31.07.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে পুৱাতে উঠি বহুত মৰমেৰে ক’বা বাবা সুপ্ৰভাত, এই স্মৃতিৰেই তোমালোক সতোপ্ৰধান হৈ যাবা”

প্ৰশ্ন:
সঠিকভাৱে স্মৃতিত থাকি পিতাৰ শক্তি ল’বলৈ মুখ্য কোনবোৰ গুণৰ আৱশ্যক?

উত্তৰ:
বহুত ধৈৰ্যশীল হৈ, বোধশক্তি আৰু গাম্ভীৰ্যতাৰে নিজক আত্মা বুলি বুজি স্মৰণ কৰিলে পিতাৰ শক্তি প্ৰাপ্ত হ’ব আৰু আত্মা সতোপ্ৰধান হৈ গৈ থাকিব। তোমালোকক এতিয়া পিতাৰ স্মৃতিয়ে ব্যাকুল কৰি তুলিব লাগে কিয়নো পিতাৰ পৰা অতি শ্ৰেষ্ঠ উত্তৰাধিকাৰ প্ৰাপ্ত হয়, তোমালোক কাঁইটৰ পৰা ফুল হোৱা, সকলো দৈৱী গুণ আহি যায়।

ওঁম্ শান্তি।
পিতাই কয় – মৰমৰ সন্তানসকল ততত্বম্‌ অৰ্থাৎ তোমালোক আত্মাসকলো শান্ত স্বৰূপ হোৱা। তোমালোক সকলো আত্মাৰ স্বধৰ্ম হয়েই শান্তি। শান্তিধামৰ পৰা আকৌ ইয়ালৈ আহি বাণীত আহা। এই কৰ্মেন্দ্ৰিয়বোৰ তোমালোকে ভূমিকা পালন কৰিবলৈ পোৱা। আত্মা সৰু-ডাঙৰ নহয়। শৰীৰ সৰু-ডাঙৰ হয়। পিতাই কয় – মইতো শৰীৰধাৰী নহয়। মই সন্তানসকলক সন্মুখত লগ কৰিবলৈ আহিবলগীয়া হয়। উদাহৰণ স্বৰূপে যেনেকৈ পিতা থাকে তেওঁৰ দ্বাৰা সন্তান জন্ম হয়, তেতিয়া সেই সন্তানে এনেকৈ নক’ব যে মই পৰমধামৰ পৰা আহি জন্ম লৈ মাতা-পিতাক লগ কৰিবলৈ আহিছোঁ। কোনোবা নতুন আত্মা কাৰোবাৰ শৰীৰত আহিলেও, নতুবা কোনোবা পুৰণা আত্মা কাৰোবাৰ শৰীৰত প্ৰৱেশ কৰিলেও এনেকৈ নকয় যে মাতা-পিতাক লগ কৰিবলৈ আহিছোঁ। তেওঁলোকে আপোনাআপুনি মাতা-পিতাক লগ পাই যায়। ইয়াত এয়া হৈছে নতুন কথা। পিতাই কয় – মই পৰমধামৰ পৰা আহি তোমালোক সন্তানসকলৰ সন্মুখত উপস্থিত হৈছোঁ। সন্তানসকলক পুনৰাই জ্ঞান দিওঁ কিয়নো মই হৈছোঁ জ্ঞানৱান, জ্ঞানৰ সাগৰ… মই তোমালোক সন্তানসকলক পঢ়াবলৈ আহোঁ, ৰাজযোগ শিকাবলৈ আহোঁ।

তোমালোক এতিয়া সংগমযুগত আছা, পুনৰ নিজৰ ঘৰলৈ যাব লাগে সেইবাবে পাৱনতো নিশ্চয় হ’ব লাগে। অন্তৰ বহুত আনন্দিত হোৱা উচিত। হেৰ’! বেহদৰ পিতাই কয় - মৰমৰ সন্তানসকল, মোক স্মৰণ কৰা তেতিয়া তোমালোক সতোপ্ৰধান হৈ যাবা। বিশ্বৰ মালিক হৈ যাবা। পিতাই সন্তানসকলক কিমান মৰম কৰে। এনেকুৱা নহয় যে কেৱল শিক্ষকৰূপে পঢ়াই ঘৰলৈ গুচি যায়। তেওঁতো পিতাও হয়, শিক্ষকো হয়। তোমালোকক পঢ়ায়ো। স্মৃতিৰ যাত্ৰাও শিকায়। তেন্তে বিশ্বৰ মালিক কৰি তোলোঁতা, পতিতৰ পৰা পাৱন কৰি তোলোঁতা পিতাৰ প্ৰতি বহুত স্নেহ থকা উচিত। ৰাতিপুৱা উঠিয়েই প্ৰথমতে শিৱবাবাক সুপ্ৰভাত জনোৱা উচিত। সুপ্ৰভাত জনালে অৰ্থাৎ স্মৰণ কৰিলে বহুত আনন্দিত হৈ থাকিবা। সন্তানসকলে নিজৰ অন্তৰক সুধিব লাগে – মই ৰাতিপুৱা উঠি বেহদৰ পিতাক কিমান স্মৰণ কৰোঁ? ৰাতিপুৱা উঠি পিতাক সুপ্ৰভাত জনোৱা, জ্ঞানৰ চিন্তনত থাকা তেতিয়া আনন্দৰ সীমা নোহোৱা হ’ব। মুখ্য হৈছেই স্মৃতি, ইয়াৰ দ্বাৰা ভৱিষ্যতৰ বাবে তোমালোকৰ বহুত শ্ৰেষ্ঠ উপাৰ্জন হয়। কল্প-কল্পান্তৰলৈ এই উপাৰ্জন কামত আহিব। বহুত ধৈৰ্য, গাম্ভীৰ্যতা, বোধশক্তিৰে স্মৰণ কৰিব লাগে। স্থূল ৰূপততো এনেকৈ কৈ দিয়ে যে মই বাবাক বহুত স্মৰণ কৰোঁ কিন্তু সঠিকভাৱে স্মৰণ কৰিবলৈ যত্নৰ প্ৰয়োজন। যিসকলে পিতাক বেছিকৈ স্মৰণ কৰে তেওঁলোকে বেছি শক্তি পায় কিয়নো স্মৃতিৰ বিনিময়ত স্মৃতি পোৱা যায়। যোগ আৰু জ্ঞান দুটা বস্তু। যোগৰ বিষয়টি বেলেগ, বহুত গভীৰ বিষয়। যোগৰ দ্বাৰাহে আত্মা সতোপ্ৰধান হয়। স্মৰণ নকৰাকৈ সতোপ্ৰধান হোৱা, অসম্ভৱ। যথা ৰীতি স্নেহেৰে পিতাক স্মৰণ কৰিলে তেতিয়া আপোনাআপুনি শক্তি পাবা, স্বাস্থ্যৱান হৈ যাবা। শক্তিৰ দ্বাৰা আয়ুও বাঢ়ে। সন্তানসকলে স্মৰণ কৰিলে বাবায়ো শক্তিৰ কিৰণ দিয়ে।

মৰমৰ সন্তানসকলে এইটো দৃঢ়ভাৱে স্মৃতিত ৰাখিব লাগে, শিৱবাবাই আমাক পঢ়ায়। শিৱবাবা পতিত-পাৱন হয়। সৎগতি দাতাও হয়। সৎগতি মানে স্বৰ্গৰ বাদশ্বাহী দিয়ে। বাবা কিমান মৰমিয়াল। কিমান স্নেহেৰে সন্তানসকলক বহি পঢ়ায়। পিতাই দাদাৰ (ব্ৰহ্মাৰ) দ্বাৰা আমাক পঢ়ায়। বাবা কিমান মৰমিয়াল। কিমান মৰম কৰে। কোনো কষ্ট নিদিয়ে। কেৱল কয় – মোক স্মৰণ কৰা আৰু চক্ৰক স্মৰণ কৰা। পিতাৰ স্মৃতিত অন্তৰ একেবাৰে শীতল হৈ যাব লাগে। এজন পিতাৰ স্মৃতিয়ে ব্যাকুল কৰি তোলা উচিত কিয়নো পিতাৰ পৰা কিমান শ্ৰেষ্ঠ উত্তৰাধিকাৰ পোৱা যায়। নিজকে চাব লাগে মোৰ পিতাৰ প্ৰতি কিমান স্নেহ আছে? মোৰ দৈৱীগুণ কিমানলৈকে আছে? কিয়নো তোমালোক সন্তানসকল এতিয়া কাঁইটৰ পৰা ফুল হৈ আছা। যিমানে যোগযুক্ত হৈ থাকিবা সিমানে কাঁইটৰ পৰা ফুল, সতোপ্ৰধান হৈ যাবা। ফুল হৈ গ’লে তেতিয়া ইয়াত থাকিব নোৱাৰিবা। ফুলৰ বাগিচা হৈছে স্বৰ্গ। যিসকলে বহুত কাঁইটক ফুল কৰি তোলে তেওঁলোককহে সঁচা সুবাসিত ফুল বুলি কোৱা হ’ব। কেতিয়াও কাকো কাঁইট হৈ নিবিন্ধে। ক্ৰোধো ডাঙৰ কাঁইট, বহুতকে দুখ দিয়ে। এতিয়া তোমালোক সন্তানসকলে কাঁইটৰ জগতৰ পৰা একাষৰীয়া হৈ আহিছা, তোমালোক এতিয়া সংগমত আছা। যেনেকৈ মালীয়ে ফুলবোৰ বেলেগ পাত্ৰত উলিয়াই ৰাখে তেনেকৈ তোমালোক ফুলবোৰকো সংগমযুগী পাত্ৰত বেলেগে ৰখা হৈছে। পাছত তোমালোক ফুলবোৰ স্বৰ্গলৈ গুচি যাবা, কলিযুগী কাঁইটবোৰ ভস্ম হৈ যাব।

পিতাই কয় – মৰমৰ সন্তানসকল, যিমানে তোমালোকে বহুতৰে কল্যাণ কৰিবা সিমানে তোমালোকে প্ৰতিদান পাবা। বহুতকে ৰাস্তা দেখুৱালে তেতিয়া বহুতৰে আশীৰ্বাদ পাবা। জ্ঞান ৰত্নেৰে জোলোঙা ভৰপূৰ কৰি আকৌ দান কৰিব লাগে। জ্ঞানৰ সাগৰে তোমালোকক থালি ভৰপূৰ কৰি দিয়ে। যিসকলে আকৌ দান কৰে তেওঁলোক সকলোৰে প্ৰিয় হয়। সন্তানসকলৰ অন্তৰ কিমান আনন্দিত হৈ থকা উচিত। যিসকল বিচাৰ বুদ্ধি সম্পন্ন সন্তান তেওঁলোকেতো ক’ব – মই পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ ল’ম, একদম উবুৰি খাই পৰিব। পিতাৰ প্ৰতি বহুত স্নেহ থাকিব কিয়নো প্ৰাণ দান দিওঁতা পিতাক পাইছোঁ। জ্ঞানৰ বৰদান এনেকৈ দিয়ে যাৰ দ্বাৰা আমি কিহৰ পৰা কি হৈ যাওঁ। কঙালৰ পৰা চহকী হৈ যাওঁ, ইমানেই ভঁৰাল ভৰপূৰ কৰি দিয়ে। যিমানে পিতাক স্মৰণ কৰিবা সিমানে স্নেহ থাকিব, আকৰ্ষণ হ’ব। বেজি চাফা হ’লে তেতিয়া চুম্বকৰ ফালে আকৰ্ষিত হৈ নাযায় জানো। পিতাৰ স্মৃতিৰে বিকাৰৰ লেপ আঁতৰি গৈ থাকিব। এজন পিতাৰ বাহিৰে যাতে আন কোনো স্মৃতিলৈ নাহে।

পিতাই বুজায় – মৰমৰ সন্তানসকল গাফিলতি নকৰিবা। স্বদৰ্শন চক্ৰধাৰী হোৱা, ‘লাইট হাউচ’ হোৱা। স্বদৰ্শন চক্ৰধাৰী হোৱাৰ অভ্যাস ভালকৈ হৈ গ’লে তেতিয়া তোমালোক যেন জ্ঞানৰ সাগৰ হৈ যাবা। যেনেকৈ বিদ্যাৰ্থীয়ে পঢ়ি শিক্ষক হৈ নাযায় জানো। তোমালোকৰ কামেই হৈছে এইটো। সকলোকে স্বদৰ্শন চক্ৰধাৰী কৰি তোলা তেতিয়াহে চক্ৰৱৰ্তী ৰজা-ৰাণী হ’বা। সেইবাবে বাবাই সদায় সন্তানসকলক সোধে – স্বদৰ্শন চক্ৰধাৰী হৈ বহিছানে? পিতাও স্বদৰ্শন চক্ৰধাৰী হয় নহয়। তোমালোক মৰমৰ সন্তানসকলক উভতাই লৈ যাবলৈ পিতা আহিছে। তোমালোক সন্তানসকলৰ অবিহনে ময়ো যেন অধীৰ হৈ থাকোঁ। যেতিয়া সময় হয় তেতিয়া অধীৰ হৈ যাওঁ। বচ্‌, এতিয়া যাওঁ, সন্তানসকলে বহুত মিনতি কৰি আছে, বহুত দুখী হৈ আছে। দয়া ওপজে। এতিয়া তোমালোক সন্তানসকল ঘৰলৈ যাব লাগে। পুনৰ তাৰ পৰা তোমালোক নিজেই সুখধামলৈ গুচি আহিবা। তাত মই তোমালোকৰ সংগী নহওঁ। নিজৰ অৱস্থা অনুসৰি তোমালোক আত্মাসকল গুচি আহিবা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ শক্তি স্বতঃ ল’বলৈ বহুত মৰমেৰে পিতাক স্মৰণ কৰিব লাগে। এই স্মৃতিয়েই স্বাস্থ্যৱান কৰি তুলিব। শক্তি ললে আয়ুস বাঢ়িব। স্মৃতিৰ দ্বাৰাহে পিতাৰ শক্তিৰ কিৰণ প্ৰাপ্ত হ’ব।

(2) গাফিলতি নকৰি স্বদৰ্শন চক্ৰধাৰী, ‘লাইট হাউচ’ হ’ব লাগে, ইয়াৰ দ্বাৰাই জ্ঞান সাগৰ হৈ চক্ৰৱৰ্তী ৰজা ৰাণী হৈ যাবা।

বৰদান:
সকলোকে আনন্দৰ বাৰ্তা দিওঁতা আনন্দৰ সম্পদেৰে ভৰপূৰ ভঁৰাল হোৱা

সদায় নিজৰ এইটো স্বৰূপ সন্মুখত ৰাখা যে আমি আনন্দৰ সম্পদেৰে ভৰপুৰ ভঁৰাল হওঁ। গণনাতীত আৰু অবিনাশী যিয়েই সম্পদ প্ৰাপ্ত হৈছে সেই সম্পদসমূহ স্মৃতিলৈ আনা। সম্পদসমূহ স্মৃতিলৈ আনিলে আনন্দিত হ’বা আৰু য’ত আনন্দ থাকে ত’ত সদাকালৰ বাবে দুখ দূৰ হৈ যায়। সম্পদসমূহৰ স্মৃতিৰে আত্মা সমৰ্থ হৈ যায়, ব্যৰ্থ সমাপ্ত হৈ যায়। ভৰপূৰ আত্মা কেতিয়াও অস্থিৰতাত নাহে, তেওঁ নিজেও আনন্দিত হৈ থাকে আৰু আনকো আনন্দৰ বাৰ্তা দিয়ে।

স্লোগান:
যোগ্য হ’বলৈ হ’লে কৰ্ম আৰু যোগৰ সন্তুলন ৰাখা।


অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা:

সেৱাত মুখেৰে বাৰ্তা দিবলৈ সময়ো খৰচ কৰা, সম্পত্তিও লগোৱা, অস্থিৰতাতো আহা, ভাগৰিও পৰা.. কিন্তু শ্ৰেষ্ঠ সংকল্পৰ সেৱাত এই সকলোবোৰ ৰাহি হৈ যাব। গতিকে এই সংকল্প শক্তি বঢ়োৱা। দৃঢ়তা সম্পন্ন সংকল্প কৰা তেতিয়া প্ৰত্যক্ষতাও সোনকালে হ’ব।

ড্ৰামাৰ কিছু গূঢ় ৰহস্য (বাৰ্তাবাহক পুত্ৰীৰ দ্বাৰা)

1) এই বিৰাট ড্ৰামাত প্ৰত্যেক মনুষ্যত্মাত নিজৰ নিজৰ পদমৰ্যাদা অনুসৰি গোটেই জীৱনৰ জ্ঞান অথবা ভূমিকা পূৰ্বৰ পৰাই সুপ্ত ৰূপত থাকে। জীৱাত্মাত গোটেই জীৱনৰ পৰিচয় সুপ্ত হৈ থকাৰ কাৰণে সময়ত জাগ্ৰত হৈ যায়। প্ৰত্যেকৰ মাজত নিজৰ নিজৰ সম্পূৰ্ণতাৰ অৱস্থা অনুসৰি জ্ঞান অথবা ভূমিকা যি সুপ্ত হৈ আছে সেয়া সময় অনুসৰি জাগ্ৰত হয় যাৰ দ্বাৰা তোমালোক প্ৰত্যেকে সৰ্বজ্ঞ হৈ যোৱা।

2) এই বিৰাট ড্ৰামাত প্ৰতিটো চেকেণ্ডৰ কৰ্মকাণ্ড নতুন হোৱাৰ কাৰণে তোমালোকৰ এনেকুৱা লাগিব যেন এতিয়াহে ইয়ালৈ আহিছোঁ। প্ৰতিটো চেকেণ্ডৰ কৰ্মকাণ্ড বেলেগ হয়, যদিও কল্প পূৰ্বৰ মুহূৰ্তবোৰেই পুনৰাবৃত্তি হয় কিন্তু যি সময়ত বাস্তৱিক জীৱনত চলা, সেই সময়ত নতুন যেন অনুভৱ হয়। এনেকৈ বুজি আগবাঢ়ি গৈ থাকা। এনেকৈ কোনেও ক’ব নোৱাৰে যে মইতো জ্ঞান প্ৰাপ্ত কৰি ল’লোঁ, এতিয়া মই যাওঁ, নহয়। যেতিয়ালৈকে বিনাশ নহয় তেতিয়ালৈকে গোটেই কৰ্মকাণ্ড আৰু গোটেই জ্ঞান নতুন।

3) এই বিৰাট ড্ৰামাৰ যি নিয়তি ৰচি থোৱা আছে...., সেয়া নিশ্চয়তাৰে ৰচি থোৱা আছে। নিয়তি বা ভাগ্যক কোনোবাই ধ্বংস কৰে বা গঢ়ে সেয়া সকলো নিজৰ ওপৰত নিৰ্ভৰ কৰে। নিজৰ শত্ৰু আৰু নিজৰ মিত্ৰ ময়েই। এতিয়া তোমালোক বহুত ৰমণীয়, অমায়িক হ’ব আৰু কৰি তুলিব লাগে।

4) এই বিৰাট ড্ৰামাত এই সহ্য কৰাটোও তোমালোকৰ বাবে কল্প পূৰ্বৰ দৰে এক মিঠা সপোন কিয়নো তোমালোকৰ তথাপিও একোৱেই নহয়, যিসকলে তোমালোকক অশান্ত কৰিছে তেওঁলোকেও ক’ব মই এওঁক ইমান অশান্ত কৰিলোঁ, দুখী কৰিলোঁ, কিন্তু এওঁতো তথাপি দৈৱী একতাত, পৰম একতাত, বিজয়ী পাণ্ডৱ হৈ থাকে। এই পূৰ্ব নিৰ্ধাৰিত নিয়তিক কোনেও বাধা দি ৰাখিব নোৱাৰে।

5) এই বিৰাট ড্ৰামাখনত চোৱা কেনেকুৱা আচৰিত যে তোমালোক পাণ্ডৱো প্ৰত্যক্ষৰূপত আহি উপস্থিত হৈছা আৰু তোমালোকৰ পুৰণা চিত্ৰ আৰু চিহ্নবোৰো এতিয়ালৈকে বৰ্তি আছে। যেনেকৈ পুৰণা কাগজ, পুৰণা শাস্ত্ৰ, গীতা শাস্ত্ৰ আদি সযতনে ৰাখে, আকৌ সেইবোৰৰ বহুত মান হয় তেনেকৈ পুৰণা বস্তু প্ৰচলিত হৈ থাকোঁতে এতিয়া নতুন বস্তু উদ্ভাৱন হয়। পুৰণা গীতা প্ৰচলিত হৈ থাকোঁতে নতুন গীতা উদ্ভাৱন হৈছে। পুৰণাৰ অন্ত তেতিয়া হয় যেতিয়া নতুনৰ স্থাপনা হয়। এতিয়া তোমালোকে বাস্তৱত জ্ঞান জীৱনত প্ৰত্যক্ষ ৰূপত ধাৰণ কৰা বাবে দূৰ্গা, কালী আদি হৈছা। আকৌ পুৰণা স্থূল জড় চিত্ৰৰ বিনাশ হয় আৰু নতুন চৈতন্য স্বৰূপৰ স্থাপনা হয়।

6) এই বিৰাট ড্ৰামাৰ পৰিকল্পনা অনুসৰি সংগমৰ মধুৰ সময়ত তোমালোক অনন্য দৈৱী সন্তানসকলেহে বিকাৰসমূহৰ ওপৰত বিজয় প্ৰাপ্ত কৰি বৈকুণ্ঠৰ মধুৰ লটাৰি পোৱা। তোমালোকৰ এই কপাল কিমান ভাগ্যৱান। এই সময়ত তোমালোক নৰ আৰু নাৰী অবিনাশী জ্ঞানেৰে পূজ্য যোগ্য দেৱতা পদ প্ৰাপ্ত কৰা, এয়াই এই সংগমৰ সুন্দৰ অপূৰ্ব সময়ৰ অপূৰ্ব ৰীতি।

7) ঈশ্বৰে সাক্ষী হৈ চাই আছে যে মই যিসকল ভাৱৰীয়াক অনেক গহনা, আভূষণেৰে শোভিত কৰি এই সৃষ্টি ৰূপী মঞ্চত নৃত্য কৰিবলৈ পঠিয়ালোঁ তেওঁলোকে কেনেকৈ ভূমিকা পালন কৰি আছে। মই নিজৰ দৈৱী সন্তানসকলক সোণৰ মুদ্ৰা, ৰূপৰ মুদ্ৰা দি কৈছিলোঁ যে এই আভূষণ, এই গহনা পিন্ধি আনন্দ মনেৰে সাক্ষী হৈ ভূমিকাও পালন কৰিবা আৰু সাক্ষী হৈ এই খেলখনো চাবা। আবদ্ধ নহ’বা কিন্তু আধাকল্প ৰাজ্য-ভাগ্য ভোগ কৰি আকৌ আধাকল্প নিজেই ৰচা মায়াত আবদ্ধ হৈ গ’লা। এতিয়া আকৌ মই তোমালোকক কওঁ এই মায়াক এৰা। এই জ্ঞানমাৰ্গত বিকাৰী কাৰ্যৰ পৰা উলটি নিৰ্বিকাৰী হ’লে আদি, মধ্য, অন্ত দুখৰ পৰা মুক্ত হৈ জন্ম-জন্মান্তৰৰ কাৰণে সুখ প্ৰাপ্ত কৰি ল’বা।

8) নিজতকৈ কোনোবা উচ্চ অৱস্থা সম্পন্নৰ দ্বাৰা যদি কিবা সাৱধান বাণী পোৱা তেন্তে সেয়া ৰাজযুক্ত হৈ গ্ৰহণ কৰি লোৱাতেই কল্যাণ আছে। তাৰ ভিতৰৰ ৰহস্যক জানিব লাগে যে ইয়াত নিশ্চয় কিবা কল্যাণ সমাহিত হৈ আছে। মই এওঁৰ দ্বাৰা এয়া যি সাৰকথা পাইছোঁ সেয়া একেবাৰে যথাৰ্থ, সেয়া বহুত আনন্দেৰে স্বীকাৰ কৰিব লাগে কিয়নো যদি মোৰ দ্বাৰা কেতিয়াবা কিবা ভুল হৈ যায় তেন্তে সেই সাৰকথা স্মৃতিলৈ আহিলেই নিজক শুধৰণি কৰি ল’বা সেইবাবে যি কোনো সাৱধান বাণী বৰ বিশাল বুদ্ধিৰে ধাৰণ কৰিলে তোমালোকে উন্নতি প্ৰাপ্ত কৰিব পাৰিবা।

9) এতিয়া তোমালোকে নিতৌ অন্তৰ্মুখী হৈ যোগযুক্ত হৈ থাকিব লাগে কিয়নো অন্তৰ্মুখী হ’লে নিজক চাব পাৰিবা। কেৱল চাবই যে পাৰিবা এনে নহয়, পৰিৱৰ্তনো কৰিব পাৰিবা। এয়াই হৈছে সৰ্বোত্তম অৱস্থা। যিহেতু গম পোৱা যে প্ৰত্যেকেই নিজৰ অৱস্থা অনুসৰি পুৰুষাৰ্থী, তেওঁৰ অৱস্থালৈ চাই তেওঁৰ পৰা গুণ ধাৰণ কৰা। যদি গুণ ধাৰণ কৰিব নোৱাৰা তেন্তে তেওঁক এৰি দিয়া।

10) তোমালোকে সন্মুখত সদায় নিজৰ সৰ্বোত্তম লক্ষ্যক চাই নিজকহে চাবা। তোমালোক প্ৰত্যেকেই ব্যক্তিগত পুৰুষাৰ্থী, তোমালোকে নিজৰ ফালে নজৰ দি আগলৈ দৌৰি থাকা, কোনোবাই লাগিলে যিয়েই কৰি নাথাকক কিন্তু মই নিজৰ স্বৰূপত স্থিৰ হৈ থাকোঁ, অন্য কাকো নাচাওঁ। নিজৰ বুদ্ধি যোগবলেৰে মই তেওঁৰ অৱস্থা জানি লওঁ। অন্তৰ্মুখী অৱস্থাৰ দ্বাৰাই তোমালোক অনেক পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰা। বাৰু। ওঁম্ শান্তি।