30.07.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – মায়া শতৰু তোমালোকৰ সন্মুখত আছে সেই কাৰণে নিজে বহুত সাৱধান হ’ব লাগে, যদি আগবাঢ়ি গৈ থাকোঁতে মায়াত আৱদ্ধ হৈ যোৱা তেন্তে নিজৰ ভাগ্য ৰেখা খণ্ডিত কৰি দিবা”

প্ৰশ্ন:
তোমালোক ৰাজযোগী সন্তানসকলৰ মুখ্য কৰ্তব্য কি?

উত্তৰ:
পঢ়া আৰু পঢ়োৱা, এইটোৱেই তোমালোকৰ মুখ্য কৰ্তব্য। তোমালোক ঈশ্বৰীয় মতত আছা। তোমালোক কোনো জংঘললৈ যাব নালাগে। ঘৰ-সংসাৰত থাকি শান্তিত বহি পিতাক স্মৰণ কৰিব লাগে। ‘অল্ফ’ (পিতা) আৰু ‘বে’ (বাদশ্বাহী), এই দুটা শব্দতে তোমালোকৰ গোটেই পঢ়া অন্তৰ্ভুক্ত হৈ আছে।

ওঁম্ শান্তি।
পিতায়ো ব্ৰহ্মাৰ দ্বাৰা ক’ব পাৰে যে সন্তানসকল, সুপ্ৰভাত। সন্তানসকলেও আকৌ সঁহাৰি জনাবলগীয়া হয়। ইয়াত হয়েই পিতা আৰু সন্তানৰ সম্বন্ধ। যিসকল নতুন, যেতিয়ালৈকে পৰিপক্ক হৈ নুঠে, কিবা নহয় কিবা সুধি থাকিব। এয়াতো হৈছে পঢ়া, ভগৱানুবাচ (ভগৱানৰ বাণী) বুলিও লিখা আছে। ভগৱান হৈছে নিৰাকাৰ। এই বাবাই কাৰোবাক বুজাবৰ কাৰণে তোমালোকক ভালদৰে পৰিপক্ক কৰি তোলে কিয়নো সেইফালে মায়াৰ বল আছে। ইয়াততো সেইটো কথা নাই। পিতাইতো বুজি পায় যিয়ে কল্প পূৰ্বে উত্তৰাধিকাৰ লৈছিল তেওঁলোক নিজেই আহি যাব। এনেকুৱা নহয় যে অমুক গুচি নাযাওঁক, এওঁক ধৰি ৰাখোঁ। গুচি যায় যদি গুচি যাওঁক। ইয়াততো জীৱন্তে মৰাৰ কথা। পিতাই তুলি লয়। কিবা উত্তৰাধিকাৰ দিবৰ বাবেই তুলি লোৱা হয়। সন্তানসকল উত্তৰাধিকাৰৰ লোভতে মাতা-পিতাৰ ওচৰলৈ আহে। চহকীৰ সন্তান কেতিয়াবা গৰিবৰ দ্বাৰা তোলনীয়া হ’ব জানো! ইমান ধন সম্পত্তি আদি সকলো কেনেকৈ এৰি যাব। চহকীসকলে তুলি লয়। এতিয়া তোমালোকে জানা যে বাবাই আমাক স্বৰ্গৰ বাদশ্বাহী দিয়ে। তেন্তে কিয়নো তেওঁৰ হৈ নাযাম। প্ৰতিটো কথাত লোভতো থাকেই। যিমানে বেছিকৈ পঢ়িব সিমানেই অধিক লালসা থাকিব। তোমালোকেও জানা যে পিতাই আমাক বেহদৰ উত্তৰাধিকাৰ দিবলৈ তুলি লৈছে। পিতায়ো কয় - তোমালোক সকলোকে মই পুনৰ 5 হাজাৰ বছৰ পূৰ্বৰ দৰে তুলি লওঁ। তোমালোকেও কোৱা যে বাবা আমি আপোনাৰ। 5 হাজাৰ বছৰ পূৰ্বেও আপোনাৰ হৈছিলোঁ। তোমালোক বাস্তৱত কিমান ব্ৰহ্মাকুমাৰ-কুমাৰী আছা। প্ৰজাপিতাওতো প্ৰসিদ্ধ। যেতিয়ালৈকে শূদ্ৰৰ পৰা ব্ৰাহ্মণ নহয় তেতিয়ালৈকে দেৱতা হ’ব নোৱাৰে। তোমালোক সন্তানসকলৰ বুদ্ধিত এতিয়া এই চক্ৰ ঘূৰি থাকে - আমি শূদ্ৰ আছিলোঁ, এতিয়া ব্ৰাহ্মণ হৈছোঁ পুনৰ দেৱতা হ’ব লাগে। সত্যযুগত আমি ৰাজ্য কৰিম। সেয়েহে এই পুৰণি সৃষ্টিৰ বিনাশ নিশ্চয় হ’ব লাগে। পূৰা নিশ্চয় নজন্মিলে আকৌ গুচি যায়। বহুত অপৈণত সন্তান আছে যি অধঃপতিত হৈ যায়, এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। মায়া শতৰু সন্মুখত থিয় হৈ আছে, সেয়েহে মায়াই নিজৰ ফালে আকৰ্ষিত কৰি লয়। পিতাই বাৰে বাৰে দৃঢ় কৰি তোলে, মায়াত আৱদ্ধ হৈ নাযাবা, নহ’লে নিজৰ ভাগ্যৰেখা খণ্ডিত কৰি দিবা। পিতাইহে সুধিব পাৰে যে আগতে কেতিয়াবা লগ পাইছিলানে? অন্য কাৰো এনেকৈ সুধিবলৈ জ্ঞানেই উদয় নহ’ব। পিতাই কয় - ময়ো পুনৰ ‘গীতা’ শুনাবলৈ আহিবলগীয়া হয়। আহি ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰিবলগীয়া হয়। বেহদৰ পিতাই বেহদৰ কথা বুজায়। এতিয়া হৈছে ৰাৱণৰাজ্য, পতিত ৰাজ্য যি আধাকল্পৰ পৰা আৰম্ভ হৈছে। ৰাৱণৰ 10টা মূৰ দেখুৱায়, বিষ্ণুৰ 4 খন হাত দেখুৱায়। এনেকুৱা কোনো মনুষ্য নাথাকে। এয়াতো প্ৰবৃত্তি মাৰ্গ দেখুওৱা হয়। এয়া হৈছে লক্ষ্য-উদ্দেশ্য, বিষ্ণুৰ দ্বাৰা প্ৰতিপালন। বিষ্ণুপুৰীক কৃষ্ণপুৰী বুলিও কয়। শ্ৰীকৃষ্ণৰতো 2 খন হাতহে দেখুৱাব নহয়। মনুষ্যইতো একোৱেই নুবুজে। পিতাই প্ৰতিটো কথা বুজায়। সেয়া সকলো হৈছে ভক্তিমাৰ্গ। এতিয়া তোমালোকৰ জ্ঞান আছে, তোমালোকৰ লক্ষ্য-উদ্দেশ্য হয়েই নৰৰ পৰা নাৰায়ণ হোৱাৰ। এই গীতা পাঠশালা হয়েই জীৱনমুক্তি পাবৰ বাবে। ব্ৰাহ্মণতো নিশ্চয় লাগে। এয়া হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ। শিৱক ৰুদ্ৰ বুলিও কয়। এতিয়া পিতাই সুধিছে - জ্ঞান যজ্ঞ শ্ৰীকৃষ্ণৰ নে শিৱৰ? শিৱক পৰমাত্মা বুলিয়েই কয়, শঙ্কৰক দেৱতা বুলি কয়। তেওঁলোকে আকৌ শিৱ আৰু শঙ্কৰক একাকাৰ কৰি দিছে। এতিয়া পিতাই কয় - মই এওঁৰ শৰীৰত প্ৰৱেশ কৰিছোঁ। তোমালোক সন্তানসকলে বাপদাদা বুলি কোৱা। তেওঁলোকে শিৱ-শঙ্কৰ বুলি কয়। জ্ঞান সাগৰতো এজনেই।

এতিয়া তোমালোকে জানা যে জ্ঞানৰ আধাৰত ব্ৰহ্মাই গৈ বিষ্ণু হয়। চিত্ৰও যথাৰ্থভাৱে তৈয়াৰ কৰে। বিষ্ণুৰ নাভিকমলৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হ’ল। ইয়াৰ অৰ্থও কোনেও বুজিব নোৱাৰে। ব্ৰহ্মাৰ হাতত শাস্ত্ৰ দি দিছে। এতিয়া শাস্ত্ৰৰ সাৰ পিতাই বহি শুনায় নে ব্ৰহ্মাই? এৱোঁ মাষ্টৰ জ্ঞান সাগৰ হৈ যায়। বাকী যি ইমান অনেক চিত্ৰ তৈয়াৰ কৰিছে সেয়া কোনো যথাৰ্থ চিত্ৰ নহয়। সেয়া সকলো ভক্তিমাৰ্গৰ। মনুষ্য কোনো 8-10 ভূজাধাৰী নহয়। এয়াতো কেৱল প্ৰবৃত্তি মাৰ্গক দেখুৱাইছে। ৰাৱণৰ অৰ্থও শুনাইছে - আধাকল্প হৈছে ৰাৱণৰাজ্য, ৰাতি। আধাকল্প হৈছে ৰামৰাজ্য, দিন। পিতাই প্ৰতিটো কথাই বুজায়। তোমালোক সকলো এজন পিতাৰ সন্তান। পিতাই ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰীৰ স্থাপনা কৰে আৰু তোমালোকক ৰাজযোগ শিকায়। নিশ্চয় সংগমতে ৰাজযোগ শিকাব। দ্বাপৰত গীতা শুনায়, এয়াতো ভুল হৈ যায়। পিতাই সঁচা কথা শুনায়। বহুতৰে ব্ৰহ্মাৰ, শ্ৰীকৃষ্ণৰ সাক্ষাৎকাৰ হয়। তেওঁলোকে ব্ৰহ্মাক বগা পোছাকতে দেখে। শিৱবাবাতো হৈছে বিন্দু। বিন্দুৰ সাক্ষাৎকাৰ হ’লেও একো বুজিব নোৱাৰিব। তোমালোকে কোৱা যে আমি আত্মা, এতিয়া আত্মাক কোনে দেখিছে, কোনেও দেখা নাই। আত্মাতো বিন্দু হয়। তোমালোকে বুজিব পাৰা নহয়। যিয়ে যি ভাৱনাৰে যাৰ পূজা কৰে, তেওঁলোকৰ তেওঁৰেই সাক্ষাৎকাৰ হ’ব। যদি অন্য ৰূপ দেখে তেন্তে বিবুদ্ধিত পৰিব। হনুমানৰ পূজা কৰিলে তেওঁ হনুমানকেই দেখা পাব। গণেশৰ পূজাৰীয়ে তেওঁকেই দেখা পাব। পিতাই কয় - মই তোমালোকক ইমান ধনৱান কৰি তুলিলোঁ, হীৰা-মুকুতাৰ মহল আছিল, তোমালোকৰ গণনাতীত ধন আছিল, তোমালোকে এতিয়া সেইবোৰ ক'ত হেৰুৱালা? এতিয়া তোমালোক কঙাল হৈ গ'লা, ভিক্ষা মাগি আছা। পিতাইতো ক’ব পাৰে নহয়। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে পিতা আহিছে, আমি পুনৰ বিশ্বৰ মালিক হ’মগৈ। এই ড্ৰামাখন অনাদি ৰচি থোৱা আছে। প্ৰত্যেকে ড্ৰামাত নিজৰ ভূমিকা পালন কৰি আছে। কোনোবাই এটা শৰীৰ ত্যাগ কৰি অন্য এটা লয়, ইয়াত কন্দাৰ কি কথা আছে। সত্যযুগত কেতিয়াও নাকান্দে। তোমালোক এতিয়া মোহজিৎ হৈ আছা। এই লক্ষ্মী-নাৰায়ণ আদি মোহজিৎ ৰজা। তাত মোহ নাথাকে। পিতাই অনেক প্ৰকাৰৰ কথা বুজাই থাকে। পিতা হৈছে নিৰাকাৰ। মনুষ্যইতো তেওঁক নাম-ৰূপৰ পৰা উৰ্দ্ধত বুলি কৈ দিয়ে। কিন্তু নাম-ৰূপৰ পৰা উৰ্দ্ধত কিবা বস্তু থাকে জানো। হে ভগৱান, হে ঈশ্বৰ পিতা বুলি কয় নহয়। তেন্তে নাম-ৰূপ আছে। লিঙ্গক শিৱ পৰমাত্মা, শিৱবাবা বুলিও কয়। যথাযথ বাবাতো আছে নহয়। বাবাৰ নিশ্চয় সন্তানো থাকিব। নিৰাকাৰক নিৰাকাৰ আত্মাইহে বাবা বুলি কয়। মন্দিৰলৈ গ'লে তেওঁক শিৱবাবা বুলি কয় আকৌ ঘৰলৈ আহি (লৌকিকত) পিতাকো বাবা বুলি কয়। অৰ্থতো বুজি নাপায়, আমি তেওঁক শিৱবাবা বুলি কিয় কওঁ! পিতাই অতি শ্ৰেষ্ঠ পাঠ দুটা শব্দত পঢ়ায় – ‘অল্ফ’ (পিতা) আৰু ‘বে’ (বাদশ্বাহী)। ‘অল্ফ’ক স্মৰণ কৰিলে ‘বে’ অৰ্থাৎ বাদশ্বাহী তোমালোকৰ। এয়া বৰ ডাঙৰ পৰীক্ষা। মনুষ্য উচ্চ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ’লে আগৰ পঢ়া স্মৃতিত থাকে জানো। পঢ়ি পঢ়ি অৱশেষত তাৰ সাৰ বুদ্ধিত আহি যায়। এয়াও এনেকুৱা। তোমালোকে পঢ়ি আহিছা। শেষত আকৌ পিতাই কয় – ‘মনমনাভৱ’, তেতিয়া দেহৰ অভিমান আঁতৰি যাব। এই ‘মনমনাভৱ’ৰ অভ্যাস হৈ গ’লে অন্তিম সময়তো পিতা আৰু উত্তৰাধিকাৰ স্মৃতিত থাকিব। এইটোৱে হৈছে মুখ্য, কিমান সহজ। সেই পঢ়াততো এতিয়া কি কি যে পঢ়ে। যেনেকুৱা ৰজা তেনেকুৱাই নিজৰ নিয়ম চলায়। আগতে ওজন মোন, সেৰ, পোৱা আদিত হিচাপ কৰিছিল। এতিয়াতো কিলো আদি কি কি ওলাইছে। কিমান ভিন্ন ভিন্ন প্ৰান্ত হৈ গৈছে। দিল্লীত যিটো বস্তু সেৰত এটকা, বম্বেত (এতিয়া মুম্বাইত) সেইটো বস্তু সেৰত দুটকা, কিয়নো ভিন্ন ভিন্ন প্ৰান্ত। প্ৰত্যেকেই ভাবে আমি আমাৰ প্ৰান্তক ভোকত মাৰিম জানো। কিমান কাজিয়া আদি হৈ থাকে, কিমান বিশৃংখলতা।

ভাৰত কিমান চহকী আছিল আকৌ 84ৰ চক্ৰ পৰিক্ৰমা লগাই কঙাল হৈ গৈছে। এনেকৈ কোৱা হয় নহয় যে "মূল্যহীন কড়িৰ বাবে হীৰাৰ দৰে অমূল্য জীৱন হেৰুৱালে......" পিতাই কয় - তোমালোক কড়িৰ পিছত কিয় মৰা। এতিয়াতো পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা, পৱিত্ৰ হোৱা। আহ্বানো জনায় - হে পতিত-পাৱন আহক, পাৱন কৰি তোলক। গতিকে ইয়াৰ পৰা এইটো সিদ্ধ হয় যে আমি পাৱন আছিলোঁ, এতিয়া নহয়। এতিয়া হয়েই কলিযুগ। পিতাই কয় - মই পাৱন সৃষ্টি ৰচিলে পতিত সৃষ্টিৰ নিশ্চয় বিনাশ হ’ব সেইবাবেই এই মহাভাৰতৰ যুদ্ধ যি এই ৰুদ্ৰ জ্ঞান যজ্ঞৰ পৰা প্ৰজ্বলিত হৈছে। ড্ৰামাততো এয়া বিনাশ হোৱাটোও নিৰ্ধাৰিত হৈ আছে। প্ৰথমতে বাবাৰ সাক্ষাৎকাৰ হ’ল। যেতিয়া দেখিলে যে ইমান উচ্চ বাদশ্বাহী পোৱা যায় তেতিয়া বহুত আনন্দিত হৈছিল, আকৌ বিনাশৰ সাক্ষাৎকাৰো কৰালে। ‘মনমনাভৱ’ (নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা), ‘মধ্যাজীভৱ’ (প্ৰালব্ধক অৰ্থাৎ স্বৰ্গক স্মৃতিত ৰাখা)। এয়া ‘গীতা’ৰ শব্দ। ‘গীতা’ৰ কোনো কোনো শব্দ ঠিক আছে। পিতায়ো কয় - তোমালোকক এই জ্ঞান শুনাওঁ, এয়া আকৌ প্ৰায় লোপ হৈ যায়। কোনেও নাজানে যে যেতিয়া লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল তেতিয়া আৰু অন্য কোনো ধৰ্ম নাছিল। সেই সময়ত জনসংখ্যা কিমান কম হ’ব, এতিয়া কিমান। গতিকে এয়া পৰিৱৰ্তন হোৱা উচিত। নিশ্চয় বিনাশৰো প্ৰয়োজন। মহাভাৰতৰ যুদ্ধও আছে। নিশ্চয় ভগৱানো থাকিব। শিৱ জয়ন্তী পালন কৰে তেন্তে শিৱবাবা আহি কি কৰিলে? সেইটোও নাজানে। এতিয়া পিতাই বুজায়, ‘গীতা’ৰ দ্বাৰা শ্ৰীকৃষ্ণৰ আত্মাই ৰাজ্য পালে। ‘গীতা’ক মাতা-পিতা বুলি কোৱা হ’ব, যাৰ দ্বাৰা তোমালোক আকৌ দেৱতা হোৱা সেয়েহে চিত্ৰতো দেখুৱাইছে - শ্ৰীকৃষ্ণই ‘গীতা’ শুনোৱা নাছিল। শ্ৰীকৃষ্ণই ‘গীতা’ জ্ঞানৰ দ্বাৰা ৰাজযোগ শিকি এনেকুৱা হ’ল, কাইলৈ পুনৰ শ্ৰীকৃষ্ণ হ’ব। তেওঁলোকে আকৌ শিৱবাবাৰ সলনি শ্ৰীকৃষ্ণৰ নাম দি দিছে। সেয়েহে পিতাই বুজায় - নিজৰ ভিতৰত এইটো দৃঢ় নিশ্চয় কৰি লোৱা, কোনোবাই যাতে অদৰকাৰী কথা শুনাই তোমালোকক বগৰাই নিদিয়ে। বহুত কথা সোধে - বিকাৰ অবিহনে সৃষ্টি কেনেকৈ চলিব? এয়া কেনেকৈ হ’ব? হেৰ’, তোমালোকে নিজেই কোৱা – সেইখন নিৰ্বিকাৰী সৃষ্টি আছিল। সম্পূৰ্ণ নিৰ্বিকাৰী বুলি কোৱা তেন্তে আকৌ বিকাৰৰ কথা কেনেকৈ থাকিব পাৰে? এতিয়া তোমালোকে জানা যে বেহদৰ পিতাৰ পৰা বেহদৰ বাদশ্বাহী পোৱা যায়, তেন্তে এনেকুৱা পিতাক কিয় স্মৰণ নকৰিম? এইখন হয়েই পতিত সৃষ্টি। কুম্ভমেলালৈ কিমান লাখ লাখ লোক যায়। এনেকৈ কয় যে তাত এখন গুপ্ত নদী আছে। এতিয়া নদী জানো গুপ্ত হ’ব পাৰে? ইয়াতো গোমুখ সাজিছে। এনেকৈ কয় যে ইয়াত গঙ্গা আহে। হেৰ’, গঙ্গাই নিজৰ ৰাস্তা লৈ সমুদ্ৰলৈ যাব নে তোমালোকৰ ওচৰত পাহাৰলৈ আহিব। ভক্তিমাৰ্গত কিমান যে ঠেকা-খুন্দা। জ্ঞান, ভক্তি তাৰপাছত বৈৰাগ্য। এটা হৈছে হদৰ বৈৰাগ্য, দ্বিতীয়তে বেহদৰ। সন্ন্যাসীয়ে ঘৰ-সংসাৰ এৰি জংঘলত থাকে, ইয়াততো তেনেকুৱা কথা নাই। তোমালোকে বুদ্ধিৰে গোটেই পুৰণি সৃষ্টিৰ সন্ন্যাস কৰা। তোমালোক ৰাজযোগী সন্তানসকলৰ মুখ্য কৰ্তব্য হৈছে পঢ়া আৰু পঢ়োৱা। এতিয়া ৰাজযোগ জানো জংঘলত শিকোৱা হয়। এয়া হৈছে স্কুল। শাখা ওলাই গৈ থাকে। তোমালোক সন্তানসকলে ৰাজযোগ শিকি আছা। শিৱবাবাৰ পৰা পঢ়া, ব্ৰাহ্মণ-ব্ৰাহ্মণীসকলে শিকায়। এজন শিৱবাবাই জানো সকলোকে বহি শিকাব। গতিকে এয়া হ'ল পাণ্ডৱ চৰকাৰ। তোমালোক ঈশ্বৰীয় মতত আছা। ইয়াত তোমালোক কিমান শান্তিত বহি আছা, বাহিৰততো অনেক হুলস্থুল। পিতাই কয় - 5 বিকাৰ দান দিলে গ্ৰহণ আঁতৰি যাব। মোৰ হৈ যোৱা তেতিয়া মই তোমালোকৰ সকলো কামনা পূৰ্ণ কৰি দিম। তোমালোক সন্তানসকলে জানা যে এতিয়া আমি সুখধামলৈ যাম, দুখধামত এতিয়া জুই লাগিব। সন্তানসকলে বিনাশৰ সাক্ষাৎকাৰো কৰিছে। এতিয়া সময় বহুত কম সেইকাৰণে স্মৃতিৰ যাত্ৰাত লাগি গ’লে তেতিয়া বিকৰ্ম বিনাশ হ’ব আৰু উচ্চপদ পাবাগৈ। বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ উত্তৰাধিকাৰৰ পূৰা অধিকাৰ ল’বৰ বাবে জীৱন্তে মৰিব লাগে। তোলনীয়া হৈ যাব লাগে। কেতিয়াও নিজৰ উচ্চ ভাগ্যৰেখা খণ্ডিত কৰিব নালাগে।

(2) কোনোধৰণৰ অদৰকাৰী কথা শুনি সংশয়ত আহিব নালাগে। নিশ্চয়তা যাতে অলপো লৰচৰ নহয়। এই দুখধামত এতিয়া জুই লাগিব সেয়েহে ইয়াৰ পৰা নিজৰ বুদ্ধিযোগ আঁতৰাই দিব লাগে।

বৰদান:
বিশেষত্ব ৰূপী সঞ্জীৱনী ঔষধিৰ দ্বাৰা মূৰ্ছিত হোৱাজনক চেতন কৰি তোলোঁতা বিশেষ আত্মা হোৱা

প্ৰত্যেক আত্মাক শ্ৰেষ্ঠ স্মৃতিৰ, বিশেষত্বৰ স্মৃতি ৰূপী সঞ্জীৱনী ঔষধি খুওৱা তেতিয়া তেওঁ মূৰ্ছিতৰ পৰা চেতন হৈ যাব। বিশেষত্বসমূহৰ স্বৰূপৰ দৰ্পণ তেওঁলোকৰ সন্মুখত ৰাখা। আনক স্মৃতি সোঁৱৰাই দিলে তোমালোক বিশেষ আত্মা হৈয়েই যাবা। যদি তোমালোকে কাৰোবাক দুৰ্বলতাৰ কথা শুনোৱা তেন্তে তেওঁ সেয়া লুকুৱাব, উপেক্ষা কৰি দিব, তোমালোকে বিশেষত্বৰ কথা শুনোৱা তেতিয়া নিজেই নিজৰ দুৰ্বলতা স্পষ্টকৈ অনুভৱ কৰিব। এই সঞ্জীৱনী ঔষধিৰে মূৰ্ছিতজনক চেতন কৰি উৰি আৰু উৰুৱাই গৈ থাকা।

স্লোগান:
নাম, মান, সম্ভ্ৰম আৰু সাধনসমূহ সংকল্পতো ত্যাগ কৰাটোৱেই মহান ত্যাগ।


অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা

নিমিত্ত হোৱা সন্তানসকলে নিজৰ প্ৰতিটো সংকল্পৰ ওপৰত বিশেষভাৱে মনোযোগ দিব লাগে, যেতিয়া তোমালোকৰ সংকল্প নিৰ্বিকল্প, নিৰব্যৰ্থ হৈ থাকিব তেতিয়া বুদ্ধিয়ে সঠিক নিৰ্ণয় ল’ব, নিৰ্ণয় ঠিক হ’লে তেতিয়া নিৱাৰণো সহজে কৰি ল’ব। নিবাৰণ কৰাৰ সলনি যদি তোমালোকেই ‘কাৰণ’, ‘কাৰণ’ বুলি কৈ থাকা তেতিয়া তোমালোকৰ পিছৰসকলেও প্ৰতিটো কথাত কাৰণ দৰ্শাই থাকিব।