29.08.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – নিজৰ সুৰক্ষাৰ কাৰণে বিকাৰৰূপী মায়াৰ পিঞ্জৰাৰ পৰা সদায় সাৱধানে থাকিব লাগে, দেহ-অভিমানত কেতিয়াও আহিব নালাগে”

প্ৰশ্ন:
পুণ্য আত্মা হ’বৰ কাৰণে পিতাই সকলো সন্তানক কোনটো মুখ্য শিক্ষা দিয়ে?

উত্তৰ:
বাবাই কয় – সন্তানসকল, পুণ্য আত্মা হ’বলৈ হ’লে – 1) শ্ৰীমতত সদায় চলি থাকা। স্মৃতিৰ যাত্ৰাত গাফিলতি নকৰিবা। 2) আত্ম-অভিমানী হ’বৰ কাৰণে পূৰা পূৰা পুৰুষাৰ্থ কৰি কাম মহাশত্ৰুক জয় কৰা। পুণ্য আত্মা হৈ এই দুখধাম পাৰহৈ সুখধামলৈ যোৱাৰ এয়াই সময়।

ওঁম্শান্তি।
পিতাইহে নিতৌ সন্তানসকলক সোধে। শিৱবাবাৰ কাৰণে এনেকৈ কোৱা নহ’ব যে তেওঁৰ সৰু ল’ৰা-ছোৱালী আছে। আত্মাবোৰতো অনাদি আছেই। পিতাও আছে। এই সময়ত যেতিয়া পিতা আৰু দাদা দুয়োগৰাকী আছে তেতিয়া সন্তানসকলত তত্ত্বাৱধান ল’বলগীয়া হয়। কিমান সন্তান আছে যিসকলৰ তত্ত্বাৱধান ল’বলগীয়া হয়। এটি এটি সনানৰ খতিয়ান ৰাখিবলগীয়া হয়। যেনেকৈ লৌকিক পিতাৰো চিন্তা থাকে নহয়। ভাবে - আমাৰ সন্তানো এই ব্ৰাহ্মণ কুলত আহিলে ভাল হয়। আমাৰ সন্তানো পৱিত্ৰ হৈ পৱিত্ৰ জগতলৈ যাওঁক। এই পুৰণি মায়াৰ নলাত যাতে বৈ নাযায়। বেহদৰ পিতাৰ সন্তানসকলৰ প্ৰতি চিন্তা থাকে। কিমান সেৱাকেন্দ্ৰ আছে, কোন সন্তানক ক’লৈ পঠিয়াওঁ যাতে সুৰক্ষিত হৈ থাকে। আজিকালি সুৰক্ষিত হৈ থকাটোও কঠিন। জগতত কোনো সুৰক্ষা নাই। স্বৰ্গততো প্ৰত্যেকেই সুৰক্ষিত হৈ থাকে। ইয়াত কাৰো সুৰক্ষা নাই। ক’ৰবাত নহয় ক’ৰবাত বিকাৰ ৰূপী মায়াৰ পিঞ্জৰাত আৱদ্ধ হৈ যায়। এতিয়া তোমালোক আত্মাসকলে ইয়াত পাঠ পঢ়িবলৈ পাই আছা। সত্যৰ সংগও ইয়াত আছে। ইয়াতেই দুখধামৰ পৰা পাৰ হৈ সুখধামলৈ যাব লাগে কিয়নো এতিয়া সন্তানসকলে জানে যৰ দুখধাম কি, সুখধাম কি। যথাযথ এতিয়া দুখধাম। আমি পাপ বহুত কৰিলোঁ আৰু তাত পুণ্য আত্মাসকলহে থাকে। আমি এতিয়া পুণ্য আত্মা হ’ব লাগে। এতিয়া তোমালোক প্ৰত্যেকেই নিজৰ 84 জন্মৰ বুৰঞ্জী-ভূগোল জানি গ’লা। জগতত কোনেও 84 জন্মৰ বুৰঞ্জী-ভূগোল নাজানে। এতিয়া পিতা আহি গোটেই জীৱন কাহিনী বুজাইছে। এতিয়া তোমালোকে জানা আমি স্মৃতিৰ যাত্ৰাৰে সম্পূৰ্ণ পুণ্য আত্মা হ’ব লাগে। ইয়াতেই বহুত ঠগ খায় গাফিলতি কৰাৰ কাৰণে। পিতাই কয় - এই সময়ত গাফিলতি ভাল নহয়। শ্ৰীমতত চলিব লাগে। তাৰ ভিতৰতো মুখ্য কথা কয় - এটা হৈছে স্মৃতিৰ যাত্ৰাত থাকা, দ্বিতীয়তে কাম মহাশত্ৰুৰ ওপৰত বিজয়ী হ’ব লাগে। পিতাক সকলোৱে আহ্বান জনায় কিয়নো তেওঁৰ পৰা আত্মাসকলে শান্তি আৰু সুখৰ উত্তৰাধিকাৰ পায়। আগতে দেহ-অভিমানী হৈ থাকোঁতে একো জনা নাছিল। এতিয়া সন্তানসকলক আত্ম-অভিমানী কৰি তোলা হয়। নতুনসকলক প্ৰথমতে হদৰ (লৌকিক), দ্বিতীয়তে বেহদৰ (পাৰলৌকিক) পিতাৰ পৰিচয় দিব লাগে। বেহদৰ পিতাৰ পৰা ভাগ্যত স্বৰ্গ পোৱা যায়। হদৰ পিতাৰ পৰা ভাগ্যত নৰক পোৱা যায়। সন্তান যেতিয়া প্ৰাপ্তবয়স্ক হয় তেতিয়া সম্পত্তিৰ অধিকাৰী হয়। যেতিয়া বুজিবপৰা হয় তেতিয়া পুনৰ লাহে লাহে মায়াৰ অধীন হৈ পৰে। সেই সকলোবোৰ হৈছে ৰাৱণৰাজ্যৰ (বিকাৰী জগতৰ) ৰীতি-প্ৰথা। এতিয়া তোমালোক সন্তানসকলে জানা এই সৃষ্টিখন পৰিৱৰ্তন হৈ আছে। এই পুৰণি সৃষ্টিৰ বিনাশ হৈ আছে। একমাত্ৰ গীতাতেই বিনাশৰ বৰ্ণনা আছে অন্য কোনো শাস্ত্ৰতেই মহাভাৰত মহাযুদ্ধৰ বৰ্ণনা নাই। গীতাৰেই এই পুৰোষোত্তম সংগমযুগ। গীতাৰ যুগ মানে আদি সনাতন দেৱী–দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা। গীতা হয়েই দেৱী-দেৱতা ধৰ্মৰ শাস্ত্ৰ। গতিকে এয়া গীতাৰ যুগ, যিহেতু নতুন সৃষ্টি স্থাপন হৈ আছে। মনুষ্যও পৰিৱৰ্তন হ’ব। মনুষ্যৰ পৰা দেৱতা হ’ব। নতুন সৃষ্টিত নিশ্চয় দৈৱীগুণ থকা মনুষ্যৰ প্ৰয়োজন হয় নহয়। এই কথাবোৰ জগতে নাজানে। তেওঁলোকে কল্পৰ আয়ুসৰ বহুত দীঘলীয়া কৰি দিলে। এতিয়া তোমালোক সন্তানসকলক পিতাই বুজাই আছে - তোমালোকে বুজি পোৱা যে যথাযথ বাবাই আমাক পঢ়ায়। শ্ৰীকৃষ্ণক কেতিয়াও পিতা, শিক্ষক বা গুৰু বুলি ক’ব নোৱাৰি। শ্ৰীকৃষ্ণ যদি শিক্ষক হয় তেন্তে ক’ৰ পৰা শিকিলে? তেওঁক জ্ঞানৰ সাগৰ বুলি ক’ব নোৱাৰি।

এতিয়া তোমালোক সন্তানসকলে ডাঙৰ ডাঙৰসকলক বুজাব লাগে, পৰস্পৰ লগ হৈ পৰামৰ্শ দিব লাগে যে সেৱাৰ বৃদ্ধি কেনেকৈ হয়। বিহংগ মাৰ্গৰ (তীব্ৰ গতিৰ) সেৱা কেনেকৈ হয়। ব্ৰহ্মাকুমাৰীসকলৰ কাৰণে যি ইমান হুলস্থুল কৰে পাছত বুজিব এওঁলোকতো সঁচা। বাকী জগতখন হৈছে মিছা, সেইকাৰণে সঁচাৰ নাও টুলুংভুটুং কৰি থাকিব। ধুমুহাতো আহে নহয়। তোমালোক হৈছা নাও যি সিপাৰলৈ যোৱা। তোমালোকে জানা আমি এই মায়াবী সৃষ্টিৰ সিপাৰে যাব লাগে। সৰ্বপ্ৰথম ধুমুহা আহে দেহ-অভিমানৰ। সেইটো হৈছে সকলোতকৈ বেয়া। এইটোৱেই সকলোকে পতিত কৰি তুলিছে। সেয়েহে পিতাই কয় কাম মহাশত্ৰু। এয়া যেন বহুত প্ৰবল ধুমুহা। কোনোৱেতো ইয়াৰ ওপৰত বিজয়ো প্ৰাপ্ত কৰিছে। গৃহস্থালিত গৈছে পুনৰ বাচিবলৈ যত্ন কৰে। কুমাৰ-কুমাৰীসকলৰ কাৰণেতো বহুত সহজ সেইকাৰণে নামো ‘কানহাইয়া’ (কুমাৰীসকলৰ অধিপতি) বুলি গায়ন কৰা হৈছে। ইমান কন্যা নিশ্চয় শিৱবাবাৰেই হ’ব। দেহধাৰী শ্ৰীকৃষ্ণৰতো ইমান কন্যা হ’ব নোৱাৰে। এতিয়া তোমালোকে এই পঢ়াৰ দ্বাৰা পাটৰাণী হৈ আছাঁহক, ইয়াত মুখ্যত পৱিত্ৰতাৰ দৰকাৰ। নিজকে নিজে চাব লাগে যে স্মৃতিৰ খতিয়ান ঠিক আছেনে? বাবাৰ ওচৰলৈ কাৰোবাৰ 5 ঘণ্টাৰ, কাৰোবাৰ 2-3 ঘণ্টাৰো খতিয়ান আহে। কোনোৱেতো নিলিখেই। বহুত কম স্মৰণ কৰে। সকলোৰে যাত্ৰা একৰস হ’ব নোৱাৰে। এতিয়া অনেক সন্তান বৃদ্ধি হ’ব। প্ৰত্যেকেই নিজৰ খতিয়ান চাব লাগে - মই কিমান উচ্চ পদ পাব পাৰিম? কিমান আনন্দিত হওঁ? মই সদায় আনন্দিত নহওঁনো কিয় যিহেতু উচ্চতকৈও উচ্চ পিতাৰ হৈ গ’লোঁ। ড্ৰামা অনুসৰি তোমালোকে বহুত ভক্তি কৰিলা। ভক্তসকলক ফল দিবলৈকেই পিতা আহিছে। ৰাৱণৰাজ্যততো বিকৰ্ম হয়েই। তোমালোকে পুৰুষাৰ্থ কৰা - সতোপ্ৰধান সৃষ্টিলৈ যাবৰ বাবে। যদি পূৰা পুৰুষাৰ্থ নকৰা তেন্তে সতোত আহিবা। সকলোৱে জানো ইমান জ্ঞান ল’ব। য’তেই নাথাকক বাৰ্তা নিশ্চয় শুনিব সেইকাৰণে চুকে-কোণে যাব লাগে। বিদেশতো অভিযান চলিব লাগে। যেনেকৈ বৌদ্ধ ধৰ্মীসকলৰ, খ্ৰীষ্টানসকলৰ ইয়াত অভিযান চলে নহয়। অন্য ধৰ্মাৱলম্বীসকলক নিজৰ ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ অভিযান চলে। তোমালোকে বুজোৱা যে আমি প্ৰকৃততে দেৱী-দেৱতা ধৰ্মৰ আছিলোঁ। এতিয়া হিন্দু ধৰ্মৰ হৈ গ’লোঁ। তোমালোকৰ ওচৰলৈ সৰহ সংখ্যক হিন্দুধৰ্মীহে আহিব। তাৰ ভিতৰতো যিসকল শিৱৰ, দেৱতাসকলৰ পূজাৰী হ’ব তেওঁলোক আহিব। যেনেকৈ বাবাই কৈছে - ৰজাসকলৰ সেৱা কৰা। তেওঁলোক প্ৰায়ে দেৱতাসকলৰ পূজাৰী হয়। তেওঁলোকৰ ঘৰত মন্দিৰ থাকে। তেওঁলোকৰো কল্যাণ কৰিব লাগে। তোমালোকেও বুজা যে আমি পিতাৰ সৈতে দূৰণিৰ দেশৰ পৰা আহিছোঁ। পিতা আহিছেই নতুন সৃষ্টি স্থাপনা কৰিবৰ বাবে। তোমালোকেও কৰি আছা। যিয়ে স্থাপনা কৰিব তেওঁ পালনো কৰিব। অন্তৰত নিচা থাকিব লাগে যে - আমি শিৱবাবাৰ লগত আহিছোঁ দৈৱী ৰাজ্য স্থাপনা কৰিবলৈ, গোটেই বিশ্বক স্বৰ্গ কৰি তুলিবলৈ। আচম্বিত হোৱা যায় এইখন দেশত কি কি কৰি থাকে। পূজা কেনেকৈ কৰে। নৱৰাত্ৰিত দেৱীসকলৰ পূজা হয় নহয়। ৰাত্ৰি হয় যদি দিনো হয়। তোমালোকৰ এটি গীতো আছে নহয় - কি কৌতুক দেখিলোঁ…. মাটিৰ পুতলা সাজি, সুশোভিত কৰি তাৰ পূজা কৰে, তাৰ প্ৰতি আকৌ অন্তৰৰ আকৰ্ষণ ইমান বেছি হৈ যায় যে যেতিয়া ডুবাবলৈ যায় তেতিয়া কান্দি দিয়ে। মনুষ্যৰ মৃত্যু হ’লে তেতিয়া মৃতদেহো লৈ যায়। হৰিবোল, হৰিবোল বুলি কৈ ডুবাই দিয়ে। অনেক যায় নহয়। নদীতো সদায় আছে। তোমালোকে জানা যে এয়া যমুনাৰ পাৰ আছিল, য’ত ৰাস বিলাস আদি কৰিছিল। তাততো ডাঙৰ ডাঙৰ মহল থাকে। তোমালোকেই গৈ নিৰ্মাণ কৰিবা। যেতিয়া কোনোবা ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হয় তেতিয়া তেওঁৰ বুদ্ধিত উদয় হয় - উত্তীৰ্ণ হৈ আকৌ এইটো কৰিম, ঘৰ সাজিম। তোমালোক সন্তানসকলেও খেয়াল কৰিব লাগে - আমি দেৱতা হওঁগৈ। এতিয়া আমি নিজৰ ঘৰলৈ যাম। ঘৰখনক স্মৰণ কৰি আনন্দিত হোৱা উচিত। মনুষ্যই যাত্ৰা কৰি ঘৰলৈ উভতিলে তেতিয়া আনন্দিত হয়। মই এতিয়া ঘৰলৈ যাম। য’ত জন্ম হৈছিলোঁ। আমি আত্মাসকলৰো ঘৰ হৈছে মূললোক। কিমান আনন্দিত হয়। মনুষ্যই ইমান ভক্তি কৰেই মুক্তি পাবলৈ। কিন্তু ড্ৰামাত এনেকুৱা ভুমিকা আছে যে কোনেও উভতি যাব নোৱাৰে। তোমালোকে জানা যে তেওঁলোকে আধাকল্প নিশ্চয় ভূমিকা পালন কৰিবই লাগিব। আমাৰ এতিয়া 84 জন্ম পূৰা হ’ল। এতিয়া উভতি যাব লাগে আকৌ ৰাজধানীলৈ আহিম। বচ্‌, ঘৰ আৰু ৰাজধানী স্মৃতিত আছে। ইয়াত বহি থাকিও কিছুমানৰ নিজৰ কাৰখানা আদি স্মৃতিত থাকে। যেনেকৈ চোৱা ‘বিৰলা’ নামক ব্যক্তি আছে, তেওঁৰ কিমান কাৰখানা আদি আছে। গোটেই দিন তেওঁৰ খেয়াল চলি থাকে চাগৈ। তেওঁক যদি কোৱা বাবাক স্মৰণ কৰক তেতিয়া তেওঁৰ কিমান অসুবিধা হ’ব। ঘনেপতি বেপাৰ স্মৃতিলৈ আহি থাকিব। সকলোতকৈ সহজ হৈছে মাতাসকলৰ, তাতকৈ সহজ হৈছে কন্যাসকলৰ। জীৱন্তে মৰি যাব লাগিব, গোটেই সৃষ্টিখনক পাহৰি যাব লাগে। তোমালোকে নিজক আত্মা বুলি বুজি শিৱবাবাৰ হোৱা, ইয়াক জীৱন্তে মৰি যোৱা বুলি কোৱা হয়। দেহ সহিত দেহৰ সকলো সম্বন্ধ এৰি নিজক আত্মা বুলি বুজি শিৱবাবাৰ হৈ যাব লাগে। শিৱবাবাকেই স্মৰণ কৰি থাকিব লাগে কিয়নো শিৰত পাপৰ বোজা বহুত আছে। সকলোৰে অন্তৰেতো বিচাৰে, আমি জীৱন্তে মৰি শিৱবাবাৰ হৈ যাওঁ। দেহৰ বোধ নাথাকক। আমি অশৰীৰী হৈ আহিছিলোঁ আকৌ অশৰীৰী হৈ যাব লাগিব। পিতাৰ হৈছা যেতিয়া পিতাৰ বাহিৰে অন্য কোনোৱেই স্মৃতিত থাকিব নালাগে। এনেকুৱা সোনকালে হৈ গ’লে তেতিয়া যুদ্ধও সোনকালে আৰম্ভ হৈ যাব। বাবাই (ব্ৰহ্মাবাবাই) কিমান বুজায় যে আমিতো শিৱবাবাৰ হওঁ নহয়। আমি তাৰ নিবাসী। ইয়াততো কিমান দুখ। এতিয়া এইটো অন্তিম জন্ম। পিতাই শুনাইছে যে তোমালোক যেতিয়া সতোপ্ৰধান আছিলা তেতিয়া অন্য কোনো নাছিল। তোমালোক কিমান চহকী আছিলা। যদিও এই সময়ত কড়িতুল্য পইচা আদি আছে কিন্তু এইবোৰতো একোৱে নহয়। কড়িতুল্য। এই সকলোবোৰ অল্পকালৰ সুখৰ কাৰণে। পিতাই বুজাইছে - অতীতত দান-পুণ্য যদি কৰিছিল তেন্তে পইচাও বহুত প্ৰাপ্ত হয়। পুনৰ দান কৰে। কিন্তু এয়া হৈছে এটা জন্মৰ কথা। ইয়াততো জন্ম-জন্মান্তৰৰ কাৰণে চহকী হৈ যায়। যিমানেই ডাঙৰ সিমানেই বেছি দুখ। যাৰ বহুত ধন আছে তেওঁ আকৌ অনেক কথাত আৱদ্ধ হৈ থাকে। কেতিয়াও স্থিৰ হৈ থাকিব নোৱাৰে। কোনোবা সাধাৰণ গৰিবহে সমৰ্পিত হ’ব। চহকী কেতিয়াও সমৰ্পিত হ’ব নোৱাৰে। তেওঁলোকে উপাৰ্জন কৰেই পুত্ৰ-নাতীসকলৰ বাবে যে আমাৰ কুল চলি থাকক। নিজে সেই ঘৰলৈ নাহে। পুত্ৰ-নাতিসকল আহিব, যিসকলে ভাল কৰ্ম কৰিছে। যেনেকৈ যিয়ে বহুত দান কৰে তেওঁ ৰজা হয়। কিন্তু সৰ্বদা স্বাস্থ্যৱানতো নহয়। ৰাজত্ব কৰিলেনো কি হ’ল, অবিনাশী সুখ নাই। ইয়াত প্ৰতিটো খোজতেই অনেক প্ৰকাৰৰ দুখ। তাত এই সকলোবোৰ দুখ দূৰ হৈ যায়। পিতাক আহ্বান জনায় যে আমাৰ দুখ দূৰ কৰক। তোমালোকে বুজি পোৱা যে সকলো দুখ দূৰ হ’ব। মাথো পিতাক স্মৰণ কৰি থাকা। এজন পিতাৰ বাহিৰে আন কাৰো পৰা উত্তৰাধিকাৰ পাব নোৱাৰি। পিতাই গোটেই বিশ্বৰ দুখ দূৰ কৰে। এই সময়ততো জন্তু আদিও কিমান দুখী। এইখন হয়েই দুখধাম। দুখ বাঢ়ি গৈ থাকে, তমোপ্ৰধান হৈ গৈ থাকে। এতিয়া আমি সংগমযুগত বহি আছোঁ। তেওঁলোক সকলো কলিযুগত আছে। এয়া হৈছে পুৰুষোত্তম সংগমযুগ। বাবাই আমাক পুৰুষোত্তম কৰি আছে। এয়া স্মৃতিত থাকিলেও আনন্দিত হৈ থাকিবা। ভগৱানে পঢ়ায়, বিশ্বৰ মালিক কৰি তোলে। এইটো ভালদৰে স্মৃতিত ৰাখিবা যে আমি, তেওঁৰ সন্তানসকল এই পঢ়াৰ দ্বাৰা ভগৱান-ভগৱতী হ’ব লাগে নহয়। ভগৱানতো হৈছে সুখদাতা, তেন্তে দুখ কিয় হয়? সেয়াও পিতাই বহি বুজায়। ভগৱানৰ সন্তানসকল আকৌ দুখত কিয় আছে, যিহেতু ভগৱান ‌‍দুখ হৰ্তা, সুখ কৰ্তা হয় গতিকে নিশ্চয় ভগৱান দুখতেই আহে সেয়েহে গায়নো আছে। তোমালোকে জানা যে পিতাই আমাক ৰাজযোগ শিকাই আছে। আমি পুৰুষাৰ্থ কৰি আছোঁ। ইয়াত জানো সংশয় থাকিব লাগে। আমি বি.কে.সকলে ৰাজযোগ শিকি আছোঁ। মিছা জানো কম। কাৰোবাৰ সংশয় আহিলে বুজাব লাগে যে এয়াতো হৈছে পঢ়াৰ কথা। বিনাশ সন্মুখত থিয় হৈ আছে। আমি হৈছোঁ সংগমযুগী ব্ৰাহ্মণ টিকনি। প্ৰজাপিতা ব্ৰহ্মা আছে যেতিয়া নিশ্চয় ব্ৰাহ্মণো থাকিব। তোমালোককো বুজাইছে, সেয়েতো নিশ্চয় জন্মিছে। বাকী মুখ্য কথা হৈছে স্মৃতিৰ যাত্ৰা। ইয়াতেই বিঘিনি আহে। নিজৰ খতিয়ান চাই থাকা – মই কিমানলৈ পিতাক স্মৰণ কৰোঁ, কিমানলৈ আনন্দৰ মাত্ৰা বাঢ়ি গৈ থাকে? এইটো আন্তৰিক আনন্দ থাকিব লাগে যে আমাৰ বাগিচাৰ মালিক, পতিত-পাৱনৰ হাত প্ৰাপ্ত হৈছে, আমি শিৱবাবাৰ সৈতে ব্ৰহ্মাৰ দ্বাৰা কৰমৰ্দন কৰম কৰোঁ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ ঘৰ আৰু ৰাজধানীক স্মৃতিত ৰাখি অপাৰ আনন্দত থাকিব লাগে। সদায় যাতে স্মৃতি থাকে যে আমাৰ যাত্ৰা পূৰা হ’ল, এতিয়া আমি নিজৰ ঘৰলৈ যাম, তাৰপাছত ৰাজধানীলৈ আহিম।

(2) আমি শিৱবাবাৰ সৈতে ব্ৰহ্মাৰ দ্বাৰা কৰমৰ্দন কৰোঁ, সেইজন বাগিচাৰ মালিকে আমাক পতিতৰ পৰা পাৱন কৰি আছে। আমি এই পঢ়াৰ দ্বাৰা স্বৰ্গৰ পাটৰাণী হওঁ - এইটো আন্তৰিক আনন্দত থাকিব লাগে।

বৰদান:
তিনি প্ৰকাৰৰ বিজয়ৰ ‘মেডেল’ প্ৰাপ্ত কৰোঁতা সদায় বিজয়ী হোৱা

বিজয় মালাত নম্বৰ প্ৰাপ্ত কৰিবলৈ প্ৰথমে নিজৰ ওপৰত বিজয়ী, তাৰপাছত সকলোৰে ওপৰত বিজয়ী আৰু তাৰপাছত প্ৰকৃতিৰ ওপৰত বিজয়ী হোৱা। যেতিয়া এই তিনিও প্ৰকাৰৰ বিজয়ৰ ‘মেডেল’ প্ৰাপ্ত হ’ব তেতিয়া বিজয় মালাৰ মণি হ’ব পাৰিবা। নিজৰ ওপৰত বিজয়ী হোৱা অৰ্থাৎ নিজৰ ব্যৰ্থ ভাৱ, স্বভাৱক শ্ৰেষ্ঠ ভাৱ, শুভ-ভাৱনালৈ পৰিৱৰ্তন কৰা। যি এনেকৈ নিজৰ ওপৰত বিজয়ী হয় তেৱেঁই আনৰ ওপৰতো বিজয় প্ৰাপ্ত কৰি লয়। প্ৰকৃতিৰ ওপৰত বিজয় প্ৰাপ্ত কৰা অৰ্থাৎ বায়ুমণ্ডল, প্ৰকম্পন আৰু স্থূল প্ৰকৃতিৰ সমস্যাসমূহৰ ওপৰত বিজয়ী হোৱা।

স্লোগান:
নিজৰ কৰ্মেন্দ্ৰিয়সমূহৰ ওপৰত সম্পূৰ্ণ ৰাজ্য কৰোঁতাজনেই সঁচা ৰাজযোগী।


অব্যক্ত সংকেত: সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা

তোমালোক সন্তানসকলে জ্ঞানৰ লগতে সঁচা আত্মিক স্নেহ পাইছা। এই আত্মিক স্নেহেই প্ৰভুৰ কৰি তুলিলে। প্ৰত্যেক সন্তানে দ্বৈত স্নেহ পায় - এক পিতাৰ, দ্বিতীয়তে দৈৱিক পৰিয়ালৰ। গতিকে স্নেহৰ অনুভৱে ‘চগা’ (শিৱবাবাৰ প্ৰতি উৎসৰ্গিত আত্মা) কৰি তুলিলে। স্নেহেই চুম্বকৰ কাম কৰে। তেতিয়া শুনিবলৈ বা মৰিবৰ বাবেও সাজু হৈ যায়। সংগমত যিয়ে সঁচা স্নেহত জীৱন্তে মৰি যায়, তেৱেঁই স্বৰ্গলৈ যায়।