি বাপদাদাক কি দিবা? হোলীৰ কিবাতো
উপহাৰ দিবা নহয়! এই ‘কাৰণ’ শব্দ, এই ‘টো’ ‘টো’ (এইটো-সেইটো), আৰু ‘কাৰণ’, ‘টো’ ‘টো’
কৰিলে ‘টোতা’ অৰ্থাৎ ভাটৌ হৈ যাবা নহয়। ‘টো’ ‘টো’ও নহয়, এনেকৈ তেনেকৈও নহয়, কোনো
প্ৰকাৰৰ কাৰণ নহয়, নিবাৰণ। বাৰু।
বাপদাদাই প্ৰতিগৰাকী
সন্তানক সমান হোৱাৰ, শ্ৰেষ্ঠ সংকল্প কৰাৰ পদমগুণ অভিনন্দন জনাই আছে। অভিনন্দন,
অভিনন্দন, অভিনন্দন। নিচা আছে নহয় - আমাৰ নিচিনা পদম পদম ভাগ্যৱান কোন? এইটো নিচাত
থাকা। বাৰু।
এতিয়া এক চেকেণ্ডত
সকলো ব্ৰাহ্মণে নিজৰ ৰাজযোগৰ অভ্যাস কৰি মন একাগ্ৰ কৰাৰ মালিক হৈ মনক য’ত বিচৰা,
যিমান সময় বিচৰা, যেনেকৈ বিচৰা তেনেকৈ এতিয়াই মন একাগ্ৰ কৰা। ক’তো মন ইফালে-সিফালে
চঞ্চল যাতে নহয়। মোৰ বাবা, মিঠা বাবা, মৰমৰ বাবা এই স্নেহৰ সংগৰ ৰঙৰ, আধ্যাত্মিক
হোলী উদ্যাপন কৰা। (ড্ৰিল) বাৰু।
চাৰিওফালৰ শ্ৰেষ্ঠ
বিশেষ হোলী আৰু উচ্চত্তম সন্তানসকলক, সদায় নিজক পিতাৰ সমান সৰ্ব শক্তিৰে সম্পন্ন
মাষ্টৰ সৰ্বশক্তিমান বুলি অনুভৱ কৰোঁতা, সদায় সকলো দুৰ্বলতাৰ পৰা মুক্ত হৈ অন্য
আত্মাসকলকো মুক্তি দিওঁতা মুক্তিদাতা সন্তানসকলক, সদায় স্বমানৰ আসনত স্থিৰ হৈ
থাকোঁতা, সদায় অমৰ হোৱাৰ বৰদানৰ অনুভৱ স্বৰূপত থাকোঁতা, এনেকুৱা চাৰিওফালৰ, সন্মুখত
বহি থকাই হওক বা দূৰৈত বহি স্নেহত সমাহিত হৈ থকা সন্তানসকলক স্নেহসহিত স্মৰণ আৰু
নিজৰ উৎসাহ-উদ্দীপনা, পুৰুষাৰ্থৰ বাতৰি দিওঁতা বাপদাদাৰ বহুত বহুত অন্তৰৰ স্নেহসহিত
স্মৰণ আৰু অন্তৰৰ পদমগুণ স্নেহসহিত স্মৰণ স্বীকাৰ কৰিবা আৰু সকলো ৰাজযোগী তথা ৰাজ্য
অধিকাৰী সন্তানসকলক নমস্কাৰ।
বৰদান:
সৰ্ব শক্তিমান
সত্ত্বাৰ আধাৰত আত্মাসকলক সমৃদ্ধিশালী কৰি তোলোঁতা পুণ্য আত্মা হোৱা
যেনেকৈ দান পুণ্যৰ
সত্ত্বাধাৰী সকামী ৰজাসকলৰ সত্ত্বাৰ পূৰা শক্তি আছিল, যি শক্তিৰ আধাৰত তেওঁলোকে
যাকেই বিচাৰে তাকেই যি ৰূপে বিচাৰে তেনে কৰি তুলিব পাৰিছিল। তেনেকৈ তোমালোক মহাদানী
পুণ্য আত্মাসকলৰ পোনপটীয়াকৈ পিতাৰ দ্বাৰা প্ৰকৃতিজিৎ, মায়াজিতৰ বিশেষ সত্ত্বা
প্ৰাপ্ত হৈছে। তোমালোকে নিজৰ শুদ্ধ সংকল্পৰ আধাৰত যিকোনো আত্মাৰ পিতাৰ সৈতে সম্বন্ধ
গঢ়ি সমৃদ্ধিশালী কৰি তুলিব পাৰা। কেৱল এই সত্ত্বাক যথাৰ্থ ৰীতিৰে ব্যৱহাৰ কৰা।
স্লোগান:
যেতিয়া
তোমালোকে সম্পূৰ্ণতাৰ শুভেচ্ছা-উৎসৱ উদ্যাপন কৰিবা তেতিয়া সময়, প্ৰকৃতি আৰু মায়াই
বিদায় ল’ব।
অব্যক্ত সংকেত: অশৰীৰী
তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা
যেতিয়া মন-বুদ্ধি
কৰ্মত বহুত ব্যস্ত হৈ থাকে, সেই সময়ত আদেশ দিয়া - পূৰ্ণ বিৰাম। কৰ্মৰ সংকল্পও যাতে
বন্ধ হৈ যায়। এইটো অভ্যাস এক চেকেণ্ডৰ বাবেও কৰা কিন্তু অভ্যাস কৰি যোৱা, কিয়নো
অন্তিম প্ৰমাণপত্ৰ এক চেকেণ্ডৰ পূৰ্ণ বিৰামৰ ওপৰতে পাবা। চেকেণ্ডত বিস্তাৰক সমাহিত
কৰি লোৱা, সাৰ স্বৰূপ হৈ যোৱা, এই অভ্যাসেই কৰ্মাতীত কৰি দিব।