30.05.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – নিজৰ সৰ্বস্ব ঈশ্বৰীয় সেৱাত সফল কৰি ভৱিষ্যত গঢ়ি লোৱা কিয়নো মৃত্যু শিৰত আছে”

প্ৰশ্ন:
জ্ঞান শুনা সত্ত্বেও সন্তানসকলৰ সেয়া ধাৰণা কিয় নহয়?

উত্তৰ:
কিয়নো বিচাৰ সাগৰ মন্থন কৰিবই নাজানে। বুদ্ধিযোগ দেহ আৰু দেহৰ সম্বন্ধবোৰত ওলমি আছে। প্ৰথমতে যেতিয়া বুদ্ধিৰ পৰা মোহ আঁতৰিব, তেতিয়াহে কিছু ধাৰণা হ’ব। মোহ এনেকুৱা বস্তু যিয়ে একদম বান্দৰ কৰি দিয়ে সেইবাবে পিতাই প্ৰথম প্ৰতিশ্ৰুতি সোঁৱৰাই দিয়ে – দেহ সহিত দেহৰ সকলো সম্বন্ধক পাহৰি যোৱা আৰু মোক স্মৰণ কৰা।

গীত:
ভোলানাথ সে নিৰালা… (ভোলানাথতকৈ অনন্য…)

ওঁম্শান্তি।
পিতাই বহি বুজায়, এতিয়া সন্তানসকলে এইটোতো ভালদৰে গম পায় যে বেহদৰ পিতাকেই “বিপথে যোৱাসকলক গঢ়ি তোলোঁতা” বুলি কোৱা হয়। শ্ৰীকৃষ্ণই বিপথে যোৱাসকলৰ শুধৰণি কৰিব নোৱাৰে। গীতাৰ ভগৱান শ্ৰীকৃষ্ণ নহয়, শিৱহে। শিৱবাবা হৈছে ৰচয়িতা আৰু শ্ৰীকৃষ্ণ হৈছে ৰচনা। স্বৰ্গৰ উত্তৰাধিকাৰ দিওঁতাজন স্বৰ্গৰ ৰচয়িতাহে হ’ব পাৰে। এইটোৱেই ভাৰতৰ মুখ্য ভীষণ ভুল। শ্ৰীকৃষ্ণক বাবা বুলি কোনেও ক’ব নোৱাৰে। উত্তৰাধিকাৰ বাবাৰ পৰাহে পোৱা যায় আৰু ভাৰতেহে পাইছিল। ভাৰততেই শ্ৰীকৃষ্ণ ৰাজকুমাৰ আৰু ৰাধা ৰাজকুমাৰী বুলি গায়ন কৰা হৈছে। মহিমা উচ্চতকৈও উচ্চ এজন পিতাৰ। শ্ৰীকৃষ্ণ হৈছে উচ্চতকৈও উচ্চ ৰচনা, বিশ্বৰ মালিক। তাক কোৱা হয় সূৰ্যবংশী দৈৱী ৰাজবংশ। গীতা আদি হৈছে সনাতন দেৱী-দেৱতা ধৰ্মৰ শাস্ত্ৰ। সত্যযুগততো কাকো জ্ঞান শুনোৱা নাই। সংগমতহে পিতাই শুনাইছে। চিত্ৰতো প্ৰথমে এইটো সিদ্ধ কৰিব লাগে। দুয়োজনৰেই চিত্ৰ দিয়ে, গীতাৰ ভগৱান, এওঁ ৰচয়িতা, যি পুনৰ্জন্ম ৰহিত, শ্ৰীকৃষ্ণ যিগৰাকী ৰচনা তেওঁ নহয়। তোমালোকে জানা যে শিৱবাবাইহে হীৰাতুল্য কৰি তোলে। গায়নো কৰা হয় - হীৰাতুল্য, কড়িতুল্য। সন্তানসকলৰ বুদ্ধিত এইটো থাকিব লাগে যে পিতাৰ আদেশ হৈছে - তোমালোকে মোক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। তেওঁ হৈছে বেহদৰ পিতা। শ্ৰীকৃষ্ণতো হৈছে হদৰ মালিক। যদিও বিশ্বৰ মালিক হয়, শিৱবাবাতো ৰজা নহয়। গীতাৰ বাস্তৱত বহুত মহিমা আছে। লগতে ভাৰতৰো মহিমা আছে। ভাৰত সকলো ধৰ্মাৱলম্বীৰে ডাঙৰ তীৰ্থ। কেৱল শ্ৰীকৃষ্ণৰ নাম দি দিয়াৰ বাবে সকলো মহত্ব উৰি গ’ল। সেই কাৰণেই ভাৰত কড়িতুল্য হৈ গৈছে। ড্ৰামা অনুসৰিয়ে হয় কিন্তু সাৱধান কৰিবলগীয়া হয়। পিতাই বহুত ভালদৰে বুজায়। দিনে-প্ৰতিদিনে গূঢ় কথা শুনাই থাকে, গতিকে পুৰণা চিত্ৰবোৰ সলাই অন্য তৈয়াৰ কৰিবলগীয়া হয়। এয়াতো অন্তলৈকে হৈয়েই থাকিব। সন্তানসকলে বুদ্ধিত এইটো ভালদৰে ৰাখিব লাগে - শিৱবাবাই আমাক উত্তৰাধিকাৰ প্ৰদান কৰি আছে। তেওঁ কয় - মামেকম্ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। শ্ৰীকৃষ্ণক স্মৰণ কৰিলে বিকৰ্ম বিনাশ নহ’ব। তেওঁ সৰ্বশক্তিমানতো নহয়। সৰ্বশক্তিমান হৈছে পিতা, উত্তৰাধিকাৰো তেওঁ দিয়ে। মনুষ্যই শ্ৰীকৃষ্ণকেই স্মৰণ কৰি থাকে। বাৰু, ধৰিলোৱা শ্ৰীকৃষ্ণই কৈছে। তেৱোঁ কয় - দেহৰ সম্বন্ধ ত্যাগ কৰি মামেকম্ স্মৰণ কৰা। আত্মাইতো পিতাক স্মৰণ কৰিব নহয়। শ্ৰীকৃষ্ণতো সকলো আত্মাৰ পিতা নহয়। এই সকলোবোৰ বিচাৰ সাগৰ মন্থন কৰি বুদ্ধিত ধাৰণ কৰিব লাগে। কোনো কোনোৱে মোহত আৱদ্ধ হোৱাৰ বাবে ধাৰণা কৰিব নোৱাৰে। তোমালোকে গায়ন কৰি আহিছা - অন্যৰ সংগ ত্যাগ কৰি আপোনাৰ সৈতে গঢ়িম। মোৰতো কেৱল এজনেই দ্বিতীয় কোনো নাই। কিন্তু মোহ আকৌ এনেকুৱা বস্তু যে একদম বান্দৰ কৰি দিয়ে। বান্দৰৰ মোহ আৰু লোভ বহুত থাকে। চহকী লোকসকলকো বুজোৱা হয় যে এতিয়া মৃত্যু সন্মুখত থিয় হৈ আছে। এই সকলোবোৰ ঈশ্বৰীয় সেৱাত লগাওঁক, ভৱিষ্যত গঢ়ি লওঁক। কিন্তু বান্দৰৰ দৰে ওলমি থাকে, এৰি নিদিয়ে। পিতাই কয় - যিয়েই দেহ সহিত দেহৰ সম্বন্ধ আছে তাৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি দিয়া। পিতাৰ শ্ৰীমতত চলা। তোমালোকে কোৱা - এই ধন, সতি-সন্তান আদি সকলো ঈশ্বৰে দিছে। এতিয়া তেওঁ নিজেই আহিছে, তেওঁ কয় - তোমালোকৰ এই ধন-সম্পদ আদি সকলো নাশ হৈ যাব। কাৰোবাৰ ধুলিত পোত যাব….. ভূমিকম্প আদি হ’ব, এই সকলোবোৰ নাশ হৈ যাব। উৰাজাহাজ পতন হ’লে বা জুই আদি লাগিলে প্ৰথমে যেতিয়ালৈকে পুলিচ নাহে ভিতৰত চোৰ সোমায়। সেয়েহে পিতাই বুজায় – সন্তানসকল, দেহধাৰীসকলৰ পৰা মোহ আঁতৰাই দিব লাগে। মোহজিৎ হ’ব লাগে। দেহ-অভিমান হৈছে সৰ্ব প্ৰথম শত্ৰু। দেৱতাসকল দেহী-অভিমানী হয়। দেহ-অভিমান আহিলেই বিকাৰত আৱদ্ধ হয়। তোমালোক আধাকল্প দেহী-অভিমানী হৈ থাকা। এতিয়া দেহী-অভিমানী হোৱাৰ অভ্যাস কৰিব লাগে। যিয়েই মনুষ্য মাত্ৰ আছে এই কথাবোৰ একেবাৰে নাজানে, পৰমাত্মাকো নাজানে। আত্মা কি হয়, পৰমাত্মা কি হয়, আত্মাই কিমান জন্ম লয়, কেনেকৈ ভূমিকা পালন কৰে, আমি ভাৱৰীয়া হওঁ - এয়া কোনেও গম নাপায়, সেইবাবে মাউৰা অনাথ বুলি কোৱা হয়। তেওঁলোকেতো কৈ দিয়ে আত্মা জ্যোতিত লীন হৈ যায়। কিন্তু আত্মাতো অবিনাশী। আত্মাতেই 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। কয়ো যে আত্মা তৰা হয়, তথাপিও বুজি নাপায়। আত্মাই পৰমাত্মা বুলি কৈ দিয়ে, পিতাক একেবাৰে চিনি নাপায়। আত্মাৰ কাৰণেও কয় - ভ্ৰূকুটিৰ মাজত তৰা জিলিকে। পৰমাত্মাৰ কাৰণেতো একো নকয়। তেওঁক পৰম-আত্মা বুলি কোৱা হয়, তেৱোঁ পৰমধামত থাকে। তেৱোঁ বিন্দু। কেৱল পুনৰ্জন্ম ৰহিত, আত্মাসকল পুনৰ্জন্মত আহে। পৰমাত্মাৰ বাবে কোৱা হয় জ্ঞানৰ সাগৰ, আনন্দৰ সাগৰ, পৱিত্ৰতাৰ সাগৰ। দেৱতাসকলক এই উত্তৰাধিকাৰ কোনে দিলে? পিতাই। সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ……. এই দেৱতাসকলৰ দৰে এতিয়া কোনো নাই। তেওঁলোকে এই উত্তৰাধিকাৰ কেনেকৈ লাভ কৰিলে এয়া কোনেও গম নাপায়। পিতাহে আহি বুজায়, তেওঁকেই জ্ঞানৰ সাগৰ বুলি কোৱা হয়। এই সময়ত আহি জ্ঞান দিয়ে, আকৌ প্ৰায় লোপ হৈ যায়। তাৰপাছত আৰম্ভ হয় ভক্তি, তাক জ্ঞান বুলি ক’ব নোৱাৰি। জ্ঞানৰ দ্বাৰাতো সৎগতি হয়। যেতিয়া দুৰ্গতি হ’ব, তেতিয়া সকলোৰে সৎগতি দাতা, জ্ঞানৰ সাগৰ আহিব। পিতাহে আহি জ্ঞান স্নান কৰায়। সেয়াতো পানীৰ স্নান তাৰ দ্বাৰা সৎগতি হ’ব নোৱাৰে। এই অলপ কথাও ধাৰণ কৰিব লাগে। মুখ্য যিবোৰ ভাল ভাল চিত্ৰ আছে, সেইবোৰ ডাঙৰ হ’ব লাগে যাতে যিকোনো লোকে ভালদৰে বুজি যায়। শব্দবোৰ বহুত ভাল হ’ব লাগে। চিত্ৰ তৈয়াৰ কৰোঁতাসকলে এইটো বুদ্ধিত ৰাখিব লাগে। যিকোনো লোককে নিমন্ত্ৰণ দি মাতিব লাগে যে আহি পৰমপিতা পৰমাত্মাৰ পৰিচয় জানি লওক আৰু ভৱিষ্যত 21 জন্মৰ বাবে পিতাৰ পৰা উত্তৰাধিকাৰ লওক। ভাই-ভনীসকল, পাৰলৌকিক পিতাৰ পৰা বেহদৰ সুখৰ স্বৰাজ্য কেনেকৈ পোৱা যায় - সেয়া আহি বুজক। বেহদৰ পিতাৰপৰা উত্তৰাধিকাৰ ল’বলৈ শিকক, এই ক্ষেত্ৰত ভয় কৰিবলগীয়া কোনো কথাই নাই। আহ্বান কৰি থাকে - হে পতিত-পাৱন আহা। পিতায়ো কয় - কাম মহাশত্ৰু হয়। পাৱন সৃষ্টিলৈ যাবলৈ হ’লে পৱিত্ৰ নিশ্চয় হ’ব লাগে। পতিত তেওঁলোকক কোৱা হয় যি বিকাৰৰ পৰা জন্ম লয়। সত্যযুগ, ত্ৰেতাত বিষ নাথাকে, তাক কোৱাই হয় সম্পূৰ্ণ নিৰ্বিকাৰী সৃষ্টি। বিকাৰ নায়েই। তেন্তে তোমালোকে এনেকৈ কিয় সোধা – সন্তান কেনেকৈ জন্ম হয়? তোমালোক নিৰ্বিকাৰীতো হোৱা। সন্তান যেনেকৈ হ’ব লাগে তেনেকৈয়ে হ’ব। তোমালোকে এইটো সোধাই বা কিয়? তোমালোকে পিতাক স্মৰণ কৰা তেতিয়া জন্ম-জন্মান্তৰৰ বিকৰ্ম বিনাশ হৈ যাব, এইখন হয়েই পাপ আত্মাসকলৰ সৃষ্টি। সেইখন হৈছে পুণ্য আত্মাসকলৰ সৃষ্টি। এইটো ভালদৰে বুদ্ধিত ধাৰণ কৰিব লাগে। ভক্তিৰ ফল ভগৱানে আহি দিয়ে, পিতাইহে সকলোৰে সৎগতি কৰি স্বৰ্গৰ মালিক কৰি তোলে। পিতাই কয় – এতিয়া পৱিত্ৰ হোৱা, মামেকম্ স্মৰণ কৰা, এইটো হৈছে মহামন্ত্ৰ। পিতাৰ পৰা উত্তৰাধিকাৰ নিশ্চয় পাবা। পিতাই কয় - তোমালোকে মোক স্মৰণ কৰা তেতিয়া তোমালোক সতোপ্ৰধান হৈ যাবা। চিৰিৰ চিত্ৰৰ ওপৰত বুজাব লাগে। দিনে-প্ৰতিদিনে প্ৰতিটো বস্তু শুধৰণি হৈ গৈ থাকে, ইয়াত স্পষ্টকৈ লিখিব লাগে। ব্ৰহ্মাৰ দ্বাৰা আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা। যেতিয়া আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল তেতিয়া আন কোনো ধৰ্ম নাছিল। যি পৱিত্ৰ হয় তেৱেঁই পৱিত্ৰ সৃষ্টিলৈ আহিব। যিমান শক্তি তোমালোকৰ আহৰণ হ’ব, সিমানেই আগতে আহিবা। সকলোৱে একেলগেতো নাহে। এইটোও জানা যে সত্যযুগ-ত্ৰেতাত দেৱী-দেৱতা বহুত কম সংখ্যক হয়, পাছলৈ বৃদ্ধি পায়। প্ৰজাততো অনেক থাকিব। বুজোৱাসকলো বহুত ভাল হ’ব লাগে। কোৱা, আহি বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লওক, যাক হে বাবা বুলি আহ্বান কৰে, তেওঁৰ বাস্তৱত নামেই হৈছে শিৱ। ঈশ্বৰ বা প্ৰভু, ভগৱান বুলি ক’লে এইটো বুজি নাপায় যে তেওঁ পিতা হয়, তেওঁৰ পৰা উত্তৰাধিকাৰ পাব। শিৱবাবা বুলি ক’লে উত্তৰাধিকাৰ স্মৃতিত আহে। তেওঁক কোৱা হয় শিৱ পৰমাত্মায়ে নমঃ, পৰমাত্মাৰ নামতো কোৱা। নাম-ৰূপৰ পৰা উপৰাম একো নাই। তেওঁৰতো শিৱ নাম আছে। কেৱল শিৱায়ে নমঃ বুলিও ক’ব নালাগে, শিৱ পৰমাত্মায়ে নমঃ। প্ৰতিটো শব্দ বহুত ভালদৰে স্পষ্টকৈ বুজাব লাগে। শিৱায়ে নমঃ বুলি ক’লেও পিতাৰ আনন্দ পোৱা নাযায়। মনুষ্যইতো সকলো নাম নিজৰ ওপৰত ৰাখি দিছে। তোমালোকে জানা যে মনুষ্যক কেতিয়াও ভগৱান বুলি কোৱা নহয়। ব্ৰহ্মা, বিষ্ণু, শংকৰকো দেৱতা বুলি কোৱা হয়। পিতা ৰচয়িতাতো এজনেই নিৰাকাৰ। যেনেকৈ লৌকিক পিতাই সন্তানক ৰচনা কৰে, উত্তৰাধিকাৰ দিয়ে, তেনেকৈ বেহদৰ পিতায়ো উত্তৰাধিকাৰ দিয়ে। ভাৰতক বিশ্বৰ মালিক কৰি তোলে। গোটেই জগতৰ পতিত-পাৱন এজনেই পিতা। এইটো জানো কোনোবাই জানে। আমাৰ ধৰ্ম প্ৰতিষ্ঠাপক সকলো এই সময়ত পতিত, সমাধিস্থ। এতিয়া সকলোৰে হিচাপ নিষ্পত্তিৰ (বিনাশৰ) সময়। পিতাহে আহি সকলোকে উদ্ধাৰ কৰিব। বিনাশৰ সময়তেই খোদা, ভগৱান আহে। তেৱেঁই জ্ঞানৰ সাগৰ হয়। লিখা আছে - সাগৰৰ সন্তানসকল ভস্মীভূত হৈ গৈছিল অৰ্থাৎ কাম চিতাত বহি ক’লা লৌহ যুগৰ হৈ গৈছিল, পুনৰ সুন্দৰ কেনেকৈ হ’ব? পিতাই কয় - স্মৃতিৰ যাত্ৰাৰ দ্বাৰা। যুগ শব্দটি ক’লে মনুষ্য বিবুদ্ধিত পৰি যায়। পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া অন্তিমৰ স্থিতি অনুসৰি গতি হ’ব। কিমান সহজকৈ বুজায় তথাপিও এই কথাবোৰ বুদ্ধিত কিয় ধাৰণ নহয়? দেহ-অভিমান বহুত আছে সেইবাবে ধাৰণা নহয়। বাবাই বহুত ভাল যুক্তি শুনায়। বেহদৰ পিতাই, যাক স্মৰণ কৰে তেওঁ আহি কি কৰিলে? ভাৰতক স্বৰ্গ কৰি তুলিছিল। হদৰ উত্তৰাধিকাৰতো জন্ম-জন্মান্তৰ লৈ আহিছা। এতিয়া বেহদৰ পিতাৰ পৰা 21 জন্মৰ বাবে বেহদৰ উত্তৰাধিকাৰ লোৱা। সত্যযুগ-ত্ৰেতাত দেৱতাসকলে ৰাজ্য কৰিছিল। সূৰ্যবংশী তাৰপাছত চন্দ্ৰবংশী, আকৌ তেওঁলোকেই বৈশ্যবংশী তাৰপাছত শূদ্ৰবংশী….. তেওঁলোকেই বুলি ক’লে সিদ্ধ হয় যে তেওঁলোকেই পুনৰ্জন্ম লয়, বৰ্ণত আহে। পিতাই বুজায়তো সকলোকে, তোমালোক সন্মুখত বহি থকাৰ বাবে আনন্দিত হোৱা। কিছুমানৰ ভাগ্যত নাই গতিকে সেৱা নকৰে। সেৱা কৰিলে নাম হ’ব। ক’ব যে বাবাৰ কন্যাসকল কিমান বুদ্ধিমান, সকলো কাম কৰে। আমাক স্বৰ্গৰ বাদশ্বাহীৰ উত্তৰাধিকাৰ দিয়ে, এই সম্পত্তিও দিয়ে। এই চিত্ৰবোৰ হৈছে অন্ধৰ সন্মুখত আইনা, ইয়াত যাদু আদিৰ কোনো কথাই নাই। পৱিত্ৰতাৰে হৈছে মুখ্য কথা। বুজি পায় - এইটো অন্তিম জন্ম, স্বৰ্গলৈ যাবলৈ হ’লে পৱিত্ৰ নিশ্চয় হ’ব লাগিব। বিনাশ সন্মুখত থিয় হৈ আছে। পাৱন নিশ্চয় হ’ব লাগে। সন্ন্যাসীসকলে পৱিত্ৰ হ’বৰ বাবে ঘৰ-সংসাৰ ত্যাগ কৰে। পিতাই কয় - বিনাশ সন্মুখত থিয় হৈ আছে, মোক স্মৰণ কৰা তেতিয়া বৈতৰণী পাৰ হৈ যাবা। ভালবাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বিনাশৰ আগতে নিজৰ সকলো সফল কৰিব লাগে। এয়া হিচাপ নিষ্পত্তিৰ (বিনাশৰ) সময় গতিকে পাৱন নিশ্চয় হ’ব লাগে।

(2) দেহধাৰীসকলৰ পৰা মোহ আঁতৰাই মোহজিৎ হ’ব লাগে। দেহ-অভিমান যি প্ৰথম নম্বৰৰ শত্ৰু হয় তাৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। অন্য সকলোৰে সংগ ত্যাগ কৰি পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ স্থাপন কৰিব লাগে।

বৰদান:
স্মৃতিৰ মন্ত্ৰৰ দ্বাৰা সংকল্প আৰু কর্মত অবিনাশী সিদ্ধি প্ৰাপ্ত কৰোঁতা সিদ্ধি স্বৰূপ হোৱা

তোমালোক সন্তানসকল সৰ্বশক্তিমান চৰকাৰৰ বাৰ্তাবাহক হোৱা সেয়েহে কাৰোবাৰ সৈতে আলোচনা কৰোঁতে নিজৰ মগজ অশান্ত নকৰিবা। স্মৃতিৰ মন্ত্ৰ ব্যৱহাৰ কৰিবা। যিদৰে কোনোবা বাণীৰ দ্বাৰা বা অন্য কোনো পন্থাৰে বশীভূত নহ’লে তেতিয়া তন্ত্ৰ-মন্ত্ৰ কৰে, তোমালোকৰ ওচৰত আত্মিক দৃষ্টিৰ নেত্ৰ আৰু মনমনাভৱৰ মন্ত্ৰ আছে যাৰ দ্বাৰা নিজৰ সংকল্প সিদ্ধ কৰি সিদ্ধি স্বৰূপ হ'ব পাৰা।

স্লোগান:
কৰ্ম সচেতন হোৱাৰ পৰিৱৰ্তে আত্মা সচেতন হোৱা।


অব্যক্ত ইংগিত: সদায় অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা

একৰসৰ অৰ্থ এইটো নহয় যে পুৰুষাৰ্থৰ গতি সদায় একেধৰণৰ হ'ব। একৰস অৰ্থাৎ সদায় উৰন্ত কলাৰ অনুভূতি থাকিব লাগে। সকলো সম্বন্ধৰ অবিনাশী তাঁৰ যাতে এজনৰ লগতেই সংযোজিত হৈ থাকে। এক পিতা দ্বিতীয় কোনো নাই — এইটো দৃঢ় সংকল্প থাকক, এটাও সম্বন্ধ যাতে কম নহয়, সকলো সম্বন্ধৰ জৰী এজনৰ লগতে বান্ধ খাই থাকিলেহে একৰস স্থিতি স্বতঃ থাকিব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]