29.07.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – এই
শৰীৰৰ মূল্য তেতিয়াহে থাকে যেতিয়া ইয়াত আত্মা প্ৰৱেশ কৰে, কিন্তু অলংকৰণ শৰীৰৰ হয়,
আত্মাৰ নহয়”
প্ৰশ্ন:
তোমালোক
সন্তান সকলৰ কৰ্তব্য কি? তোমালোকে কোনটো সেৱা কৰিব লাগে?
উত্তৰ:
তোমালোকৰ কৰ্তব্য হ'ল – নিজৰ সমপৰ্যায়ৰসকলক নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী
হোৱাৰ যুক্তি (উপায়) শুনোৱা। তোমালোকে এতিয়া ভাৰতৰ সঁচা আত্মিক সেৱা কৰিব লাগে।
তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা গতিকে তোমালোকৰ বুদ্ধি আৰু চলন বহুত পৰিশোধিত
হোৱা উচিত। কাৰো প্ৰতি যাতে অলপো মোহ নাথাকে।
গীত:
নয়নহীন কো ৰাহ
দিখাও প্ৰভূ…… (নয়নহীনক মাৰ্গ-দৰ্শন কৰা প্ৰভূ……)
ওঁম্শান্তি।
দুবাৰ শান্তি।
তোমালোক সন্তানসকলে “ওঁম্ শান্তি”ৰে সঁহাৰি জনাব লাগে। আমাৰ স্বধৰ্ম হৈছে শান্তি।
এতিয়া জানো তোমালোকে শান্তি বিচাৰি ক'ৰবালৈ যাবা। মনুষ্যই মনৰ শান্তিৰ বাবে
সাধু-সন্তসকলৰ ওচৰলৈও যায় নহয়। এতিয়া মন-বুদ্ধিতো হ'ল আত্মাৰ ইন্দ্ৰিয়। যেনেকৈ এই
শৰীৰৰ ইন্দ্ৰিয় আছে তেনেকৈ মন, বুদ্ধি আৰু চক্ষু। এতিয়া চক্ষু যেনেকৈ এই দুটি নয়ন,
সেয়া তেনেকুৱা নহয়। এনেকৈ কয় - হে প্ৰভূ, নয়নহীনক মাৰ্গ-দৰ্শন কৰা। এতিয়া প্ৰভূ বা
ঈশ্বৰ বুলি ক'লে সেই পিতাৰ স্নেহৰ অনুভূতি নহয়। পিতাৰ পৰাতো সন্তানসকলে উত্তৰাধিকাৰ
পায়। ইয়াততো তোমালোক পিতাৰ সন্মুখত বহি আছা। পঢ়িও আছা। তোমালোকক কোনে পঢ়ায়? তোমালোকে
এনেকৈ নোকোৱা যে পৰমাত্মা বা প্ৰভূৱে পঢ়ায়। তোমালোকে ক'বা শিৱবাবাই পঢ়ায়। ‘বাবা’
শব্দটিতো একেবাৰে সৰল। হয়ো বাপদাদা। আত্মাক আত্মা বুলিয়ে কোৱা হয়, তেনেকৈ তেওঁ হৈছে
পৰমাত্মা। তেওঁ কয় - মই পৰম আত্মা অৰ্থাৎ পৰমাত্মা তোমালোকৰ পিতা হওঁ। আকৌ মোৰ
পৰমাত্মাৰ ড্ৰামা অনুসৰি ‘শিৱ’ নাম ৰখা হৈছে। ড্ৰামাত সকলোৰে নামো লাগে নহয়। শিৱৰ
মন্দিৰো আছে। ভক্তিমাৰ্গৰসকলেতো এটাৰ সলনি অনেক নাম ৰাখি দিছে। আকৌ অনেক মন্দিৰ
নিৰ্মাণ কৰি থাকে। বস্তু এটাই। সোমনাথৰ মন্দিৰ কিমান ডাঙৰ, কিমান অলংকৰণ কৰে। মহল
আদিৰো কিমান অলংকৰণ কৰি ৰাখে। আত্মাৰতো কোনো অলংকৰণ নাই, তেনেকৈ পৰম আত্মাৰো অলংকৰণ
নাই। তেওঁতো হৈছে বিন্দু। বাকী যি অলংকৰণ আছে সেয়া শৰীৰৰ। পিতাই কয় - মোৰো অলংকৰণ
নাই আৰু আত্মাসকলৰো অলংকৰণ নাই। আত্মা হয়েই বিন্দু। ইমান সূক্ষ্ম বিন্দুৱেতো কোনো
ভূমিকা পালন কৰিব নোৱাৰে। সেই সূক্ষ্ম আত্মা শৰীৰত প্ৰৱেশ কৰিলে তেতিয়া শৰীৰৰ কিমান
প্ৰকাৰৰ অলংকৰণ হয়। মনুষ্যৰ কিমান নাম আছে। ৰজা ৰাণীৰ কেনেকুৱা অলংকৰণ হয়, আত্মাতো
সাধাৰণ বিন্দু। এতিয়া তোমালোক সন্তানসকলে এইটোও বুজিছা। আত্মাইহে জ্ঞান ধাৰণ কৰে।
পিতাই কয় - মোৰো জ্ঞান আছে নহয়। শৰীৰত জানো জ্ঞান থাকে। মোৰ আত্মাত জ্ঞান আছে,
তোমালোকক শুনাবলৈ মই এই শৰীৰ ল’বলগীয়া হয়। শৰীৰ অবিহনেতো তোমালোকে শুনিব নোৱাৰা।
এতিয়া এইটো গীত ৰচনা কৰা হৈছে, নয়নহীনক মাৰ্গ-দৰ্শন কৰক… শৰীৰক মাৰ্গ-দৰ্শন কৰিব
লাগে জানো? নালাগে। আত্মাক লাগে। আত্মাইহে আহ্বান জনায়। শৰীৰৰতো দুটি নেত্ৰ আছে।
তিনিটাতো হ'ব নোৱাৰে। তৃতীয় নেত্ৰৰ ইয়াত (মস্তকত) তিলকো দিয়ে। কোনোবাই কেৱল বিন্দুৰ
নিচিনাকৈ দিয়ে, কোনোৱে ৰেখা আঁকি দিয়ে। বিন্দুতো হ'ল আত্মা। বাকী জ্ঞানৰ তৃতীয়
নেত্ৰ পায়। আত্মাৰ প্ৰথমতে এই জ্ঞানৰ তৃতীয় নেত্ৰ নাছিল। কোনো মনুষ্য মাত্ৰৰে এই
জ্ঞান নাই, সেইবাবে জ্ঞান নেত্ৰহীন বুলি কোৱা হয়। বাকী এই চকুতো সকলোৰে আছে। গোটেই
জগতত কাৰো এই তৃতীয় নেত্ৰ নাই। তোমালোক হ'লা সৰ্বোত্তম ব্ৰাহ্মণ কুলৰ। তোমালোকে জানা
ভক্তিমাৰ্গ আৰু জ্ঞানমাৰ্গৰ কিমান পাৰ্থক্য আছে। তোমালোকে ৰচয়িতা আৰু ৰচনাৰ
আদি-মধ্য-অন্তক জানি চক্ৰৱৰ্তী ৰজা হৈ যোৱা। যেনেকৈ আই.চি.এচ.সকলেও বহুত উচ্চ পদবী
পায়। কিন্তু ইয়াত কোনো পঢ়াৰ দ্বাৰা সাংসদ আদি নহয়। ইয়াততো নিৰ্বাচন হয়। ভোটৰ দ্বাৰা
সাংসদ আদি হয়। এতিয়া তোমালোক আত্মাসকলে পিতাৰ শ্ৰীমত পোৱা। আৰু কোনেও এনেকৈ নক’ব যে
মই আত্মাক মত দিওঁ। সেই সকলোতো দেহ-অভিমানী হয়। পিতাহে আহি দেহী-অভিমানী হ'বলৈ
শিকায়। সকলো দেহ-অভিমানী। মনুষ্যই শৰীৰৰ কিমান জাকজমকতা কৰে। ইয়াততো পিতাই
আত্মাসকলকহে চায়। শৰীৰতো বিনাশী, একেবাৰে মূল্যহীন। জন্তুবোৰৰ তথাপি ছাল আদি বিক্ৰী
হয়। মনুষ্যৰ শৰীৰতো কোনো কামত নাহে। এতিয়া পিতা আহি মূল্যৱান কৰি তোলে।
তোমালোক সন্তানসকলে
জানা যে এতিয়া আমিয়ে দেৱতা হৈ আছোঁ গতিকে এইটো নিচা বাঢ়ি থাকিব লাগে। কিন্তু এইটো
নিচাও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি থাকে। ধনৰো নিচা থাকে নহয়। এতিয়া তোমালোক সন্তানসকল
বহুত ধনৱান হৈ যোৱা। তোমালোকৰ বহুত উপাৰ্জন হৈ আছে। তোমালোকৰ মহিমাও অনেক প্ৰকাৰৰ
হয়। তোমালোকে ফুলৰ বাগিচা তৈয়াৰ কৰা। সত্যযুগক কোৱা হয় ফুলৰ বাগিচা। ইয়াৰ পুলি
কেতিয়া ৰোপণ কৰা হয় - এইটোও কোনেও নাজানে। তোমালোকক পিতাই বুজায়। আহ্বানো জনায় - হে
বাগিচাৰ গৰাকী আহক। তেওঁক মালী বুলি কোৱা নহ’ব। মালী তোমালোক সন্তানসকল হোৱা যিসকলে
সেৱাকেন্দ্ৰৰ তত্ত্বাৱধান লোৱা। মালী অনেক প্ৰকাৰৰ থাকে। বাগিচাৰ গৰাকী এজনেই। মোগল
গাৰ্ডেনৰ মালীয়ে দৰমহাও সিমানে বেছি পায়। বাগিচা এনেকুৱা সুন্দৰকৈ নিৰ্মাণ কৰে যে
সকলোৱে চাবলৈ আহে। মোগলসকল বহুত চৌখিন আছিল, তেওঁৰ স্ত্ৰীৰ মৃত্যু হোৱাত তাজমহল
নিৰ্মাণ কৰিলে। তেওঁৰ নাম প্ৰচলিত হৈ আহি থাকে। কিমান ভাল ভাল স্মাৰক নিৰ্মাণ কৰিছে।
সেয়েহে পিতাই বুজায়, মনুষ্যৰ কিমান মহিমা হয়। মনুষ্যতো মনুষ্যই। যুদ্ধত অনেক মনুষ্য
মৰে তেতিয়া কি কৰে। কেৰাচিন, প্ৰেট্ৰ’ল ঢালি শেষ কৰি দিয়ে। কোনোবাতো এনেয়ে পৰি থাকে।
কৱৰ দিয়ে জানো। একোৱেই মান নাই। গতিকে এতিয়া তোমালোক সন্তানসকলৰ কিমান নাৰায়ণী নিচা
বাঢ়ি থাকিব লাগে। এয়া হৈছে বিশ্বৰ মালিক হোৱাৰ নিচা। সত্য নাৰায়ণৰ কথা গতিকে নিশ্চয়
নাৰায়ণেই হ’বগৈ। আত্মাই জ্ঞানৰ তৃতীয় নেত্ৰ লাভ কৰে। দিওঁতা হৈছে পিতা। তৃতীয়
নেত্ৰৰ কথাও আছে। এই সকলোবোৰৰ অৰ্থ পিতাই বহি বুজায়। কথা শুনাওঁতাসকলে একোৱেই নাজানে।
অমৰকথাও শুনায়। এতিয়া অমৰনাথলৈ কিমান দূৰ-দূৰণিলৈ যায়। পিতাতো ইয়ালৈ আহি শুনায়।
ওপৰততো নুশুনায়। তাত জানো পাৰ্বতীক বহি অমৰকথা শুনালে। এই কথা আদি যিবোৰ ৰচনা কৰিছে
- এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। আকৌ হ’ব। পিতাই বহি তোমালোক সন্তানসকলক ভক্তি আৰু
জ্ঞানৰ পাৰ্থক্য বুজায়। এতিয়া তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা। এনেকৈ কয় নহয় -
হে প্ৰভু, অন্ধক মাৰ্গ-দৰ্শন কৰক। ভক্তিমাৰ্গত আহ্বান জনায়। পিতা আহি তৃতীয় নেত্ৰ
দিয়ে যাৰ বিষয়ে তোমালোকৰ বাহিৰে কোনেও নাজানে। জ্ঞানৰ তৃতীয় নেত্ৰ নাথাকিলে কণা,
ধুন্দকাৰী অৰ্থাৎ মায়াত অন্ধ (গড়ুৰ পুৰাণত উল্লেখ কৰামতে ধুন্দকাৰী এজন ব্ৰাহ্মণৰ
পুত্ৰ আছিল যিয়ে বহুত পাপ কৰ্ম কৰি মৃত্যুৰ পাছত মুক্তি নাপাই প্ৰেতাত্মা হৈ আছিল)
বুলি ক’ব। চকুও ভিন্ন প্ৰকাৰৰ হয় নহয়। কাৰোবাৰ চকু অতি শোভনীয় হয়। আকৌ তাৰ ওপৰত
পুৰস্কাৰো লাভ কৰে তেতিয়া নাম ৰাখে “মিছ ইণ্ডিয়া”, মিছ অমুকী। তোমালোক সন্তানসকলক
পিতাই এতিয়া কিহৰ পৰা কি কৰি তোলে। তাততো সৌন্দৰ্য প্ৰাকৃতিকভাৱে থাকে। শ্ৰীকৃষ্ণৰ
ইমান মহিমা কিয়? কিয়নো সকলোতকৈ অধিক সুন্দৰ। এক নম্বৰত কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰে,
সেইকাৰণে প্ৰথম নম্বৰত গায়ন আছে। এয়াও পিতাই বহি বুজায়। পিতাই বাৰে বাৰে কয় -
সন্তানসকল, ‘মনমনাভৱ’। হে আত্মাসকল, নিজৰ পিতাক স্মৰণ কৰা। সন্তানসকলৰ ভিতৰতো
ক্ৰমানুসৰিতো হয় নহয়। ধৰি লোৱা লৌকিক পিতাৰো 5 টা সন্তান আছে, তাৰ ভিতৰত যিজন অতি
বুদ্ধিমান হ’ব তেওঁক প্ৰথম নম্বৰত ৰাখিব। মালাৰ মণি হ'ল নহয়। এনেকৈ ক'ব - এওঁ
দ্বিতীয় নম্বৰৰ, এওঁ তৃতীয় নম্বৰৰ। একে নিচিনা কেতিয়াও নহয়। পিতাৰ মৰমো ক্ৰমানুসৰি
হয়। এয়া হৈছে হদৰ কথা। সেয়া হৈছে বেহদৰ কথা।
যিসকল সন্তানে জ্ঞানৰ
তৃতীয় নেত্ৰ পাইছে তেওঁলোকৰ বুদ্ধি আৰু চলন আদি বহুত পৰিশোধিত হ’ব। ফুলৰ ৰজা থাকে
তেনেকৈ এই ব্ৰহ্মা আৰু সৰস্বতী ফুলৰ ৰজা ৰাণী হৈ গ’ল। জ্ঞান আৰু স্মৃতি দুয়োটাতে
তীক্ষ্ণ। তোমালোকে জানা যে আমি দেৱতা হওঁগৈ। মুখ্য 8 (আঠ) ৰত্ন হয়। প্ৰথমে ফুল। তাৰ
পাছত যুগল মণি ব্ৰহ্মা-সৰস্বতী। মালা সোঁৱৰে নহয়। বাস্তৱত তোমালোকৰ পূজা নহয়,
সোঁৱৰণ হয়। তোমালোকৰ ওপৰত ফুল অৰ্পণ কৰিব নোৱাৰে। ফুল তেতিয়াহে অৰ্পণ কৰিব যেতিয়া
শৰীৰ পৱিত্ৰ হ’ব। ইয়াত কাৰো শৰীৰ পৱিত্ৰ নহয়। সকলো বিহৰ দ্বাৰা জন্মে, সেইবাবে
বিকাৰী বুলি কোৱা হয়। এই লক্ষ্মী-নাৰায়ণক কোৱাই হয় সম্পূৰ্ণ নিৰ্বিকাৰী। সন্তানতো
জন্ম হয় নহয়। এনেকুৱাতো নহয় যে কোনোবা টিউবৰ পৰা সন্তান জন্ম হৈ যাব। এয়াও সকলো
বুজিবলগীয়া কথা। তোমালোক সন্তানসকলক ইয়াত 7 দিন ভাতীত বহুওৱা হয়। ভাতীত কোনোবাটো ইটা
পূৰ্ণ ৰূপে পকি যায়, কোনোবাটো কেঁচা হৈয়ে থাকি যায়। ভাতীৰ দৃষ্টান্ত দিয়ে। এতিয়া
ভাতীৰ ইটাৰ কথা জানো শাস্ত্ৰত বৰ্ণনা কৰিব পাৰে। আকৌ তাত মেকুৰীৰ কথাও আছে।
‘গুলবকাৱলী’ৰ কাহিনীতো মেকুৰীৰ উল্লেখ কৰিছে। দীপক গছিক নুমাই দিছিল। তোমালোকৰো এনে
অৱস্থা হয় নহয়। মায়া মেকুৰীয়ে বিঘিনি আনি দিয়ে। তোমালোকৰ অৱস্থাকেই অৱনমিত কৰি দিয়ে।
দেহ-অভিমান হৈছে প্ৰথম নম্বৰত তাৰ পাছত অন্য বিকাৰ আহে। মোহো বহুত থাকে। কন্যাই কয়
- মই ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলাৰ আত্মিক সেৱা কৰিম, মোহৰ বশীভূত হৈ পিতৃ-মাতৃয়ে কয়
আমি অনুমতি নিদিওঁ। এয়াও কিমান মোহ। তোমালোক মোহৰ মেকুৰী হ'ব নালাগে। তোমালোকৰ
লক্ষ্য-উদ্দেশ্যই হৈছে এয়া (লক্ষ্মী-নাৰায়ণ)। পিতা আহি মনুষ্যৰ পৰা দেৱতা, নৰৰ পৰা
নাৰায়ণ কৰি তোলে। তোমালোকৰো কৰ্তব্য হৈছে নিজৰ সমপৰ্যায়ৰসকলৰ সেৱা কৰা, ভাৰতৰ সেৱা
কৰা। তোমালোকে জানা যে আমি কি আছিলোঁ, কি হৈ গ’লো। এতিয়া পুনৰ ৰজাৰো ৰজা হ’বলৈ
পুৰুষাৰ্থ কৰা। তোমালোকে জানা যে আমি নিজৰ ৰাজ্য স্থাপনা কৰোঁ। কোনো কষ্টৰ কথা নাই।
বিনাশৰ কাৰণেও ড্ৰামাত যুক্তি ৰচি থোৱা আছে। আগতেও ক্ষেপণাস্ত্ৰৰে যুদ্ধ লাগিছিল।
যেতিয়া তোমালোকৰ সম্পূৰ্ণ প্ৰস্তুতি হৈ যাব, সকলো ফুল হৈ যাবা তেতিয়া বিনাশ হ’ব।
কোনোবা ফুলৰ ৰজা হয়, কোনোবা গোলাপ, কোনোবা নৱমল্লিকা। প্ৰত্যেকেই নিজক ভালদৰে বুজিব
পাৰে যে মই আকন নে ফুল? বহুত সন্তান আছে যাৰ জ্ঞানৰ একো ধাৰণা নহয়। ক্ৰমানুসৰিতো
হ’বগৈ নহয়। হয়তো আটাইতকৈ উচ্চ নহ’লে একেবাৰে নিম্ন। ৰাজধানী ইয়াতেই স্থাপনা হয়।
শাস্ত্ৰততো দেখুৱাইছে, পাণ্ডৱ গলি মৰিল, তাৰ পাছত কি হ’ল, একোৱে গম নাপায়। কথাতো
বহুত ৰচিছে, এনেকুৱা কোনো কথা নাই। এতিয়া তোমালোক সন্তানসকল কিমান স্বচ্ছ বুদ্ধিৰ
হৈ যোৱা। বাবাই তোমালোকক বহুত প্ৰকাৰে বুজাই থাকে। কিমান সহজ। কেৱল পিতা আৰু
উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। পিতাই কয় - ময়েই পতিত-পাৱন। তোমালোক আত্মা আৰু শৰীৰ
দুয়োটাই পতিত। এতিয়া পাৱন হ’ব লাগে। আত্মা পৱিত্ৰ হ’লে শৰীৰো পৱিত্ৰ হয়। এতিয়া
তোমালোকে বহুত পৰিশ্ৰম কৰিব লাগে। পিতাই কয় - সন্তানসকল বহুত দুৰ্বল। স্মৃতি পাহৰি
যায়। পিতাই (ব্ৰহ্মাই) নিজেই নিজৰ অনুভৱ শুনায়। ভোজনৰ সময়ত স্মৰণ কৰোঁ - শিৱবাবাই
মোক খুৱায়, পুনৰ পাহৰি যাওঁ। পুনৰ স্মৃতিলৈ আহে। তোমালোকৰ ভিতৰতো পুৰুষাৰ্থৰ ক্ৰম
অনুসৰি আছে। কোনোবাতো বন্ধনমুক্ত হৈও আকৌ আৱদ্ধ হৈ মৰে। ধৰ্ম সন্তানো কৰি লয়। এতিয়া
তোমালোক সন্তানসকলে তৃতীয় নেত্ৰ প্ৰদান কৰোঁতা পিতাক পাইছা - ইয়াক আকৌ ‘তৃতীয় নেত্ৰ’
প্ৰাপ্ত কৰাৰ কথা বুলি নাম দি দিছে। এতিয়া তোমালোক নাস্তিকৰ পৰা আস্তিক হোৱা।
সন্তানসকলে জানে যে পিতা হৈছে বিন্দু। জ্ঞানৰ সাগৰ। তেওঁলোকেতো কৈ দিয়ে নাম-ৰূপৰ পৰা
উৰ্দ্ধত। হেৰ’, জ্ঞানৰ সাগৰতো নিশ্চয় জ্ঞান শুনাওঁতা হ’ব নহয়। এওঁৰ ৰূপো লিঙ্গ
দেখুৱায় আকৌ তেওঁক নাম ৰূপৰ পৰা উৰ্দ্ধত বুলি কেনেকৈ ক’ব পাৰে! কোটিৰ হিচাপত নাম
ৰাখি দিছে। সন্তানসকলৰ বুদ্ধিত এই গোটেই জ্ঞান ভালকৈ থাকিব লাগে। এনেকৈ কয়ো যে
পৰমাত্মা জ্ঞানৰ সাগৰ হয়। গোটেই জংঘলক কলম কৰি ল’লেও তাৰ অন্ত পাব নোৱাৰি। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এতিয়া আমি
পিতাৰ দ্বাৰা মূল্যৱান হৈছোঁ, আমিয়ে দেৱতা হ’বলৈ গৈ আছোঁ, এইটো নাৰায়ণী নিচাত থাকিব
লাগে, বন্ধন-মুক্ত হৈ সেৱা কৰিব লাগে। বন্ধনত আবদ্ধ হ’ব নালাগে।
(2) জ্ঞান-যোগত
তীক্ষ্ণ হৈ মাতা-পিতাৰ সমান “ফুলৰ ৰজা” হ’ব লাগে আৰু নিজৰ সমপৰ্যায়ৰসকলৰো সেৱা কৰিব
লাগে।
বৰদান:
নিজৰ সৰ্ব
সম্পদ অন্য আত্মাসকলৰ সেৱাত ব্যৱহাৰ কৰি সহযোগী হওঁতা সহজযোগী হোৱা
সহজযোগী হোৱাৰ সাধন
হৈছে – সদায় নিজক সংকল্পৰ দ্বাৰা, বাণীৰ দ্বাৰা আৰু প্ৰতিটো কাৰ্যৰ দ্বাৰা বিশ্বৰ
সকলো আত্মাৰ প্ৰতি সেৱাধাৰী বুলি বুজি সেৱাতেই সকলো ব্যৱহাৰ কৰা। ব্ৰাহ্মণ জীৱন যি
শক্তিৰ, গুণৰ, জ্ঞানৰ আৰু শ্ৰেষ্ঠ উপাৰ্জন কৰাৰ সময়ৰ সম্পদ পিতাৰ দ্বাৰা প্ৰাপ্ত
হৈছে সেয়া সেৱাত ব্যৱহাৰ কৰা অৰ্থাৎ সহযোগী হোৱা তেতিয়া সহজযোগী হৈয়েই যাবা। কিন্তু
সহযোগী তেৱেঁই হ’ব পাৰে যি সম্পন্ন হয়। সহযোগী হোৱা অৰ্থাৎ মহাদানী হোৱা।
স্লোগান:
বেহদৰ বৈৰাগী হোৱা তেতিয়া আকৰ্ষণৰ সকলো সংস্কাৰ সহজে সমাপ্ত হৈ যাব।
অব্যক্ত সংকেত:
সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা
যেনেকৈ নিজৰ স্থূল
কাৰ্যৰ কাৰ্যসূচী দিনচৰ্যা অনুসৰি নিৰ্ধাৰিত কৰা তেনেকৈ নিজৰ মনৰ সমৰ্থ স্থিতিৰ
কাৰ্যসূচী নিৰ্ধাৰিত কৰা তেতিয়া সংকল্প শক্তি জমা হৈ গৈ থাকিব। নিজৰ মন সমৰ্থ
সংকল্পত ব্যস্ত কৰি ৰাখিলে তেতিয়া মন বিতুষ্ট হ’বলৈ সময় নাপাব। মন সদায় নিৰ্ধাৰিত
অৰ্থাৎ একাগ্ৰ হৈ থাকিলে তেতিয়া স্বতঃ ভাল প্ৰকম্পন বিয়পে, সেৱা হয়।