30.04.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতাই তোমালোকক পুৰুষোত্তম কৰি তুলিবৰ কাৰণে পঢ়াই আছে, তোমালোক এতিয়া কনিষ্ঠৰ পৰা
উত্তম পুৰুষ হোৱা, সকলোতকৈ উত্তম হৈছে দেৱতাসকল”
প্ৰশ্ন:
ইয়াত তোমালোক
সন্তানসকলে কোনটো পৰিশ্ৰম কৰা যিটো সত্যযুগত কৰিবলগীয়া নহ'ব?
উত্তৰ:
ইয়াত দেহ সহিত দেহৰ সকলো সম্বন্ধ পাহৰি আত্ম-অভিমানী হৈ শৰীৰ ত্যাগ কৰিবলৈ বহুত
পৰিশ্ৰম কৰিবলগীয়া হয়। সত্যযুগত বিনা পৰিশ্ৰমে বহি-বহিয়েই শৰীৰ ত্যাগ কৰি দিবা।
এতিয়া এইটোৱে পৰিশ্ৰম বা অভ্যাস কৰা যে মই আত্মা, মই এই পুৰণি সৃষ্টি, পুৰণা শৰীৰ
এৰিব লাগে, নতুন ল'ব লাগে। সত্যযুগত এইটো অভ্যাসৰ প্ৰয়োজন নাই।
গীত:
দূৰ দেশ কা
ৰহনে ৱালা........ (দূৰণিৰ দেশৰ নিবাসী…….)
ওঁম্শান্তি।
অতি মৰমৰ
আত্মিক সন্তানসকলে জানে যে পুনৰাই অৰ্থাৎ কল্প কল্পৰ পাছত। ইয়াক কোৱা হয় পুনৰাই
দূৰণিৰ দেশৰ নিবাসী পৰৰ দেশলৈ আহিছে। এনেকৈ কেৱল সেই এজনৰ ক্ষেত্ৰতহে গায়ন কৰে,
তেওঁকেই সকলোৱে স্মৰণ কৰে, তেওঁ হৈছে বিচিত্ৰ। তেওঁৰ কোনো চিত্ৰ নাই। ব্ৰহ্মা,
বিষ্ণু, শংকৰক দেৱতা বুলি কোৱা হয়। শিৱ ভগৱানুবাচ বুলি কোৱা হয়, তেওঁ থাকে পৰমধামত।
তেওঁক সুখধামলৈ কেতিয়াও নামাতে, দুখধামলৈহে মাতে। তেওঁ আহেও সংগমযুগত। এয়াতো
সন্তানসকলে জানে যে সত্যযুগত গোটেই বিশ্বত তোমালোক পুৰুষোত্তম হৈ থাকা। মধ্যম,
কনিষ্ঠ তাত নাথাকে। উত্তমতকৈও উত্তম পুৰুষ এওঁলোক শ্ৰীলক্ষ্মী-নাৰায়ণ নহয় জানো।
এওঁলোকক এনেকুৱা কৰি তোলোঁতাজনক শ্ৰী শ্ৰী শিৱবাবা বুলি কোৱা হ’ব। শ্ৰী শ্ৰী বুলি
সেই শিৱবাবাকহে কোৱা হয়। আজিকালিতো সন্ন্যাসী আদিয়েও নিজকে শ্ৰী শ্ৰী বুলি কৈ দিয়ে।
গতিকে পিতাহে আহি এই সৃষ্টিক পুৰুষোত্তম কৰি তোলে। সত্যযুগত গোটেই সৃষ্টিত
উত্তমতকৈও উত্তম পুৰুষসকল থাকে। উত্তমতকৈও উত্তম আৰু কনিষ্ঠতকৈও কনিষ্ঠৰ মাজৰ
পাৰ্থক্য এই সময়ত তোমালোকে বুজি পোৱা। কনিষ্ঠ মনুষ্যই নিজৰ নীচতা দেখুৱায়। এতিয়া
তোমালোকে বুজি পাইছা যে আমি কি আছিলোঁ, এতিয়া পুনৰ আমি স্বৰ্গবাসী পুৰুষোত্তম হৈ আছোঁ।
এয়া হয়েই সংগমযুগ। তোমালোকৰ আস্থা আছে পুৰণি সৃষ্টি নতুন হ’ব। পুৰণিয়েই নতুন,
নতুনেই পুৰণি নিশ্চয় হয়। নতুনক সত্যযুগ, পুৰণিক কলিযুগ বুলি কোৱা হয়। পিতা হয়েই সঁচা
সোণ, সত্য কওঁতা। তেওঁক সত্য বুলি কোৱা হয়। সকলো সত্য শুনায়। এনেকৈ যি কয় যে ঈশ্বৰ
সৰ্বব্যাপী, এইটো মিছা। এতিয়া পিতাই কয় - মিছা নুশুনিবা। বেয়া নুশুনিবা, বেয়া নাচাবা.....
ৰাজ-বিদ্যাৰ কথা বেলেগ। সেয়াতো হৈছেই অল্পকালৰ সুখৰ কাৰণে। পৰৱৰ্তী জন্ম ল'লে পুনৰ
নতুনকৈ পঢ়িব লাগিব। সেয়া হৈছে অল্পকালৰ সুখ। এয়া হৈছে 21 জন্ম, 21 প্ৰজন্মৰ কাৰণে।
বৃদ্ধ অৱস্থালৈকে প্ৰজন্ম বুলি কোৱা হয়। তাত কেতিয়াও অকাল মৃত্যু নহয়। ইয়াত চোৱা
কেনেকৈ অকাল মৃত্যু হৈ থাকে। জ্ঞানমাৰ্গতো মৃত্যু হৈ যায়। তোমালোকে এতিয়া কালৰ ওপৰত
বিজয়ী হৈ আছা। এইটো জানা যে সেয়া হৈছে অমৰলোক, এয়া হৈছে মৃত্যুলোক। তাততো যেতিয়া
বৃদ্ধ হয় তেতিয়া সাক্ষাৎকাৰ হয় - মই এই শৰীৰ ত্যাগ কৰি গৈ শিশু হ'মগৈ। বৃদ্ধাৱস্থা
পূৰা হ'ব আৰু শৰীৰ ত্যাগ কৰিম। নতুন শৰীৰ পালে সেয়াতো ভালেই নহয় জানো। বহি বহি
আনন্দেৰে শৰীৰ ত্যাগ কৰি দিয়ে। ইয়াততো সেইটো অৱস্থাত থাকি শৰীৰ ত্যাগ কৰিবৰ কাৰণে
পৰিশ্ৰম কৰিবলগীয়া হয়। ইয়াৰ পৰিশ্ৰম তাত আকৌ গতানুগতিক কথা হৈ যায়। ইয়াত দেহ সহিত
যি কিছু আছে সকলো পাহৰি যাব লাগে। নিজক আত্মা বুলি বুজিব লাগে, এই পুৰণি সৃষ্টি
এৰিব লাগে। নতুন শৰীৰ ধাৰণ কৰিব লাগে। আত্মা সতোপ্ৰধান হৈ থকা বাবে সুন্দৰ শৰীৰ পালা।
আকৌ কাম চিতাত বহাৰ কাৰণে ক'লা তমোপ্ৰধান হৈ গ'লা, গতিকে শৰীৰো শ্যাম বৰণীয়া পোৱা,
সুন্দৰৰ পৰা শ্যাম হৈ গ'লা। কৃষ্ণৰ নামতো কৃষ্ণই হয় আকৌ তেওঁক শ্যাম-সুন্দৰ বুলি
কিয় কয়? চিত্ৰবোৰতো কৃষ্ণৰ চিত্ৰ শ্যাম বৰণীয়া কৰি দিয়ে কিন্তু অৰ্থ বুজি নাপায়।
এতিয়া তোমালোকে বুজি পোৱা সতোপ্ৰধান আছিল বাবে সুন্দৰ আছিল। এতিয়া তমোপ্ৰধান শ্যাম
হৈ গ’ল। সতোপ্ৰধানক পুৰুষোত্তম বুলি কোৱা হ’ব, তমোপ্ৰধানক কনিষ্ঠ বুলি কোৱা হ’ব।
পিতাতো সৰ্বদা পৱিত্ৰ। তেওঁ আহেই পৱিত্ৰ কৰি তুলিবলৈ। পথিক নহয় জানো। কল্পই কল্পই
আহে, নহ'লেনো পুৰণি সৃষ্টিক কোনে নতুন কৰি তুলিব! এইখনতো পতিত ছিঃ ছিঃ সৃষ্টি। এই
কথাবোৰ জগতৰ কোনেও নাজানে। এতিয়া তোমালোকে জানা যে পিতাই আমাক পুৰুষোত্তম কৰি তুলিব
কাৰণে পঢ়াই আছে। পুনৰাই দেৱতা হ’বলৈ আমিয়েই ব্ৰাহ্মণ হৈছোঁ। তোমালোক হৈছা সংগমযুগী
ব্ৰাহ্মণ। জগতে এইটো নাজানে যে এতিয়া সংগমযুগ। শাস্ত্ৰত কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি
লিখি দিছে গতিকে বুজি লয় যে কলিযুগতো এতিয়া শিশু। এতিয়া তোমালোকে অন্তৰেৰে বুজি পোৱা
- আমি ইয়ালৈ আহিছোঁ উত্তমতকৈও উত্তম, কলিযুগী পতিতৰ পৰা সত্যযুগী পাৱন, মনুষ্যৰ পৰা
দেৱতা হ'বৰ কাৰণে। ‘গ্ৰন্থ’তো (শিখসকলৰ ধৰ্ম গ্ৰন্থ) মহিমা আছে - ঈশ্বৰে মলিন কাপোৰ
পৰিস্কাৰ কৰে। কিন্তু ‘গ্ৰন্থ’ পঢ়োঁতাসকলেও অৰ্থ বুজি নাপায়। এই সময়ততো পিতা আহি
গোটেই জগতৰ মনুষ্য মাত্ৰক পৰিষ্কাৰ কৰে। তোমালোক সেইজন পিতাৰ সন্মুখত বহি আছা।
পিতাইহে সন্তানসকলক বুজায়। এই ৰচয়িতা আৰু ৰচনাৰ জ্ঞান আন কোনেও নাজানেই। পিতাহে
জ্ঞানৰ সাগৰ হয়। তেওঁ সত্য, চৈতন্য, অমৰ। পুনৰ্জন্ম ৰহিত। শান্তিৰ সাগৰ, সুখৰ সাগৰ,
পৱিত্ৰতাৰ সাগৰ। তেওঁকে আহ্বান জনায় যে আহি এই উত্তৰাধিকাৰ দিয়ক। তোমালোকক এতিয়া
পিতাই 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ দি আছে। এয়া হৈছে অবিনাশী পঢ়া। পঢ়াওঁতাজনো অবিনাশী
পিতা। আধাকল্প তোমালোকে ৰাজ্য প্ৰাপ্ত কৰা পুনৰ ৰাৱণৰাজ্য হয়। আধাকল্প হৈছে
ৰামৰাজ্য, আধাকল্প হৈছে ৰাৱণৰাজ্য।
প্ৰাণতকৈও প্ৰিয়
একমাত্ৰ পিতাই হয় কিয়নো তেৱেঁই তোমালোক সন্তানসকলক সকলো দুখৰ পৰা মুক্ত কৰি অপাৰ
সুখত লৈ যায়। তোমালোকে নিশ্চয়তাৰে কোৱা - তেওঁ আমাৰ প্ৰাণতকৈও প্ৰিয় পাৰলৌকিক পিতা।
প্ৰাণ বুলি আত্মাক কোৱা হয়। সকলো মনুষ্য মাত্ৰই তেওঁক স্মৰণ কৰে কিয়নো আধাকল্পৰ
কাৰণে দুখৰ পৰা মুক্ত কৰি শান্তি আৰু সুখ দিওঁতা একমাত্ৰ পিতাই হয়। তেন্তে
প্ৰাণতকৈও প্ৰিয় নহ'ল জানো। তোমালোকে জানা যে সত্যযুগত আমি সৰ্বদা সুখী হৈ থাকোঁ।
বাকী সকলো শান্তিধামলৈ গুচি যাব। পুনৰ ৰাৱণৰাজ্যত দুখ আৰম্ভ হয়। দুখ আৰু সুখৰ খেল।
মনুষ্যই ভাবে ইয়াতেই এতিয়াই সুখ, এতিয়াই দুখ। কিন্তু নহয়, তোমালোকে জানা স্বৰ্গ
বেলেগ, নৰক বেলেগ। স্বৰ্গৰ স্থাপনা পিতা ৰামে কৰে, নৰকৰ স্থাপনা ৰাৱণে কৰে, যাক বছৰে
বছৰে জ্বলায়। কিন্তু কিয় জ্বলায়? কি বস্তু? একোৱে নাজানে। কিমান খৰচ কৰে। কিমান
কাহিনী বহি শুনায়, ৰামৰ সীতা ভগৱতীক ৰাৱণে লৈ গ'ল। মনুষ্যয়ো ভাবে এনেকুৱা হৈছিল চাগৈ।
এতিয়া তোমালোকে সকলোৰে
বৃত্তিক জানা। তোমালোকৰ বুদ্ধিত এই জ্ঞান আছে। গোটেই বিশ্বৰ ইতিহাস-ভূগোল কোনো
মনুষ্য মাত্ৰেই নাজানে। পিতাইহে জানে। তেওঁক সৃষ্টি ৰচয়িতা বুলিও কোৱা নহয়। সৃষ্টিতো
আছেই, পিতা আহি কেৱল জ্ঞান দিয়ে যে এই চক্ৰ কেনেকৈ ঘূৰে। ভাৰতত এই লক্ষ্মী-নাৰায়ণৰ
ৰাজ্য আছিল আকৌ কি হ'ল? দেৱতাসকলে কাৰোবাৰ লগত যুদ্ধ কৰিলে জানো? কোনো যুদ্ধ কৰা
নাই। আধাকল্পৰ পাছত ৰাৱণৰাজ্য আৰম্ভ হোৱাৰ কাৰণে দেৱতাসকল বাম (বিকাৰী) মাৰ্গত গুচি
যায়। বাকী এনেকুৱা নহয় যে যুদ্ধত কোনোবাই হৰুৱালে। সৈন্য-সামন্ত আদিৰ কোনো কথা নাই।
যুদ্ধৰ দ্বাৰা ৰাজ্য নলয় নতুবা হেৰুৱায়। এয়াতো যোগত থাকি পৱিত্ৰ হৈ পৱিত্ৰ ৰাজ্য
তোমালোকে স্থাপনা কৰা। বাকী হাতত কোনো বস্তু নাই। এয়া হৈছে দ্বৈত অহিংসা। এটা হৈছে
পৱিত্ৰতাৰ অহিংসা, দ্বিতীয়তে তোমালোকে কাকো দুখ নিদিয়া। সকলোতকৈ ডাঙৰ হিংসা হৈছে
কাম কটাৰীৰ। যিয়ে আদি-মধ্য-অন্ত দুখ দিয়ে। ৰাৱণৰ ৰাজ্যতহে দুখ আৰম্ভ হয়। বেমাৰবোৰ
আৰম্ভ হৈ যায়। কিমান অনেক বেমাৰ আছে। অনেক প্ৰকাৰৰ ঔষধ ওলাই থাকে। ৰোগী হৈ গ’ল নহয়।
তোমালোকে এই যোগবলৰ দ্বাৰা 21 জন্মৰ কাৰণে নিৰোগী হৈ যোৱা। তাত দুখ বা বেমাৰৰ
নাম-চিহ্ন নাথাকে। তাৰ বাবে তোমালোকে পঢ়ি আছা। সন্তানসকলে জানে যে ভগৱানে আমাক পঢ়াই
ভগৱান-ভগৱতী কৰি গঢ়ি আছে। পঢ়াও কিমান সহজ। আধা ঘণ্টা বা পঞ্চল্লিছ মিনিটত গোটেই
সৃষ্টি চক্ৰৰ জ্ঞান বুজাই দিয়ে। 84 জন্মও কোনে কোনে লয় - সেয়া তোমালোকে জানা।
ভগৱানে আমাক পঢ়ায়,
তেওঁ হয়েই নিৰাকাৰ। তেওঁৰ প্ৰকৃত নাম হৈছে শিৱ। কল্যাণকাৰী হয় নহয়। সকলোৰে
কল্যাণকাৰী, সকলোৰে সৎগতি দাতা হৈছে উচ্চতকৈও উচ্চ পিতা। উচ্চতকৈও উচ্চ মনুষ্য কৰি
তোলে। পিতাই পঢ়াই বুদ্ধিমান কৰি কয় এতিয়া গৈ পঢ়োৱা। এই ব্ৰহ্মাকুমাৰ-কুমাৰীসকলক
পঢ়াওঁতাজন হৈছে শিৱবাবা। ব্ৰহ্মাৰ দ্বাৰা তোমালোকক তুলি লৈছে। প্ৰজাপিতা ব্ৰহ্মা
ক'ৰ পৰা আহিল? এই কথাটিতেই বিবুদ্ধিত পৰে। এওঁক তুলি ল’লে, এনেকৈ কয় - বহুত জন্মৰ
অন্তত.... এতিয়া বহুত জন্ম কোনে ল'লে? এই লক্ষ্মী-নাৰায়ণেই সম্পূৰ্ণ 84 জন্ম লৈছে
সেয়েহে কৃষ্ণৰ কাৰণে কৈ দিয়ে শ্যাম-সুন্দৰ। আমিয়েই সুন্দৰ আছিলোঁ পুনৰ 2 টা কলা কম
হৈ গ'ল। কলা কম হৈ হৈ এতিয়া কলাহীন হৈ গ'ল। এতিয়া তমোপ্ৰধানৰ পৰা পুনৰ সতোপ্ৰধান
কেনেকৈ হ’ব? পিতাই কয় - মোক স্মৰণ কৰিলে তোমালোক পৱিত্ৰ হৈ যাবা। এইটোও জানা এয়া
হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ। এতিয়া যজ্ঞত ব্ৰাহ্মণ লাগে। তোমালোক হৈছা প্ৰকৃত ব্ৰাহ্মণ
সত্য ‘গীতা’ শুনাওঁতা সেয়েহে তোমালোকে লিখাও “সত্য গীতা পাঠশালা”। সেই ‘গীতা’ততো
নামেই সলনি কৰি দিলে। অৱশ্যে হয় যিসকলে কল্প পূৰ্বে উত্তৰাধিকাৰ লৈছিল তেওঁলোকেই আহি
ল'ব। নিজৰ অন্তৰক সোধা – মই সম্পূৰ্ণ উত্তৰাধিকাৰ ল'ব পাৰিমনে? মনুষ্যই শৰীৰ ত্যাগ
কৰিলে খালী হাতে যায়, সেই বিনাশী উপাৰ্জনতো লগত নাযাব। তোমালোকে শৰীৰ ত্যাগ কৰিলে
হাত ভৰপূৰ হৈ যাব কিয়নো 21 জন্মৰ কাৰণে তোমালোকে নিজৰ উপাৰ্জন জমা কৰি আছা।
মনুষ্যৰতো সকলো উপাৰ্জন মাটিত মিলি যাব। তাতকৈ আমি কিয়নো স্থানান্তৰ কৰি বাবাক দি
নিদিওঁ। যিয়ে বহুত দান কৰে তেওঁতো পৰৱৰ্তী জন্মত ধনৱান হয়, স্থানান্তৰ কৰে নহয়।
এতিয়া তোমালোকে 21 জন্মৰ কাৰণে নতুন সৃষ্টিলৈ স্থানান্তৰ কৰা। তোমালোকে প্ৰতিদানত
21 জন্মৰ কাৰণে পোৱা। তেওঁলোকেতো এটা জন্মৰ কাৰণে অল্পকালৰ কাৰণে স্থানান্তৰ কৰে।
তোমালোকেতো স্থানান্তৰ কৰা 21 জন্মৰ কাৰণে। পিতাতো হয়েই দাতা। এয়া ড্ৰামাত
নিৰ্ধাৰিত হৈ আছে। যিয়ে যিমান কৰে, তেওঁ পায়। তেওঁলোকে আওপকীয়াকৈ দান-পুণ্য কৰে
গতিকে অল্পকালৰ কাৰণে প্ৰতিদান পায়। এয়া হৈছে পোনপটীয়া। এতিয়া সকলোবোৰ নতুন সৃষ্টিলৈ
স্থানান্তৰ কৰিব লাগে। এওঁক (ব্ৰহ্মাক) দেখিলা কিমান বীৰত্ব দেখুৱালে। তোমালোকে কোৱা
- সকলোবোৰ ঈশ্বৰে দিছে। এতিয়া পিতাই কয় - এই সকলোবোৰ মোক দিয়া। মই তোমালোকক বিশ্বৰ
বাদশ্বাহী দিম। বাবাইতো ততালিকে দি দিলে, অলপো নাভাবিলে। সম্পূৰ্ণ কৰ্তৃত্ব দি দিলে।
মই বিশ্বৰ বাদশ্বাহী পাম, সেইটো নিচা লাগি গ'ল। সন্তান আদিৰ বাবে একোৱেই চিন্তা
নকৰিলে। দিওঁতা ঈশ্বৰ তেন্তে মই কাৰোবাৰ বাবে দায়বদ্ধ হওঁ জানো। 21 জন্মৰ কাৰণে
স্থানান্তৰ কেনেকৈ কৰিব লাগে - এই পিতাক (ব্ৰহ্মা বাবাক) চোৱাম্পিতাক অনুসৰণ কৰা।
প্ৰজাপিতা ব্ৰহ্মাই কৰিলে নহয়। ঈশ্বৰতো দাতা হয়। তেওঁ এওঁৰ (ব্ৰহ্মাৰ) দ্বাৰা কৰালে।
তোমালোকেও জানা আমি পিতাৰ পৰা বাদশ্বাহী ল'বলৈ আহিছোঁ। দিনে-প্ৰতিদিনে সময় কমি গৈ
থাকে। আপদ এনেকৈ আহিব কথাই নুসুধিবা। বেপাৰীসকলৰ শ্বাসতো (প্ৰাণতো) মুঠিতেই থাকে।
কোনো গণ্ডগোল যাতে নহয়। চিপাহীৰ মুখ দেখি মনুষ্য বেহুঁচ হৈ যায়। আগলৈ গৈ বহুত
অশান্ত কৰিব। সোণ আদি একোৱেই ৰাখিবলৈ নিদিব। বাকী তোমালোকৰ ওচৰত কি থাকিব! পইচাই
নাথাকিব যে কিবা কিনিব পাৰিবা। নোট আদিও নচলিব। ৰাজ্য সলনি হৈ যায়। অন্তিমত বহুত
দুখী হৈ মৰিব। বহুত দুখৰ পাছত আকৌ সুখ হ'ব। এয়া হৈছে অনাহকতে তেজৰ খেল। প্ৰাকৃতিক
দুৰ্যোগো হ'ব। ইয়াৰ আগতেই পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ লৈ ল'ব লাগে। লাগিলে
ঘূৰা-ফুৰা কৰা, কেৱল পিতাক স্মৰণ কৰি থাকা তেতিয়া পৱিত্র হৈ যাবা। বাকী আপদতো বহুত
আহিব। বহুত হায়! হায়! কৰি থাকিব। তোমালোক সন্তানসকলে এতিয়া এনেকুৱা অভ্যাস কৰিব লাগে
যাতে অন্তিম সময়ত একমাত্ৰ শিৱবাবাহে স্মৃতিত থাকে। তেওঁৰ স্মৃতিতহে থাকি শৰীৰ এৰা
আৰু কোনো মিত্ৰ-সম্বন্ধীয় আদি যাতে স্মৃতিলৈ নাহে। এইটো অভ্যাস কৰিব লাগে। পিতাকহে
স্মৰণ কৰিব লাগে আৰু নাৰায়ণ হ'ব লাগে। এইটো অভ্যাস বহুত কৰিব লাগে। নহ'লে বহুত
অনুতাপ কৰিব লাগিব। অন্য কাৰোবাৰ স্মৃতি আহিলে তেন্তে অনুত্তীৰ্ণ হ’লা। যিসকল
উত্তীৰ্ণ হয় তেওঁলোকেই বিজয় মালাত আহিব। নিজকে সুধিব লাগে মই পিতাক কিমান স্মৰণ কৰোঁ?
যদি হাতত কিবা থাকে তেন্তে সেয়া অন্তিম সময়ত স্মৃতিলৈ আহিব। হাতত যদি একো নাথাকে
স্মৃতিলৈও নাহিব। পিতাই কয় - মোৰ লগততো একোৱেই নাই। এয়া মোৰ বস্তু নহয়। সেই জ্ঞানৰ
সলনি এয়া লোৱা তেন্তে 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ পাই যাবা। নহ'লে স্বৰ্গৰ
উত্তৰাধিকাৰ হেৰুৱাই পেলাবা। তোমালোক ইয়ালৈ আহিছাই পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ।
পৱিত্রতো নিশ্চয় হ'ব লাগে। নহ'লেতো শাস্তি খাই হিচাপ-নিকাচ নিষ্পত্তি কৰি যাব লাগিব।
একো পদ নাপাবা। শ্ৰীমতত চলিলে কৃষ্ণক কোলাত ল'ব পাৰিবা। এনেকৈ কয় নহয় যে কৃষ্ণৰ দৰে
পতি লাগে বা সন্তান লাগে। কোনোৱেতো ভালদৰে বুজি পায়, কোনোৱেতো আকৌ ওলট-পালট কথা কৈ
দিয়ে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেনেকৈ
ব্ৰহ্মা বাবাই নিজৰ সকলো স্থানান্তৰ কৰি সম্পূৰ্ণ কৰ্তৃত্ব পিতাক দি দিলে, অলপো
নাভাবিলে, তেনেকৈ পিতাক অনুসৰণ কৰি 21 জন্মৰ প্ৰালব্ধ জমা কৰিব লাগে।
(2) অভ্যাস কৰিব লাগে
যাতে অন্তিম সময়ত একমাত্ৰ পিতাৰ বাহিৰে আৰু কোনো বস্তু স্মৃতিলৈ নাহে। মোৰ একো নাই,
সকলো বাবাৰ। ‘অল্ফ’ (পৰমপিতা) আৰু ‘বে’ (বাদশ্বাহী), এইটো স্মৃতিৰে উত্তীৰ্ণ হৈ
বিজয়মালাত আহিব লাগে।
বৰদান:
মনৰ ওপৰত পূৰা
মনোযোগ দিওঁতা আৰোহণ কলাৰ অনুভৱী বিশ্ব পৰিৱৰ্তক হোৱা
এতিয়া অন্তিম সময়ত
মনৰ দ্বাৰাই বিশ্ব পৰিৱৰ্তনৰ নিমিত্ত হ’ব লাগে সেই কাৰণে এতিয়া মনত যদি এটাও ব্যৰ্থ
সংকল্প উদয় হয় তেন্তে বহুত হেৰুৱালা, এটা সংকল্পকো সাধাৰণ কথা বুলি নাভাবিবা,
বৰ্তমান সময়ত সংকল্পৰ অস্থিৰতাকো ডাঙৰ অস্থিৰতা বুলি গণ্য কৰা হয় কিয়নো এতিয়া সময়
সলনি হৈ গ’ল, পুৰুষাৰ্থৰ গতিও সলনি হৈ গ’ল সেয়েহে সংকল্পতেই পূৰ্ণ যতি লগাব লাগে।
যেতিয়া মনৰ ওপৰত ইমান মনোযোগ থাকিব তেতিয়া আৰোহণ কলাৰ দ্বাৰা বিশ্ব পৰিৱৰ্তক হ’ব
পাৰিবা।
স্লোগান:
কৰ্মত যোগৰ অনুভৱ হোৱা অৰ্থাৎ কৰ্মযোগী হোৱা।
সংযুক্ত ৰূপৰ স্মৃতিৰে
সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:
“মই আৰু পিতা” - এইটো
সংযুক্ত ৰূপৰ অনুভৱ কৰি, সদায় শুভ ভাৱনা, শ্ৰেষ্ঠ কামনা, শ্ৰেষ্ঠ বাণী, শ্ৰেষ্ঠ
দৃষ্টি, শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা বিশ্ব কল্যাণকাৰী স্বৰূপৰ অনুভৱ কৰা তেতিয়া চেকেণ্ডত
সকলো সমস্যাৰ সমাধান কৰিব পাৰিবা। সদায় এটা শ্লোগান স্মৃতিত ৰাখিবা- “সমস্যাও নহওঁ
আৰু সমস্যাক দেখি অস্থিৰো নহওঁ, নিজেও সমাধান স্বৰূপ হৈ থাকিম আৰু আনকো সমাধান দিম”।
এইটো স্মৃতিয়ে সফলতা স্বৰূপ কৰি তুলিব।