29.12.25 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“এতিয়া ঘৰলৈ যাব লাগে সেয়েহে দেহ সহিত দেহৰ সকলো সম্বন্ধ পাহৰি মামেকম্ (কেৱল মোক)
স্মৰণ কৰা আৰু পাৱন হোৱা ”
প্ৰশ্ন:
আত্মা
সম্পৰ্কীয় কোনটো এটা সূক্ষ্ম কথা সূক্ষ্ম বুদ্ধিৰসকলেহে বুজিব পাৰে?
উত্তৰ:
1) আত্মাত বেজীৰ দৰে লাহে লাহে মামৰ লেপ পৰি গৈছে। সেয়া স্মৃতিত থাকিলে আঁতৰি যাব।
যেতিয়া মামৰ আঁতৰিব অৰ্থাৎ আত্মা তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব তেতিয়া পিতাৰ প্ৰতি
আকৰ্ষিত হ’ব আৰু তেওঁ পিতাৰ সৈতে উভতি যাব পাৰিব। 2) যিমানে মামৰ আঁতৰি যাব সিমানে
বুজনিয়ে অন্যক আকৰ্ষিত কৰিব। এই কথাবোৰ অতি সূক্ষ্ম, যিবোৰ স্থূল বুদ্ধিৰসকলে বুজিব
নোৱাৰে।
ওঁম্শান্তি।
ভগৱানুবাচ।
এতিয়া বুদ্ধিত কোন আহিল? সেয়া যি গীতা পাঠশালা আদি আছে তেওঁলোকৰতো ভগৱানুবাচ বুলি
ক'লে শ্ৰীকৃষ্ণহে বুদ্ধিত আহিব। ইয়াত তোমালোক সন্তানসকলৰতো উচ্চতকৈও উচ্চ পিতা
স্মৃতিলৈ আহিব। বৰ্তমান এয়া হৈছে পুৰুষোত্তম হোৱাৰ সংগমযুগ। পিতাই সন্তানসকলক বহি
বুজায় যে দেহ সহিত দেহৰ সকলো সম্বন্ধ ত্যাগ কৰি নিজক আত্মা বুলি বুজা। এইটো অতি
প্ৰয়োজনীয় কথা, যিটো এই সংগমযুগত পিতাই বুজায়। আত্মাহে পতিত হৈছে। পুনৰ আত্মা পাৱন
হৈ ঘৰলৈ যাব লাগে। পতিত-পাৱনক স্মৰণ কৰি আহিছে, কিন্তু একোৱেই নাজানে। ভাৰতবাসী
একেবাৰে ঘোৰ অন্ধকাৰত আছে। ভক্তি হৈছে ৰাতি, জ্ঞান হৈছে দিন। ৰাতি আন্ধাৰ, দিনত
পোহৰ থাকে। দিন হৈছে সত্যযুগ, ৰাতি হৈছে কলিযুগ। এতিয়া তোমালোক কলিযুগত আছা,
সত্যযুগলৈ যাব লাগে। পাৱন সৃষ্টিত পতিতৰ প্ৰশ্নই নুঠে। যেতিয়া পতিত হয় তেতিয়া পাৱন
হোৱাৰ প্ৰশ্ন উঠে। যেতিয়া পাৱন হয় তেতিয়া পতিত সৃষ্টিৰ কথা স্মৃতিলৈয়ে নাহে। এতিয়া
পতিত সৃষ্টি সেয়েহে পাৱন সৃষ্টি স্মৃতিলৈ আহে। পতিত সৃষ্টি পাছৰ ভাগ, পাৱন সৃষ্টি
প্ৰথম ভাগ। তাত কোনো পতিত থাকিব নোৱাৰে। যিসকল পাৱন আছিল আকৌ পতিত হৈছে। 84 জন্মও
তেওঁলোকৰ ক্ষেত্ৰতে বুজোৱা হয়। এয়া বুজিবলগীয়া অতি গূঢ় কথা। আধাকল্প ভক্তি কৰিছে,
সেয়া ইমান সোনকালে এৰিব নোৱাৰে। মনুষ্য একেবাৰেই ঘোৰ অন্ধকাৰত আছে, কোটিৰ মাজত
কেইজনমানহে ওলায়, কাচিৎহে কাৰোবাৰ বুদ্ধিত ধাৰণ হ’ব। মুখ্য কথাতো পিতাই কয় - দেহৰ
সকলো সম্বন্ধ পাহৰি মামেকম্ স্মৰণ কৰা। আত্মাহে পতিত হৈছে, আত্মাই পৱিত্ৰ হ'ব লাগে।
এই বুজনিও পিতাইহে দিয়ে কিয়নো এই পিতা অধ্যক্ষ, সোণাৰী, ডাক্তৰ, বেৰিষ্টাৰ সকলো হয়।
এই নামবোৰ তাত নাথাকিব। তাত এই পঢ়াও নাথাকিব। ইয়াত পঢ়ে চাকৰী কৰিবৰ বাবে। আগেয়ে
মহিলাসকলে ইমান পঢ়া নাছিল। এই সকলোবোৰ পাছত শিকিছে। পতিৰ মৃত্যু হ'লে কোনে
তত্ত্বাৱধান ল’ব? সেইবাবে মহিলাসকলেও সকলো শিকি থাকে। সত্যযুগততো এনেকুৱা কথা নাথাকে
যে চিন্তন কৰিবলগীয়া হ’ব। ইয়াত মনুষ্যই ধন আদি একত্ৰিত কৰে, এনেকুৱা সময়ৰ বাবে।
তাততো এনেকুৱা খেয়ালেই নাথাকে যে চিন্তা কৰিবলগীয়া হ'ব। পিতাই তোমালোক সন্তানসকলক
কিমান ধনৱান কৰি তোলে। স্বৰ্গত বহুত সম্পদ থাকে। হীৰা-মুকুতাৰ খনি সকলো ভৰপূৰ হৈ
যায়। ইয়াত মাটি অনুৰ্বৰ হৈ যায় বাবে সেই শক্তি নাথাকে। তাৰ ফুল আৰু ইয়াৰ ফুল আদিৰ
মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। ইয়াততো সকলো বস্তুৱেই নিশকতীয়া হৈ গৈছে। আমেৰিকা আদিৰ
পৰা কিমান বীজ আদি আনে কিন্তু শক্তি নোহোৱা হৈ যায়। ধৰণীয়েই এনেকুৱা, য'ত বহুত কষ্ট
কৰিবলগীয়া হয়। তাততো সকলো বস্তু সতোপ্ৰধান হয়। প্ৰকৃতিও সতোপ্ৰধান সেয়েহে সকলো
সতোপ্ৰধান হয়। ইয়াততো সকলো বস্তু তমোপ্ৰধান। কোনো বস্তুতেই শক্তি নাই। এই পাৰ্থক্যও
তোমালোকে বুজি পোৱা। যেতিয়া সতোপ্ৰধান বস্তু দেখা, সেয়াতো ধ্যানতহে দেখা পোৱা। তাৰ
ফুল আদি কিমান ভাল হয়। হ'ব পাৰে - তাৰ শষ্য আদি সকলো তোমালোকে দেখিবলৈ পাবা।
বুদ্ধিৰে বুজিব পাৰে। তাৰ প্ৰতিটো বস্তুত কিমান শক্তি থাকে। নতুন সৃষ্টি কাৰো
বুদ্ধিত উদয়েই নহয়। এই পুৰণি সৃষ্টিৰতো কথাই নুসুধিবা। মনে সজা কাহিনীও বহুত দীঘলীয়া
সেয়েহে মনুষ্য একেবাৰে অন্ধকাৰত শুই গৈছে। তোমালোকে কোৱা যে অলপ সময়হে আছে তেতিয়া
তোমালোকক কোনোৱে উপলুঙাও কৰে। বাস্তৱততো তেওঁলোকে বুজি পায় যিসকলে নিজক ব্ৰাহ্মণ
বুলি বুজে। এয়া নতুন ভাষা, আত্মিক পঢ়া নহয় জানো। যেতিয়ালৈকে আত্মিক পিতা নাহে,
কোনেও বুজিব নোৱাৰে। আত্মিক পিতাক তোমালোক সন্তানসকলে জানা। সেই লোকসকল গৈ যোগ আদি
শিকায়, কিন্তু তেওঁলোকক শিকালে কোনে? এনেকৈতো নক’ব যে আত্মিক পিতাই শিকালে। পিতাইতো
আত্মিক সন্তানসকলকহে শিকায়। তোমালোক সংগমযুগী ব্ৰাহ্মণেহে বুজি পোৱা। ব্ৰাহ্মণ হ'বও
তেওঁলোক যিসকল আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ হ'ব। ব্ৰাহ্মণ তোমালোক কিমান কমসংখ্যক
হোৱা। জগততো ভিন্ন ভিন্ন অনেক জাতি আছে। এখন কিতাপ নিশ্চয় থাকিব যাৰ দ্বাৰা জানিব
পৰা যাব যে জগতত কিমান ধৰ্ম, কিমান ভাষা আছে। তোমালোকে জানা এই সকলোবিলাক নাথাকিবগৈ।
সত্যযুগততো এক ধৰ্ম, এক ভাষাহে আছিল। সৃষ্টি চক্ৰক তোমালোকে জানা। গতিকে ভাষাবিলাকৰ
বিষয়েও জানিব পাৰা যে এই সকলোবিলাক নাথাকিবগৈ। ইমানবিলাক সকলো শান্তিধামলৈ গুচি যাব।
এই সৃষ্টিৰ জ্ঞান এতিয়া তোমালোক সন্তানসকলে পাইছা। তোমালোকে মনুষ্যক বুজোৱা তথাপিও
বুজি পায় জানো। কোনো বিশিষ্ট ব্যক্তিৰ দ্বাৰা উদ্বোধনো এইবাবেই কৰায় কিয়নো প্ৰখ্যাত
হয়। জনাজাত হৈ যাব বাঃ! ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে। এই বাবা (ব্ৰহ্মাবাবা)
যদি যায় তেতিয়া মনুষ্যই জানো বুজিব যে পৰমপিতা পৰমাত্মাই উদ্বোধন কৰিলে, মানি নল'ব।
কোনোবা গণ্যমান্য ব্যক্তি আয়ুক্ত আদি আহিলেতো তেওঁৰ পিছত আৰু অনেক লোক আহিব। এওঁ (ব্ৰহ্মাবাবা)ৰ
পিছততো কোনো নাহিব। এতিয়া তোমালোক ব্ৰাহ্মণ সন্তানতো বহুত কমসংখ্যক আছা। যেতিয়া
সংখ্যাগৰিষ্ঠ হ'বাগৈ তেতিয়া বুজিব। এতিয়া যদি বুজি পায় তেন্তে পিতাৰ ওচৰলৈ দৌৰি
আহিব। এজনে কন্যা এগৰাকীক কৈছিল যে যিয়ে তোমাক এয়া শিকালে আমি পোনে পোনে কিয় তেওঁৰ
ওচৰলৈ নাযাওঁ। কিন্তু বেজীত মামৰ লাগি আছে তেন্তে চুম্বকৰ আকৰ্ষণ কেনেকৈ হ'ব? মামৰ
যেতিয়া সম্পূৰ্ণকৈ আঁতৰি যাব তেতিয়া চুম্বকক ধৰিব পাৰিব। বেজীৰ এটা কোণাতো যদি মামৰ
লাগি থাকে তেন্তে সিমান আকৰ্ষণ নকৰিব। অন্তিমত এনেকুৱা হ’বাগৈ যেতিয়া গোটেই মামৰ
আঁতৰি যাব তেতিয়াতো পিতাৰ সৈতে উভতি যাবাগৈ। এতিয়াতো চিন্তা হয় যে আমি তমোপ্ৰধান,
মামৰ লাগি আছে। যিমানে স্মৰণ কৰিবা সিমানে মামৰ পৰিস্কাৰ হৈ গৈ থাকিব। লাহে লাহে
মামৰ আঁতৰি যাব। মামৰ লাগিছেও লাহে লাহে নহয় জানো, আকৌ তেনেকৈয়ে আঁতৰিব। যেনেকৈ
মামৰে ধৰে তেনেকৈ পৰিস্কাৰ হ'ব গতিকে তাৰ বাবে পিতাক স্মৰণো কৰিব লাগে। স্মৃতিৰ
দ্বাৰা কাৰোবাৰ অধিক মামৰ আঁতৰিছে, কাৰোবাৰ কম। যিমানে অধিক মামৰ আঁতৰিব সিমানে তেওঁ
অন্যক বুজালে আকৰ্ষিত হ'ব। এয়া অতি সূক্ষ্ম কথা। স্থূল বুদ্ধিৰসকলে বুজিব নোৱাৰে।
তোমালোকে জানা ৰাজ্য স্থাপন হৈ আছে। বুজাবৰ বাবেও দিনে প্ৰতিদিনে উপায় ওলাই থাকে।
আগতে জানো জানিছিলা যে প্ৰদৰ্শনী অনুষ্ঠিত কৰিবা, সংগ্ৰাহালয় আদি সাজিবা। আগলৈ হয়তো
আৰু কিছু ওলাব। এতিয়া সময়তো আছে, স্থাপনা হ'ব। হাৰ্টফেইলো হ’ব নালাগে।
কৰ্মেন্দ্ৰিয়সমূহ বশ কৰিব নোৱাৰিলে অৱনমিত হৈ যায়। বিকাৰগ্ৰস্ত হ'লেতো বেজীত বহুত
মামৰ লাগি যাব। বিকাৰৰ পৰা বেছিকৈ মামৰ লাগে। সত্যযুগ-ত্ৰেতাত তেনেই কম আকৌ
আধাকল্পত অতি সোনকালে মামৰ লাগে। অধোগতি হৈ যায় সেয়েহে নিৰ্বিকাৰী আৰু বিকাৰী বুলি
গায়ন কৰা হয়। নিৰ্বিকাৰী দেৱতাসকলৰ চিহ্ন আছে নহয়। পিতাই কয় দেৱী-দেৱতা ধৰ্ম প্ৰায়
লোপ হৈ গৈছে। চিহ্নতো আছে নহয়। সকলোতকৈ ভাল চিহ্ন এইখন চিত্ৰ। তোমালোকে এই
লক্ষ্মী-নাৰায়ণৰ চিত্ৰ লৈ পৰিক্ৰমা লগাব পাৰা কিয়নো তোমালোক এয়া হোৱাগৈ নহয়।
ৰাৱণৰাজ্য বিনাশ, ৰামৰাজ্য স্থাপনা হয়। এয়া ৰামৰাজ্য, এয়া ৰাৱণৰাজ্য, এয়া হৈছে সংগম।
অনেক সাৰ কথা আছে। চিকিৎসকসকলৰ বুদ্ধিত কিমান ঔষধৰ স্মৃতি থাকে। বেৰিষ্টাৰৰ বুদ্ধিতো
অনেক প্ৰকাৰৰ কথা থাকে। বিবিধ বিষয়ৰতো বহুত ভাল কিতাপ ৰচনা হ’ব পাৰে। পাছত যেতিয়া
ভাষণ দিবৰ বাবে যোৱা তেতিয়া সাৰ কথাবোৰ চকুৰ আগত ৰাখা। তীক্ষ্ণ বুদ্ধিৰসকলে তৎক্ষণাৎ
চাই ল'ব। প্ৰথমেতো লিখিব লাগে মই এনেকৈ এনেকৈ বুজাম। ভাষণ দিয়াৰ পাছতো স্মৃতিলৈ আহে
নহয়। এনেকৈ বুজোৱাহেঁতেন ভাল আছিল। এই কথাবোৰ অন্যক বুজালে বুদ্ধিত ধাৰণ হ’ব। বিষয়
বস্তুৰ তালিকা তৈয়াৰ কৰি ৰাখিব লাগে। পাছত এটা বিষয় বস্তু লৈ নিজৰ ভিতৰতে ভাষণ দিব
লাগে বা লিখিব লাগে। তাৰপাছত চাব লাগে সকলো সাৰ কথা লিখিছোঁনে? যিমান মগজ খটুৱাবা
সিমান ভাল। পিতাইতো বুজি পায় নহয় যে এওঁ ভাল ছাৰ্জন, এওঁৰ বুদ্ধিত বহুত সাৰ কথা আছে।
ভৰপূৰ হৈ গ'লেতো সেৱা অবিহনে ভাল নালাগিব।
তোমালোকে প্ৰদৰ্শনী
অনুষ্ঠিত কৰা কোনো স্থানৰ পৰা 2-4 গৰাকী, কোনো স্থানৰ পৰা 6-8 গৰাকী ওলায়। ক’ৰবাততো
এজনো নোলায়। হাজাৰজনে চালে, ওলায় কিমান কমসংখ্যক সেইবাবে এতিয়া ডাঙৰ ডাঙৰ চিত্ৰও
তৈয়াৰ কৰি থাকে। তোমালোক বিচাৰ বুদ্ধি সম্পন্ন হৈ গৈ থাকা। ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ
কি অৱস্থা, সেয়াও তোমালোকে দেখিবলৈ পোৱা। বাবাই বুজাইছে - নিৰ্ণয় কৰিব লাগে কাক এই
জ্ঞান দিয়া উচিত। নাড়ীৰ স্পন্দন চাই নিৰ্ণয় কৰিব লাগে কোন মোৰ ভক্ত। গীতা পাঠকসকলক
মুখ্যতঃ এটা কথাই বুজোৱা যে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠজনকহে ভগৱান বুলি কোৱা হয়। তেওঁ হৈছে
নিৰাকাৰ। কোনো দেহধাৰী মনুষ্যক ভগৱান বুলি ক'ব নোৱাৰি। তোমালোক সন্তানসকলৰ এতিয়া এই
সকলোবোৰ কথা বোধগম্য হৈছে। সন্ন্যাসীয়েও ঘৰৰ সন্ন্যাস কৰি আঁতৰি যায়। কোনোবা
ব্ৰহ্মচাৰী অৱস্থাতে গুচি যায়। আকৌ পৰৱৰ্তী জন্মতো এনেকুৱা হয়। জন্মতো নিশ্চয় মাতৃ
গৰ্ভৰ পৰাই লয়। যেতিয়ালৈকে বিবাহ নকৰায় তেন্তে বন্ধনমুক্ত হয়, ইমানবিলাক সমন্ধীয় আদি
স্মৃতিলৈ নাহিব। বিবাহ কৰিলে তেতিয়া সমন্ধীয়সকল স্মৃতিলৈ আহিব। সময় লাগে, সোনকালে
বন্ধনমুক্ত নহয়। নিজৰ জীৱন কাহিনীৰ বিষয়েতো সকলোৱে গম পায়। সন্ন্যাসীসকলে বুজিব আগতে
আমি গৃহস্থী আছিলোঁ পাছত সন্ন্যাস কৰিলোঁ। তোমালোকৰ হৈছে ডাঙৰ সন্ন্যাস সেয়েহে
পৰিশ্ৰম হয়। সেই সন্ন্যাসীসকলে ভস্ম সানে, চুলি খুৰাই দিয়ে, বেশ সলনি কৰে।
তোমালোকেতো এনেকুৱা কৰাৰ দৰকাৰ নাই। ইয়াততো পোছাক সলনি কৰাৰো কথা নাই। তোমালোকে বগা
শাৰী নিপিন্ধিলেও আপত্তি নাই। এয়াতো বুদ্ধিৰ জ্ঞান। আমি আত্মা, পিতাক স্মৰণ কৰিব
লাগে ইয়াৰ দ্বাৰাই মামৰ আঁতৰিব আৰু আমি সতোপ্ৰধান হৈ যাম। উভতিতো সকলোৱে যাব লাগিব।
কোনোৱে যোগবলৰ দ্বাৰা পাৱন হৈ যাব, কোনোৱে শাস্তি খাই যাব। তোমালোক সন্তানসকলে মামৰ
আঁতৰোৱাৰ বাবেই পৰিশ্ৰম কৰিবলগীয়া হয়, সেয়েহে ইয়াক যোগ অগ্নি বুলিও কোৱা হয়। অগ্নিৰ
দ্বাৰা পাপ ভস্ম হয়। তোমালোক পৱিত্ৰ হৈ যাবাগৈ। কাম চিতাকো অগ্নি বুলি কয়। কাম
অগ্নিত জ্বলি ক'লা হৈ গৈছে। এতিয়া পিতাই কয় - বগা (পৱিত্ৰ) হোৱা। এই কথাবিলাক
তোমালোক ব্ৰাহ্মণসকলৰ বাহিৰে কাৰো বুদ্ধিত ধাৰণ হ’ব নোৱাৰে। এই কথাবোৰেই অনন্য।
তোমালোকক কয় - এওঁলোকেতো শাস্ত্ৰকো নামানে। নাস্তিক হৈ গৈছে। তোমালোকে ক’বা -
শাস্ত্ৰতো আমি পঢ়িছিলোঁ পাছত পিতাই জ্ঞান দিলে। জ্ঞানৰ দ্বাৰা সৎগতি হয়। ভগৱানুবাচ,
বেদ-উপনিষদ আদি পঢ়ি, দান-পুণ্য আদি কৰি কোনেও মোক প্ৰাপ্ত নকৰে। মোৰ দ্বাৰাহে মোক
প্ৰাপ্ত কৰিব পাৰে। পিতাহে আহি উপযুক্ত কৰি তোলে। আত্মাত মামৰ বাঢ়ি গ’লে তেতিয়া
পিতাক আহ্বান জনায় যে আহি পাৱন কৰি তোলক। আত্মা যি তমোপ্ৰধান হৈ গৈছে সেই আত্মা
সতোপ্ৰধান হ'ব লাগে, তমোপ্ৰধানৰ পৰা তমো-ৰজো-সতো তাৰপাছত সতোপ্ৰধান হ'ব লাগে। যদি
মাজত গণ্ডগোল হয় তেন্তে মামৰ বাঢ়ি যাব।
পিতাই আমাক ইমান উচ্চ
কৰি তোলে তেন্তে সেই আনন্দ থাকিব নালাগে জানো। বিলাতত পঢ়িবলৈ আনন্দেৰে যায় নহয়।
এতিয়া তোমালোক কিমান বিচাৰ বুদ্ধি সম্পন্ন হৈছা। কলিযুগত কিমান তমোপ্ৰধান অবোধ হৈ
যায়। যিমান মৰম কৰা সিমান বেছিকৈহে বিৰুদ্ধাচৰণ কৰে। তোমালোক সন্তানসকলে বুজি পোৱা
যে আমাৰ ৰাজধানী স্থাপনা হয়। যিয়ে ভালদৰে পঢ়িব, স্মৃতিত থাকিব তেওঁ ভাল পদ পাব। পুলি
ভাৰততে ৰোপণ কৰা হয়। দিনে-প্ৰতিদিনে খবৰ কাকত আদিৰ দ্বাৰা তোমালোকৰ নাম প্ৰসিদ্ধ হৈ
গৈ থাকিব। খবৰ কাকততো সকলো ফালেই যায়। সেই খবৰ কাকতৰ লোকসকলেই কেতিয়াবা দেখিবা ভালকৈ
লিখিব, কেতিয়াবা বেয়াকৈ কিয়নো তেওঁলোকেও আন পৰা শুনা কথাতেই ভিত্তি কৰি চলে নহয়।
যিয়ে যি শুনায় সেয়াই ছপা কৰি দিয়ে। আনৰ পৰা শুনা কথাত বহুত চলে, তাক পৰমত বুলি কোৱা
হয়। পৰমত আসুৰিক মত হৈ গ'ল। পিতাৰ হ'ল শ্ৰীমত। কোনোবাই ওলোটা কথা শুনালেতো বচ্
আহিবলৈকে এৰি দিয়ে। যিসকল সেৱাত ব্ৰতী হৈ থাকে, তেওঁলোকে সকলো গম পায়। ইয়াত তোমালোকে
যি সেৱা কৰা, এয়া হ'ল তোমালোকৰ এক নম্বৰৰ সেৱা। ইয়াত তোমালোকে সেৱা কৰা, তাত ফল পোৱা।
কৰ্তব্যতো ইয়াত পিতাৰ সৈতে কৰা নহয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আত্মাৰূপী
বেজীত মামৰ লাগি আছে, ইয়াক যোগবলেৰে আঁতৰাই সতোপ্ৰধান হ'বলৈ পৰিশ্ৰম কৰিব লাগে।
কেতিয়াও অহুকাণে-পহুকাণে শুনা কথাত চলি পঢ়া এৰি দিব নালাগে।
(2) বুদ্ধিক জ্ঞানৰ
সাৰ কথাৰে ভৰপূৰ কৰি ৰাখি সেৱা কৰিব লাগে। নাড়ীৰ স্পন্দন (মনোবৃত্তি) চাই জ্ঞান দিব
লাগে। বহুত তীক্ষ্ণ বুদ্ধিৰ হ'ব লাগে।
বৰদান:
কলিযুগী
সৃষ্টিৰ দুখ-অশান্তিৰ দৃশ্য দেখিও সদায় সাক্ষী তথা বেহদৰ বৈৰাগী হোৱা
এই কলিযুগী সৃষ্টিত
যিয়েই নহওক কিন্তু তোমালোকৰ সদায় আৰোহণ কলা। জগতৰ বাবে হাহাকাৰ আৰু তোমালোকৰ বাবে
জয়জয়কাৰ। তোমালোকে কোনো পৰিস্থিতিত ভীতিগ্ৰস্ত নোহোৱা কিয়নো তোমালোকে আগৰ পৰাই সাজু
হৈ আছা। সাক্ষী হৈ সকলো প্ৰকাৰৰ খেল চাই আছা। কোনোবাই কান্দে, চিঞৰে, সাক্ষী হৈ চালে
আনন্দ অনুভৱ হয়। যিয়ে কলিযুগী জগতৰ দুখ-অশান্তিৰ দৃশ্য সাক্ষী হৈ চায় তেওঁ সহজে
বেহদৰ বৈৰাগী হৈ যায়।
স্লোগান:
ধৰণী যেনেকুৱাই নহওক তৈয়াৰ কৰিবলৈ হ’লে বাণীৰ লগতে বৃত্তিৰে সেৱা কৰা।
অব্যক্ত সংকেত: এতিয়া
সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা
যেনেকৈ কোনো যন্ত্ৰ
এবাৰ স্থিৰ কৰি লোৱাৰ পাছত আপোনাআপুনি চলি থাকে। এইটো ৰীতিৰে নিজৰ সম্পূৰ্ণ অৱস্থা
বা পিতাৰ সমান অৱস্থা বা কৰ্মাতীত স্থিতিৰ অৱস্থা এনেকৈ স্থিৰ কৰি লোৱা যাতে সংকল্প,
শব্দ বা কৰ্ম সেই স্থিৰ অৱস্থা অনুসৰি আপোনাআপুনি চলি থাকে।